ব্ৰেকিং নিউজ সংগ্ৰহৰ বাবে হাস্পটালত আহি
ভীৰ কৰা সাংবাদিকসকলক আচুতীয়াকৈ মাতি আনি বিমানে প্ৰায় ধমকিৰ সুৰতে ক’লে- এগৰাকী নিৰ্যাতিতা কলেজীয়া ছাত্ৰী। তাইক লৈ ব্ৰেকিং নিউজ বনাই আপোনালোকে
পাব কি? তাই কি পাব? খুউব বেচি নিউজ চোৱা
মানুহবোৰে তাইক পুতৌৰ পাত্ৰ কৰি তুলিব। তাতকৈ বেচি কিবা আশা কৰিব পাৰিনে? নিউজটো প্ৰকাশ হোৱাৰ পাচত এইটোৱে অসমৰ অন্তিমটো ধৰ্ষণৰ ঘটনাৰূপে পৰিগণিত হবনে? নহয়। তেন্তে কি হ’ব? ছোৱালীজনীৰ ভৱিষ্যতটো অন্ধকাৰ হব, সকলোৱে তাইক লৈ ইচ্
অচ্ আচ্ আচ্ কৰিব। তেনেকৈ তাই জীয়াব কেনেকৈ? হয়নে? আপোনালোকে কথাটো অলপ বেলেগ ধৰণে ভাবকচোন। ধৰি লওক ছোৱালীজনী আপোনালোকৰ ভন্টী।
তেতিয়া কি কৰিব? দূৰ্ঘটনাটোৰ বিষয়ে গোপনে নাৰাখিব জানো? এতিয়া একেটা কামেই কৰক। অন্ততঃ ইয়াৰ ফলত অপৰাধীকেইজনক ধৰিবলৈ পুলিচৰ সহায় হব।
নিউজ সাপ মৰিলেও ব্ৰেকিং নিউজ ওলায়, ছোৱালীজনীৰ নিউটো
নোলালে ধৰ্ষণকাৰী দলটোৱে নিজক বচাবলৈ বিশেষ প্ৰস্তুতি নচলাব। আচল লাভটো তেতিয়াহে
হব। সহায় কৰক, মোৰ আৰক্ষীৰ ওপৰত বিশ্বাস ৰাখক...। যিয়ে নহওক, আপোনালোকে মানবতাৰ খাটিৰতে ছোৱালীজনীৰ খবৰ এটা কৰিবলৈকে বুলি পুৱাতে আহি
হাস্পটালত দেখা দিলে। ভাল লাগিল। চিন্তা কৰিবলগা বিশেষ একো হোৱা নাই। ছোৱালীজনীৰ
অনিষ্ট হবলৈ নাপালে। যুৱক এজনে গৈ তাইক উদ্ধাৰ কৰিলে। তাকে কৰিব যাওঁতে উদ্ধাৰকাৰী
যুৱকজনৰ মুৰত অলপ দুখ পাইছে। ঠিক হৈ যাব। সোনকালে আমি অপৰাধীক কৰায়ক্ত কৰিম আৰু
আপোনালোকক জনাম। ঠিক আছেতো?
ভয়তে হওক বা বিমানৰ অকাট্য যুক্তিতে
মিডিয়াৰ মানুহকেইজনে বিমানৰ অনুৰোধ একেষাৰে মানি ল’লে। নল’বনো কেনেকৈ। তেওঁৰ যিহে উগ্ৰমুৰ্তি ধাৰণ কৰি আছে। বিৰুধীতা কৰাটো দূৰৰে কতা
চকুত চাবলৈ সাহস নাই কাৰো। তাতে অনুৰোধৰ নামত এক প্ৰকাৰৰ ধমকি দি কথা কৈছে। এইসময়ত
ওলোটা পোল্টা কৰিব গলে চৰিয়াই দিব। মাজতে নিউজ চেনেল এটাৰ ভিতৰতে গৈ এটাক
চৰিয়াইছে। তাৰপাচৰেপৰা মিডিয়াৰ তথাকথিত অত্যাচাৰটো চহৰখনত কমিছে। মিনাক্ষীয়ে অফিচৰ
মানুহবোৰৰ মুখত, ভাড়াঘৰৰ মালিকৰ লগতে ভনীয়েকৰ মুখতো তেওঁৰ কাম কাজৰ
কথা শুনি আছে। কিন্তু তাইতো নাজানে ১৫ দিনমান আগতে বুকুৰ বিষ দেখাবলৈ অহা সেই
যুৱকজনেই যে চহৰ কঁপোৱা আৰক্ষী বিষয়া। ইচ্.... বুকুৰ বিষ। খোৱা- বোৱা ঠিকমতে নকৰে।
গেছষ্টিক নহৈ কি হব...... নামটো সুধোতে চৰ্টকাটত কৈছিল বি বৰুৱা। মিনাক্ষীয়ে
সেইসময়ত ভাবিবলগা একো নাছিলেই। অৱশ্যে তেতিয়া কথা পাতি বেয়া লগা নাছিল। আজিও বেয়া
লগা নাই বাৰু। কিন্তু সেইদিনা চেম্বাৰলৈ অহা ল’ৰাজন আৰু আজিৰ ল’ৰাজন আকাশ পাতাল পাৰ্থক্য। সেইদিনা মেডিচিনৰ কথাবোৰ বুজাই থাকোতে যেনেকেহে
তাইৰ চকুলৈ চাই আছিল, বাপৰে... বিমানৰ সতে চকুৱে
চকুৱে পৰোতে তাইৰ লাজ লাগি গৈছিল। কি দুৰ্দান্ত চাৱনি আছিল অ!!
আগৰাতি মিনাক্ষীৰ দিউটী নাছিল। সেয়ে ৮ মান
বজাত দিউটী শেষ কৰি ৰুমলৈ বুলি যাব ধৰোতেই ৫ খনমান আৰক্ষীৰ গাড়ী আহি হাস্পটালত
উপস্থিত হৈছিলহি। লগে লগে হাস্পটালত দৌৰা- দৌৰি লাগিল। এজনৰটো ভয়ত পেঁপুৱা লাগি
মিনাক্ষীক কম্পিত কণ্ঠেৰে কৈছিল- যমৰাজৰ কি হ’ল? ঐ মিনাক্ষী তই ঘৰলৈ যাব নালাগে। ৰৈ যা। এইটোয়ে এইকিদিন ডকাইত চুৰক মৰিয়াই
মৰিয়াই ধৰি আনি হাস্পটালত ভৰাই পেলাইছেহি। আজি বা কাক আনিছে? মিনাক্ষী নিজেও আচৰিত। তাই ৰৈ গৈছিল, ঘটনাৰ বুজ লবলৈ বুলি
কাষ চাপি যোৱাতহে গম পালে সিদিনা তাইৰ সৈতে বহি দুঘন্টা আদ্দা দিয়া পলাশ নামৰ ল’ৰাজনক কোনোবাই মুৰত ৰডেৰে বেয়াকৈ কোবালে। তদুপৰি পেটত দেগাৰে আক্ৰমণ কৰাৰ ফলত
প্ৰচুৰ ৰক্তক্ষৰণ হৈছে। ইফালে একেটা সময়তে একেখন গাড়ীৰপৰা নমাই এগৰাকী কলেজীয়া
ছোৱালীকো ইমাৰজেঞ্চি কক্ষলৈ লৈ যোৱা হ’ল। ৰেপ কেচ। দলৱদ্ধ
ধৰ্ষণৰ বলি হৈ ছোৱালীজনীয়ে মৃত্যুৰ সৈতে যুঁজি আছে।
সম্প্ৰতি পলাশক ডাক্তৰে বিপদমুক্ত বুলি
ঘোষণা কৰিছে যদিও ১২ ঘন্টাৰ পাচতো চেতন ঘুৰি অহা নাই। ছোৱালীজনীয়ে মুখেৰে কথা কব
পৰা হৈছে। ধৰ্ষণকাৰী দলটো তিনিজনীয়া আছিল আৰু তাৰেই এজন তাইৰ প্ৰেমিক। বাকী দুজন
প্ৰেমিকৰ বন্ধু। বিমানে লগে লগে এক্সন কিয় লোৱা নাই সিহে জানিব।
মাজৰাতি আই চি উত ভৰ্তি হৈ মৃত্যুৰ সৈতে
যুঁজি থকা পলাশৰ স্বাস্থ্য সম্পৰ্কে সুধো নুসুধোকৈ বিমানে তাইক সুধিছিল, বাইদেউ ল’ৰাজন সুস্থ হৈ উঠিবনে? মিনাক্ষী নিজেও
নিশ্চিত নাছিল পলাশৰ ভৱিষ্যত সম্পৰ্কে। ততাপি তেওক শান্তণা দিবলৈকে কৈছিল, আমি যিমান পাৰো চেষ্টাৰ ত্ৰুটী এৰা নাই। বাকীখিনি ঈশ্বৰৰ হাতত...। বিমানে তাইৰ
সন্মুখতে হুকহুকাই কান্দি পেলাইছিল। এটা কণমানি শিশুৰ দৰে তাৰ আচৰণ দেখি
মিনাক্ষীৰো চকুৰ পতা সেমেকি উঠিছিল। বেচি দুখ লাগিছিল বিমানে উচুপি উচুপি কৈছিল-
পগলাটোক কালি কিহে পাইছিল। সেই অঞ্চলটো বৰ ভয়াবহ। তাক বাৰে বাৰে কৈছিলো সেইফালে
নাযাবি। ডকাইতিৰ ঘটনা বৰকৈ হয়। তাতে সি ব্যৱসাৰ সৈতে জড়িত। মোৰ কথা নুশুনিলে। কিয় নাজানো সি যোৱাৰ আগমুহুৰ্তত মোৰ মনলৈ কেতবোৰ অশুভ
চিন্তা আহিছিল। সেয়ে তাক যোৰকৈ মোৰ গাড়ীখন দি পথাইছিলো। ডকাইতী নহ’ল। কিন্তু.......। সি মোলৈ ফোন কৰিছিল। কোনোদিনে মোৰ ম’বাইল চাইলেন্ট হৈ নাথাকে। কালি কি বা হৈছিল। সঠিক সময়ত জানিব পৰাহেঁতেন তাৰ
ইমানখিনি নহ’লহেঁতেন। তাৰ কিবা এটা হলে ময়ে জগৰীয়া হ’ম। বুজনি দিবলৈ মিনাক্ষীৰ ভাষা নাছিল। বিমানৰ হাতখন খামুছি অস্ফুট শব্দেৰে তাই
কৈছিল, সকলো ঠিক হৈ যাব। তেওঁৰ একো নহয়। কেৱল আপুনি ভাগি
নপৰিব। আপোনাৰ বন্ধু আপোনাৰ তাদিদাতে জীয়াই থাকিব। আপুনি নিজেই দেখোন যমৰাজ?
মিনাক্ষীৰ শেষৰ বাক্যটো শুনিয়ে হয়তো
বিমানে কান্দিবলৈ এৰি একেথৰে তাইৰ মুখলৈ চাইছিল। তাৰ কাতৰ চকুজুৰিৰ আহ্বানত
মিনাক্ষী হৃদস্পন্দনৰ গতিবেগ অভাৱনীয় হাৰত বাঢ়ি গৈছিল। এক অপৰাধবোধত তাই তলমুৰ
কৰি ৰৈছিল। কিবা নকবলগীয়া কথা কলে নেকি বাৰু? যমৰাজ বুলি ভুলতেহে
কথা উলাই গৈছিল! সিদিনা তাৰ বন্ধুজনে কিবা কাগজ এখনৰ এটেষ্ট কৰিব আহি অফিচত নাপায়
তাইৰ ভাড়াতীয়া কোঠালৈ গৈছিল। মহা ধুৰন্ধৰ ল’ৰাটো। সাংঘাটিক
বাকপটু....। কথা পাতি থাকোতে দুদিনৰ চিনাকী ল’ৰাটোক বৰ আপোন যেন
লাগি গৈছিল। মিনাক্ষীৰ নিজৰ ভাইটী নাছিল। সি বাইদেউ বাইদেউ বুলি বাৰে বাৰে সম্বোধন
কৰি থকাত পলাশক নিজৰ ভাইটী যেন অনুভৱ হৈছিল। সেই ল’ৰাটোৰ আজি এনে এক
অঘটন হব পাৰে বুলি তাইৰ সপোনৰ অগোচৰ আছিল। মানুহৰো ভাগ্য।
পুৱতি নিশা ডাক্তৰে বিপদমুক্ত বুলি ঘোষণা
কৰাতহে মিনাক্ষীয়ে স্বস্তিৰ নিশ্বাস এৰিছিল। বিমানক জনোৱাত সি আকৌ কান্দিছিল। সুখৰ
চকুপানী। মানুহে দুটা কাৰণত কান্দে, কেতিয়াবা সুকত
কেতিয়াবা দুখত। চহৰখনৰ দুধৰ্ষ, জঘন্য আৰক্ষী বিষয়া বুলি
পৰিচিত বিমানজ্যোতি বৰুৱাই মিনাক্ষীৰ সন্মূখতে ১২ ঘন্টাৰ ভিতৰত দুটা পৃথক কাৰণত
দুবাৰকৈ কান্দিছিল। এনে অভিজ্ঞতা বিৰল।
- অ বাইদেউ, আপোনাৰ বুলে নাইট
ডিউটী নাছিল। তাৰপাচতো আপুনি গোটেই ৰাতিটো হাস্পটালতে কটালে। ঘৰলৈ গৈ অলপ ফ্ৰেচ হৈ
আহগগৈ।
বিমানৰ কথা শুনি মিনাক্ষীয়ে হাঁহি দিলে।
দ্বিতীয়দিনাৰ দিউটী কৰাৰ সময় হ’ল। এতিয়া আৰু ৰুমলৈ গৈ কি
হব। ভোক লাগিছে। কালিৰপৰা একো খোৱা হোৱা নাই। বিমানেও একো খোৱা নাই। তাৰো জানো ভোক
লগা নাই।
- বাইদেউ বাইদেউ কৈ ভুলকৈ সম্বোধন ধৰিব
নালাগে। বয়সত মই আপোনাতকৈ সৰু হ’ম। পলাশকো মোৰ ভাইটী
বুলি ভাবিছিলো। পিচে সি মোৰ দাদাহে হব। ঘৰৰ একমাত্ৰ ছোৱালী। দাদা বা ভাইটী এজন হলে
ভাল। তাতে পলাশৰ দৰে দাদা এজন পালে আৰু কি লাগে? ডাক্তৰনী হোৱাৰ আগতে
মই এজনী ছোৱালী। ভন্টী বুলি কলেই বেচি ভাল লাগিব। ভোক লগা নাই আপোনাৰ?
বিমানে দেখোন তাইৰ চকুলৈকে চাই আছে। চকুৱে
চকু পৰাত মিনাক্ষীৰ গাৰে সাউত্কৈ কাৰেন্ট এচাটি পাৰ হৈ গ’ল।
- ভোক?
কি জানো হ’ল...। তাত্ক্ষণাত
বিমান বহাৰপৰা উঠিল। কপালৰ শিৰখিনি ঠুপ খালে..। চকুদুটা প্ৰয়োজনতকৈ অধিক ভয়ংকৰ ৰূপ
ল’লে। কিবা এটা ভাবত সি বিভোৰ। ম’বাইলটো লৈ কাৰোবাৰ
নম্বৰ এটা ডায়েল কৰি হিন্দীতে ক’লে- মই আহি আছোঁ।
(আগলৈ)