তাই বেশ্যা নাছিল (খণ্ড নং- ৭)

অসম বন্ধ। নগৰৰ আটাইবোৰ দোকানত বিয়াগোম আকৃতিৰ একো একোটা তলা। অপৰাজিতা বৰ সমস্যাত পৰিল। যিকোনো উপায়েৰে তাইক তাইৰ প্ৰয়োজনী সামগ্ৰী এপদ লাগেই। ক’ত পাব? জেঠ মাহৰ অসহনীয় ৰ’দজাকক নেওচি নগৰখনৰ অলিয়ে- গলিয়ে ঘুৰি ফুৰিছে। খঙৰ ভমকত অসম বন্ধৰ আহ্বান জনোৱা সংগঠনটোৰ লগতে বন্ধলৈ সমৰ্থন জনোৱা চহৰখনৰ মানুহবোৰকো মুখৰ ভিতৰতে তাই হেঁপাহ পলুৱাই গালি পাৰিছে। বিশেষকৈ ফাৰ্মাচীৰ মালিকবোৰক....। যিমান যি অসম বন্ধ, চকা বন্ধ হ’লেও মেডিচিনৰ দোকানকেইখন খুলি ৰখাটো অত্যন্ত জৰুৰী। ৰুগীয়ে হওক বা নিৰোগী, কোন সময়ত কোন মানুহক কি বেমাৰত কি ঔষধৰ প্ৰয়োজন হব পাৰে কোনে জানে? ফাৰ্চামীৰ মানুহবোৰেতো এই কথা জানে, অনুভৱ কৰে। গতিকে.......। বিচাৰি বিচাৰি গৈ অপৰাজিতাই অৱশেষত দোকান এখন পালেগৈ। কম বয়সীয়া ল’ৰা এজন, বয়স খুউব বেচি ১৫ বছৰ মান হব আৰু সুঠাম আকৰ্ষণীয় শৰীৰৰ ডেকা এজন। দুয়ো কথাৰ মহলা মৰাত ব্যস্ত। ডেকা ল’ৰাজনক দোকানখনৰ মালিক যেন লগা নাই। কৰ্মচাৰীও নহ’ব। এনেই মালিকৰ কোনোবা চিনাকী গ্ৰাহক চাগে..। অপৰাজিতাক দেখি সৰু ল’ৰাজনে মাত লগালে- বাইদেউ কি দিম কওকচোন।
সৰু ল’ৰা তাতে অচিনাকী। তাই সহজ হব পৰা নাই। দেউতাকৰ সমবয়সীয়া দোকানীকেইজনৰপৰা একান্ত ব্যক্তিগত সামগ্ৰী কেইপদ কিনিবলৈ তাইৰৰ সংকোচ ভাৱ নাহে। এতিয়াহে মিছাতে.......!
বাইদেউ..... ল’ৰাটোৱে পুনৰবাৰ মাত লগালে। তাই বিবুদ্ধিত পৰিল। ওচৰতে ৰৈ থকা আনজন ল’ৰাই অপৰাজিতাৰ মুখলৈকে ভেবা লাগি চাই আছে। চকুৱে চকুৱে পৰাত ল’ৰাজনে মুখখন আনফালে ঘূৰাই দিলে।
- ষ্টেফ্ৰী দিয়াচোন। দুপেকেট...। একে উশাহতে কথাষাৰ কৈ অপৰাজিতাই সৰু ল’ৰাটোৰ মুখলৈ চালে। ধুৰ্তালিভৰা হাঁহি এটা তাৰ ওঁঠেৰে বিয়পি গ’ল। তাকে দেখি আনজন ল’ৰাই মুখ টিপি হাঁহিলে। লাজ, সংকোচত তাইৰ কাণ- মুৰ গৰম হৈ গ’ল। সমান্তৰালভাৱে খঙটোৱে টিনিচকে মাৰি পথালে। চুড়ান্ত অসভ্য পোৱালী। ঘৰত বায়েক- ভনীয়েক নাই চাগে। থকাহেঁতেন বুজি পালেহেঁতেন, ছোৱালী কি? ষ্টেফ্ৰী কি? অভদ্ৰ কৰবাৰ...। কাগেজেৰে মেৰিয়াই দিয়া পেকেটতো বেগত ভৰাই প্ৰয়োজনীয় টকাকেইটা ল’ৰাটোক দি খৰ খোজেৰে তাই তাৰপৰা পলায়ন কৰিলে। ঘৰলৈ আহি অপৰাজিতাই ভগৱানকে উধাই মুধাই গালি পাৰিছিল। প্ৰভুৱে ছোৱালীবোৰক কি যে জঞ্জাল এটা মাহেকৰ মুৰে মুৰে ভুগিবলৈ দিলে। ল’ৰাবোৰৰে ভাল। না মাহেকীয়া সমস্যা, না বিয়া হৈ আন এঘৰলৈ উলাই যাব লাগে, না সন্তান জন্ম দিয়াৰ নামত অবৰ্ণনীয় কষ্ট ভোগ কৰিব লাগে...। খাব লাগে, শুব লাগে... বিয়া পাতি ঘৈণীয়েকহঁতৰ ওপৰত দম্ভালি দেখাব লাগে.... ইমানেই সিহঁতৰ কাম। বাঃ কি আৰাম।

অপৰাজিতাৰ কথা শুনি মাহীয়েকৰ ল’ৰা মৃন্ময় হাঁহিত ফাটি পৰিল।
- তয়ো যে আৰু বা! আজিকালি অসম বন্ধ দিয়োটো একপ্ৰকাৰৰ ফেচন। দল সংগঠনবোৰক এটা মাত্ৰ অজুহাত লাগে, লগে লগে অসম বন্ধ। জনসাধাৰণৰ লাভ নহয়, বৰঞ্চ অসম বন্ধ বৰ্তমান অসমৰ এক জ্বলন্ত সমস্যাহে। বিশেষকৈ খাটি খোৱা মানুহখিনিৰ মৰণ। দুদিন পাচত শুনিবি অসম বন্ধৰ প্ৰতিবাদত নতুনকৈ সংগঠন খুলিছে- সদৌ অসম অসম বন্ধ বিৰুধী সন্থা। তেওঁলোকে অসম বন্ধৰ প্ৰতিবাদত অসম বন্ধৰ আহ্বান জনাব, ধৰ্ণা দিব, গাত কেৰাচিনো ঢালিব। অসমীয়া জাতিটোৱে নিজৰ চকু দুটাতকৈ কাণখনক বেচি বিশ্বাস কৰে। শিক্ষিত- অশিক্ষিত প্ৰায়ো সকলোবোৰ মানুহৰ ক্ষেত্ৰতে এই কথা প্ৰযোজ্য। আৰু সেই ফাৰ্চামীখনৰ ল’ৰাটোক কিো খং কৰিবি? বয়সৰ দোষ! তই নিজেও কামবোৰ সময়লৈ ৰাখি থৱ। বেয়া কথা...।
- তহঁত ল’ৰাবোৰ একেই। সদায় দোষটো ছোৱালীজনীৰহে ন! হয় দে। তহঁতবোৰেই মহান। অপৰাজিতাৰ অভিমানভৰা কণ্ঠ। ক্ষোভখিনি তাৰ আগত উজাৰি দিব পাৰি, কিন্তু মৃন্ময় আজি অন্যমনস্ক।
- এইবোৰ বাদ দে। মই এটা বিশেষ কাৰণত তোৰ ওচৰলৈ আহিলো। চহৰলৈ নতুনকৈ অহা অতিৰিক্ত আৰক্ষী অধিক্ষকজনক সিদিনা লগ পাইছিলো। লগ পাইছিলো নহয়, তেওঁ মোক বিচাৰি বিচাৰি আহি সৰস্বতী পূজা মণ্ডপ ওলাইছিলহি। তেওঁ ভিনদেউৰ কেচটো ৰি- অপেন কৰা কথা কৈছে। মৃন্ময়ে কথাৰ প্ৰসংগ সলালে।
- কি? তই কি ভুল বকিছ? ভিনদেউৰ কি কেচ? অপাজিতাৰ চকুত আশ্চৰ্য্য। মৃন্ময় আহোতেই তাই অনুমান কৰিছিল নিশ্চয় সি কিবা কামত আহিছে। তাৰ সময়ৰ অভাৱ। অসমৰ জনপ্ৰিয় নিউজ চেনেল এটাৰ সংবাদদাতা হোৱাৰ সুবাদতে কেমেৰামেনজনৰ সৈতে অসমৰ গাঁৱে- ভূঞে, অলিয়ে- গলিয়ে বাতৰি সংগ্ৰহ কৰি ফুৰোতেই তাৰ আহৰি নোলায়। বয়স কম যদিও ল’ৰাটো কামৰ। অপৰাজিতাৰ স্বামীয়েও বহুদিনৰ আগতে তাৰ কষ্টসহিঞ্চুতা তছা কৰ্তব্যপৰায়ণতাক শলাগিছিল।
- খং নকৰিবি ৰহচোন। তেওৰ মতে তোৰ স্বামীৰ বাইক এক্সিদেন্টত মৃত্যু হোৱা নাছিল। হত্যা কৰা হৈছিল। যিটো কথা ময়ো সন্দেহ কৰিছিলো। হত্যাকাণ্ডৰ আঁৰত বহুতো মানুহ জড়িত হৈ আছে। তাৰ প্ৰমাণ ভিনদেউৰ ডায়েৰীত। কিন্তু ভিনদেউৱে ডায়েৰী লিখে বুলি জনা নাছিলো। ডায়েৰীকিখন ক’ত? তইতো এইবোৰ মোক একোৱে কোৱা নাছিলি? মৃন্ময়ৰ পৰিকল্পিত প্ৰশ্নবানত অপৰাজিতাই থতমত খালে।
- নাই নাই নাই। ভিনদেউৱে ডায়েৰী নিলিখিছিল। মিছা কথা। সেই আৰক্ষী বিষয়াজন বলীয়া হল চাগে। কোন তেওঁ? মোৰ স্বামীৰ ফাইল খুলিবলৈ তেওক কোনে কলে? আৰু তেওঁৰ বাইক এক্সিডেন্ট হৈয়ে ঢুকাইছে। কোনেও হত্যা কৰা নাই। তেওক তই কৈ দিবি একো কেচ ৰি- অপেন কৰিব নালাগে। আৰু তই সকলো জানিও এইবোৰ অদৰকাৰী কথা লৈ মোৰ ওচৰলৈ কিয় আহিছ? অপাজিতাৰ কপালত বিন্দু বিন্দু ঘাম। কথনভঙ্গীত অস্বাভাৱিকতা।
- তোৰপৰা এনেকোৱা এটা উত্তৰে আশা কৰিছিলো। নাজানো কিয় তই ভিনদেউৰ মৃত্যুৰ কথা উলিয়ালে সহজ হব নোৱাৰ। মই যিমানদূৰ জানো ভিনদেউৰ বাইক এক্সিদেন্ট হোৱা নাছিল। হব দে। মইনো কোন? যি ভালপাৱ কৰ। এবাৰ তোক জনাই থোৱাতো মোৰ দায়িত্ব। জনালো। আৰক্ষী বিষয়াজন তোৰ ওচৰলৈও আহিব। আৰক্ষী বিষয়াজনৰ মতি- গতি ভাল নহয়। সময়ত সকলো জানিবি। মই যাওঁ। কিন্তু মোক ভুল নুবুজিবি। তেওঁক সহায় কৰিবলৈ মই বাধ্য।

অপৰাজিতাক একো কবলৈ সুযোগ নিদি মৃন্ময় গলগৈ। অপৰাজিতাৰ অৱস্থাটো শিল পৰা কপৌজনীৰ দৰে হ’ল। তাইৰ স্বামীয়ে ডায়েৰী লিখা কথাটো একমাত্ৰ তিনিজন মানুহে জানিছিল- স্বামী, তাই আৰু কৌশিক। কিন্তু আৰক্ষী বিষয়াজনে এই কথা কেনেকৈ জানিলে? আচৰিত। আৰু এই মৃন্ময়ক কিহে পালে? নে ইহে কিবা ৰহস্যৰ গোন্ধ পাই আৰক্ষীৰ কাষ চাপিছে? একো থিক নাই। সাংবাদিকতা কৰা ল’ৰা, কিবা জানিবও পাৰে। কিন্তু কেনেকৈ? নে কৌশিকৰ মুখেৰে কিবা কথা শ্লিপ হৈছে! দৰাচলতে সেই আৰক্ষী বিষয়াজননো কোন? তেওঁৰ উদ্দেশ্য কি? কৌশিকলৈ ফোন এটা কৰি কথাটো জনোৱা উচিত হব। ম’বাইলটো হাতত লৈ তাই কৌশিকৰ নম্বৰটো ডায়েল কৰিলে........।

(আগলৈ)