অসুখ

ৰাতি এঘাৰ বাজি পাৰ হৈ গ’ল। মোৰ জীৱনসংগিনী মৈত্ৰেয়ী ইতিমধ্যে মোৰ বুকুতে মুৰ গুজি লালকাল টোপনীত ঢলি পৰিছে। তাইৰ দিঘলীয়া তপত নিশাহখিনি মোৰ বুকুত ঠেকা খাই পুনৰ তাইৰ গালে মুখে চিটিকি পৰিছে। তাইৰ শান্ত সুস্থিৰ বুকুৰ উঠা নমাখিনিতকৈ খৰতকীয়া মোৰ বুকুৰ হৃদস্পন্দন। ছন্দৰ অমিল। আনদিনাৰ দৰেই মই মোৰ সবল সোঁহাতখনেৰে তাইক মেৰিয়াই লৈ বাওঁখনেৰে তাইৰ বিশৃংখল চুলিখিনিৰ শৃংখলতা ৰক্ষা কৰিবলৈ বৃথা প্ৰচেষ্টা চলালো। তাই নিৰাপদ। উদাসিনতাৰে পাৰ হোৱা বহুকেইটা বিনিদ্ৰ ৰজনীৰ অন্তত মৈত্ৰেয়ী মোৰ সৈতে সুখী। দেউতাকৰ ভৰষাখিনি ৰক্ষা কৰিবলৈ সক্ষম হোৱাত ময়ো গৌৰাম্বিত। কাষৰ কোঠাটোত ভন্টী। বোধহয় তাই এতিয়াও শুৱা নাই। তেনেই কম ভলিউমত ভন্টীৰ কোঠাটোত বাজি থকা অংগৰাগ মহন্তৰ গানৰ কলি এটা আহি মোৰ কাণত প্ৰতিধ্ধনি হৈ আছেহি। “মন মোৰ উৰি গুছি যায় কি জানো পায়ো হেৰুৱাই, ফাগুণৰে উৰণীয়া বা......”
পাৰ কৰি অহা জীৱনৰ ৩০ টা বসন্তৰ ইতিহাস খুছৰি অসহায় সময়খিনিত মোৰো মনটো উৰি গুছি যায়.... গৈ থাকে গৈ থাকে... জোৰ কৰি ধৰি বান্ধি ৰাখিব খুজিলেও নৰখা। এৰাল চিঙা গৰুজনী আৰু মনটোৰ মাজত এইখিনিতে বৃহত্ পাৰ্থক্য।
ভন্টীৰ বিয়ালৈ মাজত আৰু দুটা মাহ। তেতিয়া মই অবিবাহিত। দৰাঘৰৰ আলহীক জুৰুণত উপহাৰ দিবলৈ প্ৰয়োজনীয় সামগ্ৰী অলপ বজাৰ কৰিবলৈ বুলি সেইদিনা পুৱাতে সোনকালে উঠি মই কাপোৰ-কাণি পিন্ধি সাঁজু। বজাৰখিনি সোনকালে কৰি সোনকালে ঘৰলৈ উভতি আহিব লাগে। ঘৰখনত মই অকলশৰীয়া। দায়িত্ব অনেক।
"দাদা... ঐ দাদা... ক’ত আছনো? এইফালে পতকে আহচোন....।"
কাষৰ কোঠাটোৰপৰা ভন্টীয়ে মাত লগালে। এইজনী কিনো কৰি থাকে। এফালে উলাই যোৱাৰ আগত সদায় তাইলৈ অপেক্ষা কৰি মই এঘন্টামান সময় গান শুনি বোন্দাপৰ দি থাকিব লাগে। কি কি কৰি থাকিব আইনাখনৰ সন্মূখত! চেলুৱাৰ লগত মিলাকৈ চেণ্ডেল। দোপত্তাখনৰ ৰঙৰ সৈতে সংগতি ৰাখি ফুলি.... এই গোটেইকিটা ৰঙৰ লগত খাপ খাই পৰাকৈ লিপষ্টিক....। এইবোৰ হিচাপ নিকাচ কৰি থাকোতেই ইহঁতক এঘন্টামান লাগে। মাথা নষ্ট হৈ যায় সেইকাৰণে। বিৰক্তিৰে বহি থকা চকীখনৰপৰা উঠি গৈ মই ভন্টীৰ কোঠা পালোগৈ। তাইতকৈ দেৰিকৈ বাথৰুমত সূমাই গা ধুই আহি কাপোৰ কাণি পিন্ধি গেৰেজৰপৰা গাড়ীখন উলিয়াই মই সাঁজু আৰু তাই এতিয়ালৈকে গাত সেই গা ধুই উলাই আহোতে মেৰিয়াই অনা টাৱেলখনৰ সৈতে ৰৈ আছে। খঙে গৈ মোৰ চুলিৰ আগ পালেগৈ।
- কাৰ মুৰটো কৰি আছিলি ঐ ইমানপৰে। তই দেখোন একো পিন্ধাই নাই। হে ভগৱান.....। মই যাওঁ। তই থাক। আৰু ৰৈ থাকিব নোৱাৰো। উচাত্ মাৰি মই কোঠাটোৰপৰা উলাই যাবলৈ উদ্যত হলো।
- তই ছোৱালী মানুহৰ কথা কি বুজিবি। গৰু। কাম এটা কৰি আছিলো। কব নোৱাৰো। নুসুধিবি। ৫ মিনিটত হৈ যাব। খং নকৰচোন।
শান্ত কণ্ঠেৰে কথাষাৰ কৈ ভন্টীয়ে হাতত লৈ থকা হেয়াৰ ৰিম’ভাৰ বটলটো ওচৰতে থকা টেবুলখনৰ এপৰত থৈ দিলে। কিবা এটা কম বুলি ভাবিছিলো। নকলো। আধামেলা মুখখন জপাই থৈ তাইৰ বিপৰীত দিশত মোৰ দৃষ্টি নিবদ্ধ কৰিলো। তাইলৈ চাই থকাহেঁতেন মোৰ নিজৰে লাজ লাগিলেহেঁতেন। ভন্টীৰ লাজ চৰম নাই।
- দাদা, অন্তৰ্বাসৰ হুকটো ভালকৈ লগাই দেচোন। মই ঢুকি পোৱা নাই।
আধাপিন্ধা অন্তৰ্বাসটোৰে বুকুৰ লাজখিনি ঢাকি তাইৰ উন্মুক্ত পিঠিখনেৰে ভন্টী মোৰ সন্মূখত ঠিয় হৈ ৰ’ল। মোৰ পৰিচিত দৃশ্য। কেতিয়াবা সংকোচ লাগে। তাই গাভৰু হ’ল। বিয়াৰ দিনবাৰ নিশ্টিত হোৱাৰ আগলৈকে মই কোনোঘৰণৰ সংকোচবোধ অনুভৱ কৰা নাছিলো। ২৪ বছৰীয়া ভনীজনীক আজিও মই দেৰ বছৰীয়া কণমানিজনী বুলিয়ে জ্ঞান কৰো। তাইৰো সেই একেই অনুভৱ। ভৰষা। ভন্টীয়ে নিজে স্বীকাৰ কৰে, পৃথিৱীত নাৰীৰ কাপোৰ খুলিব জনা পুৰুষ অনেক। কিন্তু কাপোৰ খুলি পিন্ধাব জনা পুৰুষ দুজনেই- এজন দেউতাক আৰু আনজন দাদাক। আজি মই মুক হৈ ৰ’লো। দুমাহৰ পাচত ভন্টীৰ বিয়া। এখন ঘৰৰ দায়িত্ব চমজি লবলৈ তাই গৈ আছে। অথচ আজিও তাইৰ স্বভাৱৰ পৰিবৰ্তন হোৱা নাই।
- কিছুমান কাম নিজে কৰিব লাগে। লাজ নাৰীৰ অলংকাৰ। নাপাহৰিবি।
মই কম্পিত দুহাতেৰে কোনোমতে এবাৰতে তাইৰ অন্তৰ্বাসৰ হুকটো লগাই দিবলৈ সক্ষম হলো। কিবা ক্ষোভ, অভিমান ভয়ত মই ভিতৰি মানুহটো দূৰ্বল হৈ পৰিছিলো। কিছু পৰিমাণে ঈৰ্ষাও অনুভৱ কৰিলো। ভন্টীয়েতো কেতিয়াও মোক আৰু এনেদৰে তাইৰ অৰ্ন্তবাসৰ হুক মাৰিবলৈ মাতি হুলস্থুল নলগাব। তাৰ পৰিবৰ্তে এজন অচিনাকী পুৰুষে (মোৰ বাবে অচিনাকী) এক সহজাত জৈৱিক তাড়ণাৰে উন্মাদিত হৈ ভন্টীৰ দেহৰ কাপোৰ আজুৰিব। অথবা অন্তৰ্বাসটোৰ হুক মাৰিব গৈ মোৰ দৰে কামুক দৃষ্টি ধৰ্ষণৰপৰা ভন্টীৰ শৰীৰটো ৰক্ষা নপৰিব....।
- হব দে। এতিয়া উলাই যা কোঠাৰপৰা।
ভন্টীৰ হেঁচুকনিত মোৰ সংজ্ঞা ঘূৰি আহিল। একো নোকোৱাকৈয়ে কোঠাটোৰপৰা মই বাহিৰলৈ উলাই আহিলো। মোৰ মনৰ শীতল যুদ্ধখনৰ কথা তাইক নজনালো। আচলতে মোৰ ভয় বৰ্তমানৰ সময়খিনিলৈ। চাৰিওফালে নাৰীজনীত অপৰাধ... লুণ্ঠন, ধৰ্ষণ, হত্যা....। একেটা কোঠাতে, একেখন বিচনাতে মোৰ সৱল সান্নিধ্যত গাভৰু হোৱা ভনীজনীলৈ মোৰ ভয় লাগে। বাইকৰ পিচফালৰ আসনত বহি কলেজ, বজাৰ, টিউচন বা আন কৰবালৈ ফুৰিবলৈ গৈ থকা অৱস্থাত তাইৰ আকৰ্ষণীয় শৰীৰটোলৈ যেতিয়া চহৰখনৰ ডেকাবোৰ চায়, মোৰ বুকুখনে হাহাকাৰ কৰি উঠে। বাইকৰ গতিবেগ তীব্ৰ হৈ উঠে..... কৰবাৰপৰা উজাই অহা খঙটো কাবু কৰিবলৈ গৈ মই চানগ্লাছৰ ফাকেৰে আকাশলৈ চাওঁ...... আকাশৰ নীলাখিনিয়ে মোক শান্ত কৰি তুলে, নেদেখাজনৰ ওচৰত ভৰষাখিনি বাঢ়ি যায়।
দুমাহ পাচত ভন্টী সেই কোঠাটো এৰি একেবাৰে এৰি আন এঘৰলৈ বিয়া হৈ উলাই গুছি গ’ল। মোৰ অজ্ঞাতে এটা বছৰ পাৰ হৈ গ’ল। স্বামী গৃহ এৰি এদিন একেবাৰে ভন্টী পুনৰ তাইৰ সেই পৰিচিত কোঠাটোলৈ উভতি আহিল। শিৰৰ সেন্দুৰখিনি একেদৰেই থাকিল। কিন্তু সেইদিন ধৰি অন্তৰ্বাসৰ হুকটো সঠিকমতে লগাই দিবলৈ মই ভন্টীৰ কোঠাটোলৈ যাবলগা হোৱা নাই। এবছৰ আগৰ ভনীজনী হেৰাই থাকিল। তাই আকৌ উভটি আহিল যদিও ভন্টী মোৰ হৈ নাথাকিল। এদিন মোৰ বিয়াখনো সুকলমে পাৰ হৈ গ’ল। মাৰ পচন্দ অনুসৰিয়ে ভন্টীৰ সমবয়সৰ ছোৱালী এজনী আনি কোনোবা এজন ককায়েকৰ বুকু উদং কৰি থৈ আহিলো। ফুলশয্যা নিশাৰ একান্ত গোপন মুহুৰ্ত্তখিনিত মৈত্ৰেয়ীৰ অন্তৰ্বাসৰ হুক খুলিবলৈ গৈ মই ৰৈ গৈছিলো। এক অজান আশংকা, সংকোচবোধে মোৰ ভিতৰৰ উন্মাদনাখিনি নিমিষতে মোহাৰি পেলাইছিল। মৈত্ৰেয়ীও দেখোন কাৰেবাৰ ভন্টী। এগৰাকী ২৫ বছৰীয়া সুন্দৰী পত্নীৰ লোভনীয় শৰীৰটোলৈ মই পোনপটীয়াকৈ চাই থাকিব পৰা নাছিলো। সহজাত পুৰুষসুলভ কামুক মোৰ ওঁঠযুগলে মৌনতাৰ অধিবেশনত মগ্ন আছিল। মোৰ অন্যনমস্কতাৰ গইনা লৈ মৈত্ৰেয়ীৰ আলফুল দুহাতেৰে আজুৰি নি মোৰ মুখখন যেতিয়া তাইৰ উদং বুকুখনত গুজি দিছিল মই উশাহ বন্ধ হৈ মৃতপ্ৰায় অৱস্থা এটাত উপনীত হ’লো। ভেন্টিলেটৰ ফাকেৰে পাৰ হৈ অহা জোনাকীজাকৰ ক্ষীণ পোহৰত জিলিকি উঠা মৈত্ৰেয়ীৰ উন্মুক্ত পিঠিখনলৈ চাই মই চমকি উঠিছিলো, আজিও ভন্টীৰ পিঠিত স্পষ্ট জলন্ত চিগাৰেটৰ দাগ......। বুকুত কোনোবা মদপী উন্মাদ পুৰুষৰ ক্ষত বিক্ষত নখৰ আঁছোৰ। মৈত্ৰেয়ীৰ দৰে ময়ো আমাৰ যুগ্ম জীৱনৰ প্ৰথম ৰাতিটোৰ শেষৰফালে মই গোপনে উচুপিচিলো...........। এটা সময়ত মোৰ বুকুতে মুৰ গুজি তাই টোপনীত ঢলি পৰিছিল....। কাষৰ কোঠাটোত তেনেই কম ভলিউমত তেতিয়ালৈকে বজি আছিল সেই একেটাই গান "মন মোৰ উৰি গুছি যায় কিজানি পায়ো হেৰুৱাই...।"