এইজনীৰ আকৌ আজি কি বা হ’ল! দিনটোত এটা খবৰ নাই। পুৱাৰেপৰা কেইবাবাৰো কলবেক কৰি চালো, মোবাইলটো চুইটচ অফ। কি বা
হ’ল?
চাৰ্জ নাই নে মোবাইলটো হেৰাল। একেবাৰে
দায়িত্বজ্ঞান নথকা ছোৱালী। মই এইফালে টেনচনত মৰি আছো আৰু তাই আৰামত.......। ছেঃ মই
কি যে কথাবোৰ ভাবিছো নহয়। একো কাৰণ নথকাকৈ তাই বাৰু কিয় মোৰ খবৰ এটা নল’ব। নিশ্চয় কিবা এটা
অসুবিধা হৈছে। কি হৈছে? এক অনামী যন্ত্ৰণাত মই
চটফটাইছো। বুকুখন বিষাইছে। চিগাৰেট এটা হুপিব পৰাহেঁতেন ভাল আছিল। নোৱাৰো। ভীষ্ম
প্ৰতিজ্ঞাৰে মই প্ৰতিজ্ঞাবদ্ধ, তাই বেয়া পোৱা একো কামেই নকৰো। এতিয়া মৰ ক’ত মৰ। “সোণজনী ক’ত আছা?” বুলি এচ এম এচ টো টাইপ
কৰি মই ৰৈ গৈছো। তাই বেয়া পাব। দেউতাকে মেচেজটো পাই গ’লে ডাঙৰ কথা
হব। তাইক গালি পাৰিব, মোবাইলটো যদি ভাঙি পেলায়? তাই কান্দিব, নিশাটো উজাগৰে পাৰ হব। পুৱালৈ
দেউতাকে হুংকাৰ দিব- “মাজনীক সোণকালে বিয়া দি দিব লাগে।“ এইক্ষেত্ৰত মই
নিৰুপায়। তাইক হেৰুৱাব নোখোজো অথচ আজিয়ে তাইক একেবাৰে মোৰ কাষলৈ লৈ আহিব নোৱাৰো।
দৰিদ্ৰ মই। নিবনুৱা সন্তান। কৰ টকাৰে দুবেলা দুসাজ ভাতৰ যোগান ধৰিম। পাৰিমনে তাইৰ
প্ৰয়োজনীয় চাহিদাবোৰ পূৰণ কৰিবলৈ! এইখিনিতে মই থমকি ৰওঁ। বিবেকৰ স'তে হাৰি যাওঁ।
সপোন দেখিবলৈ পাহৰি পেলাওঁ।
সন্ধ্যা ৬ বাজি পাৰ হৈ গ’ল। তাইৰ
ফোনকলটো নাহিল। মাজত আৰু কেইটামান ঘন্টা বাকী। তাৰপাচতে ভেলেন্টাইন ডে। প্ৰেমিক-
প্ৰেমিকাবোৰৰ উৎসৱ। মিছা নকওঁ- তাইক ভালপাবলৈ মোক এটা বিশেষ দিনৰ প্ৰয়োজন নহয়
যদিও ই মোৰ বাবে এক অজুহাত, কালিলৈ তাইক অলপ বেচিকৈ ভালপাম। মনত উৎকণ্ঠা, অধীৰ মই। তাই
ফোন এটা কৰক। মনটো অবুজ। সঘন দৃষ্টি মোবাইলটোৰ স্ক্ৰীণত। মোক আচৰিত কৰি এই
মুহুৰ্ত্ততে সশব্দে মোবাইলটো কপি উঠিব, স্ক্ৰীণত জিলিকি উঠিব “স্পন্দিতা
কলিং....”। বুকুখন
বিষাইছে। অপেক্ষাৰত সময়খিনি নাযায় নুপুৱায়। কিয় এই অধীৰতা? নিজক নিজে
বুজাব পৰা নাই। বেইমান হৃদয়। বেইমান হৃদয়ৰ বলিয়ামীত মই উশাহ লব পৰা নাই। অভিমান
মোৰো আছে। যাঃ নকৰো ফোন। মেছেজো নকৰো। তুমিও নকৰিবা। নালাগে তুমি মোৰ খবৰ লবলৈ।
তোমাৰ মাতষাৰ নুশুনিলে মোৰ কি পেটলৈ ভাত নাযাব নেকি? টোপনী নাহিব নেকি? নে জীয়াই
থাকিবই নোৱাৰিম?
ওঁ, নাযাব, পেটলৈ ভাত নাযাব। টোপনী নাহিব, দিনটোলৈ কতো
মন নবহিব। কেনেকৈ জীয়াই থাকিম তুমি কাষত নাথাকিলে? তুমিতো জানা, সকলোবোৰ বুজা।
তেন্তে কিয় এই আঁকোৰগুজ! নে মোলৈ আজি মনত পৰা নাই? ব্যস্ত আছা? মোৰ বিশ্বাস
নহয়। তুমি য’তেই যেনেদৰে নাথাকা কিয় মোলৈ এবাৰ হলেও মনত পৰিবই। মই
বিহীনতাত পাৰিবা জানো উশাহ লবলৈ? মাত্ৰ এক মিনিটৰ বাবে মোলৈ এটা ফোন কৰা। শপত, বেচি সময় কথা
নাপাতো। মাতষাৰ শুনিবলৈ নাপালেও হব, কেৱল তোমাৰ উশাহৰ শব্দ শুনিম...। সুযোগ পালেই
ফুচফুচাই মোক ক’বা “লাভ ইউ টু”।
পল অনুপলকৈ সময়বোৰ বাগৰিছে। মই মৰি যাওঁ।
প্ৰিয়তমা তোমাৰ আজি বতৰা নাই। বৰ অকলশৰীয়া অনুভৱ কৰিছো। অসহায় হৈ পৰিছো। মোৰ
যেন একোৱেই নাই, সকলো হেৰাল। আকাশলৈ চাইছো, বতৰটো ডাৱৰীয়া। ৰূপালী জোনাকজাক জানো ক’ত হেৰাল। “১২ বাজি গ’ল মোৰ সোণজনী, হেপ্পী
ভেলেন্টাইনচ ডে, তোমাক বহুত ভালপাওঁ।“- পুৱালৈকে এছ এম এছ টো ডেলিভাৰ্দ নহ’ল। গোটেই
ৰাতিটো উজাগৰে পাৰ হ’ল। শিতানৰ গাৰুটো তিতি ৰ’ল। অৱশেষত বহু প্ৰতিক্ষিত তাইৰ ফোনকলটো
আহিল....
- তেন্তে মই এতিয়া কি কৰিম?
- মোক পাহৰি পেলাবা। মোক ঘৃণা কৰিবা। তুমি সুখেৰে থাকিব থাকিবা
মোৰ সোণ।
- আৰু তুমি?
- চেষ্টা কৰিম। নোৱাৰিলে অভিনয় কৰিম। তোমাৰ স্মৃতি সুঁৱৰি
অনাগত দিনবোৰ অতিবাহিত কৰিম। মাথোঁ তুমি দুখ নকৰিবা।
- নকৰো। প্ৰমিজ। শুভেচ্ছা থাকিল, তুমি সুখী হোৱা।
- শুভকামনা নজনাবা। সুখী হব নিবিচাৰো। সুখী হলে তোমাক পাহৰি
পেলাম, তোমাক পাহৰি
পেলালে মই নিজকে ক্ষমা কৰিব নোৱাৰিম। হেপ্পী ভেলেন্টাইনচ ডে। আই লাভ ইউ টু।
মোৰ আৰু একো কোৱা নহ’ল। কলবেক
নকৰিলো। নকৰো। থাকক তাই নিজৰ মতেই। প্ৰেম মানেইতো বিবাহ নহয়। শান্তনা লভিছো। সহিব
নোৱাৰিলেও জীয়াই থকাটো জৰুৰী। ভাবি ল’ম সেয়া মোৰ এক অতীত। তুমি নাকান্দিবা। ময়ো
নাকান্দো। দুখ প্ৰয়োজনীয়। দুখেৰেই জীৱন। এৰা, এতিয়া কৰিবলৈ মোৰ বহু কাম বাকী। জীৱনটো
অন্যধৰণে সজাব লাগিব। কষ্ট হব। হওঁক, সহজ কাম মোৰ আগৰেপৰা অপচন্দ। চকুপানীখিনি
মোহাৰি আকাশখনলৈ এবাৰ চাই পঠিয়ালো।
ডাৱৰবোৰ আঁতৰিল, ৰ’দজাক গাভৰু হবৰ হ’ল। তাইৰ
বিয়ালৈ পাক এটা মাৰিম। বহাগত বিয়া। দেউতাকৰ পচন্দৰ দৰা। বিয়া বুলি ভাল উপহাৰ
এটা দিব লাগিব। কি দিম? অ’ তাইক পাহৰি পেলাম, তাইক ঘৃণা কৰিম, মই সুখেৰে থাকিম।