সমাজখন মানুহেৰে সৃষ্ট। বৰ্তমান সময়ত ভাল-বেয়া,
উচিত-অনুচিত, শুদ্ধ অশুদ্ধ আদি ধাৰণাবোৰ তেওঁলোকৰ ব্যক্তিগত অভিসন্ধিৰে পৰিচালিত।
বহুক্ষেত্ৰত জোৰ যাৰ মুলুক তাৰ। নিজৰ সুস্থ উন্নতিৰে সমাজখনৰ সামূহিক প্ৰগতি কামনা
কৰাটো এক প্ৰকাৰৰ নৈতিক অপৰাধ। সকলোবোৰ ব্যস্ত নিজস্ব উপযোগিতাখিনি পূৰণৰ অঘোষিত
প্ৰতিযোগিতাত। ভোগ আৰু বস্তুবাদী সংস্কৃতিৰ অপৰিপক্ক প্ৰয়োগেৰে সমাজখনত অভাৱনীয়
হাৰত বৃদ্ধি পাইছে হত্যা, হিংসা, লুণ্ঠনৰ ঘটনা। পুৱাতে বাতৰি কাকতখনৰ প্ৰথম পৃষ্ঠা
অথবা সন্ধ্যা টি ভি টো অন কৰি অসমীয়া নিউজ চেনেলকিটা চাব নোৱাৰা অৱস্থা। ব্ৰেকিং
নিউজত চৌপাশে মাথো অৰজাকতা। কিন্তু সমাজখনৰ সুস্থিৰতা ৰক্ষা কৰিব কোনে? সমাজখন কাৰ?
আজিৰ শিশু কালিলৈ দেশৰ ভৱিষ্যত। জন্মতে শিশুৱে উকা মগজুটোৰে পৃথিৱীলৈ
আহে। পাচৰ পৰ্যায়ত প্ৰাৰম্ভিক শিক্ষা আৰম্ভ হয় ঘৰখনৰপৰা। স্কুল- কলেজৰ আনুষ্ঠানিক
শিক্ষাতকৈ শিশুটোৰ ভৱিষ্যত নিৰূপনত মুখ্য ভুমিকা গ্ৰহণ কৰে পৰিয়ালটোৱে, মুলতঃ মাক
দেউতাক তথা অভিভাৱকে। ঘৰখনৰ সমানে
সমানে শিশুটিৰ
পাৰিপাৰ্শ্বিকতায়ো শিশুটিৰ মনস্তাস্তিক জগতখনত প্ৰত্যক্ষ অথবা পৰোক্ষ ভাৱে এক
বিশেষ চাপ পেলায়। তাৰ ফলাফল গঠনাত্মক কিম্বা ধ্বংসাত্মক দুয়ো হব পাৰে। শিশুটিৰ
অপৰিপক্ক মনটোৱে ভাল-বেয়া, শুদ্ধ অশুদ্ধখিনি বিচাৰ কৰিব নোৱাৰে। গতিকে তাক
সঠিকভাৱে পৰিচালনা কৰাৰ গুৰু দায়িত্ব ঘৰখনৰ। স্কুল, কলেজ আদি শিক্ষা
প্ৰতিষ্ঠানবোৰৰপৰা আমি ডিগ্ৰী অথবা চাৰ্টিফিকেট এখনৰ বাদে মানবীয় মূল্যবোধ নাইবা
মানুহ হোৱাৰ শিক্ষা আশা নকৰাই মঙ্গল। আজিৰ দিনত চৌপাশে মাথো প্ৰতিযোগিতা। কোনে কাক
গোৰ, লাঠ মাৰি আগুৱাই যাব পাৰে তাৰেই শীতল যুদ্ধত সকলো মগ্ন। তাহানিৰ দিনবোৰত আজিৰ
দৰে আনুষ্ঠানিক শিক্ষাৰ সু-ব্যৱস্থা নাছিল। ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানটো বাদেই
চৰকাৰী শিক্ষা প্ৰতিষ্ঠানৰ সুবিধা আছিল পুতৌলগা। উল্লেখযোগ্য যে সেই সময়ৰ সমাজখনৰ
আনুষ্ঠানিক শিক্ষাৰে অশিক্ষিত অধিকাংশ মানুহৰ মাজত আদিৰ দৰে চিন্তনীয় সামাজিক
সমস্যা নাছিল। মানুহে জীয়াবৰ বাবে উপাৰ্জন কৰিছিল, খাইছিল। সময় সলনি হ’ল। বিশ্বাসনৰ
গ্ৰাসত আৱদ্ধ পৃথিৱীখন ক্ষুদ্ৰ গাওঁ এখনলৈ পৰিবৰ্তন হ’ল।
শিক্ষিতৰ হাৰ চকুত লগাকৈ বৃদ্ধি পালে। জীৱন প্ৰণালী উন্নত হ’ল।
সমাজ গাঠনিত বিশৃংখলতা বাঢ়িল। মৌলিক সমস্যাবোৰ সমাধান হোৱাৰ পৰিবৰ্তে সিবোৰ অধিক
হাৰত বৃদ্ধি পালে। তেন্তে বিগত দিনবোৰত তথাকথিত আনুষ্ঠানিক শিক্ষাৰে আমি কি শিকিলো?
সেই শিক্ষাৰে নিজৰ লগতে সমাজখনৰ বাবে কি কৰিছো? সমাজখন দেখোন আমাৰে সৃষ্টি? চৰকাৰখনৰ দ্ধাৰা
প্ৰণোদিত পাঠ্যক্ৰমখনক জগৰীয়া কৰি হাত সাৱটি বহি থাকিবলৈকো আমাৰ সবল অজুহাতৰ অভাৱ।
গণতান্ত্ৰিক দেশখনৰ শাসকপক্ষ সাধাৰণ জনতাৰ নিৰ্বাচিত প্ৰতিনিধি। গতিকে তেওঁলোকৰ
কৰ্ম-কাণ্ডৰ বাবে আমি সাধাৰণ মানুহবোৰ গৌৰাম্বিত অথবা জগৰীয়া। দ্বিতীয়তে
শিক্ষকসকলক আমি দোষিব নোৱাৰো।
কিয়নো আজিৰ শিক্ষা ব্যৱস্থা এটা লাভজনক ব্যৱসায়। অসমৰ যিকোনো চহৰ নগৰৰ অলিয়ে গলিয়ে
এককথাত পদূলিয়ে পদূলিয়ে ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠান। তেওঁলোকে কেৱল শতাংশ
প্ৰদান কৰে। এইক্ষেত্ৰত জড়িত হৈ আছে শিক্ষা প্ৰতিষ্ঠানটোৰ মালিকৰ ব্যক্তিগত
ব্যৱসায়ীক স্বাৰ্থ। যিকোনো প্ৰকাৰে অৰ্জিত চমকপ্ৰদ তথাকথিত সফলতা তথা উত্তীৰ্ণ
ছাত্ৰ-ছাত্ৰীৰ সংখ্যাই পাচৰ বৰ্ষত আৰু অধিক হাৰত ছাত্ৰ-ছাত্ৰী ভৰ্তি প্ৰক্ৰিয়া বিশেষভাৱে
সহায় কৰিব। অসমৰ এনেধৰণৰ অধিকাংশ ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষাৰে শিক্ষিত
আজিৰ নৱপ্ৰজন্মৰ মানসিকতাৰপৰাই তেওঁলোকৰ সিক্ষা নমুনা সহজে অনুমেয়। স্মৰ্তব্য যে
আজিকালিৰ ছাত্ৰ-ছাত্ৰীক শিক্ষকে কেৱল পাঠদান কৰিব পাৰে, শিক্ষা দিব নোৱাৰে।
তাহানিৰ চেকনীৰ আগৰ বিদ্যাৰ দিন ওকলিল। এচাম উশৃংখল ছাত্ৰ-ছাত্ৰীক বশ কৰিবলৈ
শিক্ষকসকলে আজি সৰুকৈ ধমকি এটাও দিব নোৱাৰে। কিয়নো ভাৰতীয় সংবিধানৰ তথাকথিত আইনী
সুৰক্ষাৰ অপ-প্ৰয়োগ সৰ্বজনবিদিত। গতিকে বৰ্তমানৰ জটিল
পৰিস্থিতিৰ পৰিপেক্ষিতাত ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ খাটিৰতে আমি আমাৰ সন্তানসকলক
মানুহ হিচাপে গঢ় দিয়াৰ ভীষ্ম প্ৰতিজ্ঞাৰে প্ৰতিজ্ঞাবদ্ধ হোৱা সময় সমাগত। সময়
থাকোতেই সিহঁতে মানুহ হিচাপে প্ৰতিষ্ঠিত হোৱাৰ প্ৰয়োজনীয় শিক্ষাখিনি নাপালে তাহাঁতৰপৰা
অদূৰ ভৱিষ্যতে আমি একো আশা নকৰাই মংগল। সৰুৰেপৰা সিহঁতে এটা কথা নিশ্চিতভাৱে
শিকাটো উচিত, এজন মানুহ অকলে কেতিয়াও সম্পূৰ্ণ হব নোৱাৰে। ডিগ্ৰী অথবা
চাৰ্টিফিকেটখনৰ বাবে নিৰ্বাচিত কেতবোৰ বিষয়বস্ত অধ্যয়নতে ব্যস্ত নাথাকি সিহঁতে
আনুসংগিক বিষয়বোৰ অধ্যয়ন কৰা উচিত যাৰ যোগেদি সমাজখন, জাতিটো, দেশখন সামূহিকভাৱে
লাভাম্বিত হয়। এইখিনিতে অভিভাৱসকলৈ মোৰ কেইটিমান অনুৰোধঃ-
(১) আপোনাৰ ল’ৰা-ছোৱালীক এটা দামী ম’বাইল, এখন বিলাসী বাইক বা কাৰ উপহাৰ দি আপোনাৰ বস্তুৱাদী চৌখিন মানসিকতাৰ
পৰিচয় নিদিলেও হয়। দিলেও দিয়ক।
কিন্তু খবৰ ৰাখক সেই ম’বাইলটোৰে আপোনাৰ সন্তান কি কৰিছে? ক্লাছৰুমত
বঢ়ি ফেচবুকৰ দৰে চ’ছিয়েল নেটৱৰ্কিং চাইটত ধুনীয়া ছোৱালীৰ
ফটোত লাইক কমেন্ট কৰি আছে নে বিভিন্ন পৰ্ণগ্ৰাফী চাইটবোৰ সন্ধান কৰি নিজৰ
অনুসন্ধিত্সু মনটো বিপথে পৰিচালিত কৰিছে।
(২) আচুতীয়া শুৱনি কোঠাটোৰ দৰ্জাখন বন্ধ কৰি আপোনাৰ
সন্তানে কি কৰি আছে খেয়াল ৰাখক। বয়সটো বেয়া। কিতাপখনৰ পৰিবৰ্তে ম’বাইলটো খুছৰি
নাইবা আপোনাক দেখুৱাই কিতাপৰ টেবুলত বহি কিতাপখনৰ মাজত ম’বাইলটো
ভৰাই সি কি বা কৰি আছে?
(৩) আজিৰ দিনত লেপটপ এটা খুবেই প্ৰয়োজনীয়। কিন্তু
তাৰ গঠনাত্মক প্ৰয়োগৰ প্ৰতি চকু ৰাখক।
(৪) বাইকখনত তেল ভৰাবলৈ টকা দিয়োতে সচেতন হওক।
খবৰ ৰাখক বাইকখন বা স্কুটীখন চলাই আপোনাৰ সন্তানে কলেজলৈ গৈছে নে সংগদোষৰ স্বীকাৰ
হৈ অবাটে গতি কৰিছে।
(৫) আপুনি দুটকামান সৰহকৈ উপাৰ্জন কৰিলেই বুলি
আপোনাৰ সন্তানটোক অযুক্তিসংগতভাৱে এগালমান টকা পকেট মানি হিচাপে প্ৰদান কৰাৰপৰা
বিৰত থাকক। বৰঞ্চ সঞ্চয় কৰক।
ভৱিষ্যতে তাৰেই কামত আহিব। সৰুৰেপৰা কষ্টেৰে উপাৰ্জিত ধনৰ থুলমুল আভাষ এটা দিয়ক।
কম পৰিমাণে হলেও অভাৱ কি জনাটো জৰুৰী। মন কৰিব অভাৱেই আৱিস্কাৰৰ মুল।
(৬) পৰ্যাপ্ত পৰিমাণে নৈতিক শিক্ষা প্ৰদান কৰক।
জেষ্ঠজনলৈ সন্মান আৰু শিক্ষাগুৰুলৈ শ্ৰদ্ধা নিবেদনৰ প্ৰসংগটো অলপ গুৰুত্বসহকাৰে
গ্ৰহণ কৰিব। যুৱ উশৃংখলতা নিজে নিজে নোহোৱা হব।
(৭) সকলো সময়তে নিজৰ ব্যক্তিস্বাৰ্থ পূৰণৰ
মনোবৃত্তি পৰিহাৰ কৰি চলাই ভাল। কি ঠিক কালিলৈ যদি আপোনাৰ সন্তানে নিজৰ সৈতে লাগি
থাকোতে আপোনাকো পাহৰি পেলায়?
(৮) চহৰৰ আটাইতকৈ দামী কলেজখন বা স্কুলখনত
পঢ়িলেই আপোনাৰ সন্তান প্ৰকৃত শিক্ষাৰে শিক্ষিত নহবও পাৰে। প্ৰকৃত শিক্ষিত সেইজন
যি, বন্ধুৱে হাতত গুজি দিয়া বিদেশী সুৰাৰ বটলটো অথবা চিগাৰেটৰ পেকেটতো হাতত লৈ
পঢ়ি চাই নিজক বচাই চলিব পাৰে “সুৰাপান/ধূমপান
স্বাস্থ্যৰ পক্ষে হানিকাৰক”। চৰকাৰৰ
ধঁপাত বিৰুধী আইনৰ বাস্তৱ প্ৰয়োগলৈ অপেক্ষা নকৰিব। মনত ৰাখিব চৰকাৰৰ সংগৃহত ৰাজহৰ
মুল উত্স এই চাধা, চিগাৰেট, সুৰা আদি নিচাযুক্ত দ্ৰব্যবোৰ।
(৯) আপোনাৰ সন্তানে কেনেধৰণৰ পোচাক পৰিধান কৰিব
তাক ভালদৰে নিৰ্ধাৰণ কৰি দিয়ক। ঋতু আৰু পৰিবেশ উপকুল পোচাক পিন্ধিবলৈ যাওতে
শালিনতাবোধ ৰক্ষা হৈছেনে তাৰ ওপৰত আপুনি নিজে চকু ৰাখক। মনত ৰখিব কাপোৰ মৌলিক
চাহিদা লজ্জ্বা নিবাৰণৰ বাবেহে।
(১০) আপানাৰ সন্তানে যি মাধ্যমৰ বিদ্যালয়তে নপঢ়ক
কিয়, মাতৃভাষাটোক এলাগী কৰিবলৈ নিদিব। অন্যথা শংকৰদেৱ, মাধৱদেৱ, ৰসৰাজ, কলাগুৰু,
সংগীতসূৰ্য আদি নমস্য ব্যক্তিসকলৰ ত্যাগ চুড়ান্তভাৱে অপমানিত হব। আৰু ইয়াৰ বাবে
জগৰীয়া হব আপোনালোক অভিভাৱকসকল।
পৰিবৰ্তিত সময়ৰ সৈতে খোজ মিলাই আগুৱাই যাওঁতে আমাৰ
জ্ঞাতে বা অজ্ঞাতে আধুনিকতাই গ্ৰাস কৰাটো কোনো নতুন কথা নহয়। কিন্তু ভয়ঙ্কৰ
সমস্যাটো হ’ল পৰিবৰ্তনৰ জোৱাৰত উটি ভাহি ফুৰোতে
আমি আমাৰ জাতি সত্বাক ভৰিৰে গচকি মোহাৰি পেলাবলৈ কুণ্ঠাবোধ নকৰা হৈছো। শেহতীয়াকৈ
সমাজত বাঢ়ি অহা অসামাজিক কাম-কাজ, অবৈধ বেহাকে আদি কৰি বিভিন্ন অনৈতিক কৰ্মত আমাৰ
নৱ প্ৰজন্মই হাত উজাই দিয়া দেখি আহিছো। এক কথাত আজিৰ প্ৰজন্মই সামাজিক দায়বদ্ধতাৰ
প্ৰতি একেবাৰে গুৰুত্বহীন হৈ পৰা বুলি কলেও বঢ়াই কোৱা নহব। আজিৰ প্ৰতিযোগিতাৰ
দিনত সন্তানক গুণগত বিকাশৰ দিশে আগুৱাই নিয়াতো দৰকাৰ, সেইবুলি তাকে কৰিবলৈ যাওঁতে
নিজৰ জাতিটোৰ, ভাষা-সংস্কৃতিৰ শ্ৰাদ্ধ পতাটো মুঠেই গ্ৰহণযোগ্য নহয়। নিজৰ
ভাষা-ধৰ্ম-সংস্কৃতিৰ প্ৰতি দায়ৱদ্ধ নোহোৱাজন কেতিয়াও জাতিৰ ৰক্ষক হ’ব নোৱাৰে। সেয়েহে আমাৰ যুৱ-প্ৰজন্ম তথা অভিভাৱসকলে এই কথাবোৰ হৃদয়ংগম
কৰাটো উচিত।