তাই বেশ্যা নাছিল (খণ্ড নং- ৫)


-   সেই মক্কেলটোলৈ চা বে..!

চকুত বিলাসী ছানগ্লাছ, হাতত চেমছাং গেলেক্সী এছ থ্ৰী, পিন্ধনত সুঠাম শৰীৰটোত লিপিট খাই লাগি থকা হোৱাইট টি- ছাৰ্ট আৰু ব্লেক জিনছ। ভৰিৰ বগা স্পৰ্টছ শ্ব যোৰ দূৰৰেপৰা জিলিকি আছে।
  -   ৰাটো হেণ্ডচাম বে। আইলা, পতাই লওঁ নেকি বে?”
লগৰজনীৰ কথা শুনি গ্ৰোপটোৰ গোটেইকেইজনী ছোৱালীয়ে গিৰ্জনী পাৰি হাঁহিলে। সিহঁত গোটেইকেইজনীৰে চকু বিমানৰ ওপৰত।
-     ঐ, টয়টা ফৰচুনাখন মোৰ ফেভাৰেট কাৰ হয় বে। গাড়ীখন তাৰেই যেন লাগিছে। তাতে হোৱাইট কালাৰ। অ মাই গড। মই ফ্লেট হৈ গলো।
-   -  যা তেন্তে পতাই ল গৈ..।
-  -   নাহ, ফন নম্বৰটো পালে কথাই নাই। লাইনত এবাৰতে আনিব পাৰিম। কিন্তু পাওঁ কেনেকৈ?
-     ডাইৰেক্ট গৈ খূজি দেগৈ।
-   -  হেই ভয় লাগে। কিবা যদি কৈ দিয়ে?
-  -   চিঞৰি দিবি। নিউজ লাইভ, ডি ৱাই এনেই আছে নেকি? যা বিন্দাছ, কিবা কলেই এসপ্তাহৰ ব্ৰেকিং নিউজ বনাই দিম যা।
-   -  হাঃ হাঃ হাঃ... বেচেৰাটো। এহ, মোকো আকৌ কেমেৰাত উলিয়ালে দাঙৰ কথা হৈ যাব নহয়। ঘৰত ঠেং ভাঙি দিব দেউতাই।
-   -  মূৰ্খ। উচ্চতম ন্যায়লয়ৰ ৰায় অনুসৰি নিৰ্যাতিতা নাৰীৰ ফটো বা ভি ডি অ ফুটেজ তেনেদৰে প্ৰকাশ কৰিব নোৱাৰে নহয়। আৰু কিবা দিলেও তোৰ মূখখন অস্পষ্ট কৰি দিব। টেনচন নলবিয়ে।
-    -সেইটো জানো। তথাপিও মিছাতে তাক হাৰাশাস্তি কৰাৰ কি দৰকাৰ। বাদ দে, সি আমাক একো কৰা নাই নহয়।
-    -ইচ্, এনে সতী সাবিত্ৰীজনী উলাইছে। থ থ...।
-     ঐ আজি পূজা ধৰা পৰিল নহয়। তাইৰ সিটো বয়ফ্ৰেণ্ডে গম পাই গল নহয় তাই দুটাক সমানে চলাই থাকা বুলি...!
-    -অ বে, ৰেষ্টুৰেন্টতে তাম্মাম জেং ৰে।
-    -তাকেইতো।

ধুনীয়া ছোৱালীবোৰ দেখিলে বিমানৰ মনটো উৰা মাৰি বিদেশৰ কোনোবা এখন হোটেল পায়গৈ৷ পাবইতো৷ ডেকা ল'ৰা৷ যৌৱনৰ জুইদপদপকে জ্বলি থাকে৷ নোনুমাই৷ জ্বলক দে৷ জ্বলা বস্তু জ্বলিবই৷  চকু দুটাৰ পূৰ্ণ উপযোগিতা নল'লে জীয়াই থকাৰ কি লাভ? ধুনীয়া ছোৱালীক চকু দিলে টেক্স দিব নালাগে নহয়৷ সিহঁতেটো ভালেই পায়৷ ল'ৰাবোৰে চাওক বুলিয়ে দেহৰ এফাল ৰাজহুৱা পদৰ্শনীও মাৰে কিছুমানে৷ মানে সিহঁতে দেখাই আৰু চা মোৰ চাইজ!!  ওৰি বাঃদৌৰি গৈ বুকুৰ মাজত সাৱটি যেন ক'ম- "মোৰ জান কলিজাআআআআএনেকৈ কাপোৰ নিপিন্ধিবা… "

পিন্ধক দে৷ আমাৰ কি যায়৷ মাকহঁতেই জীয়েকহঁতক শৰীৰৰ আধাখিনি উলাই থকা কাপোৰ পিন্ধিব দিব আৰু পাচত কিবা এটা হ'লে গোটেই পুৰুষ জাতিটোক গালি পাৰিব৷ কি দৰকাৰ মানে!!

বিমানৰ চকু মবাইলতোৰ স্ক্ৰীণত। পলাশে সেইখিনি ঠাইতে তাক ৰবলৈ কৈছিল। ১৫ মিনিটতে পামহি বুলি কথা দিয়া মানুহটোৰ ১ ঘন্টা হবৰে হল দেখা সাক্ষা্ত নাই। খং উঠি যায় তাৰ। তাতে সি ৰৈ আছে চহৰৰ ছোৱালী কলেজখনৰ সন্মূখত। দুজনীমানে আৰম্ভণিৰেপৰা যেনেকেহে তাৰফালে চাই আছে লাজেই লাগি যায়। এই ছোৱালীবোৰে লৰাবোৰক হাঁহি চায় নে চাই হাঁহে ধৰিবকে নোৱাৰি। ছোৱালী বুলিলে ভয়েই লাগে। সৃষ্ট্ৰিৰ মুলতে যিদৰে নাৰী, পতনৰ মুলতেও নাৰী হব পাৰে। ইহঁত সাংঘাটিক জীৱ। পৰালৈকে আতৰি ফুৰাই ভাল। 
চহৰখনলৈ আজি ফাগুণ নামিছে। আবতৰীয়া ফাগুণ। কেনিও চাবকে নোৱাৰি। স্বয়ং সৰস্বতী মাৰ লগতে সৰগৰ অপেস্বৰীবোৰ যেন পৃথিৱীলৈ নামি আহিছে। বেয়া লাগা নাই। কিমানদিন যে হল পৰম্পৰাগত সাজ পাৰত অসমীয়া ৰূপহী জীয়ৰীহঁতক নেদেখা। মুম্বাইত থাকোতে কেৱল জিনচ্, মাইক্ৰ মিনি পৰিহিত ছোৱালীবোৰক চাওতেই গল। আজি তাৰ সঁচাকৈয়ে ভাল লাগিছে। চহৰখনৰ এক অপূৰ্ব পৰিবেশ, চৌদিশে জিলিকিছে ৰঙা, নীলা, হালধীয়া, সেউজীয়া। ফ্ৰাষ্টট্ৰেকৰ বিলাসী চানগ্লাছযোৰৰ ফাকেৰে সি কিবা এটা বিছাৰি ফুৰিছে, মনত এক অস্থিৰতা। এনে লাগিছে হঠাতে যেন তাৰ সন্মূখেৰে পাৰ হৈ যাব মৌচুমীজনী..।

মাজতে কলেজৰ ৱালখন। ৱালখনৰ সিপাৰে এটা শ্বহীদ বেদী। শ্বহীদ বেদীটোতে ভিন্ন গোটত ভাগ হৈ বহি আছে এজাকমান চঞ্চলা গাভৰু। তাৰ মাজৰে দুজনীমানৰ চকু তাৰ ওপৰত। কথাৰ মাজতে বাৰে বাৰে তালৈকে চাই আছে। বোধহয় তাৰ কথাই কিবা আলোচনা হৈ আছে। নহবও পাৰে। সি নিশ্চিত নহয়। তথাপিও তাৰ কিবা এটা ভাল লগা নাই।

পলাশলৈ তাৰ খং উঠিল। ফোন কৰিলে ৰিছিভ নকৰে। গাড়ী চলাই আহি আছে চাগে। ধেত তেৰি, মিছাতে সময়বোৰ নষ্ট হৈ আছে।

অফিচলৈকে যাওগৈ বুলি গাড়ীখনৰ লকটো খূলিব ধৰোতেই পলাশ আহি পালেহি। তাৰ কপালত বিন্দু বিন্দু ঘাম। দুচকুৰে এক অপৰাধী চাৱনি। আধা ৰাস্তাতে তাৰ বাইকখন পামচাৰ হল। সেয়ে ইমান দেৰি। বিমানৰ খংটো কেনিবা পলাল। হৈ যায় এনে কেতিয়াবা। পলাশে সময়ৰ গুৰুত্ব বুজে।
-     
  - চাইছ? পলাশৰ ধূৰ্তালিভৰা কণ্ঠ।
-  -   চাবলৈ কি আছে? জীৱনত বহুত ছোৱালী দেখিছো।
-     হব দে। ফটা লেবেল নিদিবি। ময়ো দেখিছো। কিন্তু চাদৰ- মেখেলা, শাৰী পিন্ধা ছোৱালী সদায় নেদেখ। বছৰৰ মুৰত এদিনেই। আজি কেৱল সৰস্বতী পূজাই নহয়। ছোৱালীহঁতৰ শালিনতা দিৱস আৰু এই দিৱসৰ লগত সংগতি ৰাখিয়ে অসমৰ বিভিন্ন নিউজ চেনেলবোৰে সৌন্দৰ্য প্ৰতিযোগিতা অনুস্থিত কৰে। গোটেই অসমত নিৰ্বাচিত হব এইবছৰৰ দহগৰাকী সুন্দৰী যুৱতী। ৰাতিলৈ টি ভি তো চাবলৈ নাপাহৰিবি বেটা...।
-     মানে? পলাশৰ ব্যাখ্যাখিনি বিমানে ভালদৰে নুবুজিলে। এইদালে সুবিধা পালেই লেকচাৰ মাৰা আৰম্ভ কৰি দিয়ে। তাৰ কি কি যে কথা নহয়। ধেইত্
-   -  আপটুডেট অসম..... বাবা। এই যে ছোৱালীহঁতে চাদৰ- মেখেলা অথবা পিন্ধি শাৰী পিন্ধি ঘূৰি ফুৰা দেখিছ, তাৰ অৰ্ন্তনিহিত কাৰণটো বেলেগ। অধিকাংশ ছোৱালীয়ে নিজৰ মনৰ চখত সেইবোৰ পিন্ধা নাই। পিন্ধিছে, কাৰণ সিহঁতক টি ভি ত দেখাবা। দিখাৱা। মিডিয়াৰ মানুহে কেমেৰা লৈ লৈ ভিডিঅ ফুটেজ সংগ্ৰহ কৰি থকা তই দেখা নাই নেকি? পলাশে ইংগিতিৰে কলেজ চৌহদৰ ওচৰতে ৰৈ থকা নিউজ চেনেৰ কেমেৰামান কেইজনলৈ আঙুলি টোৱালে।
- -    অ... তাৰমানে টি আৰ পি আনিবলৈ অসমতো যুৱতীৰ বেহা আৰম্ভ হৈ গল।
-     য়েচ বচ। এনেওতো বলিউড, হলিউডত ভাল চিনেমা যিমান নোলোওক, যিমানে ভাল কাহিনীৰে ভালৰ ভাল চিনেমা নবনাওক, ডাইৰেক্টৰে চিনেমাখনত যদি নায়িকাৰ কাপোৰ খুলাব নোৱাৰে তেন্তে সেইখন চিনেমা নচলে। নায়িকাই কাপোৰ খুলা আৰু ব্লকবাষ্টাৰ হৈ উলাই যোৱা।
-     দোষ কাৰ? আমি নগ্নতা বিচাৰো বাবে সিহঁতে দেখায় নে সিহঁতে দেখায় বাবে আমি চাওঁ? ডাইৰেক্টৰে কাপোৰ খুলি বা শৰীৰৰ একাংশ ৰাজহুৱা কৰিবলৈ দিয়ে বাবে নায়িকাবোৰে কাপোৰ খুলে নে সিহঁতবোৰৰ নিলজ্জ্বতা, দায়িত্বহীনতাৰ সুযোগ লৈ ডাইৰেক্টৰে কাপোৰ খুলিবলৈ বাধ্য কৰে?
-     প্ৰশ্নটো অলপ জটিল। ময়ো ভাবো। উত্তৰটো নাপাওঁ। কলেজৰ ভিতৰলৈ চা। একাংশ ছোৱালীয়ে কিমান সুন্দৰকৈ শালিনতা ৰক্ষা কৰি কাপোৰ পিন্ধিছে, চাচোন....। একদম মুৰ দু –খাই গৈছে। ইহঁতবোৰত অকাৰণতে কোনোবা লৰাইই ঐ বুলি কলেই দিমগৈ যেন কাণফালি যোৱাকৈ দুটা চৰ। এতিয়া আকৌ চা.... সেই ছোৱালী গ্ৰোপটোলৈ..। শাৰীৰ ঢং দেখিছ? ব্লাউজৰ নামত সামান্য বস্ত্ৰ এটুকুৰা। পিঠিখন সম্পূৰ্ণ উদং। অন্তৰ্বাস পিন্ধাই নাই হবলা। পাৰ্থক্যটো চা সেইকেইজনীৰ লগত। শাৰীখন যেনেকৈ পিন্ধিছে আমি দূৰৰেপৰা কৈ দিব পাৰিম তাইৰ স্তনৰ আকাৰ- আকৃতি...। ভৰিৰ চেণ্ডেলযোৰ চাচোন। খোজকাঢ়িলেই যেন গেৰুৱাৰ সেই মাৰিদাল নে কিদাল ভাঙি থাকিব? আব্বে যদি কোজকাঢ়িব নোৱাৰই তেন্তে মাটিৰপৰা দুই ইঞ্চি ওখ গেৰুৱাৰ চেণ্ডেলযোৰ পিন্ধিছ কিয়?  
-     তোৰ যে চকু নহয়। বৰ অসভ্য দেই। বিমানে কৃত্ৰিম ধমক দিলে।
-    -হাঃ হাঃ হাঃ এতিয়া জগৰ লাগিল আমি দেখোতাৰ ন। চকু আছে চকু যাবই। কিন্তু সিহঁতৰ হাতত চয়চ আছে। কাপোৰ প্ৰস্তুত কৰোতাই ভিন্ন ডিজাইনৰ কাপোৰ তৈয়াৰ কৰে। এতিয়া পিন্ধোতাৰ ওপৰত ভৰষা কৰিব, তেওঁ পিন্ধিব কি? নেদেখুৱাবলগীয়াখিনি দেখাই দহজন লৰাৰ দৃষ্ট্ৰি আকৰ্ষণ কৰিবলৈ ছোৱালীহঁতে যদি চুটি কাপোৰ পিন্ধে, শৰীৰ একাংশ ৰাজহুৱা কৰে তেন্তে দেখোতাক দুখ দিব নোৱাৰ। সিহঁতে দেখক বুলিয়েটো পিন্ধিছে। মোৰ কথা হল, আমাক কাপোৰ লাগে কিয়? বিশেষকৈ ছোৱালীক কাপোৰৰ প্ৰয়োজন কিয়? সিহঁতৰ গোপন অংগবোৰৰ গোপনীয়তা ৰক্ষা কৰিবলৈকে কাপোৰৰ প্ৰয়োজনীয়তা নহয় জানো? তেনেস্থলত সিহঁতে গোপনীয়তা ভংগ কৰিবলৈ কাপোৰ পিন্ধে কিয়! এইটো কেনেকোৱা সংস্কৃতি। গাটো সম্পূৰ্ণকৈ লুকাই থকা কাপোৰ পিন্ধিলে যদি অসুবিধা হয় তেন্তে সম্পূৰ্ণ সুবিধাৰ্থে কাপোৰেই পিন্ধিব নালাগে। থাকক তেনেকেই।
-     তাৰমানে ভুলটো ইহঁতৰে?
-     অ। লৰাবোৰক অভদ্ৰ অসভ্য বুলি সকলো সময়তে জগৰীয়া কৰিলে নহব। চুড়ান্ত অসভ্য ইহঁত। থাকিব অসমত আৰু লেবেল দিব আমেৰিকা সংস্কৃতিৰ। আমি লৰা মানুহ। হৰমন বুলা বস্তু এটা আমাৰো আছে। বিপৰীচ লিংগৰ প্ৰতি আমি দূৰ্বল। নেদেখা বস্তু এটা, নজনা কথা এটা জানিবলৈ আমি সদায় উত্সুক। এই কথা সকলোৱে জানে। তাৰ পাচতো? এই টেমাতে গৰম হৈ যায় মিছাতে। বল  এতিয়া কলেজৰ ভিতৰলৈ।

পলাশৰ প্ৰস্তাৱত বিমানৰ খংটো টিনিচকে মাৰি পথালে।
-     অভদ্ৰ চাল্লা, এইখন ছোৱালী কলেজ। নাযাওঁ মই ভিতৰলৈ। এইদাল কিবা চাৰপ্ৰাইজ হল নেকি..!
-    -আব্বে, ছোৱালী কলেজত সৰস্বতী আই বেছিকৈ সক্ৰিয়। ছোৱালীবোৰৰ কথা নাজান নেকি বে? ৰাবোৰতকৈ সিহঁতে ভগৱানক বেছি বিশ্বাস কৰে। সেইমতে প্ৰয়োজনীয় নিয়মখিনি ৰক্ষা কৰি দেৱী পূজা বা ভগৱানলৈ মিনতি জনোৱাত সিহঁত ওস্তাদ। মানে ভগৱানক কিদৰে কনভিঞ্চ কৰিব লাগে সিহঁতে বেচি ভালকে জানে। মইনাহঁতে কালিৰেপৰা লঘোণ দিছে। তই জানো দেখা নাই আজিকালি সৰস্বতী মা সিহঁতৰ ফলীয়া। সেয়েতো মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী বা অন্যান্য পৰীক্ষাবোৰত সিহঁত আগত থাকে। আমাৰ এই লৰাবোৰেহে নীতি নিয়ন নামানে। সন্দেহ আছে আজি কিমান লৰাই গা নোধুৱাকৈ পূজালৈ আহিছে।
-     তয়ো গা ধূৱা নাই মানে।
-     ধুৰ, ধোইছো বে
-     সঁচাকে নে? নে গা নোধূৱাকে কেৱল চুলিত পানী সানি গাত বডি স্প্ৰে মাৰি আহিছ?
-     - তোৰ নিচিনা পাইছ মোক হা? তোৰ মানে অভ্যাস আছে ন’?
-    নাই, তোৰ আছে বুলি ভাবিছিলো আকৌ। হব দে ভুল হৈ গল। মাফ কৰ।
-    -হব হব। এতিয়া লেকচাৰ মাৰি থাকিব নালাগে। বল ভিতৰলৈ।
-     নাযাও নেকি
-    আব্বে বল। ভাও খাব নাহিবি মিছাতে। এটা ছাৰপ্ৰাইজ ভিতৰতে ৰৈ আছে তোৰ বাবে।

পলাশে তাক প্ৰায় টানি নিয়াদি কলেজৰ ভিতৰলৈ লৈ গল..। উপায় নাই আৰু।

(আগলৈ)