- তুমি যদি মোৰ নোহোৱা, আন কাৰো হব নোৱাৰা। মা কচম, ফালি পেলাম মই তাক। বৰবাদ কৰি দিম সকলো।
- জাষ্ট চাট আপ বিমান। তুমি কি বুলি ভাবা নিজকে? সকলো সময়তে গাৰ জোৰ নেদেখোৱাবা। নাভাবিবা তোমাকতকৈ শক্তিশালী আন কোনো নাই বুলি। যি মন যায় কৰি থাকা, মই তোমাৰ লগত বিয়া হব নোৱাৰো। মৌচুমীয়ে প্ৰথমবাৰৰ বাবে তাৰ কথাত উভটি ধৰিছিল। সি থৰ লাগি তাইৰ মুখলৈ চাইছিল বহুসময় ধৰি। এটা সময়ত তাই গুছি গৈছিল। যোৱাৰ পৰত তাই বিমানক সকীয়াই গৈছিল-"খংটো কমাবা। কোনোবা এদিন বিপদত পৰিবা। সেইদিনা অকলে কান্দিবা। তোমাৰ কাষত কোনো নাথাকিব। আৰু এই যে তোমাৰ জেদী স্বভাৱটো, কিবা গঠনমূলক কামত ব্যৱহাৰ কৰিবা। অন্যথা বেয়াকৈ বিপদত পৰিবা এদিন। আচলতে লাজ লাগিব লাগিছিল তোমাৰ। এজন পুৰুষ হৈ নাৰীৰ ওপৰত দম্ভালি দেখূৱাই কি প্ৰমাণ কৰিব বিচাৰিছা? তোমাক মই ভালপাওঁ! তাৰ অৰ্থ এইটো নহয় যে তোমাৰ সকলো কথা মই মানি ল'ম। মোৰ নিজস্বতা আছে, নিজৰ ভালপোৱা বেয়াপোৱা আছে, ঘৰখনৰ প্ৰতি দায়িত্ব আছে। তেনেস্থলত তোমাৰ প্ৰতিটো কথা মই মানি লব নোৱাৰিলে মোক ভাবুকি প্ৰদান কৰাৰ তোমাৰ কোনো নৈতিক অধিকাৰ নাই। নেক্সট মোক আৰু আমনি নকৰিবা। নহ'লে কথাবোৰ বেয়ালৈ যাব। গেট লষ্ট।"
বিমান সৰুৰেপৰা খঙাল। অত্যন্ত জেদী। এই কথা তাৰ বন্ধুবৰ্গই জানে। তাক বুজে। মৌচুমীয়ে নুবুজে। তাৰ তেতিয়া দুখ লাগে। তাইক সি ভালপায়। তাইৰ সৈতে সি জীৱনটো কটাব বিচাৰে। তাইক লৈ সি সপোন দেখে। সপোনত সি বালিঘৰ সাজে, ঢৌ হৈ তাই তাক আমনি কৰে। তাৰ খং উঠে। মৌচুমীক বিমানে ভাবুকি দিয়া নাছিল। সিটো তাৰ অধিকাৰ সাব্যস্ত কৰিব বিচাৰিছিল। তাৰ ভুল হৈছিল সেইখিনিতেই। যাৰ বাবে পৰিবৰ্তিত সময়ত তাৰ জীৱনত ঘটিছিলল নঘটিবলগীয়া কেইবাটাও ঘটনা। ফলশ্ৰুতিত এটাসময়ত সি নিজৰ ঘৰখন হেৰুৱালে। সমাজে তাক তিৰস্কাৰ কৰি খেদি পথালে। মৌচুমীও চিৰদিনৰ বাবে তাৰ কাষৰপৰা আতৰি গ’ল।
বিমানৰ স্বভাৱৰ পৰিবৰ্তন নহ’ল। শেহতীয়াকৈ নাইট ক্লাৱ এটাত দলবদ্ধ ধৰ্ষণৰ বলি হৈ কৰুণ মৃত্যৃক সাৱটি লোৱা বোৱাৰী এজনীৰ কেচটোৰ দায়িত্ব তাৰ হাতত পৰিছিল। উপযুক্ত প্ৰমাণ নাছিল যদিও সি নিশ্চিতভাৱে জানিছিল প্ৰকৃত অপৰাধী কোন। হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত বিমানৰ নিৰ্দেশমৰ্মে লোকেল এম পি জনৰ ভায়েকৰ লগতে তাৰ সহযোগী কেইজনক কৰায়ক্ত কৰা হ’ল। সি ধৰি লৈছিল, তাৰ মাৰ খাই সিহঁতে নিজৰ দোষ স্বীকাৰ কৰিব। নকৰিলে। খঙৰ ভমকত গোটেই ৰাতি সিহঁতক মাৰ-পিট কৰা হ’ল। পুৱাৰ ভাগলৈ সিহঁতক হস্পিটেলত ভৰ্তি কৰিবলগা হ’ল। গণ্ডগোলতো তাতেই লাগিল। ইতিমধ্যে, গোটেই চৰকাৰী চিষ্টেমটোক নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰা হাতদীঘল এম পি জনে ভায়েকৰ বাবে উচ্চ ন্যায়লৰপৰা জামিন মঞ্জুৰ কৰালে। ফলশ্ৰুতিত প্ৰমাণ নোহোৱাকৈ কেৱল সন্দেহৰ ভিত্তিত নিৰপৰাধী নাগৰিকক অমানুষিক অত্যাচাৰ চলোৱাৰ অভিযোগত তাক চাকৰিৰপৰা এসপ্তাহৰ বাবে নিলম্বিত কৰা হ’ল। তাৰ পাচতে অসমলৈ বদলিৰ নিৰ্দশ আহিল। প্ৰকৃত সত্যটোনো কি জানিবলৈ একো সুযোগ নৰ’ল।
বিমানৰ খং উঠা নাছিল। দুখ লাগিছিল। গোটেই সামাজিক চিষ্টেমটোলৈ তাৰ পুতৌ উপজিছিল। নাইট ক্লাৱটো এম পি জনৰে। সকলোৱে জানে নিশাৰ ভাগত তাত কি চলে। তেনেস্থলত কি কাৰণত নৈশ পাৰ্টীৰ বাবে বোৱাৰীজনী তালৈ গৈছিল তাৰ বাবে এক সাঁথৰ হৈ ৰ’ল। বোৱাৰীজনী শিক্ষিতা, বিকলাঙ্গ শিশুৰ লগত জড়িত বেচৰকাৰী সংস্থা এটাৰ স্বত্বাধিকাৰী। স্বামী পেচাত ডাক্তৰ। স্বামীয়ে বাৰে বাৰে তেখেতক পাৰ্টীলৈ যাব মানা কৰিছিল, তেওঁৰ কথাত গুৰুত্ব দিয়া নাছিল। স্বামীক বুলে উভটি ধৰিছিল- “আগৰ দিন গল। তোমালোক মতাবোৰে যতে ততে গভীৰ নিশালৈকে মদ খায় ফুৰিলে, লোকৰ তিৰোতাৰ সৈতে গা ঘেলাই ফুৰিলে হলে একো নহয়। কিন্তু আমি মাইকী মানুহবোৰে হলে কলৈকো যাব নোৱাৰো। আমাৰ কি স্বাধীনতা নাই... আমাৰ কি পাৰ্টী কৰিবলৈ মন নাযায়? শুনা... আমি বিয়া হৈ কেৱল পুৰুষৰ কথামতেই উঠ বহ কৰি থাকিবলৈকে বিয়া নহওঁ... স্বামীক ওৰে নিশা দেহ মন দি খূছ ৰাখাটোৱেই আমাৰ প্ৰধান দায়িত্ব নহয়। আমাৰো সম অধিকাৰ আছে। পুৰুষে যদি নিজৰ ইচ্ছামতে সকলো কৰিব পাৰে, আমিও পাৰিম। সকলো সমান আজিকালি। পাৰ্টীলৈ কিয় নাযাম... যামেই। বেচি কথা কবা, ডিভোৰ্চ দি দিম। গম পাবা।“
বিমান আচৰিত হৈছিল। কি অদ্ভুত নাৰী। হয় পুৰুষ নাৰী সকলো সমান। সমাজত সকলোৰে সম অধিকাৰ আছে। কিন্তু... সকলো ক্ষেত্ৰতে এই সূত্ৰ প্ৰযোজ্য নহয়। এইখন সমাজতে সৰস্বতী মাক দেৱী বুলি পূজা কৰা হয়। তেখেত নাৰী। আকৌ এইখন সমাজতে কন্যা শিশুক গৰ্ভতে হত্যা কৰা হয়, নাৰীক ধৰ্ষণ কৰা হয়, গিৰীয়েকৰ মৃত্যুৰ লগে লগে জীয়াই জীয়াই জ্বলাই দিয়া হয়....। নিতৌ সংঘটিত হৈ আহিছে ইটোৰ পাচত সিটো নাৰীজনিত অপৰাধ।
আকৌ এইখন সমাজতে নাৰী সুৰক্ষাৰ বাবে বহুতো আইন প্ৰনয়ণ কৰা হ’ল। নাৰী অপৰাধজনীত ঘটনাত জড়িত বহু অপৰাধীক গুৰু শাস্তি প্ৰদান কৰা হ’ল (আজিও কৰি থকা হৈছে), নিতৌ নাৰী সুৰক্ষাৰ বাবে বিভিন্ন দল সংগঠনৰ সৃষ্টি হ’ল, সভা- সমিতিৰ আয়োজন কৰা হ’ল..... আৰু ধেৰ কিবা কিবি ব্যৱস্থা লোৱা হ’ল... বন্ধ, হৰতাল, ধৰ্ণা, প্ৰতিবাদ....। অথচ নাৰী সুৰক্ষিত নহ’ল।
সকলো সমান। কি অৰ্থত....? মা.... কেৱল এগৰাকী নাৰীৰহে মাতৃত্বৰ ক্ষমতা আছে। পুৰুষে সন্তান জন্ম দিব নোৱাৰে, সেই কাৰ্য্যত সহায়হে কৰিব পাৰে। একেদৰে এগৰাকী মা কেতিয়াও দেউতা হব নোৱাৰে। অসম্ভৱ। সৃষ্টিৰে মুলতে এগৰাকী নাৰী। কিন্তু পুৰুষ নহলে কাৰ ঔৰষত তেখেত মাতৃত্বৰ গৌৰৱত গৌৰাম্বিত হব? বাজে লেকচাৰ চাল্লা। অ’ বিমানৰ মতে পুৰুষৰ ক্ষেত্ৰত পুৰুষ অতুলনীয়, নাৰীৰ ক্ষেত্ৰত নাৰী। দুয়ো পৃথক। দুয়ো একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি। কিন্তু পূৰ্বৰেপৰা আমি পিতৃপ্ৰধান সমাজ এখন পাই আহিছোঁ। অধিকাংশ মানুহে তাকেই সুন্দৰকৈ গ্ৰহণ কৰি আহিছে... মাজতে আকৌ নমুনা দুটামানে এন্ট্ৰি মাৰি ৰূপান্তৰৰ জুই জ্বলাই সমাজৰ চিষ্টেমবোৰ সলনি কৰিব বিছাৰে। ফলত সমাজত আহি পৰে অৰজকতা। কি লাভ? লোকচান অনেক। মানুহে নুবুজে।
নালাগে নাৰী পুৰুষৰ হাতৰ পুতলা হৈ দুলি থাকিবলৈ। নিজৰ যোগ্যতা প্ৰদৰ্শন কিম্বা অধিকাৰ সাব্যস্ত কৰাত, সমাজখনত সুন্দৰকৈ জীৱন যাপন কৰাত, নিজৰ গ্ৰহণযোগ্য হাবিয়াসবোৰ পূৰণ কৰাত এইখন সমাজৰে এচাম পুৰুষে সদায় নাৰীক সুযোগ প্ৰদান কৰি আহিছে....। যাৰ বাবে আমিবোৰে কেতবোৰ বিশেষ সম্পৰ্কৰ সৈতে সহবাস কৰি আহিছো- দেউতা, দাদা, ভাইটী, খূড়া, বৰদেউতা, ককা, জানটো... সোণটো.... ।
মানুহৰ স্বভাৱ... যি পাইছো তাকে সুন্দৰকৈ আঁকোৱালী ল’ব নাজানো। নোপোৱাবোৰক লৈহে আমি ব্যাকুল।
একো উন্নতি নহয় মানুহবোৰৰ। যাঃ চব জহন্নামে যা।
বিলাসী গাড়ীখনতে বহি লৈ বিমানে নিজৰ কথাবোৰ নিজকে শুনাই আছে৷ সি শুনি আছে৷ আৰুনো শুনাব কাক! শুনিব কোনে?
দুগাড়ী আৰক্ষী জোৱানৰ সৈতে বিমানে নগৰৰ নামী হোটেল এখনত ৰেইড মাৰিব আহিছে। খবৰ পোৱামতে তাত বুলে অবৈধভাৱে দেহ ব্যৱসায় চলে। হুহ। বৈধ… অবৈধ…। মানুহবোৰ নিজে সংশোধন নহলে পুলিচে কি কৰিব পাৰে!! কেইটামান টকাৰ বিনিময়ত অনিচ্ছাসত্বেও নিজৰ শৰীৰটো বিক্ৰী কৰে বাবেই সিহঁতবোৰ বেশ্যা। পতিতা। সমাজৰ অশুভ শক্তি৷ কিন্তু সেই বেশ্যাবোৰৰ কাষলৈ যোৱা পুৰুষবোৰ কি?? পিতৃপ্ৰধান সমাজ বাবেই তাৰ হিচাপ লোৱা নহয় নে কি? ষ্টুপিড সমাজ চাল্লা৷ শতকৰা আশীজনী বেশ্যা সৃষ্টিৰ আৰত থাকে একোজন পুৰুষ, এখন সমাজ…৷ পুৰুষে দেহ কিনে বাবেহে সিহঁতে বিক্ৰী কৰে৷ যদি সিহঁতৰ কাষলৈ কোনো গ্ৰাহক নাযায় তেন্তে কাক দেহ বিক্ৰী কৰিব??
শুভ কামত পলম কৰিব নাপায়। যি হয় হব। বেচি ভাবি থাকি লাভ নাই। এই বেশ্যাবোৰো কম নহয়। ইহঁতবোৰ পুতৌৰ পাত্ৰ হোৱাত ওস্তাদ। দুখ যাৰেই নাথাকক, সি চহৰখনত থকালৈকে না বেশ্যাই দেহ বিক্ৰী কৰিবলৈ ক্ৰেতা পাব, না পুৰুষে দেহ কিনিবলৈ বিক্ৰেতা পাব। সব বন্ধ।
- কাম অন বয়জ। লেটচ মুভ…।
হাতত চাৰ্ভিত গানটো লৈ বিমানে ৰণচণ্ডী মূৰ্ত্তি ধৰি হোটেলখনৰ দিশে অগ্ৰসৰ হ'ল। পাচে পাচে এজাক আৰক্ষী জোৱান...।
(আগলৈ)