কলেজৰ মেজৰ ক্লাছবোৰ একদম
বৰিং। তাতে ইক’নমিকচৰ সূত্ৰবোৰ অতি
আমনিদায়ক। এজনে আহি এটা সূত্ৰ দিব। সেই সূত্ৰটোক ভুল বুলি প্ৰমাণিত কৰি আন এজনে
বেলেগ এটা সূত্ৰ উলিয়াব। আকৌ আন এজনে আহি ক’ব আগৰ গোটেইবোৰ ভুল, তেও কোৱাটোহে শুদ্ধ। এনেকৈয়ে এটা সূত্ৰৰ লগত ইজনৰ পাচত সিজনৰ
সূত্ৰ উলাই থাকিব। তেওলোকৰ মাজতে যুঁজ। কোনোবা এজন সম্পূৰ্ণৰূপে শুদ্ধ হোৱাহেঁতেন
আমাৰ একো সমস্যা নাছিল। পিচে প্ৰতিটো সূত্ৰৰে কৰবাত নহয় কৰবাত কিবা এটা ত্ৰুটী ৰৈ
গৈছে। অৱশ্যে তেওলোক আটাইবোৰ শুদ্ধ। সময়ৰ পৰিবৰ্তনেহে তেওলোকৰ সূত্ৰবোৰ মেৰামতি
কৰিবলৈ বাধ্য কৰি তুলিছে। এয়া সময়ৰ আহ্বান। ৰূপান্তৰিত সময়ত মানুহৰ আশা-
আকাংক্ষাবোৰ সলনি হয়। ধাৰণা, চিন্তাৰ পৰিবৰ্তন
ঘটে। সমস্যাবোৰেও নতুন মুৰ লয়। কালি যিটো সমস্যা, সেইটো সমাধান হোৱাত আজি আন এটা সমস্যা। সমস্যবোৰক যদি সাগৰৰ
ঢৌ বুলি ধৰা হয় তেন্তে জীৱনটো এখন সাগৰ আৰু আমিবোৰ একো একোজন নাৱৰীয়া। ঢৌবোৰক
অতিক্ৰম কৰি সুকলমে নাওঁখন আগুৱাই নিয়াতহে জীনৱৰ মাদকতা। পৰম তৃপ্তি।
তাই আজিও কলেজলৈ নাহিল।
মাহেকীয়া সমস্যা চাগে। কালিও অহা নাছিল। তাই নাহিলে ক্লাছত অলপো মন নবঢ়ে। চুপাৰ
বৰিং মাইক্ৰইক’নমিকচৰ মাৰ্কেট মডেলৰ
ছবিবোৰ। চিনিয়ৰ এজনে ঠিকেই কৈছিল “কলেজৰ ক্লাছত যদি
মন দিব বিছাৰ’ প্ৰেয়সী এজনী ছেটিং কৰি ল’বি। নহ’লে ডিগ্ৰী
পৰ্যায়ৰ তিনিটা বছৰত মুৰৰ আটাইকেইডাল চুলি পকি সৰি যাব।“ উপদেশ দিবলৈ সহজ। সি বেটাই নাজানে নেকি ছিংগল ছোৱালী আৰু
চৰকাৰী চাকৰি বৰ্তমান সময়ত অসমৰ দুষ্প্ৰাপ্য সম্পদ। এজনী পতাই ল’বি বুলি কৈ দিলেই পতাব নোৱাৰি নহয়। তাতে নাৰী সুৰক্ষাৰ নামত
যিবোৰহে দুধৰ্ষ আইন প্ৰণয়ন হ’ল, ছোৱালীবোৰক নামটো সুধিবলৈকে ভয়। কিবা জগৰ লাগিলে চিধাই
তিনিমাহ জেইল। নকৰো কলেজীয়া পিৰীতি। তাতকৈ ৰূপহীহঁতক দূৰৰেপৰা লাইন মাৰি বুকুখনক
শান্ত কৰাই মংগল। এটা বছৰ তেনেকৈয়ে পাৰ কৰিলো। মনৰ কথা কোৱাতো দূৰৰে কথা, তাইত ভালকৈ মাত এষাৰে দি নাপালো। স্নাতক দ্বিতীয় বৰ্ষৰ দুটা
এটা ক্লাছ আৰম্ভ হব ধৰিছে। লগৰকেইটাৰ উচটনিত কেইবাদিনো বৃথা প্ৰচেষ্টা চলাই তাইক
প্ৰপ’জেল মাৰিব নোৱাৰিলো। ভয় লাগিছিল, প্ৰত্যুত্তৰত কাণৰ তলত এপাত সুধাই দিলে ক্লাছত মোৰ পূৰা
বলত্কাৰ হৈ যাব। আনফালে লগৰবোৰৰ ইতিংকি দিনক দিনে বাহি গ’ল মই ভয়াতুৰ, হিজৰা, কাপুৰুষ, পুৰুষৰ নামত কলংক। ময়ো ৰাতি ৰাতি বিচনাত শিতনাৰ গাৰু সাৱটি
তাইৰ সৈতে ৰঙীণ সপোন দেখিবলৈ আৰম্ভ কৰি দিলো। তাৰ মাজতে লগৰ এটাই বেচিকৈ ভয় খুৱাই
দিলে বুলে “শুভ কামত দেৰি কৰিব নাপায়। মিঠাইত মাখি পৰিবই, দেৰি হ’লে আন কোনোবাই তাইক উঠাই লৈ গুছি যাব আৰু তাৰ পাচত
বয়ফ্ৰেণ্ডৰ লগত পাৰ্ক ৰেষ্টুৰেন্টত তাইক দেখি তই চেন্টি ফালিবি মন যায় চিনেমাখনৰ
জুবিনৰ গানটোৰ দৰে...... বেদনা বেদনা মোৰ ভালপোৱা, তোমাক হেৰুৱাই পাথৰ মোৰ হিয়া....।”
বন্ধুজনৰ কথাতহে মোৰ গাত
চেতন আহিল। এই কথাই কথা নহয় বুলি মনত এগালমান সাহস গুটাই তাইৰ জন্মদিনৰ দিনাই
ক্লাছতে প্ৰপ’জেলভাগ মাৰি দিলো- “আই লাভ ইউ কস্তুৰী”। প্ৰত্যুত্তৰত চৰ খাবলগা
নহ’ল। অনাকাংক্ষিতভাৱে তাই মোক সুন্দৰকৈ বুজাই
দিলে- “জানো মই। তোমাৰ চকুৱে কয়।
তোমাৰ ভালপোৱাক মই সম্মান কৰিবলৈ বাধ্য। কিন্তু কলেজীয়া শিক্ষা সাং নকৰালৈকে মই
এনেবোৰ প্ৰেম, ভালপোৱা বা বিয়াৰ কথা
ভাবিব নোৱাৰো। এইসময়ত তোমাৰ, মোৰ, আমাৰ মুল কৰ্তব্য ভালকৈ পঢ়া শুনা কৰি নিজকে প্ৰতিষ্ঠা কৰা।
তদুপৰি মোৰ অনাগত জীৱনৰ সকলোবোৰ সিদ্ধান্ত মা- দেউতাৰ হাতত। প্ৰথমতে নিজৰ ভৰিৰ ওপৰত
নিজে থিয় দিয়া। উপযুক্ত সময় হ’লে মোৰ ঘৰলৈ
আহিবা, মা- দেউতাক মনৰ কথা জনাবা। তেওলোকৰ আপত্তি নাথাকিলে
মোৰো কোনো আপত্তি নাথাকিব।“
মইনো আৰু কি ক’ম। বেঙে মুতা গৰুটোৰ দৰে লগৰবোৰৰ ওচৰলৈ উভতি আহিলো। সিহঁতে
মোৰ অৱস্থাটো দেখি উল্লাসত ফাটি পৰিল। সেইদিনা কলেজত আৰু ক্লাছ কৰা নহ’ল। ৰাতিটো উজাগৰে পাৰ হ’ল। জীৱনৰ প্ৰথম প্ৰেমৰ প্ৰথমটো প্ৰস্তাৱ। তাকো বিফল।
বেজাৰতে দুদিনমান কলৈজলৈ নগ’লো। মনৰ অভিমান,
খং বেচিদিনলৈ নিতিকিল। মাৰ গালিৰ ভমকত পুনৰ
কলেজ যাবলৈ আৰম্ভ কৰিলো। সময়বোৰ আগুৱালে। লাহে লাহে মনৰ কলীয়া ডাৱৰ আতৰিল। মোৰ
বাহ্যিক ব্যৱহাৰত সামান্য পৰিবৰ্তন ঘটিল। জুখি মাখি কথা কবলৈ ধৰিলো, সকলো সময়তে কিবা এটা ভাৱত বিভোৰ হৈ থকা হ’লো, অনবৰতে ওঁঠত লাগি
থকা হাঁহিটো আতৰিল। বহু চেষ্টা কৰিও মই আগৰ মইতো হ’ব নোৱাৰিলো। দিনটোৰ ২৪ ঘন্টাই সপোন এটাই বুকুত টুকুৰিয়াই
থাকিবলৈ ধৰিলে, মই সোনকালে কিবা এটা কৰিব
লাগে। নহলে কস্তুৰী আনৰ হৈ যাব। পূৰ্বতকৈ মই অধিক মনোযোগেৰে পঢ়িবলৈ আৰম্ভ কৰিলো।
বাকীবোৰ গতানুগতিক। ক্লাছত পাকে পাকে তাইলৈ চকু মাৰা, কলেজলৈ নাহিলে ক্লাছত মন নবহা, বেঞ্চত কলমেৰে "কে" বুলি ঘঁহিয়াই থকা, গৰমকালি তাইৰ পানীৰ বটলতো লৈ এঢোক পানী খোৱা আদি কামবোৰ
আগৰদৰেই চলি থাকিল।
অৱশেষত কলেজৰ চূড়ান্ত
বৰ্ষৰ পৰীক্ষা দি মই দিল্লী অভিমূখে ৰাওনা হ’লো। কস্তুৰীৰ সৈতে মোৰ কোনো যোগাযোগ নাথাকিল। তাইৰ
ব্যক্তিগত ফোন নম্বৰ, ডাক ঠিকনা মোৰ অজ্ঞাত।
চকুৰ পচাৰতে পাৰ হৈ গ’ল বিশ্ববিদ্যালয়ৰ দুটা
বৰ্ষ। তাৰ মাজতে দেউতা ইহ সংসাৰৰপৰা এৰি গুছি গ’ল। ঘৰত মা অকলশৰীয়া হৈ পৰিল। মই যিমান পাৰি সোনকালে মাৰ
কাষলৈ উভতি আহিলো। দেউতাৰ ৰোগৰ চিকিত্সাৰ নামত সাচতীয়া সকলো টকা শেষ হৈ গ’ল। মই কম সময়তে চাকৰি এটা যোগাৰ কৰিবই পাৰিলেই যেন সকলোবোৰ
সমস্যা শেষ হৈ যাব। ধাৰবোৰ পৰিশোধ কৰিয়েই মাক লৈ কস্তুৰীহঁতৰ ঘৰ ওলামগৈ আৰু কন্যা
ভিক্ষা মাগিম।
মানুহে ভৱাধৰণে সকলোবোৰ
কথা সম্ভৱ নহয়। চাকৰি বিচৰাৰ নামত এটা বছৰ অযথা পাৰ হৈ গ’ল। ব্যৱসায় এটা কৰিবলৈ হাতত মূলধনৰ অভাৱ। অন্যহাতে
কস্তুৰীহঁতে গাঁৱৰ মাটি ভেটী বিক্ৰী কৰি আন কৰবালৈ গুছি গ’লগৈ। মই বহু চেষ্টা কৰিও তাইৰ একো সম্ভেদ নাপালো। বিবুদ্ধিত
পৰিলো। এগালমান চিন্তাই একেটা সময়তে আহি মোক জুৰুলা কৰিবলৈ ধৰিলে। কি কৰিম,
কি নকৰিম একো বুজিকে নাপালো। মই সাহস
নেহেৰুৱালো। আগতকৈয়ো অধিক উদ্যমেৰে বিভিন্ন প্ৰতেযোগিতামূলক পৰীক্ষাবোৰ এফালৰপৰা
দি গ’লো.... মা- দেউতাৰ আধৰুৱা সপোনবোৰ সম্পূৰ্ণ কৰিবতো
লাগিবই। পৰালৈকে যুঁজি গ’লো। কিন্তু
বিধাতাই আৰু কিমান ৰং চাব। মোৰ একাগ্ৰতা, ধৈৰ্য্য, সততাৰ ওচৰত বিধাতাই হাৰি
মানিলে। কমসময়ৰ ভিতৰতে বেঙ্ক এটাত মন পচন্দৰ চাকৰি এটা লাভ কৰিলো। মোক আৰু কোনে
পায়। চাকৰিসূত্ৰে মই গুৱাহাটীলৈ গুছি আহিলো। মা গাঁৱৰ ঘৰতে ৰৈ গ’ল।
ভাড়াঘৰৰপৰাই আৰম্ভ হ’ল অন্য এক ব্যস্তময় যান্ত্ৰিক জীৱন। পুৱাৰপৰা ৰাতিলৈকে কেৱল
কাম, কাম আৰু কাম। ভাগৰে-জিগৰে কোঠা পোৱালৈ ৰাতি
প্ৰায়ে দহমান বাজে। আক্ষেপ বুলিবলৈ একো নাই। বিনিময়ত মই টকা পাইছো। সেই টকাৰে আয়ে
মহানন্দেৰে দুবেলা দুসাজ পেট ভৰাই খাব পাৰিছে। গাঁৱৰ দহজনক গৰ্বেৰে কব পাৰিছে তেওক
ল’ৰাই চাকৰিৰ দৰমহাৰে পুৰণি উৱলি যোৱা ঘৰটোৰ
কাষতে নতুনকৈ আৰ চি চি এটাৰ কাম আৰম্ভ কৰিছে... আইৰ সুখৰ হাঁহিটোৰ বাবে মোক আৰু কি
লাগে। মই আজি বহুত সুখী হব লাগিছিল। কিন্তু সুখী হব পৰা নাই। মই আজি যি তাৰ মুলতে
কস্তুৰী। তাইক এবাৰ লগ পোৱাৰ বাসনাত মই দহিছো। জ্বলি মৰিছো। মই অকৃতজ্ঞ হবতো
নোৱাৰো। তাইক লগ পাই মাত্ৰ এবাৰলৈ মোৰ কৃতকাৰ্য্যতাৰ বতৰা দিব বিছাৰো। কিন্তু পৰা
নাই। এবাৰ মাত্ৰ জানিব বিচাৰো তাই ক’ত আছে, কিদৰে আছে??
সেইদিনা সোমবাৰ আছিল।
আনদিনাতকৈ সোনকালে ৰুমলৈ উভটিছিলো। হাত-মুখ ধুই বিচনাখনতে বাগৰ এটা দি মাৰ লগত
ফোনত কথা পাতি আছিলো। তেনেতে কলেজীয়া বন্ধু বীৰাজৰ ফোন আহিল। মাৰ লগত সংযোগ
বিচিন্ন কৰি বীৰাজৰ ফোনটো ৰিচিভ কৰিলো। বেচি সময় কথা পতা নহ’ল। মই একেজাপে বিচনাৰপৰা নামি ৰুমত পিন্ধি থকা পোচাকজোৰকে
গাত মেৰিয়াই মোৰ চুইফট ডিজায়ৰখনৰ ড্ৰাইভিং চিটত বহি দিলো। দূৰন্ত গতিৰে গাড়ীখন
আগুৱাই গ’ল মহানগৰীৰ বিখ্যাত মেডিক’জ হস্পিটেল অভিমূখে...।
কোঠা নং- ৯২। দূৱাৰমুখতে
মই ৰৈ দিলো। তাইৰ চকুৰপতা জাপ খোৱা। চকুৰ গুৰি ক’লা পৰি আছে। বোধহয় কেইবাদিনো হ’ল সুখৰ এঘূমটি নমৰা। বাওহাতখনত দুটাকৈ চেলাইন সমানে সংযোগ
কৰা আছে। বিচনাখনৰ গাতে লাগি থকা প্লাষ্টিকৰ চকীখনত এগৰাকী মহিলা। মাক চাগে। মই
ভিতৰলৈ সূমাই যোৱাত মানুহজনীয়ে অস্বস্তিবোধ কৰিলে। মই কি বুলি পৰিচয় দিম? বিবুদ্ধিত পৰিলো। মই কস্তুৰীৰ ভৰি দুটাৰ ওচৰতে ৰৈ তাইৰ কৰুণ
মুখখনলৈ চালো। মানুহজনীয়ে কিবা এটা কবলৈ মুখখন মেলোতেই তাইৰ চকুদুটা মেল খালে।
কস্তুৰীয়ে সামান্যভাৱে হঁহাৰ দৰে কৰি ক'লে-
- আহিলা? মই জানিছিলো তুমি আহিবা বুলি। কেনে আছা? তাইৰ হিমশীতল কণ্ঠ। মই মৌন। একেথৰে তাইৰ চকুলৈকে চাই আছো।
এক্ষন্তেক ৰৈ তাই আকৌ ক’লে-
- অ’ মাহী, মই যে আগতে কৈ
থাকো বিমান নামৰ ল’ৰাজন এইজনেই। দিল্লী
স্কুল অৱ ইক’নমিকচৰ গ’ল্ড মেডিলিষ্ট। বৰ্তমান ইয়াৰে বেঙ্ক এটাত জেনেৰেল মেনেজাৰ
হিচাপে চাকৰিত যোগদান কৰিছে।
কথাকেইটা কৈ থকাৰ মাজতে
তাই শুৱাৰপৰা উঠি বহিবলৈ চেষ্টা কৰিলে। মাক বুলি ধাৰণা কৰা মাহীয়েকজনীয়ে তাইৰ
বাহুত দুটা ধৰি সহায় কৰি দিলে। মই তাইৰ কাষ চাপি গ’লো। এটাও শব্দ উচ্চাৰণ নকৰিলো। মাহীয়েকে মোক তাতে ক্ষন্তেক
বহিবলৈ কৈ কোঠাটোৰপৰা বাহিৰলৈ উলাই গ’ল। হয়তো মেডিচিন আনিবলগা আছিল। মই কস্তুৰীৰ চকুলৈ চালো। তায়ো মোৰ চকুলৈ চালে।
মই তাইৰ চকুত দেখা পালো এজাকমান ৰঙা নীলা সপোন। সপোনবোৰ দুলি আছে.... এক অবুজ
আবেগৰ তাড়ণাত মই তাইৰ হাতখন খামুছ মাৰি ধৰিলো। কস্তুৰীৰ চকুৰে পাৰ ভাঙি এটুপাল
চকুলো বৈ আহি গাল পালেহি।
- ব’নমেৰু কেঞ্চাৰ। কলেজীয়া দিনৰেপৰা মৃত্যুৰ বিৰুদ্ধে যুঁজি
ভাগৰি পৰিছো। সপোন দেখিব নোৱাৰো বাবেই তোমাক কথা দিয়া নাছিলো। বুজি পাইছিলো তোমাৰ
চঞ্চল দুচকুৰ সাঁথৰবোৰ। কোনোবা এটা দূৰ্বল মুহুৰ্ত্তত তোমাৰ বুকুত মুৰ গুজি এপলক
আশ্ৰুত হবলৈ বৰ মন গৈছিল। কিন্তু পৰা নাছিলো। ভৱিষ্যতৰ অনিশ্চয়তাৰ মাজতে মই
জীয়াবলৈ সাহস পাইছিলো তোমাৰ হাবিয়াসবোৰ সুঁৱৰি। এদিন আতৰি গ’লাগৈ.... মোৰ কষ্ট হৈছিল। নিজক বুজাই লৈছিলো তুমি আকৌ উভতি
আহিবা। মোৰ ধাৰণা শুদ্ধ আছিল। তুমি আহিলা।
কস্তুৰীয়ে হুকহুকাই
কান্দি দিলে। মই আৰু অলপ কাষ চাপি গ’লো। এপাকত একো কথা নভৱাকৈ তাইক মোৰ বুকুৰ মাজলৈ টানি আনিলো। তাই সজোৰেৰে
কান্দি উঠিল। মই আৰু জোৰেৰে সাৱটি ল’লো।
- আৰু নাকান্দিবা। মই উভটি
আহিছো। আধাখিনি চকুপানী মোকো দিয়া। তুমি জী থাকিব লাগিব।
- মই কেনেকৈ জীয়াম? আজি ইমানদিনে অকলশৰে জী আহিছো। মাক সৰুতেই হেৰুৱাইছে। মোৰ
চিকি্তসাৰ নামত দেউতা সৰ্বশ্ৰান্ত। তুমি জীৱনটো আৰম্ভ কৰিছাহে। নালাগে দিয়া...।
বুকুত সাঁচি ৰখা সপোনৰ আধা মেলা কলিটো অকালতে মৰহাই নেপেলাবা। তোমাৰ কৰিবলগা বহু
কাম বাকী। তোমাৰ মুখলৈ চাই থকা মা আছে...। প্লিজ মোক পাহৰি পেলাবা। ৫ বছৰে বুকুত
এইখিনি কথাই গুজৰি আছিল। আজি মই তৃপ্ত। মোক ভুল নুবুজিবা। মিছা নকওঁ তেতিয়াও তোমাক
গোপনে ভালপাইছিলো আৰু আজিও তোমাক বহুত ভালপাওঁ।
মই আলফুলে আঙুলিটো তাইৰ
ওঁঠত লগালো। তাই মনে মনে থাকক।
উপহংসাৰঃ- কস্তুৰীৰ
চকুপানীখিনি মছি দি ক’লো, “যিকেইটা দিন তুমি জীয়াই থাকা, কেৱল মোৰ হৈয়ে থাকিবা”।