“আজ দিল চায়ৰানা চায়ৰানা চায়ৰানা চায়ৰানা চায়ৰানা লাগতা হ্যে......” মিউজিক চিষ্টেমৰ ভলিউমটো কমাই দি অনুৰাগৰ নম্বৰটো পুনৰবাৰ ডায়েল কৰি চালো। এতিয়াও চুইটচ অফ। কি বা হ’ল! ম’বাইলটো হেৰাল নে বেয়া হ’ল? নে সি ইচ্ছাকৃতভাৱে চুইটচ অফ কৰি ৰাখিছে। কিবা অসুবিধা হবও পাৰে। নতুবা বেটাৰীৰ চাৰ্জ শেষ। গৰমৰ দিনকেইটাত অনিয়মীয়া বিদ্যুত্ যোগানৰ ফলত ম’বাইল, ইনভাৰটাৰবোৰ দিনটোৰ অধিকাংশ সময় মৃতপ্ৰায় অৱস্থাত পৰি থাকে। কৰ্মব্যস্ততাৰ বাবে অনুৰাগেও হয়তো চাৰ্জ কৰিবলৈ সুযোগ পোৱা নাই। হ’ব, বেচি চিন্তা কৰি লাভ নাই। এনেও সি টোপনী যোৱাৰ আগতে যিকোনো প্ৰকাৰে ফোন এটা কৰিবই। “আজ দিল চায়ৰানা চায়ৰানা ......” মিউজিক চিষ্টেমৰ ভলিউমটো বঢ়াই দি বিচনাখনত আলফুলে নিজৰ দেহটো এৰি দিলো। কপাহী কোমল গাৰুটো বুকুৰ মাজত টানি সজোৰেৰে সাৱটি ধৰিলো। ভাল লগা শিহৰণ এচাটি মোৰ বুকুৰে পাৰ হৈ গ’ল।
চিটীবাচখনত প্ৰচণ্ড ভীৰ। তাৰেই সুযোগ লৈ মোৰ পাচফালে ঠিয় হৈ আহি থকা পুৰুষ যাত্ৰীকেইজনে মোৰ শৰীৰত গা ঘঁহিয়াই আহিছে। তেওঁলোকৰ অত্যাচাৰপৰা নিজক বচাবলৈ যাওঁতেই প্ৰতিবাৰেই অনুৰাগৰ পিঠিত হেঁচা খাই মোৰ বক্ষযুগল চেপেটা লগাৰ উপক্ৰম হ’ল। একেটা ঘটনাৰ কেইবাবাৰো পুনৰাবৃত্তি ঘটাত তাৰ প্ৰচণ্ড খং উঠিছিল। সহ্যৰ সীমা পাৰ হৈ যোৱাত আধা ৰাষ্টাতে বাচখনৰপৰা নমাই অনুৰাগে মোক ৰঙা চকু দেখোৱাই কলে- “দ্বিতীয়বাৰলৈ তোক যদি আৰু চিটীবাচত উঠা দেখো নহয়, মৰিয়াই ঠেং ভাঙি দিম। নালাগে। চিটীবাচত উঠি গৈ তই আৰু চাকৰি কৰিব নালাগে। এতিয়াই ব’ল স্কুটী কিনি লবি।“ অনুৰাগৰ যিহে খং, দেউতাক নজনোৱাকৈ স্কুটী কিনিব নোৱাৰো বুলি কোৱাতো দুৰৰে কথা ভয়তে মই মুখেৰে টু- শব্দ এটাও নকৰিলো। বিনা প্ৰতিবাদে অট’ এখনত উঠি অফিচৰপৰা বাহিৰে বাহিৰৈ গৈ স্কুটী ডিলাৰ পালোগৈ। মোৰ সাঁচতীয়া টকা কম থকাত প্ৰয়োজনীয় টকাখিনি তাৰপৰাই ধাৰলৈ লৈ সেইদিনাই স্কুটী এখন কিনি আনিলো। পৰৱৰ্তী সময়ত স্কুটী চলোৱাত অভ্যস্ত নোহোৱালৈকে অনুৰাগৰ বাইকতে উঠি অফিচলৈ অহা- যোৱা কৰিলো। তাৰ বাইকত উঠিবলৈ ভয় লাগে। ইম্মান স্পীডত বাইখন চলাই! ভয়ত মোৰ জীৱ উৰি যায়। লাহে লাহে চলাবলৈ কলে মোৰ কথা নুশুনে। আঁকোৰগোজ ল’ৰা। সদায় নিজৰটোৱে শুদ্ধ। মোক অলপো নুবুজে। বুজিলেও নুবুজাৰ ভাও জুৰে। সি জানি বুজিয়ে মোৰ ওপৰত মৰমৰ অতিশয্যা চলায়। একপ্ৰকাৰৰ আধিপত্য। ফুটনী! পথচাৰীক দেখাই চা মই কি মষ্টি ছোৱালী এজনীক বাইকৰ পাচফালে উঠাই ঘুৰি ফুৰিছো। কিন্তু বেলেগক দেখাবলৈ যাওঁতেই মোৰ দুৰৱস্থা হয় কোনে বুজে? দুৰন্ত গতিৰে আগুৱাই যোৱা বাইকখন হঠাত্ ৰৈ গলে মই মোক নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈ যাওঁ আৰু তেতিয়াই চিটীবাচখনৰ ভিতৰত খুন্দা মৰাৰ দৰেই মোৰ বুকুখন গৈ তাৰ পিঠিত সজোৰেৰে খুন্দা মাৰে। ভীষণ কষ্ট পাওঁ। উশাহ বন্ধ হৈ জীৱ উৰি যোৱা যেন অনুভৱ হয়। পিচে, সেইদালে কষ্ট- চষ্ট নাপায় হবলা! বৰঞ্চ মোৰ কোমল বুকুৰ স্পৰ্শত সি খুউব মজা পায়। কিয়নো কষ্ট পোৱাহেঁতেন সি সদায় সদায় সুবিধা পালেই খাৰা ব্ৰেক মাৰি তাৰ পিঠিত মোৰ বুকুৰে খুন্দিয়াবলৈ বাধ্য নকৰিলেহেঁতেন। যা হওক, মই প্ৰতিশোধ লমেই ল’ম। সদায় সদায় একেখিনি কষ্ট সহি থাকিব নোৱাৰি। মোৰ বুকুখন কি পৌৰ নিগমৰ সামগ্ৰী নেকি? নে খাটী গাঁৱলীয়া তুলাৰে তৈয়াৰী কোচন! ৰহ, অনুৰাগকো স্কুটীৰ পাচৰ চিটত উঠাই এদিন এশিক্ষা দিম। কথা মতেই কাম, দেওবাৰ এটাত পাচৰ চিটত তাক উঠাই লৈ খুউব স্পীডত গৈ সি বাইকৰ ডিস্ক ব্ৰেক মৰাদি ময়ো সমষ্ট গাৰ শক্তি প্ৰয়োগ কৰি স্কুটীখনৰ ব্ৰেকদাল টানি ধৰিলো। পিচে ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি। অনুৰাগক প্ৰতিশোধ লবলৈ গৈ মইহে এশিক্ষা পালো। পুৰুষৰ হৃদয় কঠোৱা। বৈদ্য টান। শিলগুটিৰ ভাণ্ডাৰ কঢ়িয়াই লৈ ফুৰে নে অন্য কিবা নাজানো, তাৰ বুকুখন যিটো জোৰত আহি মোৰ পিঠিত খুন্দা দিলেহি, মোৰ উশাহ- নিশাহ বন্ধ হৈ গৈছিল। সেইদিনাও নমৰিলো। মৰিম কিয়? বহুত আশা পুৰণ কৰিব বাকী আছেই দেখোন!
“আজ দিল চায়ৰানা চায়ৰানা চায়ৰানা চায়ৰানা চায়ৰানা.....” গানটো কিবা এটা বুজাব নোৱাৰাকৈ ভাল লাগিছে। নতুন গান। প্ৰীতমৰ মিউজিক। অৰিজিত সিঙৰ কণ্ঠ। মোৰ ভাড়াতীয়া কোঠাৰ খিড়িকীখন খুলি দি সদায় সন্ধ্যা তাৰেই অপেক্ষাত ৰৈ থাকো। পকী ঠেক পথটোৰে লেহেমীয়া গতিৰে বাইকৰ এক্সিলাৰেটৰ পকাই অনুৰাগ আহে আৰু ওচৰৰে পাণ দোকানখনত চিগাৰেট এটা হুপি গুছি যায়গৈ। চিগাৰেট হুপি থকা সময়খিনি সি একান্তমনেৰে মোৰ খিড়িকীখনলৈকে চাই থাকে। মোক নেদেখে। সিয়ো জানে একমাত্ৰ তাৰ বাবেই যে সন্ধ্যা সময়খিনিত মই মোৰ কোঠাৰ খিড়িকীখন খুলা থাকে...। আজিও খিড়িকীখন খোলা আছিল। অনুৰাগহে নাহিল। তাৰ চঞ্চল চকুজুৰিৰ গভীৰতাত এবাৰলৈ দিনটোত মই মোক বিচাৰি নাপালে বুকুখনে হাহাকাৰ কৰি উঠে। টোপনী নাহে। পাচদিনালৈকে বুকুখন ঢৰফৰাই থাকে। পুৰণি অভ্যাস। নিচা। মাষ্টাৰ ডিগ্ৰীৰ এডমিচনৰ কামত চিটিবাচত আহি থাকোতেই অনুৰাগৰ সৈতে মোৰ দেখা-দেখি। প্ৰেম হবলৈ বুলে এক ছেকেণ্ড সময় যথেষ্ঠ। আমাৰো সেইটোৱে হৈছিল। প্ৰথম চিনাকীতেই তাৰ চঞ্চল চকুজুৰিয়ে যেন মোক কব খুজিছিল “খাই দিলি মোৰ কলিজা.....।” প্ৰত্যুত্তৰত মোৰ হৃদয়ে গ্ৰীণ চিগনেল দি কৈছিল “এইটোৱে তোৰ হবলগা ল’ৰাৰ বাপেক। লাগি থাকা, নেৰিবাঃ।“ একপক্ষীয় প্ৰেমৰো এক সুকীয়া আমেজ আছে। অনুৰাগে এই কথা মোক শিকাইছিল। সি মোক প্ৰাণভৰি ভালপাই আৰু ময়ো তাৰ অবিহনে এক মিনিট সময় জীয়াই থকাৰ কথা ভাবিব নোৱাৰো। আমি দুয়ো দুয়োৰে মনৰ কথা জানো। কিন্তু সিয়ো আজিলৈকে তাৰ মনৰ কথা মোক খুলি কোৱা নাই। ময়ো কওঁ বুলি কব পৰা নাই। পাৰিলেও নকওঁ। কিয় ক’ম? সি আগেই কব লাগিব। এয়া আমাৰ ছোৱালীবোৰৰ অধিকাৰ। ধৈৰ্যৰ বান্ধ খুলি যোৱাত এমাহ পূৰ্বে মোৰ জন্মদিনৰ দিনা ভালপাওঁ বুলি কব উলাইছিলো যদিও অনুৰাগে সকলোবোৰ খেলিমেলি লগাই দিলে। ৰহস্যৰ গোন্ধ আগতিয়াকৈ পোৱাত সি মোক ভাষণ দিবলৈ আৰম্ভ কৰি দিলে বুলে ভালপালো বুলিয়েই প্ৰেমিকাৰ আগত দিনটোত দহবাৰ আই লাভ ইউ, আই লাভ ইউ টু বুলি মুখস্থ মাতি থাকিব লাগিব বুলি কোনো ধৰাবন্ধা কথা নাই নহয়। এইবোৰ গতানুগতিকতা মোৰ ভাল নালাগে। তাতে প্ৰেম বিবাহ কৰোৱাত মোৰ অলপো আগ্ৰহ নাই। মায়ে যিজনীকে চাই দিব তাইকে বিয়া পাতিম....। ছোৱালী মানুহৰ সন্দেহবাদী মন। তাৰ ভাষণ শুনি মই বিবুদ্ধিত পৰিলো। কাৰণ অনুৰাগে অযথা মুখত যি আহে তাকে গাই নাথাকে। গতিকে....!!!
ম’বাইলটো সশব্দে কঁপি উঠিল। অনুৰাগৰ ফোনকল নহয়। তাৰ জন্মদিনৰ শুভেচ্ছা জনাবলৈ এলাৰ্ম দি ৰাখিছিলো। এঘাৰ বাজি পঞ্চলিছ মিনিট। তাৰ কথা ভাবিলে সময়বোৰ কেনেকৈ পাৰ হৈ যায় নিজেই নাজানো। অনুৰাগক বহুত ভালপাওঁ। সি জনাতকৈ, মই অনুভৱ কৰাতকৈয়ো বহুত বেচি...। খৰখেদাকৈ তাৰ ফোন নম্বৰটো ডায়েল কৰিলো। চুইটচ অফ। মই যেন বলীয়া হৈ যাম এই মুহুৰ্তত। অনুৰাগৰ কি হ’ল মানে? এবাৰ দুবাৰকৈ তাৰ নম্বৰটো বহুবাৰ ডায়েল কৰি চালো। একেই ফলাফল, চুইটচ অফ। খঙৰ ভমকত হাতৰ ম’বাইলটো দূৰলৈ দলিয়াই দিলো। ম’বাইলৰ বেটাৰীতো উফহি গৈ কৰবাত পৰিলগৈ। কি কৰো কি নকৰো মই একো সিন্ধান্ত লব পৰা নাই। এবাৰ ভাবিছো স্কুটীখন লৈ তাৰ ৰুমলৈকে উলাওগৈ নেকি? ওহো নোৱাৰো। এই দুভাগ ৰাতি কি সতেৰে তাৰ ৰুমলৈ যাওঁ। কি কৰো? কি কৰিলে ভাল হব? অসহায় হৈ পৰিছো। নানা দুচিন্তাই মনটো ভৰি পৰিছে। ভাবি গুণি একো উৱাদিহ পোৱা নাই। কষ্ট-মষ্ট কৰি কোনোমতে নিশাটো পাৰ কৰিলো আৰু পোহৰ হওঁ নহওঁ হৈ থকা অৱস্থাতে স্কুটীখন চলাই মই গৈ অনুৰাগৰ ৰুম পালোগৈ। মহাশয় মষ্টি মাৰি শুই আছে। ব্ৰহ্মপুৱাতে মোৰ ৰণচণ্ডী মুৰ্তি দেখি সি আচৰিত হ’ল। অনুৰাগে ভয়ে ভয়ে মোৰ চকুলৈ চালে। মই তাৰ বিচনাখনতে বহি ল’লো।
- ম’বাইলটো কি হ’ল। মোৰ খং অভিমানৰ মিশ্ৰিত কণ্ঠ।
- বেয়া হ’ল। অজলা শিশুৰ দৰে তাৰ উত্তৰ।
- কেনেকৈ?
- ভাঙিলে?
- কি কাৰণে?
- হাতৰপৰা পৰি।
- সঁচা কথা কোৱা।
- খঙতে দলিয়াই দিছিলো।
- কিয়?
- মাৰ লগত ফোনত তৰ্কা- তৰ্কি হৈছিল।
- কি কথাত...?
- ……..
- মুখেৰে মাত দিয়া।
- .....
- মোৰ খং উঠাই ন’লবা।
- .......
- তুমি কবানে? নে মোৰ মুৰটো পকী ৱালখনত মাৰি দিম?
- মায়ে মোৰ দিন- বাৰ ঠিক কৰিছে।
- কি?? কি কৰিছে বুলে? বিয়া? অ গড
- ছোৱালী মাৰ পচন্দৰ। মোৰো পচন্দ হৈছে। কিন্তু দুদিনমান দেৰিকৈ মোৰ বিয়া পতাৰ মন। মায়ে নুবুজে। সেয়ে..।
- অকে ফাইন। বেষ্ট অৱ লাক। মই যাওঁ। হেপ্পী বাৰ্থডে।
- ৰোৱাচোন। চাহ একাপ খাই যোৱা।
- তুমিয়েই চাহ মিঠাই বহি বহি খাই থাকা। পচন্দৰ ছোৱালীজনীকো ৰুমলৈ মাতি বাৰ্থডে চেলিব্ৰেট কৰা। মই যাওঁ। যিটো কথালৈ মই ভয় কৰি আছিলো সেইটোৱে হ’ল। ল’ৰাবোৰ বাৰু কিয় এনেকোৱা? চকুপানীখিনি কোনোমতে নোলোৱাকৈ ধৰি ৰাখি মই বাহিৰলৈ উচাট মাৰি উলাই আহি দূৱাৰমুখ নাপালোহি....। কোনপাকত অনুৰাগে মোক সাৱটি ল’লে ততেই নাপালো। চকুমেলি চাওঁ মানে মোৰ ওঁঠ তাৰ দুই ওঁঠৰ মাজত বন্দী। মই আচৰিত, কি হ’ল মানে? নে ইয়ো অসভ্য। চিঞৰ বাখৰ লগাই ৰাজহুৱা ধুলাই অলপ খুৱাও বুলি ভাবিও মই চুপ থাকিলো। চাওচোন সি আৰু কি কৰে! বাওহাতখন কঁকালত ৰাখি সোঁহাতখনেৰে মোৰ দুগালেদি বৈ অহা চকুপানীখিনি মচি দি আবেগ ভৰা কণ্ঠেৰে অনুৰাগে মোক ক’লে- মোৰ ওপৰত অলপো বিশ্বাস নাছিল নে? মই কিদৰে তোমাক বাদ দি অন্য নাৰীৰ কথা ভাবিব পাৰো কোৱা? বিশেষ কাম এটাত অফিচৰপৰা বাহিৰে বাহিৰে কালি এফালে গৈছিলো। সময়ৰ নাটনিত তোমাক খবৰ দিয়া নহল। সেই ঠাইতে মোৰ মোবাইলটোও হেৰাল। ৰাতি প্ৰায় দুই মান বজাত অফিচৰ গাড়ীৰে মোক থৈ গৈছেহি। আই এম ৰিয়েলী ছ’ৰী সোণজনী...। আই লাভ ইউ..।
ৰক্ষা। মই যেন যমৰ ঘৰৰপৰহে উভতি আহিছো। ভীষণ স্ফুৰ্তি লাগিছে। মই জিকি গলো। কাৰণ সিয়ে অৱশেষত মোক ভালপাওঁ বুলি কৈ দিলে। কি ক’ম কি নক’ম....। সুযোগটো পাই কন্দনামুৱা কণ্ঠেৰে ময়ো তাৰ পুৰণি ডায়লগটো মাৰি দিলে “ভালপালো বুলিয়েই প্ৰেমিকৰ আগত দিনটোত দহবাৰ আই লাভ ইউ, আই লাভ ইউ টু বুলি মুখস্থ মাতি থাকিব লাগিব বুলি কোনো কথা নাই নহয়।” এটা মিচিকিয়া হাঁহিটোৰে অনুৰাগে মোক সজোৰেৰে সাৱটি ল’লে। আজিও তাৰ বুকুত হেচা খাই মোৰ বুকু চেপেটা হোৱাৰ উপক্ৰম হ’ল। কষ্ট পাইছো। আস্...
“…………. বিগড়া হোৱা দিল চাম্ভালনে জানে না…….. আজ দিল চায়ৰানা চায়ৰানা চায়ৰানা চায়ৰানা চায়ৰানা লাগতা হ্যে......।”