- ইহঁত কলেজীয়া ছোৱালীমখাই দামি দামি ম’বাইল কিনে থিকেই, পিচে ম’বাইলটোতহে
বেলেঞ্চ নাৰাখে। ৪- ৫ পইছা কিবা এটা ৰাখিব আৰু তাৰেই মিচকল মাৰি মাৰি কাম চলাই থাকিব। দুজনীমানে
মেচেজ পেক এটা ৰাখে। দৰকাৰ হলেই মেচেজ মাৰিব, কল মি...। ককায়েক হওক, দেউতাক হওক বা প্ৰেমিক অথবা
বন্ধু... চমুকে ল’ৰাৰ লগত ইহঁতে এইটো
পদ্ধতিৰে নিজৰ কাম সিদ্ধি কৰি পকেট মানি সাচিব আৰু পাচত সেই টকাৰে নিজৰ লাগতিয়াল বস্তু কিনিব..। হওক বাৰু..। আমাৰ তাত কবলগা
একো নাই। কিন্তু বিপদৰ সময়ত কাৰোবাক জৰুৰী ফোন এটা কৰিবলৈকে বেলেঞ্চ দুটকামান
ৰাখিবতো লাগে। বিপদে কেতিয়াও আগজাননী দি নাহে। সিদিনা ছোৱালীজনীৰো সেই একেই
দুৰৱস্থা। ম’বাইলৰ বেলেঞ্চ জিৰ’। টকা দুটামান থকাহেঁতেন
কমচেকম পুলিচক বা ঘৰৰ কাৰোবাক ফোন এটা কৰি জনাই দিব পাৰিলেহেঁতেন। নাই নাৰাখেই
টকা। এনেই মিছা-
মিছি দহ- পোন্ধৰ হাজাৰটকীয়া ম’বাইলটো কিনি মানুহক দেখাই ফুৰিলে কি হব, যদিহে বিপদৰ সময়ত
কামত নাহে। তাতকে এহাজাৰ টকীয়া ব্লেক এণ্ড হোৱাইট ম’বাইল এটা কিনি ৩০
টকামান বেলেঞ্চ ভৰাই ঘুৰি ফুৰাই ভাল...। অ মিনাক্ষী... তোমাক এটা বুদ্ধি
দিও দেই। ম’বাইলটোত যিকোনো
সময়তে দহটকামান ৰাখিবাই। কৰবালৈ ওলাই গলেই সাৱধান। দিন- কাল বেয়া। নাৰীৰ সৌন্দৰ্য্যই নাৰীৰ বিপদ।
গতিকে ম’বাইলটোত সহজতে
পোৱাকৈ স্থানীয় থানাৰ দুজনমান আৰক্ষীৰ ব্যক্তিগত ম’বাইল নম্বৰ
সংগ্ৰহ কৰি চেভ কৰি ৰাখিবা। থানাৰ লেণ্ড ফোনৰ নম্বৰত ভৰষা নকৰাই উচিত। বিপদৰ
সন্দেহ হলেই লগে লগে আৰক্ষীক যোগাযোগ কৰিবা। তাৰ মাজতে বিশেষ সুযোগ নাপালে ঘৰৰ
কোনোবা মানুহৰ নম্বৰত ফোন নম্বৰটো ডায়েল কৰি ৰাখি দিবা। বুজা নাই? ধৰি লোৱা, তোমাক কোনোবাই
কিবা অনিষ্ট কৰিবলৈ আহিছে। তুমি পূৰ্বানুমান কৰিব পাৰিছা। তেনেস্থলত চিধাই ফোনটো
উলিয়ালে ম’বাইলটো কাঢ়ি নিব যে খাটাং। সেয়ে তেওঁলোকৰ অজ্ঞাতে ম’বাইলটো উলিয়াই
লগে লগে চাইলেন্ট ম’ড কৰি দিবা। তাৰপাচত ঘৰৰ কাৰোবালৈ (ককায়েক হলে সুবিধা হয়) ফোনটো লগাই
হুলস্থুল আৰম্ভ কৰি দিবা..। হুলস্থুল কৰোতে এনেকৈ কৰিবা যাতে তোমাৰ
কথাখিনি সিপালৰ ব্যক্তিজনে শুনি, তুমি ক’ত আছা, কেনে বিপদত পৰিছা তাৰ বিষয়ে সম্যক ধাৰণা এটা লাভ কৰিব পাৰে...। তাৰপাচত অলপসময় নিজৰ সুৰক্ষাৰ বাবে যুঁজ
দিবা। তাৰ বাবে বেগত সৰুকৈ এখন চুৰি সদায় ৰাখিবা। কামত দিব...। ঐ বিমান, মই ভুল কৈছো নেকি?
হাস্পটালৰপৰা পলাশ গৈ মিনাক্ষীৰ ভাড়াতীয়া কোঠা পালেগৈ। একদম ৰজাৰ দৰে বিচনাখনত শুই শুই তাৰ দিঘলীয়া ভাষণ। বিচনাখনৰ এটা মুৰে তলমুৰ কৰি বহি বিমানে তাৰ প্ৰকাণ্ড ম’বাইলটো পিটিকি থকাত ব্যস্ত। তাৰ ওচৰতে চকী দুখনত মৃন্ময় আৰু অপৰাজিতা বহি আছে। মিনাক্ষী বহা নাই। কোঠাটোত থকা ডাইনিং টেবুলখনত গাটো ভেজা দি তাই ৰৈ আছে। বিমানক বাদ দি বাকী গোটেইকেইটাই পলাশৰ কথাত হয়ভৰ দিয়াত ব্যস্ত। বিমান সহজ হব পৰা নাই। সংকোচ ভাৱ এটাই তাক মৌন কৰি ৰাখিছে।
- ধৰ্ষণৰ কেচটো কি হ’লগৈ অ মৃন্ময়? অপৰাজিতাই মাত লগালে।
- আৰে, মই ইমানখিনি লেকচাৰ দি ভাল বুদ্ধি দিলো, কোনেও কমেন্ট এটা নকৰিলে যে? মিনাক্ষীয়ে ধন্যবাদ এটাতো দিব পাৰে? মৃন্ময়ে মাত দিয়াৰ আগতে পলাশে টপচকে মাত লগালে। তাৰ অভিমানভৰা কণ্ঠ।
- তোক ধন্যবাদ নহয়, তোক ভাৰতৰত্ন জাতীয় কিবা দিব লাগিব। ধন্যবাদ দিলে তোৰ থিয়’ৰিটোক অপমান কৰা হব। সেয়ে কোনেও তোক একো কোৱা নাই।
বিমানৰ কথা শুনি সকলোৱে গিৰ্জনী পাৰি হাঁহিলে।
- মই ঠিকেই শুনিছোনে? আমাৰ বিমানজ্যোতি বৰুৱাই বাৰু এইষাৰ কথা কৈছেনে? মোৰ বিশ্বাস হোৱা নাই দেই। মিনাক্ষীয়ে বিমানক ইতিংকি কৰো বুলিয়ে কৰিছে।
কথা শুনি তাইৰ মুখলৈ বিমানে ঘোপাকে চালে। তাকে দেখি অপৰাজিতা আৰু মৃন্ময়ে মুখ টিপি হাঁহিলে।
- তাতে কোনখন ৰামায়ন অশুদ্ধ হ’ল। এনে প্ৰাইম মিনিষ্টাৰটো ওলাইছে। সাধাৰণ আই পি এচ অফিচাৰ এটা। তাকে লৈ লেবেল। এতিয়াটো আৰু লেবেল। অসমৰ হিৰ’ যে গোটেইটো। এইবিলাক হিৰ’গিৰী মোৰ ওচৰত নহব।
পলাশে শুই থকাৰপৰা উঠি বিমানৰ মুৰত লাহেকৈ চপৰিয়াই দিলে।
- তোৰ মুখখন যে নহয়। তোৰ মুখখন নথকাহেঁতেন কাউৰী শগুণে নি খালেহেঁতেন।
বিমানে বিচনাখনৰপৰা উঠি কোঠাটোৰ বাহিৰলৈ উলাই গ’ল। আচলতে প্ৰকাশ পৰা জোখতকৈ সি আজি অধিক সুখী। মৃতপ্ৰায় পলাশে সুস্থ হৈ আগৰ দৰে কথা কবলৈ আৰম্ভ কৰিছে... তাৰ সমান্তৰালভাৱে অপৰাজিতাৰ মুক্তি, মৃন্ময়ৰ সন্তুষ্টি, সমাজখনৰ সাময়িক স্থিৰতা....। সুখী হোৱাৰে কথা।
- বাহিৰলৈ কিয় গুছি আহিলে? বিমানৰ পাচে পাচে মিনাক্ষীও বাহিৰলৈ ওলাই আহিল।
- এনেই। বিমান বাকৰুদ্ধ। তাৰ চকুত বিন্দু বিন্দু চকুপানী।
- সকলো ঠিক হোৱাৰ পথত। মন বেয়া কৰিব নালাগে।
- মন বেয়া কৰা নাই।
- মিছা মাতিছে? মৌচুমীক লৈ অসন্তুষ্টি?
- কোন মৌচুমী?
- অভিনয় নকৰিব। পলাশ দা আৰু অপৰাজিতা বাই সকলো কৈছে।
- প্লিজ। ষ্টপ ইট। বিমানে আকৌ পলাশ থকা কোঠাটোলৈ সুমাই গ’ল। কিবা বেয়াই পালে নেকি? মিনাক্ষীয়ে কথাটো কোৱাৰ পাচতহে চিন্তা কৰিছে।
ক্ষন্তেক সময়লৈ সকলো নিৰব।
- বিমান..... মৌনতা ভংগ কৰি অপৰাজিতাই মাত লগালে।
- হু, কোৱা।
- ধন্যবাদ।
- কিয়?
- মই বেশ্যা নাছিলো। প্ৰমাণ কৰিবলৈ মোৰ সুযোগ নাছিল। তুমি কৰি দিলা। কৃতজ্ঞতা জনাবলৈ একোৱেই নাই। তথাপি......
- ধেত্ তেৰি। এইবোৰ ফৰ্মেলিটিচ মোৰ ভাল নালাগে। মই মোৰ কাম কৰিছো। মোৰ দায়িত্ব পালন কৰিছো।
- দায়িত্বৰ কথা কব আহিছ? হুহ। এনেকৈ সমাজসেৱা কৰোতেই তোৰ চুলি পকিব। ঐ অপৰাজিতা। ইয়াৰ কথা আমি নাভাবিলে নহব। গতিকে এইবাৰ আমাৰ দায়িত্ব পালনৰ পাল। নে মৃন্ময় কি কোৱা? পলাশে কথাৰ পাকটো বেলেগলৈ টানি নিলে। বিমানে তাৰ মতলব থিক ধৰিব নোৱাৰিলে।
- অ... বিমান দাই সোনকালে বিয়াখন পাতিব লাগে। জিতা বা, তই দৰাঘৰীয়া হবি নে কইনাঘৰীয়া?
মৃন্ময়ৰ ৰহস্যময়ী মন্তব্য। বিমানে ভেবা লাগি এবাৰ পলাশলৈ চালে আনবাৰ মৃন্ময়লৈ। মিনাক্ষী আনটো কোঠালৈ সুমাই গ’ল।
- আব্বে, তহঁতৰ তাঁৰকিদাল চিঙিল নেকি? বিমানৰ খঙটো পতকে উঠে।
- চিধা কথাটো কওঁ তেন্তে। মিনাক্ষী মোৰ অচিনাকী। তেজৰ সম্পৰ্ক নাথাকিলেও মোৰ বাবে তাই বহুত কিবা কৰিলে। অকৃতজ্ঞ ময়ো হব নোৱাৰো। তাইক দিম কি? ইফালে তোৰ বাবেও মোৰ বহু দায়িত্ব আছে। সদায় সদায় মদ খাই তোক জহন্নামে যাব দিব নোৱাৰো। কথা এটা ভাবিলো, তই মিনাক্ষীক বিয়া পাত। পাতিব লাগিবই। তোৰ বন্ধুৰ দাবী এয়া। তোৰ মদ খোৱা এৰুৱাই জীৱনটো গতি লগাব পৰা ছোৱালী এজনীয়ে আছে আৰু সেইজনী হ’ল মিনাক্ষী। তাতে তায়ো তোৰ দৰে চ’ছিয়েল চাৰ্ভিচ কৰাত ওস্তাদ। ভাল মিলিবি দুয়োটা। একদম পাভ যোৰা.... পলাশৰ কথা সম্পূৰ্ণ হব নাপাওতেই বিমানে মাত লগালে
- মই যাওঁ। তহঁত গোটেইমখাকে বলীয়া কুকুৰে কামুৰিলে। পগলা হলি বুজিছ। ফাল্টু লেকচাৰ....। ধুৰ...।
বিমানে উচাট মাৰি কোঠাটোৰপৰা বাহিৰলৈ ওলাই আহিল।
- তই যাৱ? যা তেন্তে? কিন্তু আজিয়ে তোৰ লগত মোৰ বন্ধুত্ব শেষ। মই মৰিলো বুলি ধৰি ল। মোৰ মৃত্যুৰ বাবে তই দায়ী। যাঃ যাগৈ যা। আজি মই আগভেটা দি অথবা পাছফালৰপৰা তোৰ হাতখন সাৱটি ধৰিবলৈ অপৰাগ। উঠি যাবতো নোৱাৰো বেণ্ডেজ কৰা ভৰিখন লৈ... হব দে..।
পলাশে শেষৰ কথাশাৰীত বিমানৰ দুভৰি স্তব্ধ হৈ ৰৈ গ’ল। সকলো সময়তে আঁকোৰগোজ কৰিলে ভাল নালাগে। সম্বন্ধ এটা এনেকৈ গঢ় বুলিলেই গঢ় দিব পাৰি জানো?
পাৰি। হৈ যায়। কিন্তু মিনাক্ষীক লৈ বিমানে তেনেকৈ একো ভবা নাই। মৌচুমীৰ ঠাইখিনি পতকে খালী কৰাটো সহজ হব জানো? নাই নাই। সদ্যহাতে বিমানৰ এটা মিছন সম্পূৰ্ণ কৰিবলৈ বাকী। ধৰ্ষিতা ছোৱালীজনীয়ে হাস্পটালৰ খিড়ীকিৰে জপিয়াই আত্মহত্যা কৰিলে। ঘটনাটোৰ সৈতে জড়িত পাষণ্ড কেইটাক এক্সন লোৱাই হোৱা নাই। সোনকালে লব লাগে। নহলে ছোৱালীজনীৰ আত্মাই শান্তি নাপাব। পলাশে বেচি কথা কয় যদিও, ছোৱালীৰ দোষ খুছৰি গালি দিয়াত ওস্তাদ যদিও সি এটা প্ৰকৃত পুৰুষ। অচিনাকী ছোৱালীজনীক ধৰ্ষণকাৰীকেইটাৰ হাতৰপৰা উদ্ধাৰ কৰিবলৈ গৈ সি নিজৰে অনিষ্ট সাধিলে। ভাগ্য ভাল আছিল বাবে সি নমৰাকৈ বাচিল। বন্ধুক লৈ, বন্ধুৰ কৰ্মক লৈ বিমান আজি গৌৰাম্বিত। পলাশে বিমানক এৰি থাকিব নোৱাৰে। বিমানেও পলাশক এৰি থাকিব নোৱাৰে। এই অভিমান দুদিনীয়া। নাই, সি মিনাক্ষীৰ কথা এতিয়া একো নাভাবে....।
গাড়ীখনৰ দৰ্জাখন বন্ধ কৰি পাচলৈ এবাৰো ঘুৰি নোচোৱাকৈ এক্সিলাৰেটৰ পকাই বিমানে নিজৰ অফিচলৈ বুলি ৰাওনা হ’ল.....। ধৰ্ষণকাৰীকেইটাক কৰায়ক্ত কৰি লাভ নাই। মিছাতে জেইলত ভৰাই ৰাখি চৰাকাৰী ধনৰ অপচয় হব। চৰকাৰৰ টকাবোৰ সাধাৰণ জনতাৰ। চৰকাৰে তাৰ মুল্য নুবুজে। অন্যহাতে ভাৰতীয় সংবিধানখন অদৰকাৰী। অপৰাধীবোৰক সুৰক্ষা দিয়াত ওস্তাদ। ইফালে হিউমেন ৰাইটচৰ অপ্ৰয়োগ আছেই। এইখনেই ভাৰতীয় সংবিধান য’ত জঘন্য অপৰাধীবোৰকো ফাঁচি দিবলৈ লাজ কৰে। চৰম পায়। জাৱজ্জীৱন কাৰাদণ্ড জাতীয় শাস্তিবোৰৰ কোনো সুদূৰপ্ৰসাৰী প্ৰভাৱ দেখিবলৈ পোৱা নাযায়। গতিকে চিম্প’লী সেইকিটাক ধৰি আনি এনকাউন্টাৰ কৰি মাৰি পেলাব লাগে। বুলেট লাগিবনো কেইটা! খৰছ বাচি যাব। বিমানে কিবা কৰিলে ওপৰৰ মানুহক উত্তৰ দিব লাগিব। সেয়ে সেই কামটো তাৰ মুম্বাইৰ টিমটোক লগায়ে কৰাব। মন্ত্ৰীজনক জেইললৈ পথোৱা দুদিন হৈছেহে। পৰিস্থিতি অলপ শান্ত হওক....। তাৰপাচতে এইকিটাক কুকুৰ মৰাদি মাৰিব লাগিব...

(তিনি মাহ পাচত....(
বিমানৰ পৰিকল্পনা অনুসৰিয়ে ধৰ্ষণকাৰী ল’ৰা তিনিজনক অপহৰণ কৰি হত্যা কৰা হ’ল। সিহঁতৰ মৃতদেহ কোনেও বিচাৰি নাপালে। মাক- দেউতাক অথবা চহৰখনৰ মানুহবোৰৰ মনত কেৱল এটা প্ৰশ্ন হৈ ৰৈ গ’ল- ল’ৰাকিটাক কোনোবাই অপহৰণ কৰি নি হত্যা কৰিলে নে তাহাঁতে নিজে কৰবালৈ গুছি গ’ল!! আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ইফালে তিনিটা মাহত পলাশৰ অভিমান একে থাকিল। সি মিনাক্ষীক বিয়া নপতালৈকে পলাশে তাৰ সৈতে সম্পৰ্ক নাৰাখে। বিমানৰ কষ্ট হৈছে। ঘঁহোতে ঘঁহোতে শিলো ক্ষয় যায়। মিছা কৈ লাভ নাই, মিনাক্ষী প্ৰতি বিমানৰ দূৰ্বলতা অলপমান আছিল। তাৰ আঁৰতে মিনাক্ষীক লৈ সি দেখা সপোনটো। এটা সময়ত পলাশৰ অভিমানত উপায় নাপায় বিমানে তাৰ চৰ্ত মানি লবলৈ বাধ্য হ’ল। বিমানৰ অভিভাৱক স্বৰূপে অপৰাজিতা, পলাশ আৰু মৃন্ময় গৈ মিনাক্ষীৰ মাক- দেউতাকৰ সৈতে কথা পাতিলে। প্ৰস্তাৱ না কৰাটো প্ৰশ্নই নাহে। সকলো খুছ। বিয়াৰ প্ৰস্তুতি তুংগত। মিনাক্ষীৰ তাগিদাত বিমান আৰু পলাশৰ মদ খোৱা বন্ধ, চিগাৰেট বন্ধ। বাকী মৌচুমীৰ স্মৃতি?? বিমান আগতকৈ অধিক ব্যস্ত। পূৰ্বৰ তুলনাত তাৰ কামৰ তাগিদা বাঢ়িল। দিনত অফিচৰ কাম আৰু আজকি সময়ত মিনাক্ষীৰ অভিমান ভাঙোতেই তাৰ সময় নোহোৱা হ’ল। ইফালে চৰকাৰৰ গূহ বিভাগৰ বিশেষ সিদ্ধান্তমৰ্মে খুউব কম সময়তে সি কাষৰীয়া জিলাখন, নগাঁৱত আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰিব...। বোধহয়, তাৰ আগতে বিয়াখন হৈ য়োৱাতো সকলোৱে কামনা কৰিছে। কিয়নো সকলোৰে শংকা- বিমানে আকৌ নগাঁৱত গৈ আকৌ কি বা চমত্কাৰ কৰে!!!

(সমাপ্ত)