প্ৰিয়তমলৈ এখন চিঠি

"প্ৰিয়তমা,
বৰকৈ চিন্তাত আছা ন'? মোক ভুল নুবুজিবা প্লিজ। দৰাচলতে অফিচৰ এটা বিশেষ কামত পাহাৰীয়া দূৰ্গম গাওঁ এখনলৈ অহা দুদিন হ'ল। ইয়াত ম'বাইলৰ নেটৱৰ্ক নাপায়। তুমি মিছাতে চিন্তা কৰি থাকিবা বুলি চিঠি খনকে লিখিলো। চিন্তা কৰি নাথাকিবা। কম সময়তে উভতি যামগৈ। এইকিদিন তোমালৈ বৰকৈ মনত পৰিছে জানা, ৰাতি টোপনি নাহে। সদায় শুৱাৰ আগতে ফোনত তোমাৰ সৈতে কথা পাতি বৰ বেয়া অভ্যাস এটা গঢ় ল’লে। এতিয়া তোমাৰ মাতষাৰ নুশুনি মোৰ অৱস্থা তথৈবচ। উপায়ন্তৰ হৈ কালি তুমি বিয়াৰ আগতে দিয়া মেচেজবোৰ পঢ়ি সান্তণা লভিলো। পিছে আজি বেটাৰী ল'। মৰি গৈছো একেবাৰে। এনেকুৱা লাগিছে- চাকৰি এৰি দুভাগ ৰাতিয়ে তোমাৰ কাষ পামগৈ, ভাগৰুৱা দেহটোৱে যেন তোমাৰ কোলাতে জিৰণি ল'ব আৰু মোৰ সোণটো বুলি কপালতে চুমা এটা আঁকি ওৰে ৰাতি তুমি মোৰ চুলিৰ মাজে মাজে আলফুলে আঙুলি বুলাই থাকিবা। কিন্তু মন গলেই যাব যে নোৱাৰো মই! চাকৰিটো গ'লে ক’ৰপৰা তোমাক খুৱাম? হাঃ হাঃ হাঃ মোৰ মাতষাৰ শুনিবলৈ নাপায় তোমাৰো বৰ কষ্ট হৈছে ন'? অশুভ চিন্তাবোৰে তোমাক চাগে বাউলী কৰি তুলিছে...। ভয় নকৰিবা। মোৰ একো নহয়। মই তোমাক এৰি কলৈকো যাব নোব নোৱাৰো। মাৰ স্বাস্থ্য কেনে? তেওঁ চাগে চাগে ভনী জোঁৱাইটোলৈ সঘনাই ফ'ন কৰি শান্তণা লভিছে। মাক ক'বা মই কুশলে আছো। গাৱঁৰ প্ৰজেক্টতো শেষ হোৱালে আৰু এসপ্তাহমান লাগিব। তাৰ পাছতে চুটী লৈ ঘৰলৈ যাম..। দূৰ্গা পূজা বুলি আগতিয়াকৈ কিবা লৈ যাম নে? হ'ব দিয়া তুমি চিঠিৰ উত্তৰ দিব নালাগে,পদূলিৰ শেৱালীজোপা গাভৰু হোৱাৰ আগতে মই গৈ ঘৰ পামগৈ...। আজিলৈ সামৰো। নিশা বহু হ'ল, নিজৰ যত্ন ল'বা...

প্ৰান্তত,
তোমাৰ পল"
..................

বিয়াৰ আগতেই অনুপলে তাইক কৈছিল- যেতিয়াই মনলৈ হতাশা আহে, নিসংগতা অথবা বিষাদে ভিতৰৰ মানুহজনীক জুৰুলা কৰে আৰু সেই সময়ত তোমাৰ চকুৰ ভাষা বুজিবলৈ কাষত কোনো নাথাকে তেতিয়াই ডায়েৰীখনৰ নতুন পৃষ্ঠা এটা উলিয়াই ল’বা....। তিনিবছৰীয়া পুৰণি চিঠিখন একাষৰীয়াকৈ ৰাখি ৰিমলীয়ে ডায়েৰীখন মেলি ল’লে।

"মৰমৰ,
কিনো হ'ল তোমাৰ? মইনা শুলে নহয়, নাহা নেকি অ'? ইচ্… ইমান অভিমান??
আহানা প্লিজ…
অকে বাবা, তোমাৰ বাবেও আচুতীয়াকৈ মই সময়বোৰ সাঁচি ৰাখিম, প্ৰমিজ। তোমাৰ শপত… খং নকৰিবা।

নিলাজটো কৰবাৰ…। মইনাই সাৰ পাই যাব।

আস্ কষ্ট পাইছো অ'…। বিশ্বাস কৰা, কঁকালৰ বিষটো ভাল হোৱাই নাই নহয়। মাৰ গাটোও অসুস্থ। তাতে তুমি নাই। তুমি নাজানা নহয় মোৰ কিমান কষ্ট। দায়িত্ববোৰ যে অনেক।

সোণ অ'…
কি চিন্তাত আছা? মন বেয়া নকৰিবা। তুমিতো মোৰ কাষতে আছা! তোমাৰেই স্মৃতি এই বাগ সাজযোৰ। তোমাৰ প্ৰিয় শুকোলাবৰণ…। তথাপিও তোমাৰ বাবেই আজিকালি আন্ধাৰক ভালপাবলৈ শিকিছো…। মই তোমাৰ হোৱা দিন ধৰি আন্ধাৰৰ প্ৰেমত পৰিছো। এতিয়াতো আন্ধাৰ মানেই তুমি…। এই মুহুৰ্ত্ততো তুমিয়ে দোখোন মোক সাৱটি আছা!
মোৰ উশাহ-নিশাহ, চৌপাশ সমষ্ট সত্বাজুৰি তুমি কেৱল তুমি...।
ঐ নিলাজ আন্ধাৰ… চাও আতৰ হোৱা…। খিড়ীকিখনৰ হুকটো বন্ধ কৰি দিয়ো। জোনাকে আমনি কৰিবও পাৰে, মোৰ লাজ লাগিব নহয়! কি ঠিক, খঙতে তুমি যদি আকৌ আতৰি যোৱা! নাযাবা দেই মোৰ সোণ…।"