“চিগাৰেটৰ এটা মুৰত একুৰা জুই আৰু আনটো মুৰত এজন মূৰ্খ থাকে” বুলি মানুহে কয়, মোৰ হ’লে বিশ্বাস নহয়। মানুহে কওতে ধেৰ কথাই কয়, সকলো কথা বিশ্বাস কৰিব নোৱাৰি। বিশ্বাস জন্মে, ই স্বতঃস্ফুৰ্ত্ত। গাৰ সমষ্ট শক্তি প্ৰয়োগ কৰি অথবা এগালমান টকাৰে বিশ্বাস গঢ়িব নোৱাৰি। এটা সৰু উদাহৰণ- মোৰ মা যে মোৰেই মা তাত কোনো সন্দেহ নাই। দেউতা মোৰ দেউতা যে হয় সেইটো বিশ্বাস। মইতো নিশ্চিত নহয় তেখেতৰ বীৰ্য্যৰপৰাই মোৰ জন্ম হোৱা বুলি। নহবও পাৰে। কি থিক, মা যদি সেই সময়ত চৰিত্ৰহীনা আছিল। দেউতাৰ অজানিতে আন পুৰুষৰ সৈতে দৈহিক সম্পৰ্ক ৰক্ষা কৰিছিল? একো প্ৰমাণ নাই, তথাপি মই বিশ্বাস কৰো, তেখেত মোৰ দেউতা।
জ্বলন্ত চিগাৰেটতো আধা খোৱা হ’ল। মুৰটো বিষাইছে। কালি জোখতকৈ বেচি মদ্যপান কৰিলো। দুখ অনেক। মুৰত এগালমান ভাৱনা। ঘৰত ৰুগীয়া বিধবা মা। দাদা নিজৰ সংসাৰক লৈ ব্যস্ত। এটা সময় আছিল, বছৰেকীয়া সকামৰ দিনা দেউতালৈ মোৰ মনত পৰা নাছিল। সিয়ে মোৰ দেউতা, মোৰ দাদা, সি মোৰ অতিকে আপোন। মই সুখী আছিলো। একো নাথাকিলেও মোৰ সকলো আছিল। কিন্তু কিমানদিনলৈ এই বিশ্বাস? সময়বোৰ সলনি হ’ল। দাদা আজি অকলশৰীয়া। তাৰ সতে আজি মই নাই। মোক লৈ তাৰ কোনো সপোন নাই। মোক আগৰদৰে খং নকৰে, কৃত্ৰিম গালিৰে ককায়েকৰ অধিকাৰ সাব্যস্ত নকৰো। সি ব্যস্ত। তাৰ একেবাৰেই সময় নাই, মই ক’ত আছো? কিদৰে আছো, কি কৰি আছো? কিয় এনে হয়? মোৰ দুখ লাগে।
তাই মোক নোবুজে। চিগাৰেট খোৱা বুলি জানিলেই তাই মোৰ সতে কথা নাপাতে। মই সৰুৰেপৰা জেদী। নালাগে তই মোক মাতিব। তাইক ভালপাওঁ, সেইবুলি কিয় মানি ল’ম তাইৰ প্ৰতিটো কথা। থাকিবলৈ দেচোন মোক মোৰ মতে। মানি ল’লো- চিগাৰেট অথবা মদ যিকোনো সমস্যাৰে শেষ সমাধান নহয়। কিন্তু সমস্যাটোৰ সতে সহবাস কৰিবলৈ ই এক অদ্ভুত শক্তি। কেতিয়াবা ভাবো তাই মোৰ ভালৰ বাবেহে কথাবোৰ কয়। কিন্তু মোৰ ভাল বা বেয়া হোৱাক লৈ তাই ইমানকৈ চিন্তা কৰাৰ কি প্ৰয়োজন? তাইৰ মই একপক্ষীয় প্ৰেমিকহে, মইতো তাইৰ জীৱনৰ সৰ্বস্ব নহয়। তায়ো স্বাৰ্থপৰ। ল’ৰাই হওক বা ছোৱালী, গোটেই প্ৰেমিক জাতিটো স্বাৰ্থপৰ। বিনিময় লাগে। মই ভালপোৱা দিছো, মোক ভালপোৱা দে। যাঃ নকৰো প্ৰেম।
তাইৰ প্ৰেম প্ৰস্তাৱত প্ৰতিবাৰেই মই না কওঁ। বেচিজিল ল’ৰা মই। নাই ভৱিষ্যতাৰ কোনো নিশ্চয়তা। মিছাতে প্ৰতিশ্ৰতিবোৰ দি কি লাভ? ক্ষন্তেকীয়া আবেগৰ বশৱৰ্তী হৈ দি দিম কথা- ‘আই লাভ ইউ টু’। দৰকাৰ হ’লে দুটা এটা শব্দ বেচিকৈয়ে কৈ পেলাম- ‘তোক নাপালে মই মৰি যাম’, ‘তই মোৰেই, মই তোৰেই’। পাচত যদি প্ৰতিশ্ৰতি পালন কৰিব নোৱাৰো। তেতিয়া? চৈধ্য গোষ্ঠী উজাৰি মোক গালি পাৰিবি? গোটেই পুৰুষ জাতিটোক বদনাম কৰিবি? নকৰিবি। বদনাম নকৰিবি। মই পুৰুষৰ নামত কলঙ্ক হব নোৱাৰো। মোৰ উদং পকেট। দুচকুত পিতাইৰ অজস্ৰ ধাৰুৱা সপোন। তইতো মোক বুজ? তোক মই ভালপাওঁ। সুখে দুখে তোৰ লগতে থাকিব বিছোৰো। শংকা এটাই- এদিন তোক যদি হেৰুৱাই পেলাও? তোক জানো গালি পাৰিব পাৰিম? তই জানো মোক প্ৰতাৰণা কৰিব পাৰিবি? থাওক দেচোন তেনেকৈয়ে সাঁচি ৰাখ তোৰ ভালপোৱাবোৰ তোৰ বুকুতে।
কৰ্মস্থলীৰপৰা ভাড়াতীয়া কোঠাটোলৈ আধা ঘন্টাৰ বাট (অটোত দহ মিনিট লাগে)। ব্যক্তিগত খণ্ডৰ সৰু প্ৰতিষ্ঠান এটাৰ মই নিম্ন পৰ্যায়ৰ কৰ্মচাৰী। দৰমহাৰ নামত পোৱা টকাকিটাৰে মাহটো নোজুৰে। অটোত উঠি কামলৈ অহা- যোৱা কৰাতো মোৰ কল্পনাৰ বাহিৰত। দূৰত্ব যথেষ্ঠ যদিও খোজকাঢ়ি আহি আমনি নালাগে। পাহাৰীয়া খলা- বমা পথটোৰে মই অভ্যস্ত। আন্ধাৰত কেতিয়াবা উজুটি খালেো, দুখ নাপাওঁ। আঙুলিৰ বিষটোতকৈ বুকুৰ জুইকুৰা বেচি যন্ত্ৰণাদায়ক। কোনেও নাজানে এইবোৰ। জনাবও নিবিচাৰো। মোৰ দুখ শুনি কোনেও মোক পুতৌৰ পাত্ৰ কৰি তুলিব নালাগে। অকলে আহিছো পৃথিৱীলৈ, অকলেই যাম। জীয়াই থকা দিনকেইটাত পাৰিলে অকলশৰেই থাকিম। নালাগে কাৰোৰে সহানুভূতি। মই অকলশৰেই থিক আছো।
তাহানিতেই মোৰ বিশ্বাস হেৰাইছে। মোৰ ভালপোৱাত, মৌচুমীৰ ভালপোৱাত মোৰ অগাধ বিশ্বাস আছিল। কি পালো সময়ত? মই হেনো দৰিদ্ৰ মৃত খেতিয়কৰ দূৰ্ভগীয়া সন্তান। মই আৱৰ্জনা। মোৰ একো নাই। কোনো নাৰীৰ ভালপোৱা পোৱাৰ জুখাৰে মই যোগ্য নহয়....। আস্..... থাকক তাই সুখেৰে। ইচ্ছা কৰাহেঁতেন তাই মোক বুজিব পাৰিলেহেঁতেন। নোবুজিলে। মই স্বাৰ্থপৰ নাছিলো। তাইক মই ভালপাইছিলো। তাইক লৈ সপোন দেখিছিলো, জীৱনত বহুত কিবা আশা কৰিছিলো। ভুলতো মোৰেই। তাইক হেৰুৱাই মই দুখ কৰাৰ যুক্তি নেদেখো। আগতেও কৰা নাছিলো। কেৱল আক্ষেপ থাকি যাব- মোৰ ভালপোৱাবোৰ অপ্ৰয়োজনীয় আছিল।
১৮ টা মিছকল। স্পন্দিতাৰ ফোন। কিবা হ’ল তাইৰ। আগতে তাই এনেদৰে ফোন কৰা মনত নপৰে। জৰুৰী কথা থাকিলেও কোনো কাৰণতে এবাৰৰ ওপৰত ফোন নামাৰে। আজি কিবা এটা নিশ্চয় হৈছে, কি বা হ’ল? কিবা বিপদত পৰা নাইতো! কলবেক কৰিবলৈ মাত্ৰ এটকা এটা আছে। মালৈকো ফোন এটা কৰিব আছিল। ৯ বাজিবৰ হ’ল। ৰিছাৰ্জৰ দোকানবোৰ বন্ধ থাকিব। মই বিবুদ্ধিত পৰিলো। কি কৰো, কি কৰিলে ভাল হব? ওহো, বেচি চিন্তা কৰি থাকিলে নহব। তাইলৈ মিচকল এটাকে মাৰো। মাত্ৰ এবাৰ ৰিং হ’ল। মোৰ ফোননটো কাটি তাই কলবেক কৰিছে।
- ভগৱানৰ শপত, আজি পাহৰিলো। ৰূমতে মোবাইলতো এৰি থৈ গ’লো। এতিয়াহে দেখিছো....... কি?? ৰিয়েলী?.... কেতিয়া, মোৰ বিশ্বাস হোৱা নাই। ভালকে চোৱাচোন....... আৰে, আকৌ এবাৰ চোৱানা... অ অ মোৰ মনত আছে, সেইটোৱে মোৰ ৰোল নম্বৰ.... থেংকছ গড। মই পাহৰিলো আজি ৰিজাল্ট দিব বুলি....। থেংকিউ চুইটহাৰ্ট.... মালৈ ফোন কৰো..... মোৰ টকা নাই। কনফাৰেঞ্চ কৰি দিয়ানা..... য়া, ডেফিনেটলী.. আই লাউ ইউ.... অ মা... মা অ..... মই এ. চি এচ পাচ কৰিলো। মা... মই তোক ভালপাওঁ...... অ মা... দাদা ক’ত? দাদাক ফোনতো দেচোন...... হয় নেকি? অ হব দে মা। শুলে যদি সি শুৱক দে। বৌক আমনি নকৰিবি। পুৱালৈ তাক খবৰটো দিবি.... হব দ।..... হেই স্পন্দিতা..... জ্বলন্ত চিগাৰেটতোৰ আনটো মুৰে এজন মূৰ্খ নাথাৰিবও পাৰে... মানুহক বিশ্বাস নকৰিবা। লাভ ইউ....।