তাই বেশ্যা নাছিল (খণ্ড নং- ৬)

“সুৰাপান স্বাস্থ্যৰ পক্ষে হানিকাৰক বুলি জানিও সুৰাপান কৰাটো মূৰ্খামিৰ বাদে আন একো নহয়। ভৱিষ্যতে আৰু সুৰাপান নকৰিব। লাভ আপোনাৰেই।“
২৮ বছৰীয়া ডাক্তৰনী জনীয়ে তাক আৰু ধেৰ পৰামৰ্শ দিছিল, নিজৰ যত্ন ল’ব কৈছিল, সময়মতে মেডিচিন খোৱা, হোটেলত খোৱা- বোৱা কমকৈ কৰা অত্যাদি আৰু ধেৰ কিবা। গতানুগতিক। সকলো ডাক্তৰে কয়।
যিয়ে নহওক ডাক্তৰনীজনী ধুনীয়া। কেৱল ধুনীয়া নহয়, বহুত ধুনীয়া। জুবিন গাৰ্গৰ মন যায় গানটো যে- “তোমাক দেখা পালে সপোন জাগি উঠে....।“ অ এতিয়া বিমানৰো একেই দুৰৱস্থা, ডাক্তৰনীক দেখি তাৰো সপোন জাগি উঠিছে...! সি বেচেৰাই চকু মুদিলেই তাইকে দেখি থকা হ’ল। তাইৰ লিপিষ্টিকবিহীন গুলপীয়া ওঁঠ, ফেয়াৰনেচ ক্ৰীমবিহীন ৰঙা পৰা গাল, চঞ্চল দুৰ্দান্ত চকুজুৰি.... পাতলকৈ কাজলৰ প্ৰলেপ এটা আছিল বোধহয়। বিমান নিশ্চিত নহয়। চকুত চাবলৈ ভয়...। নাই তাইৰ ৰূপৰ তুলনা নাই। তাৰ ২৯ বছৰীয়া লাইফ হিষ্টৰীত তাইৰ দৰে অপেশ্চৰী আগতে দেখা মনত নপৰে। সি খাটাং। সেয়েতো কেবিনত তেওঁ চকুদুটা পৰীক্ষা কৰি থাকোতে তাৰ যৌৱনৰ জুইকুৰা দপদপকৈ জ্বলি উঠিছিল। ৰক্ষা, প্ৰভূৰ কৃপাত কোনোমতে সি নিজক যে সংযত কৰি ৰাখিব পাৰিছিল সেয়াই বহুত। নহ’লে কেচটো গৈ নগেন হৈ গ’লহেঁতেন...। পুলিচতকৈ আগত মিডিয়া আহি তাৰ চমত্কাৰ কৰি দিলেহেঁতেন.... ধন্যবাদ দেই প্ৰভূ...।
ডাক্তৰনীজনীক আকৌ এবাৰ লগ পাবলৈ বিমানৰ বৰ মন গৈছে। কিন্তু লগ পাব কেনেকৈ? তেওঁৰ চেম্বাৰলৈ যাব পাৰি, কিন্তু তাক এসপ্তাহৰ পাছতহে মাতিছে। দুদিনতে গলে সি ধৰা পৰি যাব। ফলত কি হব আৰু... জহন্নামে যাব আৰু তাৰ সকলো পৰিকল্পনা।
পুৱাৰে পৰা বিমানৰ মনত এখন ভয়ংকৰ যুদ্ধ। যাব নে নাযাব, আবেগ আৰু বিবেকৰ দোপালপাল কাজীয়া। এটাই কয় যা, আনটোৱে কয় নাযাবি। মাজতে পৰি তাৰ মিছাতে দূৰ্গতি। এনে পৰিস্থিতিত আনদিনা হোৱা হ’লে ইমানসময়ে তাৰ এটা চিগাৰেটৰ পেকেট শেষ হৈ গ’লহেঁতেন। আজি শোৱাপাটী এৰা সময় ধৰি মাত্ৰ এটা দুটা চিগাৰেটেই কাম চলি গৈছে। ডাক্তৰনীয়ে বৰ মৰেমেৰে কৈছিল তাক চিগাৰেট নুহুপিবলৈ, তেওঁৰে কৃপা এইয়া। নাই, সি আৰু মদ নাখায়, খংটোও কমাব, খোৱা- বোৱা ভালমতে কৰিব, নিজৰ যত্ন ল’ব।

চহৰখনত পিলিঙা ডেকাবোৰৰ উত্পাত অতিমাত্ৰা হাৰত বৃদ্ধি পাব ধৰিছে। মাক দেউতাকৰ টকাৰে দামী বাইকবোৰ কিনিছে, পেট্ৰল ভৰাইছে আৰু পাচৰ চিটত মইনা এজনী বা এটাক বহুৱাই ইফালৰপৰা সিফালে এনেই ঘূৰি ফুৰিছে। এইবোৰ কথাতে বিমানৰ টেমাতো গৰম হৈ যায়। অসমৰ মানুহবোৰৰ উত্পাতটো অলপ বেছি। দুটকামান আছে বুলি মানুহক দেখাই খুউব ভালপায়, সেয়েতো পুতেকহঁতে লাগ বুলিলেই জন্মদিনৰ উপহাৰ হিচাপে বাইক, কাৰ, বিলাসী মোবাইল আদি কিনি দি ভালপায়। পাচত কিবা এটা হলে জগৰ লাগিব পুলিচৰ। এইটো বয়সতে কলেজীয়া ল’ৰা ছোৱালীবোৰক এইবোৰ বস্তুৰ কি প্ৰয়োজন? বিলাসীতা নে আধুনিকতা? বাইকখন নিদিলে যদি ল’ৰাটো কলেজলৈ নাযায়, নালাগে যাব। ভৱিষ্যতে ভিক্ষা কৰি খাওক। চল পোৱা কুকুৰে গললৈ যে জপিয়াই, কিছুমানে আকৌ মাক- দেউতাকৰ নয়নৰ মণি হোৱাৰ সুবাদতে ইম’চনেল ব্লেকমেইল কৰে বাইকখন, ম’বাইলোট নিদিলে চুইচাইদ কৰি দিব বা ঘৰ এৰি গুছি যাব। এনেকোৱা ধুলাই দিব লাগে এইজাত ল’ৰা- ছোৱালীক... মৰিয়াই ঠেঙ এখন ভাঙি হস্পিটেলত পেলাই থৈ দিব লাগে। একদম চিধা হৈ যাব। মাক- দেউতাকৰ গাত যথেষ্ঠ ভুল আছে। অনুভৱ নকৰে কাহানিও। যা তহঁত জহন্নামে, বিমানজ্যোতিৰ কি যায় বুলি ভাবি ল’লেই তাৰ দায়িত্ব শেষ হৈ নাযায়। সভা- সমিতি, নিউজ চেনেলৰ বিভিন্ন আলোচনাচক্ৰত এইবোৰ কথাক লৈ লাম্বা ভাষণ দি লাভ নাই। তাতকৈ হাতে কামে তাৰ নিজস্ব সূত্ৰমতে কাম কৰি যোৱাই ভাল।
চহৰৰ মাজমজিয়াত পুৱাৰেপৰা ছেকিং চলিছে। ন’ এক্সকিউজ। বাইক, কাৰ, স্কুটী, টেম্পু, ট্ৰাক সকলোৰে নথি পত্ৰ তন্ন তন্নকৈ পৰীক্ষা কৰা হৈছে। বিশেষকৈ কলেজীয়া ছাত্ৰ ছাত্ৰীৰ ওপৰত বিমানৰ শেন দৃষ্ট্ৰি। কাগজ পাতি নাপালেই গাড়ী থোৱা আৰু মা- দেউতাক থানালৈ পঠাই দিবা। বাপৰে বাপ, বিমান আচৰিত। অধিকাংশ কলেজীয়া ছাত্ৰ- ছাত্ৰীৰে গাড়ী চলোৱাৰ অনুজ্ঞাপত্ৰ নাই। অথচ চহৰখনত সিহঁতৰে উ্তপাত বেচি। দুটামানৰ চুলিৰ কি যে অদ্ভুত ষ্টাইল, কেটেলা পহুৰ দৰে দাং খাই থকা চুলিসোপাৰ লগতে জিনচৰ নমুনা কি দেখিবা, আৰে বাঃ, ভৰিৰ তলৰফালে লিপিট খাই ধৰি থকা এই পেন্টসোপা ইহঁতে পিন্ধে কেনেকৈ? চানগ্লাছ কিপাট নিজৰ মূখখনতকৈও দাঙৰ, চাৰ্টৰ চাইজ দেহটোৰ দুগুণ, মূখত ৰজনীগন্ধা এমোকোৰা, কখা কোৱাৰ কি ঢং তাহাতঁৰ। ভদ্ৰতাৰ সামান্য জ্ঞানকনো নাই। তাৰমানে উচ্চ শিক্ষা গ্ৰহণৰ নামত গাধমখাই তাকেই শিকিছে। বঢ়িয়া বঢ়িয়া।
সি হাৰ মানা নাই। পূৰা ফৰ্চ লৈ পুৱাৰেপৰা আজি সি চহৰখনত খলকনি তুলিছে। সি থকালৈকে সকলো চিজিল হৈ থাকিব লাগিব। সি পৰিবৰ্তন আনিবই। আনে পৰিবৰ্তন আনক বুলি হাত সাৱটি বহি থাকিলে একো নহব। যি পাৰে সি নিজেই কৰি যাব। হয়তো আজি তাক বহুতেই বেয়া পাব, ল’ৰা ছোৱালীবোৰে গোটেই ৰাতি চৈধ্য গোষ্ঠী উজাৰি তাক গালি পাৰিব, কিন্তু এদিন হলেও সিহঁতে অনুভৱ কৰিব, বিমানজ্যোতি বৰুৱাই যি কৰিছিল ভালৰ বাবেই কৰিছিল। আজিৰ যুৱপ্ৰজন্মই কালিলৈ দেশৰ ভৱিষ্যত নিৰূপণ কৰিব, ইহঁতক বিপথে যাবলৈ দিব নোৱাৰি। চিধা আঙুলিৰে ঘিউ নোলাই যেতিয়া আঙুলি বেঁকা কৰিবই লাগিব। সি তাকেই কৰিব। দাদাগিৰী নচলিব। ভালেৰে ক’লে যদি নুবুজে চিধাই লক আপত ভৰাই দুটা এটা চাত দিব লাগিব। লাহে লাহে সকলো লাইনত আহি যাব।
ৰাষ্টাৰ কাষতে ৰখাই থোৱা টয়টা ফৰচুনাৰখনতে বহি বিমানে পুৱাৰেপৰা সেইখিনিকে কথাকে পাগুলি আছে। কথাবোৰ ভাবি ভাবি তাৰ আমনি লগাত মিউজিক চিষ্টেমটো অন কৰি দিলে..।
“তুহে পানী পানী পানী পানী পানী......”
বাবাৰে, হানী চিঙে ৰকাই দিছে একদম।
- ছাৰ ছাৰ, এওঁ মানে ছাত্ৰ সংগঠন এটাৰ নেতা হয়, চহৰত সকলোৱে চিনি পায়। আৰু মানে এখেত.... ছাৰ.... স্থানীয় কলেজখনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক..... নামটো....
এছ আই শইকীয়াৰ কাষত নেতাগিৰী ঢঙত ৰৈ আছে ল’ৰাজন। বিমানে তাক ভৰিৰপৰা চুলিলৈকে এবাৰ চালে। সি ড্ৰাইভিং চিটত বহি থকাৰেপৰা শইকীয়াক সুধিলে?
- তাতে কি হ’ল?
- নহয় মানে ছাৰ তেওঁ লাইচেঞ্চখন আনিব পাহৰি থাকিলে। গতিকে...
- গতিকে যাবলৈ দিব লাগে। ঠিক আছে। বাইক ইয়াতে থাকক। অট’ এখনত উঠি গৈ ডকুমেন্টছ লৈ আহাগৈ।
- না ছাৰ, মোৰ মানে অলপ মিটিং আছে সংগঠনৰ। দেৰি হৈছে। হব দিয়ক, ভাটীবেলা ঠানাতে লগ পাম আপোনাক। নেতাৰ কথাৰ সুৰেই বেলেগ দেখোন। বিমানৰ খঙটো টিনিচকে মাৰি পথালে।
- ঐ অভদ্ৰ। ভালেৰে কথা কলে নোশুন নে নুবুজ। কাণতলীয়া চিনি পাৱ হা? বাইক থৈ যা। বাপেৰক পথাই দিবি থানালৈ। যা ভাগ ইয়াৰপৰা...
বিমানৰ ধমকিত শইকীয়াও জিকাৰ খাই উঠিল। শইকীয়া ল’ৰাজনক টানি টানি আতৰাই লৈ গ’ল..। ল’ৰাজনে কিবা এটা মুখৰ ভিতৰতে ক’লে। বিমানে ঠিকেই বুজিলে। ইংৰাজী গালি। মাকক ধৰি দুটা অশ্লীল শব্দ। একোকোবে দৰ্জাখন খূলি বিমানে ল’ৰাটোৰ চুলিকোচাতে থাপ মাৰি ধৰিলে। ল’ৰাটোৱে তলকিবকে নোৱাৰিলে...

(আগলৈ)