তুমি কুশলে থাকিবা মোৰ সোণ

(এক)
বহুদিন নিৰবেই পাৰ হ'ল। তথাপি ভাল লাগিছে- আজি বহুদিনৰ মুৰত তোমাক নিচেই কাষৰপৰা দেখা পালো। হেপাঁহ পলুৱাই তোমাক শেষবাৰৰ বাবে চাই ল’লো। ধুনীয়াজনী হৈ আছা! এতিয়া মোৰ কথা নুসুধিবা...। কি ক’ম? তুমি জানি কি কৰিবা? 
নাৰ্ছিং হ'মৰ এটি সৰু কোঠাত মই এতিয়া বন্দী। ইনজেকচন, চেলাইন, বেদনা, স্মৃতি, চকুপানী আৰু মাজে মাজে খিড়িকীৰে পাৰ হৈ অহা ৰূপালী জোনাক মোৰ বিশ্বাসী সঙ্গী। ফেনাইল আৰু ঔষধৰ মিশ্ৰিত অসহ্যকৰ গোন্ধটো ক্ৰমান্বয়ে ভাল লগা হৈ আহিছে। মই যে বাধ্য। ধৰি ল’লো জীৱন এনেদৰেই। সঁচা কথা, ক্ৰমশঃ তুমিহীনতাত যদিও মোৰ উচুপনি কমিছে, প্ৰকৃততে টুকুৰা টুকুৰ হৈ ভাঙি যোৱা হৃদয়খন জোৰা দিবলৈ মই শাৰীৰিক অথবা মানসিকভাৱে অক্ষম। ক্লান্ত দুচকুৰে কিদৰে সজাম জহি খহি যোৱা সপোন পঁজাটি? মইতো জীৱন সংগ্ৰামত যুঁজি যুঁজি ভাগৰি পৰা এজন ভীৰু দূৰ্বল সৈনিক। অস্ত্ৰ বুলিবলৈ কেৱল হতাশা আৰু যন্ত্ৰণা…।
জীয়াই আছো...। তেনেকৈয়ে! যেনেকৈ মই জীয়াই থকাতো জৰুৰী আছিল! দিনৰ পাছত ৰাতি ৰাতিৰ পাছত দিন- টিক্ টক্ টিক্ টক্… সময়বোৰ বাগৰে। পুৱাতে আশাৰ গঁজালি মেলে। ভাবো- তুমি আহিবা, কাষতে বহিবা, মোক জগাই তুলিবা। তোমাৰ সুকোমল আঙুলিৰ স্পৰ্শত মই হৈ পৰিম পৃথিৱীৰ আটাইতকৈ সুস্থ, সুখী, দুৰ্দান্ত প্ৰেমিকজন …। ওহো…সময়বোৰ নিষ্ঠুৰ। আন্ধাৰে মোক জুৰোলা কৰে, গ্ৰীষ্মৰ ৰ’দালীজনীৰ দৰে..।

(দুই)
তুমি গ'লাগৈ এজাক তীক্ষ্ণ ৰ'দ হৈ। আকৌ নাহিলা মোৰ পচন্দৰ বাৰিষাজাক হৈ…। যোৱাৰ পৰত শুনা নাপালা চাগে তোমাৰ কাষৰ কেবিনটোত চটফটাই থকা মোৰ ক্লান্ত উশাহৰ বিননিবোৰ। আচৰিত নহবা, তোমাৰ কণমানিটোৰ কান্দোনত মই প্ৰায়ে বিতুষ্ট হৈছিলো খং উঠিছিল- কাৰ কেঁচুৱাৰ অসহনীয় কান্দোন… ডট্ ডট্ ডট্ ডট্…। বহু পলমকৈহে অনুশোচনাত বুকু পুৰিছে, তোমাৰহে সদ্যজাত সন্তানে মোক আমনি কৰিছিল। ছেঃ ময়ো যে আৰু…!! আচলতে তোমাৰ সন্তানেও মোক অন্য অক যন্ত্ৰণাৰ সোৱাদ দি গ'ল। বুকুত এতিয়া অন্য এটুকুৰা ঘাঁ। দেখাই নাপালো নহয় ভালকে, সি গ'লগৈ। দুদিন হ'ল তাৰ কান্দোন নুশুনা। অভ্যাসটো থাকি যোৱা বাবে হয়তো বেজাৰ লাগিছে। কিনো কৰিম! নিৰূপায়, অসহায়…।

(তিনি)
দুই এদিনতে মোকো মোৰ ঘৰলৈ একেবাৰে লৈ যাবহি। আহি আহি জীৱনৰ শেষ সন্ধিয়াটোত ভৰি থৈছো। মৃত্যুৰ উপত্যকাত দুভৰি থৈ ৰৈ আছো আজিও তোমালৈ- পশ্চিম আকাশত একেলগে বেলি ডুবা চাম। তুমি নাহিবা। আহিব নোৱাৰিবা। মই বুজি পাওঁ। অবুজ মনটোক বুজনিৰে বুজাইছো। মই বুজিবই লাগিব।

তুমি কিন্তু কুশলেই থাকিবা দেই মোৰ সোণ!