মানুহজনীৰ গিৰীয়েকটো দুৰ্ঘোৰ মদাহী। সংসাৰৰ
প্ৰতি অলপো কাণ- মন নাই। ঘৈণীয়েকে লোকৰ ঘৰত দিন হাজিৰা কৰি, ধান- চাউল জাৰি, বাচন
ধুই অথবা বিয়া ঘৰত তামোল- পাণ কাটি উপাৰ্জন কৰা টকাৰে কোনোমতে দুবেলা দুসাজ ভাতৰ
যোগান ধৰি আছে। তেওঁলোকৰ একমাত্ৰ ছোৱালীজনীৰ বয়স ১০ বছৰ। ব’নমেৰু কেঞ্চাৰ হৈ জীৱনৰ শেষ
আবেলিটোৰ অপেক্ষাত ৰৈ আছে। বাপেকৰ বিশেষ গুৰুত্ব নাই। ল’ৰা সন্তান হোৱাহেঁতেন কথাটো
অলপ বেলেগ আছিল। তাই ছোৱালী যে.....। মাকৰ সহ্য নহলেও কি কৰিব পাৰে! টকা ক’ত? ভগৱান? নাই, ঈশ্বৰৰ প্ৰতি
কাহানিবাই বিশ্বাস হেৰাল। দান- দক্ষিণা দিয়া আৰু আৰ্শিবাদ গ্ৰহণ কৰা। গপচকৈ মাননি
এটা পালেই ঈশ্বৰ খুচ, মনোকামনা পূৰণ। ধনী মানুহবোৰ সদায় ধনী, দৰিদ্ৰবোৰ সদায়
দৰিদ্ৰ। কিয়নো তেওঁলোক দৰিদ্ৰ। আৰু এই দৰিদ্ৰ মানুহৰ কোনো ঈশ্বৰ নাথাকে। আচলতে
ছোৱালীজনীৰ বেমাৰটো হোৱাৰ আগলৈকে মানুহজনীৰ ঈশ্বৰৰ প্ৰতি বিশ্বাস আছিল। তেখেতৰ
দেউতাক এটা সময়ত গাঁৱখনৰ জনপ্ৰিয় পাঠেক আছিল। সকামে- নিকামে, গাঁৱৰ বছৰেকীয়া উত্সৱ-
পাৰ্বণে সদায় দেউতাকে গীতা, ভাগৱত পাঠ কৰি ভক্তপ্ৰাণ ৰাইজৰ অন্তৰ জয় কৰিছিল।
তেখেতৰপৰাই মানুহজনীৰ মনত শিশুকালত ঈশ্বৰ সম্পৰ্কে এক ধাৰণাৰ সৃষ্টি হৈছিল...।
ঈশ্বৰ এক শক্তি। ঈশ্বৰৰ দৃষ্টিত সকলো সমান। জাতি- বৰ্ণ- ধৰ্ম নিৰ্বিনেশে সকলোকে
তেওঁ সমান দৃষ্টিৰে চায়। সত্যৰ জয়, অসত্যৰ পৰাজয়। সমাজৰ সকলো অশুভ শক্তিৰ বাবে
যমদূতস্বৰূপ তথা নিঃকিনজনৰ ত্ৰাণকৰ্তাৰূপে পৰিচিত এই ঈশ্বৰক মানুহজনীয়ে কোনোদিন
দেখা নাছিল। বিশ্বাস কৰিছিল। আজিৰ তাৰিখত চকুৰ সন্মূখত ২৪ ঘন্টাই দেখি থকা মানুহ
এজনকে বিশ্বাস কৰিব নোৱাৰি, তেনেস্থলত নেদেখা ঈশ্বৰক বিশ্বাস কেনেকৈ কৰা যায়! ভৰষা
ক’ত? যদি ঈশ্বৰ আছেই, তেন্তে তেওঁৰ ছোৱালীজনীৰ কেঞ্চাৰ হবলৈ কিয় পালে। সেই
কণমানিজনীয়ে কাৰ কি জগৰ লগাব পাৰে। আৰু মাকজনী? তেওঁ কাকো কোনোদিন সহায় কৰিব নোৱাৰিলেও কাৰো একো
অনিষ্ট কৰা নাছিল? তেনেস্থলক ভগৱানৰ সমস্যাটো ক’ত? নে তেওঁকো উত্কোচ লাগে ? যদি দান- দক্ষিণা, ভক্তিৰ নামত উত্কোচ লাগেই মানুহজনীয়ে ক’ৰপৰা দিয়ে? তেওঁ দেখোন সকলো দেখিয়ে
থাকে ওপৰৰপৰা। যিজনী মানুহৰ লজ্বা নিবাৰণৰ বাবে এটা নতুন ব্লাউজ কিনিবলৈ সক্ষমতা
নাই, দুবছৰৰ পুৰণি উৱলী যোৱা ব্লাউজটো টাপলী মাৰি কোনোমতে পুৰুষৰ দৃষ্টি ধৰ্ষণৰপৰা
নিজক ৰক্ষা কৰে সেইজনী মানুহে ভগৱানক দিব কি? তেওঁ কি দেখা নাই- এটা অন্তৰ্বাসেৰে কেনেকৈ
মানুহজনীয়ে জীয়াতু ভুগিছে? গৰমৰ দিনকেইটা হলেই বিপদ। ঘামৰ প্ৰকোপত আগবেলা অন্তৰ্বাস পিন্ধি কামলৈ ওলাই গ’লে আকৌ ভাটীবেলা সেই একেটা
অন্তৰ্বাস পিন্ধি কামলৈ যাব নোৱাৰি। বৰষুণজাকত তিতি কাম কৰিবলগা হলেতো শেষেই! ওচৰে- পাজৰে কাম
কৰি বা এনেই ৰৈ থকা পুৰুষৰ চকুলৈ কি চাবা? ছিঃ..... সেইক্ষেত্ৰত ঈশ্বৰে ক’ত? নে তেওঁ অন্ধ। নে দৰিদ্ৰজনৰ
প্ৰতি তেওঁৰ অলপো আগ্ৰহ নাই। ঈশ্বৰ নাই। দৰিদ্ৰজনৰ ঈশ্বৰ নাই। তেখেতৰ কাম কেৱল
আৰ্থিকভাৱে টনকীয়াল লোকৰ সৈতেহে। ঈশ্বৰ অন্ধ। দুখীয়াৰ তেজ শুহি, দুনীয়াৰ লেতেৰা
কামবোৰত জড়িত থাকি ৰজাৰ দৰে জীৱন যাপন কৰা মন্ত্ৰী- বিধায়কবোৰৰ দেখোন একো অনিষ্ট
নহয়। তেওঁলোকৰ বেমাৰ আজাৰো নহয়। কিয়? ঈশ্বৰো চুপ। কিয়? ফাল্টু লেকচাৰ চাল্লা, ঈশ্বৰৰ দৃষ্টিত সকলো সমান।
ছোৱালীজনীক চৰকাৰী চিকিত্সালয়লৈ লৈ যোৱা হ’ল যদিও কামত নাহিল। ডাক্তৰৰ
গুৰুত্ব নাই। মুখেৰে নকলেও, মানুহজনীয়ে বুজে বহু কথা। মৰি যাঃ... তহঁত দৰিদ্ৰবোৰ
পৃথিৱীত থাকি কিদাল কৰিবি। অথচ দৰিদ্ৰবোৰক লৈয়ে সমাজৰ অধিকাংশ ধনীৰ দুলালে টকাৰ
ভড়াল গঢ়িছে। গাত চেতন নাই। খাই পাতফলা মানুহক কাঁহিত ভাত দিলেও কাহি দলিয়াই দিব।
প্ৰতিবাদ নকৰাই উচিত। গাঁৱৰ দুই এজনৰ পৰামৰ্শ অনুসৰি ছোৱালীজনীক গুৱাহাটী মেডিকেল
কলেজলৈ লৈ যোৱা হ’ল। চিকিত্সা আৰম্ভ হ’ল যদিও সুফল পোৱা নগল। ব্যক্তিগত খণ্ডৰ চিকিত্সালয়ত দেখাবলৈ ইচ্ছা থকা সত্বেও
দেখাব পৰা নগ’ল। তাৰ মাজতে হঠাতে এদিন ট্ৰেইনত সাংবাদিকতা পঢ়ি থকা যুৱতী এগৰাকীৰ সৈতে
মানুহজনীৰ চিনাকী হ’ল। ইটো সিটো কথাৰ মাজতে ছোৱালীজনীৰ সমস্যাটোৰ বিষয়ে যুৱতীগৰাকীৰ অৱগত হ’ল। ঈশ্বৰ থাকক বা নাথাকক
সেই যুৱতীগৰকীৰ সহযোগত নাটকীয়ভাৱে মানুহজনীৰ পৰিচয় ঘটিল মহানগৰৰ চিটিমাৰ্ট কেঞ্চাৰ
হাস্পতালৰ স্বত্বাধিকাৰৰ একমাত্ৰ ল’ৰাটোৰ সৈতে। মানুহজনীৰ সৈতে ল’ৰাটোৱে বহুসময় ধৰি কথা পাতিলে, ছোৱালীৰ অৱস্থাৰ বুজ ল’লে আৰু অনাকাংক্ষিতভাৱে
চিকিত্সাৰ সকলো খৰছ বহন কৰা প্ৰতিশ্ৰুতি দিলে। বিনিময়ত কিছু সন্তুষ্টি। ঈশ্বৰ
আছেনে??
যুৱতীগৰাকীৰ বন্ধু তথা কোটিপতি দেউতাকৰ একমাত্ৰ
উত্পতীয়া ল’ৰাটোৰ ভাষাৰে- “ইমানগাল টকাৰে মই কি কৰিম? দেউতাৰ টকাৰে একো নকৰাকৈ ঘৰত শুই বহিয়ে মোৰ সাত জনমে খাই শেষ কৰিব নোৱাৰিব। গতিকে
মানুহজনীক সুবিধা পাই কেইটামান টকা দি দিলো আৰু। সৰু ছোৱালীজনীক দেখি মনটো বেয়া
লাগি গ’ল। ছোৱালীজনী যদি মোৰ ভন্টী হ’লহেঁতেন, সহ্য কৰিব নোৱাৰিলোহেঁতেন। তাতে নিজৰ লগতো আনকো মদ খুৱাই খুৱাই কিমান
টকা উৰুৱালো তাৰ হিচাপ নাই। প্ৰেমৰ নামত পেন্টালুনচ্, কে এফ চি, ডেলিকেচিত ইখনৰ
পাচত সিখন হাজাৰটকীয়া নোট উৰালো। প্ৰেমিকাক সন্তুষ্ট কৰাতকৈ কণমানিজনীক সহায় কৰি আজি
বেচি ভাল লাগিছে। কিবা এটা সুকীয়া আমেজ পাইছো। মোৰনো কি আৰু জীয়াই থকা নথকা একেই কথা।
কিন্তু সেই মানুহজনীৰ বাবে কণমানিজনী জীয়াই থকাটো বৰ জৰুৰী যেন লাগিল অ...। ঈশ্বৰে
তাইৰ মংগল কৰক। জীয়াই থাকক।“