“ঠিক আছে পাপা, তুমি যেতিয়া তালৈ মোক বিয়া নিদিয়াই গতিকে ময়ো তাক বাদ দি আন ল’ৰাৰ লগত বিয়াত নবহো।
মই যাওঁগৈ। তোমাৰ কাষত আৰু নাথাকো। মই মৰিলেও তুমি খবৰ নল’বা। বাই।“
অপৰাজিতাই ঘৰ এৰি একেবাৰে গুছি আহিছে। অবুজ দেউতাকৰ কাষত
হেনো তাই আৰু নাথাকে। থাকিবই বা কিয়। যিটো ল’ৰাক তাই মনে প্ৰাণে ভালপায়,
তাক বাদ দি কিয় তাই আন ল’ৰাৰ লগত বিয়া হব! দুদিন পাচত দেউতাক বুঢ়া হব।
সংসাৰৰ মায়া এৰি কীৰ্তন, ভাগৱতৰ ৰসত ডুবি পৰিব আৰু তাই আন এটা ল’ৰাৰ লগত বিয়া হৈ
অশান্তিৰ ক্ষণ গণি থাকিব। নে কি? ভৱিষ্যতটো তাইৰ নিজৰ। দেউতাকক তাই বহুত ভালপায়,
তেখেতক শ্ৰদ্ধা কৰে। কিন্তু দেউতাকৰ সকলো কথা, সকলো সিদ্ধান্ত শুদ্ধ বুলি
মানি ল’ব নোৱাৰি নহয়। অনুৰাগ..... ভাল ল’ৰা। অপৰাজিতাই তাক জানে।
তিনিবছৰীয়া সিহঁতৰ সম্বন্ধটোৰপৰাই তাই ভালকৈয়ে বুজি উঠিছে সি নিশ্চিতভাৱে তাইক
সুখী কৰিব পাৰিব। চৰকাৰী চাকৰি নাই বাবেই দেউতাকে বিয়া নিদিও বুলি কলেই নহব নহয়।
তাৰ ক’ম্পেনীৰ চাকৰিটোৰ দৰমহা ভাল। তাৰ টকাৰে সিহঁতৰ সংসাৰখন সুন্দৰকৈ চলি যাব। কিবা
অসুবিধা হলে তায়ো চাকৰি কৰি টকা ঘটিব। তাৰ পাচতো কিবা অসুবিধা হলে সময়ত দেখা যাব।
কিন্তু সিহঁত দুয়ো সুখেৰে থাকিব পাৰিব। দেউতাকে নুবুজে। বিয়াৰ প্ৰস্তাৱ দিবলৈ
দুদিন আগতে অনুৰাগ আহিছিল। সি যোৱাৰ পাচত দেউতাকে স্পষ্ট কৰি দিলে
বুলে তালৈ অপৰাজিতাক বিয়া নিদিয়ে। অপৰাজিতাই দেউতাকক যুক্তিৰে বুজালে, তৰ্ক কৰিলে,
এদিন ভাত- পানী একো নোখোৱাকৈ থাকি ইম’চনেল ব্লেকমেইল কৰি চালে।
নাই কামত নাহিল। দেউতাক নিজৰ সিদ্ধান্তত অলৰ অচৰ। থাকক তেন্তে দেউতাকে দেউতাকৰ মতত।
তাৰেই অভিমানত চেগ বুজি অপৰাজিতা আজি ঘৰৰপৰা উধাও। দেউতাকে যাতে বেচিকৈ চিন্তা কৰি
নাথাকে তাৰ বাবে কাগজৰ টুকুৰা এটাত ঘৰ এৰি অহা কাৰণটো লিখি তাইৰ পঢ়া টেবুলৰ ওপৰতে
থৈ আহিছে। এতিয়া সেইখন পালেই ৰক্ষা।
গুৱাহাটী অভিমুখি বাছখন তীব্ৰ গতিৰে আগবাঢ়িছে। নগাঁওৰপৰা
গুৱাহাটীলৈ দুঘন্টাৰ বাট। জাগিৰোডৰ কাগজ কল
পাৰ হৈ আৰু প্ৰায় এঘন্টা পোন্ধৰ মিনিটমান সময় লাগিব। দেহটো বাছখনৰ চিটটোত
আলসভাৱে এৰি দি তাই চকুদুটা মুদি দিলে...। ইয়াৰফোণত সীমান্ত শেখৰৰ গান “লৈ যোৱা
একেবাৰে.....।”
“মই তোমাৰ স্কুটীৰ পাচত উঠি যাব নোৱাৰো। ভয় লাগে। বা লাগি উন্মাদনাৰে দুলি থকা
তোমাৰ মেঘালী চুলিৰ সুবাসে মোক উন্মাদ কৰি তুলে। তোমাৰ চেলুৱাৰে ঢুকি নোপোৱা পিঠিৰ
একাংশ দেখি অথবা তোমাৰ খামুচীয়া কঁকালটোত অসাৱধানতাবশতঃ হাতখন লাগি মোৰ যৌৱনৰ
জুইকুৰা দপ দপ কৈ জ্বলি উঠে। বৰষুণৰ বতৰত..? কৃষ্ণহে আৰু দেই। তুমি
ৰেইনকোট নিপিন্ধিবা। বৰষুণত তিতি জুৰুলি হোৱা। তাৰপাচত কি আৰু? পাতল চেলুৱাৰযোৰৰ পৰিধী
নেওচি অন্তৰ্বাসটো জিলিকি উঠে, মোৰ পাপী দুচকুৰ সহ্য নহয়। অৱস্থা গৈ মোৰ দুৰৱস্থা
হয়। হ’ৰমন বুলা বস্তুটোৰ নাম শুনিছা নহয়.....। গতিকে তোমাৰ স্কুটীত উটা কামটো মোৰ
ভয় লাগে। দৰকাৰ হলে মই চলাম তুমি উঠিবা।“ অনুৰাগক স্কুটীত উঠিবলৈ কলে সাতজাপ মাৰে। বেলেগ ল’ৰাতকৈ পৃথক। অদ্ভুত।
যিয়ে নহওক অপৰাজিতাৰ আটাইতকৈ ভাললগা গুণটো হ’ল সি সুবিধাবাদী নহয়। অনুৰাগে
কৰ্মসূত্ৰে নগাঁৱত থাকোতে তাৰ ভাড়াতীয়া কোঠালৈ তাই বহুবাৰ গৈছিল। এবাৰ সি কৈছিল- “তুমি নাহিবাচোন মোৰ
কোঠালৈ। ভয় লাগে। আত্মসংযম বুলা এন্টিভাইৰাচটো সকলো সময়তে সক্ৰিয় হৈ নাথাকে নহয়।
তোমাৰ গাভৰু তেজ, মোৰো ডেকা বয়স। আচুতীয়া ভাড়াতীয় কোঠা। পৰিবেশটো আমাৰ দৰে চেঙেলীয়া
প্ৰেমিক প্ৰেমিকাৰ বাবে সুবিধাজনক নহয়। তাতে তোমাৰ চেলাউৰীযোৰ দেখিয়েই গম পাই
তোমাৰ যে হেৰীটো অলপ বেচি। সোনকালে যোৱাগৈ।“ সেইদিনা অনুৰাগৰ কথা শুনি
অপৰাজিতাৰ খং উঠিছিল। অনুৰাগ অলপ বেচিয়ে ভাল নেকি! বেচি ভাল মানুহবোৰ ভিতৰি আকৌ
অতিপাত লেতেৰা। অনুৰাগো ভিতৰি লেতেৰা নেকি? নহয়। হয়তো সি ভাল ল’ৰা। নতুবা বদমাছ।
যদি বদমাছ নহয় তেন্তে সি সমকামী। ধেত্ নহয়, তাৰ কণ্ঠ অচাৰ- ব্যৱহাৰ, শাৰীৰিক গঠন
সকলো দেখোন পুৰুষসুলভ। এহ নাপায় এইবোৰ কথা ভাবিব। হয়তো অনুৰাগ এটা সঁচাই ভাল ল’ৰা। লাখত এক। নতুবা
সি এক নম্বৰৰ বদমাইছ। দ্বিতীয়বিধ হোৱাৰ আশংকা খুউব কম। প্ৰথমটোৱে হব লাগিব। দেখা
যাওকচোন। মানুহ চিনা কামটো কঠিন যদিও উপায় নাই। অলপমান ৰিক্স লৈ চোৱা যাওক।
অনুৰাগৰ দৰেই অপৰাজিতায়ো বিশ্বাস কৰে –“Whrere there is a risk there is a
profit.’’। যুক্তিসংগতভাৱে কথাবোৰ ভাবি গুণি চোৱাৰ পাচতো তাইৰ মনত
খু- দূৱনি এটা ৰৈ গৈছিল। সেয়ে পাচত এবাৰ সুযোগ পায় অনুৰাগক তাই আওপকীয়াকৈ সুধিছিল-
তুমি অলপ বেচি কৰা। মাত্ৰ এটা চুমা দিব নোৱাৰা। কিনো বেৰসিক প্ৰেমিক হে তুমি।
তোমাৰ মন চন নাযায় নেকি? নে তুমি সমকামী! ধৰি ল’লো উন্মাদনাত চেতন
হেৰাই আমাৰ মাজত নহবলগীয়া কিবা এটা হ’ল। তাতেনো কোনখন ৰামায়ণ
অশুদ্ধ হল। অলপ বেচি আৰু দেই। ভাল নালাগে।“ অপৰাজিতাৰ কথা শুনি অনুৰাগ
জাঙুৰ খাই উঠিল- “মানুহ বেয়াই হওক বা ভাল, সকলোৰে জীৱনত কেতবোৰ
নিজস্ব নীতি- নিয়ম থাকে। তোমাৰ দেহৰ খলা বমাবোৰত বগাই এতিয়া কি পাম? তাতকৈ সামাজিক
স্বীকৃতিলৈ অপেক্ষা কৰাতো উচিত। কওঁতা মাতোতা কোনো নোলাব। একো শংকাবোধো নাথাকিব।
এক্সাইটমেন্টখিনি তেতিয়ালৈকে সাঁচি ৰাখাচোন। ভাল লাগিব। আৰু এটা কাৰণ নথকা নহয়।
গৌণ। যদি ভৱিষ্যতে তোমাৰ মোৰ মিলন নহয়। তেতিয়া! তুমি হলেও অন্য এজনক আৰু ময়ো আন
এগৰাকীৰ সৈতে ভৱিষ্যতটো পাৰ কৰিব লাগিব। নিজস্ব নেহেৰুৱাবলগাখিনি এতিয়াই হেৰুৱাই
পেলালে আমি জানো তেওঁলোকৰ ওচৰত সহজ হব পাৰিম। ৰৈ যোৱা দিনবোৰ সদায় আত্মঅনুশোচনাৰ
যন্ত্ৰণাৰে পাৰ কৰিব লাগিব। তুমি পাৰিলেও মই অন্ততঃ নোৱাৰো। আত্মঅনুশোচনালৈ মোৰ ভয়
লাগে।“
ইমানখিনি কথা জনাৰ পাচত অনুৰাগক তাই হেৰুৱাই কেনেকৈ। তাক লৈ
সন্দেহ কৰিবলৈ অপৰাজিতাৰ একো অজুহাত নৰ’ল। তাই নাজানে, আজি দেউতাকৰ
বিৰুধীতা কৰি ঘৰ এৰি গুছি অহা কামটো ভাল হলনে বেয়া হল। অনুৰাগে প্ৰায়ে তাইক কয় “জীৱনত কৰি অহা কামৰ
বাবে অনুতপ্ত হবলৈ কি আছে। তুমি এৰি অহা দিনবোৰত অৰ্থাত্ যি সময়ত সিদ্ধান্ত এটা
গ্ৰহণ কৰিছিলা সেই সময়ত সেইটোৱে শুদ্ধ আছিল। গতিকে সিদ্ধান্তটো ভুল বুলি প্ৰমাণিত
হোৱাৰ পাচত দুখ কৰিবলৈ একো নাথাকে। সেয়ে সিদ্ধান্ত এটা লওতেই ভৱিষ্যতটো সদায় নজৰ
দিবা। লাভ কি, লোকচান কি। যদি দেখিছা লাভ বেচি তেন্তে লোকচানখিনিক গুৰুত্ব নিদি
সিদ্ধান্তটো গ্ৰাহ্য কৰিবা। আৰু লোকচান বেচি দেখিলে নকৰিবা।“ আজি ঘৰ এৰি অহা
সিদ্ধান্তটো অপৰাজিতাৰ মনে শুদ্ধ বুলিয়ে কৈছে। অনুৰাগক এৰি তাই সুখী হব নোৱাৰে।
মাকৰ অনুপস্থিতিত অনুৰাগ একমাত্ৰ ল’ৰা যাৰ উপস্থিতিত অপৰাজিতাই
মাকৰ অনুপস্থিতি অনুভৱ নকৰে। সেয়া তাৰ কৃত্ৰিমতা নহয়। সি কৃত্ৰিমতা নুবুজে। চকুৱে
কথা কয়। অপৰাজিতাই চকুৰ ভাষা বুজে।
বাচখন আহি খানাপাৰা পালেহি। আগলৈ আৰু নাযায়। অনুৰাগ গণেশগুৰিৰ
ফালে থাকে। তাই দেখোন গুৱাহাটীখন ভালকৈ চিনি নাপায়। গতিকে বাচৰপৰা নামি তালৈ ফোন
কৰা বাদে অন্য উপায় নাই। ৰিং হৈ হৈ ফোনটো কটা গৈছে। অনুৰাগে ৰিচিভ কৰা নাই। অফিচৰ
কামত ব্যস্ত হয়তো। পেটত অসহনীয় ভোক। পুৱাতে ৰঙা চাহ একাপ খোৱা। এতিয়া ১২ বাজি গ’ল। খানাপাৰাত বৰ এটা
সুবিধাজনক ভাতৰ হোটেল নাই। অনুৰাগে ফোনটো ৰিচিভ কৰাহেঁতেন ভাল আছিল। বেচেৰাই একো
গমেই নাপাই। অপৰাজিতাই ঘৰ এৰি গুছি অহাৰ কথা গম পালে সি কি বা কয়, গালি পাৰিব
চাগে। পাৰিলেও তাক বুজাব লাগিব। সি বুজিব। ইয়াতে এনেকৈ ৰৈ থাকি লাভ নাই। সদ্যহাতে
অট’ এখনত উঠি
গণেশগুৰিলৈ যোৱাই ভাল। তাৰপৰাই অনুৰাগলৈ আকৌ ফোন কৰি তাৰ কোঠাৰ ঠিকনাটো লৈ লব
লাগিব। অট’ৱালাবোৰ ৰৈ আছে....। বাইদেউ ক’ত যাব, বাইদেউ আহক আহক...
বাইদেউ ষ্টেচন, জালুকবাৰী আহক বহক....। কাষতে ৰৈ থকা অট’ৱালাজনৰ সৈতে ভাড়াৰ
বন্দোৱস্ত কৰিব লওতেই বহু প্ৰতিক্ষিত দেউতাকৰ ফোন নম্বৰটো তাইৰ ম’বাইলত জিলিকি উঠিল।
অপৰাজিতাৰ বুকুখন দুৰু দুৰুকৈ কঁপিব ধৰিছে। কি কৰা যায়, ৰিচিভ কৰা যাওক নে নকৰাকৈ
থকা ভাল হব। দেউতাকে চিঠিখন পঢ়িলে চাগে। তেওঁ বাৰু কি ভাবিছে! একমাত্ৰ
ছোৱালীজনীয়ে এনে এটা কাম কৰা বাবে মনতে বৰ দুখ পাইছে ন! দেউতাকে কি কবলৈ ফোন কৰিছে? ঘৰলৈ মাতি পঠাব নে তাই
মৰি যোৱা বুলি ধৰি লৈ দ্বিতীয়দিন দেউতাকক মুখ নেদেখুৱাবলৈ সকিয়াই দিব! তাকে নকৰি
যদি পুলিচৰ ওচৰলৈ যায় ? অনুৰাগৰ মিছাতে বিপদ হব। ভয়, শংকা, অপৰাধবোধত অপৰাজিতাই
ফোনটো ৰিচিভ কৰিব পৰা নাই। তত্সত্বেও দেউতাকে বাৰে বাৰে ফোন কৰি আছে। ওহো, যি হয়
হব। ফোনটো ৰিচিভ কৰা যাওক। অনুৰাগে কৈ থাকে নহয়, পৰিস্থিতিৰপৰা মানুহ কেতিয়াও পলাব
নালাগে। সত্ সাহস বৰ জৰুৰী।
- হেল্ল’ পাপা......
- অ মাজনী...। তই কত
আছ। তই কি পাগলামি কৰিছ। অ মোৰ গোঁসানী। তই যতেই আছ এতিয়াই মোৰ কাষলৈ উভতি আহ অ।
তোক যি লাগে তাকে দিম আহ। তোৰমতেই হব আহ। মই একো নকওঁ, খং নকৰো। তই মাথো মোৰ কাষলৈ
উভতি আহ। অনুৰাগলৈকে তোক বিয়া দিম দে। দেউতাৰাৰ লগতো ইমান অভিমানী নহবিচোন। মাজনী
অ.... তোৰেই শপত একো নকওঁ অ। শেষৰফালে দেউতাকৰ মাতটো কন্দনামোৱা হৈ পৰিছে।
অপৰাজিতাৰ চকু দুটা সেমেকি উঠিল। তাইক নাপায় দেউতাক অস্থিৰ হৈ পৰিছে। মানুহজনৰ
সঁচাকৈ কষ্ট হৈছে। তেখেতক এনেকৈ কষ্ট দিয়াটো উচিত হোৱা নাই। অনুৰাগৰ ফোন। বিজি
পোৱাত কাটি দিছে। অলপ পাচতে আকৌ কৰিম বুলি তাই দেউতাকৰ ফোনটো কাটি দিলে। ক্ষন্তেক
পাচতে অনুৰাগৰ নম্বৰটো আকৌ অপৰাজিতাৰ স্ক্ৰীণত জিলিকি উঠিল।
- হেল্ল
- অ সোণজনী কোৱা।
অফিচত ব্যস্ত আছিলো।
- এনেই ফোন কৰিছিলো অ।
অপৰাজিতাই মিছা মাতিলে।
- আৰে বাঃ। আজি অসময়ত
ফোন কৰিলা যে। কিবা সমস্যা? নে মন বেয়া?
- এটাও নহয়। এনেই মন
গল।
- তুমি মিছা মাতিছা।
দেউতাৰ ওপৰত খং উঠিয়ে আছে নে? তুমিও যে আৰু! দেউতাহে। তেখেতে সদায় ল’ৰা ছোৱালীৰ ভালটোৱে
চিন্তা কৰে। এতিয়া দেউাতৰ খংটো এৰি সেইখিনি খঙৰ বাবে লাগিলে মোকেই গালি পাৰা। হবনে?
- যাঃ এইটো। কিবা খাই
ল’বা। এতিয়া ৰাখো।
তোমাৰ মাতটো শুনিব পালো যেতিয়া মন ভৰি গল।
- খাই ল’ম বাৰু। তুমি আচলতে আছা কত, ঘৰত
নাই ন? টাউন গৈছা নেকি, হুলস্থুল শুনিছো যে। কিবা খাই আহিছিলানে?- ওঁ। টাউনত আছো। কাম
আছিল। খাই আহিছো। এতিয়া ফোন ৰাখা। আই লাভ ইউ। টেক কেয়াৰ।
- অকে চুইটহাৰ্ট। আই
লাভ ইউ টু। বিধিসনন্মত সতৰ্কীকৰণ- চহৰৰ অলিয়ে গলিয়ে সুদৰ্শন চেহেৰাৰ ডেকাবোৰক লাইন
নামাৰিবা দেই মোৰ কলিজা। মই জ্বলি যাওঁ.....। বাই। টেক কেয়াৰ ইউ টু..।
অনুৰাগক সঁচা কথা কোৱা নহল।
কোৱাৰ প্ৰয়োজনীয়তা নাথাকিল। অপৰাজিতাই ঘাইপথটোৰ সিটো পাৰলৈ চাই পথালে। নগাওঁ
অভিমুখী ট্ৰেভেলাৰ, উইংগাৰ, ৭০৯, এ এচ টি চি, বাচ লাইন লাগি আছে। এপাকত কিবা এটা
ভাবি তাই কাষতে ৰৈ থকা অট’ৱালাজনক কলে- দাদা, বেগটো অলপ ধৰি দিয়কচোন। সিপাৰলৈ
যাম।
এই নগাওঁ নগাওঁ নগাওঁ...
তেজপুৰ, লক্ষীমপুৰ, ৰহা, ডিমৌ চাৰিআলী.... বাইদেউ ক’লৈ যাব...।