পতিদেৱৰ অফিচ বন্ধ
থাকিলেই বিপদ। মৰমৰ অত্যাচাৰত কেতিয়াবা মোৰ উশাহ বন্ধ হোৱাৰ উপক্ৰম হয়। অতিষ্ঠ হ’লেও মই নিৰূপায়, তেওঁৰ ভালপোৱাত মই পাহৰি পেলাওঁ
আন্ধাৰৰ বৰণ, মেলিব নোৱাৰো সোঁৱৰণীৰ ইতিহাস। মানুহে বিশ্বাস নকৰে যদিও আমাৰ
সঁচাকৈয়ে প্ৰেম বিবাহ হোৱা নাছিল। প্ৰেম হৈছিল, বিয়াৰ পাচত। অনিশ্চাসত্বেও মোৰ
প্ৰেম হৈ গৈছিল, যিদৰে প্ৰেম হৈ যায়। তেওঁক কাষত পোৱাৰ আগলৈকে আনকি বিয়াৰ দিন- বাৰ
ঠিক হোৱাৰ দিনাও মই কল্পনা কৰা নাছিলো এজন মৰমিয়াল, দায়িত্বশীল, নিষ্ঠাবান, মোৰ
দৰে এজনী আঁকোৰগোজ ছোৱালীৰ সৈতে সহজে মিলিব পৰা স্বামী পাম বুলি। পাই গ’লো। নাজানো কোনটো জনমৰ পুণ্যৰ ফল! সেয়েতো আজিকালি
মই ঈশ্বৰক বিশ্বাসক কৰো। আন বহুজনৰ দৰেই মানি লওঁ- ঈশ্বৰে সকলো ভালৰ বাবেই
কৰে।
অভিলাষৰ মুখত শুনি
শুনি এদিন ময়ো বৰষুণক ভালপাই পেলাইছিলো। কালক্ৰমত বৰষুণজাক থাকি গ’ল, অভিলাষ হেৰাই গ’ল। আৰু ভালপোৱাবোৰ? শুৱনি কোঠাৰ খিড়ীকিখন মেলি দিলো, বাহিৰত এজাক
জিৰ জিৰ বৰষুণ। বৰষুণৰ সৈতে ভালপোৱা সৰিছে...। অনুপল অৰ্থাত্ মোৰ স্বামী অফিচৰপৰা
আহি এতিয়ালৈকে পোৱাহি নাই। সেয়ে হয়তো মোৰ এই বিষণ্ণতা, নিসংগতা। অভিলাষৰ সৈতে থকা
মোৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে ঘৰত জনোৱাত দেউতাই স্পষ্টকৈ জনাই দিছিল- “ল’ৰাটোক আমাৰ ঘৰলৈ
মাত। তাৰ মাক- দেউতাকৰ সৈতে আমি কথা পাতিম।“ সি নাহিল। তাৰ মাক
দেউতাককো একো নজনালে। তাৰ অজুহাত সেই সময়ত সি নিবনুৱা আছিল। দেউতাই মোক বাৰে বাৰে
সুধিছিল অভিলাষ নহাৰ কাৰণ। মই উত্তৰ দিব পৰা নাছিলো। অন্যহাতেদি মাৰ খাদ্যনলীত কেঞ্চাৰ ৰোগে বাহৰ পাতিছিল।
চিকিত্সকৰ মতে মা আৰু মাত্ৰ এটা বছৰ জীয়াই থাকিব। গতিকে মৃত্যুৰ আগতে মোক বিয়াখন
দি মাৰ শেষ ইচ্ছা পুৰণ হোৱাটো দেউতাই মনে- প্ৰাণে কামনা কৰিছিল। দিনক দিনে মাৰ
স্থাস্থ্যৰ অধিক অৱনতি ঘটিবলৈ ধৰাত আমি সকলোৱে শংকিত হৈছিলো। অভিলাষক সকলো কথা বুজাই কোৱা সত্বেও সি কিবা
এটা কৰিবলৈ অমান্তি হৈছিল। বৰঞ্চ সি মোৰপৰা আৰু দুবছৰ সময় বিছাৰিছিল যিটো মোৰ বাবে
অসম্ভৱ। দেউতাই জোৰ নকৰা সত্বেও অৱশেষত মই অনুপলৰ সৈতে বিয়াত বহিবলৈ ৰাজি হ’লো। অভিলাষক বিয়ালৈ নিমন্ত্ৰণ নজনালো। আমাৰ
বিয়াখন সুকলমে পাৰ হৈ গ’ল। বিয়াৰ দুটা মাহৰ পাচতে মা স্বৰ্গগামী হ’ল। মই মোৰ সিদ্ধান্তক লৈ অনুতপ্ত নহ’লো। অভিলাষকো জগৰীয়া কৰিবলৈ একো অজুহাত নৰ’ল। তাৰ ক্ষেত্ৰত সি শুদ্ধ আছিল, মোৰ ক্ষেত্ৰত মই।
নাজানো বা জানিবও নিবিচাৰো সি কথাবোৰ কেনেদৰে গ্ৰহণ কৰিলে। সি সুখী হওক,
কৃতকাৰ্য্য হওক- মোৰ শুভকামনা আগতেও আছিল আৰু ভৱিষ্যতেও থাকিব। এৰি অহা কেতবোৰ সময়
ইচ্ছা কৰিলেও পাহৰিব নোৱাৰি, ময়ো পাৰা নাই। অথচ পাহৰিবলৈ চেষ্টা এৰা নাই। আবেগক
অতিমাত্ৰা পশ্ৰয় দিবলৈ গলেই বিপদ। নিজৰ লগতে আনৰো অশান্তি। অনুপলৰ অৰ্ধাংগিনীৰীপে
স্বৃকিতী পোৱা ক্ষণ ধৰি মই সুখী হোৱাৰ আখৰা কৰিছো, জীৱনটো অন্য ধৰণে সজাবলৈ চেষ্টা
কৰিছো যাৰ বাবে সপোনবোৰক ন- ৰূপেৰে গঢ় দিছো...। অনুপল, মোৰ স্বামীৰ সহযোগিতাক
স্বীকাৰ কৰিবই লাগিব। সকলো দিছে। মই বিচৰাতকৈ বহু কিবা পাইছো। শাৰিৰীক- মানসিক
সকলো ফালৰেপৰা মই তৃপ্ত। মা হেৰাই গ’ল যদিও শাহু মাৰ
মৰমত মাৰ অনুপস্থিতিক পাহৰি পেলালো। শহুৰ দেউতাৰ বাবে মই যেন তেখেতৰ বোৱাৰী নহয়
জীয়ৰিহে....। নিজৰ ঘৰখন এৰি আহি অচিনাকী ঘৰখনত মই সম্পূৰ্ণৰূপে সুখী হব পাৰিব
লাগিছিল, পৰা নাই। কৰবাত কিবা এটা ৰৈ গৈছে...। কি?
মেলা খিড়ীকিখনৰ
গ্ৰীলত মই দুহাতেৰে খামুছি বৰষুণজাকলৈকে চাই আছো। বাউলী বতাহজাকৰ তাড়ণাত বিন্দু
বিন্দু বৰষুণৰ টোপালবোৰ আহি মোৰ গালে মুখে বিয়পি পৰিছে। পৰক। চকুৰ পতা তিতিছে...।
তিতক। অসংযত শাৰীখনৰ আঁচল খহাই বৰষুণজাকে মোৰ বুকুৰ একোণ চুব খুজিছে....। চুৱক।
কিন্তু অভিলাষ, তুমি বাৰিষা হৈ মোৰ কাষলৈ নাহিবা অ...। মোৰ বৰ ভয় লাগে। কিজানিবা
অনুপলৰ প্ৰতি অন্যায় কৰা হয়।
মোক উন্মুক্ত
কঁকালেৰে কাৰোবাৰ শিতল হাত এখন মেৰখাব ধৰিছে। মই উচপ খাই উঠিলো। পাচলৈ ঘুৰি চাব
ধৰোতেই অনুপলৰ তপত নিশাহবোৰ আহি মোৰ গালত ঠেকা
খালেহি। মই লৰচৰ কৰিব নোৱাৰা অৱস্থা। লৰচৰ কৰিবও বিচৰা নাই। অনুপলৰ শক্তিশালী
দুবাহুৰ বান্ধোন চিঙি মই কেনেকৈ আৰু ক’লৈ উৰা মাৰো? সজোৰেৰে মই
মোৰ দুচকু জপাই ৰাখিছো। আৰু কিছু বেলি তেওঁ এনেকৈয়ে মোক বন্দী কৰি ৰাখক। বৰষুণজাক
গুছি যাওক। মোৰ সোণ কুশলে থাকক.....।