কালিলৈ কাতি বিহু। গতিকে স্কুল খুলা থাকিলেও মোৰ
৫ বছৰীয়া ভতিজাটো কোনপধ্যে স্কুললৈ নাযায়। স্কুলৰপৰা আহিয়ে মাকৰ সৈতে সি যুঁজি
আছে। মাকেও যিমান পাৰে তাক মনাবলৈ চেষ্ট কৰিছে, স্কুললৈ নগ’লে
প্ৰিঞ্চিপালে পিতিব। মিছে গালি পাৰিব। দেউতাকক অফিচলৈ মাতি তাক বেয়া ল’ৰাৰ দেউতাক বুলি কব। ইত্যাদি ইত্যাদি। নাই, কোনোপধ্যে সি নামানে। স্কুললৈ
নাযায়। তাৰ যুক্তি, স্কুলৰপৰা আহি পাওঁতে দেৰি হ’ব। ভাগৰে
জিগৰে আহি টোপনী যাওঁতেই তুলসী পুলি সজাই মেলি চাকি জ্বলাবলৈ সময় নাপাব। সিদিনা
আইতাকে তাক ৰৱাব টেঙা খুৱাৰ কথা কৈ আছিল। ঘৰত নাই বাবেই বিহুৰ দিনা ক’ৰবাৰপৰা সংগ্ৰহ কৰি অনাৰ কথা। কিন্তু টেঙাটো খোৱা হ’ব
দুপৰীয়া সময়ত। গোটেইকিটা কথা চিন্তা কৰিয়ে সি স্কুললৈ নায়ায়। মাকে অৱশেষত বুজাই
মেলি বলে নোৱাৰি দুচাট এচাট দি শান্ত কৰিলে। মই মৌনতাৰে কেৱল হুমুনিয়াহ কাঢ়িলো।
শৈশৱৰ সোণোৱালী দিনৰ ছবিবোৰ বাৰে বাৰে মনলৈ ভাঁহি আহিল। এৰা, আই এচ এল, আই পি এলৰ
জ্বৰত সমগ্ৰ ৰাজ্যবাসী আক্ৰান্ত হৈ থকা সময়তে হেঁপাহৰ কঙালী বিহুটি আহি নঙলামূখ
পালেহি। গাঁৱৰ কণ-কণ শিশু এচাম আৰু তেওঁলোকৰ মাক, খুড়ীয়েক, বৰমাকহঁতৰ এইকিদিন কিন্তু
আহৰি নাই। কঙালী হলেও বিহু বিহুৱেই। অৱশ্যে আন দুটা বিহুৰ তুলনাত কাচি বিহু বুলিলে
আমাৰ মনত সিমান এটা উছাহৰ ঢল নবয়। নিঃকিন ভাৱ এটাই মনটো বুৰাই ৰাখে। ভঁড়াল উদং
বাবেই পকেট উদং। শৈশৱৰ কথা বাদ দি আজি ২৪ বছৰীয়া মনটো কাতি বিহু বুলিলেই মনলৈ তুলসী
গছজোপাৰ সৈতে সন্ধ্যাৰ মিঠাতেলৰ মাটি ছাকি এগছ আৰু নাৰিকল দিয়া বুত মাহ মুঠিৰ
ছবিখনহে ভাঁহি উঠে। আগতে দেউতাৰ সৈতে পথাৰৰ ধাননিৰ মাজত ছাকি (ঔ টেঙা ব্যৱহাৰ কৰি)
জ্বলোৱাৰ লগতে ঘৰৰ ভঁড়ালটোৰ দূৱাৰমুখত চাকি জ্বলোৱা মনত আছে। বিশেষকৈ মা,
খুড়ীহঁতে লগ হৈ কঙালীৰ দিনা দুপৰীয়া ভাগত একেলগে ৰৱাট টেঙা কাটি খোৱা কথা পাহৰো
কেনেকৈ? আজিকালি ৰৱাট টেঙা পাবলৈ নাই। পালেও কোনে কাটি থাকে,
ব্যস্ত অসমীয়া। যান্ত্ৰিক সভ্যতাৰ প্ৰতিনিধি আজিৰ প্ৰজন্মই ঔ টেঙাৰ প্ৰয়োজন ক’ত কি বুজিব? চিনাকী পথাৰখন গাভৰু হ’ল বুলি ক’লে সিহঁতে মুখ মেলি চাই থাকিব। স্কুল-কলেজ খুলা। চৰকাৰীকেইখনলৈ নগলেও
কথা নাই। কিন্তু ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠানলৈ নগৈ গালি খাই মৰিলেহে হ’ব। বাকী
গাঁৱলীয়া খেতিয়ক আছে কেইজন? চৰকাৰৰ তিনিটকীয়া চাউল প্ৰদানৰ
আঁচনিখনে এলেহুৱা অসমীয়া জাতিটোক গাখীৰেত ম’হৰ খুটি কৰি
দিয়াৰ দৰে অৱস্থা। ইফালে ভূতৰ ওপৰত দানহ পৰাদি আহি ওলাইহি বছৰেকীয়া বানপানীটো।
সিয়ো এৰৃকপ্ৰকাৰৰ জাতীয় উত্সৱৰ দৰেই। গতিকে কঙালীৰ মাদকতা উপভোগ কৰিবলৈ আজিৰ শিশু,
ডেকা-বুঢ়াৰ মনত আগ্ৰহ তথা আকৰ্ষণৰ অভাৱে দেখা দিছে। সময় সলনি হ’ল। আমাৰ যিকোনো এটা উত্সৱ, তিথিৰ বাবে বিদ্যালয় বন্ধ হোৱাৰ আগদিনা বা
পাছদিনা আমাৰ স্কুলৰ প্ৰধান শিক্ষকজনে তাৰ তাত্পৰ্য্য বুজাই দিছিল। মনত আছে....
“ঐ গৰুহঁত...। কালিলৈ যে স্কুল বন্ধ। জাননে?
অ’ বিহু। কাতি বিহু। কঙালী বুলিও কয়। বিহু প্ৰধানকৈ খেতি তথা কৃষিৰ লগত জড়িত। তাতে অসম কৃষি ভূমি ৰাজ্য আৰু খেতি হিচাপে ধান খেতিৰ লগত ইয়াৰ এক
নিবিড় সম্পৰ্ক আছে। আগতে এটা বছৰৰ বাবে কেৱল শালি খেতিহে কৰা
হৈছিল। আৰু সেই শালি ধানৰ
ওপৰতে এটা বছৰ ভৰষা কৰিব লগা হৈছিল। শালি খেতি সাধাৰণতে আহাৰ-শাওণ মাহত ৰুৱা হয় আৰু আঘোণ-পুহ মাহত চপোৱা
হয়। শালি ধান কটাৰ আগে আগে
আহিন কাতি মাহত প্ৰায় মানুহৰ বছৰৰ জমা ধান শেষ হয় আৰু আৰ্থিক
দুৰৱস্থাই কঙালী কৰে। সেয়েহে আহিন মাহৰ সংক্ৰান্তিৰ দিনা ধান গছৰ তলত চাকি-বন্তি দি সেৱা জনাই
যাতে ধান ভালে কুশলে আপদ-বিপদ নোহোৱাকৈ চপাব পাৰি। সেই কাৰণেই মূলতঃ কাতি বিহু পতা
হয়। কাতি বিহুৰ দিনা তুলসীৰ
তলতে চাকি-বন্তি, বুট-মাহ প্ৰসাদৰ সৈতে লক্ষি আইক আৰাধনা কৰা হয়।“
দিন বাগৰিল। বয়স বাঢ়িল। বুজি উঠিলো কঙালীৰ প্ৰকৃত মাদকতা। উৎসৱ পার্বণ মানেই সুখ আৰু সমৃদ্ধিৰ উদযাপন। আমাৰ মনটোক ৠণাত্মক ভাৱধাৰাৰ পৰা মুক্তি দিবলৈ একপ্ৰকাৰৰ সামূহিক
প্রচেষ্টা। ই আমাৰ সামাজিক বান্ধোন মজবুত কৰাৰ লগতে মনত সৱল আশাবাদী ভাৱ এটা
সঞ্চাৰ কৰে। উত্সৱ হলেও কাতি বিহু কিছু ব্যতিক্ৰম। কাতি বিহুৰ সময়ছোৱাত চিনাকী পথাৰখন ক্ৰমাত্ গাভৰু হবলৈ লয়। ভড়ালহে
উদং। অৱশ্যে এই সময়চোৱা হৈছে সোণগুটিৰে ভড়াল চহকী কৰাৰ আগৰ সময়খিনি। কাতি বিহুৰ পিচত পথাৰৰ পকা ধান কটা আৰম্ভ
কৰিবলৈ আৰু মাত্র এমাহ মানহে বাকি থাকে। ধান কটা আৰু অন্যান্য জড়িত কামসমূহ সম্পন্ন কৰাৰ পিচত যেতিয়া
সকলোৰে অৱস্থা স্বচ্ছল হৈ পৰে, তেতিয়াই আমি উলহ মালহেৰে উদ্যাপন কৰো
ভোগালী বিহু । বেজবৰুৱাদেৱে ঠিকেই
কৈছিল, আমি অসমীয়া নহওঁ দুখীয়া। হাতত সময় তাকৰ। এই কমসময়চোৱাৰ ভিতৰতে দুটা বিহু
উদ্যাপন নকৰি আর্থিক স্বচ্ছলাৱস্থাত উপনীত হোৱাৰ পিচত অকল ভোগালী বিহু উদ্যাপন
কৰিব পৰা গ’লহেতেন। কিন্তু ইয়াকে নকৰি আমি সৱল মানসিকতাৰ অসমীয়া জনগণে অনাটনৰ দিনবিলাকতো
একেলগে থাকি সামাজিক ভাৱে সকলোৰে মাজত দুখ দুর্গতিৰ সম্মুখীন হ’ব
পৰাকৈ প্রেৰণাৰ সঞ্চাৰ কৰো এই কাতি বিহুৰ যোগেদি। ইয়াৰ যোগেদিয়ে আমি সকলোৱে
অঘোষিতভাৱে প্ৰতিজ্ঞাবদ্ধ হওঁ যে আমাৰ দুখ দুর্গতিৰ সময়বোৰতো গোটেই সমাজখনে এটা
পৰিয়ালৰ দৰে এজনে আনজনৰ সহায়ত পাৰ কৰিম। আমি সকলো এক, আমি কেৱল সুখৰ সময়তহে ইজনে
সিজনৰ সংগ নিদিও, দুখৰ সময়তো আমি হাতে হাত ধৰি আগুৱাই যাম। আমি দুখীয়া নহয়, আমি কেৱল
ভোগালীৰ ভোগ উপভোগ কৰাতহে অভ্যস্ত নহয়, কঙালীৰ অভাৱ অনাটনৰ মাজতো আমি দুখ উদযাপন
কৰিব জানো। নাজানো আমাৰ উঠি অহা প্ৰজন্মই কঙালীক কিদৰে গ্ৰহণ কৰিব। পিঠিত কিতাপৰ
বোজা, মুৰত দাঙৰ মানুহ হোৱাৰ চিন্তা। অভাৱ কি নুবুজা আজিৰ এচাম শিশুৱে দাঙৰ মানুহ
হোৱাৰ সংজ্ঞাটো কিদৰে গ্ৰহণ কৰিব তাক লৈ বহু প্ৰশ্নই উদয় হয়। জন্ম হৈয়ে উপহাৰ
হিচাপে লাভ কৰা জ’নচন এণ্ড জ’নচন
বেবীকিট ব্যৱহাৰ কৰা আজিৰ শিশু এটাই ঘৰত পেৰা মিঠাতেলৰ বিশুদ্ধতা কি উপলব্ধি কৰিব?
দিনটো স্কুল-কলেজৰ অত্যাধুনিক সা-সুবিধাযুক্ত ক্লাছৰুমত বহি তথাকথিত
পাঠ্যক্ৰমৰ জ্ঞান অৰ্জন কৰি থকা শিশুটোৱে কঙালী বিহুৰ বিশেষ দিনটোৰ তাত্পৰ্য্য
অনুধাৱন কৰিবলৈ আহৰি পাবনে? সেউজীয়া পথাৰখনত বৃহত্ বৃহত্
অট্টালিকা সজোৱা হ’ল। বাৰিষাৰ বোকাপানী নগচকিবলৈ কেঁচা মাটিৰ
চোতালখন পকী কৰা হ’ল। টাবত ৰুৱা নিশকতীয়া তুলসী পুলিটোৰ
মৃতপ্ৰায় অৱস্থা। চুবুৰীয়া সমনীয়াৰ সংগত পৰিলে ল’ৰাটো বেয়া হ’ব, ঘৰতে সুমাই থাকক। ৰৱাব টেঙা নালাগৈ খাবলৈ। চিপচ্, কেদবেৰী চকলেট, মম’, পিজা আদিবোৰ খা। টেঙা খায় নেকি? জংঘলৰ মাজত থকা
এইবোৰ গছৰ ফল। ধেত্। নালাগে অসমীয়া বিহুৰ ঐতিহ্য জানিবলৈ। শালি ধান কেনেকুৱা
কেইজনী মাকে চিনি পায়? ইংৰাজী পঢ় ইংৰাজী। স্মাৰ্ট হ। আজিৰ
সমাজে আমাক খুৱাবনে? সৰল দেউতাকে কঠোৰ মাকৰ মুখলৈ চাই শৈশৱৰ
দিনবোৰ মনত পেলাই হুমুনিয়াহ কাঢ়িব। আৰু মোৰ দৰেই মৌন হৈ অসমীয়া জাতিটোৰ সংস্কৃতি
পৰম্পৰাৰ ভৱিষ্যতটোক লৈ ভিতৰি শংকিত হ’ব। গাঁৱৰ এচাম খেতিয়কৰ
বাবে পথাৰ, ভঁড়ালঘৰৰ দূৱাৰত বা তুলসীৰ তলত চাকি জ্বলাই সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা
কৰাৰ প্ৰয়োজনে বা ক’ত? মাহেকৰ মুৰত
সুলভ মূল্যৰ চাউলকেইটা পাবই। আমি আসমীয়া কিহৰ দুখীয়া??