- মই তোমাক ভালপাওঁ।
- - ওঁ। ভাল কথা।
- - বিশ্বকৰ্মাৰ শপত মই তোমাক ভালপাওঁ।
- - অ বুজিছো।
- - কিবা এটাতো কোৱা?
- - কৈয়ে আছো দেখোন।
- - তোমাক মই ভালপাওঁ।
- - মই নোপোৱা বুলি কেতিয়া কলো?
- - খং উঠাই নলবা দেই। গম পাই যাবা..।
- - কি গম পাম?
- - একে টানে যেতিয়া তোমাৰ অৰ্ন্তবাসৰ হুক চিঙি পেলাম তেতিয়া গম
পাবা।
- - ঐ... চুপ.... অসভ্য।
“ৰক্ষা। অসভ্য বুলি কৈয়ে তাই যে মোক কাণতলীয়া
চৰ এটা নিদিয়াকৈ আতৰি গৈছিলো ভাল ৰক্ষা পৰিলো। উফ বহুত বহুত ধন্যবাদ প্ৰভূ। তুমি সঁচাকৈয়ে
এইখন পৃথিৱীতে আছা। তোমাৰ উপস্থিতি স্বীকাৰ কৰিবলৈ মই বাধ্য হ’লো প্ৰভূ। প্ৰাৰম্ভিক কামফেৰা পিচে তুমি ঠিকেই আগবঢ়াই নিলা, এতিয়া মাথো
পাচৰদোখৰ সফল সমাপ্তি কৰাই দিয়া। মাত্ৰ এবাৰ তাইৰ মুখেৰে স্বীকাৰ কৰোৱাই দিয়া-
য়েচ, আই লাভ ইউ টু ঋষভ। প্লিজ প্ৰভূ, অলপমান চকু মেলি চোৱা। খাটী প্ৰেম ভাই। তাই
সন্মতি জনালে মইতো তাইক মোৰ ল’ৰাৰ মাক বনামেই। প্ৰমিজ। বিয়াৰ
পাচত অ প্ৰভূ...। বিয়াৰ আগতে ভুলটো তাইৰ হাতখনো স্পৰ্শ নকৰো। বিদ্যা শপত। তুমি
বুজানা অলপমান। হে কৃষ্ণ, এটা সময়ত তুমিওটো দুৰ্দান্ত প্ৰেমিক আছিলা? তুমি নুবুজিলে আৰু কোনে বুজিব? প্ৰেমৰ ব্ৰাঞ্চটোত
তোমাতকৈ ওস্তাদ আৰু প্ৰেক্টিকেল দ্বিতীয়জন আৰু কোনোবা থাকিব পাৰেনে? প্ৰভূ হে....... কৃপা কৰা।“
আমাৰ ঘৰৰপৰা প্ৰায় ১ কিঃ মিঃ দূৰত্বত অৱস্থিত শিৱ মন্দিৰটোৰ
পকী দান পাত্ৰটোত খমখমীয়া এশ টকাৰ নোট এখন ভৰাই দি কৰযোৰে ঈশ্বৰক প্ৰাৰ্থনা জনালো।
প্ৰাৰ্থনা জনাই শেষ হোৱাৰ পাচতহে চিন্তা কৰিছো সেইটোতো শিৱ মন্দিৰ। কিন্তু মই
চুক্তি কৰিছো শ্ৰীকৃষ্ণৰ সৈতে। তাকে লৈ বাবাই যদি খং কৰে। তাতে বাবাৰ খঙটো বেচি।
গণ্ডগোল হৈ যাব। হে বাবা, দায়দোষ নধৰিবা। আমাৰ মানুহৰ দৰ তোমালোকৰ মাজততো হিংসা,
ঈৰ্ষা আদি স্বভাৱবোৰ নাই। আফটাৰঅল তোমালোক দেৱতা, ঈশ্বৰ। গতিকে অনুগ্ৰহ কৰি বাবা
তুমি মোৰ আবেদনখন শ্ৰীকৃষ্ণলৈ ফৰৱাৰ্ড কৰি দিবা দেই। প্লিজ প্ৰভূ। একো ধৰি
নাথাকিবা আৰু। যদিও শ্ৰীকৃষ্ণক প্ৰাৰ্থনা কৰিছো কিন্তু ভিক্ষা মাগিছো কাৰ মাটিত,
কাৰ এলেকাত থাকি? তোমাৰ? হয়নে নহয় বাবা? গতিকে আচল ক্ৰেদিট তোমাৰেই। অলপ কৈ মাতি দিবা আৰু দেই।
কবলগীয়াখিনি কৈ শেষ হোৱাত অন্তিমবাৰৰ বাবে বাবা আৰু
শ্ৰীকৃষ্ণ দুয়োৰে নামটো সমানে এবাৰ ষ্মৰণ কৰি ৰাষ্টাৰ দাতিত ৰখাই থোৱা মোৰ বাইকখনৰ
কাষ চাপিলো। চিটত থৈ দিয়া ফুলমাক্সৰ হেলমেটতো পিন্ধিলো, চিংগ’ল ষ্টেণ্ডদাল
উঠাই বহি পৰিলো আৰু বহি থকাৰপৰাই মনৰ ভিতৰতে ভগৱানক আকৌ এবাৰ প্ৰাৰ্থনা জনালো,
আগতে কিবা প্ৰতিশ্ৰতি দি ৰক্ষা কৰিব পৰা নাছিলো যদি ক্ষমা কৰিবা প্ৰভূ। পাহৰি থাকো নহয়। সেই যে মেট্ৰিকৰ পৰীক্ষাৰ দিনকেইটাত পৰীক্ষা হলত বহি হাতত প্ৰশ্ন কাকতখন লৈ
প্ৰতি দিনাই মিনতি কৰিছিলো যেনেতেনে ৬০ পোৱাই দিয়া ভগৱান। আজি গৈয়ে মন্দিৰত চাকি এগজ
জ্বলাম। এটা দুটাকৈ ৬ খন কাকতৰ মেট্ৰিক পৰীক্ষা শেষ হ’ল। ৰিজাল্ট
ওলাল। গড়ে কামনা কৰাতকৈ বহু বেচি নম্বৰ লাভ কৰিছিলো। দুগছিমান চাকি দিয়া হ’ল। ৰৈ যোৱাখিনি আজিও দিয়া হোৱা নাই। তেনেকৈয়ে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা,
ইঞ্জিনীয়াৰিঙৰ পৰীক্ষা আদি সকলোতে ভগৱানৰ সৈতে চুক্তি হ’ল।
কিন্তু চুক্তি পূৰণৰ সময় হলেই প্ৰতিশ্ৰুতিবোৰ পাহৰি পেলাও। আজিও ভগৱানৰ বাকী বহীত
বহুকেইটা হিচাপ বাকী। তেখেত মহান বাবেহে মোক ধৰি থকা নাই। এইবাৰো নধৰে। নৈৰাত্ৰীক
মোৰ নিজৰ কৰি লব পাৰিলেই প্ৰভূ তোমাৰ আৱাসগৃহটোৰ নামত টকা ২০০০ দান দিম। খাটাং।
১০০ শতাংশ নিশ্চিত। একদম এসপ্তাহৰ ভিতৰত প্ৰভূ। এইবাৰ খেলিমেলি লগালে মোক যি এক্সন
লব আছে ল’বা। মোৰ একো আপত্তি নাথাকিব। হব এতিয়া যাওঁ দেই
বুলি প্ৰভূৰপৰা বিদায় মাগি চাবিটো পকাই ধৰিলো। সোঁহাতৰ বুঢ়া আঙুলিটোৰে বাইকখনৰ
চেলফৰ বুটামটোত এটা মৃদু স্পৰ্শ দিয়াত বাইকখনৰ ইঞ্জিনটোৱে গৰজি উঠিল। ক্লাছদাল
বাওঁহাতৰ আঙুলিকেইটাৰে টানি ধৰি ভৰিৰে ১ নম্বৰ গিয়েৰটো হেঁচি ধৰিলো। ক্লাছদাল
এইবাৰ লাহে লাহে এৰি দি একেটা গতিৰে এক্সিলাৰেটৰদাল পকাই ধৰিলো, ঠেক পকী
আলিবাটতোৰে সন্তোষ মনেৰে মোৰ বাইকখন আগুৱাই গ’ল।
কালি মানে বন্ধু বিনিতৰ জন্মদিন আছিল। ভাড়ালৈ কোঠা এটা লৈ
সি চহৰতে থাকে। আমন্ত্ৰিত অতিথিৰ সংখ্যা কম আছিল যদিও পাৰ্টীতো যথেষ্ট গপচ আছিল।
আমাৰ ডেকাকেইটাৰ বাবে বিশেষ ব্ৰেণ্ডৰ বিদেশী টনিকবিধৰো যোগান কৰিছিল। মোক আৰু কোনে
পায়, শুভ কামত মই অন্ততঃ দেৰি কৰা মানুহ নহয়। অফিচৰপৰা বাহিৰে বাহিৰে গৈ তাৰ কোঠা
পালোগৈ। ছোৱালীকেইজনী তেতিয়াও আহা নাই। আমি ল’ৰাকিটা আগেয়ে গৈ পোৱাত বটল খুলি
বহি গলো। বিনিতে বাধা দিছিল যদিও কোনে মানে। কাৰণ তেতিয়ালৈকে সেই পাৰ্টীলৈ
নৈৰাত্ৰী আহিব বুলি মই জনা নাছিলো। তাতে সেইদিনা তাই অফিচলৈ আহা নাছিল। খাই বৈ টুং
টাং হোৱাৰ পাচত যেতিয়া নৈৰাত্ৰীৰ সৈতে ৫ জনীয়া ছোৱালীৰ গ্ৰোপটো দেখিলো মোৰ অৱস্থা
বেয়া। এনেই নিচা। এতিয়া নৈৰাত্ৰীৰ কাষলৈ গলেই মোৰ বিপদ হব। পলাই ফুৰিছো যিমান
পাৰো। আৰু তায়ো কম নহয়। আহিয়ে ইটোক সুধিছে ঋষভ ক’ত, কেনি আছে?
আজি তাৰ দেখাদেখি নাই যে। খোৱা বস্তু সাঁজু কৰাৰ নামত মই যিমান পাৰো
নৈৰাত্ৰীৰ পৰা পলাই ফুৰিছো সিমানে তাই মোক বিচাৰি হুলস্থুল লগাই আছে। আৰু তাইৰ
উদেশ্যত ইন্ধনৰ কাম কৰিছে মোৰ লগৰকিটাই। অফিচত অধিকাংশ মানুহে জানে নৈৰাত্ৰীৰ বাবে
ঋষভ পাগল। তায়ো জানো। কিন্তু নজনাৰ ভাওঁ জুৰি থাকে। বলীয়া হৈ যাওঁ তেতিয়াই। ভাল
পালে পাওঁ বুলি ক নাপালে নাপাওঁ বুলি কলেইতো হ’ল। এৰাল দি
ৰাখিব নালাগে নহয়। ছোৱালীবোৰ মহা ধূৰ্ত। এশ শিয়ালৰ বুদ্ধি। ব্যস্ততাৰ মাজতে চেগ বুজি মই ওচৰৰে পাণ দোকানখনলৈ গৈ সাউত্কে
মুখত মিঠা পট্টি ১২০ পাণ এটা ভৰাই আহিলোগৈ। উপায় নাছিল। ক্ষন্তেক পাচতে খাদ্য
পৰিবেশনৰ বাবে ছোৱালীকেইজনীৰ কাষলৈ যাবতো লাগিবই। মুখত মদৰ গোন্ধ পালে শেষ। মই
মৰিলো। পাণটো ভৰাই অহাৰ পাচত যেনিবা মোৰ ভয় কমিল। তথাপিও ভিতৰি ভয় ভাব এটাৰে নৈৰাত্ৰীহঁতে কথাৰ মহলা মাৰি
থকা কোঠাটো পালোগৈ। তাইৰ নিৰ্দেশতে মই নৈৰাত্ৰীৰ গাত গা লগাই ছোৱালীৰ দলটো বহি থকা
বিচনাখনত বহি পৰিলো। প্ৰথমতে মই কথাটো গুৰুত্ব দিয়া
নাছিলো। সচেতন অৱস্থাত থকাহেঁতেন ভুলটো মই তাইৰ কাষত তেনেকে নবহিলোহেঁতেন। কিন্তু
গাত হুচ থাকিলেহে? মই বহি থাকোতেই গোটেইমখাই আমক লৈ ফিচিঙা ফিচিং কৰিব ধৰিলে।
আমাৰ দুয়োকে যোৰা দি সিহঁতৰ কিমান কি যে মন্তব্য। মই কাণ দুখন বন্ধ কৰি নৈৰাত্ৰীৰ দেহৰপৰা বৈ অহা কোনোবা এটা
ভললগা বডি স্প্ৰেৰ সুগন্ধি চিনাক্তকৰণত ব্যস্ত থাকিলো। কি ব্ৰেণ্ড হব পাৰে? এদিকচন,
ওৱাল্ড ষ্টন, ফ’গ নে এক্স। ছোৱালীকেইজনীয়ে কাণ ঘূলা কৰি দিছে। ল’ৰাকিটাও কম নহয়। সিহঁতে কবই নোৱাৰে। নিচাতে
ভুল বকি আছে মুৰ্খমখা। কবই নোৱাৰে। ধৈৰ্য্য ধৰি বহি আছো। নৈৰাত্ৰীৰ কোমল শৰীৰটোৰ
স্পৰ্শ পাই ভিতৰি মানুহটো শিহৰিত হৈ আছো। কোনো নথকাহেঁতেন এতিয়াই তাইক বুকুৰ মাজলৈ
সাৱটি আনি ভালপাওঁ বুলি কৈ দিলোহেঁতেন আৰু তাইৰপৰাও ভালপোৱাৰ অলিখিত প্ৰতিশ্ৰুতি
এটা আদাই কৰি ল’লোহেঁতেন। প্ৰচণ্ড আবেগত মতলীয়া হৈ তাইক সজোৰেৰে সাৱটি ধৰাৰপৰা কোনোমতে
নিজক সংযত কৰি ৰাখি আছো। নিজৰ ওচৰতে মোৰ ধৈৰ্য্য পৰীক্ষা। দুটা এটা কথা বতৰা হ’ল আমাৰ মাজত। মই মুখখন বন্ধ কৰি ৰাখিব পাৰিলেই যেন ৰক্ষা। ধৰা পৰাৰ ভয়।
বিপদ নহল যেনিবা। লগৰকেইজনীৰ অত্যাচাৰত নৈৰাত্ৰীয়ে বহি থকা বিচনাখন এৰি কোঠাটোৰ
কোণত থকা প্লাষ্টিকৰ চকীখনত গৈ বহি পৰিলগৈ। মোৰ সাংঘাটিক খং উঠিছিল। লগৰ কেইজনীয়ে
বহাৰ সুবিধাটো কৰি দিব লাগেনে নে এনেকৈ উঠাই পথাবৱৈ বাধ্য কৰিব লাগে। দ’ষ্ট দ’ষ্ট না ৰাহা। ছোৱালীবোৰে নিজৰ মাজেতে জ্বলি
মৰে। কোনেও নিবিচাৰে নৈৰাত্ৰী মোৰ হওক। চকুচৰহা অসমবাসী ৰাইজৰপৰা একো আশা নকৰাই
মংগল। ধেই। কেকটো বিনিত সাঁজু হ’ল। হেপ্পী বাৰ্থডে বুলি
কেকটোৰ চৌপাশে জ্বলাই ৰখা ম’মবোৰ ফু মাৰি নুমুৱাই দিয়া হ’ল। যথাসময়ত কেক কটা পৰ্ব সমাপ্ত হ’ল। খোৱা বোৱাও শেষ
হ’ল। সময় হ’ল ঘৰাঘৰি গমন কৰা। আমাৰ
হাতত তেতিয়া বাইক ৪ খন। ছোৱালী ৫ জনী। তাৰে দুজনীৰ ঘৰ ওচৰেত হোৱা বাবে বিনিতে লগৰ
এটাৰ বাইকখনেৰে দুয়োজনীকে এবাৰ এবাৰকৈ থৈ অহাৰ দায়িত্ব ল’লে।
নৈৰাত্ৰীৰ ঘৰ মুল চহৰৰপৰা ৪ কিঃ মিঃ দূৰত অলপ ভিতৰৰফালে। আৰু তাইৰ ঘৰলৈ অহাৰ
পথটোৰে মই মোৰ গাঁৱৰ ঘৰলৈ আহিব লাগিব। গতিকে নৈৰাত্ৰীক ঘৰত থোৱাৰ দায়িত্ব মোৰ
হাততে পৰিল। মই ভিতৰি ভালেই পালো। আৰু ভালকৈ মন কৰিছিলো নৈৰাত্ৰীৰ ওঁঠটো সেই সময়ত
অসন্তুষ্টিৰ ভাব অলপো নাছিল। যদি মই ভুল কৰা নাই তায়ো ভিতৰি ভালেই পাইছিল। সকলোৰেপৰা
বিদায় মাগি মই বাইকখন ষ্টাৰ্ট দিলো। নৈৰাত্ৰীক পাচৰ চিটত বহাই লৈ এক সুস্থিৰ গতিৰে
সন্ধ্যাৰ কুঁৱলীজাকৰ আচ্ছাদণ ফালি আমাৰ বাইকখন আগুৱাই গ’ল। সোঁহাতখনেৰে মোৰ কান্ধত ভৰ দি বাওহাতখনেৰে ম’বাইলটো খামুচি
তাই নিশ্চিন্তমনেৰে মোৰ সৈতে আহি আছিল। মই একান্তমনেৰে বাইকখন চলাই নিয়াত মনোনিবেশ
কৰিছিলো। ভিতৰি ভয় এটাই মোক কোঙা কৰি তুলিছিল। সুৰামত্ত অৱস্থাৰে বাইক চলোৱাটো
একেবাৰে অনুচিত। বিশেষকৈ সন্ধ্যা সময়ত ৰাষ্ট্ৰীয় ঘাইপথত। নৈৰাত্ৰিৰ বিশ্বাস আৰু
ভৰষাক লৈ মই নিজকে নিজৰ ওচৰত বৰ সৰু হৈ পৰিছিলো। তাইতো একো গমেই নাপায়। সুৰাৰ
পেগটো মুখলৈ নিয়াৰ সময়ত এবাৰলৈও মই ভাবিব লাগিছিল জীৱনটো ক্ষন্তেকীয়া। থকা দিনকেইটা
পাৰ্য্যমানে উপভোগ কৰাটো উচিত। মদ ভাং আদি নিচাবোৰে মানুহৰ জীৱনৰ ৰং কাঢ়ি লৈ যায়।
ওচৰে পাজৰে চৌপাশে দেখি আছো শুনি আছো। তাৰ পাচতো?? বাইকখন
চলাই আহি থাকোতে মই মন কৰিছিলো, নৈৰাত্ৰীয়ে যেন মোৰ ওচৰত নিজকে সুৰক্ষিত বুলি ধৰি
লৈছে। তাইৰ হাতৰ মুঠিটো পূৰ্বতকৈ যেন কঠিন। আৰু তাইৰ বুকুখনৰ স্পৰ্শ পোৱা যেন মই
কিয় অনুভৱ কৰিছো। ধেত্ মোৰ নিচা বেচি হৈছে নেকি? কথাবোৰ ভাবি
ভাবি আহি থাকোতেই নৈৰাত্ৰীহঁতৰ ঘৰৰ পদূলি পালোহি। মই বাইকখনৰ দিস্ক ব্ৰেকদাল
সজোৰেৰে হেঁচি ধৰিলো। হঠাতে মোৰ কি হ’ল জানো, তাই নামি যোৱাৰ
আগতে মই হেলমেটতো খুলি কৈ দিলো, মই তোমাক ভালপাওঁ। তাইৰপৰা এটা ধনাত্মক উত্তৰ
বিচাৰি কেইবাবাৰো কৈছিলো মই তোমাক ভালপাওঁ। আগতেও কৈছো। কিন্তু প্ৰতিবাৰেই তাইৰ
এটা অগতানুগতিক প্ৰত্যুত্তৰ। হা বা না একো নকয়। কিবা এটা নিশ্চত কৰি দিলো ভাল হয়।
কিয় তাই এনেকোৱা কৰে? মই পুনৰবাৰ মিছাতে লাজত পৰিলো। তাইৰ
গাত গা লগাই তেতিয়া নবহাহেঁতেনেই ভাল আছিল। নৈৰাত্ৰীৰ শৰীৰটোৰ স্পৰ্স পাই মই
অন্ততঃ মাতাল নহলোহেঁতেন। তাই প্ৰস্তাৱ দিয়াৰ প্ৰৱণতা জাগি নুঠিলেহেঁতেন। মোৰ
নিজৰে মুৰ্খামী। তথাপিও মই একেবাৰে ভুল কৰিছো বুলি নাভাবো। কিয়নো তাই আৰু মোৰ
সম্পৰ্কটো ঠিক বন্ধুত্ব বুলিব নোৱাৰি। মই তাইক ভালপাওঁ। তাইৰ ব্যৱহাৰত এটা কথা
স্পষ্ট মোৰ প্ৰতি নৈৰাত্ৰী অনুৰাগ শূণ্য নহয়। অফিচৰ ব্ৰেক টাইমত নিদিষ্ট হোটলখনৰ
নিৰ্দিষ্ট টেবুলখনত কফি কাপটো কেৱল তাই মোৰ সৈতেহে গ্ৰহণ কৰে। মই অফিচলৈ নগলে সেইদিনা
তাই কফি নাখায়। ৰাতিলৈ এটা ফোন কৰে, সুধে মই অফিচলৈ কিয় নগলো। আন কোনেও মোক নুসুধে,
খবৰ নলয়। অফিচৰ বাকী ষ্টাফটোৰ সৈতে মোৰ এটা সু সম্পৰ্ক আছেই। তাৰ পাচতো? বুজি নাপাওঁ নৈৰাত্ৰীয়ে প্ৰকৃততে কি বিচাৰে। কালি শেষৰ বাক্যশাৰীত আন
ছোৱালী হোৱাহেঁতেন মোক চৰিয়াই দিলেহেঁতেন। পাচত ময়ো আত্মঅনুশোচনাত দহিছো> তাইক অৰ্ন্তবাসৰ হুক আজুৰিম বুলি কব নালাগিছিল। আচ্ছা মই যেনিবা কলোৱেই
তাই কিয়া বেয়াকৈ একো নকলে? কিবা এটাতো আছে। কি আছে? আজি স্পষ্ট কথা পাতিম তাইৰ সৈতে। কালিৰ ঘটনাটোৰ বাবে ক্ষমা খুজিম। অকপটে
স্বীকাৰ কৰিম কালি সুৰামত্ত অৱস্থাৰে মই বাইক চলাইছিলো, তাইক
নকবলগা কথা কৈছিলো।
কথাবোৰ ভাবি গুণি আহি থাকোতে আঘা ঘন্টা সময় কেনি পাৰ হৈ গ’ল গমেই
নাপালো। অফিচত সুমালো। বচক লগ কৰিলো আৰু পূৰ্ব পৰিকল্পনা অনুসৰিয়ে আমাৰ ক’ম্পেনীৰ অধীনত নৱ নিৰ্মিত পকী দলং খনৰ নিৰীক্ষণৰ বাবে কপিলীৰ পাৰলৈ যাবলৈ
সাঁজু হ’লো। মই অকলে চাইটলৈ যোৱা কথা আছিল কিন্তু কিছু আনুসংগিক
কামৰ পৰ্য্যবেক্ষণৰ বাবে মোৰ লগতে নৈৰাত্ৰীকো বচে মোৰ লগতে লৈ যাবলৈ ক’লে। আনদিনাতকৈ কিছু পলমকৈ নৈৰাত্ৰী আহি অফিচ ওলালহি। পিন্ধনত মোৰ পচন্দৰ পাতল গুলপীয়া ৰঙৰ চেলুৱাৰযোৰ।
তাইক দেখি মই সহজবোধ অনুভৱ নকৰিলো। মনৰ ভিতৰত এখন শিতল যুদ্ধ। কালিৰ ঘটনাটোৰ
অপৰাধবোধ,
মনৰ মাজতে গুজৰি গুমৰি পাকঘুৰণি খাই থকা কব নাপায় মই মানুহটো অন্যমনস্ক হৈ আছো।
ঈশ্বৰৰ ওপৰতে আৰু সকলোখিনি। তেওঁ যি কৰে নিশ্চয় ভাললৈকে কৰিব। এক অজান সংকোচবোধেৰে
বাইকখন ষ্টাৰ্ট দি নৈৰাত্ৰীক উঠিবলৈ নিৰ্দেশ দিলো। তাই উঠি বহি ল’লে। মই বাইকৰ
এক্সিলাৰেটৰদাল সজোৰেৰে পকাই ধৰিলো। বাইকখন চলি গৈ আছে। বহুসময় আমাৰ দুয়োৰো মাজত
মৌনতা। সাধাৰণতে এনেকৈ আমি দুয়ো কৰবালৈ গলে গোটেই বাটতো নানা ৰসাল আদ্দাৰে মই জমাই
যাওঁ। আজি নিশ্চুপ। ক’ৰপৰা আৰম্ভ কৰিম সঠিককৈ ধৰিব পৰা নাই।
মোৰ পূৰ্ব প্ৰস্তুতিৰ অভাৱ। দলংখনৰ নিৰীক্ষণৰ কাম সুকলমে সম্পন্ন কৰি মনৰ কথাবোৰ
এবাৰ দুবাৰ জুকিয়াই মেলি তাইৰ আগত কম বুলি ভাবি আছিলো। কিন্তু বচে মোৰ পৰিকল্পনাত
আউল লগালে। উপায়তো নাই। সেয়ে মই একো কব পৰা নাই। কথাটো হয়তো নৈৰাত্ৰীয়ে মন কৰিছিল।
সেয়ে তাই আৰম্ভ কৰিলে-
-
কি হ’ল? কালিৰ নিচা যোৱাই নাই নেকি? মুৰৰ বিষ হবলা? নৈৰাত্ৰীয়ে ঠাট্টা কৰি ক’লে ন্ তৃত্বসুলভ অধিকাৰ সাৱ্যস্ত কৰিলে মই ঠিক বুজি নাপালো। মুখেৰে একো
নামাতিলো। ভিতৰি বৰকৈ লাজ পালো। কালি মানে মই ধৰা পৰি গলো। শেষ সকলো। মই মুখেৰে
মনতা দেখি তাই আকৌ ক’লে,
-
একো নকওঁ বুলি কিবা শপত খাই আহিলা নেকি?
-
নাই। এনেই। মোৰ চমু উত্তৰ।
-
ও আই। প্ৰেমিকাৰ বিয়াৰ দিন বাৰ নিশ্চিত হলেও প্ৰেমিকে ইমান
দুখমনেৰে মাত নিদিয়ে। কি হ’লনো?
-
নহয়। মোৰ মাইকীজনীয়ে কালি শোৱাপাটীৰপৰাই আন এটালৈ পলাই গ’ল। মই এক
বিশেষ ভংগিমাৰে কথাষাৰ কলো। তাকে শুনি তাই হো- হোৱাই হাঁহি দিলে।
-
অয়ে.... বৰ বেয়া কথা হ’ল দেই। ইমান সহজ সৰল ল’ৰাটোক বাৰে মানুহজনীয়ে কিয়া এৰি যাব লাগে? বাৰু
এতিয়া দুখ কৰিব নালাগে। বেলেগ এজনী বিয়া পাতি লবা।
-
তুমি আহিবা? মই পেংলাই কৰি কলো।
-
মই আকৌ কিয় যাম? কিমান ভাল ছোৱালী তোমাৰ বাবে লাইন লাগি
আছে। তাৰে এজনী লৈ আনিবা।
-
মোৰ বাবে? ছোৱালী? কিবা হলা
নেকি?
-
ওৱা.... তুমিহে কিবা হ’লা? মই অকে
আছো। তুমি ইমান গহীন গম্ভীৰ হৈ থাকিলে ভাল নালাগে।
-
হব আৰু দিয়া। সদায় সদায় মই মাইকী মানুহৰ দৰে চেপ চেপাই
থাকিব নোৱাৰো নহয়। চেলেপু বুলি ভাবিছা নেকি? আৰু ছোৱালী? হ’ল আৰু...। মৰুভূমিৰ মৰিচীকা। ধুনীয়াবোৰৰ ভেকেঞ্চী নাথাকে আৰু ভেকেঞ্চী
থকাবোৰ পচন্দ নহয়।
-
এ হয়নে? মিছলীয়া। ফুটনী মাৰি তুমিয়ে এদিন কৈছিলা,
তোমাৰ বাবে ধেৰ ছোৱালী লাইন লাগি থকা বুলি। পাহৰিলা হবলা।
খা বাপ্পেকে। এদিন কোৱাতো হয়। সেইদিনাও নিচাতে কৈছিলো। তাকো
ৰাতি এটা বজাত ফোন কৰি। প্ৰথম প্ৰপ’জেল দিয়াৰ দিনাই। হে ভগৱান। মোক উদ্ধাৰ কৰা।
এই ছোৱালীবোৰে সব কথা মনত ৰাখে নেকি? মনত ৰাখেতো ৰাখেই, সময়ৰ
শৰ একদম সময়ত মাৰে। হে প্ৰভূ...। মই কথাৰ প্ৰসংগ সলাবলৈকে কলো,
-
এটা কথা সঁচাকে কোৱাচোন?
-
কি? নৈৰাত্ৰীয়ে আগ্ৰহেৰে সুধিলে। তাইৰ ব্যৱহাৰত আজি সামান্য
পৰিবৰ্তন। আৰু আনদিনাতকৈ তাই মোৰ বাইকখনৰ পাচৰ চিটত বহোতে বিশেষ সাৱধানতা তথা
ব্যৱধান ৰক্ষা কৰি চলা নাই। তাইৰ সোঁবাহুটো মোৰ পিঠিত ভেজা খাই লাগি আছে।
-
তুমি মোক ভালপোৱা?
-
কিয় লাগে?
-
লাগে আৰু। কাম এটা আছে। বাতৰি কাকতত দিম। নিউজ চেনেলৰ
ব্ৰেকিং নিউজ বনাম।
-
হয় নেকি? তুমি অসম চৰকাৰৰ বিসম্বাদী শিবিৰত যোগ দিলা
নেকি?
-
কিনো মানে? খং উঠি যায় দেই।
-
খং উঠিলে মোৰ কি যায়।
-
মাৰ খাবা কৈ থলো।
-
নোৱাৰা।
-
পাৰিম।
-
নোৱাৰা।
-
তোমাক কোন মুৰ্খই কলে?
-
মই জানো।
-
কবানে তুমি?
-
কি?
-
মোক তুমি ভালপোৱানে?
-
নাপাওঁ বুলি কেতিয়া কলো?
-
কি?
-
একো নাই।
-
আকৌ এবাৰ কোৱাচোন।
-
একো নাই বুলিছো।
-
ভালপাওঁ বুলিয়োতো কোনোদিন কোৱা নাই।
-
তুমি কোনদিনা সুধিছিলা? সদায় এটাই কোৱা মই তোমাক
ভালপাওঁ। নিজে এবাৰ সুধিব লাগে মোক ভালপোৱানে? ইমান ইগ’ ভাল নহয়। নুবুজা নেকি মোক? কালি নিচাসক্ত অৱস্থাৰে
বাইক চলাই গৈ থাকোতেও মই এবাৰলৈও বাধা দিয়া নাছিলো, সুধা নাছিলো ড্ৰিংকচ কিয়
কৰিছিলা বুলি? ফেৰফেৰীয়া বতাহজাকৰপৰা বাচিবলৈ তোমাৰ আৰু মোৰ
বুকুৰ ব্যৱধান কমাই নিয়োতে নিয়োতে এটা সময়ত যে তোমাৰ সৈতে মই লিপিট খাই লাগি
ধৰিছিলো গম নপোৱা নেকি? মোৰ কি গৰজ পৰিছিল তেনেকৈ যাবলৈ? আৰু শেষত কি কৈছিলা? একেটানে অৰ্ন্তবাসৰ হুক
আজুৰিবা? সাহস আছে? দেখিম নহয় সময়ত?
নিলাজ। গোটেই ৰাতি মোক টোপনী ক্ষতি কৰাই মাৰিছা? ছ’ৰি কোৱাৰ অজুহাত এটাৰে মাজৰাতি ভুলতো যদি ফোন এটা
কৰিলাহেঁতেন.....। নকৰিলা। মই মিছাতে অপেক্ষা কৰি আছিলো।
-
কি?
মই নিজৰ কাণখনকে বিশ্বাস কৰিব পৰা নাই। নিজৰ ওপৰতে
নিয়ন্ত্ৰণ হেৰাই থাকিল। দিলো সজোৰেৰে দিস্ক ব্ৰেকপাট টানি। প্ৰতি ঘন্টাত ৭০ কিঃ
মিঃ বেগেৰে গৈ থকা মোৰ বাজাৰ পালচাৰ বাইকখন হঠাতে ৰৈ গ’ল। নৈৰাত্ৰীয়ে
তলকিবকে নোৱাৰিলে। প্ৰচণ্ড বেগেৰে আহি তাইৰ বুকুখন মোৰ পিঠিত ঠেকা খালে.....। আস্
বুলি অস্ফুট শব্দ এটা আহি মোৰ কাণৰ পৰ্দা চুলে। নৈৰাত্ৰীৰ সোঁহাতখনেৰে মোক খামুচি
ধৰাত কথপমি বাইকখনৰপৰা উফৰি যোৱাৰপৰা ৰক্ষা পৰিলে। হে ভগৱান। হে বাবাজী..... তোমাৰ
কি লীলা!! ৭ দিনৰ দিলটো এতিয়া কি কৰো? বিয়াৰ পাচৰ ৪ দিনৰ
ভিতৰত ক্লিয়াৰ কৰি দিম নে এইকিদিনতে? এহ্ বাবা, বিয়াৰ পাচতে
দিম দিয়া। এতিয়াও পাৰমানেন্টলি নৈৰাত্ৰী মোৰ মৰমীজনী বুলি সামাজিক স্বৃকিতী পোৱাই
নাই নহয়। হবনে বাবা? হে কৃষ্ণ.... তোমালোক দুয়োকে বহুত বহুত
ধন্যবাদ। কথা দিলো। সময়মতে তোমালোকে তোমালোকৰ প্ৰাপ্য পাই যাবা।