-
তুমি কাষত নথকা সময়খিনিত নিজকে পৃথিৱীৰ আটাইতকৈ বাওনা ল’ৰাটো যেন
নিজকে অনুভৱ হয়।
-
আৰু কাষত থকা সময়খিনিত?
-
তেতিয়াও বাওনা মই। পাৰ্থক্য এয়ে যে তুমি কাষত থকা সময়চোৱাত
জোনবাইজনী থপিয়াই পোৱাতে ওচৰ চাপি অহা যেন লাগে। অসহ্যকৰ তুমি দূৰণিত ৰুৱা
সময়খিনি। ভয় লাগে, সঁচাকৈয়ে মই বাৰু বাওনা হৈ ৰৈ যাম নেকি? আৰু তুমি
জোনবাইজনী হৈ আকাশৰ সিমূৰৰপৰা মোলৈ চাই থাকিবা? মই বাৰু
তেতিয়া কি কৰিম? দুহাত মেলি ঘৰৰ পিৰালিৰপৰাই তোমাক এবাৰ চুই
হোৱাৰ হেঁপাহত উন্মাদ হৈ থাকিম?
-
ধেত্, কিনো অমংগলীয়া কথাবোৰ কোৱা। নিজৰ ওপৰত বিশ্বাস
নেহেৰুৱাব। বাওনা হৈয়ো চন্দ্ৰলৈ হাত মেলাৰ মানুহৰ সপোন এটা থাকিব লাগে। অৱশ্যে
ভাগ্যত কি আছে নাজানো।
-
এৰা, প্ৰেমৰ শেষ পৰিণতি বিবাহ নহবও পাৰে।
-
হয়নে? বাৰু তুমি মোক এটা কথা কোৱাচোন। তুমি কথাই প্ৰতি বাওনা আৰু
চন্দ্ৰৰ উপমাটো সঘনাই কিয় ব্যৱহাৰ কৰা?
“বাওনা হৈ চন্দ্ৰলৈ হাত মেলিব নাপায়।“- দেউতাক মায়ে
কৈছিল। বাক্যশাৰী বুজি পোৱা জোখাৰে মই তেতিয়া পৈণত নাছিলো। খেতিয়ক দেউতাৰ একান্তই
ইচ্ছা আছিল তেওঁৰ একমাত্ৰ সন্তানক চহৰৰ কোনোবা এখন নামী ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত
নামভৰ্তি কৰাই দিব। ইংৰাজী মাধ্যমৰ শিক্ষা গ্ৰহণৰ জড়িয়তে তেওঁৰ সন্তান মানুহ হব।
দেশখনলৈ গৌৰৱ কঢ়িয়াই আনিব। বহু পলমকৈ বুজিছিলো, বাওনা কোন আৰু চন্দ্ৰ ক’ত? চৰম দৰিদ্ৰতাক নেওচি কোনোমতে দুবেলা দুসাজ আহাৰৰ
যোগান ধৰা দৰিদ্ৰ খেতিয়কজনেই সেই বাওনাজন আৰু তেওঁৰ উচ্ছাকাংক্ষা হাতে ঢুকি নোপোৱা
জোনবাইজনী। সৰুৰেপৰা ভাবুক
স্বভানী মনটোৰ বাবেই হওক, মাক নুসুধাকৈয়ে সেই নিৰ্দিষ্ট বাক্যশাৰীৰ অৰ্থ অনুধাৱন
কৰিবলৈ বহুদিন বহুবাৰ আকাশখনলৈ ৰ’ লাগি চাই আছিলো। মনত কেতবোৰ ভাৱনাই
খুছা-বিন্ধা কৰি মাৰিছিল, পিতাইকতকৈ ওখ মানুহবোৰ দেখিলেই মই ভাৱনাৰ সাগৰ এখনত বুৰ
গৈছিলো, মনৰ কেনভাচত তেওঁক কল্পনা কৰিছিলো। নিজৰ প্ৰৱল কল্পনা শক্তিৰ ব্যৱাহাৰৰ জডিয়তে
ওখ মানুহজনৰ হাত দুখন আকাশৰফালে আগুৱাই দিছিলো আৰু সদৌ শেষত অস্থিৰ মনটোৰে পিতাইৰ
উচ্চতাৰ সৈতে তেওঁক ৰিজাই চাইছিলো। চন্দ্ৰটো বহু দূৰৈতে। দুহাত মেলিলেও পিতাইতকৈ
ওখ সেই মানুহজনেও চন্দ্ৰটো ঢুকি পাব নোৱাৰে। তেন্তে বাওনাৰ ক্ষেত্ৰতহে সেই বাধা
আৰোপ কিয়? প্ৰশ্নটো মনৰ মাজতে ঘূৰি পকি ৰৈ গৈছিল। বয়স
বাঢ়িল, ক্ৰমশঃ চিন্তা শক্তিৰো কিছু উত্তৰণ ঘটিল, কিন্তু মোৰ মনৰ সাঁথৰটি সাঁথৰ
হৈয়ে ৰ’ল। মেট্ৰিকৰ ডেওনা পাৰ কৰি কলেজীয়া জীৱনত ভৰি থলো।
মুটামুটি ভাল ফলাফল এটা লাভ কৰাৰ বাবেই হয়তো বিজ্ঞান পঢ়াবলৈ দেউতাৰ একান্ত ইচ্ছা আছিল।
যন্ত্ৰৰ প্ৰতি থকা মোহ, ভালপোৱাখিন একাষৰীয়াকৈ ৰাখি মায়ে নোকোৱাকৈয়ে মই বুজি
উঠিলো, বাওনা হৈ চন্দ্ৰলৈ হাত মেলাটো অনুচিত। ইচ্ছাবোৰ সলনি হ’ল। কলাত নামভৰ্তি কৰিলো। ভিতৰি অসন্তুষ্টি ভাৱ এটা মনত ৰৈ গ’ল। পিতাইক নজনালো। হায়াৰ চেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল ওলাল। মেট্ৰিকত মোতকৈ
কম নম্বৰ লাভ কৰা লগৰ বহুতে হায়াৰ চেকেণ্ডেৰী পৰ্য্যায়ত যথেষ্ট সংখ্যক নম্বৰ
প্ৰাপ্তিৰে সিহঁতৰ অধ্যয়নৰত ব্যক্তিগত খণ্ডৰ কলেজবোৰৰ নাম উজ্বলাবলৈ সক্ষম হ’ল। প্ৰথমবাৰৰ বাবে আত্মঅনুশোচনাত দগ্ধ হ’লো, বাওনা
হলো যদিও চন্দ্ৰলৈ হাত মেলাৰ সপোন এটা থাকিব লাগিছিল, কিযানিবা আকাশ চুব পাৰুৱেই!!
একেখন চৰকাৰী কলেজতে ৰৈ গ’লো। স্নাতকত অৰ্থনীতি মুল বিষয়
হিচাপে মনপুতি অধ্যয়নত মনোনিৱেশ কৰিলো। বাওনা হৈ চাওচোন চন্দ্ৰলৈ হাত মেলি?
ফলাফল সময়ত দেখা যাব। তিনিটা বছৰৰ অন্তত মই আশা কৰাতকৈ এটা ভাল
ফলাফল লাভ কৰিবলৈ সক্ষম হ’লো। গুৱাহাটী বিশ্ববিদ্যালয়ৰ সেইটো
বৰ্ষৰ মই প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান প্ৰাপ্তিৰে মা-দেউতাৰ লগতে কলেজখনৰ বাবে গৌৰৱৰ
কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হ’লো। চহা দেউতাৰ মুখলৈ আশাৰ
ৰেঙণি বিয়পি পৰাত আয়েও সকাহ অনুভৱ কৰিলে। আৰ্থিক বাধাগ্ৰস্ততাক গুৰুত্ব নিদিয়াকৈ
দুগুণ উত্সাহেৰে মোক বিশ্ববিদ্যালয়ৰ শিক্ষা গ্ৰহণৰ বাবে ঘৰৰপৰা দূৰলৈ পথিয়াই দিয়া
হ’ল। দেউতাই নাজানো ক’ৰপৰা কেনেকৈ টকাৰ
যোগান ধৰিছিল, মই অভাৱ অনুভৱ কৰাৰ সুযোগ লাভ কৰা নাছিলো। পাৰ হৈ গ’ল দুটা বছৰ। সুখ্যাটিৰে স্নাতকোত্তৰ শিক্ষা সমাপ্ত কৰি ঘৰলৈ উভতি আহিলো।
দেউতা ইতিমধ্যে ধাৰত পোত খাই কোঙা হৈ পৰিছে। খেতি মাটিবোৰ বন্ধকীত বন্দী থকাৰ বাবে
দুবেলা দুসাজ ভাতৰ অনাটন হবলৈ ধৰিলে। ইমানদিনে মই কথাবোৰ গমেই পোৱা নাছিলো। বাওনা
হৈ চন্দ্ৰলৈ হাত নেমেলাৰ সংজ্ঞাটো পুনৰাই অন্য ৰূপ পোৱাত মোৰ নিজকে বৰ দোষী যেন
ভাৱ হ’ল। দেউতাৰ দূৰ্বল হাতদুখন, আইৰ মলিয়ন চাদৰখন, সেতা পৰা
চকুৰপতালৈ চাই মই প্ৰায় উন্মাদ হোৱাদি হ’লো। যিকোনো উপায়েৰে
দুটকামান উপাৰ্জন কৰিব পাৰিলেই যেন জীয়াই থকাৰ তৃপ্তি বিচাৰি পাম। চাৰ্টিফিকেটৰ
সৈতে হাতৰ ফাইলটো লৈ চহৰৰ অলিয়ে গলিয়ে বহু প্ৰতিষ্ঠান, নামি ব্যৱসায়ৰ পদূলিলৈ তাঁত
বাটি কৰিলো, ইটোৰ পাচত সিটো চৰকাৰী চাকৰিৰ বাবে আবেদন জনালো। ব্যক্তিগত
প্ৰতিষ্ঠানবোৰত ডিগ্ৰীটোতকৈ অভিজ্ঞতাৰ গুৰুত্ব অধিক, অধিকাংশ চৰকাৰী চাকৰিৰ বাবে
যোগ্যতাতকৈ টকাৰ জোৰ বেছি, দুই এটা সৰু সুৰা কাম পালেও দৰমহাৰ নামত লাভকৰা
টকাকেইটা পৰ্যাপ্ত নহয়। এটা বৰ্ষ পাৰ হৈ যোৱাৰ পাচত মই হতাশগ্ৰস্ত হৈ দিগবিদিগ
হেৰুৱাই পেলালো। শূণ্য দুহাত লৈ মৃতপ্ৰায় মনটোৰে বাওনা হৈ চন্দ্ৰলৈ হাত নেমেলাৰ
পৰিক্ৰমাটো পুনৰ উপলব্ধি কৰাৰ সময়তে প্ৰেমিকা আলক্ষিতা মোৰপৰা আতৰি গ’ল। ৪ বছৰৰ ভালপোৱা, আশা- আকাংক্ষা, দুয়ো এক হোৱাৰ ৰঙীণ সপোনবোৰ চকুৰ
পচাৰতে ধুলিত্সা হৈ পৰিল। মই একোৱেই কৰিব নোৱাৰিলো। আলক্ষিতাই মাক-দেউতাকক আমাৰ
সম্পৰ্কটোৰ বিষয়ে জনাইছিল। সেই অনুপাতে দেউতাকে মোক তেওঁলোকৰ ঘৰলৈ মাতি পথাইছিল। মই গৈছিলো। কিন্তু মোৰ পৰিয়ালটোৰ বিষয়ে, মোৰ পিঠিত লাগি থকা
নিবনুৱাৰ মোহৰটো দেখাৰ পাচত তেওঁলোকৰ একমাত্ৰ জীয়ৰিৰ বাবে মই অযোগ্য ল’ৰা বুলি
প্ৰমাণিত হবলৈ বেচিপৰ নালাগিল। সদৌ শেষত মোৰ মাৰ দৰেই আলক্ষিতাৰ মাকেও সকলোৰে
সন্মূখত মোক সতৰ্ক কৰি দিলে, “বাওনা হৈ চন্দ্ৰলৈ হাত মেলিব
নাপায়”। ময়ো পুনৰবাৰ
মনতে আওৰিয়াই ল’লো বাওনা হৈ আৰু কেতিয়াও চন্দ্ৰলৈ হাত নেমেলো। আলক্ষিতাৰ বিয়াখন পাৰ হৈ গ’ল। ময়ো সৰুকৈ কাম এটাৰ যোগাৰ কৰিবলৈ সক্ষম হ’লো।
পৰিয়ালটোৰ বাবে সাময়িক সকাহ। বাওনা, চন্দ্ৰ, আকাশ আদিবোৰৰপৰা ফালৰি কাটি আহি মই মোৰ
নিজৰ সংজ্ঞাৰে পৰবৰ্তি সময়ৰ আহ্বানৰ সৈতে একাত্ম হবলৈ উঠি পৰি লাগিলো। আলক্ষিতাৰ
সৈতে পাৰ কৰি জীৱনৰ মধুৰতম সময়বোৰক সাৱটি মই মোৰ সৈতে মোৰ পৰিয়ালটোৰ বাবে উশাহ
নিশাহ প্ৰক্ৰিয়াটো সুচাৰুৰূপে চলি থকাত মনোনিৱেশ কৰিলো। সময়বোৰ আগলৈ গৈ থাকিল।
-
ছাৰ, আপোনাক লগ কৰিবলৈ মানুহ এগৰাকী আহি বাহিৰত ৰৈ আছে।
মোৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত অসম আৰক্ষীৰ ল’ৰামতীয়া
জোৱানজনৰ মাতত মই উচপ খাই উঠিলো। মই বহি থকা চকীখনৰপৰা মুৰটো সামান্যভাৱে দাঙি তাক
নিৰ্দেশ দিলো,
-
হু। যা পঠিয়াই দেগৈ।
মোৰ নিৰ্দেশ পাই কোঠাটোৰ দৰ্জাখন জপাই লৈ জোৱানজন বাহিৰলৈ
বুলি উলাই গ’ল। টেবুলৰ একোণত পৰি লেবেজান হৈ পৰি থকা চিগাৰেটৰ পেকেটতোৰপৰা চিগাৰেট এটা
লৈ অগ্নি সংযোগ কৰি ল’লো। চিগাৰেট ধোঁৱাত পুৰি থাকক বুকুৰ
ঘাঁটুকুৰা। ইমানদিনে তাকেই
কৰি আহিছো।
-
ছাৰ, সূমাব পাৰুনে?
দূৱাৰদলিৰ আগন্তুক নাৰী কণ্ঠস্বৰ গৰাকীনিলৈ মন
কৰাত মই অপ্ৰস্তুত হৈ পৰিলো।
-
আলক্ষিতা?
অস্ফুট স্বৰেৰে মোৰ মুখেৰে মাথোঁ তাইৰ নামটো
উচ্ছাৰণ কৰিবলৈ সক্ষম হ’লো। এক ছেকেণ্ড সময়ৰ অপব্যয় নকৰি মোৰ হৃদপিণ্ডটোয়ে কেঁকাই
উঠিল। আজি ৬ টা বছৰৰ পাচত মোক তেনেই কাষৰপৰা দেখি তায়ো সহজ হব পৰা নাই। তাইৰ
মুখাৱয়বলৈ চাই তেনে যেনেই লাগিল। দিঙিটোত লাগি ধৰা চেপা আৰ্তনাদখিনি কঠোৰভাৱে দমন
কৰি মই গহীনাই কলো,
-
আহক সূমাই আহক।
আলক্ষিতা আহি মোৰ সন্মূখৰ চকীখনত বহি পৰিল। দূৱাৰদলিৰ
বাহিৰত ৰৈ থকা গাৰ্ডজনে ইতিমধ্যে বাহিৰৰপৰা দূৱাৰখন জপাই দিছে। মই হাতৰ জ্বলন্ত
চিগাৰেটতো পকী মজিয়াখনিলৈ এৰি দি ভৰিৰে মোহাৰি পেলালো।
-
ভালে আছে?
আলক্ষিতাৰ শীতল কণ্ঠ। কম্পিত ওঁঠ। মুখত জোৰ কৰি কৃত্ৰিম
হাঁহিৰ সামান্যতম ৰেখা এদাল বিয়পাই ৰাখিবলৈ তাই অপ্ৰাণ চেষ্টা চলাইছে। আলক্ষিতাৰ
আনুষ্ঠানিকতা মোৰ ভাল নালাগিল। তুমিৰ পৰিবৰ্তে আপুনি, কিবা এটা মিলা নাই।
-
ভালে আছো। তোমাৰ খবৰ? মা-দেউতা আৰু তেওঁৰ?
মই আলক্ষিতাৰ মুখলৈ চালো। চেহেৰা একেই আছে। মোৰ সেই ধুনীয়া
আলক্ষিতাজনীয়ে হৈ আছে। পৰিবৰ্তন মাথো তাইৰ উকা কপালখনত। দেহত মেৰিয়াই অহা বগা আৰু
ক’লা ৰং মিশ্ৰিত কপাহী চেলুৱাৰযোৰে তাইক অন্য ৰূপ দিছে। দিঙিৰ চেইনদালৰপৰাই
এটা কথা স্পষ্ট, তাইৰ স্বামীৰ যথেষ্ট টকা আছে। ভাল চাকৰি কৰে চাগে। আলক্ষিতাৰ
চকুলৈ পুনৰবাৰ চালো, সংসাৰখনক লৈ তাই সুখী।
-
সকলোৰে ভাল। আপোনালোকৰ ঘৰত?
আলক্ষিতাই মোৰ চকুলৈ চাব পৰা নাই। তাই দৃষ্টি অন্যফালে
ঘুৰাই সুধিলে।
-
ভাল। কোৱা.... মই কিবা সহায় কৰিব পাৰো?
মই মুল কথালৈ আহিলো।
-
দেউতাৰ সৈতে খুড়াৰ মাটি সম্পৰ্কীয় কিছু বিবাদ। দেউতা
মানুহটো সহজ-সৰল। তাৰেই গইনা লৈ খুড়াই দেউতাৰ ভাগৰ মাটিত অকতৃত্বশীলভাৱে অধিকাৰ
সাৱ্যস্ত কৰিছে। তাকে বাধা দিব যাওতে দেউতাক খুড়াৰ ফৈদৰ মানুহে শাৰীৰিকভাৱে
অপদস্থ কৰিছে। আৰক্ষীৰ কাষ চাপিছো যদিও খুড়াৰ ৰাজনৈতিক নেতৰা সৈতে থকা
সু-সম্পৰ্কৰ ভিত্তিতে আৰক্ষী বিষয়াজনক তেওঁৰ ফলীয়া কৰি লৈছে। গতিকে আপুনি অলপমান....।
-
এফ আই আৰ দিয়া কিমানদিন হ’ল? কেচটো
তোমালোকৰ স্থানীয় থানাখনতে ৰুজু কৰা নাই জানো?
-
হয়। পোন্ধৰ দিনৰ ওপৰ পাৰ হৈ গ’ল। আৰক্ষীয়ে
এবাৰহে ঘটনাস্থলীলৈ গৈছে। তাৰপাচত আৰু এখন কাজিয়া হৈছিল। খবৰ দিয়াৰ পাচতো সেইবাৰ
আৰক্ষী নগল।
-
এটা কথা স্পষ্টকৈ কোৱা। তাৰ আগতে আপুনি বুলি কবলৈ বাদ দিয়া। অতীতৰ সকলো কথা পাহৰি পেলাইছ ন? এটা সময়ত আমি
দুয়ো ভাল বন্ধু আছিলো। তুমি বা তই কলেই হ’ল। অ...। মাটিখিনি
প্ৰকৃততে কাৰ? একদম সঁচা কথা কথা কোৱা।
-
দেউতাৰ।
-
ঠিক আছে। মই কালিলৈ পুৱাতে তোমালকোৰ ঘৰলৈ গৈ আছো। হব?
-
ওঁ। ধন্যবাদ।
আলক্ষিতাই বহাৰপৰা উঠি মোৰপৰা বিদায় মাগিলে। অনিয়ন্ত্ৰিত
মনটোৱে ভিতৰি কান্দি উঠিল। এক্ষন্তেক তাই ৰৈ যোৱাহেঁতেন! বাধা দিয়োনো
কেনেকৈ? তাইৰ বাবে মই তেতিয়াও বাওনা আছিলো আৰু এতিয়াও....। তাইহে জোনবাইজনী হৈ ৰ’ল। মোৰ
হেঁপাহৰ জোনবাই। আলক্ষিতা গ’লগৈ।
পাচদিনা পুৱাতে জিপভৰ্তি আৰক্ষী এদল লৈ মই আলক্ষিতাহঁতৰ ঘৰ
ওলালোগৈ। গৈ পায় মই চহৰখনৰ নৱ-নিযুক্ত অতিৰিক্ত আৰক্ষী অধীক্ষক ঋষভ বৰুৱা বুলি
পৰিচয় দিবলগা নহ’ল। তাইৰ মাক-দেউতাকে মোৰ চিন ঠিকে মনত ৰাখিছে। তেওঁলোকে আথে-বাথে
মাতি নি ভিতৰত বহুৱালেগৈ। সেই একেটা কোঠাতে যিটো কোঠাত মাকে মোক চন্দ্ৰলৈ হাত
নেমেলিবলৈ সকিয়াই দিছিল সেই একেটা কোঠাৰ একেখন চোফাতে বহি মই দেউতাকৰ মুখেৰে গোটেই
ঘটনাটোৰ সবিশেষ শুনাত মগ্ন হলো। তাৰ মাজতে আলক্ষিতা আৰু মাকেও আহি দেউতাকে কবলৈ
পাহৰি পেলোৱা ঘটনাংশৰ দুই এটা অংশ উনুকিয়াই দি থাকিলহি। ঘটনাৰ সবিশেষ শুনাৰ পাচত
আলক্ষিতাৰ চকুলৈ চাই মই মন্তব্য কৰিলো, “বিশ্বাস কৰিবলৈকে টান লাগে। অস্থায়ী
সা-সম্পত্তিৰ ক্ষন্তেকীয়া মোহত আৱদ্ধ হৈ কিদৰে একেজনী মাকৰপৰা জন্ম হোৱা ককায়েক
এজনৰ ওপৰত ভায়েকে হাত তুলিব পাৰে!! বাৰু খুড়াদেউ, আপোনালোকে নিশ্চিন্ত মনেৰে
থাকক, মই সকলোখিনি চম্ভালি ল’ম। এইবাৰো আকৌ বাওনা হৈ
চন্দ্ৰটো কেনেকৈ নিয়ন্ত্ৰণ কৰিম তাকে ভাবি চিন্তিত নহব। বিশ্বাস আৰু সততাৰ মুল্য
এইখন পৃথিৱীত আজিও সুৰক্ষিত। যিমান যি হলেও শেষত সত্যৰ জয় হবই। ভৰষা ৰাখক মোৰ ওপৰত।“