কমসয়ৰ ভিতৰতে যিকোনো প্ৰকাৰে কৌশিকক লগপোৱাতো
অপৰাজিতাৰ বাবে বৰ জৰুৰী আছিল। বিশেষকৈ তাইৰ মৃত স্বামী পৰাণ ফুকনৰ কেচটোক লৈ।
কিন্তু সন্ধিয়াৰেপৰা কৌশিকৰ ম’বাইল ন’ট ৰিচেব’ল। অপৰাজিতাৰ মনত অলেখ অযুত চিন্তা- দুচিন্তাৰ মেলা। সি তাইৰ ৰুমলৈ অহাৰ কথা
আছিল। আহিব আহিব বুলি অপেক্ষা কৰোতে কৰোতে ৰাতি এক বাজি পাৰ হৈ গ’ল। তাৰ কোনো সম্ভেদ নাই।
কৌশিকো সাংবাদিকতাৰ সৈতে জড়িত। হয়তো অফিতৰ কামত ব্যস্ত। আগতেও এনে হয়। নতুবা তাইৰ
মাহেকীয়াৰ দিনটো সি জানে। মাহটোৰ এইকিটা দিনত কৌশিকৰ ওচৰত অপৰাজিতাৰ প্ৰয়োজন
নাথাকে। সেয়ে হয়তো সি নাহিবও পাৰে। কিন্তু
এইবাৰ অপৰাজিতাৰ দিন আগবাঢ়িছে। সি কেনেকৈ জানিব? স্বয়ং অপৰাজিতাই নিজে ভাবা নাছিল। সেয়েতো হথাতে ফাৰ্মাচী
বিচাৰি হাবাথুৰি খাবলগা হৈছিল। এহ্ নহয়, শেষ ৰাতি হলেও সি আহি পাবহি চাগে।
তেতিয়া দুই বজা নাছিল। চিলমিল টোপনীতে কোনোবাই
দূৱাৰত টুকুৰিয়াইছিল। অপৰাজিতা বিচখাখন এৰি উঠি গ’ল। দূৱাৰখনৰ হুকটো খুলি দিবলৈহে পালে, হুৰমুৰকৈ সুমাই আহিল
৫- ৬ জনীয়া এটা যুৱকৰ দল। অপৰাজিতাই তলকিবকে নোৱাৰিলে। মুহুৰ্তৰ ভিতৰতে ঘৰটোৰ
ভিতৰত বিজুলী সংযোগ বিচিন্ন হ’ল। চৌদিশে মাঠো অন্ধকাৰ।
-
একো অনিষ্ট হোৱাটো নিবিচাৰে
যদি নিচঞৰিব। অপৰাজিতাৰ হাতৰ ম’বাইলটো কাঢ়ি লৈ গলগলীয়া কণ্ঠৰ যুৱকজনে পিষ্টলৰ নলীদাল তাইৰ কপালত লগাই ধৰিলে।
আন এজনে দূৱাৰখনৰ হুকটো বন্ধ কৰি দিলে। সকলোৰে হাতে হাতে অত্যাধুনিক অস্ত্ৰ-
শস্ত্ৰ। অপৰাজিতাই চিঞৰ বাখৰ লগালে কোনেও নুশুনিব। প্ৰথম কথা, গৰমৰ দিন। চলন্ত
ফেনৰ শব্দত এটা ৰুমৰ শব্দ সিটো ৰুম নাপায়গৈ। গতিকে তাই বৃথা প্ৰচেষ্টা নচলোৱাই
ভাল। দ্বিতীয়তে, নগৰৰ যান্ত্ৰিক মানুহৰ যান্ত্ৰিকতা। তাইৰ চিঞৰ শুনি ওচৰ- চুবুৰীয়া
কোনোবাই আহি যে সহায়ৰ হাতত আগবঢ়াব তাৰ আশা নকৰাই ভাল। তাতকৈ জীৱনটো ৰক্ষা পৰক।
জীৱনটো থাকিলে টক- পইছা সোণ- অলংকাৰ সকলো ঘটি ল’ব পাৰি। ডকাইতৰ দলটোৱে যি কৰে কৰক। সিহঁতৰ কাম সিহঁতক কৰিব
দিয়াই উচিত হব। বিনা অস্ত্ৰেৰে ডকাইতৰ দলটোক ৰুধিবলৈ তাই শাৰিৰীক আৰু মানসিকভাৱে
অপ্ৰস্তুত।
-
গডৰেজ আলমাৰিৰ চাবিবোৰ ক’ত?
অপৰাজিতা শুৱনি কোঠালৈ বুলি
খোজ দিলে। তাইৰ লগে লগে অস্ত্ৰধাৰী যুৱকজন। বিচনাখনৰ তুলিখন আজুৰি চাবিকেইপাট
যুৱকজনৰ হাতত তুলি দিলে। প্ৰায় দহমিনিটমানৰ ভিতৰতে সিহঁতে ৰুমটোত বস্তু বিচাৰি
সকলোবোৰ তহিলং কৰিলে। সিহঁতৰ চকুৰ আগৰপৰা একো বাদ পৰা নাই। গদৰেজ, আলমিৰা, বুক
চেলফ, বক্স পালেঙি, ঔষধৰ টেমা....
এটা সময়ত সিহঁত গলগৈ।
গদৰেজত ভৰাই ৰখা সোণৰ অলংকাৰখিনি, সাচতীয়া টকা, তাই পিন্ধি থকা দিঙিৰ চেইনদাল,
খাৰুদুপাট, ফুলিযোৰ, ম’বাইল, এ টি এম কাৰ্ড, বেঙ্কৰ পাছবুক একোৱেই বাকী নৰ’ল। আনকি পৰিত্যক্ত কাপোৰৰ দ’মটোৰ মাজত লুকুৱাই ৰখা
পৰাণৰ ডায়েৰীখনো....।
ওচৰ- চুবুৰীয়া মানুহহে খবৰ
পাই দৌৰি আহিল। পুলিচক ফোন কৰি জনোৱা হ’ল। এদল আৰক্ষী জোৱানৰ সৈতে এছ আই এজন আৰু অতিৰিক্ত আৰক্ষী
অধীক্ষক বিমানজ্যোতি বৰুৱা আহি ঘটনাস্থলীত উপস্থিত হলহি। এছ আই জনৰ নিয়মাফিক
প্ৰশ্ন- ডকাইতৰ দলটোত কেইজন মানুহ আছিল? কি লৈ আহিছিল? কি কৈছিল? কি কি সামগ্ৰী নিলে? মুখাৱয়ব ধৰিব পাৰিছে নেকি? ইত্যাদি ইত্যাদি। অপৰাজিতাৰ
খং উঠিছিল। ঘটনাটো সংঘটিত হৈ যোৱাৰ পাচত আৰক্ষীয়ে কিনো কৰিব? এনেই প্ৰশ্নবোৰ সুধি মুৰটো
নষ্ট কৰিব। দুদিন পাচত খবৰ কৰিলে কব আমি তদন্ত কৰিয়ে আছো বাইদেউ।
অতিৰিক্ত আৰক্ষী অধীক্ষকজনে
একো সুধা নাই। তেওঁ কোঠাটো তন্ন তন্নকৈ পৰীক্ষা কৰাত ব্যস্ত। এপাকত এছ আইজনক
উদ্দেশ্যি ক’লে- দুধৰ্ষ ডকাইতৰ দল। একো ক্লু এৰা নাই।
আচ্ছা, মিচেছ অপাজিতা
বৰুৱা, ডকাইতোৰ দলটোৰ বিষয়ে কিবা আভাষ দিব পাৰিবনে? তেওলোকে মুখত ক’লা কাপোৰ মাৰি আহিছিল। একো ধৰিব নোৱাৰি। তদুপৰি তেওলোকে
বিজুলী সংযোগ বিচিন্ন কৰি লগত লৈ অহা অত্যাধুনিক টৰ্চৰ পোহৰত লুটপাট চলাইছিল। হাতত
সু- সজ্জ্বিত হাথিয়াৰ আছিল। যদি মোৰ অনুমান ভুল হোৱা নাই, ৬ জনীয়া দলটোত দুগৰাকী
যুৱতী আছিল। ইমানেই।
-
যুৱতী? আৰক্ষী যোৱানকেইজনৰ লগতে
ওচৰ চুবুৰীয়া মানুহকেইজনো আচৰিত হ’ল। কেৱল বিমানৰ চকুত একো অস্বাভাৱিকতা দেখা নগল। তেওঁ যেন সহজভাৱেই লৈছে
কথাটো।
-
ডকাইটোৰ দলটো বলীয়া হ’ল নেকি? এইটো তিনিজনীয়া ভাড়াতীয়া
কোঠাটোত ডকাইতী কৰিবলৈ তাহাঁতক কিহে পাইছিল? সিহঁতৰ লাভ হব পৰাকৈ একোৱেই নাছিল ঘৰটোত।
বেচেৰাহঁত। মৃত সাংবাদিক এজনৰ বিধবা পত্নীক ডকাইতৰ দলে টাৰ্গেট কৰাটো অলপ আচৰিত
হোৱাৰে কথা। শইকীয়া হে, এখেতেক কমপ্লেইন এটা কৰিব দিয়ক। কেচটো অলপ গহীনকৈ ল’ব লাগিব। মিচেছ বৰুৱাই আকৌ
পুলিচক ভৰষা কম কৰে। কেচ কৰাত মানুহজনী কম আগ্ৰহী। অলপ বুজনি দিয়কচোন তেখেতক। ভৰষা
ৰাখক। বিমানৰ কথা শুনি অপৰাজিতাৰ গাটো বিছাই দাকাদি দাকিলে। মৃন্ময়ে কোৱা আৰক্ষী
অধীক্ষকজন এইজনেই নহয়তো! য়েচ হয়তো। তাইৰ মান অপৰাজিতা বুলি তেওঁ কেনেকৈ জানিলে।
তেওঁকটো একো কোনেও কোৱা নাছিল। তাৰমানে অপৰাজিতাক তেওঁ ভালকৈয়ে টাৰ্গেট কৰি লৈছে!
-
বাইদেউ নমস্কাৰ। আপোনাক
লগপোৱাৰ একান্ত ইচ্ছা নাছিলো। সময় সুবিধা পোৱা নাছিলো। এতিয়া লগ পালো, ভালেই হ’ল। আপোনাৰ হেৰুৱা সম্পত্তি
কম সময়তে ঘূৰাই পাব। নিশ্চিত হৈ থাকক। ডকাইতৰ দল ক’ত যায় চাম! বিমানজ্যোতি বৰুৱাই কথা দি ৰাখিব নোৱাৰিলে কথা
নিদিয়ে। লগ পাই থাকিম। এয়া আৰম্ভণি। সদ্যহাতে আমি যাওঁ, থানালৈ আহক এপাক। এফ আই
আৰখন সাঁজু কৰিব লাগিব। বহুত কাম বাকী আছে......।
ৰে-বেনৰ বিলাসী চানগ্লাছজোৰ
চকুত লগাই ফিল্মী কায়দাৰে টয়টা ফৰচুনাৰখনৰ চাবি পকাই বিমানজ্যোতি বৰুৱা অহা বাটেৰে
উভতি গ’ল। এছ আই শইকীয়াৰ টিমতো তেতিয়াও নিজৰ কামত ব্যস্ত....। অপৰাজিতাৰ চকুৰ সন্মূখত
এদৰা সৰিয়হ ফুলিছে..... সৰিয়হদৰাৰ সিপাৰে পৰাণৰ চেঁপা আৰ্তনাদ... মই জীয়াই থাকিব
খুজো...। বতাহজাকত ভাঁহি আহিছে কৌশিকৰ আট্টহাস্য, তাৰ দৰেই আকাশখনৰো যেন অপৰাজিতাৰ
নিপোটল বক্ষলৈ অশ্লীল চাৱনি....।