তই মোক ভালপাৱ? কিয়? কিয় ভালপাবি? নাপাবি।পাব নোৱাৰ। মই এই পৃথিৱীত কেৱল এগৰাকী নাৰীকে মোক ভালপোৱাৰ অধিকাৰ দিছো- মা। মোৰ মা। নেক্সট এবাৰো যদি তোৰ মুখত ভালপোৱা সম্পৰ্কীয় কিবা শুনো, মাৰি পেলাম। আই উইল ফিনিছ ইউ।
অনুৰাগে কালি মদ খাই নিশা কৰ্তব্যৰত আৰক্ষী বিষয়া এজনক বেয়াকৈ প্ৰহাৰ কৰিলে বুলে। মানুহজন বাচিব নে নাই তাৰ নিশ্চয়তা নাই। নয়নে কোৱামতে ঘটনাটো সংঘটিত হোৱা আগলৈকে সি নয়নৰ কোঠাতে আছিল। বহু দেৰিলৈকে দুয়ো প্ৰচুৰ মদ্যপান কৰিছিল। ১১ মান বজাত অনুৰাগ হঠাতে নিজৰ কোঠালৈ যাবলৈ ওলাল। নয়নে বাধা দিছিল যদিও তাৰ কথা অনুৰাগে নুশুনিলে। আধা বাটতে তহলদাৰী আৰক্ষী বাহিনীৰ দল এটাই তাক ৰখালে। নৈশ দায়িত্বত নিয়োজিত আৰক্ষী বিষয়াজনৰ সৈতে সুৰামত্ত অৱস্থাত বাইক চলোৱা সম্পৰ্কে তাৰ কথাৰ কটা- কটি হ’ল। এপাকত বৰুৱা উপাধিৰ বিষয়াজনে তাৰ মাকক ধৰি অশ্লীল গালি- গালাজ কৰিলে আৰু তাৰেই পৰিণতিত অনুৰাগে তেখেতক বেয়াকৈ প্ৰহাৰ কৰিলে। খবৰটো পোৱাৰ পাচত অপৰাজিতাৰ সহ্য হোৱা নাই। হাজাৰ ভুল কৰিলেও, নুশুনাবলগীয়া কথা শুনালেও নতুবা নকৰিবলগীয়া কাম কৰিলেও আপোনজনক বেয়া পাব নোৱাৰি। খং, অভিমানবোৰ ক্ষন্তেকীয়া। কালি নয়নৰ কোঠাত থাকোতেই তাই অনুৰাগলৈ ফোন কৰিছিল। দুই এটা কথা পতাৰ পাচতে সি মদ্যপান কৰা বুলি অপৰাজিতাই জানিব পাৰিছিল। মদ নাখাবা বুলি কৈ একো লাভ নাই বাবেই তাই তাক কম পৰিমাণে মদ্যপাণ কৰিবলৈ অনুৰোধ জনালে। ফোন কলটোৰ সংযোগ বিচিন্ন কৰা সময়তে গতানুগতিকভাৱেই তাই তাক কৈছিল- আই লাভ ইউ। প্ৰত্যুত্তৰত অনুৰাগে উলোটাই তাইক প্ৰশ্ন কৰিছিল, “তই মোক কিয় ভালপাৱ..... কিয় ভালপাবি। নাপাবি। .........মাৰি পেলাম তোক।“
আগতে দেখোন সি তেনেকোৱা নাছিল। অনুৰাগক লগ পোৱাৰেপৰা উত্পতীয়া স্বভাৱটো আছিল যদিও এতিয়াৰ দৰে মদ খাই মাতলামি কৰি নুফুৰিছিল। অপৰাজিতাই যিমানদূৰ জানে এক জানুৱাৰী, ভোগালীৰ উৰুকা আৰু বন্ধুৰ জন্মদিন বাদ দি সি কেতিয়াও কোনো কাৰণতে মদ্যপান নকৰিছিল। আৰু যেতিয়াই কৰিছিল তাৰ আগতে অপৰাজিতাক এবাৰ সি জনাই লৈছিল- সোণজনী আজি পানী অকণমান ধৰিমগৈ দেই। তুমি আৰু অভিমান কৰি নাথাকিবা। অলপমান... মাত্ৰ দুপেগ। প্লিজ.....।
কেইমানহমান পূৰ্বে অনুৰাগৰ মাক ঢুকাইছে। প্ৰেচাৰ ষ্ট’ক হৈ লগতে ঢুকাল। বিচনাত পৰি থাকি যমৰ যন্ত্ৰণা ভুগিব লগা নহ’ল। মাকৰ মৃত্যুৰ পাচৰপৰাহে অনুৰাগে পগলা মানুহৰ দৰে আচৰণ কৰিবলৈ লৈছে। অপৰাজিতাই জানে, মাকক সি বহুত ভালপায়। মাক বুলিলে অনুৰাগক একোকে নালাগে। মাকৰ তুলনাত অপৰাজিতা, অপৰাজিতাৰ ভালপোৱা, বন্ধু- বৰ্গৰ জন্মদিনৰ পাৰ্টী, অফিচৰ বিশেষ জৰুৰী মিটিং এই সকলোবোৰ তাৰ বাবে গৌণ। মাজতে অফিচৰ জৰুৰী মিটিং এৰি মাকৰ পানী লগা জ্বৰ হোৱা খবৰ লবলৈ গৈ নিজৰ চাকৰিটো হেৰোৱাইছিল। একেই কাৰণতে অপৰাজিতাৰ লগতো তাৰ প্ৰায়ে কাজিয়াৰ হৈছিল। সি ঘৰলৈ গলেই অপৰাজিতালৈ ফোন কৰিবলৈ পাহৰে। দিনটোত খবৰ এটা নলয়। কেৱল ম.. মা... আৰু মা। অনুৰাগে তাইক এদিন কৈছিল তুমি নালাগে গোটেই পৃথিৱীখনে মোক অকলশৰীয়া কৰি এৰি থৈ যাওক, আই ডন্ট কেয়াৰ। কিন্তু মা নহ’লে মই এক ছেকেণ্ড সময় জীয়াই থাকিব নোৱাৰিম। সেয়ে মাকৰ মৃত্যুৰ দিনা সকলো মানুহে তাক লৈ ভয় খাইছিল, কি বা কৰে! বিশেষকৈ অপৰাজিতা আৰু নয়নে ২৪ ঘন্টাই তাৰ ওপৰত কাঢ়া নজৰ ৰাখিছি সি যাতে একো পাগলামি নকৰে। ঈশ্বৰৰ কৃপাত মাকৰ তিলনি, দহা- কাজ সকলো সুকলমে পাৰ হৈ গ’ল। অনুৰাগ পুনৰ কৰ্মস্থলীলৈ উভতি আহিল। ক্ৰমশঃ পূৰ্বে আশংকা কৰা তাৰ পাগলামিবোৰ আৰম্ভ হ’ল।
- মানুহজন বাচিল দে। নমৰে। এতিয়া উকিল এজন লৈ অনুৰাগৰ জামিনৰ ব্যৱস্থা কৰিব লাগে।
নয়ন আহি অপৰাজিতাৰ কোঠা পালেহি। নয়ন তাৰ বাল্যকালৰ বন্ধু। এতিয়া দুয়োটা একেটা অফিচতে কাম কৰে। তাহাতৰ ঈৰ্ষণীয় বন্ধুত্বৰ বান্ধোন। প্ৰেমিকা হিচাপে নজনা, নুবুজা বহু কথা নয়নে জানে, বুজে।
- আচলতে সি মাৰপিট কৰা আৰক্ষী বিষয়াজনৰ পত্নী অনুৰাগৰ জন্মদাত্ৰী মাক।
ওৱা, নয়নে কি কয়! অনুৰাগৰ দেউতাক দেখোন কোনোবা এখন স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকহে। মাক... জন্মদাত্ৰী মাক...! অপৰাজিতাই কথাটো ঠিক ধৰিব পৰা নাই।
- নহয় অ। অনুৰাগৰ জন্মৰ ছমাহমানতে তাক দেউতাকৰ ওচৰতে এৰি অন্য এজন পুৰুষলৈ পলাই গৈছিল। দেউতাকে ছমহীয়া ল’ৰাটোৰ খাতিৰতে পুনৰ বিয়া কৰালে। মানুহজনী ভাল আছিল। অনুৰাগক নিজৰ ল’ৰা বুলি আকোৱালি ল’লে। তাৰ বহুবছৰ বয়সলৈকে অনুৰাগে গমেই নাপালে সেইজনী তাৰ মাহীমাক বুলি। কলেজত পঢ়ি থকা দিনবোৰতে তাৰ আচল মাকৰ বিষয়ে জানিব পাৰিলে। তাৰ জন্ম দিয়া মাক এতিয়াও জীৱিত। আৰু সেই আৰক্ষী বিষয়াজন তাৰ মাকৰ স্বামী। নয়নে অপৰাজিতাক সবিস্তাৰে বুজাই ক’লে। কথাবোৰ শুনি অপৰাজিতা মুক হৈ ৰ’ল। অনুৰাগে এইবোৰ কথা তাইৰপৰা গোপনে ৰাখিছিল। আনকি তাৰ মাহীমাকৰ কথাও.....।
- মাহীমাকৰ এটা কথা শুনিলে তই বিশ্বাস নকৰিবি।
- কি? অপৰাজিতাই নয়নৰ মুখলৈ চালে।
- তাৰ মাহীমাকে ইচ্ছা কৰাহেঁতেন গৰ্ভধাৰণ কৰি সন্তান এটা জন্ম দিব পাৰিলেহেঁতেন। নিদিলে। তেখেতে ভয় কৰিছিল নিজৰ সন্তানটো জন্ম হোৱাৰ পাচত অনুৰাগ এলাগি হৈ পৰে বুলি...।
- কি? সঁচাকৈ!
- অ।
মাকবোৰে মাহীমাকৰ দৰে আচৰণ কৰা বহু ঘটনা তাই শুনিছে, দেখিছে। কিন্তু মাহীমাক এজনী হৈ মাকৰ দৰে আচৰণ কৰা এয়াই প্ৰথম শুনিছে। এইখিনিতে অপৰাজিতা বিবুদ্ধিত পৰিছে- অনুৰাগৰ বাবে প্ৰকৃত অৰ্থত মাহীমাক কোনজনী? তদুপৰি আৰক্ষী বিষয়াজনাক সি কিয় মৰিয়ালে, সেয়া তাৰ শত্ৰুতা নে পাগলামি!!