কাৰাকৈ দুইপেগ মাৰি অন্ধকাৰ কোঠালীটোৰ
আহল- বহল বিচনাখনত এনেই বোন্দাপৰ দি আছো। দেহটো ভাগৰুৱা যদিও দুচকু জাপ খাব
নুখুজে। পুৰণি অভ্যাস। স্পন্দিতালৈকে ফোন এটা কৰো ৰহ....।
- ওঁ, কওক। কি খবৰ?
স্পন্দিতাৰ
চিৰপৰিচিত কণ্ঠ।
- ভাল। ভাত?
- খালো। দেউতাই চিকেন আনিছিল। ময়ে
ৰান্ধিলো। আপুনি?
- বাহিৰতে খালো। আগেই জনাহেঁতেন তোমালোকৰ
ঘৰতে......?
- হ’ব আৰু দিয়ক।
খবৰ দিলে কব, আজি ব্যস্ত। নাযাওঁ। আৰু খবৰ নিদিলে অভিমান কৰি সুধিব, খবৰ নিদিলা কিয়?
আপুনি
মানুহটো বৰ দন্দুৰা দেই।
- হেঃ হেঃ। ধেমালী কৰিলো। ব্যস্ত আছিলো।
- ওঁ। জানো। আপুনিটো সদায় ব্যস্ত। বাকী
আৰু? সকলো
ঠিকে আছেতো?
- আছে।
- বৰ দীঘলকৈ হুমুনিয়াহ কাঢ়িলে যে?
কিবা
অসুবিধা? মন
ভাল নহয় নেকি?
- নাই..। এনেই আৰু। মনটো কিবা ভাল লাগি
থকা নাই।
- আপুনি ফোন কৰোতে অনুমান কৰিছিলোৱেই।
এনেইতো ফোন নকৰেই। পিচে, কি হ’লনো? মইনাটোৰ গা
বেয়া নেকি? নে বৌলৈ.....!
- তাৰ ভালেই। আৰু বৌৰ বাবে মন বেয়া
নহয়।
- তেন্তে কিনো?
- আজি চেম্বাৰলৈ কম বয়সীয়া বোৱাৰী এজনী
আহিছিল। অকলে। লিংগ পৰীক্ষা কৰিব বিচাৰে। শিক্ষিত বোৱাৰী। তেখেতেও জানে, লিংগ পৰীক্ষা
আইন বিৰোধী বুলি। অথচ...
- তাতে কি হ’ল?
- ছোৱালীজনীৰ অসন্মতি সত্তেও মাক-
দেউতাকে ১৮ বছৰ নহওঁতেই বিয়া দি দিছে। প্ৰথমটো সন্তান জন্ম হোৱাৰ আগলৈকে সকলো
ঠিকেই আছিল। তাৰ পাচতে ছোৱালীজনীৰ জীৱনলৈ অন্ধকাৰ নামি আহিল। এজনী ছোৱালী সন্তান
জন্ম দিয়াৰ বাবেই স্বামীগৃহৰ নানা শাৰীৰিক- মানসিক নিৰ্যাতনৰ বলি হবলগা হ’ল নিৰপৰাধী ছোৱালীজনী।
যিকোনো উপায়েৰে তেওঁলোকক এটি ল’ৰা সন্তান লাগে। কম দিনৰ ভিতৰতে তাই আকৌ মাক
হবলৈ ওলাল। পুনৰবাৰ কন্যা সন্তান এটি জন্ম হ’ল। নিষ্ঠুৰ
স্বামী পৰিয়ালে সদ্যজাত কন্যা সন্তানটি হাস্পটালতে এৰি থৈ গুছি গ’ল। বোৱাৰীজনীৰ
ওপৰত পুনৰ অকথ্য নিৰ্যাতন চলিল। তেওঁ আকৌ মাক হ’বলৈ ওলাল। এইবাৰ
স্বামীয়ে সতৰ্ক কৰি দিলে, যদিহে ল’ৰা সন্তান জন্ম
নহয় তেন্তে বোৱাৰীজনীৰ লগতে সন্তানটিকো মাৰি পেলোৱা হ’ব।
- ইচ্ ৰাম, এইবোৰ মানুহ নে
পশু? কি
অসভ্যালী এয়া? ছোৱালী সন্তান জন্ম দিয়াৰ বাবে মাকৰ গাত দোষ জাপিছে কিয়! ফাল্টু
মানুহ। পুলিচত কেচ কৰিব লাগে। আচৰিত দেই। আপুনি লিংগ পৰীক্ষা কৰি দিলেনে নাই।
- দিলো। আইনৰ বিৰুদ্ধে গৈ হ’লেও লিংগ
পৰীক্ষা কৰিবলৈ বাধ্য হ’লো। কিন্তু, ভ্ৰূণটো ছোৱালীৰ।
- অ মাই গড। কি হ’ব এতিয়া?
- এবৰচন কৰাৰ সময় পাৰ হৈ গৈছে। সন্তানটো
জন্ম দিয়াৰ বাদে অন্য উপায় নাই।
- তেন্তে কি কৰিব বোৱাৰীজনীয়ে?
- চেম্বাৰৰপৰা বোৱাৰীজনী আৰু ঘৰলৈ উভতি
নগ’ল।
আধা ৰাষ্টাতে চলন্ত ট্ৰেইনৰ আগত জপিয়াই আত্মহত্যা কৰিলে।
- ইয়ে ৰাম। মৰ্মান্তিক। কণমানি
ছোৱালীজনীৰ বাৰু কি হ’ব? মাকৰ অনুপস্থিতিত দেউতাক, ককাক আইতাকৰ ওচৰত তাই সুৰক্ষিত হৈ
থাকিবনে? হে
প্ৰভূ, ছোৱালীজনীক
ৰক্ষা কৰা।
- তাকে ভাবি আছোঁ। হিউমেন ৰাইটছ
ডিপাৰ্টমেন্টৰ বন্ধু এজনক কথাখিনি জনাইছো। সি যিমান পাৰে সহায় কৰিব।
- ওঁ। একদম পাৰফেক্ট। প্ৰাউড অৱ ইউ মাই
ডিয়েৰ ব্ৰাদাৰ। আপোনাৰ দৰে দহজন মানুহ সমাজখনত থাকিলে সমাজখনেই সলনি হৈ যাব।
ৰিয়েলী ইউ আৰ গ্ৰেট।
- মই ভুক্তভোগী। সেয়ে মই সহজ হব পৰা
নাই।
- ইয়াতকৈ আৰু আপুনি একো কৰিবও নোৱাৰে।
ইয়ে যথেষ্ট। বেচি চিন্তা কৰি নাথাকিব। নেদেখাজনৰ ওচৰত বাকীখিনি এৰি দিয়ক। তেওঁ
চম্ভালিব।
- ওঁ। হব দিয়া। এতিয়া শুৱা। গুড নাইট।
অপ্ৰকাশিত মনৰ কথাবোৰে ভিতৰি মানুহটোক
জুৰুলা কৰে। সেইবুলি সকলো কথা সকলো সময়তে যিকোনো মানুহৰ আগতে কৈ দিব নোৱাৰি।
স্পন্দিতা মোৰ ভন্টীৰ দৰে। বয়সত সৰু। জীৱনে কম বয়সতে তাইক বহু কথা শিকাইছে। তাই শিকিছে। কলেজত পঢ়ি
থকা দিনতে ভণ্ড প্ৰেমিকৰ দাৰা চুড়ান্তভাৱে প্ৰতাৰিত হৈছে। অন্ধ প্ৰেমৰ বশৱৰ্তী হৈ
প্ৰেমিকৰ হাতত নিজক এৰি দি স্পন্দিতায়ো এদিন মা হবলৈ ওলাইছিল। এই কথা মাক দেউতাকৰ
জ্ঞাত নাছিল। প্ৰেমিকক জনোৱাত, সন্তানটোৰ পিতৃ পৰিচয় দিবলৈ তেওঁ মান্তি নহ’ল। স্পন্দিতাক
দু-ব্যৱহাৰ কৰিলে। আনকি তাইৰ চৰিত্ৰক লৈও কটু কথা শুনালে- “গৰ্ভত থকা
সন্তানটি মোৰেই বুলি কি প্ৰমাণ আছে? কি ঠিক, মোৰ বাদে তুমি
আৰু কাৰ লগত বা কি সম্বন্ধ ৰাখিছিলা মই কেনেকৈ জানিম? ছোৱালীবোৰক
বিশ্বাস কৰিব নোৱাৰি নহয়। যোৱা এবৰচন কৰা। কিমান টকা লাগে লৈ যাবা। আৰু মোক
দিষ্টাৰ্ব নকৰিবা।“ প্ৰেমিকৰ প্ৰকৃত স্বৰূপটো জনাৰ পাচত স্পন্দিতাই নিজৰ ভুল উপলব্ধি
কৰিলে। ইতিমধ্যে তাইৰ বহু পলম হৈ গৈছিল। অসহায় অৱস্থাৰে সেইদিনা ৰাতিলৈ
স্পন্দিতাই হোষ্টেলৰ কোঠাতে আত্মহত্যাৰ অপচেষ্টা চলালে। হাতৰপৰা প্ৰচুৰ ৰক্তক্ষৰণ
হৈ অচেতন অৱস্থাত পৰি থকাৰপৰা লগৰবোৰে উদ্ধাৰ কৰি শেহৰাতি তাইক হাস্পতালত ভৰ্তি
কৰাইছিল। মুহৰ্ত্তৰ ভিতৰতে তাইক তেজৰ প্ৰয়োজন হ’ল। হাতত সময়ৰ
নাটনী। উপায়ন্তৰ হৈ মই নিজে ৰক্তদান কৰিলো। বাচিব বুলি আশা কৰা নাছিলো। ভাগ্য ভাল
আছিল বাবেই হয়তো তাই বাচি গৈছিল। সম্পূৰ্ণ ২৪ ঘন্টাৰ মুৰত চকু মেলি স্পন্দিতাই
মোক প্ৰথমটো প্ৰশ্ন কৰিছিল- “আপুনি মোক কিয় বচালে? মই জীয়াই থাকি
কি কৰিম? মোৰ
ভৱিষ্যত কি?” মই মাথো মৌনতাৰে কেবিনটোৰপৰা ওলাই গুছি আহিছিলো। কি উত্তৰ দিম?
চিকিত্সক
হিচাপে মই মোৰ দায়িত্ব পালন কৰিছো। বচ, কথা সিমানেই।
কেতবোৰ প্ৰশ্নৰ উত্তৰ নাথাকে। মোৰ ৫
বছৰীয়া ল’ৰাটোৱে
মোক কেতিয়াবা সুধে- দেউতা, মোৰ মা কিয় নাই? মোৰ মা ক’ত? উত্তৰ দিব নোৱাৰি মই অসহায় হৈ পৰো। কাতৰেৰে
মাৰ মুখলৈ চাওঁ। মায়ে কয়, ল’ৰাটোৰ খাটিৰতে তই আকৌ বিয়াখন পাতি পেলা।
অন্ততঃ মাতৃহীনতাৰপৰা ল’ৰাটো ৰক্ষা পৰিব। আমিও বুঢ়া হৈ আহিছো। এনেকৈ আৰু কিমানদিনলৈ?
তয়ে
কচোন বাবা?"
পাৰো, বিয়াখন পাতি
পেলোৱাটো দাঙৰ কথা নহয়। কিন্তু প্ৰশ্ন হয়, পাৰিমনে তেওঁক
সুখী কৰিব! কেৱল মাতৃত্বৰ বেষ্টনী পুৰাবলৈকে মই দ্বিতীয় বিবাহ কেনেকৈ কৰো!
স্পন্দিতায়ো মোক কৈছিল- আপুনি দ্বিতীয় বিবাহ কৰাওক। পাচত অনুশোচনা হোৱাতকৈ
সময়মতে সঠিক সিদ্ধান্ত এটা গ্ৰহণ কৰক। ল’ৰাটোৰ স্বাৰ্থতে...। কম- বেচি পৰিমাণে
সকলো মানুহেই স্বাৰ্থপৰ। কেৱল মনত ৰাখিব, আপোনাৰ স্বাৰ্থ পুৰণ কৰিবলৈ গৈ আন
কোনেও যাতে কষ্ট ভোগ কৰিবলগা নহয়। এতিয়া মই কাৰ স্বাৰ্থৰ কথা চিন্তা কৰো?
এগৰাকী
অচিনাকী ছোৱালীৰ হাবিয়াস সম্পৰ্কে নে মোৰ ল’ৰাটোৰ মাতৃহীনতা?
নে
মোৰ নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰো? মোৰ মৃত প্ৰেয়সীৰ প্ৰতি থকা অনুৰাগ অক্ষুণ্ণ
ৰক্ষাৰ স্বাৰ্থতে ল’ৰাটোক কষ্ট দিয়াটো উচিত হৈছে জানো?
ঋষভৰ জন্মৰ কেইঘন্টামান পাচতে মোৰ
পত্নীৰ অকাল বিয়োগ। জীৱনৰ প্ৰতি মায়া- মোহ নোহোৱা হৈ গৈছিল। সকলো এৰি অন্য এখন
জগতলৈ গুছি যাব পৰাহেঁতেন...। যোৱা নহ’ল। ল’ৰাটোৰ স্বাৰ্থত
মই জীয়াই থাকিবলৈ বাধ্য হলো। জীয়াইতো আছো। অথচ মই একেবাৰে অসুখী। টকাই সৰ্বস্ব
হোৱাহেঁতেন সমস্যাই নাছিল। এজনী স্পন্দিতা, সকলো হেৰুৱায়ো
জীয়াই আছে, বাহ্যিকতাত তাই হাঁহিছে। কিন্তু মৰি মৰি জি আছে। একেবাৰে মোৰ দৰে.....। এতিয়া তাইক যদি বিয়াৰ
প্ৰস্তাৱটো দি দিয়ো?
মোৰ ল’ৰা ঋষভে তাইক
খুউব ভালপায়। মাজতে স্পন্দিতাৰ সৈতে সি প্ৰায় বিশদিনমান সময় অতিবাহিত কৰিছিল।
তাইৰ সান্নিধ্যত সি সুখী আছিল। সেইকিটা দিনত সি মাকক বিচাৰি এবাৰলৈও আমনি কৰা
নাছিল, দিনে
এটাকৈ চকলেট নহলে টোপনি নোযোৱা ল’ৰাটোৱে বহুদিনলৈ চকলেটৰ কথা পাহৰি পেলাইছিল। সি
বহুত সুখী আছিল। ঋষভৰ সুখত মই সুখী আছিলো, মোৰ মা- দেউতা সকলো সুখী হৈছিল। অথচ মই
স্বাৰ্থপৰ হব পৰা নাছিলো।
ঋষভৰ স্কুলত আজি মাতৃদিৱস উদযাপন কৰা
হৈছিল। তাক সংগ দিবলৈকে আইতাক গৈ তাৰ স্কুল ওলাইছিলগৈ। কিন্তু সি এতিয়া সৰু ল’ৰা হৈ থকা নাই।
আইতাক আৰু মাকৰ পাৰ্থক্য সি বুজে। মায়ে ফোন কৰিছিল। ঋষভে মাকক বিচাৰি গোটেই
সন্ধিয়াটো কান্দিছে। কান্দি কান্দি একো নুখোৱাকৈ তেনেকৈয়ে টোপনী গলগৈ। চকলেট,
ভি
ডি অ গেম, আইতাকৰ
উমাল বুকুৰ সান্নিধ্য, ককাকৰ বোকোচা একোৱেই তাক শান্ত কৰিব পৰা নগ’ল। তাক মা এজনীৰ
বৰ প্ৰয়োজন।
কথাবোৰ ভাবি গুণি থাকোতেই ৰাতি পুৱাল।
শুৱা নহ’ল।
স্পন্দিতা শুই নোথোতেই মই গৈ তাইৰ ৰুম পালোগৈ।
- ঋষভৰ ভৱিষ্যতটো তোমাৰ হাতত অৰ্পণ কৰিব
বিছাৰো। তোমাৰ কিবা আপত্তি আছে? বিশেষ একো নভবাকৈয়ে স্পন্দিতাই মোৰ পোনপটীয়া
প্ৰস্তাৱটো মানি ল’লে। প্ৰত্যুত্তৰত তাই মাথো ক’লে – “ওঁ। ঋষভৰ
সান্নিধ্যত মই বহুত সুখী। কিয় জীয়াই আছো, কাৰ বাবে জীয়াই
আছো এই প্ৰশ্নবোৰে মোক প্ৰতি পল- অনুপলত জ্বলাই মাৰিছিল। উত্তৰ নাছিল। ঋষভৰ সৈতে
কটোৱা দিনকেইটাত অনুভৱ কৰিছিলো, মই জীয়াই থকাতো বৰ জৰুৰী। এটা সময়ত সি গুছি
গৈছিল, বুকুখনে
হাহাকাৰ কৰি উঠিছিল। জী উঠা মানুহজনী আকৌ মৰি গৈছিলো। মই ঋষভৰ সৈতে ঋষভৰ বাবে
জীৱনৰ বাকী কালচোৱা উত্সৰ্গা কৰিব বিচাৰো। তেতিয়াও বিচাৰিছিলো, প্ৰকাশ কৰিব পৰা
নাছিলো...।“
স্পন্দিতাৰ কথা শুনি মই স্বস্তিৰ
নিশ্বাস এৰিলো। হাস্পটালত তাইৰ এটি প্ৰশ্নৰ উত্তৰ দিব পৰা নাছিলো যাৰ বাবে মই
মানসিক হীনমান্যতাত ভুগিছিলো। আজি স্পন্দিতাৰপৰাই যেন মই বহু প্ৰশ্নৰ উত্তৰ পাই
গলো।