ভালপোৱা, এটা অজুহাত আৰু তিনিটা স্নেপশ্বট

স্নেপশ্বট (১)-
চাৰিবাৰ...। এমাহত সৰ্বমুঠ চাৰিবাৰ প্ৰপ’জেল মাৰিলো তাইক। সফল হব পৰা নাই। ইমপ্ৰেচন জমোৱাৰ নামত মই কৰা নাই কি? দামী বাইকৰ ধোঁৱা উৰুৱাই ক্লাছলৈ গৈছো, তাই দেখক বুলিয়েই হাতত প্ৰকাণ্ড চেমচাং গেলেক্সী এছ- থ্ৰী লৈ ফুৰিছো, টিউচনলৈ যাওঁতে নিতৌ ভিন্ন ব্ৰেণ্ডৰ টি- চাৰ্ট, জিনচ্ পৰিধান কৰিছো, গেঞ্জী তিতি যোৱাকৈ বডি স্প্ৰে ঘঁহিছো... ধেত্ তথাপি তাইক হিলাব পৰা নাই। অলপমান ফুটনীটো বেচি। কিবা খং উঠিলে উঠাই লৈ যাম বাপ্পেকে। হুহ।
ময়ো ফুটনীহে মাৰিছো। ক’তনো তাইক উঠাই লৈ যাব পাৰো! একমাত্ৰ গাভৰু জীয়েকক উঠাই নিলে হাইস্কুলৰ হেডমাষ্টৰ বাপেকে মোক সুদাই এৰিবনে? পুলিচ লগাই ধৰি নি পিঠি বহল কৰি দিব বাপ্পেকে। ইফালে পুতেকৰ জামিন লবলৈ দেউতা যে থানালৈ যাব মই সপোনতো কামনা নকৰাই ভাল। দৰকাৰ হ’লে দেউতাৰ হৈ ঠেঙত দুচাটমান বেচিকৈ দিবলৈ পুলিচক উচতাইহে দিব। নাই, নোৱাৰি দেই এজনী ছোৱালীৰ বাবে ইমানকৈ ৰিক্স ল’বলৈ। চাওচোন আৰু দুদিনমান, ক’ৰ পানী কলৈ যায়! ধৈৰ্য্যৰ ফল মিঠা বুলি মানুহে কয়, মোৰ হলে বিশ্বাস নহয়। প্ৰেমৰ লাফৰাত পলম কৰিলেই গণ্ডগোল। বৰ্তমানৰ বজাৰখন সাংঘাটিক প্ৰতিযোগিতামুলক। এক মিনিটৰ দেৰি হলেই কাৰ প্ৰেমিকাক (একপক্ষীয়ই হওক বা দ্বি-পক্ষীয়) কোনে উফহাই নিব তাৰ কোনো নিশ্চয়তা নাই। গতিকে, সঠিক সময়ত সঠিক এক্সন লোৱাটো খুবেই জৰুৰী। পিচে, মই যে বিজ্ঞজনৰ দৰে প্ৰেম সম্পৰ্কে বৰ বৰ লেকচাৰ মাৰি আছো, আগতে এইবোৰ একো বুজাই নাছিলো নহয়। মেট্ৰিকৰ দেওনা পাৰ হৈ জুনিয়ৰ কলেজত নামভৰ্তি কৰাৰ পাচৰপৰাহে নাৰী নামৰ ভাইৰাচজনীৰ সংস্পৰ্শলৈ আহিলো। ধুনীয়া ছোৱালীবোৰ দেখিলেই বুকুত বৰ ডেঞ্জাৰ বিষ এটা হয় হে। বিষালেও মজ্জা লাগে কিন্তু। মানে বাইকৰপৰা চিটিকি পৰি কষ্ট পাই অনুভৱ কৰা বুকুৰ বিষ আৰু ধুনীয়া ছোৱালী দেখি অনুভৱ কৰা বুকুৰ বিষৰ মাজত আকাশ পাতাল পাৰ্থক্য। উল্লেখযোগ্য যে এই ভাললগা বিষটো ভীষণ মজা লাগে ৰাতিৰ আন্ধাৰত। শিতানৰ গাৰু সাৱটি দিনত দেখা ধুনীয়া ছোৱালীজনীক সোঁৱৰী ১৮ বছৰীয়া ডেকা বয়সৰ মজা লুটাহে জোৰ আৰু!
চতুৰ্থবাৰ প্ৰপ’জেল মাৰি প্ৰতিজ্ঞা কৰিছিলো অন্ততঃ তিনিমাহলৈ তাইক আৰু প্ৰপ’জেল নিদিওঁ। ধেই, বিবেকৰ কন্ট্ৰল কেপাচিটী থাকিলেহে...! দহদিন নহওতেই সুযোগ বুজি ক্লাছতে আকৌ এবাৰ বৃথা প্ৰচেষ্টা চলালো...... কিজানিবা ঘঁহোতে ঘঁহোতে শিল ক্ষয় যায়েই..!

- একেটা কথাতে আৰু কিমান লাগি থাকা। প্লিজ ইয়াৰ, লিভ মি এল’ন। প্ৰেম- ভালপোৱাৰ প্ৰতি মোৰ অলপো আগ্ৰহ নাই অ’। আমি কেৱল বন্ধু। বুজানা তুমি। তাইৰ ৰেডিমেড উত্তৰটো মোৰ মুখস্থ আছেই। এইবাৰ খং উঠি গ’ল মোৰ। অলপ গৰম হৈয়ে কলো-
- তই লাইফত বিয়া নহওঁ বুলি ভীষ্ম প্ৰতিজ্ঞা কৰি থৈছ নেকি?
- বিয়া? এতিয়াই। অ’ গড। আৰে বাবা, মোৰ বয়স হৈছেনো কিমান? বিয়াৰ কথা ভাবিবলৈ বহু বছৰ পৰি আছে। আগতে পঢ়ি- শুনি... বাক্যটো তাইক সম্পূৰ্ণ কৰাৰ সুযোগ নিদি ময়ে মুখ মেলিলো
- ডাঙৰ মানুহ হৈ লওঁ। নিজৰ ভৰিত নিজে থিয় দি লওঁ। তাৰ পাচত ডাক্তৰ ইঞ্জিনীয়াৰ এটাক মোহিনী বান মাৰি বিয়া হৈ গুছি যান ন?
- চাট আপ। কি অসভ্যালী তোমাৰ। চাওঁ আতৰ হোৱা। মোক যাবলৈ দিয়া। আৰু শুনা, একেটা বিষয় লৈ নেক্সট মোক আমনি নিদিবা। অন্যথা প্ৰেঞ্চিপাল চাৰক অভিযোগ দিবলৈ বাধ্য হ’ম।
কাম চেটেপ। বিৰাট টেঙৰ ছোৱালী। পতাব পৰা নাযাব। মই এইটো চেপ্তাৰ ইমানতে বন্ধ কৰাই উচিত। সেইদিন ধৰি তাইৰ সৈতে মাত-বোল বন্ধ হ’ল। ক্লাছত দেখিলেও নেদেখাৰ ভাওঁ জুৰো। এনেই মানে তাইক দেখাও আৰু চা তোক মই পাত্তা দিয়া নাই। লুকাই চুৰকৈ চাবলৈ হলে নেৰো। দিনটোত তাইক এবাৰ নেদেখাকৈ থাকিব পাৰিবওতো লাগিব। কি দুৰ্দান্ত এই ছোৱালীৰ ভাইৰাচ, যিমানেই পাহৰিবলৈ চেষ্টা কৰো সিমানে তাইলৈ বেচিকৈহে মনত পৰে। পাৰ হৈ গ’ল উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ দুটা বছৰ। ভিন্নজনৰ জীৱনৰ আলিবাট সলনি হ’ল। কোনোবাই মেডিকেল, কোনোবা ইঞ্জিনীয়াৰিং, কোনোবাই পচন্দৰ বিষয় মুল বিষয় হিচাপে লৈ স্নাতক পৰ্যায়ত নামভৰ্তি কৰিলে, কোনোবাজন গ’ল পলিটেকনিক পঢ়িবলৈ, দুই এজনে চৰকাৰী চাকৰি লাভ কৰিলে.... কোনোবাজনে হয়তো আৰ্থিক দুৰৱস্থাৰ বাবে আনুষ্ঠানিক শিক্ষা আধাতে এৰি দিলে। ইঞ্জিনীয়াৰিং শিক্ষা গ্ৰহণৰ বাবে মই অসম এৰি মুম্বাই পালোগৈ। মোৰ একপক্ষীয় প্ৰেমিকা স্পন্দিতাই পদাৰ্থ বিজ্ঞানত মেজৰ লৈ চহৰৰে কলেজ এখনত নামভৰ্তি কৰিলে। কি অদ্ভুত ছোৱালী, মেডিকেলত চিট পায়ো ডাক্তৰী পঢ়িবলৈ নগ’ল। দেউতাকৰ ভয়- একমাত্ৰ ধুনীয়া গাভৰু জীয়েকক চকুৰ আতৰ হবলৈ দিব নোৱাৰে। ইচ্, এনে বাপেকৰ নয়নৰ মণিজনী! থাক তই গাঁৱতে সুমাই। দেউতাৰৰ লগতে বুঢ়ী হৈ পৰি থাক। মোৰ কি যায়। স্পন্দিতাৰ কামনা বাসনা এৰি দেউতাৰ ইচ্ছানুসৰিয়ে মই মুম্বাই পালোগৈ। জীৱনটোৱে এক অন্য ৰূপ ল’লে......। নিজৰ ভৱিষ্যতৰ স্বাৰ্থত, দেউতাৰ আগ্ৰহৰ খাতিৰত ইঞ্জীনিয়াৰিং পাঠ্যক্ৰমত মই নিজকে বিলাই দিলো। সোঁৱৰণীৰ টোপোলা খুলি ৰোমন্থিত হ’বলৈ মোৰ আহৰি ক’ত?

স্পেপশ্বট (২)-
দেউতাৰ মৰমৰ একমাত্ৰ জীয়ৰি। দৰমহাৰ টকাৰে কোনোমতে ঘৰখন চলি আছে। এজন শিক্ষকে দৰমহাৰ নামত পাইনো কেই টকা? তাতে বিজ্ঞান শাখাত অধ্যয়নৰত ছাত্ৰ- ছাত্ৰীৰ পঢ়া- শুনাৰ খৰচটো তুলনামুলকভাৱে বেচি। দেউতাকৰ আশা, সপোন, ভৱিষ্যতৰ ভৰষা স্থলএকমাত্ৰ তায়ে। আন বহুতো পিতৃ মাতৃৰ দৰে ছোৱালী সন্তান বুলি স্পন্দিতাক অৱহেলা কৰা নাই। সৰুৰেপৰা যি বিচাৰিছে, যেনেকে বিচাৰিছে দেউতাকৰ সাধ্যনুসাৰে স্পন্দিতাই তাকেই লাভ কৰিছে। ইমানখিনিৰ পাচতো তাই নিজক সংযত কৰি নচলিলে কেনেকৈ হব?
ৰুনাভ...। ৰুনাভ কাশ্যপ....। কোনোবা ধনী দুলালৰ একমাত্ৰ সন্তান। নাই ভৱিষ্যতৰ কোনো আশংকা। পঢ়া- নপঢ়াৰ একো পাৰ্থক্য নাই। ভৱিষ্যতে একো কাম বন নকৰাকৈ কেৱল দেউতাকৰ টকা খৰছ কৰি শেষ কৰিব নোৱাৰিব। তেনেকোৱা এটা ল’ৰাই বুজিব পাৰিবনে দায়িত্ববোধ কি? জীৱন কি? পাৰিবনে ৰুনাভৰ দৰে ল’ৰা এটাই স্পন্দিতাৰ দৰে গাঁৱলীয়া সহজ- সৰল ভাবুক ছোৱালী এজনীৰ কেতবোৰ মৌলিক চাহিদা পূৰাব? সুখী কৰিব পাৰিবনে তাইক? নোৱাৰে। দৈনন্দিন জীৱনত কেতবোৰ সৰু- সুৰা বিষয়ক কেন্দ্ৰ কৰি সিহঁতৰ মাজত মতানৈক্য ঘটাৰ আশংকাই বেচি....। তাইৰ মৌলিক বিষয়বোৰত তাৰ কোনো গুৰুত্ব নাথাকিব। অথবা তাৰ পচন্দক লৈ স্পন্দিতাৰ গুৰুত্ব নাথাকিব। এনেকৈ সংসাৰ চলিব নোৱাৰে। দুয়োৰে পটভুমি সম্পূৰ্ণ পৃথক। সেয়ে ৰুনাভৰ প্ৰেম প্ৰস্তাৱ তাই বাৰে বাৰে নাকচ কৰিছিল। মুলতঃ ভৱিষ্যতৰ আশংকা। লগৰবোৰে তাইক গালি পাৰে- তাই বুলে প্ৰয়োজনতকৈ অধিক কালিলৈৰ কথা চিন্তা কৰে। আৰু সেয়ে তাই আজিটোক উপভোগ কৰিব নাজানে। অৱশ্যে লগৰবোৰে কি কয় তাক লৈ তাই মুৰ ঘমাব নাযায়। তাইৰ জীৱন, তাইৰ ভৱিষ্যত একান্তই ব্যক্তিগত। স্পন্দিতাই যি কৰিব, যি কৰিব লাগিব, যি কৰি আছে সম্পূৰ্ণ পক্ৰিয়াটো কেৱল তাইৰ সৈতে জড়িত। সুখৰ সময়ত সংগ দিয়া মানুহ অনেক, কিন্তু দুখৰ সময়ত নিস্বাৰ্থভাৱে কোনে তাইক সংদ দিব।
বৰ কম বয়সতে স্পন্দিতাই জীৱনৰ জটিলতাখিনিক নিচেই কাষৰপৰা দেখিছে। তাইৰ ৫ বছৰ বয়সতে মাক অন্য এজন পুৰুষলৈ পলাই গ’ল। দেউতাকে দ্বিতীয় বিবাহ কৰোৱাৰ প্ৰশ্নই উত্থাপন নহ’ল। সুবিধাবাদী এচামে দেউতাকক তোষামোদ কৰিলে। নানা তিৰস্কাৰ- ককৰ্থনাৰ বলি হবলগা হ’ল সেই সহজ- সৰল মানুহজন। বুজা হোৱাৰেপৰা তায়ো বহুবাৰ বহুধৰণে লজ্জিত হৈছে, বহুতৰ ওচৰত পুতৌৰ পাত্ৰ হবলগা হৈছে। বিষয় একেটাই- পলৰীয়া মাক। ৰুনাভ গলগৈ। স্নাতকত নামভৰ্তি কৰাৰেপৰা ৰুনাভৰ একো খবৰ নাই। সি জীয়াই আছেনে নাই তাকো তাই নাজানে। সকলোবোৰ নিজৰ জীৱনক লৈ ব্যস্ত হৈ পৰিল। স্নাতক শিক্ষা গ্ৰহণৰ সময়চোৱাত ৰুনাভৰ দৰেই বহু ল’ৰাৰ প্ৰেম প্ৰস্তাৱ আহিছে। তাই নাকচ কৰি গৈছে। স্পন্দিতাৰ দ্বাৰা এই প্ৰেম- ভালপোৱা অসম্ভৱ।

স্নেপশ্বট (৩)-

পাহৰো বুলিলেই আপোনজনক পাহৰিব নোৱাৰি নহয়। তোমাৰ কথাকে কৈ আছো। মিছা নকওঁ মুম্বাইত পঢ়ি থাকোতে ধেৰ ছোৱালী লগ পালো। ধুনীয়া ধুনীয়া ছোৱালী। কিন্তু ধুনীয়াবোৰেই ভিতৰি বৈদ্য ঘুণীয়া বুলি বুজিবলৈ বেচিদিন নালাগিল। দেখাত হেণ্ডচাম, বেঙ্ক চেভিং একাউন্টত সৰহকৈ টকা দুটামান আছে। গতিকে ৰুনাভৰ বেকত পৰা ছোৱালী অগণন। মডাৰ্ণ চহৰখনত প্ৰেমৰ সুত্ৰ এটাই- পইছা দিয়া আৰু ভালপোৱা লোৱা...। মুম্বাইৰ ভালপোৱানো কি! চেক্স। কেৱল দৈহিক সুখ। ফাল্টু কাৰবাৰ। মোৰ একেবাৰে ভাল নালাগে। চেক্স অথবা দৈহিক তৃপ্তিয়ে মানুহৰ জীৱনৰ সুখৰ একমাত্ৰ উত্স হব নোৱাৰে। মই সুখী হব বিচাৰো। পৰি যোৱা আাধৰোৱা জীৱনটো অলপ বেলেগ ধৰণে সজাব বিচাৰো। দেউতাৰ অজস্ব টকা। অভাৱ বুলিবলৈ একোৱেই নাই। অথচ মই ভীষণ অসুখী। স্কুললৈ যাবলৈ আৰম্ভ কৰাৰেপৰা সোণালী শৈশৱটো হোষ্টেলতে পাৰ কৰিলো। অত্যাধুনিক সা- সুবিধা, বিলাসী জীৱন- প্ৰণালী। সুখী হবলৈকে দেউতাই সকলো যোগান ধৰিছে। একমাত্ৰ সন্তানৰ নামত হাজাৰ হাজাৰ টকা খৰছ কৰিছে। অন্য ল’ৰাৰ দৰে মই উপভোগ কৰিবলৈ নাপাওঁ পানীলগা জ্বৰ, ভৰি পিটৰ কিটকিটনী। সাধাৰণ পানী লগা জ্বৰ হোৱা যেন পালে মিনিটৰ ভিতৰতে ডাক্তৰ উপস্থিত। মাৰ বুকুত মুৰ গুজি কোনোদিনে উচুপি নাপালো, সকলো থাকিয়ো বহুত কিবা নাপালো। গৰমৰ দিন, এবাৰ যদি মাৰ হাতৰ বিচনিৰ বা ল’বলৈ পালোহেঁতেন....। বাৰিষাৰ ৰাতি, প্ৰচণ্ড মেঘৰ গাজনিত উচপ খাই মাক সাৱটি মাত্ৰ এৰাটিৰ বাবে যদি শুবলৈ পালোহেঁতেন....। নাই, ল’ৰাক টকা দিছে, সুবিধা দিছে, চহৰৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানত নামভৰ্তি কৰাই দিছে। গতিকে তাক আৰু কি লাগিব পাৰে? নাইট ক্লাৱ, পাৰ্টী, শ্বপিং, বিদেশ ভ্ৰমণ এইবোৰতে মা সদায় ব্যস্ত থাকিছিল। একমাত্ৰ ল’ৰাটোৰ প্ৰতি তেখেতৰ অলপো গুৰুত্ব নাছিল। দেউতাও সেই একেই যান্ত্ৰিক। কেৱল টকা, টকা, আৰু টকা। মোৰ এনে লাগে যেন দুৰ্ঘটনাবশতঃ মই এই পৃথিৱীলৈ আহিলো। নহাহেঁতেনেই ভাল আছিল।

সুদীৰ্ঘ ছটা বছৰৰ মুৰত ৰুনাভ তাই চহৰলৈ উভতি আহিছে। সফলতাৰে পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰি স্পন্দিতাই স্থানীয় চৰকাৰী কলেজখন পাৰ্ট টাইমাৰ হিচাপে ছাত্ৰ- ছাত্ৰীসকলক শিক্ষাদান কৰি আছে। সিদিনা কলেজৰপৰা আহি থকা বাটতে অনাকাংক্ষিতভাৱে ৰুনাভক তাই লগ পালে। সি সলনি হ’ল। পূৰ্বৰ চঞ্চলতা কৰবাত হেৰাল। বহুসময়লৈ ৰুনাভক চিনিবই পৰা নাছিল। সি জোৰ কৰি তাইক কফি হাউচখনলৈ লৈ গৈছিল। এটা কণমানি শিশুৰ দৰে সেইদিনা সি কান্দিছিল। দুবছৰৰ পূৰ্বে মাক ঢুকাল। ইঞ্জীনিয়াৰিং ডিগ্ৰী গ্ৰহণ কৰি এটা স্বাধীনচিতীয়া জীৱন উপভোগ কৰা উদ্দেশ্যে ৰুনাভে স্পন্দিতাৰ চহৰখনলৈ উভতি আহিছে। সি নিজৰ ইচ্ছাত জীয়াই থাকিব বিচাৰে। দেউতাকৰ দৰে যান্ত্ৰিক জীৱন এটা সি উদযাপন কৰিব নোৱাৰে। বহুসময় সিহঁতৰ মাজত কথা- বতৰা চলিল। তাইৰ ভাড়াখনৰ ঠিকনা লৈ সি এটা সময়ত গলগৈ। ৰুনাভক লগপোৱাৰ পাচৰেপৰা স্পন্দিতাই এক অনামী অশ্বস্তিবোধত ভুগিছে। টকা- পইছাই জীৱনৰ সৰ্বস্ব হ’ব নোৱাৰে বুলি আকৌ এবাৰ প্ৰমাণ পালে। তাই আচৰিত ৰুনাভৰ সিদিনাৰ কথাখিনিক লৈ...। সেই স্ফুৰ্তিবাজ, উত্পতীয়া ল’ৰাটোৰ বুকুত এখন বিশাদৰ পাহাৰ থাকিব পাৰে বুলি তাই কল্পনাৰো অতীত আছিল। সঁচাকৈয়ে মৰ্মান্তিক...। সেইদিনা তাই এটা কথাই বুজিলে, এই সংসাৰত দুখ কাৰ নাথাকে? সুখ থাকক বা নাথাকক, সংসাৰৰ প্ৰতিজন মানুহেই কিবা নহয় কিবা এক অজুহাতত দুখ উদযাপন কৰিবলৈ বাধ্য।
দেওবাৰ বুলিলে স্পন্দিতাক আৰু কোনে পাই! এনজয় কৰা দিন। পুৱা দেৰিলৈকে শুৱা, পচন্দৰ এসাজ পেট ভৰাই খোৱা আৰু টি- ভি চোৱা.... বচ, কাম ইমানেই। আজি কিছু ব্যতিক্ৰম। আগৰাতি বহু দেৰিলৈ টোপনী অহা নাছিল। ৰুনাভৰ কলেজীয়া চঞ্চল চকুজুৰিয়ে তাইক বৰকৈ আমনি কৰিছিল। একেটা সময়তে সিদিনাৰ কথাবোৰেও তাইক যথেষ্ঠ আবেগিক কৰি তুলিলে....। চাৰিবাৰ, একেটা মাহতে সি তাইক চাৰিবাৰ প্ৰেম নিবেদন কৰিছিল আৰু প্ৰতিবাৰেই স্পন্দিতাই অস্বীকাৰ কৰিছিল। গ’ল কথা গ’ল। কিন্তু ছটা বছৰৰ মুৰত সি এইখন চহৰলৈ উভতি অহাৰ কাৰণ কি? তাইৰ ব্যক্তিগত ক্ষোভবোৰ হঠাতে সিদিনা তাইৰ আগত প্ৰকাশ কৰাৰ অজুহাত কি? দুনীয়াত আৰু সি অন্য ছোৱালী বিচাৰি নাপালে নেকি? নে তাৰ দৰে ধনী, হেণ্ডচাম ল’ৰাবোৰৰ বৰ বেয়া দিন চলিছে! ৰুনাভৰ কথা বাৰু বাদ দিলো তাইনো একান্তমনেৰে তাৰ দুখৰ কথা শুনিবলৈ কিহে পাইছিল? শুনিলে বাৰু শুনিলে, এতিয়া তাকে লৈ তাই মাঠা মাৰি থকাৰ দৰকাৰটো ক’ত? তাই বাৰু প্ৰেমত পৰিছে নেকি? ওহো, এয়া প্ৰেম হব নোৱাৰে। যদি প্ৰেম নহয় তেন্তে এৰি অহা দিনবোৰৰ কোনোবা এটা নিসংগ মুহুৰ্তত ৰুনাভলৈ কিয় অভিমান জাগিছিল! কিয় তাৰ দুষ্ট চকুজুৰিয়ে তাইৰ টোপনী হৰিছিল? হৃদয়ৰ বলীয়ামিত মগজুৰ নিয়ন্ত্ৰণ নাথাকে যে সঁচা কথা। তাক লগ নোপোৱাকৈ থকাই ভাল আছিল। লগপোৱা পাচৰেপৰা মিছা-মিছি অশান্তি বাঢ়িছে।
ৱাল ঘড়ীটোত ৯ বাজি গ’ল। বিচনা চাদৰ, পৰ্দা আৰু টেবুল ক্লথবোৰ লেতেৰা হৈছে। আজি তাকে ধোঁৱা যাওক.....। অনিশ্চাসত্বেও বিচনাখন এৰি টয়লেটৰফালে যাব ধৰোতেই সশব্দে কলিং বেলটো বজিল। টিনিচকে খংটো মাৰি পথালে। এই ব্ৰহ্ম পুৱাতে কোন আহিল....। দৰ্জাখন খুলি দিয়াত গাখীৰৱালাজনে বটলতো আগুৱাই দিলে।
- আজি ইমান জল্দি যে?
- হেঃ হেঃ হেঃ কি কয় বাইদেউ! ন বাজি গ’ল নহয়।.... আজি অলপমান পলমহে হৈছে..। বেয়া নাপাব বাইদেউ। চাইকেলখনৰ মানে....। গাখীৰৱালাৰ ফটা লেকচাৰ কোনে শুনে! এনেই মুৰটোৱে কাম নকৰা হৈ আছে। ন বাজিল নে বাৰ বাজিল, সকলো খেলিমেলি....। তাতে আকৌ গাখীৰৱালাৰ দেৰি হোৱাৰ স্পষ্টীকৰণ.... নোৱাৰি দেই। ল‘ৰাজনক বিদায় দি স্পন্দিতাই দৰ্জাখন জপাই দিলে। পুনৰবাৰ দূৱাৰত টোকৰ। আকৌ কোন আহিল! বিৰক্তিৰে তাই দৰ্জাখন খুলি দিলে....। সন্মুখত ৰুনাভ। তাই থতমত খালে।
- ৰুমলৈ সোমাব দিবানে? নে মাষ্টৰণীৰ ৰুমত একেবয়সীয়া ল’ৰাৰ প্ৰবেশ নিষেধ।
- ধেত্ সুমাই আহা।
- জখিনীজনীৰ দৰে হৈ আছা যে? কিয়? কালি কলেজৰ কোনোবা সহকৰ্মীয়ে হাই- ফাই জুৱেলাৰী চেট ল’লে নেকি? মুড অফ যে?
- ঐ, কিনো অদৰকাৰী প্ৰশ্নবোৰ কৰি আছা অ? ৫ মিনিট বহা। মই ফ্ৰেচ হৈ আহোগৈ।
- হেই মই যাওঁ নেকি? এনেই তোমাক এবাৰ চাই যাবলৈ আহিলো।
- কি? কিয়? কিনো ফটুৱামী কৰি আছা? কথাটোনো কি?
- এহ একো নাই। এনেই আৰু....।
- সলনি হোৱা বুলি ভাবিছিলো। নহ’লা?
- কুকুৰৰ নেজৰ দৰে মোৰ স্বভাৱ...। সলনি নহলো বুজিছা। এহ এইবোৰ বাদ দিয়া...। মুল কথালৈ আহো।
- কি মুল কথা?
- আই ষ্টিল লাভ ইউ।
- কি? কি কলা তুমি?
- আব্বে, মই তোক এতিয়াও ভালপাওঁ। মোলৈ বিয়া হবি?
- কি যে ল’ৰাটো নহয়। এইবোৰ এনেকে কব নোৱাৰি। কিনো পুৱাই পুৱাই...।
- চাল্লা, সংসাৰৰ সকলো মায়া এৰি কেৱল তোৰ কাৰণে মই আহি তোৰ চহৰ উলাইছোহি...। এতিয়া আকৌ তোৰ বাহানা আৰম্ভ হৈ গ’ল ন? এইবোৰ নেৰিচো তোক। উঠাই লৈ যাম ঘৰৰপৰা। ৬ বছৰ তোৰ বেকত গুপ্তচৰ লগাই ৰাখিছো। তোৰ প্ৰতিটো চেকেণ্ডক খবৰ ৰাখো। তই কি বুজিবি। মোক লাগিবই তোক। নহলে তোৰ ৰুমতে চিপ লৈ উলমি দিম। মই তোক ভালপাওঁ। মই তোৰ সৈতে জীয়াব খুজো। তোৰ সৈতে বাৰিষাৰ বৰষুণত তিতি পানী লগা জ্বৰত চটফটাই থাকিব বিচাৰো। তোৰ বুকুত মুৰ গুজি মেঘৰ গাজনি শুনিব খুজো...। তই মোৰ হবই লাগিব...। ৰুনাভৰ পোনপটীয়া প্ৰস্তাৱ। প্ৰস্তাৱ নে দাদাগিৰী জানো তাৰ কথা ধৰিবই নোৱাৰি।
স্পন্দিতাই ৰুনাভৰ চকুলৈ চালে। সি তাইৰ মুখলৈকে চাই আছে। তাৰ চকুৰ পতা পানীৰে উপচি পৰিছে...।

তাই একমুহুৰ্তৰ বাবে কিবা এটা ভাবিলে। ন’কিয়া ম’বাইলৰ দৰে বিবেকে এই সময়ত হেং মাৰিছে। ইম’চনেল মানুহবোৰৰ এইটোৱে জঞ্জাল। উপায় নাই আৰু..। নোৱাৰি। এক অজান শক্তিৰ তাড়ণাত স্পন্দিতাই দুবাহু মেলি দিলে....। ৰুনাভো টেঙৰ, এক চেকেণ্ড সময় অপব্যৱহাৰ নকৰি সি তাইৰ দুবাহুৰ মাজলৈ ঢাপলি মেলিলে। স্পন্দিতাই তাক কাণে কাণে ক’লে- ভালপোৱাও এক অজুহাত...।