- "ছাৰ, আপোনাৰ লাপুটো দেলিভাৰ্ড হ'ল দেই৷" ব্যৱসায়ীসূলভ হাঁহিটোৰে
দোকানীজনে মোলৈ ১০ টকীয়া ন'ট ৪ খন আগবঢ়াই দিলে৷ মই হাত পাতি ল'লো৷ পকেটৰপৰা ম’বাইলটো উলিয়াই ভাবিলো মালৈ এতিয়াই ফোন এটা কৰি
জনাই দিয়ো। মিছা নকওঁ, মায়ে ম'বাইলৰ মেছেজ পঢ়িব নাজানে৷ শাৰীৰিক অক্ষমতা নহয়, আনুষ্ঠানিক শিক্ষাৰে তেওঁ নিৰক্ষৰ৷ মাৰ মতে, ক্লাছ ফাইভলৈ অনুত্তীৰ্ণ হোৱাৰ পাছত তেওঁ স্কুল যাবলৈ এৰি
দিছিল৷ মাৰ মাক অৰ্থাৎ আইতাৰ দৰ্শন অনুসৰি তেওঁৰ ছোৱালীয়ে দুদিন পাছত বিয়া হৈ আন এখন ঘৰলৈ একেবাৰে উলাই যাব
লাগিব যেতিয়া পঢ়ি শুনি কি লাভ৷ স্কুললৈ নগৈ তেওঁ (আইতা) জীয়াই থাকোতেই ঘৰুৱা কাম -কাজ
শিকি বুজি গৃহস্থী চলাবলৈ অভিজ্ঞ হৈ ল'ব লাগে!! বচ, মাৰ পঢ়া-শুনা সিমানতে সমাপ্ত। আগৰ দিন এতিয়া নাই। মানুহৰ চিন্তা ধাৰনা সলনি হ'ল৷ আগৰ দিন নাই। চৌপাশে তীৰ্ব প্ৰতিযোগিতা৷ ডিগ্ৰী লাগে সকলোকে৷
যদিও মা স্কুলীয়া শিক্ষাৰে শিক্ষিত নাছিল মোৰ জীৱনৰ আদিপাঠ তেওঁৰপৰাই আৰম্ভ
হৈছিল৷ অ মানে অমিতা, আ মানে আম, ই মানে ইটা…। পৰিবৰ্তিত দিনবোৰত খোজত খোজ মিলাই আহি পঞ্চম শ্ৰেণী
পালো৷ তাৰ পাচত ষষ্ঠ… সপ্তম… অষ্টম… এটা দিনত হাইস্কুল
শিক্ষান্ত পৰীক্ষাত সুখ্যাটিৰে উত্তীৰ্ণ হ'লো৷ মোৰেই দুৰ্ভাগ্য, সেই বিশেষ সুখৰ
দিনটোত সুখবোৰ ভগাই লবলৈ, গাঁৱৰ দহজনৰ আগত
সগৌৰৱেৰে মোৰ কৃতকাৰ্য্যতাৰ বতৰা দিবলৈ দেউতা কাষত নাছিল৷ হয়তো তাৰেই অজুহাতত
সেইদিনা মাজৰাতি মায়ে বৰকৈ উচুপিচিল৷ মই মাথো মৌনতাৰে মাৰ উকা কপাললৈ চাই আছিলো৷
সুখী হবলগা জোখাৰে সুখী হ'ব পৰা নাছিলো৷ বিশেষ কিবা এটা উপাদানৰ অভাৱ ঘটিছিল৷ তথাপিও
মই গৌৰবাম্বিত, মোৰ কৃতকাৰ্যতাৰ আঁৰত আছিল
ইংৰাজী এছ এম এছ পঢ়িব নাজানা এগৰাকী দূৰ্ভগীয়া বিধবা নাৰী…। আজি মই যি, তাৰ আঁৰতে সেইগৰাকী নিৰক্ষৰ নাৰী, যি জীৱনৰ প্ৰতিকূল পৰিস্থিতিক ধৈৰ্য্যৰে অতিক্ৰম কৰি নিৰিবিচ্চিন্ন সংগ্ৰামৰ অন্তত ল’ৰাটোক মানুহ
হিচাপে ঠিয় হবলৈ শিকালে৷ হে মোৰ প্ৰিয় নাৰী,
তুমি
অৰ্ধ আকাশ…৷
"মোৰ মিনতি তৰা হয় যদি…" মোৰ বিলাসী গেলেক্সী এছ থ্ৰী ম’বাইলৰ স্ক্ৰীণত মাৰ
নম্বৰটো জিলিকি উঠিল৷
- অ’ মা কোৱা!
- বাবা তই ৰিছাৰ্জ কৰিছিলি নেকি?
- অ মা৷ তুমি কেনেকে জানিলা?? ১১০ টকা ভৰাইছিলো৷
- এহ, মেছেজ আহিছিল অ৷ কিবা ৰিছাৰ্জ বুলি ১১০ সংখ্যাটো ওলাইছিল। আৰু কিবা লিখা আছিল, বুজি নাপালো নহয়৷ খেলিমেলিত লগাত তোলৈ ফ'ন কৰিলো৷ ক'ত আছনো? ঘৰলৈ কিমান সময়ত উভতিবি??
- মই টাউনতে আছো মা৷ অলপমান
দেৰি হব পাৰে৷ নিশ্চিত নহয়৷ যদি নাইট ডিউটী কৰিবলগা নহয়, মই ফ'ন কৰি জনাই দিম৷ ফ'ন নকৰিলে তুমি ভাত
খাই শুই থাকিবা৷
- ওঁ, হব দে৷ ৰাখো৷
… টুইট…
সিফালৰপৰা মায়ে ফ'নটোৰ সংযোগ বিচিন্ন কৰি দিলে৷ মই শিলৰ মুৰ্তি এটাৰ দৰে
ৰৈ থকা ঠাইখিনিতে ৰৈ দিলো৷ কি অপূৰ্ব আনুমানিক শক্তি এই মানুহগৰাকীৰ৷ ৰিছাৰ্জ আৰু
১১০, এই দুটা শব্দ দেখিয়ে
কিদৰে ধৰি লৈছিল লাপু কৰা বুলি…৷ পুতেকটো হৈ এইমুহুৰ্তত ফুটনী মাৰি ক'লে এনেকৈয়ো ক’ব পাৰো- আচলতে মাক কাৰ, সেইটো জৰুৰী কথা৷ হাঃ হাঃ হাঃ মাক লৈ বুকুখন আপোনা-আপোনি দুই ইঞ্চিমান ফুলি উঠিল৷
হঠাৎ মোৰ আগে আগে ফ'নত কথা পাতি গৈ থকা
যুৱক এজনৰ কথালৈ কাণ গ'ল৷ বোধহয় সিফালে
অভিমানী প্ৰেমিকাৰ লগত সৰু সুৰা যুদ্ধ এখন চলি আছে৷ ল'ৰাজনে ক'লে- "আৰে বাবা, জাষ্ট ট্ৰাই টু আন্দাৰষ্টেন্দ৷ তোমাক ভালপাওঁ বুলিয়েই সকলো
সময়তে তোমাৰ স'তে ফ'নত কথা পাতি থাকিব নোৱাৰো নহয়৷ মোৰো এক নিজস্ব জীৱন আছে…৷ এনেকে আৰু প্ৰেম কৰিব পাৰি নেকি? মিছাতে মাঠাটো চুবাব নালাগে। অনবৰত ফ’নত কথা পাতি থাকিব পৰা ল'ৰা এটা পালে বিয়া হৈ গুছি যোৱা। ইফালে কেইবাদিন ধৰি মাৰ গা
অসুস্থ। টেনচন কিমান মইহে বুজিছো.....। " ল'ৰাজনৰ খোজৰ গতি খৰতকীয়া হ'ল৷ তেওঁৰ কথাবোৰ
ক্ৰমশঃ অস্পষ্ট হবলৈ ধৰিলে…।
ল'ৰাজনৰ কথাবোৰ শুনি বুকুৰ একোণ
বিষাই উঠিল। এক্ষন্তেকৰ বাবে মনটো অতীতলৈ উৰা মাৰিল। মৌচুমী…৷ মোৰ প্ৰেম, মোৰ ভালপোৱা…৷ এটা সময় আছিল,
তায়ো
একেদৰেই অভিমান কৰিছিল। খং কৰিছিল। মোক ভালপাইছিল। মোৰ অনুপস্থিতিত উচুপিছিল। ফোনত
প্ৰায়ে মোক কৈছিল - "শুৱাৰ আগত তোমাৰ মাতষাৰ শুনা নাপালে টোপনী নাহে জানা……৷"
তেতিয়া মই স্নাতক দ্ধিতীয় বৰ্ষৰ ছাত্ৰ।
তৃতীয় বৰ্ষৰ চুড়ান্ত পৰীক্ষাৰ কেইদিনমান পাচতে মোৰ দৰিদ্ৰতাৰ অজুহাতত তাই আনৰ হৈ গুছি যাব লগা হৈছিল৷ মই মাথো অসহায়
দুহাতেৰে তাইৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰখন হাত পাতি লৈছিলো৷ একোৱে কৰিব পৰা নাছিলো।
শিতানৰ গাৰু সাৱটি ৰাতিৰ পাচত ৰাতি উজাগৰে পাৰ কৰিছিলো। কান্দিছিলো মায়ে নেদেখাকে।
পৰিবৰ্তিত সময়ত লাহে লাহে নিসংগতাৰ সৈতে মিলি পৰিলো। তাৰ মাজতে আজিৰ দৰেই হঠাতে
বুকুখন বৰকৈ বিষাইছিল। কাৰণটো নাজানো। বিয়াৰ পাচৰপৰা মৌচুমীক এবাৰলৈও দেখাৰ সৌভাগ্যকন ঘটা নাই৷ সেয়ে হয়তো কেতিয়াবা
তাইক এবাৰ দেখা পোৱাৰ বাসনাত পাগলৰ দৰে আকাশ,
বতাহ, জোনাক, আন্ধাৰ, ফেচবুক, টুইটাৰ সকলো চলাথ কৰো। ওহো, দেখা নাপাওঁ।
নাজানো তাই আজি ক’ত? কিদৰে মোৰ মাতসাৰ
নোশুনাকৈ টোপনী যাব পাৰিছে? নে মোৰ দৰে ৰাতিৰ
পাচত ৰাতি অনিদ্ৰাৰে পাৰ কৰিছে সেয়াও মই নাজানো৷ মোৰ কৰুণ দুচকুলৈ চাই মায়ে কেতিয়াবা কয়-
"বাবা, বাস্তৱতাক স্বীকাৰ কৰিবলৈ
শিক। আবেগক সকলো সময়তে পশ্ৰয় নিদিবি, বৰ কষ্ট পাবি অ…৷" এৰা, আবেগ বিবেগ… এই দুয়োটাৰ যুঁজত মাজতে মই জ্বলি মৰো৷ একো উৱাদিহ নাপালে আজিও মাৰ বুকুত মুৰ গুজি
উচুপো… মায়ে মোৰ চুলিৰ মাজে মাজে
আঙুলি বুলাই মুখৰ ভিতৰতে গুণগুণাই- "শিয়ালী এ নাহিবি ৰাতি…" মই পৰম তৃপ্তিৰে টোপনীয়াও……।