বিমানৰ মনটো কিবা এটা ভাল লাগি থকা নাই।
অকাৰণতে....। হৈ যায়। কিয়টোৰ উত্তৰ বিচাৰি মুৰৰ চুলিবোৰৰ শৃংখলতাক বিশৃংখল
কৰিবলৈকো সি নিৰূপায়। মাত্ৰ কেইদিনমান পূৰ্বে চুটিবোৰ একেবাৰে চুটি চুটিকৈ কটাই
লৈছে। গৰমৰ দিন, অলপমান শান্তণা। আজি ৰবিবাৰ। নাইট চিফটৰ ডিউটী নাথাকিলে আবেলিবোৰ
বিষণ্ণতালৈ ৰূপান্তৰ হয়। কাৰণটো একেই। অকাৰণতে.....। সাময়িক জড়তাৰ অজুহাতত
চিগাৰেট এটা হুপিবলৈকো মাকৰ কঢ়া নিৰ্দেশ- মোৰেই শপত বাবা, চিগাৰেট নুহুপিবি। মাকৰ
নিৰ্দেশ পালিবলৈ সি বাধ্য। অনুপস্থিতিয়ে বিশ্বাস ভাঙে, কেতিয়াবা গঢ়ে। গঢ়িবলৈ
কঠিন, কঠিন কাম তাৰ পচন্দৰ।
বলীয়াটো হৈ কোঠাটোৰ ইমূৰৰপৰা সিমূৰলৈ বিমানে
খোজকাঢ়ি ফুৰিছো। পলাশ অহাৰ কথা, সি কুকুৰাৰ মাংস সুন্দৰকৈ ৰান্ধে। মাকেও
ৰান্ধিছিল। এতিয়া নাৰান্ধে। দেউতাকৰ সংগ বিচাৰি মানুহজনী গলগৈ। বাধা দিয়ে কেনেকৈ? পিতাই.... আই... সোঁৱৰণী..।
দেউতাকৰ হাতত হাত ধৰি এখোজ দুখোজকৈ ভৰিদুখন আগুৱাইছে। অদূৰত মাক। দুচকুত শংকা,
কণমাটিতো পৰি গলে কষ্ট পাব...। অথচ আজি? সিদিনা? শেলুৱৈ গজা দমকলৰ পকী মজিয়াখনত পৰি মাকে কঁকালত
দুখ পোৱা, প্ৰেচাৰ উঠি বাওতলিতে মুৰ ঘূৰাই বাগৰি পৰি যোৱা দেউতাক....। দমকলৰ পাৰত মাকলৈ,
কঠীয়াতলিত দেউতাকলৈ বুলি তাৰ সোঁহাতখন আগুৱাই দিব পৰাহেঁতেন...! হুকহুকাই
কান্দিবলৈকো প্ৰয়োজনাধিক বেজাৰ। চকুপানীবোৰ মচিবলৈ, অভিমানী মনটোক বুজনি দিবলৈ
মাকজনী ক’তেনো হেৰাল? সুখী হ বুলি সুখী হব পৰাহেঁতেন, তাইনতাৰ ৰাতিবোৰত তেওঁৰ বুকুত মুৰ গুজি ২৪
বছৰীয়া এগৰাকী নাৰীৰ দেহৰ লুণীয়াবোৰৰ সোৱাদ লোৱাত মত্ত থাকিলেহেঁতেন...। হেপাঁহৰ অভাৱ।
“এৰাব নোৱাৰা কিবা কাৰণত
যদি মই আনৰ হৈ গুছি যাওঁ, তুমি দুখ নকৰিবা।
মই তোমাৰে হৈ থাকিম। তোমাকেই ভালপাই থাকিম, শৰীৰটোহে অন্য এজনে পাব।“ মৌচুমীলৈ তাৰ মৰমবোৰ বাঢ়ি যায়। সি নিজকে বুজনি দিয়ে- “প্ৰেম মানেইতো বিবাহ নহয়।“ প্ৰেমত ত্যাগ স্বীকাৰ কৰিব পৰাজনহে প্ৰকৃত প্ৰেমিক। তাৰ কথা
শুনি পলাশে খঙত জাঙুৰ খাই উঠিছিল- “ঘেন্টা কথা মোৰ
আগত নকবি। দুজনৰ মাজত প্ৰেমৰ সম্পৰ্ক স্থাপন হয় তেতিয়াহে যেতিয়া ইজনে সিজনক বুজি
উঠে, পৰস্পৰৰ প্ৰতি অনুৰাগ জাগে। এটাসময়ত এজনৰ
অনুপস্থিতি আনজনে সহ্য কৰিব নোৱাৰে। দুয়ো দুয়োকে লৈ ভৱিষ্যতৰ ৰঙীণ সপোন দেখে- এদিন
তেওঁলোকৰ মিলন হব। ভালপোৱাখিনিয়ে পূৰ্ণতা পাব.... সুখেৰে সংসাৰ এখনৰ আৰম্ভণি হব।
তেওঁলোকে বিশ্বজয় কৰিব।
ঐ মূৰ্খ .... সপোন ভাঙিলে সহ্য কৰিব পাৰিবিনে?
যদি তোৰ ভালপোৱা সঁচা তেন্তে সহ্য কৰিব নোৱাৰ।
অৱশ্যে টাইম পাছ বা চেক্সুৱেল এট্ৰাকচন হ’লে সমস্যা নাই। বিন্দাছ। সেয়া প্ৰেম নহয়, এটা ব্যৱসায়। অনুভূতিৰ ব্যৱসায়। তেওলোকৰ বাবেহে প্ৰকৃতাৰ্থত
প্ৰেম মানে বিবাহ নহয়। প্ৰেম মানে আন্ধাৰ কোঠালী, ক’লা গ্লাছযুক্ত
বিলাসী কাৰৰ দপদপনি, ৰেষ্টুৰেন্টৰ হেভী পাৰ্টী,
বাৰ্থডেৰ নামত মোবাইল অথবা বিলাসী কাপোৰৰ
আমদানি। তেওঁলোকৰ প্ৰধান সূত্ৰ- “ন’ ইম’চন, ন’ ৰিলেশ্বনচিপ,
অনলি চেক্স।“ আচলতে প্ৰেমৰ লাফৰাত মগজুৰ কাম নাই। গোটেই চিষ্টেমটো হৃদয়ে
চম্ভালি ৰাখে। আৰু হৃদয়ৰ কথাবোৰ মগজুৱে নুবুজে। প্ৰেমত বহুত মানুহে যন্ত্ৰণা ভোগ
কৰে। কিছুমানে প্ৰকাশ কৰে, কিছুমানে নকৰে।
এইক্ষেত্ৰত ভুল তেওঁলোকৰ নিজা। তেওঁলোকে এটা সময়ত মগজুৰ ব্যৱহাৰ কৰিছিল, হৃদয়ৰ প্ৰয়োজনীয়তাখিনিক গুৰুত্ব দিয়া নাছিল। পাচত আক্ষেপ
কৰি কি লাভ? তয়ো তাকেই কৰিব গৈ আছ।
নকৰিবি। এদিন বৰ কষ্ট পাবি। মৌচুমী এদিন আনৰ হৈ গুছি যাব। নতুন ঘৰখন পাব। নতুনত্বৰ
প্ৰতি সকলো মানুহৰে আদৰ। ... তোক সহজতেই তাই পাহৰি পেলাব। তাৰ পাচত বিন্দাছ হোৱাৰ
নামত তই দেৱদাসৰ দৰে মদ খাবি? তাই ৰামঠগন দিলে বুলি মানুহৰ আগত বদনাম কৰি ফুৰিবি ষ্টুপিড? তাইক দোষ দি কৰিবি কি? কি পাবি? সৃষ্ট্ৰিকৰ্তাই ছোৱালী মানুহক বনাওতে অলপ বেলেগ ধৰণে
বনাইছিল। সিহঁতৰ ছফটওৱেৰ, হাৰ্ডোৱেৰবোৰ বেলেগ। যিকোনো
পৰিবেশ অথবা পৰিস্থিতিতে সিহঁতে নিজক সহজতে মিলাই ল’ব জানে। তই নোৱাৰ। ল’ৰাবোৰে নোৱাৰে। সিহঁতে কওতে ধেৰ কথাই কয়, টেলিকম কম্পেনীবোৰৰ দৰে এগালমান প্ৰতিশ্ৰুতি দিয়ে, বিভিন্ন কাৰণত সেইবোৰ সময়মতে পালন কৰিব নোৱাৰে। সিহঁতক বেয়া
পাই, গালি পাৰি লাভ নাই। তুলনামূলকভাৱে সিহঁত ল’ৰাতকৈ প্ৰেকটিকেল। সকলো ক্ষেত্ৰতে হিচাপী। সিহঁতক নিৰাপত্তা
লাগে। আবেগ সিহঁতৰ বাবে গৌণ। লাহে লাহে কথাবোৰ বুজিবি। মই কোৱাবোৰ গুৰুত্ব দিবি।
নহ’লে পাচত ভুঞ্জিবি।“
মৌচুমী কাহানিবাই আনৰ হৈ গুছি গৈছে। পলাশে ঠিকেই কৈছিল।
তাৰ ভৱিষ্যতৱাণী শুদ্ধ আছিল। অন্যথা, মৌচুমীয়ে তাৰ বাবে আজীৱন অপেক্ষা কৰিলেহেঁতেন। নকৰিলে। কিন্তু নকৰিলে বুলিয়ে সি গৈ তাইৰ বিয়াৰ দিনা
ৰভাতলিতে কইনাক দিঙি কাটি হত্যা কৰাটো মুঠেই গ্ৰহণযোগ্য নহয়।
মৌচুমীক হেৰুৱাই খুউব বেচি
তাৰ দুটা বছৰ কষ্ট হৈছিল। লাহে লাহে পৰিস্থিতিৰ সৈতে মিলি পৰিল। প্ৰেম তাৰ জীৱনৰ
এটা সৰু অংশ আছিল। প্ৰেম জীৱনৰ সৰ্বস্ব বুলি সি কাহানিও গণ্য কৰা নাছিল। তাৰ মাজতে
পুৰণি কথাবোৰে তাক আমনি নকৰা নহয়। কৰে। কষ্ট হয় মাজে সময়ে। কিন্তু নোপোৱাবোৰক লৈ
হুমুনিয়াহ কঢ়াৰ একো যুক্তি সি নেদেখে। কালি ৰাতি প্ৰায় একমান বজাত থানালৈ লট’ৰাজন আহিছিল। হত্যাকাৰী। সৌ সিদিনা স্নাতক চুড়ান্ত বৰ্ষৰ
পৰীক্ষা দি উঠিছে। ফলাফল ঘোষণা কৰাই নাই। তিনিবছৰীয়া প্ৰেমৰ অন্তত প্ৰেমিকাৰ হঠাতে
আন এজন ল’ৰাৰ সৈতে বিয়াৰ দিন- বাৰ ঠিক হ’ল। ছোৱালীৰ মাকৰ সৈতে সি কথা পাতিলে, সিহঁত দুয়োৰে মাজত থকা
প্ৰেমৰ সম্পৰ্কৰ কথা জনালে। লগতে তেখেতক অনুৰুধ জনালে দুটাবছৰ তাৰ বাবে অপেক্ষা
কৰিবলৈ। কিন্তু ছোৱালীৰ মাক আঁকোৰগোজ। ল’ৰাজনক কটু কথা
শুনালে, তাৰ মাক- দেউতাক ধৰি বেয়াকৈ গালি- গালাজ কৰিলে। আৰু ওচৰ- চুবুৰীয়া
দুজনামনক মতাই আনি ল’ৰাজনক শাৰীৰিক আৰু মানসিকভাৱে অপদষ্ট কৰিলে। সি
লজ্জ্বিত হ’ল। ধৈৰ্য্য নেহেৰুৱাই কেইদিনমান পাচত প্ৰেমিকাৰ
সৈতে যোগাযোগ কৰি তাৰ সৈতে পলাই কৰবালৈ গুছি যোৱাৰ প্ৰস্তাৱ দিলে। কিন্তু সমস্যাটো
হ’ল, প্ৰেমিকায়ো তাক মাকৰ দৰে অনুৰূপ ব্যৱহাৰ কৰিলে। তাৰ আৰু
সহ্য নহ’ল। প্ৰতিশোধ পূৰণৰ অৰ্থে ল’পাজনে সঠিক সময়লৈ
অপেক্ষা কৰিলে। আৰু বিয়াৰ দিনা ৰভাতলিতে গৈ সি প্ৰেমিকাৰ দিঙি ঘপিয়াই দুটুকুৰা
কৰিলে। উদেশ্যপ্ৰণোদিত হত্যাকাণ্ডটোক লৈ হত্যাকাৰী ল’ৰাজন অলপো অনুতপ্ত নহয়। আৰক্ষীক খবৰ দিয়াৰ আগতেই সি আহি সদৰ
থানাত ধৰা দিলেহি। তাৰমতে সি শুদ্ধ। মানুহৰ দুমুখীয়া স্বভাৱটোৰ বাবেই হেনো আজিৰ
সমাজখনৰ এই দুৰৱস্থা। ৰাজনৈতিক নেতা, পালিনেতা, ডাক্তৰ, ইঞ্জিনীয়াৰ, ছাত্ৰ-
ছাত্ৰী, ভিক্ষাৰী, আৰক্ষী, প্ৰেমিকা বা প্ৰেমিক যিয়েই নহওক কিয়, জাৱান হেনো এক হব
লাগে। প্ৰতিশ্ৰুতি এটা দিয়াৰ আগত দহবাৰ ভাবি চাব লাগে প্ৰতিশ্ৰুতিটো ৰাখিব পাৰিব
নে নাই। যদি এবাৰ কথা দি দিছে তেন্তে পৃথিৱীত যিয়ে হৈ নাযাওক কিয় সেইটো ৰক্ষা
কৰাটো মানুহৰ ধৰ্ম হোৱা উচিত। ল’ৰাটোৰ কথা শুনি
বিমানে দুচৰমান ভালকৈ দিব বুলিও ৰৈ গৈছিল। ল’ৰাটোৰ যুক্তিবোৰ
তাৰ সৈতে মিল আছে। তদুপৰি ল’ৰাটোৰ দৰেই
বিমানকো মৌচুমীৰ মাকে একেখিনি অপমান কৰিছিল। বিমানৰো অন্তৰত একেই প্ৰতিশোধৰ অগনি
জ্বলিছিল। সিয়ো দেখোন পৰিকল্পনা কৰিছিল তাইৰ কিবা এটা এটা অনিষ্ট কৰাৰ। কৰা নহ’ল। যিটো পলাশে সমগ্ৰ নাৰী জাতিটোকে দোষাৰোপ কৰি
অনবৰতে গালি পাৰি থাকে সেই একেটা ল’ৰাৰ বুজনিৰ বাবে বিমান
ৰৈ গৈছিল। খংবোৰ নোহোৱা হৈছিল। কি অদ্ভুত!
এহাতে কুকুৰা পোৱালী
দুটা আৰু আনটো হাতত বিদেশী সুৰাৰ বটলতো লৈ পলাশ আহি পালেহি। আহি পায়ে সি হুলস্থুল লগাই দিলে- আজি সাংঘাটিক
হট নিউজ এটা পাই গলো বে! আমাৰ ডাক্তৰনী যে.... সেই যে ডাঃ মিনাক্ষী গোস্বামী...।
তাইৰ ক্লাছমেট এগৰাকীৰ গিৰীয়েক হ’ল কৌশিক বেজবৰুৱা। কৌশিকৰ চাৰিত্ৰিক দিশটো সুবিধাজনক নহয়। যিকোনো সুন্দৰী
নাৰীৰ প্ৰতি বিশেষভাৱে দূৰ্বল। চহৰৰ বহু গণ্য মান্য ব্যক্তিৰ পত্নী অথবা জীয়ৰিৰ
সৈতে তাৰ অবৈধ সম্পৰ্ক। মিনাক্ষীয়ে কোৱামতে অপৰাজিতাৰ লগতো তাৰ অবৈধ সম্পৰ্ক আছে।
এইখিনিতে জৰুৰী কথাটো হ’ল সাংবাদিক পৰাণৰ হত্যাৰ লগত তেওঁৰ পত্নী অপৰাজিতা প্ৰত্যক্ষভাৱে জড়িত নহয়।
পাক্কা নিউজ।
পলাশে কয় কি? মুহুৰ্ততে বিমানৰ মনটো অন্য দিশে ধাৱবান হ’ল। পৰাণৰ কেচটোৱে তাক ভাল
জ্বলা- কলা খুৱাইছে। কিবা কৰিবলৈ গৈ বেলেগ কিবাহে উলাইছে গৈ দেখোন। সঁচাকে আচৰিত।
-
তই ক’ত গম পালি?
পলাশ মনে মনে ৰ’ল। সি পাকঘৰত কিবা বস্তু
বিচৰাত লাগিল। বোধহয় তাৰ ভোক লাগিছে। বিমানৰো প্ৰচণ্ড ভোক লাগিছে। দুপেগ মাৰি
কেচটো অলপ পলাশৰ সৈতে আলোচনা কৰিব লাগিব। সি আইদিয়া দিয়াত ওস্তাদ। কেৱল নিচা অলপ
লাগিলেই হ’ল....।
(আগলৈ)