মালৈ মনত পৰা নাইনে?

বছৰেকৰ বিহুটো বুলি অফিচৰ বচক ভৰিয়ে হাতে ধৰি দুদিনৰ চুটী লৈ গাঁৱৰ ঘৰ পালোহি। লগত শ্ৰীমতী। মৰমৰ বৌয়েক দুজনীৰ সৈতে লগ লাগি পৰিয়ালটোৰ সকলো সদস্যৰ সৈতে একেখন মজিয়াতে বহি তৃপ্তিৰে এসাজ খাবলৈ তাইৰ বৰ হেপাঁহ। বিয়াৰ পাছত স্বামীগৃহত এইটোৱে প্ৰথম সুযোগ। নামতহে কঙালী, বিহু বিহুৱেই। মোৰ মনটোহে বৰ এটা ঠিক নহয়। মাৰ অনুপস্থিতিত ঘৰখনত ভৰি দিয়ে কিবা এক উৰুঙা উৰুঙা লাগিছে। আগৰাতি বহু দেৰিলৈকে মোৰ চকুলৈ টোপনী অহা নাছিল। শেহৰাতি টোপনী গলো যদিও পুৱা সোনকালে সাৰ পালো। এওঁ আচৰতি। কোনোদিনে ৮ বজাৰ আগতে বিচনা নেৰা মানুহটো ৫ বজাতে সাৰ পালো। তাইক একো নকলো। পুৱতি নিশা সপোনত মা আহি মোক আগৰ দৰেই খং কৰিছিল, “সোনকালে উঠ, বিহুৰ দিনা ইমান দেৰিলৈকে শুই থাকিব লাগেনে।“ যথাসময়ত বৌয়ে চাহ মিঠাই দিলে। খালো। দুয়োটা দাদা ব্যৱসায়ীক জীৱনত খুবেই ব্যস্ত। সিহঁতৰ সৈতে বিশেষ কথা বতৰা নহ’ল। দুয়ো নিজৰ নিজৰ কামলৈ উলাই গ’ল। আগতেও গৈছিল। তেতিয়া মাৰ ইটো সিটো কামত সহায় কৰি দি আমি মাক পুতেক দুয়ো বিভিন্ন কথাৰ মহলা মাৰি সময় অতিবাহিত কৰিছিলো। সোঁৱৰণীৰ অত্যাচাৰ সহি কোনোমতে আগবেলাটো পাৰ কৰিলো। ভাটীবেলা লগৰ দুটামানৰ লগত উলাই গলো। মনটো গধুৰ হৈ আছিল, তাৰেই সুযোগ লৈ সিহঁতে জোৰ ধৰিলে, পানী এটুপা ধৰো। নধৰো নধৰো বুলি এটাসময়ত বাধ্য হৈ মদৰ আদ্দাত বহি পৰিলো। চকুৰ পচাৰতে ৯ বাজিল। গমেই নাপালো। মোৰ দেৰি হৈছে। ভিতৰি বৰকৈ চিন্তিত হৈছো। দাদাহঁতে চাগে মোৰ বাবে ভাত খাবলৈ ৰৈ আছে। আগতে আমাৰ ঘৰত সেইটোৱে নিয়ম। বছৰেকৰ বিহুৰ দিনা সকলোৱে একে সময়তে নিশাৰ ভাতসাজ গ্ৰহণ কৰো। গতিকে আজিও...। পঢ়ি থকা দিনতে কোনোবা এটা ব’হাগ বিহুত ঘৰ আহি পাওঁতে ৰাতি ১০ বাজিছিল। গৰু বিহুৰ পাছদিনা। ট্ৰেইন লেট আছিল। ব্যাকুলতাৰে দুয়োটা দাদা আহি মোৰ বাবে ষ্টেচনত ৰৈ আছিল। পাহৰিব নোৱাৰা কিছু স্মৃতি.... সোণোৱালী দিন.....।
ঘৰ আহি পাওঁতে ১০ বাজিল। শ্ৰীমতীয়ে দৰ্জা খুলি দিলে। দাদাহঁতে ৯ বজাৰ আগতেই ভাত পানী খাই আজৰি। সিহঁত শুলে। এওঁহে মোৰ বাবে ৰৈ আছে। এক্ষন্তেকৰ বাবে বুকুখন ক্ষোভিত হ’ল। নিজক বুজাই ল’লো। মদ খোৱা বাবে মানুহজনীয়ে একো নকলে। আনদিনা হোৱাহেঁতেন কলেহেঁতেন। তাই মোক বুজে। ময়ো তাইক। সেয়ে সংগত পৰি মাতাল হৈ মই ঘৰলৈ উভতা নাই। মোৰ সেমেকা দুচকুলৈ চাই তাই মোৰ হাতখন খামুছ মাৰি ধৰি সকাহ দিলে। তেওঁতো মোৰ কাষতে আছে। মা.....। তেখেতেও চাগে নুমলীয়া পুত্ৰ অহালৈ ভাতমুঠি নোখোৱাকৈ ৰৈ থাকিলেহেঁতেন। মোৰ শ্ৰীমতীৰ দৰে নানা চিন্তা দুচিন্তাৰ মাজতে উচপিচাই থাকিলেহেঁতেন.....।
প্ৰথম ভাতমুঠি মুখত লৈ মই তেওঁক কলো,
- মাংস জুতিলগা হৈছে।
- বৌয়ে ৰান্ধিছিল। তেওঁ কলে।
- ওঁ.... মায়েও খুউব ধুনীয়া ৰান্ধিছিল।
- তুমি কৈছিলা।
- কালিলৈ পুৱাতে যামগৈ।
- কিয়? দেৰিকৈ গলেও হয়। গুৱাহাটীলৈ দুঘন্টাৰ বাটহে।
- তোমালোকৰ ঘৰলৈ নোযোৱা?
- যাবতো লাগিছিল...
- মালৈ মনত পৰা নাই???

পথ দুৰ্ঘটনা আৰু আমাৰ কৰণীয়

সূচল ৰাষ্টা ঘাটৰ প্ৰসৰতা বৃদ্ধিৰ লগে লগে বিগত দিনবোৰত উদ্বেগজনকভাৱে বৃদ্ধি পাব ধৰিছে পথ দুৰ্ঘটনাৰ ঘটনা। শেহতীয়া এক সমীক্ষা অনুসৰি, ভাৰতবৰ্ষত গড়ে যিমানসংখ্যক লোকে স্বাভাৱিকভাৱে মৃত্যুবৰণ কৰে তাতকৈ অধিক সংখ্যক লোকে পথ দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাৱটি লয়। বিষয়টো চিন্তনীয়। এনেধৰণৰ মৃত্যদূত স্বৰূপ পথ দু্ৰ্ঘটনাৰপৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় হৈছে সচেতনতা যি সাধাৰণ জনতা আৰু চৰকাৰে উভয় পক্ষকে সামৰি লয়। এইক্ষেত্ৰত চৰকাৰৰ কৰণীয়তাখিনি অধিক। যান-বাহনৰ তদাৰকৰ দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীসকলৰ সবল সক্ৰিয়তা তথা কৰ্তব্যপৰায়ণতা খুবেই প্ৰয়োজনীয়। আমাৰ পৰিবহণ বিভাগে সময়ে সময়ে পথ সুৰক্ষা সপ্তাহ পালন কৰে। পথ দুৰ্ঘটনা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এনেধৰণৰ কাৰ্য্যসূচী গুৰুত্বপূৰ্ণ। অৱশ্যে তেওঁলোকে পথ সুৰক্ষা জাতীয় অনুষ্ঠানবোৰ প্ৰচাৰমুখী হোৱাৰ পৰিবৰ্তে অধিক বাস্তৱমুখী হোৱাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। অনস্বীকাৰ্য যে অধিকাংশ পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হয় চালকৰ ভুলৰ বাবে। বাণিজ্যিক যান-বাহনৰ চালকসকলৰ অজ্ঞতা, নিৰক্ষৰতা, অমনযোগিতা তথা ময়মতালিৰ বাবে বেছিভাগ দুৰ্ঘটনা সংঘটিত হয় বুলিলেও বঢ়াই কোৱা নহব। এইখিনিতে ৰাজ্যিক পৰিবহণ বিভাগৰ ভূমিকা মনকৰিবলগীয়া। পথ সুৰক্ষা সপ্তাহৰ অন্তৰ্গত কৰ্মসূচীত বাণিজ্যিক যান-বাহনৰ চালকসকলক বিশেষভাৱে গুৰুত্ব দিব লাগিবআমাৰ যথেষ্ট সংখ্যক বাণিজ্যিক যান-বাহনৰ চালকৰ যান-বাহন নীতি বা আইন সম্পৰ্কীয় সম্যক জ্ঞানকণো নাই। কিছুদিন চালকৰ সহযোগী হিচাপে কৰ্মত নিয়োজিত থাকি কেইদিনমান পাচত নিজেই চালকৰ আসনত বহিবলৈ আৰম্ভ কৰে। যান-বাহনৰ গতিবেগ, যান-বাহন আইন, ৰাষ্টাৰ দাতিৰ সাংকেটিক চিহ্ন আদিবোৰৰ প্ৰয়োগ নজনা তেনেই অনভিজ্ঞ লোকে যেতিয়া যাত্ৰীৰ জীৱনটো হাতৰ মুঠিত লৈ গাড়ী চলাবলৈ আৰম্ভ কৰে, তাৰপৰা এনেবোৰ ঘটনা সংঘটিত হোৱাটো অৱধাৰিতআচলতে গাড়ী চালন সন্দৰ্ভত বা যান-বাহন আইন সন্দৰ্ভত নূন্যতম জ্ঞান নথকা বাবেই বহু ভাৰতীয়ই আম্তঃৰাষ্ট্ৰীয় গাড়ী চালনৰ অনুজ্ঞাপত্ৰ লাভ কৰাৰ পাচতো বিদেশত গৈ অনুজ্ঞাপত্ৰখন হেৰুৱাবলগাত পৰে। চালকৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ ক্ষেত্ৰত পৰিবহন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে কঠোৰভাৱে নীতি-নিৰ্দেশনাসমূহ পালন কৰাটো বাঞ্চনীয়। কেৱল পৰিবহণ বিভাগেই নহয়, গাড়ীৰ মালিকসলেও চালকজন নিয়োজিত কৰাৰ পূৰ্বে তেওঁৰ দক্ষতা আৰু যোগ্যতা সম্পৰ্কে সুনিশ্চিত হৈ লব লাগে। পথ দুৰ্ঘটনাত ইন্ধন যোগোৱা আন এটা বিশেষ উপাদান হল সুৰামত্ত অৱস্থাৰে গাড়ী চলোৱা। অশিক্ষিত পেচাদাৰী চালকসকল বাদেই বহুতো শিক্ষিত গণ্য-মাণ্য ব্যক্তিয়েও সুৰাপান কৰি গাড়ী চলাই যোৱাটো পৰিলক্ষিত হয়। চৰকাৰে এওঁলোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ জড়িয়তে শাস্তি প্ৰদান কৰিব লাগে। তদুপৰি বন্ধু-বৰ্গ, পৰিয়ালৰ লোকসকলেও সুৰাপান কৰি গাড়ী চলোৱাৰপৰা এনেলোকক বিৰত থাকিবলৈ বাধ্য কৰিব লাগে।  আমি যদি মন কৰো, শতকৰা ৪০ শতাংশ পথ দুৰ্ঘটনাৰ বিশেষকৈ বাইক দুৰ্ঘটনাত পতিত হৈ চিৰদিনৰ বাবে ঘূণীয়া হোৱা বা মৃত্যক সাৱটি লোৱা লোকৰ ভিতৰত স্কুল-কলেজত অধ্যয়নৰত লৰা-ছোৱালীৰ সংখ্যা সৰ্বোচ্ছ। বাইক বা কাৰ এখনৰ ধনাত্মক বা ঋণাত্মক দিশটোৰ সৈতে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতটো সাঙুৰি আমি যদি চাওঁ, এটা কথা স্পষ্ট কলেজীয়া লৰাটো বা ছোৱালীজনীক বাইক এখন অথবা স্কুটী এখনৰ বিশেষ প্ৰয়োজনীয়তা নাই। মাক-দেউতাকৰ উপাৰ্জিত টকাৰে ক্ৰয় কৰা বিলাসী বাইকখন বা কাৰখন দূৰন্ত বেগেৰে চলাই যোৱাৰ তেওঁলকোৰ যি অঘোষিত প্ৰতিযোগিতা তাক লৈ বিজ্ঞ মহল আতঙ্কিত। ইয়াৰ বাবে পোনপটীয়াকৈ লৰা-ছোৱালীহঁতক জগৰীয়া কৰি হাত সাৱটি বহি থাকিলে নহব অভিভাৱসকলে তেওঁলোকৰ লৰা-ছোৱালীক বস্তুবাদী তথা যান্ত্ৰিক সংস্কৃতিৰ কু-প্ৰভাৱৰপৰা আতৰাই ৰাখি হাজাৰ হাজাৰ টকা খৰছ কৰি বাইক বা কাৰ এখন কিনি দিয়াতকৈ সেইখিনি টকা কোনোবা এটা বেঙ্ক বা অন্যান্য বৃত্তীয় প্ৰতিষ্ঠানত বিনিয়োগ কৰিলে, অদূৰ ভৱিষ্যতে সেইখিনি টকা তেওঁলোকৰ সন্তানটোৰ কামত আহিব আৰু দেশখনেও অৰ্থনৈতিক ক্ষেত্ৰখনত আগুৱাই যোৱাত সহায়ক হব। তদুপৰি ৰাষ্টা ঘাটৰ অভাৱনীয় যান-জটৰ ভয়ানক সমস্যাৰপৰাও ৰাজ্যবাসীয়ে কিছু পৰিমাণে সকাহ পাব। বহুক্ষেত্ৰত দেখা যায় যে সন্তানে বাইকখন চলাই উদ্ভণ্ডালি কৰা বাবে আৰক্ষীয়ে কৰায়ক্ত কৰাৰ এঘন্টা নহওতেই নিজৰ টকা অথবা ক্ষমতাৰ অপ্ৰয়োগৰ জডিয়তে লৰাটোক মুকলি কৰি লৈ আনে। তেনেক্ষেত্ৰত চৰকাৰক দোষাৰোপ কৰাটো অৰ্থহীন। কিবা কৰণীয় আছে যদি সেয়া সাধাৰণ নাগৰিকৰ। গাৰ কাষেৰে বা সামাজিক স্থানত বাইক ষ্টান্ট বা অপ্ৰয়োজনীয়ভাৱে তহল দি গা-ঘেলাই ফুৰা পিলিঙাবোৰ দেখিলেই উপস্থিত জনতাই সতৰ্ক কৰি দিব লাগে প্ৰয়োজনত দুচৰ এচৰ সুধালেও অভিভাৱসকলে বেয়া পাব নালাগে। বহুতো অভিভাৱকে কামৰ তাগিদাৰ বাবেই হওক বা ব্যক্তিগত জীৱনৰ ব্যস্ততাৰ বাবে তেওঁৰ লৰাটো বা ছোৱালীজনীয়ে কি কৰি ফুৰিছে গমেই নাপায়। অন্যহাতেদি আমাৰ অসম আৰক্ষীক বুৰ্বক সজোৱা কামটোত আজিৰ প্ৰজন্ম সিদ্ধহস্তগতিকে গুৰু দায়িত্ব সচেতন নাগৰিকৰ। কিন্তু সকলো পথ দুৰ্ঘটনাৰ বাবেই চালকসকল জগৰীয়া নহবও পাৰে। আমি প্ৰায়ে শুনা পাওঁ, দুৰ্ঘটনা এটা সংঘটিত হোৱাৰ পাচতে উপস্থিত উত্তপ্ত জনতাই চালকক মাৰধৰ কৰি গাডীখন জ্বলাই দিয়া দেখা যায়। গণপ্ৰহাৰত বহু নিৰ্দোষী চালকে থিতাতে মৃত্যুক সাৱটি লোৱা উদাহৰণ নথকা নহয়। গতিকে এনেবোৰ অনৈতিক কৰ্ম মুঠেই গ্ৰহণযোগ্য নহয়। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ আনুসংগিক কাৰণসমুহো আমি ফঁহিয়াই চাব লাগিব। মুঠতে পথ দুৰ্ঘটনাৰ দৰে বৰ্তমানৰ ভয়াৱহ সমস্যা এটাৰপৰা পৰিত্ৰাণ পাবলৈ আমি ৰজাঘৰীয়া প্ৰজাঘৰীয়াই সমানে হাত উজান দিব লাগিব। অন্যথা, পথ দুৰ্ঘটনা সমস্যা ৰুধ কৰাটো অসম্ভৱ।    

আধুনিকতাৰ গ্ৰাসত হেঁপাহৰ কঙালী

কালিলৈ কাতি বিহু। গতিকে স্কুল খুলা থাকিলেও মোৰ ৫ বছৰীয়া ভতিজাটো কোনপধ্যে স্কুললৈ নাযায়। স্কুলৰপৰা আহিয়ে মাকৰ সৈতে সি যুঁজি আছে। মাকেও যিমান পাৰে তাক মনাবলৈ চেষ্ট কৰিছে, স্কুললৈ নগলে প্ৰিঞ্চিপালে পিতিব। মিছে গালি পাৰিব। দেউতাকক অফিচলৈ মাতি তাক বেয়া লৰাৰ দেউতাক বুলি কব। ইত্যাদি ইত্যাদি। নাই, কোনোপধ্যে সি নামানে। স্কুললৈ নাযায়। তাৰ যুক্তি, স্কুলৰপৰা আহি পাওঁতে দেৰি হব। ভাগৰে জিগৰে আহি টোপনী যাওঁতেই তুলসী পুলি সজাই মেলি চাকি জ্বলাবলৈ সময় নাপাব। সিদিনা আইতাকে তাক ৰৱাব টেঙা খুৱাৰ কথা কৈ আছিল। ঘৰত নাই বাবেই বিহুৰ দিনা কৰবাৰপৰা সংগ্ৰহ কৰি অনাৰ কথা। কিন্তু টেঙাটো খোৱা হব দুপৰীয়া সময়ত। গোটেইকিটা কথা চিন্তা কৰিয়ে সি স্কুললৈ নায়ায়। মাকে অৱশেষত বুজাই মেলি বলে নোৱাৰি দুচাট এচাট দি শান্ত কৰিলে। মই মৌনতাৰে কেৱল হুমুনিয়াহ কাঢ়িলো। শৈশৱৰ সোণোৱালী দিনৰ ছবিবোৰ বাৰে বাৰে মনলৈ ভাঁহি আহিল। এৰা, আই এচ এল, আই পি এলৰ জ্বৰত সমগ্ৰ ৰাজ্যবাসী আক্ৰান্ত হৈ থকা সময়তে হেঁপাহৰ কঙালী বিহুটি আহি নঙলামূখ পালেহি। গাঁৱৰ কণ-কণ শিশু এচাম আৰু তেওঁলোকৰ মাক, খুড়ীয়েক, বৰমাকহঁতৰ এইকিদিন কিন্তু আহৰি নাই। কঙালী হলেও বিহু বিহুৱেই। অৱশ্যে আন দুটা বিহুৰ তুলনাত কাচি বিহু বুলিলে আমাৰ মনত সিমান এটা উছাহৰ ঢল নবয়। নিঃকিন ভাৱ এটাই মনটো বুৰাই ৰাখে। ভঁড়াল উদং বাবেই পকেট উদং। শৈশৱৰ কথা বাদ দি আজি ২৪ বছৰীয়া মনটো কাতি বিহু বুলিলেই মনলৈ তুলসী গছজোপাৰ সৈতে সন্ধ্যাৰ মিঠাতেলৰ মাটি ছাকি এগছ আৰু নাৰিকল দিয়া বুত মাহ মুঠিৰ ছবিখনহে ভাঁহি উঠে। আগতে দেউতাৰ সৈতে পথাৰৰ ধাননিৰ মাজত ছাকি (ঔ টেঙা ব্যৱহাৰ কৰি) জ্বলোৱাৰ লগতে ঘৰৰ ভঁড়ালটোৰ দূৱাৰমুখত চাকি জ্বলোৱা মনত আছে। বিশেষকৈ মা, খুড়ীহঁতে লগ হৈ কঙালীৰ দিনা দুপৰীয়া ভাগত একেলগে ৰৱাট টেঙা কাটি খোৱা কথা পাহৰো কেনেকৈ? আজিকালি ৰৱাট টেঙা পাবলৈ নাই। পালেও কোনে কাটি থাকে, ব্যস্ত অসমীয়া। যান্ত্ৰিক সভ্যতাৰ প্ৰতিনিধি আজিৰ প্ৰজন্মই ঔ টেঙাৰ প্ৰয়োজন কত কি বুজিব? চিনাকী পথাৰখন গাভৰু হল বুলি কলে সিহঁতে মুখ মেলি চাই থাকিব। স্কুল-কলেজ খুলাচৰকাৰীকেইখনলৈ নগলেও কথা নাই। কিন্তু ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠানলৈ নগৈ গালি খাই মৰিলেহে হব। বাকী গাঁৱলীয়া খেতিয়ক আছে কেইজন? চৰকাৰৰ তিনিটকীয়া চাউল প্ৰদানৰ আঁচনিখনে এলেহুৱা অসমীয়া জাতিটোক গাখীৰেত মহৰ খুটি কৰি দিয়াৰ দৰে অৱস্থা। ইফালে ভূতৰ ওপৰত দানহ পৰাদি আহি ওলাইহি বছৰেকীয়া বানপানীটো। সিয়ো এৰৃকপ্ৰকাৰৰ জাতীয় উত্সৱৰ দৰেই। গতিকে কঙালীৰ মাদকতা উপভোগ কৰিবলৈ আজিৰ শিশু, ডেকা-বুঢ়াৰ মনত আগ্ৰহ তথা আকৰ্ষণৰ অভাৱে দেখা দিছে। সময় সলনি হল। আমাৰ যিকোনো এটা উত্সৱ, তিথিৰ বাবে বিদ্যালয় বন্ধ হোৱাৰ আগদিনা বা পাছদিনা আমাৰ স্কুলৰ প্ৰধান শিক্ষকজনে তাৰ তাত্পৰ্য্য বুজাই দিছিল। মনত আছে....

ঐ গৰুহঁত...। কালিলৈ যে স্কুল বন্ধ। জাননে? বিহু। কাতি বিহু। কঙালী বুলিও কয়। বিহু প্ৰধানকৈ খেতি তথা কৃষিৰ লগত জড়িততাতে অসম কৃষি ভূমি ৰাজ্য আৰু খেতি হিচাপে ধান খেতিৰ লগত ইয়াৰ এক নিবিড় সম্পৰ্ক আছেআগতে এটা বছৰৰ বাবে কেৱল শালি খেতিহে কৰা হৈছিলআৰু সেই শালি ধানৰ ওপৰতে এটা বছৰ ভৰষা কৰিব লগা হৈছিলশালি খেতি সাধাৰণতে আহাৰ-শাওণ মাহত ৰুৱা হয় আৰু আঘোণ-পুহ মাহত চপোৱা হয়শালি ধান কটাৰ আগে আগে আহিন কাতি মাহত প্ৰায় মানুহৰ বছৰৰ জমা ধান শেষ হয় আৰু আৰ্থিক দুৰৱস্থাই কঙালী কৰেসেয়েহে আহিন মাহৰ সংক্ৰান্তিৰ দিনা ধান গছৰ তলত চাকি-বন্তি দি সেৱা জনাই যাতে ধান ভালে কুশলে আপদ-বিপদ নোহোৱাকৈ চপাব পাৰি। সেই কাৰণেই মূলতঃ কাতি বিহু পতা হয়কাতি বিহুৰ দিনা তুলসীৰ তলতে চাকি-বন্তি, বুট-মাহ প্ৰসাদৰ সৈতে লক্ষি আইক আৰাধনা কৰা হয়।দিন বাগৰিল। বয়স বাঢ়িল। বুজি উঠিলো কঙালীৰ প্ৰকৃত মাদকতাউৎসৱ পার্বণ মানেই সুখ আৰু সমৃদ্ধিৰ উদযাপন আমাৰ মনটোক ৠণাত্মক ভাৱধাৰাৰ পৰা মুক্তি দিবলৈ একপ্ৰকাৰৰ সামূহিক প্রচেষ্টা। ই আমাৰ সামাজিক বান্ধোন মজবুত কৰাৰ লগতে মনত সৱল আশাবাদী ভাৱ এটা সঞ্চাৰ কৰে উত্সৱ হলেও কাতি বিহু কিছু ব্যতিক্ৰম কাতি বিহুৰ সময়ছোৱাত চিনাকী পথাৰখন ক্ৰমাত্ গাভৰু হবলৈ লয়। ভড়ালহে উদংঅৱশ্যে এই সময়চোৱা  হৈছে সোণগুটিৰে ভড়াল চহকী কৰাৰ আগৰ সময়খিনিকাতি বিহুৰ পিচত পথাৰৰ পকা ধান কটা আৰম্ভ কৰিবলৈ আৰু মাত্র এমাহ মানহে বাকি থাকে ধান কটা আৰু অন্যান্য জড়িত কামসমূহ সম্পন্ন কৰাৰ পিচত যেতিয়া সকলোৰে অৱস্থা স্বচ্ছল হৈ পৰে, তেতিয়াই আমি উলহ মালহেৰে উদ্‌যাপন কৰো ভোগালী বিহুবেজবৰুৱাদেৱে ঠিকেই কৈছিল, আমি অসমীয়া নহওঁ দুখীয়া। হাতত সময় তাকৰ। এই কমসময়চোৱাৰ ভিতৰতে দুটা বিহু উদ্‌যাপন নকৰি আর্থিক স্বচ্ছলাৱস্থাত উপনীত হোৱাৰ পিচত অকল ভোগালী বিহু উদ্‌যাপন কৰিব পৰা গলহেতেনকিন্তু ইয়াকে নকৰি আমি সৱল মানসিকতাৰ অসমীয়া জনগণে অনাটনৰ দিনবিলাকতো একেলগে থাকি সামাজিক ভাৱে সকলোৰে মাজত দুখ দুর্গতিৰ সম্মুখীন হব পৰাকৈ প্রেৰণাৰ সঞ্চাৰ কৰো এই কাতি বিহুৰ যোগেদি। ইয়াৰ যোগেদিয়ে আমি সকলোৱে অঘোষিতভাৱে প্ৰতিজ্ঞাবদ্ধ হওঁ যে আমাৰ দুখ দুর্গতিৰ সময়বোৰতো গোটেই সমাজখনে এটা পৰিয়ালৰ দৰে এজনে আনজনৰ সহায়ত পাৰ কৰিম। আমি সকলো এক, আমি কেৱল সুখৰ সময়তহে ইজনে সিজনৰ সংগ নিদিও, দুখৰ সময়তো আমি হাতে হাত ধৰি আগুৱাই যাম। আমি দুখীয়া নহয়, আমি কেৱল ভোগালীৰ ভোগ উপভোগ কৰাতহে অভ্যস্ত নহয়, কঙালীৰ অভাৱ অনাটনৰ মাজতো আমি দুখ উদযাপন কৰিব জানো। নাজানো আমাৰ উঠি অহা প্ৰজন্মই কঙালীক কিদৰে গ্ৰহণ কৰিব। পিঠিত কিতাপৰ বোজা, মুৰত দাঙৰ মানুহ হোৱাৰ চিন্তা। অভাৱ কি নুবুজা আজিৰ এচাম শিশুৱে দাঙৰ মানুহ হোৱাৰ সংজ্ঞাটো কিদৰে গ্ৰহণ কৰিব তাক লৈ বহু প্ৰশ্নই উদয় হয়। জন্ম হৈয়ে উপহাৰ হিচাপে লাভ কৰা জনচন এণ্ড জনচন বেবীকিট ব্যৱহাৰ কৰা আজিৰ শিশু এটাই ঘৰত পেৰা মিঠাতেলৰ বিশুদ্ধতা কি উপলব্ধি কৰিব? দিনটো স্কুল-কলেজৰ অত্যাধুনিক সা-সুবিধাযুক্ত ক্লাছৰুমত বহি তথাকথিত পাঠ্যক্ৰমৰ জ্ঞান অৰ্জন কৰি থকা শিশুটোৱে কঙালী বিহুৰ বিশেষ দিনটোৰ তাত্পৰ্য্য অনুধাৱন কৰিবলৈ আহৰি পাবনে? সেউজীয়া পথাৰখনত বৃহত্ বৃহত্ অট্টালিকা সজোৱা হল। বাৰিষাৰ বোকাপানী নগচকিবলৈ কেঁচা মাটিৰ চোতালখন পকী কৰা হল। টাবত ৰুৱা নিশকতীয়া তুলসী পুলিটোৰ মৃতপ্ৰায় অৱস্থা। চুবুৰীয়া সমনীয়াৰ সংগত পৰিলে লৰাটো বেয়া হব, ঘৰতে সুমাই থাকক। ৰৱাব টেঙা নালাগৈ খাবলৈ। চিপচ্, কেদবেৰী চকলেট, মম, পিজা আদিবোৰ খা। টেঙা খায় নেকি? জংঘলৰ মাজত থকা এইবোৰ গছৰ ফল। ধেত্। নালাগে অসমীয়া বিহুৰ ঐতিহ্য জানিবলৈ। শালি ধান কেনেকুৱা কেইজনী মাকে চিনি পায়? ইংৰাজী পঢ় ইংৰাজী। স্মাৰ্ট হ। আজিৰ সমাজে আমাক খুৱাবনে? সৰল দেউতাকে কঠোৰ মাকৰ মুখলৈ চাই শৈশৱৰ দিনবোৰ মনত পেলাই হুমুনিয়াহ কাঢ়িব। আৰু মোৰ দৰেই মৌন হৈ অসমীয়া জাতিটোৰ সংস্কৃতি পৰম্পৰাৰ ভৱিষ্যতটোক লৈ ভিতৰি শংকিত হব। গাঁৱৰ এচাম খেতিয়কৰ বাবে পথাৰ, ভঁড়ালঘৰৰ দূৱাৰত বা তুলসীৰ তলত চাকি জ্বলাই সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰাৰ প্ৰয়োজনে বা ক? মাহেকৰ মুৰত সুলভ মূল্যৰ চাউলকেইটা পাবইআমি আসমীয়া কিহৰ দুখীয়া??   

তুমিহীনতাৰ সেই জোনাকী ৰাতিটো

“জোনাকী ৰাতি কিয়নো আহি প্ৰতিটো সুৰতো ছবি আকিলি....” ইয়াৰফোনত অংগৰাগ পাপন মহন্তৰ প্ৰিয় গীত। বন্দী কোঠাটোৰ খিৰিকীখনৰ সিপাৰে ভৰপূৰ জোনাক। উশাহত হুমুনিয়াহ, দুচকুত নিদ্ৰাহীনতা। অৱশ শৰীটোতকৈ মনটো অধিক ভাৰাক্ৰান্ত। পাই হেৰুৱাৰ বেজাৰ, নিশাৰ নিষ্টব্ধতা আৰু একেটা সময়ৰ আবেক বিবেকৰ অৰিয়া অৰিত মই ভিতৰি মানুহটো তেনেই জুৰুলী হৈ পৰিছো। সদায় এনে নহয়, প্ৰায়ে হয়। সক্ৰিয় আবেগ আৰু দূৰ্বল বাতাবৰণ এক হৈ মই আজৰি সময়খিনিত এনেকৈয়ে হেৰাই যাওঁ। মোৰ বাদে এই কথা কোনেও নাজানে। বিগত এটা বৰ্ষৰ মোৰ অস্বাভাৱিক পৰিৱৰ্তন মাৰ চকুত নপৰা নহয়। ভাতৰ মজিয়াত বহি সুধো নুসুধোকৈ মায়ে কেইবাদিনো সুধিছিল, “বাবা তই মানুহটো সলনি হৈছ। সদা স্ফুৰ্তিবাজ ল’ৰাটো ক’ত হেৰাই গৈছ? কচোন কি অসুবিধা হৈছে?” মাক আভুৱা ভৰিবলৈকে ওঁঠত কৃত্ৰিম হাঁহিটো লৈ মই গহীনাই কওঁ- “ধেত্ মা। একো অসুবিধা হোৱা নাই। সকলো ঠিক আছে। কেৱল কামৰ তাগিদা বাঢ়িছে। আৰু এতিয়াটো সৰু হৈ থকা নাই। সময়ে মানুহক সলনি কৰে। বয়সৰ প্ৰভাৱ। সাধাৰণ কথা। তই মিছাতে চিন্তা কৰি থাকিব নালাগে নহয়। সমস্যা উদ্ভৱ হলে প্ৰথমে তোকেই কম দে।“ বাহ্যিকতাত মায়ে মোৰ কথা মানি ললেও ভিতৰি আপচোচ ভাৱ এটা ৰৈ যায়। সন্দেহ, তেওঁৰ ল’ৰাই যেন মিছা মাতিছে। এৰা, সন্তানে মাক-দেউতাকৰ আগত মিছা মাতিলেও পাকৈত অভিনেতাৰ দৰে দক্ষ অভিনয়েৰে বুৰ্বক সজালেও ধৰা পৰিবই। মোৰ আৰু মাৰ ক্ষেত্ৰতো একেটা সূত্ৰ প্ৰযোজ্য। ডেইজী আৰু মোৰ মাজৰ দুবছৰযোৰা প্ৰেমৰ সম্পৰ্কৰ বিষয়ে তেওঁ একেবাৰ অজ্ঞাত নহয়। এবাৰ নে দুবাৰ তাই আমাৰ ঘৰলৈও আহিছে। আমাৰ সম্পৰ্কটোক লৈ মাৰ মুঠেই আপত্তি নাছিল। মোৰ ভাল বান্ধৱী বুলিয়েই কেতিয়াবা ফোনতে দুই আষাৰ কথা পাতিছিল, দুয়ো দুয়োৰে স্বাস্থ্যৰ খবৰ ৰাখিছিল। মাৰ মৰম, আকৃত্ৰিম আকুলতাত ডেইজীয়ে ভৱিষ্যতৰ অনিশ্চয়তাৰ পৰা মুক্ত হৈছিল আৰু মাক লৈ ময়ো সগৌৰৱেৰে তাইক মোৰ নিজৰ কৰি লোৱাৰ সপোনেৰে মত্ত আছিলো। সুখী আছিলো আমি। বুজাবুজিৰ অভাৱত আমাৰ দুয়োৰে মাজৰ সম্পৰ্কটো কোনোদিনেই দূৰ্বল হোৱাৰ সুযোগ লাভ কৰা নাছিল। তাতে মোৰ যৌৱনৰ প্ৰথম নাৰী হোৱাৰ সুবাদতে ডেইজীৰ প্ৰতি থকা অনুৰাগ আছিল কিছু সুকীয়া। নিজতকৈয়ো তাইক বেচি ভালপাইছিলো বুলি কলেও বঢ়াই কোৱা নহব। আচলতে ভালপাইছিলো নহয়, এতিয়াও ভালপাওঁ। পাৰ্থক্য কেৱল তেতিয়া তাই মোৰেই আছিল আৰু আজি তাই আন এজন পুৰুষৰ বিবাহিত পত্নী। দেউতাকে তাইৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰখন মোৰ হাতত গুজি দিয়া দিনাই সকলোৰে সন্মূখতে চিঞৰি চিঞৰি কৈ দিবলৈ মন গৈছিল, ডেইজীক মই ভালপাওঁ। তাইৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো। কোৱা নহল। মাৰ দৰেই কৃত্ৰিম হাঁহিটোৰে দেউতাকৰ হাতৰপৰা চিঠিখন হাতপাতি লৈ মই কোনোমতে মাতষাৰ দিছিলো- বিয়ালৈ যাবতো লাগিবই। ডেইজীক কব, তাই নিজে নামাতিলে মই কিন্তু বিয়ালৈ নাযাওঁ।“ সিমানেই কথা। আৰু কিবা খুজিছিলো, কোৱা নহল। বুকুৰে উজাই অহা বিষাক্ত বেদনাখিনিয়ে মোৰ দিঙিটো চেপা মাৰি ধৰিছিল। সেয়ে লৰালৰিকৈ হেলমেটতো মুৰত পিন্ধি বাইকখন ষ্টাৰ্ট দি মই সেই ঠাইদোখৰপৰা পলায়ন কৰিলো। চকুপানীখিনি বাধা দিব পৰা নাছিলো। ভাগ্য ভাল আছিল, হেলমেটটোৱে মোক উদ্ধাৰ কৰিলে। নিৰ্দিষ্ট দিন বাৰতে ডেইজীৰ বিয়াখন সুকলমে পাৰ হৈ গ’ল। মই বিয়ালৈ নগলো। অজুহাত এটাই তাইৰ বিয়ালৈ যোৱাৰপৰা মোক ৰক্ষা কৰিলে, ডেইজীয়ে নিজ মুখেৰে বিয়ালৈ নিমন্ত্ৰণ নিদিলে। ভালেই কৰিলো। বিয়ালৈ যোৱাহেঁতেন সকলোৰে সন্মূখত মই ধৰা পৰি গ’লোহেঁতেন। তেতিয়াটো হেলমেটতোৱে মোক ৰক্ষা কৰিব নোৱাৰিলেহেঁতেন। আৰু মোৰ উপস্থিতিত অপ্ৰয়োজনীয়ভাৱে ডেইজীৰো অশান্তি হ’লহেঁতেন!! আজিও একেটা কামেই কৰি আহিছো। তাইৰ চঞ্চল চকুজুৰিৰপৰা সদায় নিজক লুকুৱাই লৈ ফুৰিছো। এনকোৱা নহয় যে তাইক এবাৰ চাবলৈ মোৰ মন নাযায়। যায়, কোনোবা এটা দূৰ্বল মুহুৰ্তত মই নিজকে সংযত কৰি ৰাখিব নোৱাৰো। তেতিয়াই আবেগ আৰু বিবেকৰ মাজত তুমূল সংঘৰ্ষ হয়। সদৌ শেষত আবেগ নিশ্চুপ হৈ ৰৈ যায়, বুকুখনে কেঁকাই আৰু মগজুৱে শুদ্ধ সিদ্ধান্ত বুলি হাত চাপৰি বজাই মোৰ ৰং চাই। দিন বাগৰৰাৰ লগে লগে বিষাদ বেদনাবোৰো মগজুৰ ইচ্ছামতে পৰিচালনা কৰিব পৰা হলো। তাৰ মাজতে তাইলৈ বৰকৈ মনত পৰে। গভীৰ নিশালৈকে উজাগৰে ৰুৱাটো অভ্যাসত পৰিণত হ’ল। চৌপাশে কেৱল উকা উকা। একোকে দেখোন ভাল নালাগে। মনৰ বেথাবোৰ মনৰ মাজতে ৰৈ যায়। ডেইজীয়ে হয়তো একোকে গম নাপায়। জনাটোও নিবিচাৰো। যদি তাই সুখেৰে আছে থাকক সুখেৰে। নাথাকিলেও সুখী হোৱাটো বিচাৰো। হৃদয়ৰ নিভৃত কোণৰপৰা তাই সুখেৰে থকাটোৱেই কামনা কৰো। নিজকে নিজে কিমান বুজাম আৰু। জোনাকী ৰাতিবোৰত চটফটাই চটফটাই তাইকে বিচৰি ফুৰা পৰিক্ৰমাটো সলনি কৰিব পাৰিলেই যেন মই ৰক্ষা। প্ৰেম জীৱনৰ সৰ্বস্ব নহলেও এক এৰাব নোৱাৰা অংশ। সেয়েতো এই যন্ত্ৰণা। মাক মুখ খুলি কথাবোৰ নকলেও বুজে। অনুভৱ কৰে। মাৰ বাদে মোৰ ভিতৰৰ মানুহটোক উপলব্ধি কৰা দ্বিতীয়গৰাকী নাৰী কোন হব পাৰে? ডেইজী? ওহো, মোৰ ব্যক্তিগত স্বাৰ্থৰ ফালৰপৰা কবলৈ গলে তাই মোক বুজিব পৰা নাছিল। আনহাতে তাইৰ লগতে সিহঁতৰ পৰিয়ালটোৰ ইচ্ছাক গুৰুত্ব দি কবলৈ গলে তাই শুদ্ধ আছিল। ডেইজীৰ বিবেকৰ সৈতে ময়ো একমত। তিনিবছৰ চিনাকী ল’ৰা এজনৰ বাবে ২৪ বছৰৰ চিনাকী পৰিয়ালৰ মানুহখিনিৰ বিৰুধীতা কৰাটো তেনেই অনুচিত। ঠিক আছে, সময়ৰ যুক্তিপূৰ্ণ আহ্বান। গতিকে পৰিস্থিতিৰ আহ্বানক মই শ্ৰদ্ধা কৰিবলৈ বাধ্য। ময়ো সুখী হব লাগিব। এদিন নহয় এদিন ময়ো ডেইজীৰ দৰেই সময়ৰ সোঁতত মিলি পৰিব পাৰিব লাগিব। আৰু হয়তো দুটামান দিনৰ প্ৰয়োজন হব। সেয়ে ডেইজীৰ উপস্থিতিৰপৰা মই পলাই ফুৰো। নিজৰ মনটোৰ বিপক্ষে গৈ হলেও তাইক দেখাৰ পৰা মই নিজক লুকুৱাই ৰাখো। ইমানদিনে তাকে কৰি আহিছো।

ৰৈ আছা তুমিও। পৃথিৱীৰ কোনোবা এটা কোণত অধীৰ অপেক্ষাৰে ন-কইনাৰ লাজেৰে সাজি কাছি তুমিও ৰৈ আছা। মনৰ মানুহজন কাষত পোৱাৰ দুৰ্বাৰ হেঁপাহেৰে তুমিজনী অস্বস্তিত ভূগিছো। দৰা সাজি এদিন ময়ো ওলামগৈ তোমাৰ উদূলি মুদুলি ৰভাতলী। উকা কপালখনত সেন্দুৰীয়া সপোন এটা আঁকি দি মায়ে মৰমৰ জী জনী বুলি আঁকোৱালি ল’ব। মোৰ বিশ্বাস। তোমাৰ আকুল আহ্বানত হেৰাই যোৱা মানুহটো পুনৰাই উভতি আহিম। মা সুখী হ’ব। মই... তুমিও...। আধৰুৱা সপোনটো একাষৰীয়াকৈ ৰাখি ময়ো নকৈ সপোন এটাত একাত্ম হৈ পৰিম। তোমাৰ গুলপীয়া ওঁঠৰ কেনভাচত মোৰ উশাহৰ প্ৰতিচ্ছবি আঁকোতে আজিৰ বন্দী কোঠাটোৰ বাহিৰৰ জোনাকজাক কেনিবা পলাব। মাঘমঘীয়া কোনোবা এটা ৰাতি তোমাৰ প্ৰাণচঞ্চল হাঁহিৰ খিকিন্দালিত ঠেটুৱৈ ধৰা জাৰজাক নিলাজ হৈ ধৰা দিব। সজোৰেৰে মোক সাৱটি ল’বা.... ময়ো তোমাক......। পুৰণি দিনৰ কথাবোৰে আমনি দিবলৈ আহৰি পাব বুলি তুমি ভাবানে? সুযোগ নিদিবা। তোমাৰ দায়িত্ব গুৰু। তুমিয়ে অন্তিম ভৰষা। মই জীয়াব বিচাৰো, তোমাৰ হৈ তোমাৰ বাবে। তুমি মোৰ বাবে.......। কোন সেই তুমিজনী?? কোন??

- ওৱা, এইজনী কোন অ? কোন ডেইজী? অ তাৰমানে আজিহে গম পালো। মোক বিয়া পতাৰ আগতে তোমাৰ আৰু এজনীৰ লগত লেটি-পেটি আছিলা? মিছলীয়া, তুমি মোক ইমানদিনে কিয় কোৱা নাছিলা?

মোৰ বুকুত মুৰ থৈ একান্তমনেৰে ৫ বছৰৰ আগৰ ডায়েৰীখনৰ বিশেষ পৃষ্ঠা এটা পঢ়ি থকাৰপৰাই আলক্ষিতাই একেকোবে উঠি বিচনাখনত বহি ল’লে। আলক্ষিতাৰ উত্সুক দুচকুলৈ চাই এনে লাগিল যেন পৃথিৱীৰ বিশেষ পৰিঘটনা এটাক লৈ বিজ্ঞানীৰ দৰে তায়ো সাংঘাটিক দাঙৰ ৰহস্য এটা উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে। আজি দিনতে মোৰ কিতাপৰ আলমিৰাটো খোচৰি ডায়েৰীখন পাই তাই ৰাখি থৈছিল। তাই হেনো পঢ়িব। মই এবাৰ বাধা দি চাইছিলো যে লোকৰ ডায়েৰী পঢ়িব নাপায়। মোৰ কথা কৈ শেষ হব নাপাওঁতেই তাই উভতি নধৰিলে বুলে “কি লোকৰ ডায়েৰী পঢ়িব নাপায়? বিয়াৰ দিনা জুইক সাক্ষী কৰি তুমি যে প্ৰতিজ্ঞা কৰিছিলো জীৱনে মৰণে দুয়ো একে হৈ থকাৰ সেয়া কি পাহৰিলা নেকি? জোকাই নলবা দেই। কালিলৈ কঙালী বিহুটি কঙালী হৈয়ে থাকিব। কিবা খং উঠিলে এতিয়াই মাৰ ঘৰলৈ গুছি যামগৈ। গম পাবা।“ আলক্ষিতাৰ ভাবুকিত মোৰ উত্তৰ দিবলৈ একোৱেই নাথাকিল। তাই এনেই ফুটনী মাৰি ভাবুকি দিছে। মোৰ মাক এৰি ইমানটো সৰু কথাৰ বাবে তাই মাকৰ ঘৰলৈ যাব পাৰিবও লাগিব নহয। তথাপিও ডায়েৰীখনত মোৰ কলেজীয়া দিনতে লিখা গল্প দুটামানৰ বাদে আন আপত্তিজনক বিশেষ কথা নাছিল বাবে ময়ো আৰু জোৰ নকৰিলো। ভিতৰি কিন্তু এই বিশেষ পৃষ্ঠাটোৰ কথাখিনিৰ বাবে ভয় খাই আছিলো, যিখিনি পঢ়াৰ পাচত আলক্ষিতাই মোক প্ৰশ্ন সুধি মাৰিব বুলি তেতিয়াই নিশ্চিত আছিলো। এই দুপৰ ৰাতিখন এওঁৰ লগত চুপতি মাৰিব গলে মই শেষ। কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হৈ যাব। সুখৰ সংসাৰ ভাঙি চুড়মাৰ হৈ থাকিব। আমাৰ বিয়াৰ ছমাহ হোৱাই নাই। মই তাইক বুজাই মেলি শান্ত কৰাই উচিত হব বুলি গণ্য কৰিলো। আমাৰ শুৱনি বিচনাখনৰ গাতে লাগি থকা পকী দেৱালখনত আউজি থকাৰপৰাই মই আলক্ষিতাৰ মুখলৈ চাই শান্তস্বৰেৰে কলো,
- মোৰ সোণজনী অ। সেইখন আজিৰপৰা প্ৰায় ৮ বছৰমান পুৰণি ডায়েৰী। ডায়েৰী নহয় ঠিক ন’টবুক। তুমি দেখোন জানাই এটা সময়ত মই খুউব প্ৰেমৰ গল্প লিখিছিলো। সেইটো গল্পৰে এটা অংশ আছিল অ। অ মোৰ সোণজনী। তুমিয়ে মোৰ প্ৰেম, ভালপোৱা, মানুহজনী সকলো।
- বিশ্বাস হোৱা নাই। গল্প, কবিতা, প্ৰবন্ধ লিখা মানুহবোৰৰ লেখনিত লেখকৰ নিজৰ জীৱনৰ এটা ছাঁপ থাকেই। তোমাৰ আগৰ গল্পবোৰ পঢ়ি এনেকোৱা লাগে যেন তোমাৰ জীৱনত কোনোবা এগৰাকী নাৰী আহিছিল যি এটা সময়ত আতৰি গৈছিল। আৰু তাৰেই বেজাৰত তুমি কেতিয়াবা নিসংগতাত ভুগা। মই বিয়াৰ পাচত মন কৰিছো, মোৰ উপিস্থিতটো হঠাতে এক- দুই মিনিটৰ বাবে তুমি মানুহটো হেৰাই যোৱা।
আলক্ষিতাই একে উশাহতে কথাখিনি কৈ হাতৰ ডায়েৰীখনৰ পৃষ্ঠা লুটিয়াই কিবা এটা বিচাৰিলে।
- বুজানা তুমি। সেইবোৰ চখতে লিখা গল্প। তেতিয়া বিষাদ মোৰ প্ৰিয় বিষয় আছিল। আৰু মোৰ বহুকেইজন বন্ধুৰ প্ৰেমিকাৰ বিয়া হৈ যোৱাৰ পাচত সিহঁতৰ অসহায় অৱস্থাটো নিৰীক্ষণ কৰি মই কিবা লিখিবলৈ সুযোগ পাইছিলো। কাৰণ সিহঁতৰ দুখবোৰ মোৰ সৈতে ভগাই লৈছিল। আমি বুজনি দিছিলো। বিচ্ছেদৰ বিৰহ নিজে উপভোগ কৰাৰ সুবিধা নাপালেও নিচেই কাষৰপৰা দেখিছিলো। আজিকালি সময়ৰ অভাৱ। সেয়ে একো লিখা নহয়।
কথাখিনি কৈ মই হাতৰ ম’বাইলটোৰে গুগুলত বিলাসী কাৰবোৰৰ দৰ দাম, ফিডবেক আদিবোৰ পৰীক্ষা কৰাৰ আধৰুৱা কামটোত পুনৰ মনোনিবেশ কৰিলো।
- গল্পৰ কথা বাৰু বাদ দিলো। কিন্তু তোমাৰ সেই লাইনকেইটা সম্পূৰ্ণ নিজৰ যেন অনুভৱ হৈছে। সঁচা কথা কোৱানা মোৰ সোণটো।
কথাৰ মাজতে আলক্ষিতাই আহি পুনৰ মোৰ বুকুৰ মাজ পালেহি। তাইৰ আবেগবিহ্বল চকুজুৰিয়ে মোৰ চকুলৈকে চাই আছে। মই ম’বাইলটো কাষতে থৈ সোঁহাতখনেৰে আলক্ষিতাক মেৰিয়াই ল’লো। মোৰ থুতৰিত তাইৰ কপালখন।
- সঁচাকৈয়ে কৈছো। তোমাৰ আগত মিছা মাতিবলৈ কি আছে। তোমাৰপৰা অভাৱ বুলিবলৈ একো অনুভৱ কৰা নাই। সম্পূৰ্ণ সুখী। মই কামনা কৰাতকৈ বহু কিবা দিছা। তাৰ পাচত মিছা কিয়া মাতিম? আৰু তুমি মোক বুজা। সঁচা কথাটো কলেও তুমি দেখোন বুজিয়ে পাবা। গতিকে মিছা মতা কথাটো অপ্ৰাসংগিক।

আলক্ষিতাই বাহ্যিকতাত কঠোৰতা দেখালেও ভিতৰি মানুহজনী তেনেই ঠুনুকা। মৰম আকলুৱা স্বভাৱটোৰ বাবে তাই আমাৰ পৰিয়ালটোৰ সকলোৰে প্ৰিয়। বিশেষকৈ মাৰ মনত। ময়ো তাইক সৰ্বস্ব উজাৰী ভালপাওঁ। আমাৰ সম্পৰ্কটোত অশান্তি হব পৰা জোখাৰে মই কোনোধৰণৰ সুৰুঙা ৰখা নাই। আলক্ষিতাক লৈ মই ভাগ্যৱান। তথাপিও তাইৰ আজিৰ প্ৰশ্নটো প্ৰাসংগিক। মোৰ ডায়েৰীৰ বিশেষ পৃষ্ঠাটোৰ নিৰ্দিষ্ট কথাখিনি গল্পৰ অংশ নাছিল। সেইখন ৫ বছৰৰ পুৰণি ডায়েৰী হলেও সেই নিৰ্দিষ্ট অনুভৱখিনি আলক্ষিতাৰ সৈতে বিয়াৰ দিন বাৰ নিশ্চিত হোৱাৰ বিশেষ ৰাতিটোৰ। কেতিয়াবা পৰিস্থিতি সাপেক্ষে মিছা মতাটোও জৰুৰী। সঁচা কথাটো কোৱাহেঁতেন কালিলৈ কঙালী বিহুটো সঁচাকেই কঙালী হৈ ৰ’লহেঁতেন। মই আলক্ষিতাৰ সৈতে বৰ্তমানৰ ভেঁটিত ভৱিষ্যতটো সুন্দৰকৈ আগুৱাই নিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। এইক্ষেত্ৰত অতীতৰ পাহৰি পেলোৱাটো মোৰ বাবে বাধ্যতামূলক। মই দুয়োখন হাতেৰে সজোৰে আলক্ষিতাক সাৱটি ল’লো। তায়ো কুচি-মুচি কোনোধৰণৰ প্ৰশ্নৰ অৱতাৰণা নকৰাকৈ আনদিনাৰ দৰেই চকুহাল মুদি মোৰ বুকুৰ মাজত আৱদ্ধ হৈ থাকিল। বন্দী কোঠাটোৰ বাহিৰৰ জোনাক এমোকোৰা কাঁচৰ খিৰিকীখনৰে সৰকি আহি আলক্ষিতাৰ মুখমণ্ডলত বিয়পি পৰিলহি। তাইৰ অজ্ঞাতে দিঘলকৈ হুমুনিয়াহ এটা এৰি বুকুখন পাতলাই ল’লো আৰু আলক্ষিতাৰ কাণে কাণে ফুচফুচাই কলো- “কালিলৈ কঙালী বিহু বুলি তুমিও আজি ৰাতিটো কঙালী কৰিয়ে ৰাখিবানে?
এক্ষন্তেক সময় তভক মাৰি ৰৈ আলক্ষিতাই তপৰাই মোৰ গালত চুমা এটা আঁকি ক’লে- “ কাতি বিহুটো নামতহে কঙালী। অসমীয়া জাতিটোক আণ্ডাৰএষ্টিমেট নকৰিবা। চৌপাশে বানপানী, অভাৱ অনাটনৰ মাজতো হেঁপাহৰ বিহুটিক আদৰিবলৈ গোটেই অসমবাসীৰ তত্পৰ। সন্ধ্যা সময়খিনি কালিলৈ কিমান যে ভাল লাগিব... ময়ো সাংঘাটিক এক্সাইটমেন্টত আছো। প্ৰথমবাৰৰ গাঁৱৰ সেউজী পথাৰখনৰ বোকা- পানী গচকিবলৈ সুযোগ পাম.... হেঁপাহৰ সুখৰ ঘৰখনৰ কেঁচামাটিৰ চোতালত তূলসীৰ তলত চাকি-বন্তি জ্বলিব....। গতিকে আজি ৰাতিটো কিয় কঙালী হব? আই লাভ ইউ। তোমাক ধেমালী কৰিহে আছিলো। তোমাৰ অতীতৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই। মই সুখী... সুখী হৈ ৰ’ম। অসুখী হবলৈ অজুহাতৰ অভাৱ। তুমি দেখোন মোৰ হৈ মোৰ বাবে মোৰ উশাহতে আছা!!”

অসুখ

ৰাতি এঘাৰ বাজি পাৰ হৈ গ’ল। মোৰ জীৱনসংগিনী মৈত্ৰেয়ী ইতিমধ্যে মোৰ বুকুতে মুৰ গুজি লালকাল টোপনীত ঢলি পৰিছে। তাইৰ দিঘলীয়া তপত নিশাহখিনি মোৰ বুকুত ঠেকা খাই পুনৰ তাইৰ গালে মুখে চিটিকি পৰিছে। তাইৰ শান্ত সুস্থিৰ বুকুৰ উঠা নমাখিনিতকৈ খৰতকীয়া মোৰ বুকুৰ হৃদস্পন্দন। ছন্দৰ অমিল। আনদিনাৰ দৰেই মই মোৰ সবল সোঁহাতখনেৰে তাইক মেৰিয়াই লৈ বাওঁখনেৰে তাইৰ বিশৃংখল চুলিখিনিৰ শৃংখলতা ৰক্ষা কৰিবলৈ বৃথা প্ৰচেষ্টা চলালো। তাই নিৰাপদ। উদাসিনতাৰে পাৰ হোৱা বহুকেইটা বিনিদ্ৰ ৰজনীৰ অন্তত মৈত্ৰেয়ী মোৰ সৈতে সুখী। দেউতাকৰ ভৰষাখিনি ৰক্ষা কৰিবলৈ সক্ষম হোৱাত ময়ো গৌৰাম্বিত। কাষৰ কোঠাটোত ভন্টী। বোধহয় তাই এতিয়াও শুৱা নাই। তেনেই কম ভলিউমত ভন্টীৰ কোঠাটোত বাজি থকা অংগৰাগ মহন্তৰ গানৰ কলি এটা আহি মোৰ কাণত প্ৰতিধ্ধনি হৈ আছেহি। “মন মোৰ উৰি গুছি যায় কি জানো পায়ো হেৰুৱাই, ফাগুণৰে উৰণীয়া বা......”
পাৰ কৰি অহা জীৱনৰ ৩০ টা বসন্তৰ ইতিহাস খুছৰি অসহায় সময়খিনিত মোৰো মনটো উৰি গুছি যায়.... গৈ থাকে গৈ থাকে... জোৰ কৰি ধৰি বান্ধি ৰাখিব খুজিলেও নৰখা। এৰাল চিঙা গৰুজনী আৰু মনটোৰ মাজত এইখিনিতে বৃহত্ পাৰ্থক্য।
ভন্টীৰ বিয়ালৈ মাজত আৰু দুটা মাহ। তেতিয়া মই অবিবাহিত। দৰাঘৰৰ আলহীক জুৰুণত উপহাৰ দিবলৈ প্ৰয়োজনীয় সামগ্ৰী অলপ বজাৰ কৰিবলৈ বুলি সেইদিনা পুৱাতে সোনকালে উঠি মই কাপোৰ-কাণি পিন্ধি সাঁজু। বজাৰখিনি সোনকালে কৰি সোনকালে ঘৰলৈ উভতি আহিব লাগে। ঘৰখনত মই অকলশৰীয়া। দায়িত্ব অনেক।
"দাদা... ঐ দাদা... ক’ত আছনো? এইফালে পতকে আহচোন....।"
কাষৰ কোঠাটোৰপৰা ভন্টীয়ে মাত লগালে। এইজনী কিনো কৰি থাকে। এফালে উলাই যোৱাৰ আগত সদায় তাইলৈ অপেক্ষা কৰি মই এঘন্টামান সময় গান শুনি বোন্দাপৰ দি থাকিব লাগে। কি কি কৰি থাকিব আইনাখনৰ সন্মূখত! চেলুৱাৰ লগত মিলাকৈ চেণ্ডেল। দোপত্তাখনৰ ৰঙৰ সৈতে সংগতি ৰাখি ফুলি.... এই গোটেইকিটা ৰঙৰ লগত খাপ খাই পৰাকৈ লিপষ্টিক....। এইবোৰ হিচাপ নিকাচ কৰি থাকোতেই ইহঁতক এঘন্টামান লাগে। মাথা নষ্ট হৈ যায় সেইকাৰণে। বিৰক্তিৰে বহি থকা চকীখনৰপৰা উঠি গৈ মই ভন্টীৰ কোঠা পালোগৈ। তাইতকৈ দেৰিকৈ বাথৰুমত সূমাই গা ধুই আহি কাপোৰ কাণি পিন্ধি গেৰেজৰপৰা গাড়ীখন উলিয়াই মই সাঁজু আৰু তাই এতিয়ালৈকে গাত সেই গা ধুই উলাই আহোতে মেৰিয়াই অনা টাৱেলখনৰ সৈতে ৰৈ আছে। খঙে গৈ মোৰ চুলিৰ আগ পালেগৈ।
- কাৰ মুৰটো কৰি আছিলি ঐ ইমানপৰে। তই দেখোন একো পিন্ধাই নাই। হে ভগৱান.....। মই যাওঁ। তই থাক। আৰু ৰৈ থাকিব নোৱাৰো। উচাত্ মাৰি মই কোঠাটোৰপৰা উলাই যাবলৈ উদ্যত হলো।
- তই ছোৱালী মানুহৰ কথা কি বুজিবি। গৰু। কাম এটা কৰি আছিলো। কব নোৱাৰো। নুসুধিবি। ৫ মিনিটত হৈ যাব। খং নকৰচোন।
শান্ত কণ্ঠেৰে কথাষাৰ কৈ ভন্টীয়ে হাতত লৈ থকা হেয়াৰ ৰিম’ভাৰ বটলটো ওচৰতে থকা টেবুলখনৰ এপৰত থৈ দিলে। কিবা এটা কম বুলি ভাবিছিলো। নকলো। আধামেলা মুখখন জপাই থৈ তাইৰ বিপৰীত দিশত মোৰ দৃষ্টি নিবদ্ধ কৰিলো। তাইলৈ চাই থকাহেঁতেন মোৰ নিজৰে লাজ লাগিলেহেঁতেন। ভন্টীৰ লাজ চৰম নাই।
- দাদা, অন্তৰ্বাসৰ হুকটো ভালকৈ লগাই দেচোন। মই ঢুকি পোৱা নাই।
আধাপিন্ধা অন্তৰ্বাসটোৰে বুকুৰ লাজখিনি ঢাকি তাইৰ উন্মুক্ত পিঠিখনেৰে ভন্টী মোৰ সন্মূখত ঠিয় হৈ ৰ’ল। মোৰ পৰিচিত দৃশ্য। কেতিয়াবা সংকোচ লাগে। তাই গাভৰু হ’ল। বিয়াৰ দিনবাৰ নিশ্টিত হোৱাৰ আগলৈকে মই কোনোঘৰণৰ সংকোচবোধ অনুভৱ কৰা নাছিলো। ২৪ বছৰীয়া ভনীজনীক আজিও মই দেৰ বছৰীয়া কণমানিজনী বুলিয়ে জ্ঞান কৰো। তাইৰো সেই একেই অনুভৱ। ভৰষা। ভন্টীয়ে নিজে স্বীকাৰ কৰে, পৃথিৱীত নাৰীৰ কাপোৰ খুলিব জনা পুৰুষ অনেক। কিন্তু কাপোৰ খুলি পিন্ধাব জনা পুৰুষ দুজনেই- এজন দেউতাক আৰু আনজন দাদাক। আজি মই মুক হৈ ৰ’লো। দুমাহৰ পাচত ভন্টীৰ বিয়া। এখন ঘৰৰ দায়িত্ব চমজি লবলৈ তাই গৈ আছে। অথচ আজিও তাইৰ স্বভাৱৰ পৰিবৰ্তন হোৱা নাই।
- কিছুমান কাম নিজে কৰিব লাগে। লাজ নাৰীৰ অলংকাৰ। নাপাহৰিবি।
মই কম্পিত দুহাতেৰে কোনোমতে এবাৰতে তাইৰ অন্তৰ্বাসৰ হুকটো লগাই দিবলৈ সক্ষম হলো। কিবা ক্ষোভ, অভিমান ভয়ত মই ভিতৰি মানুহটো দূৰ্বল হৈ পৰিছিলো। কিছু পৰিমাণে ঈৰ্ষাও অনুভৱ কৰিলো। ভন্টীয়েতো কেতিয়াও মোক আৰু এনেদৰে তাইৰ অৰ্ন্তবাসৰ হুক মাৰিবলৈ মাতি হুলস্থুল নলগাব। তাৰ পৰিবৰ্তে এজন অচিনাকী পুৰুষে (মোৰ বাবে অচিনাকী) এক সহজাত জৈৱিক তাড়ণাৰে উন্মাদিত হৈ ভন্টীৰ দেহৰ কাপোৰ আজুৰিব। অথবা অন্তৰ্বাসটোৰ হুক মাৰিব গৈ মোৰ দৰে কামুক দৃষ্টি ধৰ্ষণৰপৰা ভন্টীৰ শৰীৰটো ৰক্ষা নপৰিব....।
- হব দে। এতিয়া উলাই যা কোঠাৰপৰা।
ভন্টীৰ হেঁচুকনিত মোৰ সংজ্ঞা ঘূৰি আহিল। একো নোকোৱাকৈয়ে কোঠাটোৰপৰা মই বাহিৰলৈ উলাই আহিলো। মোৰ মনৰ শীতল যুদ্ধখনৰ কথা তাইক নজনালো। আচলতে মোৰ ভয় বৰ্তমানৰ সময়খিনিলৈ। চাৰিওফালে নাৰীজনীত অপৰাধ... লুণ্ঠন, ধৰ্ষণ, হত্যা....। একেটা কোঠাতে, একেখন বিচনাতে মোৰ সৱল সান্নিধ্যত গাভৰু হোৱা ভনীজনীলৈ মোৰ ভয় লাগে। বাইকৰ পিচফালৰ আসনত বহি কলেজ, বজাৰ, টিউচন বা আন কৰবালৈ ফুৰিবলৈ গৈ থকা অৱস্থাত তাইৰ আকৰ্ষণীয় শৰীৰটোলৈ যেতিয়া চহৰখনৰ ডেকাবোৰ চায়, মোৰ বুকুখনে হাহাকাৰ কৰি উঠে। বাইকৰ গতিবেগ তীব্ৰ হৈ উঠে..... কৰবাৰপৰা উজাই অহা খঙটো কাবু কৰিবলৈ গৈ মই চানগ্লাছৰ ফাকেৰে আকাশলৈ চাওঁ...... আকাশৰ নীলাখিনিয়ে মোক শান্ত কৰি তুলে, নেদেখাজনৰ ওচৰত ভৰষাখিনি বাঢ়ি যায়।
দুমাহ পাচত ভন্টী সেই কোঠাটো এৰি একেবাৰে এৰি আন এঘৰলৈ বিয়া হৈ উলাই গুছি গ’ল। মোৰ অজ্ঞাতে এটা বছৰ পাৰ হৈ গ’ল। স্বামী গৃহ এৰি এদিন একেবাৰে ভন্টী পুনৰ তাইৰ সেই পৰিচিত কোঠাটোলৈ উভতি আহিল। শিৰৰ সেন্দুৰখিনি একেদৰেই থাকিল। কিন্তু সেইদিন ধৰি অন্তৰ্বাসৰ হুকটো সঠিকমতে লগাই দিবলৈ মই ভন্টীৰ কোঠাটোলৈ যাবলগা হোৱা নাই। এবছৰ আগৰ ভনীজনী হেৰাই থাকিল। তাই আকৌ উভটি আহিল যদিও ভন্টী মোৰ হৈ নাথাকিল। এদিন মোৰ বিয়াখনো সুকলমে পাৰ হৈ গ’ল। মাৰ পচন্দ অনুসৰিয়ে ভন্টীৰ সমবয়সৰ ছোৱালী এজনী আনি কোনোবা এজন ককায়েকৰ বুকু উদং কৰি থৈ আহিলো। ফুলশয্যা নিশাৰ একান্ত গোপন মুহুৰ্ত্তখিনিত মৈত্ৰেয়ীৰ অন্তৰ্বাসৰ হুক খুলিবলৈ গৈ মই ৰৈ গৈছিলো। এক অজান আশংকা, সংকোচবোধে মোৰ ভিতৰৰ উন্মাদনাখিনি নিমিষতে মোহাৰি পেলাইছিল। মৈত্ৰেয়ীও দেখোন কাৰেবাৰ ভন্টী। এগৰাকী ২৫ বছৰীয়া সুন্দৰী পত্নীৰ লোভনীয় শৰীৰটোলৈ মই পোনপটীয়াকৈ চাই থাকিব পৰা নাছিলো। সহজাত পুৰুষসুলভ কামুক মোৰ ওঁঠযুগলে মৌনতাৰ অধিবেশনত মগ্ন আছিল। মোৰ অন্যনমস্কতাৰ গইনা লৈ মৈত্ৰেয়ীৰ আলফুল দুহাতেৰে আজুৰি নি মোৰ মুখখন যেতিয়া তাইৰ উদং বুকুখনত গুজি দিছিল মই উশাহ বন্ধ হৈ মৃতপ্ৰায় অৱস্থা এটাত উপনীত হ’লো। ভেন্টিলেটৰ ফাকেৰে পাৰ হৈ অহা জোনাকীজাকৰ ক্ষীণ পোহৰত জিলিকি উঠা মৈত্ৰেয়ীৰ উন্মুক্ত পিঠিখনলৈ চাই মই চমকি উঠিছিলো, আজিও ভন্টীৰ পিঠিত স্পষ্ট জলন্ত চিগাৰেটৰ দাগ......। বুকুত কোনোবা মদপী উন্মাদ পুৰুষৰ ক্ষত বিক্ষত নখৰ আঁছোৰ। মৈত্ৰেয়ীৰ দৰে ময়ো আমাৰ যুগ্ম জীৱনৰ প্ৰথম ৰাতিটোৰ শেষৰফালে মই গোপনে উচুপিচিলো...........। এটা সময়ত মোৰ বুকুতে মুৰ গুজি তাই টোপনীত ঢলি পৰিছিল....। কাষৰ কোঠাটোত তেনেই কম ভলিউমত তেতিয়ালৈকে বজি আছিল সেই একেটাই গান "মন মোৰ উৰি গুছি যায় কিজানি পায়ো হেৰুৱাই...।"

খলনায়ক

“মোক অলপমান টকাৰ প্ৰয়োজন হৈছিল। আজিয়ে।“ নিলজ্জ্বতাৰে কথাষাৰ কওঁতে এবাৰলৈ মোৰ জিভাখনে উজুটি নাখালে। অনুশীলনৰ ফচল। বছৰটোত এনেধৰণৰ কম-বেছি পৰিমাণৰ টকাৰ প্ৰয়োজন হৈয়ে থাকে। আৰু মোৰ প্ৰয়োজন পূৰাবলৈ অফিচৰ বচৰ পত্নী সদায় তত্পৰ। তেওঁ হয়তো মোৰ দৰে অভাৱী মানুহবোৰৰ চৰিত্ৰৰ সৈতে পৰিচিত। আনদিনাৰ দৰে তেওঁ আজিও মোক কোনোধৰণৰ প্ৰশ্নৰ অৱতাৰনা নকৰিলে। বৰঞ্চ তেওঁৰ অবাধ্য হাতদুখনে মোৰ জিনচৰ বুটামতো একে আজুৰে খুলি পেলালে। মই বাধা দিয়াৰ প্ৰশ্নই নাহে। এগৰাকী ২৭ বছৰীয়া কমনীয় শৰীৰৰ গৰাকীনি মোৰ অফিচৰ বচৰ পত্নী। তেওঁৰ বিবস্ত্ৰ শৰীৰটো সন্মূখত লৈ কোনো পুৰুষেই নিজক সংযত কৰি ৰাখিব নোৱাৰে। সোঁহাতখনেৰে দীঘল ডাঠ চুলিকোচা খামূচ মাৰি ধৰি প্ৰকাণ্ড শুৱনি বিচনাখনত তেওঁক পেলাই ল’লো। কৃত্ৰিম খং ভাৱ এটা তেওঁৰ চঞ্চল চকুজুৰিত বিয়পি পৰিল। মোৰ অনিয়ন্ত্ৰিত ওঁঠযুগল তেওঁৰ গুলপীয়া ওঁঠখনৰ কাষ চপাই নিয়াৰ লগে লগে তেওঁৰ চকুৰপটা জাপ খাই থাকিল। পৰিকল্পিতভাৱে মই তেওঁৰ ওঁঠখনৰ পৰিবৰ্তে সোঁ কাণখনৰ কাষ চাপিলো। সবল দাঁত পাৰিৰ বেপেৰুৱা আঘাটত তেওঁ অস্ফুট স্বৰেৰে আৰ্তনাদ কৰি প্ৰতিক্ৰিয়া পদৰ্শন কৰিলে “আস্”। তেওঁৰ মঙহাল বক্ষযুগলৰ স্পৰ্শ লাগি মোৰ বুকুৰ ধপধপনি অভাৱনীয় হাৰত বৃদ্ধি পাবলৈ ধৰিলে। মই সামান্য পিচুৱাই আহি মুখখন তেওঁৰ উদং বুকুখনত গুজি দিলো। ভাললগা শিহৰণ এচাটি তেওঁৰ শৰীৰটোৰে পাৰ হৈ গ’ল। চৰম উত্তেজনাৰে তেওঁৰ হাতদুখনেৰে মোক মেৰিয়াই ধৰিলে। প্ৰয়োজনীয় অক্সিজেনৰ অভাৱত মই চটফটাবলৈ ধৰিলো। আত্মসংযমৰ অভাৱত কঠোৰ হৈ উঠিল মোৰ জৈৱিক প্ৰয়োজন। ইচ্ছাঅনুসৰি তেওঁৰ সোঁফালৰ বক্ষত মই উত্পীড়ণ চলাবলৈ আৰম্ভ কৰিলো। তেওঁ বাধা নিদিলে। চেগ বুজি মই অধিক সুবিধাবাদী হৈ গৈ আছো।
- ঐ, অলপমান মানুহৰ দৰে আচৰণ কৰাচোন। ময়ো তেজ মঙহেৰে গঢ়া এজনী ছোৱালীহে। কষ্ট পাওঁ নহয়। কাঠৰ পুতলা বুলি ভাবিছা নেকি? লাহে। লাহে।
মোৰ চুলিকোচাত খামুছ মাৰি ধৰি তেওঁ প্ৰায় ফুচফুচাই কোৱাদি কৈ উঠিল। মই তেওঁৰ মুখলৈ চালো। তেওঁৰ মোলৈকে চাই আছে। মনটো হঠাতে অনুভূতিপ্ৰৱণ হৈ উঠিল। এৰা, তেওঁৰ বুকুত বহুদিন আগৰ মোৰ দাঁতৰ তীক্ষ্ণ আচোঁৰ আজিও স্পষ্ট। মাজে মাজে মই প্ৰয়োজনাধীক উন্মাদ হৈ পৰো। নিজক সংযত কৰাৰ প্ৰয়োজনীয়তা অনুভৱ নকৰো। পৰিস্থিতিয়ে মোক সুবিধাবাদী কৰি তুলিলে। তাতে, খুউব কমেই আছে বচৰ পত্নীৰ দৰে সুন্দৰী নাৰী। অনন্য সৌন্দৰ্য্যৰ অধিকাৰী এইগাকী নাৰীৰ সৈতে গোপন অভিসাৰত লিপ্ত হবলৈ পালে নিজক সংযত কৰাটো বৰ কঠিন কাম। তথাপিও মই ৰৈ গ’লো।
- কি হ’ল? কিয় ৰৈ গ’লা?
তেওঁৰ আবেগিক কণ্ঠ। ভিতৰি দোষী দোষী ভাৱ এটা সুস্পষ্ট।
মই পুনৰ মৌন হৈ ৰ’লো। বিষণ্ণ চকুজুৰিৰে এপাকত তেওঁৰ মুখলৈ চাই বিচনাখনৰপৰা উঠি যাবলৈ উদ্যত হ’লো। মোৰ অস্বাভাৱিক আচৰণত তেওঁ আচৰিত হ’ল। তেওঁ শুই থকাৰপৰা উঠি মোৰ হাতখন ঠাপ মাৰি ধৰিলে,
- কি হ’ল তোমাৰ? বৰ অভিমানী তুমি। সৰু কথাটো খং কৰা। আহা। যি মন যায় কৰা। মই আৰু একো নকওঁ।
তেওঁৰ অজ্ঞাতে মোৰ ওঁঠত ৰহস্যৰ হাঁহি এটা বিৰিঙি পৰিল। মইতো এইখিনিলৈকে অপেক্ষা কৰি আছিলো। কৃত্ৰিমতাৰে মই মোৰ নিজক ঢাকি কৰুণ কণ্ঠেৰে তেওঁক ক’লো
- এনেকৈ আৰু কিমানদিন? তোমাৰ স্বামীয়ে গম পালেতো মই শেষ। তোমাৰ লগতে চাকৰিটোও হেৰুৱাম। ভয় লাগে সেয়ে। এনেদৰে লুকাই চুৰকৈ প্ৰেম কৰি ভাল নলগা হৈছে।
- আৰে বাবা। কি যে কথাবোৰ কোৱা নহয়। এওঁ তোমাক কি ক’ব? তেওঁ মোৰ মাত্ৰ কৰ্মচাৰী। সমষ্ট সম্পত্তিৰ মালিকীস্বত্ব মোৰ নামত। মোৰ ইচ্ছামতে সকলো হয়। আৰু লুকাই চুৰকৈ কৰা প্ৰেমৰ মজাই বেলেগ।
আকাংক্ষিত প্ৰত্যুত্তৰ। মোৰ পূৰ্বপ্ৰস্তুতি অনুসৰিয়ে আগবাঢ়িলো,
- তোমাৰতো সকলো আছে। মোৰ কি? বিয়া পতাৰ কথা কলেই জাঙুৰ খাই উঠা। ঘৰত মাৰ উত্পাত। তুমি তোমাৰ স্বামীৰ সৈতে ৰৈ যাবা। আৰু দুদিন পাচত আমনি লাগিলেই মোক এৰি দিবা।
- তেনে কথা নকবা। চৰিত্ৰহীনা বুলি ভাবিছা নেকি?
- নাই ভাবা। শংকিত হৈছো।
- ঠিক আছে। বিয়া পাতা তেন্তে। বিয়া পাতিনো কি কৰিবা? তেওঁৰ শৰীৰটো এনেকৈয়ে অত্যাচাৰ চলাবা। বেলেগ কি?
- হাঃ হাঃ হাঃ। মানুহে কেৱল যৌন ক্ষুধা নিবাৰণৰ বাবে বিয়া নকৰায়। তুমি নুবুজিবা।
- এৰা। তোমাৰ বচে সেইটো সূত্ৰ ব্যৱহাৰ কৰিব গৈয়েতো মূৰ্খামি কৰিলে। না তেওঁ মোক শাৰীৰিক প্ৰয়োজন পূৰাব পাৰে না মানসিক। কেৱল টকা টকা টকা। বহু দেৰিকৈ বুজিলো তেওঁ নিজৰ মাক-দেউতাকক এৰি কিহৰ বাবে মোক বিয়া কৰাই দেউতাৰ ঘৰ-জোঁৱাই হবলৈ সক্ষম হ’ল? যি সন্তানৰ নিজৰ মাক-দেউতাকৰ প্ৰতি দায়িত্ববোধ নাই, যিয়ে মাক-দেউতাকক এৰি এগৰাকী অচিনাকী ছোৱালীৰ সৈতে গোটেই জীৱন কটোৱাৰ সিন্ধান্ত ল’ব পাৰে তেওঁৰপৰা পত্নীয়ে কি আশা কৰিব পাৰে? জন্ম দিয়া মাক-দেউতাকৰ প্ৰতিয়ে দৰদ নাই, তেনেস্থলত.........।
নিজৰ পুৰুষত্বৰ ওপৰতে মোৰ পুতৌ উপজে। কেইটামান টকা আৰু সাময়িক তৃপ্তিৰ বাবে মই নিজস্বতাখিনি বিসৰ্জন দি পৰকীয়া প্ৰেমত মত্ত। সমাজৰ বাবে অবৈধ সম্পৰ্কটোক বৈধতাৰ পৰিচয় দি মই সন্তুষ্টি লভিছো। যোগ্যতা আছিল, দুদিন অপেক্ষা কৰাহেঁতেন এটা সুন্দৰ চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হ’লোহেঁতেন। কিন্তু সহজাত আবেগিক তাড়ণাৰে মোহিত হৈ মই আজি অনিয়ন্ত্ৰিত। ভাতৰ মজিয়াত বহি দেউতাই মই শুনাকৈ মাক কয়, “পুতেৰৰ বিয়া পতাৰ বয়স হ’ল। সময় ৰৈ নাথাকে। অলপ বুজাবি।“ মই কলা-বোবা মানুহৰ দৰে ভাতমুঠি নাকে মুখে গুজি পৰিস্থিতিৰপৰা পলায়ন কৰো। ৰাতি হ’লে শান্তিৰে শুব নোৱাৰো। মাক কিদৰে বুজাওঁ, মই মোৰ বচৰ পত্নীক তৃপ্ত কৰিবলৈ বাধ্য। দৰমহাৰ নামত পোৱা টকাকেইটা পৰ্যাপ্ত নহয়। মোক বহুত কিবা লাগে? সেই কিবাখিনি মই মোৰ শৰীৰটোৰ বিনিময়ত অনায়সে লাভ কৰিছো। তাই কাষত থকালৈকে মই আন এগৰাকী নাৰীক পত্নীৰ মৰ্য্যদা দিব নোৱাৰো। পৰ্যাপ্ত দৰমহাৰ আৰু অন্যন্য সা-সুবিধাৰে এগৰাকী পত্নী সুৰক্ষিত মোৰ সৈতে। কিন্তু মানসিকভাৱে?? কেইদিনমান আগতে দেউতাৰ মুখতে শুনিছিলো কোনোবা এজনী ছোৱালীৰ কথা। খুউব সম্ভৱ বিয়াৰ প্ৰস্তুতি চলিছে। ছোৱালী চোৱা পৰ্ব আৰম্ভ হৈছে। মা-দেউতাক মই বাধা দিবলৈ অক্ষম। তেওঁলোকৰ ইচ্ছাৰ বিৰূদ্ধাচৰণ কৰাটো মোৰ বাবে কষ্টকৰ। শিতানৰ গাৰুটোত মুৰ গুজি নিশাৰ নিসংগ সময়বোৰত এনেকৈয়ে মই চটফটাই থাকো। পুনৰ বচৰ পত্নীৰ প্ৰয়োজন হলেই মই সকলোবোৰ পাহৰি পেলাওঁ। শৰীৰটোৰ বিনিময়ত মই পৰ্যাপ্ত টকা পাওঁ। সেই টকাৰে নিজৰ লগতে ঘৰখনৰ চাহিদা পূৰাইছো। পুৰণি জুপুৰীটো ভাঙি এটা অট্টালিকা সাজিছো। পিতাইৰ মলিয়ন কামিজটোৰ সলনি পিটাৰ ইংলেণ্ড নতুবা ল’মেনৰ চাৰ্ট পিন্ধাইছো। ৫ বছৰৰ পুৰণি হিৰ’ হোণ্ডা পেশ্যনখন বিক্ৰী কৰি ১২ লাখটকীয়া বিলাসী কাৰ এখন ক্ৰয় কৰিছো। সেই কাৰখনত উঠি মাক-দেউতাক উঠাই নি চহৰৰ দামী হস্পিটালখনত নিয়মিয়াকৈ প্ৰেচাৰ, চুগাৰ পৰীক্ষা কৰাইছো। প্ৰাক্তন প্ৰেমিকাৰ চকুৰ সন্মূখত বিলাসী কায়দাৰে গাড়ীখন চলাই নি নামি পাণ দোকানখনৰপৰা ৰজনীগন্ধা অথবা ব্লেক ব্ৰেণ্ডৰ চিগাৰেট এপেকত কিনিছো। বিচৰাখিনি হাততে পাই নিজৰ বিবেকৰ বিৰূদ্ধে গৈ মোৰ মনত আক্ষেপ কিয় জাগে বুজি নাপাওঁ। মনৰ লোভ বাঢ়ি গৈ আছে। আৰু লাগে, বহুত কিবা লাগে মোক। বচৰ আসনখন কিবা প্ৰকাৰে মই আহৰণ কৰিব পৰাহেঁতেন!!
“মই আপোনাক ভালপাই পেলাইছো।“ কোনোবা এটা দূৰ্বল মুহুৰ্তত মই মোৰ বচৰ পত্নীক কৈ পেলাইছিলো। এক্ষন্তেক মৌনতাৰে তেওঁ মোৰ মুখলৈ ৰ’ লাগি চাই আছিল। তেওঁ হয়তো মোৰ মনৰ অৱস্থাটো বুজি উঠিছিল। তেওঁ কান্দিছিল। উচুপি উচুপি এটা সময়ত তেওঁ মোৰ বুকুৰ মাজলৈ আহি সৰু ছোৱালী এজনীৰ দৰে কৈছিল- “নিৰূপায় মই। তোমাক ভালপাওঁ বাবেইতো এগৰাকী পত্নীৰ দৰেই নিজৰ শৰীৰটো এৰি দিব পাৰো। মানসিকভাৱে মই তোমাৰ সৈতে একাত্ম। নুবুজা তুমি? কিন্তু সমাজৰ বিপক্ষে মই যাব নোৱাৰো। তোমাক হেৰুৱাবও নিবিচাৰো। সকলো পুৰুষ তোমাৰ দৰেই হওক। মাক-দেউতাকে তোমাৰ দৰে সন্তান লাভ কৰক। বিশাল সম্পত্তিৰ অধিকাৰী হৈ মই কি কৰিছো, স্বামীৰ ভৰষা ভাঙি পৰ পুৰুষৰ শয্যাসংগী হৈছো। তোমাৰ দৰে অভাৱী সহজ সৰল স্পষ্টবাদী অথচ স্বাভিমানী প্ৰেমিক মনৰ ল’ৰা এজনৰ দূৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছো। ময়েতো তোমাক মোৰ বিচনালৈ আহিবলৈ বাধ্য কৰিছিলো। এফালে বিবেক আৰু আনফালে অভাৱ। প্ৰথম ৰাতিটো মনত আছে তোমাৰ? যন্ত্ৰৰ দৰে, আবেগহীনভাৱে তুমি বাধ্য হৈ মোৰ শৰীৰৰ কাপোৰ আজুৰিছিলা। তোমাৰ জিনচৰ বেল্ট খুলিব ধৰোতে মোক বাধা দিছিলা। তাৰপাচতো শক্তি আৰু ক্ষমতাৰে অহংকাৰী মইজনীয়ে তোমাৰ ওপৰত শাৰীৰিক অতিশয্যা চলাইছিলো। কেতিয়াবা নিজকে প্ৰশ্ন কৰো, মোৰ সন্তুষ্টিৰ বাবে তুমি আৰু কি নকৰা? এনেকৈ আৰু কিমানদিন? তুমি যোৱাগৈ অনুৰাগ। মোৰ কাষলৈ আৰু নাহিবা। অন্য এটা কামৰ যোগাৰ কৰি দিম। তুমি বিয়াৰ কথা চিন্তা কৰা।“
- হোৱাট দ্যা হেল। অসম্ভৱ। এগৰাকী ন-বিবাহিত পত্নীক দিবলৈ মোৰ হাতত একো নাই। সকলো হেৰুৱালো তোমাৰ ওচৰত। বিয়া কৰাব নোৱাৰো মই।
মই খঙত একো নাই হৈ ক'লো।
- আৰে। এইবোৰ আজিৰ দিনত সৰু কথা। টকা লাগে সকলোকে। অধিকাংশ ছোৱালী আজিকালি নন-ভাৰ্জিন। প্ৰেমিকৰ চল-চাতুৰিৰ বলি হৈ কিম্বা নিজৰ অদমনীয় ক্ষুধা নিবাৰণৰ বাবেই হওক শতকৰা ৯০ শতাংশ ছোৱালীয়ে বিয়াৰ আগতে নিজৰ সতীত্ব হেৰুৱাই। একো নাই। বিয়াৰ পাচত সকলো ঠিক হৈ যায়। তেনেকৈয়ে কত ছোৱালীয়ে সুখৰ সংসাৰ গঢ়িছে।
- চাট্ আপ। মই সেই ৯০ শতাংশ ছোৱালীক লৈ শংকিত নহয়। ভয়, ৰৈ যোৱা ১০ শতাংশ ছোৱালীলৈ।
- বাঃ সাংঘাটিক আত্মবিশ্বাস। গ্ৰেট।
- য়েচ।
- মোৰপৰা কি বিচাৰা?
- মোক স্বামী হিচাপে গ্ৰহণ কৰা।
- পগলা হোৱা নাইতো? মোৰ দৰে এজনী ভৰষা নথকা নাৰীক তুমি পত্নীৰ মৰ্য্যদা দিবলৈ ভয় কৰা নাইনে? আৰু তোমাৰ মা-দেউতাৰ হেঁপাহৰ বোৱাৰীজনী হব পৰা জোখাৰে মই যোগ্য বুলি ভাবানে?
মোৰ হাতত উত্তৰ নাছিল। প্ৰথমে ভাবিছিলো, মোৰ আৰ্থিক দূৰ্বলতাক তেওঁ হাঁহিব। মই যে তেওঁৰ অনুগ্ৰহত আজি বৰ বৰ কথা কৈ আছো তাক সোঁৱৰাই দিব। নিদিলে। তাৰ পৰিবৰ্তে তেওঁ মোৰ দূৰ্বল অংশত আঘাট হানিলে। স্বামীৰ তুলনাৰে অথবা নিজৰ সৌন্দৰ্য কিম্বা সম্পত্তিক লৈ কথা শুনাবলৈ তেওঁ অপৰাগ। মই বিহীনতাত তেওঁৰ ব্যৱসাৰ একাংশ স্তব্ধ হৈ পৰিব। মোৰ বিৰূদ্ধাচৰণৰ ফলত তেওঁৰ স্বামীয়ে আমাৰ সম্পৰ্কৰ বিষয়ে গম পালে খেলিমেলি লাগিব, সমাজত মান হেৰাব। ধনী মানুহবোৰ সঁচাকৈয়ে ভয়াতুৰ। হেৰুৱাৰ ভয়ত মৰি মৰি জী থাকে।
কি কৰো মই? কি কৰিলে উচিত হব। দিশহাৰা হৈ দিনৰ পাচত দিন, ৰাতিৰ পাচত ৰাতিবোৰ পাৰ কৰি আছো। কাম কৰি আছো, টকা ঘটি আছো। বয়স বাঢ়ি গৈ আছে। মা-দেউতাই পচন্দ কৰা ছোৱালীবোৰ এফলাৰপৰা মই মোৰ অপচন্দ বুলি নাকচ কৰি গৈ আছো। মা-দেউতাৰ সেয়ে ভীষণ অসন্তুষ্টি। তেওঁলোকৰ বাবে এটা লাখটকীয়া প্ৰশ্ন মই আচলতে বিচাৰো কি?? মা-দেউতাৰ সৈতে কেইবাখনো খণ্ড যুদ্ধ পাৰ হৈ গৈছে। তিনিজনীয়া পৰিয়ালটোত অশান্তি বাঢ়িছে। এফালে মা-দেউতাৰ অসন্তুষ্টি আৰু আনফালে মোৰ প্ৰসাৰিত সা-সম্পত্তি, অৰ্জিত টকাৰ পৰিমান। আজিকালি ৰাতি হ’লে ঘৰলৈ যাবলৈ ভয় কৰো। মদ খাই য’তে ত’তে পৰি থাকো। মা-দেউতাই পূৰ্বৰ দৰে মোৰপৰা একো আশা নকৰে। তেওঁলোকৰ সন্তানে কাহানিবাই বিপথে পৰিচালিত হৈছে।
“ছাৰ, আপুনি বৰ্তমান অসমৰ এগৰাকী আগশাৰীৰ উদ্যোগপতি। শূণ্যৰপৰা আৰম্ভ কৰা আপোনাৰ বিস্মৰণীয় সফলতাৰ মুলতে কি আছিল? শুনিবলৈ পোৱামতে, দৰিদ্ৰতাৰ অজুহাততে আন এজনলৈ বিয়া হৈ আতৰি যোৱা প্ৰেমিকাৰ প্ৰতি ৰৈ যোৱা ক্ষোভখিনিয়ে আপোনাৰ সফলতাত বিশেষভাৱে ইন্ধন যোগাইছিল? কিমানদূৰ সত্য এইষাৰ কথা? সাক্ষাত্কাৰ গ্ৰহণ কৰিবলৈ অহা ২৪ বছৰীয়া সুন্দৰী কথকী ছোৱালীজনীৰ মুখলৈ চাই মই মিচিকিয়াই হাঁহিলো। মাজতে প্ৰাক্তন প্ৰেমিকাই লগ পাই মোক একেখিনি প্ৰশ্নই কৰিছিল। সুধিছিল, মই কিয় অবিবাহিত হৈ ৰ’লো। একেটাই উত্তৰ “সফলতাৰ শিখৰত আগুৱাবলৈ যুঁজি থাকোতে কিছুমান কথা ভাবিবলৈ সময় নহ’ল। কিবা এটা পাবলৈ কিবা এটাতো এৰিব লাগিবই। অসম্ভৱ বুলি তেনেকে একো কথা নাই। আচল কথা মনটোহে।“ আন সফল উদ্যোগপতিবোৰৰ দৰেই গতানুগতিক কথাষাৰ কৈ মই নিজক চিকুটি চালো। সিন্ধান্ত ভুল আছিল নে শুদ্ধ তাক লৈ বিমোৰত পৰাৰ সময় নহয় এয়া......।

উপহাৰ

আপুনি ডায়েল কৰা নম্বৰটো বৰ্তমান চুইটচ অফ হৈ আছে। অনুগ্ৰহ কৰি ক্ষন্তেক সময়ৰ পাচত পুনৰবাৰ চেষ্টা কৰক।সৰ্বনাশ। আজি শেষ। জন্মদিনৰ পাৰ্টী গৈ ব্ৰেক আপ পাৰ্টী নহলেই ৰক্ষা। ডকুমেন্টচ এটেষ্ট কৰিবলৈ অহা লৰাকেইটাৰ ওপৰতে মোৰ খং উঠিল। সিহঁতে বাৰু আজিৰ দিনটোত এইজনীয়ে ফোন কৰা সময়খিনিতহে মোৰ অফিচলৈ আহিবলৈ পালেনে? আহিছে বাৰু ঠিকে আছে। অফিচটোত মোতকৈ অভিজ্ঞ বয়োজেষ্ঠ কেইবাজনো কাৰ্য্যবাহী অভিযন্ত্ৰা আছিল। তেওঁলোকৰ ওচৰলৈ নগৈ মোকেই কিয় পাব লাগে বাৰু? ধুনীয়া লৰাৰ এইটোৱে বিপদ মানে। বেচেৰাকিটাক গালি পাৰিলে কি হব। এটা সময়ত নথি-পত্ৰ এটেষ্টৰ কামত আমিও যেতিয়া চৰাকাৰী উচ্চপদস্থ বিষয়াসকলৰ অফিচলৈ তাঁত-বাতি কৰিছিলো, তেতিয়াও বিষয়াজনৰ মুখাৱয়ব পৰীক্ষা কৰিহে তেওঁৰ কাষ চাপিছিলো। দেখাত খঙাল যেন লগা মানুহকেইজনৰ কাষলৈ ভুলতো নগৈছিলো, ব্যৱহাৰ নাজানে। ছাত্ৰ-ছাত্ৰী বুলি জনাৰ পাচতো কি যে ভেম? একো কাম নাথাকিলেও কঅলপ দেৰিকে আহা….“ “নাই এতিয়া নকৰো। বেলেগ এজনৰ ওচৰলৈ যাওঁক। আজি চহী কৰি কৰি হাত বিষাই গৈছে।তাৰ পৰিবৰ্তে লৰামতীয়া বিষয়া এজন পালে আমি নিশ্চিন্ত। কোনোধৰণৰ উজৰ আপত্তি নথকাকৈ কাম হবই। লৰালিৰ দিনবোৰলৈ উভতি যোৱাৰ লগে লগে মনটো মুকলি হৈ পৰিল। সাধাৰণতে এটেষ্টৰ কামত মোৰ টেবুলখনত যথেষ্ট ভীৰ হয়। আৰু ময়ো হাঁহিমুখে যিমানখিনি ডকুমেন্টচত চহী কৰিব লগা হয় কৰি যাওঁ। শেষত বহুতেই ধন্যবাদ জনাই বিদাই মাগে। কিছুমানে মুখেৰে নামাতে। যা বোপাই যা আকৌ আহিবি বুলি নকলেও সিহঁত আহিবই। দুটামানৰ লগত মুটামুটি ভাল চিনাকী। বাটে-ঘাটে দেখিলে দূৰৰেপৰা মাত দিয়ে। তাকে দেখি মোৰগৰাকীয়ে আকৌ সন্দেহ কৰি কয়, “চেনীৰাম। স্বভাৱ সলনি নহব আৰু।মই বুজালেও নুবুজে যে ভাল ব্যৱহাৰ বা সুন্দৰকৈ কাৰোবাৰ লগত দুআষাৰ কথা পাতিলেই চেনীৰাম বুলি নকয়। সেয়া শিষ্টাচাৰহে।তেওঁক অভিমান কৰিবলৈ অজুহাত এটাহে লাগে। পালে হৈ গল। হাজাৰ বুজালেও নুবুজে। আজিও নুবুজিব চাগে। মোৰ মবাইলটো জেনেৰেল মুডতে আছিল। তাই ফোন কৰোতে ডকুমেন্টচত চহী কৰি আছিলো। লৰা কেইটাৰ সন্মূখত ফোনটো ৰিচিভ কৰিবলৈ ভাল নালাগিল। সেয়ে নকৰিলো। এতিয়া কলবেক কৰিছো চুইটচ অফ। সকলোৰে বেচিতো বেয়া। ইমানকৈ অভিমানী নহলেও হয়। হব। মই অনৰ্থক চিন্তা কৰি থকাৰ প্ৰয়োজন নাই। ১২ বাজিলেই। ২ বজাতহে তাইৰ কোঠালৈ যাব লাগে। দুঘন্টা সময় চকুৰ পচাৰতে পাৰ হৈ যাব। মৰমীজনীলৈ পুনৰবাৰ কলবেক কৰাৰ বৃথা প্ৰচেষ্টা নচলাই মই মোৰ আধৰুৱা ফাইলটোৰ কামত মনোনিবেশ কৰিলো। যোৱাৰ আগতে সেইটো সম্পূৰ্ণ কৰি যাব পাৰিলে মনটো মুকলি হৈ থাকিব। মাহেকৰ মুৰত নিয়মিয়াকৈ চৰকাৰী মোটা ধনৰ দৰমহাটো পাই আছো যেতিয়া সেইমতে নিজৰ দায়িত্বখিনিও সুকলমে পালন কৰিব লাগে বুলি মই ভাবো। কামৰ মাজতে ব্যক্তিগত সংসাৰৰ প্ৰভাৱ পৰিবলৈ নিদিয়াই উচিত। অফিচত থকা সময়খিনিত মই চৰকাৰী চাকৰ।
বহুত চেষ্টা কৰিও মনটো স্থিৰ কৰিব পৰা নাই। বিভিন্ন ভাৱৰ সমাহাৰ। ভিতৰি উত্তেজিত কলিজাটো কোনোবা এক মুহুৰ্তৰ বাবে অনিয়ন্ত্ৰিত হৈ উঠিছে। আজিয়ে নহয়, কেইদিনমান আগৰপৰাই এনে অস্বাভাৱিকতা। প্ৰেয়সীৰ হাতেৰে ৰন্ধা এসাজ খাবলৈ বহুদিনৰপৰাই উচপিচাই আছিলো। সেই সোণোৱালী ক্ষণটো যিমানে কাষ চাপ আহিছে সিমানে মোৰ উত্কণ্ঠা বাঢ়ি গৈছে। প্ৰথমবাৰৰ বাবে মৰমীজনীক অকলশৰে বৰ নিবিড়তাৰে লগ পোৱাৰ সুযোগ পাইছো। কিমান যে ভাল লাগিব। খাই থকাৰ মাজে মাজে মোৰ দুষ্টালী ভৰা মন্তব্য শুনি তাই লাজ কৰিব! মোক কৃত্ৰিম ঢমক দিব। সুযোগ পালেই সাৱটি বুকুৰ মাজলৈ এপাক আনি......
ভুউউউউউউ ভুউউউউউ ভুউউউউউউ ভুউউউউউউ
কোনোবাই ফোন কৰিছে। কোন বা!! মৰমীয়ে হব। ব্ৰেক আপ পাৰ্টীলৈ সোনকালে আহিবা বুলি কব এতিয়া চাগে। দুৰু দুৰুকৈ বুকুখন কঁপিছে। ভয়ে ভয়ে মবাইলটোৰ স্ক্ৰীণখন পৰীক্ষা কৰিলো। সমীৰৰ ফোন। সমীৰৰ ফোন? এইটোৰ আকৌ কি হল। বিৰক্তিৰে ফোনটো ৰিচিভ কৰি হেল্লবুলি সঁহাৰি জনালো। তপনৰ মাকৰ প্ৰেচাৰ বাঢ়ি অচেতন হৈ পৰি গল।  সমীৰ আহি পায় মানে দেৰি হব। মানসে ১০৮ লৈ ফোন কৰিছে যদিও গাড়ীখন ব্যস্ত আছে। মই সোনকালে কিবা এটা কৰিব লাগে। খবৰটো পাই মই এক মিনিট সময় নষ্ট নকৰাকৈ অফিচ কতৃপক্ষক মাৰ বেমাৰ বুলি মিছা মাতি ঘৰলৈ বুলি ৰাওনা হলো। যোৱাৰ আগতে মবাইলটো উলিয়াই স্পন্দিতালৈ মেছেজ এটা টাইপ কৰিলো- মোৰ জানজনী, সোণজনী, গোঁসানীজনী.... প্লিজ প্লিজ প্লিজ... আই এম ভেৰী ছৰী। তোমাক কলবেক কৰি পোৱা নাই। চুইটচ অফ। মাৰ প্ৰেচাৰ ষ্টক বুলি খবৰ পাইছো। মই ঘৰলৈ যাওঁ। তুমি চিন্তা নকৰিবা। বিশেষ অসুবিধা হলে জনাম। লাভ ইউ সোণজনী।মেচেজটো চেণ্ড কৰি ডেলিভা ৰিপৰ্টতো পৰীক্ষা নকৰাকৈ বাইকখন টপ গিয়েৰত লগাই যিমান পাৰো সিমান বেগেৰে এক্সিলাৰেটৰদাল পকাই ধৰিলো। ব্ৰেক ধৰিবলৈ সময় নাই। দুৰন্ত গতিৰে মোৰ বাইকখন আগুৱাইছে। শ্লড্ৰাইভ লং লাইভ বুলি লগৰকেইটাক লেকচাৰ মাৰি নিজে কি কৰিছো তাক ভাবিবলৈ বিবেকে বাধা দিছে। শৈশৱত মোৰ সংগত পৰি তেওঁৰ পুতেক ধ্বংস হোৱা বুলি মিছা অপবাদেৰে মাক গালি পৰা মোৰ বন্ধুৰ মাকৰ কঠোৰ মুখখন মই এইমুহুৰ্তত পাহৰি পেলাইছো। ১০ মিনিটত মই ১৪ কিঃ মিঃ দূৰত্ব অতিক্ৰম কৰি তপনহঁতৰ ঘৰ পালোগৈ। সমীৰে বাহিৰে বাহিৰে আমাৰ ঘৰত সুমাই দেউতাৰ এল্ট৮০০ খন লৈ আহি উপস্থিত হলহি। মানুহজনীক ততাতৈয়াকৈ আনি চহৰৰ অভিজাত কে বি নাৰ্চিং হমখনৰ আই চি উত ভৰ্তি কৰি অলপমান সকাহ অনুভৱ কৰিলো। সমীৰে তপনলৈ কেইবাবাৰো ফোন কৰাৰ পাচতো ৰিচিভ নকৰিলে। মোৰ মবাইলটো বেটাৰী শেষ হৈ জিনচৰ পকেটত তপনৰ মাকৰ দৰে পৰি আছে। চিন্তা দুচিন্তাৰ মাজতে ৩ বাজিবৰ হল। এপাকত ডাক্তৰে আহি চিন্তাৰ বিশেষ কাৰণ নাই বুলি ঘোষণা কৰিলেহি। ভাল খবৰটো পাই মনত যিমানখিনি স্ফুৰ্তি হব লাগিছিল তাতকৈ বেজাৰ লাগিছে স্পন্দিতাৰ কথা ভাবি। শেষ আজি। ময়ে তাইক তাইৰ জন্মদিনৰ পাৰ্টীতো তাইৰ কোঠাতে দিবলৈ কুটুৰি আছিলো। তায়ো বৰ আগ্ৰহেৰে পাৰ্টীটো প্ৰস্তুতি বহুদিনৰ আগৰপৰা চলাইছিল। কিন্তু আজি মই কি কৰিলো। তাই ফোন কৰিলেও মোক পোৱা নাই চাগে। মোৰ খবৰ নাপায় তাই চাগে বাউলী হৈ পৰিছে। ছেঃ কি কৰো।
মই আই চি উ ৰ বিশেষ কেবিনকেইটাৰ সন্মূখতে অভিভাৱসকলে জিৰাবলৈ বুলি ৰাখি থোৱা চকী এখনত বহি কথাবোৰ চিন্তা কৰি আছো। মোৰ কাষতে ৰৈ সমীৰে তপনৰ ফোন নম্বৰটো ডায়েল কৰিয়ে আছে। তাৰ খং ভাগৰ মিশ্ৰিত মুখাৱয় দেখিয়েই গম পাইছো তপনক পালেই দুপাটমান সুধাব। মোৰো ভিতৰি খং নুঠা নহয়। আচৰিত লৰা। মাক-দেউতাকলৈ একেবাৰে দায়িত্ববোধ নাই। বাপেকটোও বুলে ঘৰত নাই। সংঘৰ কিবা কামত (অধিৱেশন নে কিবা আছে হেনো) কালিয়ে গোলাঘাটলৈ যোৱা। কাইলৈ অহা কথা। সমীৰক তপনৰ দেউতাকৰ কথা সুধাত তেনেকৈ কলে। মানুহজনৰ বয়স হৈছে। দেউতাৰ সমবয়সীয়া। ভাল বন্ধু। কিন্তু এইটো বয়সত দেউতাই ঘৰতে সুমাই মাৰ সৈতে এক প্ৰকাৰৰ সুখৰ দিনকেইটা উদযাপন কৰি আছে। আমাৰ ঘৰৰ ময়ো এটাই লৰা। তপনৰো ভাল চাকৰি। তথাপি তাৰ মাক-দেউতাক তেনেই অসুখী।
তহঁতে স্কুল কলেজলৈ গৈ কি শিকিছ মোৰ জনা আছে। মদৰ বটলটোত লিখি থোৱা সাধাৰণ কথাটোকে তহঁতে পঢ়িব নাজান সুৰাপান স্বাস্থ্যৰ পক্ষে হানিকাৰক।লাভ নাই বুজিছ, তহঁতৰ ডিগ্ৰী- চাৰ্টিফিকেটৰ অলপো নৈতিক মুল্য নাই। আমাৰ ঘৈণীয়েকৰ মেখেলা তলতীয়া এটাই আকৌ শহুৰেকৰ ঘৰৰ চুৱা চেলেকিবলৈ পাই নিজৰ ঘৰলৈ আহিবলৈ মনেই নকৰা হল। সন্তানৰ নামত কলংক। কিয় যে জন্মৰ পাচতে টেটুচেঁপি মাৰি নেপেলাইছিলো..। এতিয়া তাৰেই ফল ভুগি আছো। বাদ দে। এইবোৰ কথা তহঁতক কৈ কিনো লাভ!  বহ অলপমান। বৰমাৰে চাহ বনাব গৈছে। তহঁতে খাই যাবি। মই পতকে গৈ বলধহাল পথাৰৰপৰা লৈ আহোগৈ। বৰ গৰম অ’... মানুহৰে সহ্য নহয়, জন্তু বুলিহে সহ্য কৰি আছে।
হাগ বিহুৰ দুদিন আগতে আমি গাঁৱৰ সৰুৰেপৰা একলগে দাঙৰ হোৱা বন্ধুকেইটা লগ হৈ তপনহঁতৰ ঘৰ উলাইছিলোগৈ। আমাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু তথা তপনৰ দেউতাকে সাৰুৱা সাৰুৱা দুই এষাৰ মন্তব্য দি আমাক ইতিংকি কৰিলেও আমাৰ জীৱন গঢ়াত তেওঁৰ বিশেষ অৰিহণা আছে। অকৃতজ্ঞ হব নোৱাৰো। সেইদিনা দেউতাকে তপনৰ প্ৰতি থকা ক্ষোভখিনি আমাৰ সন্মূখতে উজাৰিলে। উভতি কিবা এটা কোৱাটো দুৰৰে কথা আমি তিনি বন্ধু সমীৰ, মানস আৰু মই মূৰ ওপৰ কৰি চাবলৈকে সাহস নকৰিলো। অৱশ্যে দেউতাকে মনৰ বেথাবোৰ কবনো কাক। পুতেকৰ অনুপস্থিতিত আমি তিনি বন্ধুৱেই তেওঁৰ ভৰষা। তপন আমাৰ বাল্য বন্ধু। সৰুতে সি মাক দেউতাকৰ একান্ত বাধ্য সন্তান আছিল। আমাৰ তিনিটাৰ দৰে সি অঘাইটং নাছিল। বিশেষকৈ মাকৰ অনুমতি অবিহনে সি ৰাষ্টালৈও নোলাইছিল। আমি তেতিয়া বোধহয় ক্লাছ চেভেনত। আমি সৰুৰেপৰা দেখি আহিছো, বহুতে সুবিধা পালেই প্ৰায়ে মাক- দেউতাকক ধৰি গালি পাৰে। যেনে- বাপেৰৰ মুৰটো, মাৰৰ মুৰটো, বাপেৰক জোকাইছ, মাৰক এনেকৈ কবিগৈ যা... আদি।  তপনকো এদিন এটাই মাকক ধৰি বৰ বেয়াকে কিবা কলে। শান্ত শিষ্ট, সহজ সৰল লৰা তপন চকুৰ পচাৰতে গালি পাৰাটোক মৰিয়াই মাৰি মুৰ ফালি দিলে। আমাৰ নিজৰ চকুৰ ওপৰতে বিশ্বাস হেৰাই গৈছিল। কিয়নো তপনৰ তেনে প্ৰতিক্ৰিয়া আমাৰ কল্পনাৰ বাহিৰত। দিন বাগৰিল। ভালকৈ পঢ়া শুনা কৰি সি চহৰতে চৰকাৰী চাকৰি এটা পালে। মাক দেউতাকৰ একমাত্ৰ সন্তান, চাকৰিটো হ'ল যেতিয়া সোনকালে বিয়াখন পাতিব লাগে। অৱশেষত সকলোৰে সিধান্তমৰ্মে চহৰৰে ছোৱালী এজনীৰ সৈতে তপত বিবাহপাশত আৱদ্ধ হল। আমিও বিয়াত হেপাঁহ পলুৱাউ স্ফুৰ্তি কৰিলো। সেই বিয়াতে বিদেশী পানী অকণমান ধৰা কথাটো তপনৰ দেউতাকে গম পাইছিল। আৰু সেয়ে বহুদিনৰ মুৰত সুযোগটো পাই দেউতাক আমাক দেহৰ ৰন্ধে ৰন্ধে বৈ যোৱাগৈ শিক্ষাৰ মুল্যহীনতাৰ ডায়লগটো মাৰি দিলে। যা হওক, যাতায়তৰ অসুবিধা দেখুৱাই বিয়াৰ এমাহমান পাছতে পত্নীক লৈ তপনে চহৰৰ ভাড়াঘৰ এটালৈ গুছি গল। ইফালে তাৰ মাক দেউতাক গাঁৱত অকলশৰীয়া হৈ পৰিল। প্ৰথম অৱস্হাত কথাটো আমি গুৰুত্ব দিয়া নাছিলো। কিন্তু সিদিনা আমি যাওঁতে তেওঁলোকক পুতেকে  কৰা অৱহেলাৰ কথা কৈ দুখ কৰোতেহে আমি কথাটো গুৰুত্বসহকাৰে গ্ৰহণ কৰিলো। মাকক কলো হব আপুনি চিন্তা নকৰিব, আমি তপনক বুজাম দিয়ক। অৱশেষত তিনি বন্ধুৱে আলোচনা কৰি তপনক ৱাৰ্ণিং এটা দিয়াৰ উদশ্যে মই আৰু সমীৰ গৈ তপনৰ অফিচ ওলালোগৈ। আমি স্পষ্টকৈ সুধিলো- "মা দেউতাক এৰি তই চহৰত কিয় এনেদৰে আছহি? বৰ বেয়া কথা হৈছে"। তপনে বুলে "নকবি আৰু মোৰ দুখৰ কথা, কিয় যে সংসাৰ কৰিছিলো। বিয়াৰ পাচত মাইকী মানুহবোৰ ইমান ডেঞ্জাৰ হ'ব পাৰে বুলি আগেয়ে জনাহেঁতেন বিয়াই নাপাতিলোহেঁতেন। প্ৰথমতে বুকুৰ মাজত সূমোৱাই লৈ জান কলিজা বুলি মাতি নিজৰ মতে তোক চলাবলৈ চেষ্টা কৰিব। আৰু যদি তই তাইৰ কথা নুশুন' তেন্তে মাকৰ ঘৰ যাবগৈ বুলি ৱাৰ্ণিং দিব। তেতিয়াও তই নামানিলে ডিভোৰ্চ দিয়াৰ ভাবুকি দিব। ডিভোৰ্চ দিলোটো কাহিনী শেষেই। আজিকালি আইন কানুনৰ কথা জানই! কিবা উল্টা- পুল্টা কেচ কৰি দিলে কি হ? চাকৰিটো গ'লে নিগমে মৰিম ... ৩ মাহ জেইলৰ ভাতো খাব লাগিব। গতিকে নমস্কাৰ। পত্নীৰ কথামতে চলিবলৈ মই বাধ্য। তহঁতৰো দিন আহি আছে। সংসাৰ কৰিলেহে মজাটো পাবি।" তপনৰ কথা শুনি আমাৰ মাত বোল বন্ধ হৈ গ'ল। তাকনো কি ক'ম। হব দে আমিকিটা থকালৈকে মাক- দেউতাকত চকু দিম। নোৱাৰিলে উপায়তো নাই। শুই থকা মানুহক জগাবলৈ ভাল, টোপনীৰ ভাওঁ জুৰি থকাজনকহে দিগদাৰ।
-         সমীৰ ঐ, বাদ দে বুজিছ। নালাগে তালৈ আৰু ফোন নকৰিবি। সি ব্যস্ত থকা নাই। ইচ্চাকৃতভাৱে আমাৰ ফোনটো ৰিচিভ কৰা নাই।
মোৰ কথা শুনি সমীৰে হুমুনিয়াহ এটা কাঢ়ি কলে,
-         বাগ বিহুৰ পাচৰপৰা সি ঘৰলৈ অহাই নাই। ঘৈণীয়েকৰ গাত হেনো লেঠা। তাইক এৰি সি কলৈকো যাব নোৱাৰে।
সমীৰ ভিতৰি আবেগিক হৈ আছে। সি বিষণ্ণ মনেৰে মোৰ কাষৰ চকীখনতে বঢ়ি ললে।
-         দেউতাককো একো নজনাবি। কেৰেলাতকৈ গুটি দীঘল হোৱাৰ ভয়। আমি মেনেজ কৰি লম। নোৱাৰিলে দেখা যাব।
-         ঠিকেই কৈছ। মানুহজনলৈহে বেয়া লাগিছে।
-         ধুৰ। বাদ দে।
-         মাকজনীলৈ মোৰ খং উঠে। নিজৰ লৰাটোক লৈ এটা সময়ত কি কি যে কথা শুনাইছিল আমাক। আমি হেনো মদাহী। আমাৰ সংগত থাকিলে তেওঁৰ লৰা ধ্বংস হব। আমি হেনো দায়িত্বজ্ঞান নথকা ভৱিষ্যতহীন উশৃংখল লৰা। আজি চা, সকলো ওলোটা হল। কোন অফিচ, কাম এৰি হাস্পটাললৈ আহিব লাগিছিল আৰু কোন আছেহি।
-         সেইটো বাদ দে। আজি মোৰজনীয়ে কলিজা খাই দিব। সংসাৰ শেষ মোৰ।
-         কি হলনো?
সমীৰে মোৰ দুখৰ বিৱৰণ শুনি বিবুদ্ধিত পৰিল। অফিচ কতৃপক্ষৰপৰা আৰম্ভ কৰি প্ৰেমিকালৈকে সকলোতে ফাঁকি। মিছা কথাৰ ঠেং চুটি। ধৰাতো পৰিমেই। কি হব এতিয়া মোৰ। সমীৰ আৰু মই দুয়োটাই ভাবি গুণি একো সমিধান নাপালো। ইতিমধ্যে ভোকত মোৰ পেটে কলমলাইছে। সমীৰক কলো বল তলত গৈ কিবা এটা খাই আহোগৈ। সেইমৰ্মে আমি ফাৰ্ষ্ট ফ্লৰৰপৰা আহি গ্ৰাউণ্ড ফ্লৰ পাই দেখিলো হাস্পটালৰ মুল প্ৰৱেশ দূৱাৰেদি ৰুদ্ৰ মুৰ্তি ধৰি স্পন্দিতা সুমাই আহিছে। কালৈকো চাবলৈ সময় নাই। হাতৰ মবাইলটোৰ ওপৰত সাংঘাটিক নিৰ্যাতন চলিছে। এপাকত কাণলৈ নিছে আৰু খঙেৰে ফোনটো আঙুলিৰে টিপি দিছে। মোলৈকে ফোন মাৰি আছে মানে খাটাং। কি কৰো কি নকৰো বুলি ভাবি তাই নেদেখাকৈ বাহিৰলৈ ওলাই যোৱাৰ পৰিকল্পনা কৰোতেই স্পদিতাই আমাক দেখা পালে। সমীৰে মোৰ মুখলৈ আৰু মই তাৰ মুখলৈ চালো।
-         কি হৈছে মানে এইবোৰ হা? ফোপাই জোপাই স্পন্দিতাই আহি আমাৰ কাষ পালেহি।
-         নাই মানে.....।
মোৰ মুখেৰে মাত নোলোৱা হৈ থাকিল। হে ভগৱান উদ্ধাৰ কৰা।
-         মোৰ কেবিনলৈ বলা এতিয়াই। কথা আছে।
স্পন্দিতাই চকু ঘোপা কৰি কলে।
-         কিবা এটা খাই আহি আছো। ভোক লাগিছে।
মই সেমেনা সেমেনিকৈ কলো।
-         নহব। এতিয়াই বলা কেবিনলৈ।
স্পন্দিতাই খৰধৰকৈ লিফটৰ ফালে আগবাঢ়িল।
সমীৰ ঐ ...... মই সৰু পোৱালী এটাৰ দৰেই অসহায় দৃষ্টিৰে সমীৰৰ মুখলৈ চাই কেঁকাই উঠিলো। মোৰ দুৰৱস্থাটো দেখি সি মুখ টিপি হাঁহিলে আৰু কলে- যা যা। আচুতীয়া কেবিন। চাঞ্চ পালে নেৰিবি। বেষ্ট অৱ লাক। মই কিবা এটা খাই আহোগৈ দে বাচা।সমীৰে মোক এৰি পলকতে উধাও। মই ভয়াৰ্ত খোজেৰে স্পন্দিতাৰ কেবিন অভিমূখে ৰাওনা হলো। তপনক পালে লেতেৰা মাৰ দিম। শেষ কৰি দিলে মোৰ সকলো। শেষ। হে ভগৱান, বচাবা আৰু। বাধ্য প্ৰেমিকৰ দৰে স্পন্দিতাৰ কোঠাটোলৈ সুমাই গলো। সন্মূখৰ চকীখনত বহি দোষী দোষী ভাৱ এটাৰে তাইৰ চকুলৈ চালো। তাই খঙেৰে মোৰ মুখলৈকে চাই আছে।
-         তোমালোক লৰাবোৰ ইমান মিছলীয়া কিয়? মিছা মাতিবলৈ পালে মাকো ব্যৱহাৰ কৰিবলৈ এৰি নিদিয়া ন?
স্পন্দিতাৰ চকুৰে যেন জুইহে উলাইছে। কম বুলি ভাবিছিলো বন্ধুৰ মাক মানেইতো মোৰ মা। কিন্তু এই সময়ত জ্বলা জুইত ঘিউ ঢালিব গলে জ্বলি চাৰখাৰ হৈ যাম। নাৰীৰ খং উঠা সময়ত চুপ চাপ থকাটোৱে পুৰুষৰ বাবে মংগল।
-         ফোন কিয় ৰিচিভ কৰা নাছিলা হা? কিহৰ ফুটনী মানে?
-         নহয় মানে। সেই সময়ত মবাইল চাইলেন্ট মুডত পকেটত ভৰোৱা হৈ আছিল। পাচত কলবেক কৰোতে তোমাৰ চুইটচ অফ।
মই শান্ত স্বৰৰে কলো।
-         এৰা। কেতিয়াও আৰু মবাইল চুইটচ অন নকৰো বুলিয়ে ভাবিছিলো।
-         ৰী।
-         কিহৰ ছৰী? কথা কব আহিছা। খবৰ ৰাখিছানে, মাৰ অসুখ বুলি মেচেজটো পাই কিমানকৈ চিন্তাত পৰিছিলো। কলবেক কৰিছো চুইটচ অফ তোমাৰ। কি লৰা তুমি? আৰু অফিচৰপৰা ঘৰলৈ যাওঁতে ১২দ কিঃ মিঃ স্পীডত চলাবলৈ কিহে পাইছিল? নে মাৰ অচেতন অৱস্থাতে নিজৰ শৱটো চিতাত তুলি জ্বলাবলৈ ইচ্ছা জাগিছিল? মোৰ কথা নকলেও যেনিবা।
-         চাৰ্জ নাছিল। ছৰী...। চিন্তাতে সকলো পাহৰি পেলাইছিলো। সাধাৰণতে ইমান জোৰেৰে বাইক নচলাও নহয় মই। তাতে তোমাৰ গুলপীয়া ওঁঠৰ গুলপীয়াখিনি আঁজুৰি অনাৰ সুযোগটো নোপোৱালৈকে সহজে নমৰো নহয়।
- কি কলা তুমি? স্পন্দিতাৰ চকুদুটা ভয়ংকৰভাৱে দাঙৰ আকৃতি ললে।
- নাই। একো নাই দিয়া।
-         আকৌ বুলে তোমাৰ সেই গেলেক্সী নে ফেলেক্সী ব্ৰেণ্ডৰ ৩০ হাজাৰটকীয়া মবাইল। পেলাই দিয়াহে। কামৰ সময়ত বেটাৰী বেক আপ নাথাকে। তাতকৈ ১২০০ টকীয়া চাইনীজ মবাইল এটা কিনি লোৱা। কথা কব আহে। দিনৰ দিনটো  ফেচবুকৰ ইনবক্সত সূমাই ধুনীয়া ছোৱালীমখাৰ লগত চেনী খাই থাকিবা... আৰু মোক কবা এণ্ডৰয়ড মবাইলত বেটাৰী বেক-আপ কম দিয়ে। ভাল ভাল। ইমান কষ্টেৰে যে তোমাৰ পচন্দৰ লোকেল মূৰ্গী ৰান্ধিছিলো সেইবোৰ কি হব এতিয়া। নেক্সট আৰু কেতিয়াও নকবা মোক ভাত ৰান্ধিবলৈ।
-         বন্ধুৰ মাকৰ বেমাৰ সদায় নহয় যে। আজিয়ে হব বুলি মইনো কি জানো। ভাবিলো দৰকাৰ হলে তুমি কাইলৈও মাংস ৰান্ধি খূৱাবা। কিন্তু বন্ধুৰ মাক?
-         মোৰ যে আৰু কাম নাই? বন্ধুৰ মাকলৈ যে ইমানকৈ দৰদ, তেওঁৰ নিজৰ সন্তানৰে দেখোন হিচাপ নাই।
-         খং নকৰাচোন। মোৰ ঠাইত তুমি হোৱাহেঁতেন তাকেই কৰিলাহেঁতেন। আৰু ময়ো খং নকৰিলোহেঁতেন। ডাক্তৰণী হৈ তুমিয়ে যদি মানৱীয়তা কি বস্তু নুবুজা আৰু কোনে বুজিব? তোমাৰ যেতিয়া আই চি উ ৰ নাইট চিফটৰ দিউটী থাকে মই গোটেই ৰাতিটো কেনেকৈ কটাও নাজানা নেকি? মই দেখোন চেক্ৰিফাইচ কৰিয়ে থাকো। ক্ষমা কৰানা। প্লিজ মোৰ সোণজনী। বাৰ্থডে গিফট, দামী চেলুৱাৰ এযোৰ দি দিম আজিয়েই। এতিয়াই।
-         নালাগে।
-         কিয়?
-         আই লাভ ইউ।
-         কি?
-         জন্মদিনৰ উপহাৰ হিচাপে ইয়াতকৈ আৰু বেলেগ কিবা উপহাৰ হব পাৰে নেকি? বহুত সুখী মই তোমাক লৈআই এম প্ৰাউদ অৱ ইউ।
-         কি কলা?
মই নিজৰ কাণখনকে বিশ্বাস কৰিব পৰা নাই।
-         সমীৰে তোমাৰ ফোন নট ৰিচেবল পোৱা দেখি মোলৈ ফোন কৰিছিল। তপনৰ মাকৰ দুৰ্ঘটনাৰ খবৰটো জনাই মোৰ সহায় বিচাৰিছিল। সেয়ে মই তোমালৈ ফোন কৰিছিলো। ৰিচিভ কৰা নাছিলা। মই আগতেই সকলো গম পাওঁ। এতিয়া চিন্তা কৰি থাকিব নালাগে। মোক মিছা নামাতিলেও হয় দেখোন। মাংস নাৰান্ধিলো। ৰাতিৰ ভাতসাজ মোৰ তাতে খাবা। খবৰদাৰ, অকলশৰীয়া ছোৱালীজনী পাই একো যাতে গণ্ডগোল নকৰা। বাৰ্থডে বুলি হেৰী এটা নুখুজিবা কিন্তু। একদম বিয়াৰ পাচত। ভুলতো ইমচনেল ব্লেকমেইলিং নচলিব। চিঞৰি দিম।

বলৈ একোৱে নাথাকিলেই মোৰ। জুবিন গাৰ্গৰ গান এটালৈ চাটকে মনত পৰিল... দেৱতায়ো নুবুজিলে তোমালোকৰ মন... আমি তেনেহলে কোননো কোৱা এই বয়সতে তোমালোকৰ মন পাবলৈ.....



তুমি মোৰ উশাহে বতাহে, আঘোণে ফাগুনে


-  মই তোমাক ভালপাওঁ।
-      -  ওঁ। ভাল কথা।
-      - বিশ্বকৰ্মাৰ শপত মই তোমাক ভালপাওঁ।
-      - অ বুজিছো।
-      - কিবা এটাতো কোৱা?
-      - কৈয়ে আছো দেখোন।
-      - তোমাক মই ভালপাওঁ।
-      - মই নোপোৱা বুলি কেতিয়া কলো?
-      - খং উঠাই নলবা দেই। গম পাই যাবা..।
-      - কি গম পাম?
-      - একে টানে যেতিয়া তোমাৰ অৰ্ন্তবাসৰ হুক চিঙি পেলাম তেতিয়া গম পাবা।
-      - ঐ... চুপ.... অসভ্য।

ৰক্ষা। অসভ্য বুলি কৈয়ে তাই যে মোক কাণতলীয়া চৰ এটা নিদিয়াকৈ আতৰি গৈছিলো ভাল ৰক্ষা পৰিলো। উফ বহুত বহুত ধন্যবাদ প্ৰভূ। তুমি সঁচাকৈয়ে এইখন পৃথিৱীতে আছা। তোমাৰ উপস্থিতি স্বীকাৰ কৰিবলৈ মই বাধ্য হলো প্ৰভূ। প্ৰাৰম্ভিক কামফেৰা পিচে তুমি ঠিকেই আগবঢ়াই নিলা, এতিয়া মাথো পাচৰদোখৰ সফল সমাপ্তি কৰাই দিয়া। মাত্ৰ এবাৰ তাইৰ মুখেৰে স্বীকাৰ কৰোৱাই দিয়া- য়েচ, আই লাভ ইউ টু ঋষভ। প্লিজ প্ৰভূ, অলপমান চকু মেলি চোৱা। খাটী প্ৰেম ভাই। তাই সন্মতি জনালে মইতো তাইক মোৰ লৰাৰ মাক বনামেই। প্ৰমিজ। বিয়াৰ পাচত অ প্ৰভূ...। বিয়াৰ আগতে ভুলটো তাইৰ হাতখনো স্পৰ্শ নকৰো। বিদ্যা শপত। তুমি বুজানা অলপমান। হে কৃষ্ণ, এটা সময়ত তুমিওটো দুৰ্দান্ত প্ৰেমিক আছিলা? তুমি নুবুজিলে আৰু কোনে বুজিব? প্ৰেমৰ ব্ৰাঞ্চটোত তোমাতকৈ ওস্তাদ আৰু প্ৰেক্টিকেল দ্বিতীয়জন আৰু কোনোবা থাকিব পাৰেনে? প্ৰভূ হে....... কৃপা কৰা।
আমাৰ ঘৰৰপৰা প্ৰায় ১ কিঃ মিঃ দূৰত্বত অৱস্থিত শিৱ মন্দিৰটোৰ পকী দান পাত্ৰটোত খমখমীয়া এশ টকাৰ নোট এখন ভৰাই দি কৰযোৰে ঈশ্বৰক প্ৰাৰ্থনা জনালো। প্ৰাৰ্থনা জনাই শেষ হোৱাৰ পাচতহে চিন্তা কৰিছো সেইটোতো শিৱ মন্দিৰ। কিন্তু মই চুক্তি কৰিছো শ্ৰীকৃষ্ণৰ সৈতে। তাকে লৈ বাবাই যদি খং কৰে। তাতে বাবাৰ খঙটো বেচি। গণ্ডগোল হৈ যাব। হে বাবা, দায়দোষ নধৰিবা। আমাৰ মানুহৰ দৰ তোমালোকৰ মাজততো হিংসা, ঈৰ্ষা আদি স্বভাৱবোৰ নাই। আফটাৰঅল তোমালোক দেৱতা, ঈশ্বৰ। গতিকে অনুগ্ৰহ কৰি বাবা তুমি মোৰ আবেদনখন শ্ৰীকৃষ্ণলৈ ফৰৱাৰ্ড কৰি দিবা দেই। প্লিজ প্ৰভূ। একো ধৰি নাথাকিবা আৰু। যদিও শ্ৰীকৃষ্ণক প্ৰাৰ্থনা কৰিছো কিন্তু ভিক্ষা মাগিছো কাৰ মাটিত, কাৰ এলেকাত থাকি? তোমাৰ? হয়নে নহয় বাবা? গতিকে আচল ক্ৰেদিট তোমাৰেই। অলপ কৈ মাতি দিবা আৰু দেই।
কবলগীয়াখিনি কৈ শেষ হোৱাত অন্তিমবাৰৰ বাবে বাবা আৰু শ্ৰীকৃষ্ণ দুয়োৰে নামটো সমানে এবাৰ ষ্মৰণ কৰি ৰাষ্টাৰ দাতিত ৰখাই থোৱা মোৰ বাইকখনৰ কাষ চাপিলো। চিটত থৈ দিয়া ফুলমাক্সৰ হেলমেটতো পিন্ধিলো, চিংগল ষ্টেণ্ডদাল উঠাই বহি পৰিলো আৰু বহি থকাৰপৰাই মনৰ ভিতৰতে ভগৱানক আকৌ এবাৰ প্ৰাৰ্থনা জনালো, আগতে কিবা প্ৰতিশ্ৰতি দি ৰক্ষা কৰিব পৰা নাছিলো যদি ক্ষমা কৰিবা প্ৰভূপাহৰি থাকো নহয়সেই যে মেট্ৰিকৰ পৰীক্ষাৰ দিনকেইটাত পৰীক্ষা হলত বহি হাতত প্ৰশ্ন কাকতখন লৈ প্ৰতি দিনাই মিনতি কৰিছিলো যেনেতেনে ৬০ পোৱাই দিয়া ভগৱান। আজি গৈয়ে মন্দিৰত চাকি এগজ জ্বলাম। এটা দুটাকৈ ৬ খন কাকতৰ মেট্ৰিক পৰীক্ষা শেষ হল। ৰিজাল্ট ওলাল। গড়ে কামনা কৰাতকৈ বহু বেচি নম্বৰ লাভ কৰিছিলো। দুগছিমান চাকি দিয়া হল। ৰৈ যোৱাখিনি আজিও দিয়া হোৱা নাই। তেনেকৈয়ে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা, ইঞ্জিনীয়াৰিঙৰ পৰীক্ষা আদি সকলোতে ভগৱানৰ সৈতে চুক্তি হল। কিন্তু চুক্তি পূৰণৰ সময় হলেই প্ৰতিশ্ৰুতিবোৰ পাহৰি পেলাও। আজিও ভগৱানৰ বাকী বহীত বহুকেইটা হিচাপ বাকী। তেখেত মহান বাবেহে মোক ধৰি থকা নাই। এইবাৰো নধৰে। নৈৰাত্ৰীক মোৰ নিজৰ কৰি লব পাৰিলেই প্ৰভূ তোমাৰ আৱাসগৃহটোৰ নামত টকা ২০০০ দান দিম। খাটাং। ১০০ শতাংশ নিশ্চিত। একদম এসপ্তাহৰ ভিতৰত প্ৰভূ। এইবাৰ খেলিমেলি লগালে মোক যি এক্সন লব আছে লবা। মোৰ একো আপত্তি নাথাকিব। হব এতিয়া যাওঁ দেই বুলি প্ৰভূৰপৰা বিদায় মাগি চাবিটো পকাই ধৰিলো। সোঁহাতৰ বুঢ়া আঙুলিটোৰে বাইকখনৰ চেলফৰ বুটামটোত এটা মৃদু স্পৰ্শ দিয়াত বাইকখনৰ ইঞ্জিনটোৱে গৰজি উঠিল। ক্লাছদাল বাওঁহাতৰ আঙুলিকেইটাৰে টানি ধৰি ভৰিৰে ১ নম্বৰ গিয়েৰটো হেঁচি ধৰিলো। ক্লাছদাল এইবাৰ লাহে লাহে এৰি দি একেটা গতিৰে এক্সিলাৰেটৰদাল পকাই ধৰিলো, ঠেক পকী আলিবাটতোৰে সন্তোষ মনেৰে মোৰ বাইকখন আগুৱাই গল।
কালি মানে বন্ধু বিনিতৰ জন্মদিন আছিল। ভাড়ালৈ কোঠা এটা লৈ সি চহৰতে থাকে। আমন্ত্ৰিত অতিথিৰ সংখ্যা কম আছিল যদিও পাৰ্টীতো যথেষ্ট গপচ আছিল। আমাৰ ডেকাকেইটাৰ বাবে বিশেষ ব্ৰেণ্ডৰ বিদেশী টনিকবিধৰো যোগান কৰিছিল। মোক আৰু কোনে পায়, শুভ কামত মই অন্ততঃ দেৰি কৰা মানুহ নহয়। অফিচৰপৰা বাহিৰে বাহিৰে গৈ তাৰ কোঠা পালোগৈ। ছোৱালীকেইজনী তেতিয়াও আহা নাই। আমি লৰাকিটা আগেয়ে গৈ পোৱাত বটল খুলি বহি গলো। বিনিতে বাধা দিছিল যদিও কোনে মানে। কাৰণ তেতিয়ালৈকে সেই পাৰ্টীলৈ নৈৰাত্ৰী আহিব বুলি মই জনা নাছিলো। তাতে সেইদিনা তাই অফিচলৈ আহা নাছিল। খাই বৈ টুং টাং হোৱাৰ পাচত যেতিয়া নৈৰাত্ৰীৰ সৈতে ৫ জনীয়া ছোৱালীৰ গ্ৰোপটো দেখিলো মোৰ অৱস্থা বেয়া। এনেই নিচা। এতিয়া নৈৰাত্ৰীৰ কাষলৈ গলেই মোৰ বিপদ হব। পলাই ফুৰিছো যিমান পাৰো। আৰু তায়ো কম নহয়। আহিয়ে ইটোক সুধিছে ঋষভ কত, কেনি আছে? আজি তাৰ দেখাদেখি নাই যে। খোৱা বস্তু সাঁজু কৰাৰ নামত মই যিমান পাৰো নৈৰাত্ৰীৰ পৰা পলাই ফুৰিছো সিমানে তাই মোক বিচাৰি হুলস্থুল লগাই আছে। আৰু তাইৰ উদেশ্যত ইন্ধনৰ কাম কৰিছে মোৰ লগৰকিটাই। অফিচত অধিকাংশ মানুহে জানে নৈৰাত্ৰীৰ বাবে ঋষভ পাগল। তায়ো জানো। কিন্তু নজনাৰ ভাওঁ জুৰি থাকে। বলীয়া হৈ যাওঁ তেতিয়াই। ভাল পালে পাওঁ বুলি ক নাপালে নাপাওঁ বুলি কলেইতো হল। এৰাল দি ৰাখিব নালাগে নহয়। ছোৱালীবোৰ মহা ধূৰ্তএশ শিয়ালৰ বুদ্ধি। ব্যস্ততাৰ মাজতে চেগ বুজি মই ওচৰৰে পাণ দোকানখনলৈ গৈ সাউত্কে মুখত মিঠা পট্টি ১২০ পাণ এটা ভৰাই আহিলোগৈ। উপায় নাছিল। ক্ষন্তেক পাচতে খাদ্য পৰিবেশনৰ বাবে ছোৱালীকেইজনীৰ কাষলৈ যাবতো লাগিবই। মুখত মদৰ গোন্ধ পালে শেষ। মই মৰিলো। পাণটো ভৰাই অহাৰ পাচত যেনিবা মোৰ ভয় কমিল তথাপিও ভিতৰি ভয় ভাব এটাৰে নৈৰাত্ৰীহঁতে কথাৰ মহলা মাৰি থকা কোঠাটো পালোগৈ। তাইৰ নিৰ্দেশতে মই নৈৰাত্ৰীৰ গাত গা লগাই ছোৱালীৰ দলটো বহি থকা বিচনাখনত বহি পৰিলোপ্ৰথমতে মই কথাটো গুৰুত্ব দিয়া নাছিলো। সচেতন অৱস্থাত থকাহেঁতেন ভুলটো মই তাইৰ কাষত তেনেকে নবহিলোহেঁতেন। কিন্তু গাত হুচ থাকিলেহে? মই বহি থাকোতেই গোটেইমখাই আমক লৈ ফিচিঙা ফিচিং কৰিব ধৰিলে। আমাৰ দুয়োকে যোৰা দি সিহঁতৰ কিমান কি যে মন্তব্য মই কাণ দুখন বন্ধ কৰি নৈৰাত্ৰীৰ দেহৰপৰা বৈ অহা কোনোবা এটা ভললগা বডি স্প্ৰেৰ সুগন্ধি চিনাক্তকৰণত ব্যস্ত থাকিলো। কি ব্ৰেণ্ড হব পাৰে? এদিকচন, ওৱাল্ড ষ্টন, ফগ নে এক্স। ছোৱালীকেইজনীয়ে কাণ ঘূলা কৰি দিছেৰাকিটাও কম নহয়। সিহঁতে কবই নোৱাৰে। নিচাতে ভুল বকি আছে মুৰ্খমখা। কবই নোৱাৰে। ধৈৰ্য্য ধৰি বহি আছো নৈৰাত্ৰীৰ কোমল শৰীৰটোৰ স্পৰ্শ পাই ভিতৰি মানুহটো শিহৰিত হৈ আছো। কোনো নথকাহেঁতেন এতিয়াই তাইক বুকুৰ মাজলৈ সাৱটি আনি ভালপাওঁ বুলি কৈ দিলোহেঁতেন আৰু তাইৰপৰাও ভালপোৱাৰ অলিখিত প্ৰতিশ্ৰুতি এটা আদাই কৰি ললোহেঁতেন। প্ৰচণ্ড আবেগত মতলীয়া হৈ তাইক সজোৰেৰে সাৱটি ধৰাৰপৰা কোনোমতে নিজক সংযত কৰি ৰাখি আছো। নিজৰ ওচৰতে মোৰ ধৈৰ্য্য পৰীক্ষা। দুটা এটা কথা বতৰা হল আমাৰ মাজত। মই মুখখন বন্ধ কৰি ৰাখিব পাৰিলেই যেন ৰক্ষা। ধৰা পৰাৰ ভয়। বিপদ নহল যেনিবা। লগৰকেইজনীৰ অত্যাচাৰত নৈৰাত্ৰীয়ে বহি থকা বিচনাখন এৰি কোঠাটোৰ কোণত থকা প্লাষ্টিকৰ চকীখনত গৈ বহি পৰিলগৈ। মোৰ সাংঘাটিক খং উঠিছিল। লগৰ কেইজনীয়ে বহাৰ সুবিধাটো কৰি দিব লাগেনে নে এনেকৈ উঠাই পথাবৱৈ বাধ্য কৰিব লাগে। দষ্ট দষ্ট না ৰাহা। ছোৱালীবোৰে নিজৰ মাজেতে জ্বলি মৰে। কোনেও নিবিচাৰে নৈৰাত্ৰী মোৰ হওক। চকুচৰহা অসমবাসী ৰাইজৰপৰা একো আশা নকৰাই মংগল। ধেই। কেকটো বিনিত সাঁজু হল। হেপ্পী বাৰ্থডে বুলি কেকটোৰ চৌপাশে জ্বলাই ৰখা মমবোৰ ফু মাৰি নুমুৱাই দিয়া হল। যথাসময়ত কেক কটা পৰ্ব সমাপ্ত হল। খোৱা বোৱাও শেষ হল। সময় হল ঘৰাঘৰি গমন কৰা। আমাৰ হাতত তেতিয়া বাইক ৪ খন। ছোৱালী ৫ জনী। তাৰে দুজনীৰ ঘৰ ওচৰেত হোৱা বাবে বিনিতে লগৰ এটাৰ বাইকখনেৰে দুয়োজনীকে এবাৰ এবাৰকৈ থৈ অহাৰ দায়িত্ব ললে। নৈৰাত্ৰীৰ ঘৰ মুল চহৰৰপৰা ৪ কিঃ মিঃ দূৰত অলপ ভিতৰৰফালে। আৰু তাইৰ ঘৰলৈ অহাৰ পথটোৰে মই মোৰ গাঁৱৰ ঘৰলৈ আহিব লাগিব। গতিকে নৈৰাত্ৰীক ঘৰত থোৱাৰ দায়িত্ব মোৰ হাততে পৰিল। মই ভিতৰি ভালেই পালো। আৰু ভালকৈ মন কৰিছিলো নৈৰাত্ৰীৰ ওঁঠটো সেই সময়ত অসন্তুষ্টিৰ ভাব অলপো নাছিল। যদি মই ভুল কৰা নাই তায়ো ভিতৰি ভালেই পাইছিল। সকলোৰেপৰা বিদায় মাগি মই বাইকখন ষ্টাৰ্ট দিলো। নৈৰাত্ৰীক পাচৰ চিটত বহাই লৈ এক সুস্থিৰ গতিৰে সন্ধ্যাৰ কুঁৱলীজাকৰ আচ্ছাদণ ফালি আমাৰ বাইকখন আগুৱাই গসোঁহাতখনেৰে মোৰ কান্ধত ভৰ দি বাওহাতখনেৰে মবাইলটো খামুচি তাই নিশ্চিন্তমনেৰে মোৰ সৈতে আহি আছিল। মই একান্তমনেৰে বাইকখন চলাই নিয়াত মনোনিবেশ কৰিছিলো। ভিতৰি ভয় এটাই মোক কোঙা কৰি তুলিছিল। সুৰামত্ত অৱস্থাৰে বাইক চলোৱাটো একেবাৰে অনুচিত। বিশেষকৈ সন্ধ্যা সময়ত ৰাষ্ট্ৰীয় ঘাইপথত। নৈৰাত্ৰিৰ বিশ্বাস আৰু ভৰষাক লৈ মই নিজকে নিজৰ ওচৰত বৰ সৰু হৈ পৰিছিলো। তাইতো একো গমেই নাপায়। সুৰাৰ পেগটো মুখলৈ নিয়াৰ সময়ত এবাৰলৈও মই ভাবিব লাগিছিল জীৱনটো ক্ষন্তেকীয়া। থকা দিনকেইটা পাৰ্য্যমানে উপভোগ কৰাটো উচিত। মদ ভাং আদি নিচাবোৰে মানুহৰ জীৱনৰ ৰং কাঢ়ি লৈ যায়। ওচৰে পাজৰে চৌপাশে দেখি আছো শুনি আছো। তাৰ পাচতো?? বাইকখন চলাই আহি থাকোতে মই মন কৰিছিলো, নৈৰাত্ৰীয়ে যেন মোৰ ওচৰত নিজকে সুৰক্ষিত বুলি ধৰি লৈছে। তাইৰ হাতৰ মুঠিটো পূৰ্বতকৈ যেন কঠিন। আৰু তাইৰ বুকুখনৰ স্পৰ্শ পোৱা যেন মই কিয় অনুভৱ কৰিছো। ধেত্ মোৰ নিচা বেচি হৈছে নেকি? কথাবোৰ ভাবি ভাবি আহি থাকোতেই নৈৰাত্ৰীহঁতৰ ঘৰৰ পদূলি পালোহি। মই বাইকখনৰ দিস্ক ব্ৰেকদাল সজোৰেৰে হেঁচি ধৰিলো। হঠাতে মোৰ কি হল জানো, তাই নামি যোৱাৰ আগতে মই হেলমেটতো খুলি কৈ দিলো, মই তোমাক ভালপাওঁ। তাইৰপৰা এটা ধনাত্মক উত্তৰ বিচাৰি কেইবাবাৰো কৈছিলো মই তোমাক ভালপাওঁ। আগতেও কৈছো। কিন্তু প্ৰতিবাৰেই তাইৰ এটা অগতানুগতিক প্ৰত্যুত্তৰ। হা বা না একো নকয়। কিবা এটা নিশ্চত কৰি দিলো ভাল হয়। কিয় তাই এনেকোৱা কৰে? মই পুনৰবাৰ মিছাতে লাজত পৰিলো। তাইৰ গাত গা লগাই তেতিয়া নবহাহেঁতেনেই ভাল আছিল। নৈৰাত্ৰীৰ শৰীৰটোৰ স্পৰ্স পাই মই অন্ততঃ মাতাল নহলোহেঁতেন। তাই প্ৰস্তাৱ দিয়াৰ প্ৰৱণতা জাগি নুঠিলেহেঁতেন। মোৰ নিজৰে মুৰ্খামী। তথাপিও মই একেবাৰে ভুল কৰিছো বুলি নাভাবো। কিয়নো তাই আৰু মোৰ সম্পৰ্কটো ঠিক বন্ধুত্ব বুলিব নোৱাৰি। মই তাইক ভালপাওঁ। তাইৰ ব্যৱহাৰত এটা কথা স্পষ্ট মোৰ প্ৰতি নৈৰাত্ৰী অনুৰাগ শূণ্য নহয়। অফিচৰ ব্ৰেক টাইমত নিদিষ্ট হোটলখনৰ নিৰ্দিষ্ট টেবুলখনত কফি কাপটো কেৱল তাই মোৰ সৈতেহে গ্ৰহণ কৰে। মই অফিচলৈ নগলে সেইদিনা তাই কফি নাখায়। ৰাতিলৈ এটা ফোন কৰে, সুধে মই অফিচলৈ কিয় নগলো। আন কোনেও মোক নুসুধে, খবৰ নলয়। অফিচৰ বাকী ষ্টাফটোৰ সৈতে মোৰ এটা সু সম্পৰ্ক আছেই। তাৰ পাচতো? বুজি নাপাওঁ নৈৰাত্ৰীয়ে প্ৰকৃততে কি বিচাৰে। কালি শেষৰ বাক্যশাৰীত আন ছোৱালী হোৱাহেঁতেন মোক চৰিয়াই দিলেহেঁতেন। পাচত ময়ো আত্মঅনুশোচনাত দহিছো> তাইক অৰ্ন্তবাসৰ হুক আজুৰিম বুলি কব নালাগিছিল। আচ্ছা মই যেনিবা কলোৱেই তাই কিয়া বেয়াকৈ একো নকলে? কিবা এটাতো আছে। কি আছে? আজি স্পষ্ট কথা পাতিম তাইৰ সৈতে। কালিৰ ঘটনাটোৰ বাবে ক্ষমা খুজিম। অকপটে স্বীকাৰ কৰিম কালি সুৰামত্ত অৱস্থাৰে মই বাইক চলাইছিলো, তাইক নকবলগা কথা কৈছিলো।
কথাবোৰ ভাবি গুণি আহি থাকোতে আঘা ঘন্টা সময় কেনি পাৰ হৈ গল গমেই নাপালো। অফিচত সুমালো। বচক লগ কৰিলো আৰু পূৰ্ব পৰিকল্পনা অনুসৰিয়ে আমাৰ কম্পেনীৰ অধীনত নৱ নিৰ্মিত পকী দলং খনৰ নিৰীক্ষণৰ বাবে কপিলীৰ পাৰলৈ যাবলৈ সাঁজু হলো। মই অকলে চাইটলৈ যোৱা কথা আছিল কিন্তু কিছু আনুসংগিক কামৰ পৰ্য্যবেক্ষণৰ বাবে মোৰ লগতে নৈৰাত্ৰীকো বচে মোৰ লগতে লৈ যাবলৈ কলে। আনদিনাতকৈ কিছু পলমকৈ নৈৰাত্ৰী আহি অফিচ ওলালহিপিন্ধনত মোৰ পচন্দৰ পাতল গুলপীয়া ৰঙৰ চেলুৱাৰযোৰ। তাইক দেখি মই সহজবোধ অনুভৱ নকৰিলো। মনৰ ভিতৰত এখন শিতল যুদ্ধ। কালিৰ ঘটনাটোৰ অপৰাধবোধ, মনৰ মাজতে গুজৰি গুমৰি পাকঘুৰণি খাই থকা কব নাপায় মই মানুহটো অন্যমনস্ক হৈ আছো। ঈশ্বৰৰ ওপৰতে আৰু সকলোখিনি। তেওঁ যি কৰে নিশ্চয় ভাললৈকে কৰিব। এক অজান সংকোচবোধেৰে বাইকখন ষ্টাৰ্ট দি নৈৰাত্ৰীক উঠিবলৈ নিৰ্দেশ দিলো। তাই উঠি বহি ললে। মই বাইকৰ এক্সিলাৰেটৰদাল সজোৰেৰে পকাই ধৰিলো। বাইকখন চলি গৈ আছে। বহুসময় আমাৰ দুয়োৰো মাজত মৌনতা। সাধাৰণতে এনেকৈ আমি দুয়ো কৰবালৈ গলে গোটেই বাটতো নানা ৰসাল আদ্দাৰে মই জমাই যাওঁ। আজি নিশ্চুপ। কৰপৰা আৰম্ভ কৰিম সঠিককৈ ধৰিব পৰা নাই। মোৰ পূৰ্ব প্ৰস্তুতিৰ অভাৱ। দলংখনৰ নিৰীক্ষণৰ কাম সুকলমে সম্পন্ন কৰি মনৰ কথাবোৰ এবাৰ দুবাৰ জুকিয়াই মেলি তাইৰ আগত কম বুলি ভাবি আছিলো। কিন্তু বচে মোৰ পৰিকল্পনাত আউল লগালে। উপায়তো নাই। সেয়ে মই একো কব পৰা নাই। কথাটো হয়তো নৈৰাত্ৰীয়ে মন কৰিছিল। সেয়ে তাই আৰম্ভ কৰিলে-
-       কি হ? কালিৰ নিচা যোৱাই নাই নেকি? মুৰৰ বিষ হবলা? নৈৰাত্ৰীয়ে ঠাট্টা কৰি কলে ন্ তৃত্বসুলভ অধিকাৰ সাৱ্যস্ত কৰিলে মই ঠিক বুজি নাপালো। মুখেৰে একো নামাতিলো। ভিতৰি বৰকৈ লাজ পালো। কালি মানে মই ধৰা পৰি গলো। শেষ সকলো। মই মুখেৰে মনতা দেখি তাই আকৌ কলে,
-       একো নকওঁ বুলি কিবা শপত খাই আহিলা নেকি?
-       নাই। এনেই। মোৰ চমু উত্তৰ।
-       ও আই। প্ৰেমিকাৰ বিয়াৰ দিন বাৰ নিশ্চিত হলেও প্ৰেমিকে ইমান দুখমনেৰে মাত নিদিয়ে। কি হলনো?
-       নহয়। মোৰ মাইকীজনীয়ে কালি শোৱাপাটীৰপৰাই আন এটালৈ পলাই গল। মই এক বিশেষ ভংগিমাৰে কথাষাৰ কলো। তাকে শুনি তাই হো- হোৱাই হাঁহি দিলে।
-       অয়ে.... বৰ বেয়া কথা হল দেই। ইমান সহজ সৰল লৰাটোক বাৰে মানুহজনীয়ে কিয়া এৰি যাব লাগে? বাৰু এতিয়া দুখ কৰিব নালাগে। বেলেগ এজনী বিয়া পাতি লবা
-       তুমি আহিবা? মই পেংলাই কৰি কলো।
-       মই আকৌ কিয় যাম? কিমান ভাল ছোৱালী তোমাৰ বাবে লাইন লাগি আছে। তাৰে এজনী লৈ আনিবা।
-       মোৰ বাবে? ছোৱালী? কিবা হলা নেকি?
-       ওৱা.... তুমিহে কিবা হলা? মই অকে আছো। তুমি ইমান গহীন গম্ভীৰ হৈ থাকিলে ভাল নালাগে।
-       হব আৰু দিয়া। সদায় সদায় মই মাইকী মানুহৰ দৰে চেপ চেপাই থাকিব নোৱাৰো নহয়। চেলেপু বুলি ভাবিছা নেকি? আৰু ছোৱালী? ল আৰু...। মৰুভূমিৰ মৰিচীকা। ধুনীয়াবোৰৰ ভেকেঞ্চী নাথাকে আৰু ভেকেঞ্চী থকাবোৰ পচন্দ নহয়।
-       এ হয়নে? মিছলীয়া। ফুটনী মাৰি তুমিয়ে এদিন কৈছিলা, তোমাৰ বাবে ধেৰ ছোৱালী লাইন লাগি থকা বুলি। পাহৰিলা হবলা।
খা বাপ্পেকে। এদিন কোৱাতো হয়। সেইদিনাও নিচাতে কৈছিলো। তাকো ৰাতি এটা বজাত ফোন কৰি। প্ৰথম প্ৰপজেল দিয়াৰ দিনাই। হে ভগৱান। মোক উদ্ধাৰ কৰা। এই ছোৱালীবোৰে সব কথা মনত ৰাখে নেকি? মনত ৰাখেতো ৰাখেই, সময়ৰ শৰ একদম সময়ত মাৰে। হে প্ৰভূ...। মই কথাৰ প্ৰসংগ সলাবলৈকে কলো,
-       এটা কথা সঁচাকে কোৱাচোন?
-       কি? নৈৰাত্ৰীয়ে আগ্ৰহেৰে সুধিলে। তাইৰ ব্যৱহাৰত আজি সামান্য পৰিবৰ্তন। আৰু আনদিনাতকৈ তাই মোৰ বাইকখনৰ পাচৰ চিটত বহোতে বিশেষ সাৱধানতা তথা ব্যৱধান ৰক্ষা কৰি চলা নাই। তাইৰ সোঁবাহুটো মোৰ পিঠিত ভেজা খাই লাগি আছে।
-       তুমি মোক ভালপোৱা?
-       কিয় লাগে?
-       লাগে আৰু। কাম এটা আছে। বাতৰি কাকতত দিম। নিউজ চেনেলৰ ব্ৰেকিং নিউজ বনাম।
-       হয় নেকি? তুমি অসম চৰকাৰৰ বিসম্বাদী শিবিৰত যোগ দিলা নেকি?
-       কিনো মানে? খং উঠি যায় দেই।
-       খং উঠিলে মোৰ কি যায়।
-       মাৰ খাবা কৈ থলো।
-       নোৱাৰা।
-       পাৰিম।
-       নোৱাৰা।
-       তোমাক কোন মুৰ্খই কলে?
-       মই জানো।
-       কবানে তুমি?
-       কি?
-       মোক তুমি ভালপোৱানে?
-       নাপাওঁ বুলি কেতিয়া কলো?
-       কি?
-       একো নাই।
-       আকৌ এবাৰ কোৱাচোন।
-       একো নাই বুলিছো।
-       ভালপাওঁ বুলিয়োতো কোনোদিন কোৱা নাই।
-       তুমি কোনদিনা সুধিছিলা? সদায় এটাই কোৱা মই তোমাক ভালপাওঁ। নিজে এবাৰ সুধিব লাগে মোক ভালপোৱানে? ইমান ইগ ভাল নহয়। নুবুজা নেকি মোক? কালি নিচাসক্ত অৱস্থাৰে বাইক চলাই গৈ থাকোতেও মই এবাৰলৈও বাধা দিয়া নাছিলো, সুধা নাছিলো ড্ৰিংকচ কিয় কৰিছিলা বুলি? ফেৰফেৰীয়া বতাহজাকৰপৰা বাচিবলৈ তোমাৰ আৰু মোৰ বুকুৰ ব্যৱধান কমাই নিয়োতে নিয়োতে এটা সময়ত যে তোমাৰ সৈতে মই লিপিট খাই লাগি ধৰিছিলো গম নপোৱা নেকি? মোৰ কি গৰজ পৰিছিল তেনেকৈ যাবলৈ? আৰু শেষত কি কৈছিলা? একেটানে অৰ্ন্তবাসৰ হুক আজুৰিবা? সাহস আছে? দেখিম নহয় সময়ত? নিলাজ। গোটেই ৰাতি মোক টোপনী ক্ষতি কৰাই মাৰিছা? ৰি কোৱাৰ অজুহাত এটাৰে মাজৰাতি ভুলতো যদি ফোন এটা কৰিলাহেঁতেন.....। নকৰিলা। মই মিছাতে অপেক্ষা কৰি আছিলো।
-       কি?


মই নিজৰ কাণখনকে বিশ্বাস কৰিব পৰা নাই। নিজৰ ওপৰতে নিয়ন্ত্ৰণ হেৰাই থাকিল। দিলো সজোৰেৰে দিস্ক ব্ৰেকপাট টানি। প্ৰতি ঘন্টাত ৭০ কিঃ মিঃ বেগেৰে গৈ থকা মোৰ বাজাৰ পালচাৰ বাইকখন হঠাতে ৰৈ গল। নৈৰাত্ৰীয়ে তলকিবকে নোৱাৰিলে। প্ৰচণ্ড বেগেৰে আহি তাইৰ বুকুখন মোৰ পিঠিত ঠেকা খালে.....। আস্ বুলি অস্ফুট শব্দ এটা আহি মোৰ কাণৰ পৰ্দা চুলে। নৈৰাত্ৰীৰ সোঁহাতখনেৰে মোক খামুচি ধৰাত কথপমি বাইকখনৰপৰা উফৰি যোৱাৰপৰা ৰক্ষা পৰিলে। হে ভগৱান। হে বাবাজী..... তোমাৰ কি লীলা!! ৭ দিনৰ দিলটো এতিয়া কি কৰো? বিয়াৰ পাচৰ ৪ দিনৰ ভিতৰত ক্লিয়াৰ কৰি দিম নে এইকিদিনতে? এহ্ বাবা, বিয়াৰ পাচতে দিম দিয়া। এতিয়াও পাৰমানেন্টলি নৈৰাত্ৰী মোৰ মৰমীজনী বুলি সামাজিক স্বৃকিতী পোৱাই নাই নহয়। হবনে বাবা? হে কৃষ্ণ.... তোমালোক দুয়োকে বহুত বহুত ধন্যবাদ। কথা দিলো। সময়মতে তোমালোকে তোমালোকৰ প্ৰাপ্য পাই যাবা।