“৮ বাজিবৰ হ’ল। সন্ধ্যা নহওঁতেই বজাৰলৈ বুলি উলাই যোৱা বাপেৰটোৰ এতিয়ালৈকে দেখা সাক্ষাত্ নাই। জুৱাৰ আদ্দাত বহিল চাগে। তেওঁৰ ভৰষাত ৰৈ থাকিলে তোৰ আৰু আজি ভাত খোৱা নহব। চাইকেলখন লৈ তয়ে পতকে চাৰিআলীৰপৰা বজাৰকিটা কৰি আনি আনগৈ যা। হু ল... টকা এশ আছিল। তাকে দিছো। আৰু হাতত ফুটাকড়ি এটাও নাই। মাংস এপোৱা লৈ বাকী টকাৰে আলু, পিয়াঁজ, মিঠাতেল যি পাৱ মিলাই লৈ আনিবি। আদা আছে। নহৰু নালাগে। জোনালীহঁতৰ ঘৰৰপৰা কালি ধাৰলৈ অনা নহৰু দুয়া আছেই। অ, হেৰি নহয়... মচলাৰ পেকেট এটাও লাগিব। সাৱধানে যাবি। বজাৰত দেৰি নকৰিবি। দিন কালবোৰ বৰ এটা সুবিধাজনক নহয়। “
মায়ে মোৰ হাতত গুজি দিয়া দহটকীয়াৰ নোটকেইখন পকেটত ভৰাই দীঘলকৈ হুমুনিয়াহ এটা কাঢ়িলো। মাৰ মুখলৈ চালো, কেৰাচিন তেলৰ চাকিটো লৈ দিঙি মেলি মেলি পদূলিলৈ চাই আছে। কিজানিবা বজাৰৰ মোনাটো হাতত লৈ মানুহজন আহি উলাইহি। তেতিয়া অন্ততঃ ল’ৰাটো বজাৰলৈ যোৱাৰপৰা ৰেহাই পাব আৰু হাতৰ এশ টকাটো খৰচ হোৱাৰপৰা ৰক্ষা পৰিব। “লৰালৰিকৈ যা আকৌ বাবা। চাৰিআলীৰ দোকানবোৰ বন্ধ কৰিবৰ সময় হ’ল নহয়। দোকানী নাপালে ৰাতিলৈ নিমখ তেলেৰে ভাত খাব লগা হ’ব।“ মাৰ হেচুকনিত মোৰ গালৈ চেনত আহিল। উঁৱলি যোৱা পুৰণি প্লাষ্টিকৰ মোনাখন এটা হাতে লৈ মই চাৰিআলী অভিমূখে খোজ ল’লো। মাংস নাপালো। সন্ধিয়াতে শেষ। মাছৰ বজাৰখনলৈ এনেই পাক এটা মাৰিলো। নিকিনিলো। দেউতাই মাছ ভাল নাপায়। এশ টকাটোৰে গেলামালৰ দেকানখনৰপৰা আলু, পিয়াঁজ আৰু মিঠাতেলৰ আধা লিটাৰ পেকেট এটা লৈ মই আহি ঘৰ পালোহি। চাকিটোত কাষতে থৈ ঘৰৰ বাৰান্দাখনতে মায়ে জুপুকা মাৰি বহি আছে। দেউতা এতিয়াও আহি নাপালেহি।
“মাংস নাপালো মা। সোনকালে শেষ হৈ গ’ল। বাকী বস্তুকেইপদ মোনাটে আছে। হু ল।“ মাৰ হাতত মোনাটো গুজি দিলো। তেওঁ কিবা এক ভাৱত বিভোৰ। কি বা ভাবি আছে? নে পিঠিৰ বিষটো বেচিকৈ ধৰিছে? সুধিলেও সঁচা কথা নকয়। কি যে মানুহজনী! অ মা, দেউতা আজি সোনকালে পাবহি দে। তই অযথা চিন্তা কৰি নাথাক। সদ্যহাতে জুহাললৈকে যাচোন। ভাতকেইটা ৰান্ধগৈ। ভোক লাগিছে মোৰ। তোৰ জানো ভোক লগা নাই?“ প্ৰত্যুত্তৰত মায়ে দীঘলকৈ উশাহ এসোপা টানি ল’লে।
ক্ষন্তেক নিৰবতাৰ অন্তত তেওঁ বহাৰপৰা উঠিল। এটা হাতে মোনাখন আৰু আনটো হাতেৰে চাকিটো লৈ থৰক বৰক খোজেৰে তেওঁ ঘৰৰ ভিতৰলৈ সুমাই গ’ল।
মই বাহিৰতে ৰৈ দিলো। বাৰান্দাখনৰ সিমুৰে থকা তুঁহগুৰিৰ বষ্টাটোৰ এপৰত বহি ল’লো। এগালমান চিন্তাই মুৰটো খুলি খুলি খাই আছে। ছমাহৰ মুৰত দহদিনমান থকাকৈ ঘৰখনলৈ আহিছো। থকা দিনকেইটা অলপমান শান্তিৰে কটাম বুলি ভাবিছিলো। কিন্তু এইবাৰৰ পৰিস্থিতি পূৰ্বতকৈ ভয়ানক। দেউতাই আগতকৈ অধিক হাৰত মদ্যপান কৰিবলৈ ল’লে। জুৱা খেলৰ নামত বাৰীৰ আটাইকেইদাল বাঁহ বিক্ৰী কৰি তহিলং হ’ল। গোহালীৰ গাইজনী মোৰ পলিটেকনিকৰ এডমিচন লোৱাৰ বাবদ বিক্ৰী কৰা হ’ল। থাকিল খেটি মাটী তিনিবিঘা আৰু ঘৰৰ ভেটীতো। ঘৰৰপৰা গৈয়েই পাচৰ চেমিষ্টাৰৰ এডমিচন ল’ব লাগিব। আকৌ প্ৰয়োজন হব প্ৰায় পোন্ধৰ হাজাৰমান টকা। এইবাৰ টকা ক’ত পাম? বাকী হোষ্টেলৰ ফিজ, কিতাপ পত্ৰ কিনা, যাতায়ত আদি আনুষংগিক খৰচবোৰ আছেই। কিন্তু খৰচ বহন কৰিবলৈ টকা কত? দিনক দিনে মা ভীষণ দূৰ্বল হৈ পৰিছে। গা পৰি আহিছে। এনেকৈ হ’লে দিন হাজিৰা কৰি, লোকৰ ঘৰত বাচন মাজি, চাউল- ধান জাৰি আৰু কিমানদিনলৈ টকা যোগান ধৰি থাকিব? দেউতাৰতো কথাই বেলেগ। সন্ধ্যা হলেই মদ আৰু জুৱাৰ চিন্তা। ঘৰত তিৰোতাই কি কৰিছে, সংসাৰ কেনেকৈ চলিছে, ল’ৰাটোৱে পঢ়িবলৈ ক’ৰপৰা টকা পাইছে আদিবোৰৰ হিচাপ ৰখাৰ আহৰি নাই। তেখেতক বুজাই লাভ নাই। বয়স উকলিল। যি কৰিব লাগিব ময়ে কৰিব লাগিব। সি ৰৈ গ’ল। হয়তো ভাগৰ লাগিছে নতুবা তাৰ কবলগীয়াখিনি শেষ।
- আৰু তাৰেই পৰিণতিত তুমি পেচাদাৰী হত্যাকাৰীৰূপে আত্মপ্ৰকাশ কৰিলা? কেৱল টকাৰ বাবে? কম বয়সীয়া বোৱাৰীজনীৰ গতানুগতিক প্ৰশ্ন। বিশেষ আচৰিত হবলগা একো নাই। অসমৰ দৰিদ্ৰ শিক্ষিত নিবনুৱাৰ এইটো এটা কমন সমস্যা।
বোৱাৰীজনীৰ কামুক বাহুবন্ধন নেওচি সি এইবাৰ খিৰিকীখনৰ কাষ চাপিল। খিৰিকীখন খুলি দিলে। জোনাকৰ চিটিকনি এসোপা আহি তাইৰ গালে মুখে বিয়পি পৰিল। বোৱাৰীজনীৰ লাজ লাগি গ’ল। স্পষ্ট আকৰ্ষণীয় উন্মুক্ত বক্ষযুগললৈ আজি নয়নে ৰ লাগি নাচালে। অহাৰেপৰা আজি সি অন্যমনস্ক। পূৰ্বৰ দৰে একেটানে আজুৰি নয়নে আজি তাইৰ অন্তৰ্বাসৰ হুক চিঙা নাই। উন্মাদনাখিনি ক’ত বা হেৰাল। বিচনাৰ সিমুৰে থকা কপাহী বিচনাখন টানি তাই গাত মেৰিয়াই ল’লে। নগ্নতাখিনি আন্ধাৰত লুকাই থাকিল।
নয়ন চেন্টি মুডত আছে। একান্তমনেৰে সি জোনবাইজনীলৈকে চাই আছে। জোনবাইজনী গৈ আছে গৈ আছে..... এপাকত ডাৱৰৰ মাজত লুকাই পৰিছে, আকৌ মেঘালী ওৰণি ফালি ওলাই আহিছে। ন- কইনাজনীৰ লাজেৰে...।
- সেইদিনা দেউতা বহু দেৰিলৈকে ঘৰলৈ উভতি নহাত মাৰ সৈতে তেওঁক বিচাৰি ওলালো। গৈ গৈ বিচাৰি পালোগৈ। মদ বিক্ৰী কৰা গাঁৱৰ জনজাতীয় সম্প্ৰদায়ৰ মানুহজনীৰ বিচনাত তেওঁক অসংযত অৱস্থাত উদ্ধাৰ কৰিলো। লাজ, খঙত একো নাই হৈ দেউতাই দা এখন লৈ মাৰফালে চোঁচা ল’লে। মোৰ সহ্য নহ’ল। দাখন থাপ মাৰি ধৰিলো আৰু দেউতাক ঘপিয়াই দিলো। একোঘাপে দেউতাৰ দিঙিটো দুটুকুৰা হ’ল। পুলিচৰ মোক ধৰি নিলে। কেইদিনমান পাচতে মায়ে আত্মহত্যা কৰিলে। অনেক কাকূতি মিনতিৰ পাচতো মাৰ মৃতদেহটো মোক চাবলৈ দিয়া নহ’ল। জেইলাৰৰ অনুমতি নাছিল। এদিন সুযোগ বুজি জেইলৰপৰা পলালো। পুলিচৰ চকুত ধুলি মাৰি পলাই ফুৰোতেই ফুৰোতেই ড্ৰাগচ ব্যৱসায়ী ভাইজানক লগ পালো। সি মোক তাৰ মোক বচৰ সৈতে চিনাকী কৰাই দিলে। তাৰপাচতে জীৱনটোৱে অন্য গতি ল’লে। শৰীৰৰ তেজ পি থকা মহ এটাক চপৰিয়াই মাৰিবলৈ সংকোচ কৰা ল’ৰাটোৱে এতিয়া টকাৰ বিনিময়ত মানুহ হত্যা কৰো। আচৰিত এই সময়। আচৰিত জীৱনৰ আহ্বান।
কথা কৈ থকাৰ মাজতে নয়নে মেলা খিৰিকীখন জপাই দিলে। জোনাক আতৰিল। আন্ধাৰত কোঠাটো ডুব গ’ল।
নিজ পুত্ৰই দেউতাকক কেনেকৈ হত্যা কৰিব পাৰে? মাক- দেউতাকে হাজাৰ ভুল কৰিলেও সন্তানে এনে পদক্ষপ লোৱা উচিতনে! বোৱাৰীজনীৰ নিজকে নিজে সুধিলে। তাই সহিব পৰা নাই। সহিব নোৱাৰিলেও উপায় নাই। কিন্তু নয়নে আজি তাইক তাৰ জীৱন বৃত্তান্ত কৰি কিয় শুনালে? হয়তো সি দেউতাকক হত্যা কৰি অনুতপ্ত। অথবা এৰি অহা কলা দিনৰ বৰ্ণনাৰে সি হয়তো আওপকীয়াকৈ এজন মানুহে আন এজন মানুহক হত্যা কৰাৰ আঁৰত কিবা এটা যে গভীৰ ৰহস্য নিহিত হৈ থাকে তাক প্ৰতিপন্ন কৰিলে! ওহো, বোৱাৰীজনীয়ে সঠিককৈ একো ধৰিব পৰা নাই।
নয়ন আহি এইবাৰ বোৱাৰীজনীৰ কাষ চাপিল। সি তাইৰ দেহত মেকিয়াই ৰখা বিচনাচাদৰখন আজুৰি দুৰলৈ দলিয়াই পেলালে। তাই তাক বাধা নিদিলে।
- আস্ কষ্ট পাইছো, চুলিত কিয় ধৰিছা! নয়নে বোৱাৰীজনীৰ ডাঠ চুলিকোচা সজোৰেৰে খামুচ মাৰি ধৰাত তাই কেকাই উঠিল।
- তয়ো প্ৰতাৰিকা। ঠিক মোৰ দেউতাৰ দৰে। স্বামীৰ কৰ্মব্যস্ততা, গভীৰ বিশ্বাসৰ সুযোগ লৈ তই নকৰিবলগীয়াখিনি কৰি আছ। শিৰত সেন্দুৰ লৈছ এজনৰ নামত আৰু মধুচন্দ্ৰিকা উদযাপন কৰিছ এজন প্ৰফেচনেল কিলাৰৰ লগত। বাঃ......
নয়নৰ আজি কি হ’ল। কি কয় সি! দুটা মাহ ধৰি সি তাইৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰি আহিছে। আগতে দেখোন সি এইবোৰ কথা উলিওৱা নাছিল। আজি কি হ’ল। তাৰ মতলব কি! বোৱাৰীজনীয়ে একো ধৰিব পৰা নাই।
- আৰে, তোমাৰ আজি কি হ’ল? মোৰ জীৱন মোৰ কথা। মোৰ ইচ্ছা মই কি কৰো। উকালতি কৰিছা কিয়! তোমাক শৰীৰ দিছো। চুপ- চাপ শৰীৰ লোৱা আৰু যোৱা। বোৱাৰীজনীয়ে খঙেৰে কলে।
- তোৰ লাইফ তোৰ কথা? বাকীবোৰ মৰিল মানে? আচলতে নাৰীৰ নামত তই কলংক। তোক বুজাই একো লাভ নাই। বিশ্বাস বুলা বস্তুটোৰ তোৰ ওচৰত কোনো মুল্য নাই?
এই ল... হু.......। বোৱাৰীজনীক একো কবলৈ সুযোগ নিদি নয়নে তাৰ হাতৰ ৰিভলভাৰটোৰ ট্ৰিগাৰ টিপিলে। কেইবাটাও বুলেট তাইৰ বুকু ভেদি পাৰ হৈ গ’ল। মেগজিনৰ আটাইকেইটা গুলি শেষ হোৱাৰ পাচত বোৱাৰীজনীৰ নিঠৰ দেহটো সি এবাৰ পৰীক্ষা কৰি চালে। কাম চাফা। সি এখন্তেক কিবা এটা ভাবি পকেটৰপৰা ম’বাইলতো উলিয়ালে। মেচেজ অপচনত গৈ এচ এম এটা টাইপ কৰিলে- "অকে ডান।" আৰু মেচেজটো বোৱাৰীজনীৰ স্বামীলৈ ফৰৱাৰ্ড কৰি দিলে।