সূচল ৰাষ্টা ঘাটৰ প্ৰসৰতা বৃদ্ধিৰ লগে লগে বিগত দিনবোৰত
উদ্বেগজনকভাৱে বৃদ্ধি পাব ধৰিছে পথ দুৰ্ঘটনাৰ ঘটনা। শেহতীয়া এক সমীক্ষা অনুসৰি,
ভাৰতবৰ্ষত গড়ে যিমানসংখ্যক লোকে স্বাভাৱিকভাৱে মৃত্যুবৰণ কৰে তাতকৈ অধিক সংখ্যক
লোকে পথ দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাৱটি লয়। বিষয়টো চিন্তনীয়। এনেধৰণৰ
মৃত্যদূত স্বৰূপ পথ দু্ৰ্ঘটনাৰপৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় হৈছে সচেতনতা যি
সাধাৰণ জনতা আৰু চৰকাৰে উভয় পক্ষকে সামৰি লয়। এইক্ষেত্ৰত চৰকাৰৰ কৰণীয়তাখিনি অধিক।
যান-বাহনৰ তদাৰকৰ দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীসকলৰ সবল সক্ৰিয়তা তথা
কৰ্তব্যপৰায়ণতা খুবেই প্ৰয়োজনীয়। আমাৰ পৰিবহণ বিভাগে সময়ে সময়ে পথ সুৰক্ষা সপ্তাহ
পালন কৰে। পথ দুৰ্ঘটনা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এনেধৰণৰ কাৰ্য্যসূচী গুৰুত্বপূৰ্ণ।
অৱশ্যে তেওঁলোকে পথ সুৰক্ষা জাতীয় অনুষ্ঠানবোৰ প্ৰচাৰমুখী হোৱাৰ পৰিবৰ্তে অধিক বাস্তৱমুখী
হোৱাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। অনস্বীকাৰ্য যে অধিকাংশ পথ দুৰ্ঘটনাৰ ঘটনা
সংঘটিত হয় চালকৰ ভুলৰ বাবে। বাণিজ্যিক যান-বাহনৰ চালকসকলৰ অজ্ঞতা, নিৰক্ষৰতা,
অমনযোগিতা তথা ময়মতালিৰ বাবে বেছিভাগ দুৰ্ঘটনা সংঘটিত হয় বুলিলেও বঢ়াই কোৱা নহব। এইখিনিতে
ৰাজ্যিক পৰিবহণ বিভাগৰ ভূমিকা মনকৰিবলগীয়া। পথ সুৰক্ষা সপ্তাহৰ অন্তৰ্গত কৰ্মসূচীত
বাণিজ্যিক যান-বাহনৰ চালকসকলক বিশেষভাৱে গুৰুত্ব দিব লাগিব। আমাৰ যথেষ্ট সংখ্যক বাণিজ্যিক যান-বাহনৰ চালকৰ যান-বাহন নীতি বা আইন সম্পৰ্কীয় সম্যক
জ্ঞানকণো নাই। কিছুদিন চালকৰ সহযোগী হিচাপে কৰ্মত নিয়োজিত থাকি কেইদিনমান পাচত
নিজেই চালকৰ আসনত বহিবলৈ আৰম্ভ কৰে। যান-বাহনৰ গতিবেগ, যান-বাহন আইন, ৰাষ্টাৰ
দাতিৰ সাংকেটিক চিহ্ন আদিবোৰৰ প্ৰয়োগ নজনা তেনেই অনভিজ্ঞ লোকে যেতিয়া যাত্ৰীৰ
জীৱনটো হাতৰ মুঠিত লৈ গাড়ী চলাবলৈ আৰম্ভ কৰে, তাৰপৰা এনেবোৰ ঘটনা সংঘটিত হোৱাটো
অৱধাৰিত। আচলতে গাড়ী চালন সন্দৰ্ভত বা যান-বাহন আইন
সন্দৰ্ভত নূন্যতম জ্ঞান নথকা বাবেই বহু ভাৰতীয়ই আম্তঃৰাষ্ট্ৰীয় গাড়ী চালনৰ
অনুজ্ঞাপত্ৰ লাভ কৰাৰ পাচতো বিদেশত গৈ অনুজ্ঞাপত্ৰখন হেৰুৱাবলগাত পৰে। চালকৰ
অনুজ্ঞাপত্ৰ প্ৰদানৰ ক্ষেত্ৰত পৰিবহন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে কঠোৰভাৱে
নীতি-নিৰ্দেশনাসমূহ পালন কৰাটো বাঞ্চনীয়। কেৱল পৰিবহণ বিভাগেই নহয়, গাড়ীৰ
মালিকসলেও চালকজন নিয়োজিত কৰাৰ পূৰ্বে তেওঁৰ দক্ষতা আৰু যোগ্যতা সম্পৰ্কে
সুনিশ্চিত হৈ ল’ব লাগে। পথ দুৰ্ঘটনাত ইন্ধন যোগোৱা আন
এটা বিশেষ উপাদান হ’ল সুৰামত্ত অৱস্থাৰে গাড়ী চলোৱা।
অশিক্ষিত পেচাদাৰী চালকসকল বাদেই বহুতো শিক্ষিত গণ্য-মাণ্য ব্যক্তিয়েও সুৰাপান কৰি
গাড়ী চলাই যোৱাটো পৰিলক্ষিত হয়। চৰকাৰে এওঁলোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ
জড়িয়তে শাস্তি প্ৰদান কৰিব লাগে। তদুপৰি বন্ধু-বৰ্গ, পৰিয়ালৰ লোকসকলেও সুৰাপান
কৰি গাড়ী চলোৱাৰপৰা এনেলোকক বিৰত থাকিবলৈ বাধ্য কৰিব লাগে। আমি যদি মন কৰো, শতকৰা ৪০ শতাংশ পথ দুৰ্ঘটনাৰ
বিশেষকৈ বাইক দুৰ্ঘটনাত পতিত হৈ চিৰদিনৰ বাবে ঘূণীয়া হোৱা বা মৃত্যক সাৱটি লোৱা
লোকৰ ভিতৰত স্কুল-কলেজত অধ্যয়নৰত ল’ৰা-ছোৱালীৰ সংখ্যা
সৰ্বোচ্ছ। বাইক বা কাৰ এখনৰ ধনাত্মক বা ঋণাত্মক দিশটোৰ সৈতে ছাত্ৰ-ছাত্ৰীসকলৰ
ভৱিষ্যতটো সাঙুৰি আমি যদি চাওঁ, এটা কথা স্পষ্ট কলেজীয়া ল’ৰাটো
বা ছোৱালীজনীক বাইক এখন অথবা স্কুটী এখনৰ বিশেষ প্ৰয়োজনীয়তা নাই। মাক-দেউতাকৰ
উপাৰ্জিত টকাৰে ক্ৰয় কৰা বিলাসী বাইকখন বা কাৰখন দূৰন্ত বেগেৰে চলাই যোৱাৰ
তেওঁলকোৰ যি অঘোষিত প্ৰতিযোগিতা তাক লৈ বিজ্ঞ মহল আতঙ্কিত। ইয়াৰ বাবে পোনপটীয়াকৈ ল’ৰা-ছোৱালীহঁতক জগৰীয়া কৰি হাত সাৱটি বহি থাকিলে নহব। অভিভাৱসকলে তেওঁলোকৰ ল’ৰা-ছোৱালীক বস্তুবাদী তথা যান্ত্ৰিক সংস্কৃতিৰ কু-প্ৰভাৱৰপৰা
আতৰাই ৰাখি হাজাৰ হাজাৰ টকা খৰছ কৰি বাইক বা কাৰ এখন কিনি দিয়াতকৈ সেইখিনি টকা
কোনোবা এটা বেঙ্ক বা অন্যান্য বৃত্তীয় প্ৰতিষ্ঠানত বিনিয়োগ কৰিলে, অদূৰ ভৱিষ্যতে
সেইখিনি টকা তেওঁলোকৰ সন্তানটোৰ কামত আহিব আৰু দেশখনেও অৰ্থনৈতিক ক্ষেত্ৰখনত
আগুৱাই যোৱাত সহায়ক হব। তদুপৰি ৰাষ্টা ঘাটৰ অভাৱনীয় যান-জটৰ ভয়ানক সমস্যাৰপৰাও
ৰাজ্যবাসীয়ে কিছু পৰিমাণে সকাহ পাব। বহুক্ষেত্ৰত দেখা যায় যে সন্তানে বাইকখন চলাই
উদ্ভণ্ডালি কৰা বাবে আৰক্ষীয়ে কৰায়ক্ত কৰাৰ এঘন্টা নহওতেই নিজৰ টকা অথবা ক্ষমতাৰ
অপ্ৰয়োগৰ জডিয়তে ল’ৰাটোক মুকলি কৰি লৈ আনে। তেনেক্ষেত্ৰত
চৰকাৰক দোষাৰোপ কৰাটো অৰ্থহীন। কিবা কৰণীয় আছে যদি সেয়া সাধাৰণ নাগৰিকৰ। গাৰ
কাষেৰে বা সামাজিক স্থানত বাইক ষ্টান্ট বা অপ্ৰয়োজনীয়ভাৱে তহল দি গা-ঘেলাই ফুৰা
পিলিঙাবোৰ দেখিলেই উপস্থিত জনতাই সতৰ্ক কৰি দিব লাগে। প্ৰয়োজনত দুচৰ এচৰ সুধালেও অভিভাৱসকলে বেয়া পাব
নালাগে। বহুতো অভিভাৱকে কামৰ তাগিদাৰ বাবেই হওক বা ব্যক্তিগত জীৱনৰ ব্যস্ততাৰ বাবে
তেওঁৰ ল’ৰাটো বা ছোৱালীজনীয়ে কি কৰি ফুৰিছে
গমেই নাপায়। অন্যহাতেদি আমাৰ অসম আৰক্ষীক বুৰ্বক সজোৱা কামটোত আজিৰ প্ৰজন্ম
সিদ্ধহস্ত। গতিকে গুৰু দায়িত্ব সচেতন নাগৰিকৰ। কিন্তু
সকলো পথ দুৰ্ঘটনাৰ বাবেই চালকসকল জগৰীয়া নহবও পাৰে। আমি প্ৰায়ে শুনা পাওঁ,
দুৰ্ঘটনা এটা সংঘটিত হোৱাৰ পাচতে উপস্থিত উত্তপ্ত জনতাই চালকক মাৰধৰ কৰি গাডীখন
জ্বলাই দিয়া দেখা যায়। গণপ্ৰহাৰত বহু নিৰ্দোষী চালকে থিতাতে মৃত্যুক সাৱটি লোৱা
উদাহৰণ নথকা নহয়। গতিকে এনেবোৰ অনৈতিক কৰ্ম মুঠেই গ্ৰহণযোগ্য নহয়। দুৰ্ঘটনাটো
সংঘটিত হোৱাৰ আনুসংগিক কাৰণসমুহো আমি ফঁহিয়াই চাব লাগিব। মুঠতে পথ দুৰ্ঘটনাৰ দৰে
বৰ্তমানৰ ভয়াৱহ সমস্যা এটাৰপৰা পৰিত্ৰাণ পাবলৈ আমি ৰজাঘৰীয়া প্ৰজাঘৰীয়াই সমানে হাত
উজান দিব লাগিব। অন্যথা, পথ দুৰ্ঘটনা সমস্যা ৰুধ কৰাটো অসম্ভৱ।