স্পন্দিতা, মই আৰু মৌচুমীৰ কথাৰে

মোৰ ভাড়াতীয়া কোঠাটোৰ সন্মূখৰ কোঠাটোত এজনী বৰ ধুনীয়া মৰমলগা ছোৱালী। মোতকৈ কণিষ্ঠ। আমাৰ কলেজতে প্ৰথম চেমিষ্টাৰত নামভৰ্তি কৰিছে। নামটো স্পন্দিতা। নামটোৰ দৰেই সাংঘাটিক ধুনীয়া ভন্টীজনী। একদম জাকত জিলিকা। পিচে ধুনীয়া বাবেই হয়তো তাইৰ ফুটনীতো অলপ বেচি। কাকো পাত্তাই দিব নোখোজে। সকলো সময়তে মুখমণ্ডলত এক অসহনীয় (মোৰ) গহীন গম্ভীৰতা বিৰাজ কৰি থাকে। মাত দিবলৈ ভয় লাগে। কিবা খেলিমেলি হবলৈ গলে ৰেগিং কেচত ফচি মৰিব লাগিব! আজিকালি নাৰী সৱলীকৰণৰ যিহে আইন- কাণুন....!

ফুটনী থাকিলেও তাইৰ বিশেষ গুণ এটাই মোক বৰকৈ আকৰ্ষিত কৰিছিল- কলেজীয়া ছাত্ৰ ছাত্ৰীয়ে ইউনিফৰ্মত যিখিনি শালিনতা ৰক্ষা কৰি চলিব লাগে, তাই ভালকৈয়ে জানিছিল। আৰু এই ক্ষেত্ৰতে কলেজৰ অন্যান্য ধুনীয়া অহংকাৰী ছোৱালীবোৰতকৈ তাই পৃথক।

স্পন্দিতা আমাৰ ডিপাৰ্টমেন্টৰ হোৱাৰ সুবাদতে মই তাইৰ লগত চিনাকী হবলৈ আৰম্ভণিৰেপৰা পৰিকল্পনা কৰি আছিলো। কিন্তু সুযোগৰ অভাৱ, মিছন ফেইল। ভন্টীৰ বাদে তাইক বেলেগকৈ ভাবিবও নোৱাৰো। কাৰণ তেতিয়া মৌচুমীৰ লগত মোৰ ফুল ছুইংত হিয়া দিয়া নিয়া চলি আছিল। কেতিয়াবা এৰাল চিঙা গৰুৰ দৰে মনটোৱে খেলি- মেলি লগালে নিজকে বুজনি দিওঁ- এজনী প্ৰেমিকা আছেই, গতিকে বেলেগ এজনীৰ লগত চিনাকী হ'বলৈ ইমান মাঠা মাৰাৰ কি প্ৰয়োজন। অভদ্ৰ নেকি? মোৰ নিচিনা ল’ৰাবোৰৰ বাবে গোটেই পুৰুষ জাতিটোৰ বদনাম। কন্ট্ৰ’ল বেটা কন্ট্ৰ’ল। পুৰুষৰ নামত কলংক নোহোৱাৰ অজুহাতত স্পন্দিতাৰ লগত চিনাকী হোৱাৰ আশা এৰি দিলো। শান্তনা ল’লো থাকক তাই তাইৰ মতে। ইমান ফুটনী ভাল নহয়। তাকো চিনিয়ৰৰ আগত? ডিপাৰ্টমেন্টৰ চিনিয়ৰবোৰক হাতৰ মুঠিত ৰখাৰ বেনিফিট যিদিনা জানিব সেইদিনা নিজেই মাত দিব নহয়। মুৰ্খ ছোৱালী চাল্লা, ল’ৰা মানুহৰ উইক পইন্টত কোব মাৰি স্বাৰ্থ পূৰাব নাজানে! ধুনীয়া ছোৱালীৰ নামত মিছাতে কালিমা সানিলে।

পিচে এনেকৈ আৰু কিমানদিন?? ভগৱানে হয়তো মোৰ মনৰ বেথা বুজিছিল। সেইদিনা দেওবাৰ আছিল। গাটো ধুই মায়ে বোৱা ৰঙা পাৰীৰ গামোচা খন মই পিন্ধি বিচনাত ঠেং মেলি মৌচুমীৰ সৈতে হনিমুন যোৱাৰ সপোন দেখি আছিলো। এনেতে কোনোবা ছোৱালী এজনীয়ে দুৱাৰমুখৰপৰা মাত লগালে "দাদা সোমাব পাৰোনে!" একোকোবে হনিমুনৰ বিচনা এৰি মই আহি ভাড়াতীয়া কোঠা পালোহি..। এইজনী আকৌ কোন গাভৰুৱে মাত লগালে- "ৰ'ব ৰ'ব নাহিব। এক মিনিট।" পুৰঁণি টি- চাৰ্ট এটা সাউৎকে গাত মেৰিয়াই  দৰ্জাখন খুলি দিলো "আহকচোন"। আৰে ৱাহ, কি দেখিছো এইবোৰ! স্ফুৰ্তিত মোৰ বুকু বাগিচা হৈ গ'ল।
- "অ' তুমিহে কোৱাচোন কি হ'ল!"
- নহয় মানে কালি ৰাতিয়ে মোৰ গেছৰ চিলিণ্ডাৰ শেষ হৈ থাকিল। ৰাতি একোৱেই খোৱা নহ'ল। আজি চিলিণ্ডাৰ বিছাৰি গৈ গোটেই টাউন ঘুৰিলো, কাম নহ'ল, তাতে কাৰ্ডখনো ঘৰতে এৰিলো। মই ভাবিলো....... স্পন্দিতাৰ মাতটো বৰ শুৱলা দেখোন। অ আই, এইজনী ৰেডিঅ জকি হোৱাহেঁতেন মহানগৰীৰ ডেকা বুঢ়াৰ অৱস্থা বেয়া হৈ গলহেঁতেন।
 - "অ' তাৰমানে চিলিণ্ডাৰ এজনী মই আনি দিব লাগে।"
- ওঁ...। ভাড়াঘৰৰ মালিকক কৈছিলো। তেখেত এইকিদিন বৰ ব্যস্ত বুলে। যাব নোৱাৰে। তেওঁহে আপোনাৰ কথা কলে। পিচে চিলিণ্ডাৰ এজনী বুলি কলে যে??
ভাড়াঘৰৰ মালিকটো যে নহয়। ঘৈণীয়েকৰ মেখেলাতলীয়া! সি সঁচা কথা নকয় ঘৈণীয়েকে যাবলৈ নিদিয়ে বুলি, ইফালে আকৌ ব্যস্ততাৰ ফটা লেবেল দিবলৈ আহে।
- লেডিচৰ চিলিণ্ডাৰ যে। সেয়ে চিলিণ্ডাৰজনী বুলি কলো। পিচে, কাৰ্ড নহ'লে চিলিণ্ডাৰ দুগুণ দামত ব্লেকৰপৰা আনিব লাগিব। এইবিলাক বৰ ঝেং কাম। ছেঃ, কাৰ্ডখন লগত ৰাখিব লাগে। হ'ব, তুমি টকা সাঁজু কৰা।  মই কিবা এটা কৰিম। এতিয়া কিবা খালানে নাই!
- নাই অ', চিন্তাতে একো খাব পৰা নাই।

সাধাৰণতে মই ধুনীয়া ছোৱালীৰ চকুলৈ নাচাও, সিহঁতৰ চকুত কিবা ভাইৰাচ থাকে, চালেই বুকুত ঘাঁ লাগে। স্পন্দিতাৰ চকুলৈ চাই পথালো, সঁচাকৈয়ে তাই বৰ চিন্তাত আছে, টাউনৰ চিষ্টেমবোৰৰ লগত তাই একেবাৰে অচিনাকী। কোঠাৰ চাবিটো স্পন্দিতাৰ হাতত গুজি ভাতমুঠি মোৰ কোঠাতে ৰান্ধি লবলৈ কলো আৰু খালী চিলিণ্ডাৰটো লৈ মই ওলাই গ'লো। দুঘন্টামান ঘূৰি মেলি চিলিণ্ডাৰ এটা পাই ৰূমলৈ উভতিলো। মোৰ পকেটৰ দেৰশমান টকামান গ'ল। ৰিক্সা ভাড়া, চিগাৰেট এইবোৰ খৰছ তাই নিদিলে। ময়ো নিবিছাৰিলো। ভিতৰি মোৰ কিন্তু খং উঠিছিল, মোৰ টকা গছত লাগে নেকি! আগতে দেখিলে মাতষাৰো নিদিয় চাল্লা। আৰু এতিয়া!

সেয়াই আৰম্ভণি, স্পন্দিতাৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি পালে। কথাৰ প্ৰসংগতে এদিন জানিব পাৰিলো তাইৰ ঘৰৰ আৰ্থিক অৱস্থা ভাল নহয়। দেউতাক নাই। ৰূগীয়া মাকে আনৰ ঘৰত ভুঁই ৰুই তাঁত বাই উপাৰ্জন কৰা টকাৰে তাইক চহৰত পঢ়াব পঠাইছে। উচ্চতৰ মাধ্যমিকলৈকে তাই অসমীয়া মাধ্যমত পঢ়িছিল। এতিয়া মেজৰ বিষয় ইংৰাজী মাধ্যমত বাধ্যতামূলক হোৱা বাবে তাই একো বুজি পোৱা নাই। টিউচন লবলৈকো আৰ্থিক অসুবিধা। মইতো সমাজ সেৱা কৰাত বেয়া নহয়। আৰম্ভ হ'ল সমাজ সেৱাৰ কাম। মোৰ পুৰণি কিতাপবোৰ তাইক দি দিলো। পঢ় ভালকে। ইংৰাজী-অসমীয়া অভিধানখনো তাইৰ নামতে উত্সৰ্গা কৰি দিলো। তাই ভালেই পালে। মই যিমান পাৰো সহায় কৰিলো। ইক'নমিকচৰ সূত্ৰবোৰ যিমান পাৰো সুন্দৰকৈ বুজাই দিলো। মোৰো ইয়াৰপৰা লাভ হ'ল। প্ৰশ্নৰ ওপৰত প্ৰশ্ন। তাইক বুজাবলৈ গৈ ময়ো নজনা বহুত কথা শিকিলো। দিনবোৰ গৈ থাকিল। তাই মোৰ নিজৰ ভন্টীৰ দৰে হৈ পৰিল। স্পন্দিতা যিমানে মোৰ কাষ চাপি আহিল সিমানে মই মৌচুমীৰপৰা যেন আতৰি আহিবলৈ ধৰিলো। ক্ৰমশঃ মৌচুমীৰ সৈতে মোৰ মতানৈক্য হবলৈ ধৰিলে। সৰু সুৰা কথাতে আমাৰ দুয়োৰ মাজত অপ্ৰয়োজনীয় কাজিয়া- পেচাল বাক-বিতণ্ডা আৰম্ভ হ’ল। চকুৰ পচাৰতে মোৰ ফাইনেল পৰীক্ষাৰ দিন চমু চাপি আহিল। কলেজৰ ক্লাছ শেষ। গতিকে পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে ভাড়াঘৰ এৰি গাঁৱৰ ঘৰলৈ একেবাৰে গুছি গলো। স্পন্দিতাৰ মনত কি আছিল মই একো গম নাপালো। কিন্তু শেষৰফালে মই তাইৰ প্ৰেমত পৰিছিলো। ডুবি গৈছিলো। তাইৰ চিন্তা-ধাৰণাত মোৰ সাংঘাটিক মিল। মৌচুমীৰ সম্পূৰ্ণ বিপৰীত।

ভাড়াঘৰ এৰি গুছি অহা দিন ধৰি স্পন্দিতাৰ খবৰ নাই। ফ'ন নম্বৰ নাছিল। তাইৰ ঘৰৰ সঠিক ঠিকনা জনা নাছিলো। আগতে জানিবলৈ প্ৰয়োজনবোধ কৰা নাছিলো। অন্যহাতে দেউতাকৰ পচন্দৰ দৰাৰ সৈতে মৌচুমীৰ বিয়াৰ প্ৰস্তুতি তুংগত। হিয়া উজাৰি সঁচা অন্তৰেৰে ভালপোৱাৰ পাছতো তাই মোৰ হৈ নাথাকিল। সুকলমে বিয়াখন পাৰ হৈ গ’ল। মই অকলশৰে ৰৈ গ’লো। মদ খাবলৈ শিকিলো। জোনাকৰ পোহৰত ডায়েৰীৰ পৃষ্ঠা লুটিয়াই ইটোৰ পাচত সিটো বিৰহৰ কবিতা লিখি উলিয়ালো। অদৰকাৰী। অন্ধ মোৰ প্ৰেম। নিজক বুজনি দিয়ো। কেতিয়াবা বুজে। প্ৰায়ে নুবুজে। তেতিয়াই এ চি ব্লেক এটা পেটত ঢালি বিষাদবোৰক সাময়িকভাৱে বুকুৰপৰা আতৰত ৰাখিবলৈ চেষ্টা কৰো। সফল হওঁ। সুৰাৰ ৰাগিত তাইক সেই ৰাতিটোৰ বাবে পাহৰি পেলাও। আকৌ অন্য এটা দিনৰ আৰম্ভণি হয়। এনেকৈয়ে ক্ৰমশঃ মোৰ বাবে সকলো সহজ হৈ পৰিল। জীৱনটো নিজৰ মৰ্জিত আগলৈ গৈ থাকিল। মাষ্টাৰ ডিগ্ৰী লাভ কৰা দুবছৰ পাচতে চৰকাৰী কলেজ এখনত অৰ্থনীতিৰ প্ৰৱক্তা হিচাপে চাকৰিত যোগদান কৰিলো। সৰুৰেপৰা মনতে পুহি ৰখা সপোনটো বাস্তবত পৰিণত হোৱাত মই বহুত সুখী হলো। সেইখন চহৰতে এদিন মৌচুমীক হঠাতে লগ পালো। ওহো, মোৰ অনুপস্থিতিত তাইৰ দুচকুত অলপো বেদনাৰ চিন নাছিল। তাই বহুত সুখী। থাকক তাই সুখেৰে। মইতো তাকেই কামনা কৰিছিলো। মই মদ খাওঁ, ভাং খাওঁ যিয়ে নকৰো, মৌচুমী অন্ততঃ সুখী। আৰম্ভ হ'ল মোৰ জীৱনৰ অন্য এক ট্ৰেজেদী- স্পন্দিতা...। স্পন্দিতাৰ দীঘল ক'লা চুলিকোচা, ওঁঠৰ পৰা সামান্য দূৰতে জিলিকি থকা সৰু তিলটো, তাইৰ চকুজুৰি.... আস্ মোক আজিকালি জ্বলাই মাৰে। কিন্তু তাই বা ক'ত! বিয়া হৈ গ'ল চাগে ইমানদিন। মোৰ ইফালেও নহ'ল সিফালেও নহ'ল। মুঠতে চৰম ট্ৰেজেদী।

বিধিৰ বিধান। মোৰ সহকৰ্মী এজনৰ মাকৰ বেমাৰ। নগৰৰ নাৰ্ছিং হ'ম এখনত চিকিৎসাধীন হৈ আছে। খবৰ এটা কৰি আহোগৈ বুলি নাৰ্ছিং হ'ম পালোগৈ। ৰুগীক দৰ্শন দি কেবিনৰপৰা ওলাই আহোতেই সুন্দৰী ছোৱালী এজনীৰ সৈতে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰিলো। মুখেৰে আপুনা-আপোনি উলাই আহিল...
- ছ'ৰি।
- ইটচ অকে।
- তুমি...!!
ছোৱালীজনীৰ মুখলৈ চাওতেহে গম পালো সেইজনী স্পন্দিতা। মইতো আচিৰত। সপোনৰো অতীত...।
- আপুনি ইয়াত! স্পন্দিতায়ো আচৰিত হৈছিল। বিস্ময়ত তাইৰ চকুৰ আকৃতি প্ৰয়োজনাধিক দাঙৰ হৈ দেখা দিছিল।
- অ' মোৰ মানে মানুহজনী সন্তান সম্ভৱা হৈ আছে যে। ডাক্তৰৰ ওচৰলৈ আহিছিলো। মই মিছা মাতিলো
পিচে তুমি ইয়াত কেনেকৈ?
- মাৰ অসুখ। সেয়ে...

আমি দুয়ো বহু দেৰি কথা পাতিলো। স্পন্দিতাৰ মাকৰ সৈতে চিনাকী হ’লো। মাকজনী বৰ মৰমীয়াল। মোক মুৰে কপালে হাত ফুৰাই এগালমান আৰ্শিবাদ দিলে। জীয়েকক এসময়ত কৰা সহায়ৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিলে। মজাৰ কথাটো হ'ল স্পন্দিতাৰ বিয়া হৈ যোৱা নাই। তাই ইয়াৰে ছোৱালী কলেজখনত ইক'নমিকচৰ প্ৰৱক্তা হিচাপে কৰ্মৰত। ছমাহমানহে হৈছে। মোতকৈ পাচত। যিয়ে নহওক, সময়ৰ শৰ সময়ত নামাৰিলে পাচত দুখ হয়। বিদায় পৰত সুযোগ বুজি স্পন্দিতাৰ ফোন নম্বৰটো লৈ মই গুছি আহিলো।

কোঠাত আহি অনেক কথাই ভাবিলো। ৰাতি বাৰ বাজি পাৰ হৈ গ’ল। কৰো নকৰোকৈ চিন্তা কৰি কৰি অৱশেষত মই স্পন্দিতাৰ ফোন নম্বৰটো ডায়েল কৰিলো। তাইৰ কণ্ঠ শুনি মোৰ এনে লাগিছিল যেন মোৰ ফোনকলটোৰ বাবেই তাই অপেক্ষা কৰি আছিল। গতানুগতিক হাই হেল্ল’ৰ পাচতে অলপমান আচৰিত হৈয়ে স্পন্দিতাই মোক সুধিলে
- এই ৰাতিখন কিয় ফ'ন কৰিছে! দিনত কথা পাতিম। এতিয়া ৰাখক।
- মই নিশাচৰ যে সেয়ে
- বৌৱে গম পালে কি হ'ব ? ফ'ন ৰাখক
- হেই পালেও পাব দিয়া
- নাপায় নহয় ৰূপক দা
- ভনীজনীলৈ ফ'ন কৰাত কি আপত্তি?
তাই হুমুনিয়াহ এটা কাঢ়িলে।
- এইবোৰ বাদ দিয়া, তোমাৰ প্ৰেমিকৰ খবৰ কোৱা...। মই চিধাই পইন্টত আহি গলো।
- কোন প্ৰেমিক?
- কিয়, ইমানদিন কাৰো প্ৰেমত পৰাই নাই নেকি, তোমালোক ধুনীয়া ছোৱালীবোৰৰ বাবে ল'ৰাৰ অভাৱ নে?
- হাঃ হাঃ, ল'ৰা অভাৱ নহয় অ। মনে বিচৰা সংগীজনহে বিচাৰি পোৱা নাছিলো।
- হে ভগৱান, ধুনীয়া ছোৱালীবোৰৰো যে প্ৰেমত সংকট আহে আজিহে জানিলো।
- আপুনি সলনি হোৱাই নাই ন'?
- কুকুৰৰ নেজ কেতিয়াও চিধা নহয় অ আই।
- আপুনিটো কুকুৰ নহয়।
- এইবোৰ কুকুৰ মেকুৰী কথা বাদ দিয়া, মোৰ ল’ৰাৰ মাক হ’বা?
- হোৱাট?
- এতিয়া আৰু নক'বা বুলে তোমাৰ বিয়া ফিটিং হৈ আছে।
- জানো জানো স্বাৰ্থপৰ কৰবাৰ। মৌচুমী বাৰ ফোন নম্বৰটো সলনি হ’ল নেকি??
(মই বৰ লাজ পালো, কিনো উত্তৰ দিম!)-হ'ব দিয়া,
কালিলৈ ভালকে কথা পাতিম। ফ'নটো কাটি দিলো।

চাকৰিটো পোৱাৰ পাচৰেপৰা মায়ে হুলস্থুল লগাই আছিল বুলে বোৱাৰী এজনী লাগে। শুভ কামত পলম কৰোনো কিয়? ছমাহৰ ভিতৰতে বিয়াৰ দিন-বাৰ ঠিক কৰি স্পন্দিতাক ন-বোৱাৰী ৰূপে আনি মোৰ ঘৰ শুৱনি কৰিলোহি। এতিয়া আমি দুয়ো সুখী। মাজে সময়ে বাটে-ঘাটে মৌচুমীক লগ পাওঁ। আছে তাই তাইৰ মতে আৰু মই মোৰ মতে। সুখী আমি। তাই কামনা কৰাতকৈ মই বহু বেচি সুখী। হয়তো আমাৰ সুখী যুগ্ম জীৱন দেখি মৌচুমীয়েও তেনেকৈয়ে ভাবে, তেওঁলোকো সুখী, মই কামনা কৰাতকৈ বহু বেচি..।