- মানে চমুকে মাৰে তোক মোলৈ বিয়া নিদিয়ে?
- অ।
- মোলৈ তোৰ আহিবলৈ মন আছেনে নাই?
- মায়ে দিলে যাম। নহলে নাযাওঁ।
- পলুৱাই নিম?
- নমস্কাৰ। সেইটো কাম মোৰদ্বাৰা নহব।
- তেন্তে কি কৰো?
- মই কি জানো?
তাই নাজানে। মাক দেউতাকৰ একমাত্ৰ জিয়ৰী। অবাধ্য হব নোৱাৰে। ময়ো নিৰূপায়। চৰকাৰী চাকৰি আৰু চিংগল গাভৰু ছোৱালী অসমৰ দুষ্পাপ্য সম্পদ। ধৰি ল’লো এবছৰ সময়ত কিবা কৰি চৰকাৰী চাকৰি এটা যোগাৰ কৰি ল’লো। কিন্তু ৫ বছৰ বয়স বঢ়াও কেনেকৈ? তাই পলাই আহিবলৈ মান্তি নহয়। ইম’চনেল অত্যাচাৰ চলাই তাইৰ মনটো সলনি কৰিব পাৰিম যদিও দেউতাৰ আত্মসন্মানৰ খাতিৰতে সেই তাইক পলুৱাই আনিবলৈ মই অপৰাগ। বহুত ভাবিলো। দুদিন দুৰাতি ভাত পানী নোখোৱা নেমেলাকৈ পৰিকল্পনা কৰিলো। একো উপায় বিচাৰি নাপালো। সিন্ধান্ত ল’লো- তাইৰ জীৱনৰপৰা মই একেবাৰে আতৰি যামগৈ। সুখী হওক। মাক দেউতাকৰ কামনা পূৰ্ণ হওক।
- কেনে আছা?
- আছো জীয়াই। তোমাৰ কি খবৰ?
- বিন্দাছ।
- ওঁ। ভাত খালা?
- খালো। তুমি?
- খালো।
- কি কৰিছা?
- শুই আছিলো। তুমি?
- ময়ো।
(ক্ষন্তেক মৌনতা)
- হেল্ল’
- অ কোৱা।
- কি হ’ল। মাত বোল নোহোৱা হ’ল যে?
- নাই এনেই। কি ক’ম ভাবিছো।
- কোৱা কিবা।
- .......
- কি হ’ল আকৌ। কবলৈ একো নাই যদি ফোনটো ৰাখো। নিশা ২ বাজিবৰ হ’ল। পুৱা সোনকালে শুৱাৰপৰা উঠিব লাগিব।
- টোপনী ধৰিছে?
- অলপমান।
- শুৱা তেন্তে।
- অকে বাই। গুড নাইট।
তাই ফোনটো কাটি দিলে। কবলৈ দেখোন ধেৰ কথাই আছিল। একো কোৱাহে নহ’ল। মই জানো, তাই মিছা মাতিছে। মই বিহীনতাত তাই শুব নোৱাৰে। টোপনী আহিব ক’ৰপৰা? মই জানো শুব পাৰিছো? মোবাইলতো উলিয়াই তাইৰ নম্বৰটো পুনৰ ডায়েল কৰিলো।
- হেল্ল’।
- মোলৈ মনত পৰা নাইনে?
- মই নাজানো।
- কি তুমি নাজানা? কি ফাল্টু উত্তৰ দিছা? তোমাৰ কথা তুমি নাজানিলে আৰু কোনে জানিব হা ? খং উঠাই নল’বা।
- মই সঁচাকৈয়ে নাজানো অ’।
- হব আৰু দিয়া তেন্তে। শুই থাকা এতিয়া।
- খং উঠিছে?
- নাই নাই নাই। স্ফুৰ্তি লাগিছে। প্ৰেমিকাৰ বিয়াৰ যোগাৰ চলিছে, তাৰেই সুখত প্ৰাক্তন প্ৰেমিকৰ বুকুত সুখৰ অধিবেশন চলিছে। মিডিয়াক মাতি ব্ৰেকিং নিউজ এটাকে বনাই দিয়ো বুলি ভাবিছো।
- হেঃ হেঃ হেঃ মোৰ কলিজোৰ খংটো ইমান পতকে উঠে নহয়..... আয়ৌ.....।
- জ্বলা জুইত পেট্ৰ’ল নাঢালিবা আৰু দেই। কোন কলিজা, কিহৰ কলিজা হা?
- মোৰ কলিজা। মোৰ সোণটো। পিচে খং উঠিবলৈ মইনো কি মিছা কথা ক’লো? মই মোৰ নজনা কথাবোৰ জানিবলৈ তুমি দেখোন আছাই? আই ষ্টিল লাভ ইউ।
মই নিজকে চম্ভালি ৰাখিব নোৱাৰিলো। হুকহুকাই কান্দি দিলো। তাই নুশুনিলে। বেটাৰী ল’ হৈ মোৰ মোবাইলটো চুইটচ অফ হৈ গ’ল। অসহায় অৱস্থোটোৰে কোঠাটোৰ খিড়ীকিখন মেলি দিলো। এজাকমান গাভৰু জোনাক মোৰ কোঠাটোত বিয়পি পৰিল। মোবাইলটো ছাৰ্জাৰটোত সংযোগ কৰি পুনৰ চুইটচো অন কৰি দিলো।
স্পন্দিতা কলিং.....
- কোৱা।
- তুমি কান্দিছা?
- নাজানো।
- মই জানো।
- জানা যদি ভাল কথা। মই মোৰ নজনা কথাবোৰ জানিবলৈ তুমি কোন?
- মই তোমাৰ সোণজনী আকৌ।
- হুহ। দুদিন পাচত আনৰ হৈ যাবাগৈ নহয়। তুমি জানিব নালাগে একো।
- ঐ, বেছি কথা নকবা। জানিব লাগেনে নালাগে মোৰহে কথা। দম নিদিবা।
- আৰে, তুমি জানি কি কৰিবা?
- কি কৰিব লাগে কৰিম আৰু। তোমাক কিয় লাগে?
- একো দৰকাৰ নাই।
- হব হব। তুমি মোৰ। মই তোমাৰেই।
- মানে? মুৰৰ তাঁৰ এদাল চিঙা নাইতো? নে নাৰী যে চলনাময়ী তাকে আকৌ এবাৰ প্ৰতিপন্ন কৰিব বিচাৰিছা?
- এহ্ হব আৰু দেই। বেচি লেকচাৰ দিব নালাগে। হোষ্টেল এৰি ঘৰলৈ গৈ খবৰ এটা নোলোৱা কেইদিন হ’ল, হিচাপ ৰাখিছানে? তুমি বিহীন উজাগৰী নিশাবোৰ মই কিদৰে পাৰ কৰিছো গম পোৱানে? এবাৰ ফোন কৰি টোপনী ধৰিছেনে নাই সুধিছিলানে? দিনটোত এক মিনিটৰ বাবে হলেও তোমাৰ মাতষাৰ শুনিব নাপালে মই কেনেকৈ উশাহ লওঁ তুমি জানিলেহে! হুহ। এতিয়া কেনে লাগিছে?
মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ- ছাত্ৰীসকলক চৰকাৰে উপহাৰ দিয়া উইপ্ৰ’ কম্পিউটাৰটোৰ দৰে মই হেং মাৰি ৰ’লো। সেই মুহুৰ্ততে ভীষ্ম প্ৰতিজ্ঞা কৰিলো, জীৱনত আৰু কোনোদিনে প্ৰেমিকাৰ সৈতে ধেমালী নকৰো। হৈ গৈছে। পাই গৈছো ভালকৈয়ে এশিক্ষা।