দেউতা আহিছিল। ডাঙৰজনী ছোৱালীৰ বিয়া। পেণ্ডেলটোৰ
বন্দৱস্ত কৰি থৈ গ’ল। মোক নিমন্ত্ৰণ নিদিলে। মই বেয়া পাইছো। দুখ লাগিবই। কিবা এটা আক্ষেপ, কিবা
এটা অভিমান। একো কৰিবতো নোৱাৰো মই। অৱশ্যে গিৰীয়েক হোৱাৰ সামৰ্থ নথকা নহয়,
জোঁৱাইহে হব নোৱাৰে। সমস্যাটো মই চৰকাৰী চাকৰিয়াল নহয়। সন্মান কৰো তোমাৰ দেউতাক,
বুজো মাৰ আবেগক। আঁকোৰগোজ কৰাৰ মোৰ কোনো নৈতিক অধিকাৰ নহয়। আপচোচ থাকি যাব, তুমি
জানো সুখী হব পাৰিবা?
আজি তোমাৰ জুৰোণ। আজি আকৌ এবাৰ সুধিছো- তুমি
জানো সঁচাকৈয়ে সুখী হব পাৰিবা? আৰু ভন্টীজনী? তুমি বিহীনতাত কাৰ বুকুত মুৰ গুজি তাই কান্দিব? কোনে তাইক বুজনি দিব- দুখ সকলোৰে আছে, তই
নাকান্দিবচোন। এৰা, তাই আঁকৰী। তাই মোৰ দৰেই
অবুজ। ভালপোৱাই সকলো বুলি ভাবে তাই। তাই কান্দিব। নিৰবে উচুপিব, পুৱালৈকে শিতানৰ
গাৰু তিতি ৰ’ব। কোনেও নেদেখিব। তুমিও.....
তুমি সুখী হোৱা। এয়ে মা- দেউতাৰ একান্ত ইচ্ছা।
একেখিনিয়ে মোৰো কামনা। প্ৰশ্ন হয়, তুমি বিহীন উজাগৰী নিশাবোৰ মই কিদৰে পাৰ কৰিম? তুমিতো জানা, তোমাৰ বাবে মই
পৃথিৱীৰ আটাইতকৈ দূৰ্বল মানুহজন। পাৰিমনে নিজক বুজনি দিবলৈ? জীৱনেতো একো নিদিয়ে, কাঢ়ি
ল’ব লাগে। কিন্তু তোমাক কাঢ়ি আনো কেনেকৈ? মা- দেউতাৰ ইচ্ছাৰ বিৰুদ্ধে মই কি কৰিব পাৰো? সহি ল’ম মই। চিগাৰেটৰ ধোঁৱাত উৰি
যাব সময়বোৰ, সুৰাৰ ৰাগীত মাতাল হ’ব ৰাতিবোৰ, বুকুখন জ্বলিব, চকুপানীবোৰ গলিব..... সেইসময়তে আহিবনে এজাক বৰষুণ,
মোৰ প্ৰিয় বৰষুণ। মোক ধুই নিব, বুকুৰ বিষটো কমিব, এটা অপচেষ্টা চলাম... মিছাকৈ হ’লেও এবাৰ হাঁহিম।
কালিলৈ তুমি ব্যস্ত থাকিবা। জীৱনতো নতুনকৈ আৰম্ভ
হব। তোমাৰ দেখোন আহৰি নাথাকিব, জীৱনটো তোমাৰ হৈ নাথাকিব। পুৱাতে মোলৈ তোমাৰ এটা
ফোনকল নাহিব। আনদিনাৰ দৰে সময়মতে মই সাৰ নাপাম। অস্থিৰতাত উশাহবোৰ ঘন হব। তথাপিও
তোমাৰ এটা ফোনকল নাহিব। এটাসময়ত হুমুনিয়াহবোৰে কোঠাতো ভৰি পৰিব। উপায়হীন হৈ চন্দনক
এটা মিচকল দিম, সিতো কলবেক কৰিবই। মই বলীয়াৰ দৰে কান্দিম। বুজনি দিবলৈ তাৰ একো
নাথাকিব। মই আকৌ কান্দিম।
সময়বোৰ বাগৰিব। আয়ৌতীৰ উৰুলীৰে বিয়াৰ ৰভাতলী
ৰজনজনাব। মাহ- হালধী অথবা ফুলা লুচীৰ গোন্ধই আহি মোক চুই যাব। বেণ্ডপাৰ্টীৰ শব্দৰ
তালে তালে মোৰ বুকুখন সমানে কঁপনি। পাক এটা মাৰিম নেকি বিয়ালৈ? ওহো, সিমানখিনি দুঃসাহস মোৰ
নাই। দাদাৰ বাইকখনকে লৈ তোমাৰ পদুলি পাৰ হৈ চাৰিআলীৰ ফালে উলাই যাম। ৰাতিলৈ মাতাল
হ’ম। তোমাক সুঁৱৰী বিশাদৰ গান গাম। ফেচবুকত চেন্টি ফালি আপডেট মাৰিম “নাৰী চলনাময়ী”। “আজি মোৰ প্ৰেয়সীৰ বিয়া”।
ভাবিছিলো এই জনমত তুমি মোৰ হব নোৱাৰিলা নাই, অহা
জনমত তোমাক মোৰ কৰি ল’ম....। কিন্তু গোটেই প্লেনিংটো খেলিমেলি হৈ গ’ল। মানুহে কয়- বিয়া হোৱা সংগীজনৰ সৈতে সাতটা জনম অতিবাহিত
কৰিবলৈ পায়। তেন্তে মই কি সাতটা জনমৰ পাচতহে তোমাক কাষত পোৱাৰ পচিবিলীটি আছে নেকি? এহ, হব দিয়া, মৰমৰ মানুহজনৰ
যত্ন ল’বা। হোমৰ জুইক সাক্ষী কৰি দেউতাই কোৱা কথাষাৰ মনত ৰাখিবা- ‘যমলৈ দিলেও দিয়া, জোঁৱালৈ
দিলেও দিয়া...”। তুমি আৰু কেতিয়াও
দুখ নকৰিবা। মোৰ কথা চিন্তা কৰিব নালাগে। জী ল’ম মই। অকলেই আহিছো পৃথিৱীলৈ, অকলেই যামগৈ... অকলেহে জীয়াই
থাকিব নোৱাৰো। অ’ কালিলৈৰ পাচত জী ল’ম। তুমি মাথো দুখ নকৰিবা। তোমাৰ দৰেই তুমি সুখী হোৱা। এয়ে মোৰ শুভকামনা।