(প্ৰেমিকাৰ দেউতাকৰ সৈতে মোৰ অন্তিম আলাপ)
প্ৰেম মানেই বিবাহ নহয়। কথাষাৰ পোন প্ৰথমবাৰৰ বাবে কোনে কৈছিল নাজানো। জোনেই নকওঁক কিয় কওতাজনলৈ মোৰ বৰকৈ পুতৌ ওপজে। প্ৰেমিকাক হেৰুৱাই উপায় নাপায় মোৰ খুড়াৰ দৰে তেখেতেও চাগে শান্তণা লভিছিল প্ৰেম মানেই বিবাহ নহয়। আৰে, প্ৰেম মানেই যদি বিবাহ নহয় তেন্তে কি? ত্যাগৰ নামত বুকুৰ ধৰফৰনি, টাইম পাচ নে মূৰ্খামি? মোৰ সৰুটো খুড়াৰ কথা শুনক। ৫ বছৰ ধৰি গাঁৱৰে ছোৱালী এজনীৰ সৈতে তেওৰ প্ৰেমৰ সম্পৰ্ক আছিল। একদম গভীৰ প্ৰেম। দিনটোত ইটোৱে সিটোক এবাৰ নেদেখিলে থাকিবই নোৱাৰে। দুয়ো যেন আজন্ম প্ৰেমিক। পিচে ছোৱালীৰ বাপেকে কথাটো গম পাই জীয়েকৰ বাবে চাকৰি কৰা বেলেগ দৰা বিচাৰিবলৈ আৰম্ভ কৰি দিলে। খুড়াৰ আছেনো কি! দৰিদ্ৰ খেতিয়ক দেউতাক। যিটো ঘৰত থাকে এজাক সৰু বৰষুণতে মজিয়াখন পানীৰে উপচি পৰে। গতিকে হাইস্কুলৰ হেডমাষ্টৰে খুড়াৰ দৰে নিবনুৱা দৰিদ্ৰ এটালৈ বিয়া নিদিয়াটো স্বাভাৱিক। বিয়াৰ দিন বাৰ নিশ্চিত নহওতেই ছোৱালীয়ে খুড়াক লগ ধৰি কলে বুলে কিবা এটা কৰা সোনকালে। বিয়াৰ দিন বাৰ নিশ্চিত হৈ গলে তেওৰ হাতত একো উপায় নাথাকিব। খুড়াই এবাৰ ভাবিছিল প্ৰেমিকাক পলুৱাই কৰবালৈ লৈ যোৱা যোৱা যাওক, পাচত যি হয় হব। বিবেকে বাধা দিলে, পলুৱাই নি থাকিব কত, খাব- খুৱাব কি? কেৰেলাতকৈ গুটি দীঘল হোৱাতকৈ ছোৱালীৰ দেউতাকৰ সৈতে কথা পাতি দুবছৰমান সময় বিচৰাই মংগল হব বুলি খুড়াই ভাবি ল’লে। সেইমতে গৈ দেউতাকক লগ ধৰি কথা পাতিলে। নাই, কাম নহ’ল। দেউতাকৰ স্পষ্ট মত ছোৱালী নিদিয়ে তেওঁলৈ। চাই থাকোতে চকুৰ পচাৰতে প্ৰেমিকাৰ বিয়াৰ দিন বাৰ চুড়ান্ত হ’ল। প্ৰেমিকাই কান্দি- কুটি পলুৱাই লৈ যাবলৈ খুড়াক হাতে ভৰিয়ে ধৰিলে। অকমণ্য খুড়াই আকৌ ছোৱালীকহে ওলোটাই পাঠ পঢ়ালে বুলে প্ৰেম মানেইতো বিবাহ নহয়। গল, প্ৰেমিকা বেলেগলৈ বিয়া হৈ গুছি গ’ল। স্মৃতিবোৰ বুকুত বান্ধি খুড়া অকলশৰে ৰৈ গ’ল। এতিয়া প্ৰেমিকাক হেৰুৱাৰ বেজাৰত দিনৰ দিনটো মদ খাই য’তে ত’তে পৰি থকা খুড়াক কেতিয়াবা সুধো প্ৰেম মানে সঁচাকৈয়ে বিবাহ নহয় ন খুড়া? তেওঁ মুখেৰে নামাতে। কি কব? ময়ো কব নোৱাৰিম। আপোনাৰ ওচৰত ইমেজ জমাবলৈ ময়ো এতিয়া দীঘলীয়া ভাষণ অলপ দি প্ৰতিপন্ন কৰি দিব পাৰো যে প্ৰেম মানেই বিবাহ নহয়। কিন্তু কেৱল যুক্তিৰে জীৱন আৰু সম্পৰ্ক নচলে। অৱশ্যে খুড়াহঁতৰ দিনৰ প্ৰেম আৰু বৰ্তমানৰ প্ৰেমৰ মাজত আকাশ পাতাল পাৰ্থক্য। বৰ্তমান প্ৰেম মানেই চেক্স। বিন্দাচ টাইম পাচ। তীব্ৰ প্ৰতিযোগিতা। কোন ল’ৰাই কিমান ছোৱালীৰ ভাৰ্জিনীটি ব্ৰেক কৰিব পাৰিছে, কোন ছোৱালীয়ে কিমান ল’ৰাক শৰীৰটো দি ম’বাইল হেণ্ডচেট, ৰিচাৰ্জ, পকেট মানি লুটিব পাৰিছে তাৰেই প্ৰতিযোগিতা। এইক্ষেত্ৰত আমি একেষাৰে কৈ দিব পাৰো প্ৰেম মানে খাটাং বিবাহ নহয়। হবই নোৱাৰে। এইবোৰ প্ৰেম হলেহে...! নহয়তো। ইয়াক ব্যৱসায় বুলি কয়। প্ৰেমৰ বিজনেচ। তৰল ভাষাত ধান্দা। পিচে মই এই ধান্দাৰ পৰিপন্থি। সেয়ে আপোনাৰ ওচৰলৈ আহিলো। আপোনাৰ জীয়ৰীৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কৰ বিষয়ে আপোনাক জনালো। মোৰ নৈতিক দায়িত্ব শেষ। ইয়াৰ পাচতো যদি আপুনি আপোনাৰ ছোৱালীক মোলৈ বিয়া নিদিয়ে কথা ঝেং হৈ যাব। উঠাই লৈ যাম আপোনাৰ ছোৱালীক ৰভাতলিৰপৰা। আপুনি যি কৰে কৰি থাকিব। টকা দিলে সকলো সম্ভৱ। পুলিচক টকাহে লাগে। আৰু হাল্লা কৰিবলৈ লগৰবোৰ আছেই। যুৱ শক্তিৰ যৌচ আপুনি দেখিছে, শুনিছে। কেইটামান ফুল বটলৰ খৰচ। গতিকে আপুনি একো কৰিব নোৱাৰে। চিধা কথা, আপোনাৰ ছোৱালীক মই মোৰ জীৱনতকৈ বহুত বেচি ভালপাওঁ। প্ৰয়োজনত জীৱন দি দিব পাৰো নতুবা লৈ ল’ব পাৰো। লোকৰ কথা শুনি চেলেঞ্জ নিদিব। কিয়নো এইবোৰ লোকৰ দাৰ্শনিক তত্বক মই বিশ্বাস নকৰো। মোৰ জীৱন মোৰ কথা। অন্য এজনৰ জীৱন দৰ্শন মই মানি লব নোৱাৰো। মোৰ জীৱনটো কি হৈ আছিল, কি হৈ আছে, কি হব সেই সম্পৰ্কে মোতকৈ আনে ভালদৰে জানি লব নোৱাৰে। যিজনে সেই সময়ত কৈছিল প্ৰেম মানে বিবাহ নহয়, তেওঁ তেনেকৈ কোৱাৰ তিনিটা কাৰণ হব পাৰে.... হয়তো শান্তণা, নহলে খুড়াৰ দৰে মুৰ্খামি অথবা চৰিত্ৰৰ গণ্ডগোল। এই তিনিটাৰ ভিতৰতে তেওঁৰ কিবা এটা হৈছিল। মোৰ এটাও হোৱা নাই। আপোনাৰ ছোৱালীৰ সৈতে প্ৰতিশ্ৰুতিবদ্ধ হৈছো, একেলগে ভৱিষ্যতৰ সপোন দেখিছো। তেনেস্থলত বুজাবুজিৰ মাজেৰে এজনে আনজনক এৰি দিয়াৰ কথাই নাহে। অনাগত দিনবোৰত মদ ভাং খাই, আপোনাৰ ছোৱালীকে ধৰি আপোনাৰ চৈধ্য গোষ্ঠী উজাৰি মোৰ বন্ধুৰ আগত বা আন কাৰোবাৰ আগত গালি পাৰি থকাৰ মোৰ অলপো ইচ্ছা নাই। বুজক আপুনি কথাবোৰ। মই নুবুজো। মই এটাই জানো, আপোনাৰ ছোৱালীক মই নিমেই। মোক লাগিবই। আৰু এতিয়াও আপুনি যদি কয় প্ৰেম মানে বিবাহ নহয় তেন্তে ৰভাতলিৰপৰাই উঠাই লৈ যাম আপোনাৰ ছোৱালীক।