দুদিন
ধৰি ধাৰাষাৰ বৃষ্টিপাত। সমান্তৰালভাৱে চকু চাট মাৰি ধৰা বিজুলী, কাণ তালমৰা মেঘৰ গাজনি। কৃত্ৰিম বানপানীৰে
পৰিপূৰ্ণ চহৰখনৰ অলি- গলি। কলৈকো উলাই যাব নোৱাৰা অৱস্থা। সময়মতে কৰ্মস্থলীত
উপস্থিত নহলেও বিপদ। দৰমহা কটা যাব। মহানগৰীখনৰ বাসিন্দাবোৰৰ বাবে বাৰিষা দিনবোৰ
বৰ অশান্তিকৰ। পিচে অশান্তিকৰ হলেও উপায় নাই। অশান্তি নাই ক’ত? জীৱন আৰু অশান্তি একেটা মুদ্ৰাৰে ইপিঠি- সিপিঠি। শান্তি অশান্তিৰ মিশ্ৰিত
সময়বোৰৰ সৈতে সহবাস কৰি আমিবোৰ জীয়াবলৈ, নিজৰ
দায়িত্ব সুকলমে পালন কৰিবলৈ বাধ্য।
পুৱাৰেপৰা একেটা কোঠাটে সুমাই থাকি চৰম বিৰক্তি জাগিছে। তাতে চিগাৰেটৰ পেকেটতো কালিয়ে শেষ। ৰাতিপুৱাৰ চাহকাপ হজম নহওতেই চিগাৰেট এটা হুপিবলৈ নাপালে কিবা এটা ভাল নালাগে। পুৰণি অভ্যাস যে। এইক্ষেত্ৰত মোৰ মৰমীজনীৰ অভিযোগ নাই। পুৱা- গধুলি দুটা চিগাৰেট হুপাত সম্পূৰ্ণ স্বাধীনতা দিছে। অৱশ্যে দিনে তিনিটাতকৈ অধিক চিগাৰেট হুপিবলৈ অনুমতি প্ৰদান কৰা নাই। আৰু ময়ো তেওঁৰ বিৰুদ্ধে যাব নোৱাৰো। তেওঁ মোক বিশ্বাস কৰে আৰু মই সেই বিশ্বাস ৰক্ষা কৰি চলিবলৈ প্ৰতিজ্ঞাবদ্ধ।
এটা সময় আছিল, এটা চিগাৰেটৰ পেকেট এবেলাৰ ভিতৰতে শেষ হৈ গৈছিল। সঠিককৈ হিচাপ নাই এটা বছৰত কিমান পেকেট চিগাৰেট হুপিছিলো...। আৰু মদ? চৰকাৰী চাকৰিটো লাভ কৰা আগলৈকে স্থানীয় চুলাই মদ, আপং অথবা লাউপানীৰে নিসংগ উদাসীন সময়বোৰৰ চাহিদা পুৰণ কৰিছিলো। চাকৰিটো পালো, হাতলৈ টকা আহিল। চাহিদা সলনি হ’ল। বিদেশী সুৰাৰ ৰাগিত মগজু অথবা হৃদয়ে বিচাৰ শক্তি হেৰোৱাইছিল। পাহৰি পেলাইছিল শান্তি- অশান্তিৰ ভিন্নতা। একোটা প্ৰৱাহতে উদযাপন কৰিছিলো দুখ কিম্বা সুখৰ মুহুৰ্তবোৰ। বয়সৰ অগ্ৰগতি তথা মোৰ অধোন্নতিৰ প্ৰতি লক্ষ্য ৰাখি ঘৰত বিয়াৰ কথা ওলাল। মা- দেউতাৰ একমাত্ৰ সন্তান, আদৰ্শ বোৱাৰী বিচৰাৰ পৰ্ব আৰম্ভ হ’ল। কমসময়তে পচন্দৰ ছোৱালীৰ সৈতে মোৰ শুভ বিবাহখন সুকলমে পাৰ হৈ গ’ল।
মৈত্ৰেয়ী শইকীয়া। আকৰ্ষণীয় চকুজুৰি, কামুক ওঁঠযুগল, ককাললৈকে বৈ পৰা ক’লা দাঠ চুলিকোচা, সকলো সময়তে ওঁঠৰ একোণত কঢ়িয়াই লৈ ফুৰা সতেজ হাঁহিটোৰ সৈতে মাক- দেউতাকৰ নয়নৰ মণি, মৰমীজনী (ঘৰত মতা নাম মৰমী) আহি মোৰ ঘৰৰ লক্ষিমী বোৱাৰী হ’লহি। মৈত্ৰেয়ীৰ দেউতাক আৰু মোৰ দেউতা একালৰ ভাল বন্ধু হোৱাৰ সুবাদতে ল’ৰাৰ বিষয়ে কিবা জনাৰ বা ছোৱালীজনীক লৈ কিবা প্ৰশ্ন কৰাৰ একো অজুহাত নাথাকিল। ভাবিছিলো বিয়াৰ পুৰ্বে তাইক মোৰ বিষয়ে সকলো জনাই দিম- মোৰ অতীত, মোৰ ভালপোৱা, মোৰ নিসংগতা, হেৰোৱা বিশ্বাস, যুগ্ম জীৱনৰ প্ৰতি থকা উদাসীনতা সকলোবোৰ তাইক কৈ দিম। ওহো, মই সুযোগ নাপালো। সুযোগ পোৱাহেঁতেনো মই কব নোৱাৰো। দেউতাৰ সন্মান, ইচ্ছা- আকাংক্ষাক জলাঞ্জলি দি মই মোৰ চাহিদা কেনেকৈ পুৰণ কৰো! ইফালে সহজ- সৰল, নিমাখিতা, অমায়িক ছোৱালীজনীৰ ভৱিষ্যতটোক লৈয়ো শংকা উপজিল। তাইৰ চাগে মোৰ সৈতে বৰ কষ্ট হব। নাই, সকলোবোৰ সময়ৰ হাতলৈ এৰি দি মই মৌনতা অৱলম্বন কৰিলো। যি হয় দেখা যাব সময়ত। বন্ধু-বৰ্গৰ প্ৰত্যাহ্বান নেওচি ফুলশয্যাৰ নিশা সুৰামত্ত অৱস্থাৰে মই মৈত্ৰেয়াৰ গাৰ কাপোৰ আজুৰিছিলো। তাইৰ কোনো অভিযোগ নাছিল। মাত্ৰ এবাৰলৈ মোক কাণে কাণে কৈছিল- “আজি এই বিশেষ নিশাটোৰ বিশেষ সময়খিনিত মদ্যপাণ নকৰাকে নহ’লহেঁতেননে? সুৰাৰ গোন্ধত মোৰ মুৰ ঘুৰাই। তুমি বিচৰাধৰণে মই মোক বিলাই দিব নোৱাৰিলে তুমি জানো ভালপাবা? প্লিজ.... কালিলৈ ড্ৰিংকচ নকৰিবা।“ নাজানো সেই নিশা অন্ধকাৰৰ সুযোগ লৈ তাই মিছাকৈ হাঁহিছিল নে সঁচাকৈ কান্দিছিল। মোৰ প্ৰয়োজত শেষ হোৱাত বিচনাখন একোণে গভীৰ নিদ্ৰাত মই ঢলি পৰিলো। গম নাপালো তাই সাৰে আছিল নে শুই আছিল। মোৰ অজ্ঞাতে শেষ ৰাতিলৈ এজাক বৰষুণ নামিছিল আৰু সেই বৰষুণজাকে গোটেই চহৰখন তিয়াই পেলাইছিল। তায়ো চাগে তিতিছিল..।

কাৰোবাৰ তিতা চুলিৰ স্পৰ্শত মোৰ অন্য এটা দিনৰ
শুভাৰম্ভ হ’ল। মোৰ পচন্দৰ স্পেচিয়েল গাখীৰৰ চাহকাপৰ সৈতে বিস্কুটভৰ্তি প্লেটখন
মোৰফালে আগুৱাই দিয়োতে তাইৰ হাত কঁপিছিল। মই মৈত্ৰেয়ীৰ চকুলৈ চাব পৰা নাছিলো।
সাহস নহৈছিল। অনুশোচনা, অপৰাধবোধত দগ্ধ হৃদয়ে মোৰ ভিতৰৰ
মানুহটো জগাই তুলিছিল। মৈত্ৰেয়ীৰ অগোচৰে মই তাইৰ মুখলৈ চাই বিশ্চ্যুতি খাইছিলো,
সন্দেহ হৈছিল নিজৰ ওপৰতে- এইজনীয়ে নে সেইজনী দুৰ্ভগীয়া ছোৱালী
যিজনীয়ে যুগ্ম জীৱনৰ প্ৰথমটো নিশাতে স্বামীৰ হাতত ধৰ্ষিত হৈয়ো পাচদিনা ওঁঠৰ
একোণত একেদৰেই কঢ়িয়াই লৈ ফুৰিছে পূৰ্বৰ সতেজতা। দুচকুত নাই বিষাদ অথবা অপ্ৰাপ্তিৰ
ঠিকনা। একান্ত মনেৰে তাই আমাৰ শুৱনি কোঠাতো সজোৱাত ব্যস্ত। মোৰ চাৰ্ট- পেন্ট,
কিতাপ পত্ৰ, অফিচৰ ফাইল আদি সকলোবোৰ চিজিলকৈ
সজাইছে। দুৱাৰ- খিড়ীকিত নতুনকৈ পৰ্দা কাপোৰ তৰিছে, কোঠাটোৰ
একোণত নতুনকৈ সংযোজিত হৈছে এটা সৰু মৰমলগা গণেছ মুৰ্তি। চৌপাশ বিয়পি আমোলমোলাই
আছে কোনোবা অখ্যাত ব্ৰেণ্ডৰ ধূপৰ সুগন্ধি। নাজানো এয়া কিহৰ আখৰা, কিহৰ আৰম্ভণি.....। দিনটো মৈত্ৰেয়ীৰ সৈতে মোৰ একো মত- বিনিময় নহ’ল। তাইৰ দায়িত্ববোধ, কৰ্তব্যপৰায়ণতা, সহনশীলতাত মই মুক হৈ ৰ’লো। পৰ্যাপ্ত হাৰত অপৰাধবোধ
বৃদ্ধি পালে। ক্ৰমশঃ আত্মদহনত মই বেচিকৈ চটফটাবলৈ ধৰিলো। এটা সপ্তাহ পাৰ হৈ গ’ল। নিশাৰ ভাগত আমাৰ শুৱনি বিচনাখনৰ দুয়োৰে মাজৰ খালী ঠাইখিনি এটা কপাহী
গাৰুৱে দখল কৰিলে। মই যেন মৰমীৰ সান্নিধ্যৰপৰা
লুকাই পলাই ফুৰিব পাৰিলেই ৰক্ষা। সেয়ে হয়তো শৰীৰটো দূৰৰে কথা মৰমীৰ উশাহেও মোক
চুব পৰা নাই। সঁচাকৈয়ে, মোৰ অলক্ষিতে মোৰ জীৱনলৈ এক পৰিবৰ্তনৰ জোৱাৰ আহিছে। সময়ৰ
দাবী। মৰমী,
মা- দেউতা, বন্ধু- বৰ্গ কোনেও জোৰ কৰা নাই,
অথচ সময়ে জীৱনটোক বাধ্য কৰিছে- পৰিবৰ্তন হোৱাটো জৰুৰী, হব লাগিবই। ফুলশয্যা নিশাৰ পাচৰেপৰা মই সুৰাপান কৰা নাই। লুকাই চুৰকৈ
চিগাৰেট হুপিছো। সঠিক সময়ত অফিচৰপৰা ঘৰলৈ উভতিছো। মৰমীৰ সৈতে লাহে লাহে দুই এটা
কথা- বতৰা পাতিবলৈ আৰম্ভ কৰিছো। তাইৰ পচন্দ অনুসৰিয়ে পেন্টৰ লগত মিলাকৈ চাৰ্ট,
জোতা পিন্ধিছো। হেয়াৰ ষ্টাইল সলনি কৰিছো, পকেটত
চিগাৰেট লাইটাৰৰ সলনি ৰুমাল কঢ়িয়াই লৈ ফুৰিছো...। কৰ্মব্যস্ততাৰ মাজতে অফিচত ম’বাইলটো উলিয়াই ন- কইনা সাজৰ তাইৰ বিশেষ ফটোখন চাইছো, এক মিনিটৰ বাবে কিবা এটা অজুহাত উলিয়াই মৰমীলৈ ফোন এটা কৰি মনপৰশা মাতষাৰ
শুনিছো। (ফোনকলটোৰ অজুহাত অনেক- “দেউতা আছেনে?” “টি ভি, ম’বাইলৰ ৰিছাৰ্জ লাগিব নেকি?
ঘৰলৈ উভটোতে শাক- পাচলি কি নিম?” ইত্যাদি..)।
দিনক দিনে ভিতৰৰ মাতাল, উন্মাদ প্ৰেমিক মানুহটো যেন জাগি
উঠিছে। মোৰ অজানিতেই মই হয়তো পুনৰবাৰ প্ৰেমত পৰিছো। মোৰ
পত্নীৰ প্ৰেমত...।
কালি বাৰিষাৰ দ্বিতীয়জাক বৰষুণজাক আমাৰ চহৰখনলৈ
নামিছিল। অনিয়মীয়া বিজুলী যোগানৰ বাবে ইনভাৰ্টাৰৰ চাৰ্জ সন্ধিয়াতে শেষ হ’ল। অন্য
দিনাৰ দৰেই প্ৰকাণ্ড বিচনাখনৰ দুটামুৰে দুয়োটা পৰি আছো। মাজত কপাহী গাৰুটো।
মৈত্ৰেয়ী আৰু মোৰ, দুয়োৰে টোপনী নাই যদিও জোৰকৈ দুচকু জপাই
ৰাখিছো। অভিনয়, টোপনী জোৱাৰ ভাও জুৰিছো। মোৰ উশাহত
হুমুনিয়াহৰ চিন সু- স্পষ্ট। টিনত ৰিমঝিম বৰষুণজাকৰ উন্মাদ নৃত্য। আন্ধাৰতে মন
কৰিছো মৈত্ৰেয়ীও যেন কিবা এক অস্থিৰতাত চটফটাই আছে। বৰষুণজাকৰ প্ৰকোপ বৃদ্ধি
পোৱাত তাইৰো অস্থিৰতা বাঢ়ি গ’ল। মোৰ মন গৈছে, কঁকালত ধৰি একেটানে যেন তাইক বুকুৰ মাজলৈ টানি আনিম...। ওহো, মই পাৰা নাই। মোৰো অস্থিৰতা বাঢ়ি গ’ল। চকু চাট মাৰি
ধৰা বিজুলীৰ চিকমিকনি এসোপা ভেন্টিলেটৰ কাঁচেৰে পাৰ হৈ আহি আমাৰ শুৱনি কোঠা
পালেহি...। সেই ক্ষন্তেকীয়া পোহৰত জিলিকি উঠিছে মৈত্ৰেয়ীৰ মোহময়ী মুখাৱয়ব....
কিয় নাজানো, সেই মুহুৰ্ততে তাইৰ সান্নিধ্য বিচাৰি উন্মাদনাত
মই প্ৰায় বলীয়া হৈ গৈছো। বৰষুণৰ প্ৰকোপ আৰু বৃদ্ধি পালে। সমান্তৰালভাৱে বাঢ়ি গ’ল মেঘৰ গাজনি। কি ভয়ঙ্কৰ শব্দ। অপূৰ্ব। মোৰেই বাৰে বাৰে বুকু কঁপিছে,
উচপ খাই উঠিছো..... আপোনা আপোনি চকুৰ পতা জাপ খাই গৈছে। হঠাত্ জানো
কি হ’ল এখন শীতল কোমল হাতৰ স্পৰ্শত মই উচপ খাই উঠিলো। বিজুলীৰ
পোহৰত মই চকু মেলিব পৰা নাই যদিও এক চিনাকী নাৰীৰ সুবাস মোৰ নাকত বিয়পি পৰিল।
মৰমীয়ে মোক জোৰকৈ সাৱটি ধৰিছে। মোৰ বুকুৰ একোণত মুৰ গুজি তাই হয়তো এইসময়ত
পৃথিৱীৰ আটাইতকৈ নিৰাপদ ঠাইখিনি বিচাৰি পাইছে। সাৱটি লওঁ বুলি মই সাৱটি লব পৰা
নাই। মোৰ কম্পিত দুহাত কিয় জানো জঠৰ মাৰি ধৰিছে...। মোৰ বুকুৰ স্পন্দন অভাৱনীয়
হাৰত বৃদ্ধি পালে। ঢক... ঢক.. ঢক... ঢক... ঢক... ঢক.. ঢক...। তাইৰো একেই....। মোৰ
বুকুত তাইৰ স্পন্দনৰ তীব্ৰতা অনুভৱ কৰিলো...। কিবা অজান শিহৰণত মোৰ গাৰ নোম ঠিয়
দিছে। কপালত বিন্দু বিন্দু ঘাঁম বিৰিঙিছে... একমুহুৰ্ততে গোটেই গাত অতিমাত্ৰা
উত্তাপ অনুভৱ কৰিছো, পাচমুহুৰ্ততে অভাৱনীয় শীতলতা। মই
আচৰিত। ফুলশয্যা নিশাৰ দিনা মইতো এনে অনুভৱ কৰা নাছিলো..। আজি কি হ’ল?
এপাকত মৈত্ৰেয়ী মোৰ বুকুৰ মাজৰপৰা উলাই গ’ল। মই প্ৰশ্নবোধক চাৱনিৰে তাইলৈ চালো। ভালকৈ মন কৰাত দেখিলো তাই কান্দিছে..। মই একোকোবে গৈ তাইৰ কাষ পালোগৈ।
- কি হ’ল তোমাৰ?

মোৰ
আবেগিক, মৰমসনা কণ্ঠত তাইৰ কান্দোনৰ শব্দ বাঢ়ি গ’ল। তাই মুখেৰে নামাতা
দেখি মই আকৌ সুধিলো
-
কি হ’লনো, কান্দিছা কিয়?
- আই এম ৰিয়েলী ছ’ৰী। বৰষুণলৈ মোৰ বৰ ভয় লাগে। বিশেষকৈ বিজুলীৰ পোহৰ আৰু মেঘৰ গাজনীলৈ। সৰুৰেপৰা অকলশৰে শুই নাপালো। বিয়াৰ কেইদিনমান আগলৈকে মাৰ লগতেই শুইছো। তেতিয়াও বৰষুণ দিলে, মেঘে গাজিলে মায়ে মোক বুকুৰ মাজত সাৱটি শুৱে। কেতিয়াবা মায়ে হাত দুখনেৰে মোৰ কাণ দুখন হেঁচা মাৰি ধৰে...। আজিও ভয় লাগিছে। মা বুলি ভয়তে তোমাৰ বুকুত সুমালোগৈ...। প্লিজ মোক বেয়া নাপাবা...। আকৌ এনেকে আনমি নকৰো। তুমি টোপনী গৈছিলা ন? টোপনী ভাঙি গল ন? ছ’ৰী... ছ’ৰী..।

তাই
ভলকৈ কথা কব পৰা নাই। তাইৰ কম্পিত কণ্ঠত নিৰাপত্তাহীনতাৰ চিন সু- স্পষ্ট। দুহাতেৰে
তাই চকুপানীবোৰ মোহাৰিছে, পলকতে আকৌ দুগাল তিতিছে। বৰষুণজাকৰ দৰেই মৰমীৰ
দুগালেৰে ধাৰাসাৰে বৈ গৈছে বেদনাৰ ঢল।
মই হাঁহিম নে কান্দিম বিবুদ্ধিত পৰিলো। ধ্যুৰ বহুত হ’ল আৰু অত্যাচাৰ। শুভ কামত দেৰি কৰিবলৈ নাপায়। বাওঁহাতখনেৰে কঁকালটো খামুছ মাৰি ধৰি একেটানে মৰমীক আনি মোৰ বুকুৰ মাজ পুৱালোহি। তাই হয়তো আচৰিত হৈছিল। কান্দিবলৈ এৰি আন্ধাৰতে একেথৰে তাই মোৰ চকুলৈকে চাই আছিল। তাইৰ উশাহবোৰ মোৰ গালে- মুখে বিয়পি পৰিল.... মোৰ দীঘলীয়া উশাহৰ সমদলত তাইৰ কপালৰ চুলিৰ একোণ কঁপি উঠিল...। বৰষুণজাকৰ আৰু তীব্ৰতা বাঢ়িল... মোৰ অস্থিৰ দুহাতে তাইৰ সমগ্ৰ দেহত বিয়পি পৰিল... পূবৰপৰা পশ্চিমলৈ... উত্তৰৰপৰা দক্ষিণলৈ..। তাইৰ সুকোমল হাত এখন আহি মোৰ বুকুতে ৰৈ গ’ল। আঙুলিকিটা অস্থিৰ। এপাকত তাইৰ ওঁঠখন আগুৱাই গ’ল মোৰ সোঁফালৰ কাণখনৰ কাষলৈ.....। মৰমীৰ বক্ষযুগলৰ স্পৰ্শত পুৰ্বতকৈ অধিক হাৰত যেন মোৰ হৃদস্পন্দন বাঢ়িছে। আবেগত মতলীয়া হৈ জোৰেৰে তাইক সাৱটি ল’লো........ আৰু ক’লো

মোক ক্ষমা কৰিবা। তোমাক বুজোতে, প্ৰেম কি
অনুভৱ কৰোতে দুদিনমান সময়ৰ প্ৰয়োজন হ’ল। বিশ্বাস হেৰাই
গৈছিল এই সম্বন্ধবোৰত। আস্থা নোহোৱা হৈছিল প্ৰতিশ্ৰুতিবোৰত। কিন্তু তুমি আহি সলনি
কৰি দিলা। মই তোমাৰ ওচৰত চিৰকৃতজ্ঞ। আই লাভ ইউ।