ব্যস্ত মহানগৰীখনত সি ঘূৰি ফুৰে। ইফালৰপৰা সিফাললৈ...। দায়িত্ব, কতৰ্ব্যবোধ, তাগিদা, তাড়ণা আদিবোৰৰ সৈতে একাত্ম জীৱন প্ৰণালীটোৱে তাক ব্যস্ত ৰাখে। এৰা ধৰা মাজেৰে জীৱনটো আগলৈ গৈ থাকোতে পোৱাখিনিক লৈ সন্তুষ্ট হবলৈ সি শিকি আহিছে। তেনেস্থলত নোপোৱাখিনিক লৈ বা পাই হেৰুৱাখিনিৰ বেজাৰত সি অসন্তুষ্ট হোৱাৰ যুক্তি নেদেখে। সেয়ে সি অসুখী নহয়।
এজাক শাওণমহীয়া ৰ’দ, পুহমাহত... এসন্ধ্যা হাঁড়কপোৱা জাৰ, শাওণমাহত.... ভাবিয়ে ভাল লাগি যায়। ভাবি ভাললগাবোৰ ভাললাগে বাবেই ভাবি ভাললগাতে সীমাৱদ্ধ। প্ৰকৃতিৰ অস্থিৰ বাতাবৰণ, এই যে ঋতুবোৰ আহে যায় তাৰ সৈতে সহবাস কৰিবলৈ গৈ মানুহে ভাললগাৰ সংজ্ঞা সলনি কৰি লয়, সিয়ো ক্ৰমশঃ বুজা-বুজিৰ মাজেৰে ভাললগাবোৰ কেৱল ভাবি ভাবি নিজৰ বাবে নিজক সজাই লয়। সি তেনেকৈয়ে সুখী হয়।
এখন বহু লাখটকীয়া বিলাসী গাড়ী, এটা চাৰ্ভিচ গান, নিৰাপত্তাৰ বাবে নিয়োজিত কেইবাজনো অস্ত্ৰধাৰী জোৱান, পৰ্যাপ্ত ক্ষমতাৰে সি মহানগৰখনত দপদপাই ঘূৰি ফুৰে। সংগীহীন মানুহবোৰ সাধাৰণতে দুঃসাহসী হয়। সি নিৰ্ভয়ে জীয়াই থাকে। আচলতে সি কাকো হেৰুৱাব নালাগে নতুবা তাকো কোনোবাই হেৰুৱাই দুখ কৰাৰ আশংকা নাথাকে। সি একান্তমনেৰে নিজৰ দায়িত্বৰ সৈতে ব্যস্ত হৈ থাকে। পোৱাখিনিক লৈ সি সুখী।
শুৱনি বিচনাখনত গাটো এৰি দি অস্থিৰতাৰে এন্ধাৰৰ সৈতে বহু দেৰিলৈকে যুঁজি থকা সময়তে বেৰখনৰ সিপাৰৰ তাইৰ আৰু তেওঁৰ গোপন অন্তৰংগ মূহুৰ্তৰ অস্পষ্ট গেঙনীয়ে তাক স্থিৰ কৰি তুলে। তাইৰ খৰতকীয়া উশাহ নিশাহবোৰৰ সৈতে সি পৰিচিত। সি আকৌ অস্থিৰ হৈ উঠে... তাই চটফটাবলৈ ধৰে। তেওঁৰ মৰমৰ তীব্ৰ দাবীত তাই নিজকে বিলাই দিয়ে, এটা সময়ত তায়ো তৃপ্ত হয়। সি বেৰখনৰ ইপাৰৰপৰা তাইৰ সুখখিনি উপভোগ কৰে। সিয়ো সুখী হয়।

মানুহজনী তাৰ মাতকৈ বয়সত দাঙৰ। সি জেঠাই বুলি মাতে। তাক তাৰ মাকৰ বায়েকৰ দৰে মৰম কৰিছিল। আজিও কৰে। আজিকালি তেওঁ গাঁৱৰ ঘৰত নাথাকে। কেতিয়াবা সি লগ পায়। লগ পালেই সি সুধে, “ভাল?” তেওঁ কয়, “ভাল”। তাক সুধে, “ভাল?” সি কয়, “ভাল”। সি আকৌ সুধে “তাইৰ ভাল?” তেওঁ কয়, “ভাল”। সি সুখী হৈ তেওঁৰপৰা বিদায় লওঁ।
দুখ এটা উজাই আহে....। মাক কিম্বা দেউতাকৰ মৃতবাৰ্ষিকী উদযাপনৰ নামত সি মদ এসোপা খায় গোটেই ৰাতি প্ৰলাপ বকে। উচুপনিবোৰ কোনেও নুশুনে। ক্লান্ত অথচ অতৃপ্ত মনটোৰে সি এটা সময়ত শুই পৰে। কেতিয়াবা তাৰ কাষলৈ ঈশ্বৰ এজন আহে। তাক ইতিংকি কৰে। সি হাঁহিলেই ঈশ্বৰজন গুছি যায়গৈ। কেতিয়াবা আকৌ তাৰ মাকো আহে, সি কান্দে। মাকে বুজনি দিয়ে। সি হাঁহে, কাষতে ৰৈ থকা দেউতাকে মাকক লৈ গুছি যায়গৈ। তাৰ আধা কন্দা হয়। হেঁপাহ নপলায়। তেতিয়াও তাই তাৰ চকুলৈ নাচায়। সি অসুখী হয়। কান্দিব নোৱাৰা বেজাৰত ৰাতিটো শেষ হৈ থাকে। সি সুখী হয়। ব্যস্ত মহানগৰীখনত সি ঘূৰি ফুৰে। ইফালৰপৰা সিফাললৈ...।