“তাৰ কি খবৰ? এতিয়া সি ক’ত আছে?” তাই তোৰ কথা সুধিছিল। পলাশে জ্বলন্ত চিগাৰেটতো মোৰফালে আগুৱাই দিলে। চিগাৰেটৰ ধোঁৱাখিনি বায়ুমণ্ডললৈ এৰি দি মই বুকুখন পাতল কৰি ল’লো।
- তাই সঁচাকৈয়ে মোৰ বতৰা লৈছিলনে?
- ওঁ।
মোৰ কাতৰ চাৱনিত পলাশ সহজ হব পৰা নাছিল। সি একেথৰে মুকলি আকাশখনৰ নীলাখিনিলৈ চাই ৰ’ল।
- মাজতে মই সিহঁতৰ কাষৰ মানুহঘৰলৈ গৈছিলো। তাইক অৱশ্যে দেখা পোৱা নাছিলো।
- তাই তোক দেখিছিল। নিশ্চিত নাছিল বাবেই মাকক সুধিছিল সেইটো অনুৰাগ নহয়নে!
- তই কেনেকে জানিলি?
- লগ পাওঁতে তাই কৈছিল।
- ওঁ। তাই মোক মনত ৰাখিছে তাৰমানে?
- পাহৰিব কেনেকৈ?
- বিশ্বাস নহয়।
- তই পাহৰিব পাৰিছ?
- নাই। কিন্তু মোৰ আৰু তাইৰ মাজত পাৰ্থক্য আছে।
- অথচ, তহঁত দুয়োৰে একোটা হৃদয় আছে।
- তাতো পাৰ্থক্য আছে।
- পাৰ্থক্য কেৱল- তই প্ৰকাশ কৰিছ, তাই পাৰা নাই। এইক্ষেত্ৰত তাইৰ কষ্ট বেচি।
- হাঃ হাঃ হাঃ। মই নাভাবো তেনেকৈ। তাই সুখী।
- তাই বাধ্য।
- ওকালতি কৰিছ?
- প্ৰয়োজনবোধ কৰা নাই।
- নকৰিবি।
- তাই সুখেৰে থকাটো নিবিচাৰ?
- বিচাৰিছিলো। এতিয়াও বিচাৰো।
- তোৰ সৈতে সুখী হোৱাটো কামনা নকৰিবি।
- কৰিছিলো। এতিয়া নকৰো।
- ভাল কথা। তাই নোৱাৰিব।
- জানো।
- ওঁ।
- তাই নুসুধিলে ন মই কেনেদৰে আছো?
- নুসুধিলে। তই কেনেদৰে থাকিব পাৰ তাইতকৈ আৰু কোনে ভালকৈ জানিব পাৰে?
- তাইক এবাৰ লগ পাবলৈ বৰ মন গৈছে। এবাৰ লৈ ব’লনা মোক।
- নাই নালাগে। তোৰ লগতে তাইৰো অশান্তি হব। থাকিব দে তাইক তেনেকৈয়ে। লগ ধৰাৰ চিন্তা নকৰিবি।
- প্লিজ এবাৰ লগ পোৱাই দেনা। প্লিজ। মাত্ৰ এবাৰ মৌচুমীৰ মুখেৰে শুনিব খুজো মই বিহীনতাত তাই কেনে আছে?
পলাশ গলগৈ। সি যোৱাৰেপৰা বুকুখন বৰকৈ বিষাইছে। ছেঃ সি নহাহেঁতেনে ভাল আছিল। পগলাটো আহিছে আহক, কিন্তু তাইৰ বতৰা লৈ সি কিয়নো আহিব লাগে? ধে্ত।
“বৈধই হওক বা অবৈধ, প্ৰেম সদায় প্ৰেমেই। কথাতে কয় বুলে- Everything is fair in love and war. মই কি কৰো? উশাহ লওঁ, তুমি.... আকাশলৈ চাওঁ, তুমি....। নিচাসক্ত গভীৰ নিশাবোৰত সাৰপাই উচুপো, চৌপাশে তুমি। কেৱল তুমি। অৱস্থাই হওক বা দুৰৱস্থা, আন্ধাৰ মোৰ প্ৰিয়। নিজক সাৱটি অনিদ্ৰাৰ সৈতে যুঁজি যুঁজি মই নাভাগৰো। ভাল লাগে এনেকৈয়ে, অবৈধভাৱে তোমাক টানি আঁজুৰি বুকুত সাৱটি উজাগৰী পল গণাৰ মজাই বেলেগ।“
- পৰকীয়া প্ৰেম যেন লাগিছিল। পৰিস্থিতিটো সহজ হওক বুলিয়ে তাই তেনেকৈ ক’লে। অনুৰাগে হাঁহিছিল। কৃত্ৰিম হাঁহিটোৰ সৈতে সি অভ্যস্ত। চাওঁ নাচাওঁকৈ সি মৌচুমীৰ চকুলৈ চালে। তাই দেখোন তাৰ চকুলৈকে চাই আছে। সি কি ক’ব। ক’বলৈ কিবা থাকিলেহে। ইফালে দিঙিত কিবা এটাই চেঁপা মাৰি ধৰি আছে। ইচ্ছা কৰিলেও এই মুহুৰ্তত তাৰ মাত নোলাব।
- কি হ’ল? একো কথা নকও বুলি শপত খাই আহিছিলা নেকি? অনুৰাগে সোঁৱে বাঁৱে মুৰ জোঁকাৰি নহয় বুলি জনালে।
- তেন্তে কিবা কোৱা আকৌ।
- ভালে আছা?
- বেয়া যেন লাগিছে নেকি?
- ওহো। এনেই সুধিলো।
- ওঁ। ল’ৰাটো বৰ ফৰ্মেল হৈ গলা।
- আৰু?
- বৰ ধুনীয়া গল্প লিখা। তোমাৰ গল্প মোৰ স্বামীৰ প্ৰিয়। তোমাৰ সাংঘাটিক ফেন।
- আৰু তোমাৰ?
- পঢ়ো কেতিয়াবা। কিন্তু সময়ৰ অভাৱ। ব্যস্ততা। তেখেতে কেতিয়াবা পঢ়ি শুনালে শুনো আৰু...। ভাল লাগে।
- ওঁ।
খবৰ নিদিয়াকৈ এদিন এনেকৈয়ে ওলামগৈ তাইৰ ঘৰ। চাহ, বিস্কুট আৰু মিঠাই খোৱাব। এনেকৈয়ে তাই মোৰ বতৰা ল’ব.....। মইহে যাব পৰা নাই। প্ৰিয়তমাৰ ঠিকনা হেৰাল...... হেৰাল মোৰ কলিজা....।
সময় ৰৈ নাথাকে। জীৱনৰ আলিবাট একা-বেকা। এদিন দুদিনকৈ বছৰবোৰ বাগৰিল। আজি কলেজীয়া বন্ধু পলাশৰ শুভ বিবাহৰ দিন। মৌচুমী আহিছে..... অনুৰাগক বাদ দি তাৰ ন- পুৰণি সকলো বন্ধু একলগ হৈছে। বিয়াঘৰ জমিছে। মৌচুমীৰ বুকু কঁপিছে, স্পন্দনৰ গতিবেগ বাঢ়িছে আহিবনে এবাৰলৈ অনুৰাগ? সি কেনেদৰে আছে?
নিমন্ত্ৰীণ অতিথি আহি আছে, গৈ আছে। কোনোবা এজন চিনাকী বহুজন অচিনাকী। জীৱনৰ যুঁজখন তাহানিৰ বন্ধুবোৰ সলনি হ’ল। হেৰাই গ’ল তাহানিৰ মানুহবোৰ। হয়তো অনুৰাগো.....। বহুদিন হ’ল তাৰ গল্প, কবিতা পঢ়িবলৈ নোপোৱা। বহুদিন হ’ল তাক কাষৰপৰা নেদেখা। মাথো এবাৰ তাক লগ পাব পৰাহেঁতেন...। চকুত চকু থৈ মাত্ৰ এবাৰ সি সুধাহেঁতেন- “মৌচুমী, তুমি কেনে আছা অ’ ?” নাই, পলাশৰ বিয়ালৈ অনুৰাগ নাহিব চাগে। হয়তো সিয়ো নিজক লৈ ভীষণ ব্যস্ত।
সন্ধিয়াৰ বিয়াৰ ৰভাতলী। অগণন মানুহ। অনুৰাগৰ সহপাঠী বিৰাজ আৰু পাৰ্থ দেৰিকৈ আহি ওলালহি.....। আহিয়ে কলেজীয়া অত্যাচাৰ আৰম্ভ কৰি দিলে। বেণ্ড পাৰ্টীৰ দায়িত্ব বাঢ়িল। সিহঁত দুটা সলনি নহ’ল। একেই উ্তপাত, একেই কথা- বতৰাৰ ধৰণ। পাকতে বিৰাজে ৰাজহুৱাকৈ ঘোষণা কৰিলে- হেই গাইজ, এটেনচন প্লিজ.... নৱপ্ৰজন্মৰ জনপ্ৰিয় গল্পাকাৰ অনুৰাগ কাশ্যপ আহি আছে।
বিশৃংখল দাৰি- চুলি, দুচকুত বিলাসী চানগ্লাছ, শৰীৰটোৰ দুগুণ আকাৰৰ এগালমান আঁক- বাঁক থকা বগা টি- চাৰ্ট আৰু ভৰিত লিপিট খাই লাগি ধৰা ক’লা ৰঙৰ জিনচটোৰ সৈতে মানুহৰ ভীৰ ভেদি অনুৰাগ কাশ্যপ সুমাই আহিছে। ৰভাতলীৰ পৰিবেশ মুহুৰ্ততে সলনি হ’ল। সকলোৰে দুচকু নিবদ্ধ অনুৰাগৰ ওপৰত। গৰা আৰু অন্যান্য বন্ধুবোৰে তাক আগুৰি ধৰিলে....। অচিনাকী মানুহবোৰে চৰম আশ্বৰ্য্যতাৰে সিহঁতলৈকে চাই থাকিল। মৌচুমীয়েও কেৱল নিৰপেক্ষ দৰ্শক হৈ ৰ’ল। অনুৰাগৰ উপস্থিতিক তাই উদযাপন কৰিব পৰা নাই। ভয় লাগিছে, অপৰাধবোধ জাগিছে, অস্থিৰতাত উশাহৰ গতিবেগ বাহিছে........।
- মৌচুমী..... চানগ্লাছজোৰ খুলি অনুৰাগে তাইৰফালে আগুৱাইছে....। তাইৰ ওঁঠ কঁপিছে....। সৰ্বসৰীৰ জিকাৰ খাই উঠিছে....। চকুৰ পতা লৰিলেই যেন এজাক বাৰিষা মাতাল হ’ব.....।
- - কি খবৰ মৌচুমী? অনুৰাগৰ কণ্ঠত কঁপনি...। সি একেথৰে তাইৰ চকুলৈকে চাই আছে...। মৌচুমীয়ে চাব পৰা নাই...। তাই কব পৰা নাই- মই আছো জীয়াই....। তাই সুধিব পৰা নাই “অনুৰাগ, তুমি কেনেদৰে আছা অ?”