“দ” বৰ্ণটোৰে ভংগীৰে ভৰিৰ আঁঠু দুটাৰ মাজত হাতদুখন জোৰেৰে চেপি ধৰি মূৰৰ
প্ৰচণ্ড বিষটোৰ সৈতে যুঁজি আছো। আজি অফিচৰপৰা আহোতে পলম হৈছিল। গুৱাহাটীৰ ট্ৰেফিক
যাম বুলিলেই তাৰ তিক্ততা সহজে অনুমেয়। তাতে আজি আকৌ বছৰটোৰ শেষ দিন, ৩১ ডিচেম্বৰৰ সন্ধিয়া।
মহানগৰবাসীৰ গাত তত্ নাই। এঘন্টা সময় গাড়ীখনৰ ভিতৰত আৱদ্ধ হৈ থাকি অৱশেষত যেতিয়া
মোৰ ফ্লেট আহি পাইছিলোহি মোৰ মৰমীজনীৰ মনটো সেমেকা। তথাপিও আন দিনাৰ দৰেই মই
কাপোৰ-কাণি সলাই ফ্ৰেচ হৈ লওঁ মানে চাহ একাপ আনি তেওঁ মোৰ হাতত গুজি দিলেহি। খালো।
তাইৰ মনৰ বতৰা কিছু দেৰিকৈ ল’ম। প্ৰথম কথা মই ভাগৰুৱা। দ্বিতীয় কথাটো হ’ল, মই তাইক গুৰুত্ব নিদিয়া দেখি সদৌ শেষত যেতিয়া প্ৰচণ্ড অভিমানেৰে মূখখন
ফুলাই মোৰ কাষত আহি উচপিচাই থাকিবহি, তেতিয়াই মই তাইৰ উজৰ আপত্তিবোৰ খণ্ডণ কৰিবলৈ উঠিপৰি
লাগিম। আচলতে মোৰ মৰমীজনী ভিতৰি তেনেই ঠুনুকা। জুৰুণৰ ৰাতি শেষবাৰৰ সৈতে মাৰ বুকুত
মূৰ গুজি শুই থাকোতে মায়ে তাইৰ অমায়িক স্বভাৱটোৰ সলাগ লৈ মোক কৈছিল, “তাই বৰ মৰম আকলুৱা অ। কিবা ভুল কৰিলেও মৰমেৰে বুজাই দিবি। কটু কথা
নুশুনাবি।“ মই ভিতৰি শংকিত হৈছিলো, নতুনকৈ অহা ছোৱালীজনীয়ে
মোক, মোৰ ঘৰখনক কিদৰে বা গ্ৰহণ কৰে। মাৰ ওপৰত ভৰষা আছে। তেওঁৰ বোৱাৰীক জিয়ৰী
মৰ্য্যদা ইতিমধ্যে দিছেই। কিন্তু মোৰ হবলগা পত্নী আলক্ষিতাই বা কি বিছাৰে? মাৰ ধাৰণা শুদ্ধ আছিল। বিয়াৰ আগলৈকে অচিনাকী ছোৱালীজনীক মই আজি সুখী। আমাৰ যুগ্ম জীৱনটোৱে এটা বছৰ অতিক্ৰম
কৰিলে। এবছৰত আমি সকলো সুখী। বিশেষকৈ মা-দেউতাই বোৱাৰীক
পোৱাৰ পাছৰপৰাই ল’ৰাক গুৰুত্ব নিদিয়া হ’ল। বিয়াৰ আগতে মায়ে
নিতৌ মোলৈ ফোন কৰি খবৰ লয়। বহুসময় ফোনত কথা পাতে। গাঁৱ- চহৰৰ বতৰা দিয়ে। মোৰ
কেতিয়াবা খঙেই উঠে। এটাই ল’ৰা হলো বুলি মোক লৈ ইমানকে চিন্তা
কৰিব লাগেনে? আজিকালি তাৰ বিপৰীত মোৰ মনৰ অৱস্থা। ভিতৰি
ঈৰ্ষা। অভিমান। মায়ে মোলৈ ফোন নকৰেই। সন্ধ্যা সাত বাজিলেই আলক্ষিতাৰ সৈতে মাৰ ফোনত
লেকচাৰ আৰম্ভ হৈ যায়। কিনো কথা পাতি থাকে, শাহু আৰু বোৱাৰীয়েহে গম পাব। মোৰ পাত্তা
নাই। তেওঁলোকৰ কথা-বতৰাৰ প্ৰকোপ দেখি আন মানুহে
হয়তো সন্দেহ কৰি ভাবিব, “শাহুৰ আৰু বোৱাৰীৰ মাজত ইমানকৈ কিহৰ কথা? যেন দুয়ো সেই ২০ বছৰীয়া কলেজত পঢ়ি থকা প্ৰেমিক-প্ৰেমিকা।“ দুমাহ আগলৈকে আলক্ষিতাৰ ফোনৰ বিল আহিছিল ১৪০০ টকা। মই বুলো এনেকে নহব,
চিমখন আকৌ প্ৰিপেইদ কৰি এয়াৰচেল টু এয়াৰচেল ফ্ৰী কৰাই দিছো। তাৰ পাছত আৰু কোনে পাই।
খং উঠিবই....। অফিচৰপৰা আহি পাই বিচনাখনত বাগৰটো দি মনে মনে কামনা কৰো, আলক্ষিতাও
আহক। কোঠাটোৰ লাইটতো বন্ধ কৰি দিয়ক। তাৰ পাছত মোৰ বুকুতে মূৰটো গুজি কিছুসময়
কটাওক। অফিচৰপৰা সোনকালে পালেহি মোৰ সমস্যা নাথাকে নাথাকে। আলক্ষিতাৰ বাহুবন্ধনত
আৱদ্ধ হৈ টোপনী যোৱাৰ পাছত তাই উঠি গলেও মোৰ কবলগা একো নৰয়। কিন্তু দেৰি হলেই
বিপদ। আজিও সেই একেই। অফিচপৰা আহি পালোহি ৬ বাজি ৩০ মিনিটত। চাহকাপ খাই বিচনাখনত
বাগৰটো দি আলক্ষিতা অহালৈ অপেক্ষা কৰি থাকোতেই ৭ বাজিল। তাইৰ মনৰ বতৰা ল’বলৈ সুবিধা নাপালো। উপায় নাপায় মই সেই “দ” ভংগীমাৰে অবিবাহিত অকলশৰীয়া জীৱনটোত শুই থকাৰ দৰে শুই আছো। মহানগৰখনলৈ আজি
যেন বেছিকৈহে শীত নামিছে। শান্তণা লৈছো মনৰ ভিতৰতে। নিজক বুজনি দিছো। মাহটোত দুটা
দিন ঠেৰেঙা লগা জ্বাৰত উজাগৰে কটোৱা মোৰ অভ্যাস আছে। আলক্ষিতাৰ মাহেকীয়া সমস্যাৰ
দিনকেইটাত মোৰ দেহত ঠাণ্ডাৰ পৰিমাণটো অলপ বেছিকৈয়ে অনুভৱ হয়। তেতিয়াও সেই “দ” কে সাৰথি কৰি শুই পৰো।
নাই, টোপনী নোযোৱাকৈ অকলশৰে এনেই
বিচনাত পৰি থাকিব নোৱাৰি। মূৰৰ বিষটো অলপ পাছতে নিজে ভাল হৈ যাব। দেউতালৈ ফোন এটা
কৰো। মালৈ কৰি লাভ নাই। তেওঁ ৱেটিঙত থাকিব। ময়ো আজি দেখাই দিম, মাক বোৱাৰেকেহে
আদ্দা দিব পাৰে নেকি? আমি বাপেক পুতেকে কিয় ফ’নত টকা খেদিব
নোৱাৰিম! ব্লেংকটৰ তলতে থাকি ম’বাইলটো লৈ দেউতাৰ ফোন নম্বৰটো
ডায়েল কৰি চালো। তেখেতেওঁ দেখোন
ৱেটিং।
মই আচৰিত হোৱাৰে পাল। ওৱা... কথাটো কি? কাৰ লগত বা কথা পাতি আছে? যাৰ লগতে নাপাতক কিয়, মই আকৌ তেওঁৰ ফ’ন নম্বৰটো
ডায়েল কৰিলো.... ৱেটিং। এবাৰ দুবাৰ নহয়, বহুবাৰ....। ৱেটিং ৱেটিং... ৱেটিং। নিশ্চয়, শহুৰ- শাহুৰ আৰু বোৱাৰী
তিনিও কনফাৰেঞ্চত কথাৰ মহলা মাৰি আছে। শেষেই আৰু। নিজকে বৰ দূৰ্ভগীয়া যেন লাগিছে। কেলৈ যে বিয়াখন পাতিছিলো মই? খং বেজাৰতে
মূখখন উফন্দাই বিচনাখনৰপৰা উঠি গলো। আলক্ষিতা আনটো কোঠাত ফোনত কথা পতাত ব্যস্ত।
তাইৰ হাঁহিৰ খিকিন্দালি উফহি আহি মোৰ কাণত পৰিলহি। মই থমকি ৰ’লো। আপোনা-আপোনি তৃপ্তিৰ হাঁহি এটা মোৰ ওঁঠেৰে বিয়পি পৰিল। আমি সঁচাকৈয়ে
সুখী। এইসময়ত মা-দেউতাৰ কাষত থকাহেঁতেন কিমান যে ভাল লাগিলহেঁতেন। খুড়াহঁতৰ
পৰিয়ালটোৰ সৈতে মিলি পুৰণি বৰ্ষটোক বিদায় দি নতুন বৰ্ষটোক আদৰি লোৱাৰ অজুহাতেৰে আজি
ৰাতিলৈ দাঙৰকৈ খানা এটাৰ আয়োজন হ’লহেঁতেন। মুহূৰ্ত্ততে মনটো
বেয়া লাগি গ’ল। গাঁৱৰ ঘৰলৈ বৰকৈ মনত পৰিছে। আমাৰ আহল-বহল চোতালখনত
প্ৰকাণ্ড লোহাৰৰ কেৰাহীটোৰ মাংসখিনি লৰাই লৰাই দেউতাই খুড়াক নিৰ্দেশ দিলেহেঁতেন “জুইদাল কমাই দে... হ’ব হ’ব....
খৰি এদাল দে এতিয়া....। ভাইটী ঐ, নিমখৰ জোখটো মোৰ খেলিমেলি লাগে অ। তই এবাৰ চাচোন।“ খুড়ী আৰু মায়ে পাছলি কাটি থকাৰ মাজতে গাঁৱখনৰ কোনোবা এগৰাকী বোৱাৰী বা
মহিলাক লৈ সৰৱ আচোলচনাত মগ্ন হ’লহেঁতেন... আলক্ষিতাই
তেওঁলোকৰ ওচৰতে মৌনতাৰে ৰৈ দুয়োজনীৰ কথা শুনি মনে মনে হাঁহি থাকিলেহেঁতেন। বয়োজেষ্ঠ
মানুহবোৰ নিজৰ কামত ব্যস্ত থকাৰ সুযোগতে মই আৰু খুড়াৰ সৰু ল’ৰাটো মিলি সাউত্কে বাৰীৰ পাছফালে গৈ দুইপেগ ভদকা মাৰি আহিলোহেঁতেন। কোনেও
গমেই নাপালেহেঁতেন। তাতে গোটেই ৰাতি পৰিয়ালৰ মানুহখিনি উজাগৰে ৰ’লহেঁতেন...।
পুহমহীয়া জাৰ, এলকহলৰ ৰিবৰিব নিচা। কাষত মা-দেউতা, খুড়া-খুড়ী.. সুন্দৰী
নৱ-বিবাহিতা, ভৱিষ্যতৰ কোনো চিন্তা নাই, জীৱনৰ বিশেষ তাগিদা নাই.... সাংঘাটিক সুখৰ
সময়। ছেঃ কথাবোৰ ভাবি, মাথাটো নষ্ট হৈ গৈছে। কালিলৈহে অফিচ বন্ধ। পৰহিলৈ খূলা।
গাঁৱৰ ঘৰলৈ পাক এটা মাৰিব পৰা গ’লহেঁতেন। কি কৰো, কি নকৰো দুমুজাত পৰিছো। আলক্ষিতাজনীও
ফোনত ব্যস্ত। যোৱা নহ’ব আৰু। কালিলৈ ২ জানুৱাৰী বুলি দিঘলী
পূখুৰীৰ পাৰলৈকে পাক এটা মাৰিব লাগিব। আলক্ষিতাক চেলুৱাৰ এযোৰ পিন্ধিব দি শিৰৰ
সেন্দুৰখিনি পাতলকৈ ল’বলৈ ক’ব লাগিব।
তেতিয়া আমাক দেখি আন মানুহে আমি যে স্বামী-স্ত্ৰী ধৰিব নোৱাৰিব। বিয়াৰ আগত
প্ৰেমিকা-প্ৰেমিকাৰ দৰে ঘূৰিবলৈ সুযোগ নাপালো। প্ৰেমৰ মজা কি অনুভৱ নহ’ল। সেইবুলি বিয়াৰ পাছত হাত সাৱটি বহি থাকিব লাগিব বুলি কি কথা আছে। য়েচ,
গ্ৰেট আইদিয়া। কালিলৈ নতুন বছৰটোৰ গোটেই দিনটো আমি দুয়ো অবিবাহিত
প্ৰেমিক-প্ৰেমিকাৰ দৰে ঘূৰিম, ফুৰিম। য’তে চাঞ্চ পাম ত’তে চেগ বুজি তাইক চুমা এটা খাই দিম। এহ্ বঢ়িয়া হ’ব। কিন্তু, মা-দেউতাৰ মনটো চাগে বৰ বেয়া হৈ থাকিব। খুড়া-খুড়ীয়েও উচপিচাই থাকিব। নৱবৰ্ষই হওক বা ভোগালী
বিহু, মই যিকোনো উপায়েৰে পৰিয়ালটোৰ কাষত এঘন্টাৰ বাবে হলেও উপস্থিত থাকোৱেই।
দূৰ্গা পূজাত ঘৰলৈ যাওঁতে খুড়ী আৰু মায়ে আলোচনা কৰি আছিল, এইবাৰ হেনো ৩১ ডিচেম্বৰ
জমিব। কিয় বুলি মই সুধিব লগা নহ’ল। আমাৰ পৰিয়ালটোত ছোৱালী নাই। ময়ে দাঙৰ ল’ৰা। সেয়ে আলক্ষিতা দুয়োখন ঘৰৰে বৰ আদৰৰ। তাই তেওঁলোকৰ মনত বোৱাৰী নহৈ এগৰাকী গাভৰু ছোৱালীয়ে। দুয়োখন ঘৰে একেবাৰে
নোপোৱাই পোৱাদি পাইছে। এইখিনিতে আলক্ষিতালৈ মোৰ হিংসা উপজে। ছোৱালী লৈ জন্ম
লোৱাহেঁতেন ভাল আছিল। বিহু,
জন্মদিন, নৱবৰ্ষ বুলি ইটোৰ পাছত সিটো উপহাৰ পাই থাকিলোহেঁতেন...। মই ঘৰলৈ কেতিয়া
যাম বুলি অধীৰ অপেক্ষাৰে ৰৈ থাকিলহেঁতেন.... এতিয়াটো আলক্ষিতাই সেই ঠাই দখল কৰি ল’লে।
ইমান চেছা।আস্.... টেপৰ পানীখিনি মুখত
সানি মই আৰ্তনাদ কৰি উঠিলো। টাৱেলখন বিচনাতে থাকিল। এহ্ থাকক। শুৱনি কোঠালৈ যোৱাৰ
আগতে ৰাতিৰ ভাতসাজ কি কৰা যাব তাক লৈ এক্ষন্তেক চিন্তাত পৰিলো। আলক্ষিতাই বৰ
ধুনীয়া মাংস ৰান্ধে। আজি বাহিৰলৈ যোৱাৰ প্ৰশ্নই নাহে, ভাতসাজ দুয়ো একেলগে খাম।
উপায় নাই আৰু। মালৈ ফোন এটা কৰি খুড়া-খুড়ীৰ লগতো কথা হ’ব লাগিব। নতুন
বছৰটোৰ শুভেচ্ছা জনাব লাগিব। বঢ়িয়া। ৰাতিলৈ যিমানে ঠাণ্ডা নামিব মোৰ সিমানে ভাল।
শীতৰ অজুহাততে একেখন ব্লেকটৰ তলত সুমাই হেডফোনদালৰ এটা স্পিকাৰ মোৰ কাণত লৈ আনটো
স্পিকাৰ আলক্ষিতাৰ কাণত গুজি মা-দেউতাৰ সৈতে লেকচাৰ মাৰি মজা লাগিব। আজি চেন্টি
ফালি দিম। বছৰটোত মোক কৰা অৱহেলাৰ আজিয়ে হিচাপ হব। বহুত সহিলো, আৰু নোৱাৰো।
“সপোনে সপোনে তুমি কাষৰত.... দুচকু মেলিলেই
তুমি আতৰত....”
ওৱা, কোন অ এইজনী.... বাঃ
আলক্ষিতাৰ মুখত গানৰ কলি? অফিচৰপৰা আহোতে দেখা মানুহজনী আৰু এতিয়াৰ মানুহজনী দেখোন
সম্পূৰ্ণ বিপৰীত। হাতত ফোনটো লৈ আলক্ষিতাই শালিকী খোজেৰে আহি মোৰ কাষ পালেহি। কথা
নাই বতৰা নাই তপচকে মোৰ গালত চুমা এটা খাই দিলে। মই মহাত্মা গান্ধীৰ শিলৰ
মুৰ্তিটোৰ দৰে জঠৰ লাগি ৰৈ থাকিলো।
-
মায়ে মোলৈ কেঁচা পাতৰ কাপোৰ এযোৰ কিনি থৈছে। ইয়ে ইয়ে.....
আলক্ষিতাই মোৰ মুখৰ
আগত মুখখন ৰাখি বৰ আচৰিত ভংগিৰে কথাষাৰ কলে। মই একো বুজি পোৱা নাই। তাই আকৌ কলে,
-
নিউ ইয়েৰ গিফট। তোমালৈ একো নাই। মাঘ বিহুত ঘৰলৈ যাওঁতে আৰু
কিবা দিব। দেখিছাতো মোলৈ মাৰ কিমান মৰম!
আলক্ষিতাৰ চকুৰ কি
পাক চাবা। তায়ে যেন পৃথিৱীৰ আটাইতকৈ সুখী জীয়েকজনী।
আমাৰ ঘৰলৈ বোৱাৰী হৈ
অহাৰ পাছত তাইৰ এনে আচৰণ কেইবাৰো দেখিছো। বিশেষকৈ মায়ে তাইলৈ কিবা উপহাৰ ৰখা বুলি
জানিলেই আনন্দত আত্মহাৰা হৈ উঠে। এৰা, মই আজিও মাৰ ওচৰত হাৰ মানি পেলালো, মায়ে
তাইক যিগৰে সুখী হবলৈ বাধ্য কৰিছে, মই পৰা নাই। মূহুৰ্ততে মোৰ মনটো আবেগিক হৈ
উঠিল। মাৰ মমতাক লৈ মই তবধ মানিছো। তেওঁৰ সন্তান হবলৈ পাই মই আজি বৰকৈ গৌৰৱ অনুভৱ
কৰিছো। মায়ে মোলৈ ফোন নকৰাক লৈ বা কথা নপতাক লৈ থকা ক্ষোভ
অভিমানখিনি পলকতে মোৰ মনৰপৰা নোহোৱা হৈ থাকিল। সুখৰ পানী এসোটা মোৰ চকুৰে বৈ আহি গাল
পালেহি। মই একেথৰে আলক্ষিতাৰ মৰমলগা চকুজুৰিলৈ চাই থাকিলো...।
-
কি হ’ল সোণটো? কিয় কান্দিছা.....।
আলক্ষিতা চিন্তিত হৈ পৰিল। মই
কিয় কান্দিছো। তাই কি কওঁ। কেনেকৈ বুজাও.... মই কথা কব পৰা নাই। বাকৰুদ্ধ।
-
মালৈ মনত পৰিছে? মই আছো নহয়। মই জানো নহয়, মাক বহুত
ভালপোৱা। নাকান্দিবা। নহলে মই কান্দি দিম। তুমি অফিচলৈ যোৱাৰ পাছৰপৰাই আজি মোৰো মন
বেয়া। মালৈ বৰকৈ মনত পৰিছিল। দেউতাৰ চৰণত হাত দুখনত থৈ এটা আৰ্শিবাদ পাবলৈ মনটো
ব্যাকুল হৈ উঠিছিল। ফোনত কথা পতাৰ
পাছতহে শান্ত হৈছো। বিহুলৈ আৰু কেইদিন আছে। ঘৰলৈ যামেই।
আলক্ষিতাই মোৰ বুকুত
মুৰটো থৈ আবেগিক হৈ কলে। আলক্ষিতা সঁচাকৈয়ে ভাগ্যৱতী। আমাৰ ঘৰলৈ বোৱাৰী হৈ অহাৰ
পাছতহে মা নামৰ সম্পৰ্কটোৰ সৈতে তাই পৰিচিত। মই বুজি পাওঁ মালৈ তাইৰ কিমান হেঁপাহ।
-
মাহঁতে আজি খানা খাবনে নাই? মই সুধিলো।
-
নাখায় হেনো। আমি নাই বাবে সকলোৰে মন বেয়া। খুড়াই তোমাক
বেয়া পাইছে। তুমি এদিনৰ চুটি নল’লা কিয়া সুধিছিল।
-
তুমি কি ক’লা?
-
মই কান্দি দিলো। মায়েও কান্দিছিল।
-
দেউতাই?
-
দেউতাই খুড়াৰ সৈতে আমাৰ ঘৰত বহি আগৰ দিনবোৰ সোঁৱৰী মন বেয়া
কৰি আছে। মোৰো তেওঁলোকলৈ বৰকৈ মনত পৰিছে। তোমাৰ অফিচ আছে বাবেহে...।
তাইক কি কওঁ ভাবি
নাপালো। সকলোবোৰ খেলিমেলি লাগি গৈছে। এফালে দুৰ্দান্ত প্ৰেমিকৰ দৰে প্ৰেমিকাক কাষত
লৈ গোটেই মহানগৰখন ফুৰাৰ অদম্য হাবিয়াস, আনফালে মা-দেউতাৰ অনুপস্থিতিৰ বেজাৰ।
এফালে ওৰে নিশা আলক্ষিতাৰ উমাল সান্নিধ্যত মাতাল হোৱাৰ কামনা আৰু আনফালে গাঁৱৰ চোতালৰ
কাঠখৰিৰ জুইকুৰাৰ চৌপাশে বহি থকা পৰিয়ালটোৰ সদস্যসকলৰ সৈতে বাৰেৰহণীয়া আদ্দাত
মচগুল থকাৰ ইচ্ছা...।
-
এহ ব’লা। বাদ দিয়া চাকৰি। দেউতালৈ ফোন কৰা। পাৰ্টী হবই। আমি বজাৰ
কৰি লৈ যাম।
-
কি? সঁচা? ইয়ে.... আই লাভ ইউ... আই লাভ ইউ...
আই লাভ ইউ... বহুত বহুত বহুত.... তুমি ইমান ভাল..... মই এতিয়াই বেগত কাপোৰ ভৰাওগৈ...
তুমিও উলোৱাগৈ... একদম ফটাফট।
আলক্ষিতাই একমিনিট
সময় অপব্যৱহাৰ নকৰি আনন্দত কিৰিলি পাৰি আমাৰ শুৱনি কোঠাটোলৈ দৌৰি যোৱাদি গ’ল। মই তাই
যোৱাৰ ফালে ৰ’ লাগি চাই থাকিলো। আগলৈও তাইৰ ইচ্ছা শুভ হৈ
থাকক।