৮১ বৰ্গফুটৰ এজনীয়া বিশৃংখল কোঠাটোত এখনেই বিচনা। বিচনাখনত এটা অৰ্ধমৃত মানুহ। গাৰু এটাৰ অনুপস্থিতিত দুৰ্গন্ধ ওলোৱা ব্লেংকেটখন সামৰি গোটা কৰি তাৰ ওপৰতে মানুহটোৱে মুৰটো থৈ উশাহ নিশাহৰ প্ৰক্ৰিয়াটো চলাই আছে। মানুহটোৰ সোঁহাতৰ নিৰ্দিষ্ট ঘাঁ টুকুৰাৰপৰা খৰালিৰ নৈখনৰ দৰে লেহেমিয়া গতিৰে বৈ অহা ৰঙা বিষাক্ত পানীসোপাই বগা লেতেৰা বিচনাচাদৰখনত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম নহ’ল। গোট মাৰি কৰাল বন্ধা তেজখিনিৰ কাষতে হাজাৰটকীয়া সেমেকা নোটৰ বাণ্ডিল কেইটামান পৰি আছে। তালৈ মানুহটোৰ ভ্ৰূক্ষেপ নাই। কেঁচা তেজৰ গোন্ধত তাৰ মুৰটোহে আচন্দাই কৰি আহিছে, সি দূৰ্বল নহয়, সি ভয় কৰিব নাজানে।
প্ৰজ্ঞাৰ কপালত সেন্দূৰ অকাৰ দুৰ্দান্ত বাসনা জাগি উঠাৰ দিনাই ৰঙা ৰঙটোৰ প্ৰেমত বিধস্ত হৈছিলো। সেইদিনাই তায়ো গাত মেৰিয়াই ৰাখিছিল এখন ৰঙা চাদৰ, এটা ৰঙা ব্লাউজ আৰু একে ৰঙৰে এখন মেখেলা। কাপোৰযোৰ দেখিয়ে অনুমান হৈছিল কোনোবা অভিজ্ঞ শিপিনিয়ে বৰ কষ্টেৰে কাপোৰযোৰৰ পূৰ্ণতা দিছিল। সেই পূৰ্ণতাৰে তাই এক অনন্য ৰূপ ধাৰণ কৰিছিল। মই বলীয়াতো হৈ উৰি গৈছিলো। তাইৰ কাষ পাইছিলোগৈ আৰু চাদৰখনৰ খহাই বুকুখন চুমি চাইছিলো। প্ৰজ্ঞাই বাধা দিয়া নাছিলো, চেগ বুজি ময়ো সুধা নাছিলো, “মাইচাজ সূতাৰ এতিয়া কি দাম??”
মায়ে হিচাপমতে টকা দিয়ে। সেই টকাৰে সূতা কিনি আনো। মায়ে তাঁত বয়। মই মাজে মাজে যঁতৰ ঘূৰাই দিয়ো। চেৰেকিটো ঘূৰি থাকে, মহুৱাটো মঙহাল হৈ গৈ থাকে....। কোনোবা এটা সময়ত সূতাৰ নেচাটো ঠাহ মাৰি ধৰে। জোৰ কৰিলেই সূতাদাল চিঙি থাকে। আঁত বিচাৰি মই হাবাথুৰি খাওঁ....। অধৈৰ্য্য হৈ সাহসী মানুহটো পলাই যাওঁ। মায়ে গালি নিদিয়ে। সূতাৰ দাম বাহিল বুলি কৈ দুটকামান পকেটত ভৰালেও মায়ে সন্দেহ নকৰে। বেজাৰত বুকুখন মোচৰ খাই আহে। কোনেও নেদেখে।
প্ৰজ্ঞাৰ ৰঙা ৰঙৰ ব্লাউজটোৰ ফাঁকেৰে অসাৱধানতাবশতঃ উন্মুক্ত হৈ মোৰ চকুত ধৰা দিয়া শুকোলা অৰ্ন্তবাসটোলৈ ৰ’ লাগি চাই আছিলো। তাই লাজ কৰা নাছিল। মোক নকৈছিল, “যাঃ দুষ্টটো কৰবাৰ.... এনেকৈ নাচাবা।“ বহুদেৰি তাই গমেই পোৱা নাছিল। মই ঈৰ্ষাত জ্বলি উঠিছিলো, তাইৰ কাষলৈ গৈ কব পৰা নাছিলো, “ব্লাউজটো ঠিক কৰি লোৱা।“ সাহসী মানুহটো তেনেই দূৰ্বল আছিলো। তথাপিও কৈ পেলাইছিলো, “প্ৰজ্ঞা, তুমিহীন শূণ্য মোৰ আকাশ।“ তাই আচৰিত হোৱা নাছিল, দুদিনমান দেৰিকৈ কৈছিল “আকাশখন তোমাৰেই... লৈ যাবাহি মোক এদিন একেবাৰে।“
মায়ে বহুদিনৰ পাছত তাঁত ববলৈ আৰম্ভ কৰিছিল। পকোৱা সূতা এসোপা আনি দিছিলো। মাৰ উকা কপালখনলৈ চাই মই মুখ খুলি কব পৰা নাছিলো, “মাইচাজ সূতা এসোপাৰে ৰঙা ৰঙৰ কিবা এযোৰ লগাচোন মা।“
প্ৰজ্ঞাৰ উকা শিৰত সেন্দূৰ অঁকা সেই মানুহজনী কোন আছিল? তাইৰ দেহত মেৰিয়াই ৰখা ৰঙা সাজযোৰ কোনে সাজি উলিয়াইছিল! মোৰ মা নাছিল। ক্ষত বিক্ষত মানুহটোৰ সোঁহাতখনৰপৰা তেজ নিগৰিছিল... কেইবাটাও বুলেট আহি মোৰ বাঁওহাতখন বিন্ধিছিল। মই দৌৰি পলাইছিলো.... মোৰ আগে আগে মানুহজন...। মানুহজনৰ পঠিত এটা টকা ভৰ্তি বেগ। মানুহজন আহি নিৰ্দিষ্ট কোঠাটোত সূমাই পৰিছিল... পাছে পাছে মই। সি মোক গামোচা এখেনেৰে গুলীবিদ্ধ হাতখন বান্ধি দিছিল। মোৰ তেজ উলোৱা বন্ধ হৈছিল....। প্ৰজ্ঞাৰ বুকুত এটা তীক্ষ্ণ দাঁতৰ আঁচোৰ পৰিছিল... তাই কেঁকাই উঠিছিল... মই পিষ্টলটো লৈ মানুহটোৰ ওপৰত জপিয়াই পৰিছিলো। তাইৰ শিৰত সেন্দূৰ নাছিল।
(বিঃদ্ৰঃ- কোনোবাই কমপ্লেক্স গল্প পঢ়ি খুউব ভাল পায়। সেই কোনোবাজনীৰ হাতত মৰমেৰে.... প্ৰাচুৰ্য)