বৰষুণত নিতিতিবা, তুমি এনেও ধুনীয়া

বৰষুণ তোমাৰো প্ৰিয়,
মোৰো…।
বৰষুণত নিতিতিবা,
তুমি এনেও ধুনীয়া…।
বৰষুণত জুৰুলী
তোমাৰ শৰীৰৰ প্ৰতিটো ভাজত
মোৰ দৰে হাজাৰ প্ৰেমিক উন্মাদ হ'ব…
বাৰিষাৰ শপত,
বৰষুণত তুমি নিতিতিবা
তোমাৰ ভিজা বিলাসী শাৰীৰ ভাজৰ
বুকুৰ উপত্যকাত বসন্ত সৰিব,
তোমাৰ শুকুলা অন্তৰ্বাসত
থমকি ৰ'ব মোৰ চঞ্চল দুচকুৰ ধুমুহাজাক।
এটা আদিম আসক্তিয়ে
তোমাক মোৰ কাষ চপাব,
বৰষুণজাক গভীৰ হ'ব…
বৰষুণৰ ভাজে ভাজে
আমাৰ সপোনে আকাশ চুব…
আকাশখনে পূৰ্ণতা পাব…

প্লিজ, বৰষুণত তুমি নিতিতিবা
তুমিতো এনেও ধুনীয়া...।