“আপুনি ডায়েল কৰা নম্বৰটো বৰ্তমান চুইটচ অফ হৈ আছে। অনুগ্ৰহ কৰি ক্ষন্তেক
সময়ৰ পাচত পুনৰবাৰ চেষ্টা কৰক।“ সৰ্বনাশ। আজি শেষ। জন্মদিনৰ
পাৰ্টী গৈ ব্ৰেক আপ পাৰ্টী নহলেই ৰক্ষা। ডকুমেন্টচ এটেষ্ট কৰিবলৈ অহা ল’ৰাকেইটাৰ ওপৰতে মোৰ খং উঠিল। সিহঁতে বাৰু আজিৰ দিনটোত এইজনীয়ে ফোন কৰা
সময়খিনিতহে মোৰ অফিচলৈ আহিবলৈ পালেনে? আহিছে বাৰু ঠিকে আছে।
অফিচটোত মোতকৈ অভিজ্ঞ বয়োজেষ্ঠ কেইবাজনো কাৰ্য্যবাহী অভিযন্ত্ৰা আছিল। তেওঁলোকৰ
ওচৰলৈ নগৈ মোকেই কিয় পাব লাগে বাৰু? ধুনীয়া ল’ৰাৰ এইটোৱে বিপদ মানে। বেচেৰাকিটাক গালি পাৰিলে কি হ’ব। এটা সময়ত নথি-পত্ৰ এটেষ্টৰ কামত আমিও যেতিয়া চৰাকাৰী উচ্চপদস্থ
বিষয়াসকলৰ অফিচলৈ তাঁত-বাতি কৰিছিলো, তেতিয়াও বিষয়াজনৰ
মুখাৱয়ব পৰীক্ষা কৰিহে তেওঁৰ কাষ চাপিছিলো। দেখাত খঙাল যেন লগা মানুহকেইজনৰ কাষলৈ
ভুলতো নগৈছিলো, ব্যৱহাৰ নাজানে। ছাত্ৰ-ছাত্ৰী বুলি জনাৰ
পাচতো কি যে ভেম? একো কাম নাথাকিলেও ক’ব
“অলপ দেৰিকে আহা….।“ “নাই এতিয়া নকৰো। বেলেগ এজনৰ ওচৰলৈ যাওঁক।
আজি চহী কৰি কৰি হাত বিষাই গৈছে।“ তাৰ পৰিবৰ্তে ল’ৰামতীয়া বিষয়া এজন পালে আমি নিশ্চিন্ত। কোনোধৰণৰ উজৰ আপত্তি নথকাকৈ কাম
হবই। ল’ৰালিৰ দিনবোৰলৈ উভতি যোৱাৰ লগে লগে মনটো মুকলি হৈ পৰিল।
সাধাৰণতে এটেষ্টৰ কামত মোৰ টেবুলখনত যথেষ্ট ভীৰ হয়। আৰু ময়ো হাঁহিমুখে যিমানখিনি
ডকুমেন্টচত চহী কৰিব লগা হয় কৰি যাওঁ। শেষত বহুতেই ধন্যবাদ জনাই বিদাই মাগে।
কিছুমানে মুখেৰে নামাতে। যা বোপাই যা আকৌ আহিবি বুলি নকলেও সিহঁত আহিবই। দুটামানৰ
লগত মুটামুটি ভাল চিনাকী। বাটে-ঘাটে দেখিলে দূৰৰেপৰা মাত দিয়ে। তাকে দেখি
মোৰগৰাকীয়ে আকৌ সন্দেহ কৰি কয়, “চেনীৰাম। স্বভাৱ সলনি নহ’ব আৰু।“ মই বুজালেও নুবুজে যে ভাল ব্যৱহাৰ বা
সুন্দৰকৈ কাৰোবাৰ লগত দুআষাৰ কথা পাতিলেই চেনীৰাম বুলি নকয়। সেয়া শিষ্টাচাৰহে।“
তেওঁক অভিমান কৰিবলৈ অজুহাত এটাহে লাগে। পালে হৈ গ’ল। হাজাৰ বুজালেও নুবুজে। আজিও নুবুজিব চাগে। মোৰ ম’বাইলটো
জেনেৰেল মুডতে আছিল। তাই ফোন কৰোতে ডকুমেন্টচত চহী কৰি আছিলো। ল’ৰা কেইটাৰ সন্মূখত ফোনটো ৰিচিভ কৰিবলৈ ভাল নালাগিল। সেয়ে নকৰিলো। এতিয়া
কলবেক কৰিছো চুইটচ অফ। সকলোৰে বেচিতো বেয়া। ইমানকৈ অভিমানী নহলেও হয়। হব। মই
অনৰ্থক চিন্তা কৰি থকাৰ প্ৰয়োজন নাই। ১২ বাজিলেই। ২ বজাতহে তাইৰ কোঠালৈ যাব লাগে।
দুঘন্টা সময় চকুৰ পচাৰতে পাৰ হৈ যাব। মৰমীজনীলৈ পুনৰবাৰ কলবেক কৰাৰ বৃথা প্ৰচেষ্টা
নচলাই মই মোৰ আধৰুৱা ফাইলটোৰ কামত মনোনিবেশ কৰিলো। যোৱাৰ আগতে সেইটো সম্পূৰ্ণ কৰি
যাব পাৰিলে মনটো মুকলি হৈ থাকিব। মাহেকৰ মুৰত নিয়মিয়াকৈ চৰকাৰী মোটা ধনৰ দৰমহাটো
পাই আছো যেতিয়া সেইমতে নিজৰ দায়িত্বখিনিও সুকলমে পালন কৰিব লাগে বুলি মই ভাবো।
কামৰ মাজতে ব্যক্তিগত সংসাৰৰ প্ৰভাৱ পৰিবলৈ নিদিয়াই উচিত। অফিচত থকা সময়খিনিত মই
চৰকাৰী চাকৰ।
বহুত চেষ্টা কৰিও মনটো স্থিৰ কৰিব পৰা নাই। বিভিন্ন ভাৱৰ সমাহাৰ। ভিতৰি
উত্তেজিত কলিজাটো কোনোবা এক মুহুৰ্তৰ বাবে অনিয়ন্ত্ৰিত হৈ উঠিছে। আজিয়ে নহয়, কেইদিনমান
আগৰপৰাই এনে অস্বাভাৱিকতা। প্ৰেয়সীৰ হাতেৰে ৰন্ধা এসাজ খাবলৈ বহুদিনৰপৰাই উচপিচাই
আছিলো। সেই সোণোৱালী ক্ষণটো যিমানে কাষ চাপ আহিছে সিমানে মোৰ উত্কণ্ঠা বাঢ়ি গৈছে।
প্ৰথমবাৰৰ বাবে মৰমীজনীক অকলশৰে বৰ নিবিড়তাৰে লগ পোৱাৰ সুযোগ পাইছো। কিমান যে ভাল
লাগিব। খাই থকাৰ মাজে মাজে মোৰ দুষ্টালী ভৰা মন্তব্য শুনি তাই লাজ কৰিব! মোক
কৃত্ৰিম ঢমক দিব। সুযোগ পালেই সাৱটি বুকুৰ মাজলৈ এপাক আনি......
ভুউউউউউউ ভুউউউউউ ভুউউউউউউ ভুউউউউউউ
কোনোবাই ফোন কৰিছে। কোন বা!! মৰমীয়ে হব। ব্ৰেক আপ পাৰ্টীলৈ সোনকালে আহিবা বুলি
ক’ব এতিয়া চাগে। দুৰু দুৰুকৈ বুকুখন কঁপিছে। ভয়ে ভয়ে ম’বাইলটোৰ স্ক্ৰীণখন পৰীক্ষা কৰিলো। সমীৰৰ ফোন। সমীৰৰ ফোন? এইটোৰ আকৌ কি হ’ল। বিৰক্তিৰে ফোনটো ৰিচিভ কৰি হেল্ল’
বুলি সঁহাৰি জনালো। তপনৰ মাকৰ প্ৰেচাৰ বাঢ়ি অচেতন হৈ পৰি গ’ল। সমীৰ আহি পায় মানে দেৰি হব।
মানসে ১০৮ লৈ ফোন কৰিছে যদিও গাড়ীখন ব্যস্ত আছে। মই সোনকালে কিবা এটা কৰিব লাগে।
খবৰটো পাই মই এক মিনিট সময় নষ্ট নকৰাকৈ অফিচ কতৃপক্ষক মাৰ বেমাৰ বুলি মিছা মাতি
ঘৰলৈ বুলি ৰাওনা হ’লো। যোৱাৰ আগতে ম’বাইলটো
উলিয়াই স্পন্দিতালৈ মেছেজ এটা টাইপ কৰিলো- “মোৰ জানজনী,
সোণজনী, গোঁসানীজনী.... প্লিজ প্লিজ প্লিজ...
আই এম ভেৰী ছ’ৰী। তোমাক কলবেক কৰি পোৱা নাই। চুইটচ অফ। মাৰ
প্ৰেচাৰ ষ্ট’ক বুলি খবৰ পাইছো। মই ঘৰলৈ যাওঁ। তুমি চিন্তা
নকৰিবা। বিশেষ অসুবিধা হলে জনাম। লাভ ইউ সোণজনী।“ মেচেজটো
চেণ্ড কৰি ডেলিভা ৰিপ’ৰ্টতো পৰীক্ষা নকৰাকৈ বাইকখন টপ গিয়েৰত
লগাই যিমান পাৰো সিমান বেগেৰে এক্সিলাৰেটৰদাল পকাই ধৰিলো। ব্ৰেক ধৰিবলৈ সময় নাই।
দুৰন্ত গতিৰে মোৰ বাইকখন আগুৱাইছে। শ্ল’ ড্ৰাইভ লং লাইভ বুলি
লগৰকেইটাক লেকচাৰ মাৰি নিজে কি কৰিছো তাক ভাবিবলৈ বিবেকে বাধা দিছে। শৈশৱত মোৰ
সংগত পৰি তেওঁৰ পুতেক ধ্বংস হোৱা বুলি মিছা অপবাদেৰে মাক গালি পৰা মোৰ বন্ধুৰ মাকৰ
কঠোৰ মুখখন মই এইমুহুৰ্তত পাহৰি পেলাইছো। ১০ মিনিটত মই ১৪ কিঃ মিঃ দূৰত্ব অতিক্ৰম
কৰি তপনহঁতৰ ঘৰ পালোগৈ। সমীৰে বাহিৰে বাহিৰে আমাৰ ঘৰত সুমাই দেউতাৰ এল্ট’ ৮০০ খন লৈ আহি উপস্থিত হ’লহি। মানুহজনীক ততাতৈয়াকৈ
আনি চহৰৰ অভিজাত কে বি নাৰ্চিং হ’মখনৰ আই চি উত ভৰ্তি কৰি
অলপমান সকাহ অনুভৱ কৰিলো। সমীৰে তপনলৈ কেইবাবাৰো ফোন কৰাৰ পাচতো ৰিচিভ নকৰিলে। মোৰ
ম’বাইলটো বেটাৰী শেষ হৈ জিনচৰ পকেটত তপনৰ মাকৰ দৰে পৰি আছে।
চিন্তা দুচিন্তাৰ মাজতে ৩ বাজিবৰ হ’ল। এপাকত ডাক্তৰে আহি
চিন্তাৰ বিশেষ কাৰণ নাই বুলি ঘোষণা কৰিলেহি। ভাল খবৰটো পাই মনত যিমানখিনি স্ফুৰ্তি
হ’ব লাগিছিল তাতকৈ বেজাৰ লাগিছে স্পন্দিতাৰ কথা ভাবি। শেষ
আজি। ময়ে তাইক তাইৰ জন্মদিনৰ পাৰ্টীতো তাইৰ কোঠাতে দিবলৈ কুটুৰি আছিলো। তায়ো বৰ
আগ্ৰহেৰে পাৰ্টীটো প্ৰস্তুতি বহুদিনৰ আগৰপৰা চলাইছিল। কিন্তু আজি মই কি কৰিলো। তাই
ফোন কৰিলেও মোক পোৱা নাই চাগে। মোৰ খবৰ নাপায় তাই চাগে বাউলী হৈ পৰিছে। ছেঃ কি
কৰো।
মই আই চি উ ৰ বিশেষ কেবিনকেইটাৰ সন্মূখতে অভিভাৱসকলে জিৰাবলৈ বুলি ৰাখি থোৱা
চকী এখনত বহি কথাবোৰ চিন্তা কৰি আছো। মোৰ কাষতে ৰৈ সমীৰে তপনৰ ফোন নম্বৰটো ডায়েল
কৰিয়ে আছে। তাৰ খং ভাগৰ মিশ্ৰিত মুখাৱয় দেখিয়েই গম পাইছো তপনক পালেই দুপাটমান
সুধাব। মোৰো ভিতৰি খং নুঠা নহয়। আচৰিত ল’ৰা। মাক-দেউতাকলৈ একেবাৰে দায়িত্ববোধ নাই।
বাপেকটোও বুলে ঘৰত নাই। সংঘৰ কিবা কামত (অধিৱেশন নে কিবা আছে হেনো) কালিয়ে
গোলাঘাটলৈ যোৱা। কাইলৈ অহা কথা। সমীৰক তপনৰ দেউতাকৰ কথা সুধাত তেনেকৈ ক’লে। মানুহজনৰ বয়স হৈছে। দেউতাৰ সমবয়সীয়া। ভাল বন্ধু। কিন্তু এইটো বয়সত
দেউতাই ঘৰতে সুমাই মাৰ সৈতে এক প্ৰকাৰৰ সুখৰ দিনকেইটা উদযাপন কৰি আছে। আমাৰ ঘৰৰ
ময়ো এটাই ল’ৰা। তপনৰো ভাল চাকৰি। তথাপি তাৰ মাক-দেউতাক তেনেই
অসুখী।
“তহঁতে স্কুল কলেজলৈ গৈ কি শিকিছ মোৰ জনা আছে। মদৰ বটলটোত লিখি থোৱা সাধাৰণ
কথাটোকে তহঁতে পঢ়িব নাজান ‘সুৰাপান স্বাস্থ্যৰ পক্ষে
হানিকাৰক।‘ লাভ নাই বুজিছ, তহঁতৰ
ডিগ্ৰী- চাৰ্টিফিকেটৰ অলপো নৈতিক মুল্য নাই। আমাৰ ঘৈণীয়েকৰ মেখেলা তলতীয়া এটাই আকৌ
শহুৰেকৰ ঘৰৰ চুৱা চেলেকিবলৈ পাই নিজৰ ঘৰলৈ আহিবলৈ মনেই নকৰা হ’ল। সন্তানৰ নামত কলংক। কিয় যে জন্মৰ পাচতে টেটুচেঁপি মাৰি নেপেলাইছিলো..।
এতিয়া তাৰেই ফল ভুগি আছো। বাদ দে। এইবোৰ কথা তহঁতক কৈ কিনো লাভ! বহ অলপমান। বৰমাৰে চাহ বনাব গৈছে। তহঁতে খাই
যাবি। মই পতকে গৈ বলধহাল পথাৰৰপৰা লৈ আহোগৈ। বৰ গৰম অ’... মানুহৰে
সহ্য নহয়, জন্তু বুলিহে সহ্য কৰি আছে।“
ব’হাগ বিহুৰ দুদিন আগতে আমি গাঁৱৰ সৰুৰেপৰা একলগে দাঙৰ হোৱা বন্ধুকেইটা লগ
হৈ তপনহঁতৰ ঘৰ উলাইছিলোগৈ। আমাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু তথা তপনৰ দেউতাকে
সাৰুৱা সাৰুৱা দুই এষাৰ মন্তব্য দি আমাক ইতিংকি কৰিলেও আমাৰ জীৱন গঢ়াত তেওঁৰ
বিশেষ অৰিহণা আছে। অকৃতজ্ঞ হব নোৱাৰো। সেইদিনা দেউতাকে তপনৰ প্ৰতি থকা ক্ষোভখিনি
আমাৰ সন্মূখতে উজাৰিলে। উভতি কিবা এটা কোৱাটো দুৰৰে কথা আমি তিনি বন্ধু সমীৰ,
মানস আৰু মই মূৰ ওপৰ কৰি চাবলৈকে সাহস নকৰিলো। অৱশ্যে দেউতাকে মনৰ
বেথাবোৰ কবনো কাক। পুতেকৰ অনুপস্থিতিত আমি তিনি বন্ধুৱেই তেওঁৰ ভৰষা। তপন আমাৰ
বাল্য বন্ধু। সৰুতে সি মাক দেউতাকৰ একান্ত বাধ্য সন্তান আছিল। আমাৰ তিনিটাৰ দৰে সি
অঘাইটং নাছিল। বিশেষকৈ মাকৰ অনুমতি অবিহনে সি ৰাষ্টালৈও নোলাইছিল। আমি তেতিয়া
বোধহয় ক্লাছ চেভেনত। আমি সৰুৰেপৰা দেখি আহিছো, বহুতে সুবিধা
পালেই প্ৰায়ে মাক- দেউতাকক ধৰি গালি পাৰে। যেনে- বাপেৰৰ মুৰটো, মাৰৰ মুৰটো, বাপেৰক জোকাইছ, মাৰক
এনেকৈ কবিগৈ যা... আদি। তপনকো এদিন এটাই
মাকক ধৰি বৰ বেয়াকে কিবা ক’লে। শান্ত শিষ্ট, সহজ সৰল ল’ৰা তপন চকুৰ পচাৰতে গালি পাৰাটোক মৰিয়াই
মাৰি মুৰ ফালি দিলে। আমাৰ নিজৰ চকুৰ ওপৰতে বিশ্বাস হেৰাই গৈছিল। কিয়নো তপনৰ তেনে
প্ৰতিক্ৰিয়া আমাৰ কল্পনাৰ বাহিৰত। দিন বাগৰিল। ভালকৈ পঢ়া শুনা কৰি সি চহৰতে চৰকাৰী
চাকৰি এটা পালে। মাক দেউতাকৰ একমাত্ৰ সন্তান, চাকৰিটো হ'ল যেতিয়া সোনকালে বিয়াখন পাতিব লাগে। অৱশেষত সকলোৰে সিধান্তমৰ্মে চহৰৰে
ছোৱালী এজনীৰ সৈতে তপত বিবাহপাশত আৱদ্ধ হ’ল। আমিও বিয়াত
হেপাঁহ পলুৱাউ স্ফুৰ্তি কৰিলো। সেই বিয়াতে বিদেশী পানী অকণমান ধৰা কথাটো তপনৰ
দেউতাকে গম পাইছিল। আৰু সেয়ে বহুদিনৰ মুৰত সুযোগটো পাই দেউতাক আমাক দেহৰ ৰন্ধে
ৰন্ধে বৈ যোৱাগৈ শিক্ষাৰ মুল্যহীনতাৰ ডায়লগটো মাৰি দিলে। যা হওক, যাতায়তৰ অসুবিধা দেখুৱাই বিয়াৰ এমাহমান পাছতে পত্নীক লৈ তপনে চহৰৰ ভাড়াঘৰ
এটালৈ গুছি গ’ল। ইফালে তাৰ মাক দেউতাক গাঁৱত অকলশৰীয়া হৈ
পৰিল। প্ৰথম অৱস্হাত কথাটো আমি গুৰুত্ব দিয়া নাছিলো। কিন্তু সিদিনা আমি যাওঁতে
তেওঁলোকক পুতেকে কৰা অৱহেলাৰ কথা কৈ দুখ
কৰোতেহে আমি কথাটো গুৰুত্বসহকাৰে গ্ৰহণ কৰিলো। মাকক ক’লো হব
আপুনি চিন্তা নকৰিব, আমি তপনক বুজাম দিয়ক। অৱশেষত তিনি
বন্ধুৱে আলোচনা কৰি তপনক ৱাৰ্ণিং এটা দিয়াৰ উদশ্যে মই আৰু সমীৰ গৈ তপনৰ অফিচ
ওলালোগৈ। আমি স্পষ্টকৈ সুধিলো- "মা দেউতাক এৰি তই চহৰত কিয় এনেদৰে আছহি?
বৰ বেয়া কথা হৈছে"। তপনে বুলে "নকবি আৰু মোৰ দুখৰ কথা,
কিয় যে সংসাৰ কৰিছিলো। বিয়াৰ পাচত মাইকী মানুহবোৰ ইমান ডেঞ্জাৰ হ'ব পাৰে বুলি আগেয়ে জনাহেঁতেন বিয়াই নাপাতিলোহেঁতেন। প্ৰথমতে বুকুৰ মাজত
সূমোৱাই লৈ জান কলিজা বুলি মাতি নিজৰ মতে তোক চলাবলৈ চেষ্টা কৰিব। আৰু যদি তই তাইৰ
কথা নুশুন' তেন্তে মাকৰ ঘৰ যাবগৈ বুলি ৱাৰ্ণিং দিব। তেতিয়াও
তই নামানিলে ডিভোৰ্চ দিয়াৰ ভাবুকি দিব। ডিভোৰ্চ দিলোটো কাহিনী শেষেই। আজিকালি আইন
কানুনৰ কথা জানই! কিবা উল্টা- পুল্টা কেচ কৰি দিলে কি হ’ব?
চাকৰিটো গ'লে নিগমে মৰিম ... ৩ মাহ জেইলৰ ভাতো
খাব লাগিব। গতিকে নমস্কাৰ। পত্নীৰ কথামতে চলিবলৈ মই বাধ্য। তহঁতৰো দিন আহি আছে।
সংসাৰ কৰিলেহে মজাটো পাবি।" তপনৰ কথা শুনি আমাৰ মাত বোল বন্ধ হৈ গ'ল। তাকনো কি ক'ম। হব দে আমিকিটা থকালৈকে মাক-
দেউতাকত চকু দিম। নোৱাৰিলে উপায়তো নাই। শুই থকা মানুহক জগাবলৈ ভাল, টোপনীৰ ভাওঁ জুৰি থকাজনকহে দিগদাৰ।
- সমীৰ ঐ, বাদ দে বুজিছ। নালাগে তালৈ আৰু ফোন নকৰিবি। সি ব্যস্ত থকা নাই।
ইচ্চাকৃতভাৱে আমাৰ ফোনটো ৰিচিভ কৰা নাই।
মোৰ কথা শুনি সমীৰে হুমুনিয়াহ এটা কাঢ়ি ক’লে,
- ব’বাগ
বিহুৰ পাচৰপৰা সি ঘৰলৈ অহাই নাই। ঘৈণীয়েকৰ গাত হেনো লেঠা। তাইক এৰি সি কলৈকো যাব
নোৱাৰে।
সমীৰ ভিতৰি আবেগিক হৈ আছে। সি বিষণ্ণ মনেৰে মোৰ কাষৰ চকীখনতে বঢ়ি ল’লে।
- দেউতাককো একো নজনাবি।
কেৰেলাতকৈ গুটি দীঘল হোৱাৰ ভয়। আমি মেনেজ কৰি ল’ম। নোৱাৰিলে
দেখা যাব।
- ঠিকেই কৈছ। মানুহজনলৈহে
বেয়া লাগিছে।
- ধুৰ। বাদ দে।
- মাকজনীলৈ মোৰ খং উঠে। নিজৰ
ল’ৰাটোক লৈ এটা সময়ত কি কি যে কথা শুনাইছিল আমাক। আমি হেনো
মদাহী। আমাৰ সংগত থাকিলে তেওঁৰ ল’ৰা ধ্বংস হ’ব। আমি হেনো দায়িত্বজ্ঞান নথকা ভৱিষ্যতহীন উশৃংখল ল’ৰা।
আজি চা, সকলো ওলোটা হ’ল। কোন অফিচ,
কাম এৰি হাস্পটাললৈ আহিব লাগিছিল আৰু কোন আছেহি।
- সেইটো বাদ দে। আজি
মোৰজনীয়ে কলিজা খাই দিব। সংসাৰ শেষ মোৰ।
- কি হ’লনো?
সমীৰে মোৰ দুখৰ বিৱৰণ শুনি বিবুদ্ধিত পৰিল। অফিচ কতৃপক্ষৰপৰা আৰম্ভ কৰি
প্ৰেমিকালৈকে সকলোতে ফাঁকি। মিছা কথাৰ ঠেং চুটি। ধৰাতো পৰিমেই। কি হ’ব এতিয়া মোৰ।
সমীৰ আৰু মই দুয়োটাই ভাবি গুণি একো সমিধান নাপালো। ইতিমধ্যে ভোকত মোৰ পেটে
কলমলাইছে। সমীৰক ক’লো ব’ল তলত গৈ কিবা
এটা খাই আহোগৈ। সেইমৰ্মে আমি ফাৰ্ষ্ট ফ্ল’ৰৰপৰা আহি গ্ৰাউণ্ড
ফ্ল’ৰ পাই দেখিলো হাস্পটালৰ মুল প্ৰৱেশ দূৱাৰেদি ৰুদ্ৰ
মুৰ্তি ধৰি স্পন্দিতা সুমাই আহিছে। কালৈকো চাবলৈ সময় নাই। হাতৰ ম’বাইলটোৰ ওপৰত সাংঘাটিক নিৰ্যাতন চলিছে। এপাকত কাণলৈ নিছে আৰু খঙেৰে ফোনটো
আঙুলিৰে টিপি দিছে। মোলৈকে ফোন মাৰি আছে মানে খাটাং। কি কৰো কি নকৰো বুলি ভাবি তাই
নেদেখাকৈ বাহিৰলৈ ওলাই যোৱাৰ পৰিকল্পনা কৰোতেই স্পদিতাই আমাক দেখা পালে। সমীৰে মোৰ
মুখলৈ আৰু মই তাৰ মুখলৈ চালো।
- কি হৈছে মানে এইবোৰ হা?
ফোপাই জোপাই স্পন্দিতাই আহি আমাৰ কাষ পালেহি।
- নাই মানে.....।
মোৰ মুখেৰে মাত নোলোৱা হৈ থাকিল। হে ভগৱান উদ্ধাৰ কৰা।
- মোৰ কেবিনলৈ ব’লা এতিয়াই। কথা আছে।
স্পন্দিতাই চকু ঘোপা কৰি ক’লে।
- কিবা এটা খাই আহি আছো। ভোক
লাগিছে।
মই সেমেনা সেমেনিকৈ ক’লো।
- নহব। এতিয়াই ব’লা কেবিনলৈ।
স্পন্দিতাই খৰধৰকৈ লিফটৰ ফালে আগবাঢ়িল।
সমীৰ ঐ ...... মই সৰু পোৱালী এটাৰ দৰেই অসহায় দৃষ্টিৰে সমীৰৰ মুখলৈ চাই কেঁকাই
উঠিলো। মোৰ দুৰৱস্থাটো দেখি সি মুখ টিপি হাঁহিলে আৰু ক’লে- “যা যা। আচুতীয়া কেবিন। চাঞ্চ পালে নেৰিবি। বেষ্ট অৱ লাক। মই কিবা এটা খাই
আহোগৈ দে বাচা।“ সমীৰে মোক এৰি পলকতে উধাও। মই ভয়াৰ্ত খোজেৰে
স্পন্দিতাৰ কেবিন অভিমূখে ৰাওনা হ’লো। তপনক পালে লেতেৰা মাৰ
দিম। শেষ কৰি দিলে মোৰ সকলো। শেষ। হে ভগৱান, বচাবা আৰু।
বাধ্য প্ৰেমিকৰ দৰে স্পন্দিতাৰ কোঠাটোলৈ সুমাই গলো। সন্মূখৰ চকীখনত বহি দোষী দোষী
ভাৱ এটাৰে তাইৰ চকুলৈ চালো। তাই খঙেৰে মোৰ মুখলৈকে চাই আছে।
- তোমালোক ল’ৰাবোৰ ইমান মিছলীয়া কিয়? মিছা মাতিবলৈ পালে মাকো
ব্যৱহাৰ কৰিবলৈ এৰি নিদিয়া ন?
স্পন্দিতাৰ চকুৰে যেন জুইহে উলাইছে। ক’ম বুলি ভাবিছিলো “বন্ধুৰ
মাক মানেইতো মোৰ মা। কিন্তু এই সময়ত জ্বলা জুইত ঘিউ ঢালিব গলে জ্বলি চাৰখাৰ হৈ
যাম। নাৰীৰ খং উঠা সময়ত চুপ চাপ থকাটোৱে পুৰুষৰ বাবে মংগল।
- ফোন কিয় ৰিচিভ কৰা নাছিলা
হা? কিহৰ ফুটনী মানে?
- নহয় মানে। সেই সময়ত ম’বাইল চাইলেন্ট মুডত পকেটত ভৰোৱা হৈ আছিল। পাচত কলবেক কৰোতে তোমাৰ চুইটচ
অফ।
মই শান্ত স্বৰৰে ক’লো।
- এৰা। কেতিয়াও আৰু ম’বাইল চুইটচ অন নকৰো বুলিয়ে ভাবিছিলো।
- ছ’ৰী।
- কিহৰ ছ’ৰী? কথা কব আহিছা। খবৰ ৰাখিছানে, মাৰ অসুখ বুলি মেচেজটো পাই কিমানকৈ চিন্তাত পৰিছিলো। কলবেক কৰিছো চুইটচ অফ
তোমাৰ। কি ল’ৰা তুমি? আৰু অফিচৰপৰা
ঘৰলৈ যাওঁতে ১২দ কিঃ মিঃ স্পীডত চলাবলৈ কিহে পাইছিল? নে মাৰ
অচেতন অৱস্থাতে নিজৰ শৱটো চিতাত তুলি জ্বলাবলৈ ইচ্ছা জাগিছিল? মোৰ কথা নকলেও যেনিবা।
- চাৰ্জ নাছিল। ছ’ৰী...। চিন্তাতে সকলো পাহৰি পেলাইছিলো। সাধাৰণতে ইমান জোৰেৰে বাইক নচলাও
নহয় মই। তাতে তোমাৰ গুলপীয়া ওঁঠৰ গুলপীয়াখিনি আঁজুৰি অনাৰ সুযোগটো নোপোৱালৈকে সহজে
নমৰো নহয়।
- কি ক’লা তুমি? স্পন্দিতাৰ
চকুদুটা ভয়ংকৰভাৱে দাঙৰ আকৃতি ল’লে।
- নাই। একো নাই দিয়া।
- আকৌ বুলে তোমাৰ সেই
গেলেক্সী নে ফেলেক্সী ব্ৰেণ্ডৰ ৩০ হাজাৰটকীয়া ম’বাইল। পেলাই
দিয়াহে। কামৰ সময়ত বেটাৰী বেক আপ নাথাকে। তাতকৈ ১২০০ টকীয়া চাইনীজ ম’বাইল এটা কিনি লোৱা। কথা কব আহে। দিনৰ দিনটো ফেচবুকৰ ইনবক্সত সূমাই ধুনীয়া ছোৱালীমখাৰ লগত
চেনী খাই থাকিবা... আৰু মোক ক’বা এণ্ডৰয়’ড ম’বাইলত বেটাৰী বেক-আপ কম দিয়ে। ভাল ভাল। ইমান
কষ্টেৰে যে তোমাৰ পচন্দৰ লোকেল মূৰ্গী ৰান্ধিছিলো সেইবোৰ কি হ’ব এতিয়া। নেক্সট আৰু কেতিয়াও নকবা মোক ভাত ৰান্ধিবলৈ।
- বন্ধুৰ মাকৰ বেমাৰ সদায়
নহয় যে। আজিয়ে হব বুলি মইনো কি জানো। ভাবিলো দৰকাৰ হলে তুমি কাইলৈও মাংস ৰান্ধি
খূৱাবা। কিন্তু বন্ধুৰ মাক?
- মোৰ যে আৰু কাম নাই?
বন্ধুৰ মাকলৈ যে ইমানকৈ দৰদ, তেওঁৰ নিজৰ
সন্তানৰে দেখোন হিচাপ নাই।
- খং নকৰাচোন। মোৰ ঠাইত তুমি
হোৱাহেঁতেন তাকেই কৰিলাহেঁতেন। আৰু ময়ো খং নকৰিলোহেঁতেন। ডাক্তৰণী হৈ তুমিয়ে যদি
মানৱীয়তা কি বস্তু নুবুজা আৰু কোনে বুজিব? তোমাৰ যেতিয়া আই
চি উ ৰ নাইট চিফটৰ দিউটী থাকে মই গোটেই ৰাতিটো কেনেকৈ কটাও নাজানা নেকি? মই দেখোন চেক্ৰিফাইচ কৰিয়ে থাকো। ক্ষমা কৰানা। প্লিজ মোৰ সোণজনী। বাৰ্থডে
গিফট, দামী চেলুৱাৰ এযোৰ দি দিম আজিয়েই। এতিয়াই।
- নালাগে।
- কিয়?
- আই লাভ ইউ।
- কি?
- জন্মদিনৰ উপহাৰ হিচাপে
ইয়াতকৈ আৰু বেলেগ কিবা উপহাৰ হব পাৰে নেকি? বহুত সুখী মই
তোমাক লৈ। আই এম প্ৰাউদ অৱ
ইউ।
- কি ক’লা?
মই নিজৰ কাণখনকে বিশ্বাস কৰিব পৰা নাই।
- সমীৰে তোমাৰ ফোন ন’ট ৰিচেব’ল পোৱা দেখি মোলৈ ফোন কৰিছিল। তপনৰ মাকৰ
দুৰ্ঘটনাৰ খবৰটো জনাই মোৰ সহায় বিচাৰিছিল। সেয়ে মই তোমালৈ ফোন কৰিছিলো। ৰিচিভ কৰা
নাছিলা। মই আগতেই সকলো গম পাওঁ। এতিয়া চিন্তা কৰি থাকিব নালাগে। মোক মিছা
নামাতিলেও হয় দেখোন। মাংস নাৰান্ধিলো। ৰাতিৰ ভাতসাজ মোৰ তাতে খাবা। খবৰদাৰ,
অকলশৰীয়া ছোৱালীজনী পাই একো যাতে গণ্ডগোল নকৰা। বাৰ্থডে বুলি হেৰী
এটা নুখুজিবা কিন্তু। একদম বিয়াৰ পাচত। ভুলতো ইম’চনেল
ব্লেকমেইলিং নচলিব। চিঞৰি দিম।
ক’বলৈ একোৱে নাথাকিলেই মোৰ। জুবিন গাৰ্গৰ গান এটালৈ চাটকে মনত পৰিল... “দেৱতায়ো নুবুজিলে তোমালোকৰ মন... আমি তেনেহ’লে কোননো
কোৱা এই বয়সতে তোমালোকৰ মন পাবলৈ.....”