হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিশেষকৈ ইংৰাজী আৰু উচ্চ গণিতৰ পৰীক্ষা দিনা এক মিনিটৰ বাবেও মোৰ হাতৰ কঁপনি উঠা নাছিল। এনে নহয়, মই অত্যন্ত মেধাৱী ছাত্ৰ আছিলো, বৰঞ্চ প্ৰবল আত্মবিশ্বাসী আছিলো। ধৰি লৈছিলো যি হয় হব। তাৰ পাছৰ পৰ্যায়ত বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত, মহাবিদ্যালয় পৰ্যায়ত তিনিটা বছৰৰ মূল বিষয় (মেজৰ) অৰ্থনীতিৰ ১০ খন কাকতৰ দহটা পৰীক্ষাত অনাকাংক্ষিত তথা মোৰ বাবে জটিল প্ৰশ্নবোৰৰ সন্মূখীন হওতেও মোৰ হাত কঁপনি উঠা নাছিল…।
অথচ… প্ৰতিবাৰেই যেতিয়া কলেজ, ইউনিভাৰ্চিটীৰ নামভৰ্তি প্ৰ-পত্ৰ পূৰণ, বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ পঞ্জীয়ন, বেঙ্কৰ একাউন্ট খুলা আদি কামত দেউতাৰ নামটো লিখিব লগা হৈছিল, প্ৰতিবাৰেই মোৰ হাতৰ কলম স্তব্ধ হৈ পৰিছিল। বহুসময়লৈ হাতৰ কঁপনি মাৰ যোৱা নাছিল। কিয়নো তেতিয়াও আৰু আজিও দেউতাৰ নামটোৰ সন্মূখত স্বৰ্গীয় অথবা “লেট” বুলি লিখা কামটো মই সহজভাৱে গ্ৰহণ কৰিব পৰা নাই। বাৰে বাৰে মনত ভাঁহি উঠে মুখাগ্নি কৰাৰ সময়ত ৰাইজৰ সন্মূখত মোৰ তীব্ৰ প্ৰতিবাদ- "দেউতাৰ গাত মই জুই লগাব নোৱাৰো।" সৰু আছিলো, বহু কথা বুজা নাছিলো সেই সময়ত। দাদাই সেই সময়ত মোৰ চুলিৰ মাজে মাজে হাত বুলাই বুজনি দিছিল- "এইয়া আমাৰ পৰম্পৰা, তোৰ দায়িত্ব।"
নিজৰ দায়িত্ব পালন কৰি উভতি আহি মাক এক অন্য ৰূপত দেখি মই হতবাক হৈছিলো। উকা কপাল, আউলি বাউলি চুলি, শূণ্য দুহাত আৰু বগা সাজজোৰৰ স'তে মায়ে কাতৰ দৃষ্টিৰে মোৰ ফালে চাই আছিল। এপাকত চুবুৰীয়া মানুহ এজনীয়ে হাতত কটাৰী এখন গুজি দি কৈছিল- “নেৰিবি এইখন। নহ'লে ৰাতি দেউতাই আমনি কৰিব। কিবা অনিষ্ট সাধন কৰিব।“ কি অদ্ভূত কথা কয়হে? তেখেত মোৰ মৃত দেউতা। কি যুক্তিত তেখেতে অনিষ্ট সাধন কৰিব?? কথাও যে কয় আৰু।
মানুহে কোৱা সকলো কথা সহজতে বিশ্বাসত নলওঁ। তদুপৰি সৰুৰেপৰা মই জেদী প্ৰকৃতিৰ। ব্ৰতত থকা দিনকেইটাত মই নিশাবোৰ উজাগৰে পাৰ কৰিছিলো। হাতৰ কটাৰীখন দূৰৈত ৰাখি নিশা কেইবাবাৰু মুকলি আকাশৰ তললৈ ঢাপলি মেলিছিলো… ক'ত! মই শুদ্ধ আছিলো। মোৰ একোটো অনিষ্ট নহ'ল …!! চুবুৰীয়া খুড়গৰাকীয়ে কিয় যে দেউতাৰ কথা তেনেকৈ কৈছিল মই আজিও নুবুজিলো। মানুহ পৰিস্থিতিৰ দাস। সঁচা কথা। কম সময়তে মই এই কথা বুজি উঠিছিলো। সময়ৰ সলনিৰ লগে লগে পৰিয়ালৰ মানুহবোৰৰ দুখবোৰ পাতলিছিল যদিও ঘৰখনত এক শূণ্যতাই বিৰাজ কৰিছিল। কিবা অক অনামি দুখত মাৰ মুখৰ হাঁহি নোহোৱা হৈছিল। কোনেও নেদেখাকৈ ময়ো বহুদিন বহুবাৰ গোঁহালীৰ গৰুহালৰ কাষত গৈ উচুপিছিলো। দেউতাৰ হাতৰ ঘড়ীটো, জোতাযোৰ দেখি ময়ো মাজে মাজে হুমুনিয়াহ কাঢ়িছিলো…। এটা দিনত ঘৰখনলৈ এটা সৰু কেঁচুৱা আহিল। মানুহবোৰ ক্ৰমশঃ মিলি পৰল কণমানি ভতিজাটোৰ সৈতে। মাৰ লগতে ময়ো…!! তথাপি… ঘৰৰ পকী ওৱালখনত জিলিকি থকা দেউতাৰ ফটোখন দেখি মায়ে যেতিয়া ভতিজাটোক কয়- "এইয়া আমাৰ ককা…"। মোৰ বুকুখনে হাহাকাৰ কৰি উঠে… দেউতা যদি জীয়াই থাকিলেহেঁতেন…।
আজিও ভাবো- দেউতা জীয়াই থকাহেঁতেন… মাৰ সেন্দুৰৰ টেমাবোৰ ময়েই জোগাৰ কৰিব লাগিলহেঁতেন। মোৰ পৰিচয় পত্ৰ অথবা ড্ৰাইভিং লাইচেঞ্চত দেউতাৰ নামৰ আগত লেট শব্দটোৰ পৰিবৰ্তে আন বহুতৰ দৰে শ্ৰী অথবা মিষ্টাৰ বুলি জিলিকি ৰ’লহেঁতেন... মোৰ হাতৰ কঁপনি নুঠিলেহেঁতেন..। কলমটো হাতত লৈ মই এক মিনিটৰ বাবে ৰৈ যাবলগা নহ’লহেঁতেন..।