ইমানখিনি কথা জনাৰ পাচত বিমান পগলা হবলৈহে বাকী।
খং, ঘৃণাত তাৰ নিজৰ বুকুখনতে কুঠাৰ মাৰি দিবলৈ মন গ’ল। এহাতে অপৰাজিতাৰ দৰে এগৰাকী নাৰীৰ ত্যাগ, মমতাক লৈ তাৰ
মুৰ দু- খাই গ’ল আনহাতে পৰাণ, কৌশিকৰ দৰে এচাম লম্পট পুৰুষৰ চৰিত্ৰক লৈ চকু কপালত উঠিল।
এইজাত পুৰুষৰ নামত কলংক। ঘৰত বিবাহিত পত্নীৰ বিশ্বাসক একাষৰীয়াকৈ এৰি অন্য নাৰীৰ
সৈতে অবৈধ সম্পৰ্ক! বাঃ বিশ্বাসৰ দেখোন একো মুল্য নায়ে। সেয়ে নেকি হোমৰ জুইক
সাক্ষী কৰি কইনাৰ দেউতাকে জীয়েকক জোঁৱায়েকৰ হাতত অৰ্পণ কৰি কয়- জোঁৱাইক দিলেও
দিয়া, যমক দিলেও দিয়া! অৰ্থা্ত এচাম পুৰুষৰ নৈতিক স্খলণতা সম্বন্ধে বৈদিক যুগৰেপৰা
মানুহৰ জ্ঞাত? ৰামায়ণ মহাভাৰত তাৰেই সাক্ষী দেখোন। সীতাৰ চৰিত্ৰ সম্বন্ধে ৰামৰ অগ্নি
পৰীক্ষা, দ্ৰৌপদীক লৈ পাশাখেলৰ স্বৰ্ত... আৰু.......!
তাৰো জৈৱিক প্ৰয়োজন আছে। বিপৰীত লিংগৰ প্ৰতি
আকৰ্ষিত হোৱাটো মানুহৰ একো অস্ৱাভিৱকটা নহয়। বিমানৰো কেতিয়াবা মন যায় পচন্দৰ মনে
মিলা এগৰাকী নাৰীৰ শৰীৰত একাত্ম হবলৈ। সেইবুলি সিটো তেনে কৰা নাছিল। সমাজখন আছে,
সমাজখনৰ কেতবোৰ নীতি আছে। আমি নিয়ম গঢ়িম আৰু আমিয়ে তাক নাপালিম সেইটো কেনে কথা? বিবাহ কি? এদিনৰ বাবে এগালমান মানুহক
মাতি আনি মাছে মঙহে এগালমান খুৱাই টকা- পইছাখিনি খৰছ কৰাৰ এটা উ্তসৱ নেকি? নে দিখাৱা! চা মোৰ টকা, চা
মই বিয়াত কি খুৱাইছো , কি পিন্ধিছো, কি পিন্ধাইছো বা কি পিন্ধাইছে। যদি সেইটোৱে হয়
তেন্তে ৰাতিলৈ ব্ৰাহ্মণ মাতি জুইত ঘিউ ঢালি বেদৰ মন্ত্ৰ উচ্ছাৰণ কৰাৰ প্ৰয়োজনীয়তা
ক’ত? একো দৰকাৰ নাই সমাজখনৰ। নালাগে কোনেও বিয়াৰ যোগেদি দুজন স্ত্ৰী- পুৰুষৰ যৌন
সম্বন্ধক শাৰীৰিকভাৱে স্বীকৃতি দিবলৈ। আজিকালিতো অধিকাঁশ মানুহে তাকেই কৰি আছে।
বিশেষকৈ কলেজৰ ল’ৰা- ছোৱালী। বিয়া হোৱাৰ আগতেই কাৰ লগত কিমানৰ কিমানবাৰ শাৰীৰিক সম্পৰ্ক হৈছে
তাৰ একো হিচাপ নাই। সত্তীত্ব এটা আউটদেটেদ কনচেপ্ট। একো মুল্য নাই। কেৱল বাতৰি
কাকত অথবা নিউজ ব্ৰেকিং নিউজত ইয়াক কেৱল ব্যৱহাৰ কৰা হয়- অমুকত অমুক ছোৱালীৰ
সত্তীত্ব হৰণ, বা সতীত্ব হৰণৰ অপচেষ্টা। নাৰী পুৰুষ সকলো একেই। কোনো কম নহয়।
প্ৰতিযোগিতা তাহাঁতৰ। অভদ্ৰ ষ্টুপিদ সমাজৰ অভদ্ৰ বাসিন্দা। জন্তু আৰু মানুহৰ মাজৰ
পাৰ্থক্যটো হ’ল মানুহৰ আত্মসংযম। কিন্তু সকলো একো একোজন মুখা পিন্ধা জানোৱাৰ.... ঘৰচীয়া জন্তু। মানৱীয়া মুল্যবোধৰ চৰম অৱক্ষয়।
-
ছাৰ, ভুলটো মোৰেই। মা-
দেউতাতকৈ পৃথিৱীত কোনো আপোন হব নোৱাৰে। সেই সময়ত ভুল সিন্ধান্ত লোৱাৰ ফল এয়া
ভুঞ্জি আছো। কান্দোতে কান্দোতে অপৰাজিতাৰ চকুপানী নোলোৱা হৈ গৈছে। ভঙা ভঙা কণ্ঠেৰে
তাই কোনোমতে কথাষাৰ কলে।
বিমানৰ কবলৈ একো নৰ’ল। সি নিষ্টব্ধ। সাংঘাটিক
উচ্চ মানসিকতাৰ ছোৱালী এই অপৰাজিতাজনী। কিন্তু বৰ্তমান সময়ত এনে মানসিকতা বৰ্তাই
চলা মানুহৰ বিপদ অনেক।
এই জহনীত যোৱা কৌশিকটো ক’ত? তাৰ গাড়ীখন লৈ পুৱাতে
ব্যৱসায়ৰ কামত সি ওলাই গৈছিল। ইমানপৰে সি উভটি অহাৰ কথা। পোৱাহি নাই যে। বিমানে
আৰু পলম কৰি থাকি লাভ নাই। ধৈৰ্যসীমা কাহানিবাই পাৰ হৈ গৈছে। সি এতিয়াই গৈ কৌশিক
বুলা লম্পটতোক ধৰি আনি থানাত পাগলৰদৰে কোবাব। তাক ডায়েৰীখন লাগে। মন্ত্ৰী এম এল
এ... মিডিয়া... হোৱাটএভাৰ!
পকেটৰপৰা ম’বাইলটো উলিয়াই চাওতেহে
বিমানে দেখিলে ৪ টা মিচকল। পলাশৰ। এটা মেচেজ... মেচেজটো খুলি চালে...
ছোৱালীজনীক বচাহি। ৰেপ
হৈছে। তাইক বচাবলৈ গৈ মোৰ মুৰত ৰ’ডৰ কোব পৰিছে...।
কি ?? পলাশলৈ কলবেক কৰি চোৱাত তাৰ
ম’বাইল নট ৰিচেবল। মিচকলকেইটা এঘন্টাৰ আগৰ। মেচেজটো তেতিয়াই দিয়া। হয়তো ফোনটো
ৰিচিভ নকৰাত সি মেচেজ কৰিছে...। কথাটো কি? কাৰ ৰেপ হৈছে... কেনেকৈ ক’ত... সি গৈ কেনেকৈ
পালৈগৈ...! একে দৌৰে কেবিন এৰি বিমান কন্ট্ৰল ৰুম পালেহি। পলাশৰ টাৱাৰ ল’কেচন দিটেক্ট কৰি সি ক’ত আছে উলিয়াব লাগে... তাৰ
একো অনিষ্ট হোৱা নাইতো... হে ঈশ্বৰ....!!
(আগলৈ)