- মই যাওঁ?
- যা।
- তই নাকান্দিবি।
- নাকান্দো।
- মই যাওঁ?
তাইৰ চলচলীয়া দুচকুৰ আহ্বানত মই ৰৈ যাব খুজিও নৰ’লো। মই গুছি আহিলো। উভতি
নাচালো।
আনদিনাৰ দৰেই সেইদিনাও প্ৰাচুৰ্যই মোলৈ ফোন কৰিছিল, মোক খং কৰিছিল। গালি
পাৰিছিল। তাৰ অধিকাৰ আছে বাবেই কৈছিল- “কথাটো ভাল নহ’ল। তোৰ সিদ্ধান্ত ভুল। তই
পগলা। তই নিষ্ঠুৰ। তই কেৱল নিজক বুজি পাৱ। তই স্বাৰ্থপৰ।“
মোৰ ফোনটো ছুইটচ অফ হৈ গৈছিল। বেটাৰী ল’। পুৰণি ম’বাইল। বেটাৰী বেক-আপ একেবাৰেই বেয়া। সি জানে, বুজে। মোৰ টকাৰ অভাৱ।
দৰমহা পালেই নতুন বেটাৰী এটা কিনি দিম বুলি সি মোক কথা দিছিল। মই নল’লো। লব পাৰিলোহেঁতেন, নলওঁ। মই আঁকোৰগোজ। মই পগলা।
পগলা যদিও মই বুজো তাইৰ মৌন ওঁঠৰ ভাষা। মোতকৈ ভালদৰে তাইক আৰু কোনে বুজিব পাৰে?
সমস্যাটো তাতেই, মোৰ এগালমান টকা নাই।
জীয়াই আছো। কাৰো ওচৰত হাত নপতাকৈ দুবেলা দুসাজ খাই আছো। কিন্তু সেইখিনি টকা পৰ্যাপ্ত
নহয়।
মই অকলে কুশলে আছো। তাইৰ স’তে শান্তিৰে জীয়াব পৰা
নাই। আৰু টকা লাগে। কেতিয়াবা মানুহে নিজৰ বাবে জীয়াই থকাতকৈ আনৰ বাবে জীয়াব লগা হয় আৰু তেতিয়াই জীয়াই থাকিবলৈ বহুত টকাৰ
প্ৰয়োজন হয়।
কি কৰিব পাৰো মই? এগৰাকী নাৰীয়ে দেহ বিক্ৰী
কৰিলে সমাজে বেশ্যা বুলি কয়, মই কি কৰিব পাৰো? মহানগৰখনৰ অলিয়ে গলিয়ে
পগলাৰ দৰে ঘুৰি ফুৰিছো, মোক টকা লাগে। টকাৰ বাবে
মই যিকোনো কাম কৰিবলৈ প্ৰস্তুত। সত্ কিম্বা অস্, নৈতিক অথবা অনৈতিক- এইবোৰ পাৰ্থক্য মই নুবুজো। বিবেকৰ কথা শুনিবলৈ, বুজিবলৈ মোৰ আহৰি ক’ত?
ওহো, সকলো সময়তে সকলো
পৰিস্থিতিতে কেৱল যুক্তিৰে মানুহ জীয়াই থাকিব নোৱাৰে। যুক্তি প্ৰয়োজনীয়।
বাধ্যতামূলক নহয়। আবেগবিহীনভাৱে আপুনি সুখী হব পাৰিবনে?
নোৱাৰে। মূল্যবোধ হেৰাব। মূল্যবোধ হেৰালে আপুনি হেৰাই যাব। দুখবোৰকে সুখ বুলি
ভুল কৰিব, এদিন ভুল ভাঙিব। আপুনি
কান্দিব। আপোনাৰ কাষত কোনো নাথাকিব।
মই এনেকৈয়ো ভাবো। ভাবিবলৈ বাধ্য। পিতৃহীনতা আৰু দৰিদ্ৰতাৰ মিশ্ৰিত ধুমুহাজাকক
নেওচি দাঙৰ হোৱা ল’ৰা। জীৱনে যেনেদৰেই শিকাইছে
তেনেকৈয়ে শিকিছো। বহুতৰ বাবে মই দূৰ্ভগীয়া, মোৰ বিশ্বাস নহয়। মোতকৈ মোৰ বিষয়ে আৰু কোনে ভালদৰে জানিব
পাৰে? নোৱাৰে। এইখিনিতে মই অহংকাৰী।
বিশেষ কায়দাৰে চিগাৰেটৰ ধোঁৱাখিনি আকাশলৈ এৰি দি ইফালে সিফালে চালো। মানুহবোৰে
মোলৈকে চাইছে। চিকিউৰিটী গাৰ্ডকেইজনৰ সতৰ্ক দৃষ্ট্ৰি। মোৰ কিবা অপকাৰ হলে সিহঁতৰ
চাকৰি যাব। চাকৰি গলে সিহঁতে বহুত কিবা হেৰুৱাব। মান- সন্মান, খ্যাতি, পৰিয়ালৰ স্থিতি। ইচ্ছা
কৰিলেও মই মৰিব নোৱাৰো।
প্ৰাচুৰ্য আহি পোৱাহি নাই। সি আগৰ চাকৰিটো এৰি দি মোৰ সতে ৰাজনীতিত নামি পৰিল।
এটা সময় আছিল, ৰাজনীতি বিজ্ঞান তাৰ
প্ৰিয় বিষয় আছিল। অথচ ভাৰতীয় ৰাজনৈতিক ক্ষেত্ৰখনক সি ঘৃণা কৰিছিল। ৰূপান্তৰিত সময়, তাৰ ধাৰণাৰ পৰিবৰ্তন
হোৱাটো তেনেই স্বাভাৱিক।
তাই বিয়া নোহোৱাকৈয়ে ৰৈ গ’ল। মই উভতি যোৱাৰ কথা নাছিল। কিন্তু তাই অন্ধবিশ্বাসী। ঈশ্বৰক বিশ্বাস কৰাত
মোৰো আপত্তি নাছিল। তাই ভুল কৰিছিল। সকলোৰে বেচিতো ভাল নহয়। ইংৰাজীত ইয়াকে কয়- “Too much Very bad”.
তাই প্ৰয়োজনতকৈ অধিক মোক ভালপাইছিল, মোক ভৰষা কৰিছিল, তাই অপেক্ষা কৰিছিল.... সেইখিনিতেই তাইৰ প্ৰথমটো ভুল কৰিছিল।
প্ৰাচুৰ্যৰ বিয়া পতাৰ বয়স ওকলিল। সি ব্যস্ত। তাকো কেৱল টকা লাগে। জোনৰ বিয়ালৈ
ময়ো গৈছিলো। যাবলৈ মন নাছিল। সিটো মোৰ দৰেই আঁকোৰগোজ।
ন- কইনাৰ সাজেৰে তাই ধুনীয়াজনী হৈ পৰিছিল। হেপাহ পলুৱাই আমি তাইক চাইছিলো।
বিলাসী গাড়ীখনৰ দৰ্জা খুলি সি মাঁথো কান্দিছিল, মই তাক সাৱটি লৈছিলো। তাইৰ কপালৰ দাগটোলৈ সি ৰ লাগি চাইছিল, মই তাক আজুৰি আনিছিলো।
তাই হাঁহিছিল, “অতিমাত্ৰা দুখতো মানুহে
বুলে হাঁহিব পাৰে। তাইৰো তেনে হৈছিল নেকি?” - সি মোক সুধিছিল। মই বিদেশী সুৰাৰ বটলতো তাৰ হাতত গুজি দি কৈছিলো-
“কাৰাকৈ পেগ এটা বনা।“
তাইক ভালপোৱা দিনৰে কথা। বাতৰি কাকত বিক্ৰী কৰি পোৱা টকাৰে সি তাইলৈ এটা আঙুঠি গঢ়াইছিল। সি তাইক আঙুঠিটো পিন্ধাব, এদিন তাইক নিজৰ কৰি ল’ব। সি সপোন দেখিছিল, সপোন পূৰণ নহ’ল। কাৰণটো দৰিদ্ৰতা।
ছোৱালীবোৰৰ মাক- দেউতাকহঁতে দৰিদ্ৰতালৈ ভয় কৰে। আমি তেওলোকৰ আবেগক শ্ৰদ্ধা কৰো।
ভুল বুজাবুজিৰ কথাই নাহে। তাইৰ বিয়াৰ দিনবাৰ নিশ্চিত হৈ গল। আঙুঠিটো তাইক পিন্ধোৱা
নহল।
বিয়াৰ দিনা কোনপাকত সি তাইক আঙুঠিটো দিলে মই তলকিবকে নোৱাৰিলো। মনত পৰিছে, চপগুটিৰে পৰিপূৰ্ণ পিতলৰ
আকৰ্ষণীয় বটাতো তালৈ আগুৱাই দিয়োতেই সুযোগ বুজি তাইৰ হাতত সৰুকৈ কিবা এটা গুজি
দিছিল... ৰঙীণ কাগজে বন্ধোৱা সৰু বাহটোতে আঙুঠিটো শুই আছিল। সেইয়া কেৱল সোণ আছিল
বুলি মই নাভাবো, সেয়া তাৰ সপোন, তাৰ হেঁপাহ, তাৰ নিস্বাৰ্থ ভালপোৱা।
আজি কান্দক সি। মদ খাওক।
স্পন্দিতাৰ গাটো ভাল নহয়। তাই গম নোপোৱাকৈয়ে মদ খাইছো। গম পালে তাই কান্দিব।
কান্দিলে বায়েকৰ বুকুখন বিষাব। বায়েকে আনদিনাৰ দৰে আজিও উজাগৰে আছে নে? মই যাম, সাৱটি ল’ম, বহুবছৰীয়া অভিমানবোৰ বুকু
পাতি ল’ম... হেঁপাহ পলুৱাই তাই
কান্দিব... মই বুজনি দিম,
খং কৰিম, গালি পাৰিম। নিশব্দে তাই
মোৰ বুকুতে শুই পৰিব!!
ইচ্ছা কৰিলেও মই যাব নোৱাৰো। মই বাধ্য। সেই যে আহিলো, উভতি যাব নোৱাৰিলো। প্ৰাচুৰ্যই
মোক বুজে। তায়ো জানে, বুজিবহে নোখোজে।
এগালমান টকা আজি। কিবা হেৰুৱালো। কিবা পালো। ঠিকেই জীৱনে একো নিদিয়ে, আজুৰি লব লাগে।
কস্তুৰী, তোমাৰ বাবেই, কেৱল তোমাৰ বাবেই মোক
ক্ষমা কৰিবা। তুমিতো এনেকৈয়ে সুখী। তাই সুখত আছে, তুমিতো তাই সুখী হোৱাটোকে বিছাৰিছিলা?
- “আৰু এটা পেগ বনা বে
চন্দন। জোনলৈ আজি বৰ মনত পৰিছে.... তোৰ আজি বায়েকলৈ মনত পৰা নাইনে?”
প্ৰাচুৰ্যই চকু মেলিব পৰা নাই। তাৰ নিচা হৈছে। মই আৰু এটা পেগ বনালো। মুখেৰে একো নামাতিলো। কি কম, সি মোক বুজে।