তাই বেশ্যা নাছিল (খণ্ড নং- ৩)

পেটত যেতিয়া ভোক থাকে,মানুহৰ চিন্তাশক্তি লুপ্ত হয়৷ ধৰ্ম, অধৰ্ম, উচিত, অনুচিত এইবোৰ ভাবিবলৈ শক্তি নাথাকে৷ সুস্থ দেহতহে সুস্থ মন এটা গঢ় লব পাৰে৷ গতিকে তাই অনুপতপ্ত হবলগা একো নাই৷ এইথনেই সমাজ, আমাৰ সমাজ য'ত এজনী ছোৱালীয়ে নিজৰ ঘৰখন এৰি, পৰিয়ালৰ মানুহবোৰক পাহৰি আন এখন ঘৰলৈ চিৰদিনৰ বাবে বোৱাৰী হৈ আহিব লাগে৷ এইখিনিলৈকে থিকেই আছে৷ কিন্তু স্বামীৰ মৃত্যুৰ পাচতো ইমানগাল ত্যাগ? বগা সাজ পৰিধান, শিৰত সেন্দুৰ লোৱা মানা, কোনো পুৰুষৰ স'তে কথা এষাৰো পাতিব নোৱাৰি… ইত্যাদি অনেক বাধা৷ ইমানবোৰ বাধ্যবাধকতা কিহৰ?
তাই সমাজৰ প্ৰচলিত নিয়মৰ বিৰুদ্ধাচৰণ কৰিব বিচৰা নাই৷ কিন্তু এজনী নাৰীয়ে এটাৰ পাচত আন এটা ত্যাগ স্বীকাৰ কৰাৰ পাচতো অলপমান নিৰাপত্তা কিয় নাপায়? তাইৰ শাহুৱেকো এগৰাকী নাৰী৷ এগৰাকী নাৰীয়ে যদি আন এগৰাকী নাৰীৰ দুখ নুবুজে তেন্তে সমাজখনে কি বুজিব? স্বামীৰ মৃত্যুৰ পাচত তাইৰ শহুৰৰ আচৰণত পৰিবৰ্তন আহিছিল৷ দেউতাকৰ সমবয়সীয়া মানুহজনে তাইৰ শৰীৰটোলৈ কিয় ভেবা লাগি চাইছিল- তাই বুজা নাছিল৷ তেখেতৰ আচৰণে দিনক দিনে সহ্যৰ সীমা অতিক্ৰম কৰিছিল৷ আৰু কোনোবা এটা দেওবাৰত ঘৰৰ কোনো মানুহ নথকাৰ সুযোগ লৈ মানুহজন তাইৰ ওপৰত জপিয়াই পৰিছিল৷ কোনোমতে সেইদিনা তাই নিজক বচাবলৈ সক্ষম হৈছিল৷ কিন্তু তাৰপাচতে পৰিস্থিতিয়ে ভয়ঙ্কৰ ৰূপ লৈছিল৷ হয়তো মানুহজনে ভয় খাইছিল, বোৱাৰেকে যদি কথাবোৰ ৰাজহুৱা কৰে ডাঙৰ কথা হব৷ সেয়ে দুদিন পাচতে ঘৰৰ বনকৰা ল'ৰাজনৰ স'তে অসংযত অৱস্থাত তাইক পোৱা বুলি মিছা অভিযোগেৰে নামঘৰত ডাঙৰকৈ মেল বহিছিল৷ তাইৰ কথা বুজিবলৈ, সহমৰ্মিতা দেখাবলৈ কোনো নাছিল৷ সহজ সৰল নিৰ্দোষী বোৱাৰীজনীক দোষী সাব্যস্ত কৰা হৈছিল৷ ইমানখিনিৰ পাচত তাই সেইখন ঘৰত ১ বছৰীয়া ল'ৰাটোক মানুহ হিচাপে গঢ় দিয়াৰ সপোন দেখিবলৈ এৰি দিছিল৷ আৰম্ভ হৈছিল জীৱনৰ এক অন্য সংগ্ৰাম৷ জীয়াই থকাৰ সম্বল হিচাপে বাছি লৈছিল এগৰাকী বেশ্যা হোৱাৰ চৰম পথ৷ কিন্তু তাই বেশ্যা নাছিল৷ তাইৰ সাচতীয়া সতীত্ত্ব কেৱল স্বামীয়ে ভোগ কৰিছিল৷

কথাখিনি কৈ বোৱাৰীজনীয়ে হুকহুকাই কান্দিছিল৷ জ্বলি শেষ হোৱা চিগাৰেটতো দলিয়াই বিমানে অন্য এটা চিগাৰেটত অগ্নি সংযোগ কৰিছিল৷ তাইৰ অলক্ষিতে সি কেৱল হুমুনিয়াহ কাঢ়িছিল৷ তাইৰ উকা কপালখনলৈ চাই সি কৈছিল
- "কান্দিলে দুখবোৰ পাতলিব, কিন্তু সমস্যাবোৰ সমাধান নহব৷"
বোৱাৰীজনীয়ে যিমান পাৰে নিজক সংযত কৰিবলৈ বৃথা চেষ্টা চলালে৷ কান্দোন যেন বন্ধ নহবই৷
দেউতাকৰ অমতত বিয়াত বহা বাবেই তাইক তাজ্যপুত্ৰীৰূপে ঘোষণা কৰা হৈছিল৷ ইফালে স্বামীৰ গৃহৰ অত্যাচাৰ, দেউতাকৰ কাষলৈও উভটি যাব নোৱাৰা অৱস্থা....। ফলশ্ৰুতিত তাই ঘৰ এৰি গুছি আহিল৷ কোলাত ১ বছৰীয়া ল'ৰা সন্তানটো৷ হাতৰ কাণৰ সকলো বিক্ৰী কৰি কোনোমতে তাই নগৰ পালেহি৷ থাকিবলৈ বন্দবস্ত কৰা হ'ল এটি সৰু ভাড়াতীয়া কোঠা৷ কিন্তু পৰৱৰ্তী জীৱন যাপনৰ বাবে টকাৰ অভাৱ৷ অন্যহাতে তাইৰ সামান্য বি এ পাছ ছাৰ্টিফিকেটখনৰ বিনিময়ত কোনো এটা ক'ম্পেনীয়ে তাইক কাম দিবলৈ প্ৰস্তুত নহ'ল৷ জীয়াই থাকিবতো লাগিবই৷ ল'ৰাটোৰ ভৱিষ্যত গঢ় দিব লাগিব৷ দুচকুত সপোন অনেক৷ কি কৰিব??

আবেক আৰু বিবেকৰ প্ৰচণ্ড যুঁজ৷ তাই দেহ বিক্ৰী কৰা বাদে অন্য উপায় নাছিল৷ অনিশ্চাসত্বেও নিজৰ বিবেক বিক্ৰী কৰি তাই গ্ৰাহকৰ সন্ধানত নামি পৰিল৷ বেচি কষ্ট নহ'ল৷ গ্ৰাহকজনে নিশাৰ ভাগলৈ তাইক হোটেল এখনলৈ মাতি পথালে৷ নিৰ্দিষ্ট সময়ত তাই হোটেলখনত উপস্থিত হ'ল৷ কিন্তু সেইনিশাই হোটেলখনত পুলিচৰ ৰেইড পৰিল৷ তাইৰ লগতে আন কেইবাগৰাকী যুৱতীক পুলিচে কৰায়ক্ত কৰি লৈ গ'ল৷

কম বয়সীয়া উদণ্ড যেন লগা পুলিচ বিষয়াজনে তাইক সুধিছিল ক'ত ঘৰ কি কথা? কিমানদিনৰপৰা এই ধান্দা চলি আছে ইত্যাদি অনেক প্ৰশ্নেৰে তাই থকা- সৰকা কৰিছিল৷ প্ৰত্যুত্তৰত তাই মাথো কান্দিছিল৷ তাইৰ জঘন্য অতীতটো শুনাৰ পাচত পুলিচ বিষয়াজন জাপ মাৰি উঠিছিল৷ তাইক সুধিছিল- "মাঠাটোত গোবৰ আছে নেকি?? এজনী শিক্ষিতা অসমীয়া ছোৱালী হৈ…৷"
বোৱাৰীজনীয়ে বিমানক বাৰে বাৰে অনুৰোধ জনাইছিল- "মোৰ এটা এবছৰীয়া সন্তান আছে! প্লিজ ছাৰ মোক মাফ কৰক৷ মই জেইলত গ'লে তাৰ কি হব?? মোক মাত্ৰ এবাৰ সুযোগ দিয়ক। আপুনি যি কৰিবলৈ কয় মই তাকেই কৰিম। মোক ল’ৰাটোৰ বাবে জীয়াবলৈ দিয়ক। মই আপোনাৰ ভৰিত ধৰিছো। আপুনিওটো কোনোবা ভগ্নীৰ ককায়েক...।"
বিমানৰ হাতত উত্তৰ নাছিল। সি কি ক’ব! ইম’চনেল ব্লেকমেইলিং। এবছৰীয়া সন্তানটোক লৈ সি বিবুদ্ধিত পৰিছে। আৰক্ষী বিষয়া হোৱাৰ আগতে সি এজন পুৰুষ। তাৰো কেতবোৰ নৈতিক দায়িত্ব আছে। সি জানে। সি বুজিবলৈ চেষ্টা কৰে। বিমানৰ তেজ মঙহেৰে গঢ়া এখন হৃদয় আছে........।
আগৰাতি হোটেলত ৰেইড মাৰি কৰায়ক্ত কৰা অধিকাংশ যৌনকৰ্মীক থানাত ১২ ঘন্টা সময়ো লক- আপত ৰাখিব পৰা নগ’ল। ফোনৰ ওপৰত ফোনকল। স্থানীয় কেবিনেট মন্ত্ৰীজনৰ নিৰ্দেশ এৰি দিব লাগে। এৰি দিলে। ৰৈ গল এই দুৰ্ভগীয়া ছোৱালীজনী। বেচেৰীৰ মন্ত্ৰী এম এল এৰ লগত চিনাকী নাই। অকলে তাইক ক’ৰ্টলৈ চালান দি কি হব? যাঃ তয়ো জীৱনটো এনজয় কৰগৈ। আৰক্ষীৰ সেইটোৱে কাম। ভাৰতৰ দৰে এখন গণতান্ত্ৰিক দেশত আইনৰ কোনো কাম নাই। স্বয়ং আইন ৰচোতাজনেই জনা নাছিল ভাৰত কি? ভাৰতে প্ৰকৃততে বিচাৰে কি? তেনেস্থলত আইনী প্ৰক্ৰিয়াৰে দুষ্টক দমন আৰু শান্তক পালন কৰাৰ সপোন দেখাটো মুৰ্খামীৰ বাদে আন একো নহয়।

বিমানে তাইক এবাৰলৈ সুযোগ দিলে। স্বৰ্ত হ’ল তাই আৰু দেহ বিক্ৰী নকৰে। কৰিবলৈ যদি একো কাম নাপায় তেন্তে বিমানে কিছু টকাৰ যোগান ধৰিব। আৰু বিনিময়ত তাই পুলিচৰ হৈ কাম কৰিব।

(আগলৈ)