মালৈ মনত পৰা নাইনে?

বছৰেকৰ বিহুটো বুলি অফিচৰ বচক ভৰিয়ে হাতে ধৰি দুদিনৰ চুটী লৈ গাঁৱৰ ঘৰ পালোহি। লগত শ্ৰীমতী। মৰমৰ বৌয়েক দুজনীৰ সৈতে লগ লাগি পৰিয়ালটোৰ সকলো সদস্যৰ সৈতে একেখন মজিয়াতে বহি তৃপ্তিৰে এসাজ খাবলৈ তাইৰ বৰ হেপাঁহ। বিয়াৰ পাছত স্বামীগৃহত এইটোৱে প্ৰথম সুযোগ। নামতহে কঙালী, বিহু বিহুৱেই। মোৰ মনটোহে বৰ এটা ঠিক নহয়। মাৰ অনুপস্থিতিত ঘৰখনত ভৰি দিয়ে কিবা এক উৰুঙা উৰুঙা লাগিছে। আগৰাতি বহু দেৰিলৈকে মোৰ চকুলৈ টোপনী অহা নাছিল। শেহৰাতি টোপনী গলো যদিও পুৱা সোনকালে সাৰ পালো। এওঁ আচৰতি। কোনোদিনে ৮ বজাৰ আগতে বিচনা নেৰা মানুহটো ৫ বজাতে সাৰ পালো। তাইক একো নকলো। পুৱতি নিশা সপোনত মা আহি মোক আগৰ দৰেই খং কৰিছিল, “সোনকালে উঠ, বিহুৰ দিনা ইমান দেৰিলৈকে শুই থাকিব লাগেনে।“ যথাসময়ত বৌয়ে চাহ মিঠাই দিলে। খালো। দুয়োটা দাদা ব্যৱসায়ীক জীৱনত খুবেই ব্যস্ত। সিহঁতৰ সৈতে বিশেষ কথা বতৰা নহ’ল। দুয়ো নিজৰ নিজৰ কামলৈ উলাই গ’ল। আগতেও গৈছিল। তেতিয়া মাৰ ইটো সিটো কামত সহায় কৰি দি আমি মাক পুতেক দুয়ো বিভিন্ন কথাৰ মহলা মাৰি সময় অতিবাহিত কৰিছিলো। সোঁৱৰণীৰ অত্যাচাৰ সহি কোনোমতে আগবেলাটো পাৰ কৰিলো। ভাটীবেলা লগৰ দুটামানৰ লগত উলাই গলো। মনটো গধুৰ হৈ আছিল, তাৰেই সুযোগ লৈ সিহঁতে জোৰ ধৰিলে, পানী এটুপা ধৰো। নধৰো নধৰো বুলি এটাসময়ত বাধ্য হৈ মদৰ আদ্দাত বহি পৰিলো। চকুৰ পচাৰতে ৯ বাজিল। গমেই নাপালো। মোৰ দেৰি হৈছে। ভিতৰি বৰকৈ চিন্তিত হৈছো। দাদাহঁতে চাগে মোৰ বাবে ভাত খাবলৈ ৰৈ আছে। আগতে আমাৰ ঘৰত সেইটোৱে নিয়ম। বছৰেকৰ বিহুৰ দিনা সকলোৱে একে সময়তে নিশাৰ ভাতসাজ গ্ৰহণ কৰো। গতিকে আজিও...। পঢ়ি থকা দিনতে কোনোবা এটা ব’হাগ বিহুত ঘৰ আহি পাওঁতে ৰাতি ১০ বাজিছিল। গৰু বিহুৰ পাছদিনা। ট্ৰেইন লেট আছিল। ব্যাকুলতাৰে দুয়োটা দাদা আহি মোৰ বাবে ষ্টেচনত ৰৈ আছিল। পাহৰিব নোৱাৰা কিছু স্মৃতি.... সোণোৱালী দিন.....।
ঘৰ আহি পাওঁতে ১০ বাজিল। শ্ৰীমতীয়ে দৰ্জা খুলি দিলে। দাদাহঁতে ৯ বজাৰ আগতেই ভাত পানী খাই আজৰি। সিহঁত শুলে। এওঁহে মোৰ বাবে ৰৈ আছে। এক্ষন্তেকৰ বাবে বুকুখন ক্ষোভিত হ’ল। নিজক বুজাই ল’লো। মদ খোৱা বাবে মানুহজনীয়ে একো নকলে। আনদিনা হোৱাহেঁতেন কলেহেঁতেন। তাই মোক বুজে। ময়ো তাইক। সেয়ে সংগত পৰি মাতাল হৈ মই ঘৰলৈ উভতা নাই। মোৰ সেমেকা দুচকুলৈ চাই তাই মোৰ হাতখন খামুছ মাৰি ধৰি সকাহ দিলে। তেওঁতো মোৰ কাষতে আছে। মা.....। তেখেতেও চাগে নুমলীয়া পুত্ৰ অহালৈ ভাতমুঠি নোখোৱাকৈ ৰৈ থাকিলেহেঁতেন। মোৰ শ্ৰীমতীৰ দৰে নানা চিন্তা দুচিন্তাৰ মাজতে উচপিচাই থাকিলেহেঁতেন.....।
প্ৰথম ভাতমুঠি মুখত লৈ মই তেওঁক কলো,
- মাংস জুতিলগা হৈছে।
- বৌয়ে ৰান্ধিছিল। তেওঁ কলে।
- ওঁ.... মায়েও খুউব ধুনীয়া ৰান্ধিছিল।
- তুমি কৈছিলা।
- কালিলৈ পুৱাতে যামগৈ।
- কিয়? দেৰিকৈ গলেও হয়। গুৱাহাটীলৈ দুঘন্টাৰ বাটহে।
- তোমালোকৰ ঘৰলৈ নোযোৱা?
- যাবতো লাগিছিল...
- মালৈ মনত পৰা নাই???