বেইমান সমাজ। সকলোকে সুবিধা লাগে। সব একো একোজন অঙ্ক মাষ্টৰ। সেয়ে সামাজিক প্ৰক্ৰিয়াটোত প্ৰায়ে আউল লাগে...। এই দুনীয়াত বিনা স্বাৰ্থত কোনে কাৰ কথা ভাবে? আবেগ অনুভূতিবোৰ খূছুৰা পইছাৰ দৰে। থাকিলে ভাল, নাথাকিলেও কথা নাই। মাক- দেউতাকৰ কিবা এটা নহয় কিবা এটা স্বাৰ্থৰ বলি হৈহে এটা শিশুৰ জন্ম। ল’ৰাটো বা ছোৱালীজনী দাঙৰ হৈ মাক- দেউকাকক চকু দিব, পৰীক্ষাত ভাল ৰিজাল্ট কৰি মাক দেউতাকলৈ গৌৰৱ কঢ়িয়াই আনিব, সমাজে বাঃ বাঃ দিব। ইফালে ল’ৰা ছোৱালী জন্ম নহলেও বিপদ, দহজনে ইতিংকি কৰিব, নিঃসন্তান বুলি হাঁহিব। বাঃ মানুহৰ কি অঙ্ক.... !! মাক- বাপেকই একো একোজন পাকৈত অঙ্ক মাষ্টৰ গতিকে ভৱিষ্যতে ল’ৰাটো বা ছোৱালীজনী কিয় স্বাৰ্থপৰ নহব। মাঠা মাৰি লাভ নাই। বিনা স্বাৰ্থত সমাজৰ উন্নতিৰ হকে কাম কৰি বিমানে দেখোন একো নাপালে? বদলিৰ ওপৰত বদলিৰ নিৰ্দেশ। কাকো একো কবই নোৱাৰি। চিধাই মিনিষ্টাৰ এম এল এৰ ফোন, দাবী- ঢমকি। এনেকে সমাজ সেৱা কৰাৰ সুবিধা ক’ত? সেয়ে সমাজখনলৈ তাৰ ক্ষোভ জাগে। অথচ একো কৰিব নোৱাৰে। টকাই সৰ্বস্ব। সকলো পাব পাৰি টকাৰ বিনিময়ত। বেইমান সমাজৰ বেইমান মানুহ। মুম্বাই, মহাৰাষ্ট্ৰ, বিহাৰ, উৰিষ্যা, দিল্লী, কৰ্ণাটক আদি ৰাজ্যবোৰৰ সূত্ৰ অসমত খটাই লাভ নাই। অসমৰ সূত্ৰ সুকীয়া। খাৰখোৱা অসমীয়া জাতিটো প্ৰয়োজনাধীক আবেগিক। নিজৰ কাণখনতকৈ উৰা বাতৰিৰ গুৰুত্ব বেচি। হোজা গাঁৱলীয়া মানুহবোৰক লৈ এচাম সুবিধাবাদী নিকৃষ্ট ৰাজনীতিত ব্যস্ত। ইহঁতক চিজিল কৰিব পাৰিলেই গোটেই চিষ্টেমটো সুস্থিৰ অৱস্থালৈ উভটি আহিব। অন্যথা সি একো কৰিব নোৱাৰে। পুনৰ বদলিৰ কাগজখন লৈ ইখনৰ পাচত সিখন জিলা অথবা ৰাজ্যত অঘৰীৰ দৰে ঘূৰি ফুৰিব লাগিব। পাৰি, চাকৰিটো বচোৱাৰ নামত অথবা বদলিৰ নিৰ্দেশৰপৰা হাত সাৰি থাকিবলৈ চকুমুদি অন্ধ হৈ বহি থাকিব পাৰি। উত্কোচৰ নামত বহু টকাও পোৱা যাব। কিন্তু সেই টকাৰে সি কৰিবনো কি? টকাবোৰ উপভোগ কৰিবলৈ তাৰ আছে কোন? বিমানে নোৱাৰে, কাৰোবাৰ অনুগ্ৰহত সি জীয়াই থাকিব নোৱাৰে। চকুমুদি অন্ধ হৈ বহি থাকিবও নোৱাৰে। বিশেষতকৈ অসমত...। অসম তাৰ মাতৃভূমি। সি অসমীয়া। অসমৰ বাবে, অসমীয়া জাতিটোৰ বাবে তাৰ দায়িত্ব আছে। তাৰ দায়িত্ব সি পালন কৰিবই।
নেহাই ফোন নম্বৰ সলনি কৰিলে। মায়ানগৰীত তাৰ প্ৰয়োজন ক’ত। সিটো এতিয়া অসমত! ঠিকেই, নাৰী চলনাময়ী। চলনা কৰি গুচি গ’ল। বদলি হৈ অহা দিন ধৰি এটা খবৰ নল’লে। নালাগে ল’ব। সি অকলে জীয়াব জানে। বিমানে দুখ নকৰে। তাই তাইৰ মতে থাকক। সি তাৰ মতে থাকিব। আবেগ, অনুভূতিক গুৰুত্ব দিলেহে কষ্ট। যন্ত্ৰণা। নিদিলে?
- “তই মানুহ জাক্কাছ আছ’ বে মিষ্টাৰ বিমানজ্যোতি বৰুৱা। আই ৰিয়েলী ফিল প্ৰাউড অৱ উই।“
বোধহয় পলাশৰ নিচা হৈছিল। শব্দবোৰ বাৰে বাৰে তাৰ জিভাখনত আঠা লাগি ধৰিছে...। এটা বাক্য কবলৈকে তাৰ প্ৰয়োজনাধীক সময় লাগিছে। বিমানে জলন্ত চিগাৰেটতো তাৰ ফালে আগুৱাই দিলে। ইচ্ছা থকা সত্ত্বেও পলাশে চকুদুটা ভালকৈ মেলিব পৰা নাই। পলাশ, বিমানৰ বাল্য বন্ধু। সুদীৰ্ঘ ৮ বছৰৰ পাচত তাক আজি নাটকীয়ভাৱে লগ পালে। ৰাজ্যখন, জিলাখন, মানুহবোৰ.... সময়ে সকলো সলনি কৰিলে। কিন্তু তাহাতৰ বন্ধুত্বৰ এনাজৰীদাল একেই আছে।
- ঐ.. বিমান... এটা কথা কচোন... পলাশে চিগাৰেটতো হাত পাতি ল’লে।
- হু... ক..
- মানুহে মদ কিয় খাই বে? পলাশৰ অদ্ভুত চাৱনি। ১৪ ৱাটৰ চি এফ এল বাল্বটোৰ পোহৰত তাৰ চকুদুটা তিৰবিৰাই আছে। বিমানে কি উত্তৰ দিব। সি এক্ষন্তেক কিবা এটা ভাবিলে।
- কেতিয়াবা দুখত, কেতিয়াবা সুখত। কেতিয়াবা কোনো কাৰণ নাথাকে। ঠিক ধুনীয়া নাৰীবোৰৰ দৰে মায়াবী এই এলকহল। কৈ দিব পাৰ- সুৰা আৰু তিৰোতা... এক নিচা..। আৰু আমিবোৰ এই নিচাৰ মাতাল উন্মাদ প্ৰেমিক।
পলাশে মন দি তাৰ কথা শুনিলে। এটা কুটিল হাঁহি তাৰ উঠেৰে বিয়পি পৰিল...।
- আৰু টকা?
- হেঃ হেঃ হেঃ.... সুৰা আৰু তিৰোতা নহলেও জীৱনটোৰ কথা ভাবিব পাৰি। টকা নহ’লে নোৱাৰি। তিনিওটাৰে জাত একেটাই, কেৱল টকাৰ প্ৰয়োজনীয়তা অধিক।
খুউব সম্ভৱ পলাশে এইটো উত্তৰকে বিচাৰিছিল। সি উল্লাসত ফাটি পৰিল। লেহেমীয়া গতিত নিচাসক্ত নিশকতীয়া হাত দুখনেৰে সি কেইবাবাৰো হাত চাপৰি মাৰিলে।
- চাব্বাচ... ইউ আৰ জিনিয়াছ মেন। আই লাভ ইউ। উউউউউমমমমমমমমআআআআআআহহহহহহহ ।
- তই কেতিয়াৰপৰা গে হ’লি? পলাশৰ কৃত্ৰিম খংটো উপভোগ কৰিবলৈ বিমানে সুধিলে।
- তই সলনি নহলি বে। তই হব নোৱাৰ। তই একে আছ বন্ধু। আজি মোৰ দিল খূছ। তোৰ এই বিশেষ প্ৰশ্নটোৰ সন্মূখীন নোহোৱা কিমান বছৰ হ’ল হিচাপ ৰাখিছ’? বুকুখনলৈ চা মোৰ... ফুলি আছে। বুকুখনৰ বেমাৰ। বৰ কষ্ট পালে অ আজি দহ বছৰে। তই যে গুছি গৈছিলি মোক এৰি.... তেতিয়াৰপৰাই বেমাৰ। আজিও শিতানৰ গাৰুটোত চকুপানীৰ দাগ পাবি। বহুত কান্দিছিলো বে তোক হেৰোৱাই। দহ বছৰো বুকুতেই গুণগুণাই থাকে এটা শব্দই- তই গে নেকি?.... ঐ বিমান... বিমান... মেৰা দ’ষ্ট। তোক বহুত ভালপাওঁ। বিশ্বাস কৰ শৈশৱৰেপৰা মই গে’ নহয়। তোক ভালপাওঁ। এই ভালপোৱাৰ স্বাৰ্থ নাই। কাৰণ নাই। বিনিময় নাই। মোক সুধ কিয় আজিও মই বিয়া কৰোৱা নাই। আব্বে মোৰ বিয়া হব আৰু ছাতি আন কোনোবাই ধৰিব... না নহ’ব। যাঃ বিয়াই পাতা নাই। ভগৱান আছে বে। মা কচম.... প্ৰভূ তুমি মহান। তুমিও জিনিয়াছ। আজি মোৰ বন্ধুক উভতাই পাই গ’লো। ভাৰ মে যা দুখ দৰিদ্ৰতা। মই সুখী। মই এই মুহূৰ্ত্তত এই পৃথিৱীৰ আটাইতকৈ সুখী মানুহজন। এই... কমিনা বিমানজ্যোতি বৰুৱা... মোৰ ফালে চা। আকাশলৈ চা...। সৌজনী তোৰ বৰমা। মোৰ মা। তোলৈ চাই আছে কেনেকে চা.... হস্পিটেলত এসপ্তাহ পৰি থাকিল। টাইফয়েড হৈছিল। মোৰ অউকাড নাছিল আইৰ সু- চিকি্তসাৰ ব্যৱস্থা কৰাৰ জোখাৰে। শেষ ক্ষণকেইটাত আয়ে সেহাই সেহাই তোৰ কথা কৈছিল... এই বিমান পোৱালীটোক এবাৰ চাবলৈ বৰ মন গৈছিল অ বাবা। সি ক’ত বা আছেগৈ অ...। কিমানদিন যে হ’ল “বৰমাই গাখীৰৰ চাহ একাপ দে” বুলি হুলস্থুল নকৰা ……………….।
পলাশে হুকহুকাই কান্দিছিল। বিমানৰ চকুপানী নিগৰিছিল ইটোপালৰ পাছত আন এটোপাল...। তাৰ চকুৰ সন্মূখত বিৰিঙি উঠিল কেতবোৰ অস্পষ্ট প্ৰতিচ্ছবি। তাক ককায়েকে মাৰিবলৈ খেদি লৈ ফুৰিছে..... দৌৰি গৈ সি বৰমাকৰ কাষ পাইছে... বৰমাকে কাঠৰ খৰিদাল লৈ ককায়েকক উভটি ধৰিছে... পিঠি ফালি দিম।
মানুহজনী হেৰাই গ’ল। শেষবাৰৰ বাবে চাবলৈ পোৱাহেঁতেন! খবৰ এটাও নাপালে বিমানে। ইয়াতকৈ আৰু দুখৰ কথা কি হব পাৰে? তাৰ নিজকে বৰ দূৰ্ভগীয়া যেন অনুভৱ হ’ল।
- মৌচুমীৰ খবৰ গম পাৱনে? পলাশৰ মাতত গম্ভীৰতা...। সি মাকৰ বিষয়টোৰপৰা হঠাতে ফালৰি কটাৰ কাৰণটো বিমানে নুবুজিলে।
- নাপাওঁ। বিমানৰ বুকুৰে ৪৪০ কাৰেন্ট এছাটি বৈ গ’ল। ক্ষন্তেকতে তাৰ কপালত বিন্দু বিন্দু ঘাম।
- ল’ৰা এটা, ছোৱালী এজনী। ল’ৰাটো ইয়াৰে চেন্ট জান্টিনচ্ নামৰ মিশ্যনেৰী স্কুলখনতে পঢ়ে। কেতিয়াবা লগ পাওঁ। ভালকৈ মাতিব নোখোজে। দেখিলেও নেদেখাৰ ভাও জুৰে। অহংকাৰ গিৰীয়েকৰ চাকৰি আৰু সম্পত্তিক লৈ। চাল্লা ঘোচখোৰ আৰক্ষী বিষয়া। তোৰ অধীনত থকা কোনোবা এখন থানাৰে অ. চি। পাই যাবি লগ। আমিনো কোন। সামান্য ব্ৰয়লাৰ বেপাৰী। কোনোমতে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলো। গতিকে পাত্তা পামেই বা ক’ত...। আজি মোৰ আক্ষেপ নাই জান’…. তই আছ নহয়.... মোৰ সকলো আছে। তোৰ সান্নিধ্যৰ বাদে মোক আৰু একো নালাগে। সৰু ব্যৱসায়টো বন্ধ হোৱাৰ উপক্ৰম। ব্যৱসায় বেয়া। ভন্টীৰ বিয়াত ধেৰ টকা খৰছ হ’ল। মূলধন খৰছ হ’ল। তই শুদ্ধ। কেতিয়াবা মানুহে দুখ অথবা সুখ দুয়োটা কাৰণতে মদ খাব পাৰে। মদ এক উপায়.... এই দুখ, সুখবোৰৰ সৈতে সহবাস কৰাৰ। যাওঁ দে এতিয়া। কালিলৈ লগ পাম। চিকেনখিনি ডেলীভাৰ দিব লাগিব পোহৰ হোৱাৰ আগতেই। তই অলপ আৰাম কৰ।
ব্ৰয়লাৰ ভৰ্তি এপি ট্ৰাকখন চলাই পলাশ গ’লগৈ। চিগাৰেটটোত অগ্নি সংযোগ কৰি সি যোৱাৰ ফালে বিমানে একেথৰে চাই ৰ’ল।
কোন সেইজন আৰক্ষী বিষয়া, সেইজনেই নেকি যিজনে তাক থানালৈ নি মৰিয়াই সোঁভৰিখন ঘূণীয়া কৰি দিছিল... যাৰ অত্যাচাৰত সি চিৰদিনৰ বাবে ঘৰ এৰিবলগা হৈছিল...। তাৰ জানিবলৈ মন গ’ল.... তীব্ৰ ইচ্ছা জাগিল তেওক এবাৰ লগ পাবলৈ... কোন তেওঁ?
(আগলৈ)

- চাব্বাচ... ইউ আৰ জিনিয়াছ মেন। আই লাভ ইউ। উউউউউমমমমমমমমআআআআআআহহহহহহহ