বন্ধু ডাক্তৰ সীমান্তৰ ফোনকলটো পোৱাৰ লগে লগে দহমিনিটৰ ভিতৰত ১৪ কিঃ মিঃ দূৰত্ব অতিক্ৰমি গৈ মই উলাইছিলোগৈ নগৰখনৰ অত্যাধুনিক সা-সুবিধাযুক্ত ব্যক্তিগত খণ্ডৰ বিশেষ চিকিত্সালয়খন। মোৰ তথৈবচ ভয়াৰ্ত মুখাবয়ৱ দেখি সীমান্ত আচৰিত হৈছিল, প্ৰকাশ কৰা নাছিল। ময়ো সেই সময়ত উপলব্ধি কৰা নাছিলো, প্ৰয়োজনতকৈ কিমান বেছি বেগত কাৰখন চলাই নিছিলো। ভাগ্য ভাল আছিল বাবেই বিপদ নহ’ল। আচলতে উদেশ্য সত্ আছিল। আনদিনাৰ দৰে কোনোবা দৰিদ্ৰ জনতাই টকাৰ অভাৱত হাস্পটালৰ বিল পৰিশোধ কৰিব নোৱাৰি কিডনী এটা বিক্ৰী কৰিবলৈ প্ৰস্তুত হোৱাৰ বাতৰি শুনি মই আপোন পাহৰা হোৱা নাছিলো। ব্যৱসায়ীক লাভা- লাভৰপৰা হিচাপটোলৈ গুৰুত্ব নিদি বহু ঘন্টা সময় হাস্পটালতে কটায় এটা সময়ত সীমান্তৰ কাষৰপৰা ঘৰলৈ উভতিছিলো। সীমান্ত আকৌ আচৰিত হৈছিল।
নিশা মোৰ বিবাহিত পত্নী। ঘৰলৈ উভতি আহোতে সুৰামত্ত হৈ আহিছিলো। তাই আনদিনাৰ দৰেই আজিও এটাও প্ৰশ্ন সুধা নাছিল। অভ্যাসগত তাই মানসিকভাৱে সদা প্ৰস্তুত। বিছাৰিলেই মই বিছৰাধৰণে শৰীৰটো দিবলৈ তাই সদায় সাজু। দুটা বছৰৰ বিবাহিত জীৱনটোত আজি মই প্ৰথমবাৰৰ ক্লান্ত, ভগ্ন। তেনেই দুৰ্বল হাতখনেৰে শিতানৰ গাৰুটো আজুৰি লৈ মই বিচনাখনত ঢলি পৰিছিলো। নিশাই মৃতদেহ এটাৰ দৰে পৰি থকাৰপৰাই মোলৈ কাতৰেৰে চাইছিল। ধৰি লৈছিল, ব্যৱসায় সংক্ৰান্তীয় কিবা সমস্যাৰে মই জৰ্জৰিত। ইমানদিনে মই তাইক মোৰ মনটোৰ উমান লবলৈ সুযোগ এটাও নিদিলো। তাৰ বাবে অনুতপ্তও নহয়। মোৰ দুৰ্বলতা, সৱলতা কিম্বা মনটোৰ প্ৰকৃত উমান লোৱাৰ একমাত্ৰ অধিকাৰ কেৱল সুদৰ্শিতাক প্ৰদান কৰিছিলো। আঁকোৰগোজ স্বভাৱটোৰ বাবেই মোৰ লগতে আন বহুজনৰ অশান্তি আগতেও হৈছিল, আজিও....।
ৰাতি বহু দেৰি হৈছিল। দহ- পোন্ধৰ মিনিটৰ বাবে নিশাৰ শৰীৰটোৰ টনা আজুৰা কৰি ময়ো ইমানপৰে লালকাল টোপনীত ঢলি পৰো। সুৰাৰ ৰাগিত মই গমেই নাপাওঁ নিশা কেতিয়া শুই পৰে। আজি তাই সাৰ আছে। হয়তো, মোৰেই অপেক্ষাত তাই অস্বস্তিৰ পল গণি আছে। তাৰ পাছতো তাইক স্পষ্টীকৰণ দিয়াৰ প্ৰয়োজনীয়তা অনুভৱ নকৰিলো।
সুদৰ্শিতাৰ সৈতে মই সুখী আছিলো। আজিৰ দৰে মোৰ হাতত এগালমান সা-সম্পত্তি, ক্ষমতাও নাছিল। মই তাইৰ ওচৰত খুবেই ঠুনুকা হৈ ধৰা দিছিলো। মোৰ অজানিতেই তাইৰ ওচৰত প্ৰতি পল অনুপলত বিধস্ত হৈছিলো। নিশাৰ দৰে তাইৰ খুউব ধুনীয়া নাছিল, মোৰ প্ৰেমত তাই আটাইতকৈ ধুনীয়াজনী হৈছিল। সুদৰ্শিতাক কলে বিশ্বাস কৰা নাছিল। তাইৰ মাক-দেউতাকেও মোৰ ভালপোৱাখিনিক বিশ্বাস কৰিবলৈ অমান্তি হৈছিল। তাইৰ বিপৰীতে মাক-দেউতাকে মোৰ ওচৰত ভৰষা কৰিব পৰা নাছিল। নিজেই আতৰি গুছি আহিছিলো এদিন...। তাই চাগে বহুদিন বহুৰাতি কোনেও নেদেখাকৈ উচুপিছিল..... ঠিক নিশাৰ দৰে....। হয়তো সুদৰ্শিতাই মোৰ অশাৰীৰিক উপস্থিতি অনুভৱ কৰা নাছিল আৰু নিশাই মোৰ শাৰীৰিক উপস্থিতিত আশ্বস্ত হব পৰা নাছিল।
৩ বাজি পাৰ হৈ গ’ল। টোপনী নাহিল। বিচনাখনৰপৰা উঠি আহিব ধৰোতেই নিশাই হাতখন থাপ মাৰি ধৰিলে। মই আচৰিত হৈ তাইৰ মুখলৈ চালো। তাই কন্দনামুৱা কণ্ঠেৰে মোক ক’লে, “ইমানকৈ চিন্তা নকৰিবা। সুদৰ্শিতাৰ একো নহয়। তুমি থাকোতেই তাইৰ কি হব পাৰে....।“