)
অনুপল ইমান আঁকোৰগোজ কিয়! যিটো
কয় সেইটো কৰিবই লাগিব। তাৰ
খংটোও যে ইম্মান
পতকে উঠে! উফ ৰাম, কি ল'ৰা এটাক ভাল পালো নহয়। ৰাতি ফ'নত কথা নপতাকৈ শুই জোৱাৰ বাবেই আজি প্ৰচণ্ড অভিমান। ৰাতি পুৱাই গুড মৰ্ণিং এছ. এম. এছ. এটা দি দিনটো ল'ৰাৰ খবৰেই নাই| এতিয়া সন্ধিয়া হ'বৰ হ'ল। অলপ বেছি মানে তাৰ। যাহ, ময়ো মেছেজ নিদিউ আৰু। জিদ কৰিছোঁ যদিও বাৰে বাৰে দুচকু ম'বাইলটোত। কিযানিবা তাৰ মেচেজ এটা আহেই। ম'বাইলটো কঁপনি উঠিলেই সি বুলি অধীৰ আগ্ৰহেৰে চাওঁ। নাই নহয়। খঙত যেন ফাটি পৰিম।
চাৰ্জত ম'বাইলটো লগাই টি. ভি.টো অন কৰিলো। ভাত খাবৰ হ'ল। ভাত কেইটা খাই পুনৰ কোঠালৈ আহিলোঁ। '২৫ মিছড কলছ ১৫ মেছেজেছ'। ইমলীৰ খংটো আৰু বাঢ়ি গ'ল। মেছেজবোৰ পঢ়াত খং কেনিবা পলাল। বহুত ভালপায় সি মোক! তথাপি তাক জ্বলাবৰ বাবেই তাই ফোনটো ৰিছিভ কৰি কৃত্ৰিম খং প্ৰকাশ কৰিলে। ইমলীয়ে মনে মনে হাঁহি আছিল অনুপলৰ
কথা শুনি। কিমান যে তেল মাৰিছে সি! কান্দিবলৈহে বাকী তাৰ। তাইৰ বেয়া লাগি গ'ল। কি অদ্ভুত
ল'ৰাটো। কি কথা কিছুমান কৈ থাকে। তাইক লৈ কবিতা লিখে। তাইৰ ৰূপৰ প্ৰসংশা কৰে। তাইৰ ফুলিৰ পৰা চকুৰ কাজল লৈকে সি চকু ৰাখে। তাইৰ ভালো লাগে তাৰ কথাবোৰ শুনি থাকি। মিছা ক'লে কিদাল হ'ব। কেতিয়াবা আকৌ মুৰটো নষ্ট হৈ যায় তাৰ উল্টা-পুল্টা কাম কাজত। যি টি কথা কয়। একদম চিধা চিধি। মাজে মাজে আকৌ 'কল', 'চুলি' জাতীয় শব্দ লগাই গালি পাৰে। তাইক
কন্দুৱাই, অথচ পাচ মুহুৰ্ততে তাৰ মৰমত খং-দুখ কেনিবা পলাই। তাৰ ভয় সি তাইক হেৰুৱাব বুলি। কিমান যে কল্পনা তাৰ! সপোন দেখুৱাই সি তাইক বহু দুৰণিলৈ উৰুৱাই নিয়ে। বহুত ভাল পায় সি। নিজতকৈয়ো। জন্মদিন, নৱবৰ্ষৰ গিফট্ এমাহমান আগতেই সাজু। কিজানিবা সময়ত টকাৰ
যোগাৰ নহ'বই। তাই হাজাৰটা ভুল কৰিলেও সি মানি লয়। তাৰ অভিযোগবোৰ ক্ষন্তেকীয়া।
দিনবোৰ গৈ থাকিল এনেকৈয়ে... কেতিয়াবা সুখ, কেতিয়াবা দুখ। কাজীয়া,খং-অভিমানৰ মাজেৰে পাৰ হৈ গৈছিল কলেজীয়া জীৱনৰ তিনিটা বছৰ। এম. এ.ৰ বাবে অনুপল গ'লগৈ দিল্লী। বি. এ.টো শেষ কৰি ইমলী ঘৰতে ৰ'ল। ওচৰৰে সৰু ল'ৰা ছোৱালী দুটামানক টিউচন কৰিব ল'লে। তাই আকৌ ঘৰৰ বৰ জীয়ৰী, দেখাই শুনাই দহজনৰ চকুত লগা হোৱা বাবেই বিয়াৰ কথা উলিয়ালে ঘৰৰ মানুহে।
বেচেৰীৰ বুকু কঁপি গ'ল। এফালে অনুপল, সিফালে মাক- দেউতাক। অনুপলৰ চাকৰি এটা যোগাৰ হোৱালৈ, নিজৰ ভিতৰত ঠিয় হ'ব পৰালৈ আৰু অতি কমেও ৫ বছৰমান লাগিব। কি কৰা যায় ইমানদিন। দেউতা যিহে আঁকোৰগোজ, কাৰো কথাই নামানে। ল'ৰা পছন্দ হ'লেই সৰ্বনাশ হ'ব। অনুপলৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে গম পালে বাপেকে তাইকতো মাৰি পেলাব। এনেয়ে প্ৰেম বিবাহৰ ঘোৰ বিৰুধী তাইৰ দেউতাক। ছেঃ। অনুপলৰ সৈতে পলাই যাওঁ নেকি ?
ভাল ল'ৰা এটা পালেই যে ইমলীক বিয়া দিয়া হ'ব এই বিষয়ে অনুপলক একো জনোৱা হোৱা নাছিল।
এনেয়ো সি বৰ ছেন্টিমেন্টাল। অন্যহাতে অনুপললৈ পলাই যাবও নোৱাৰি। কাৰণ তাইৰ মাক দেউতাকৰ সমাজত এটা মৰ্যদা আছে। সমাজৰ এজন গণ্য মান্য ব্যক্তি ইমলীৰ দেউতাক। যি হয় দেখা যাব বুলি তাই দিনৰ পাছত দিন পাৰ কৰিছিল। ইতিমধ্যে তাইক চাবলৈ দুই- তিনিজন ল'ৰা আহিল। বিশেষ একো আগবঢ়া নাছিল। পুনৰ আহিল আন এজন ল'ৰা আহিল। কোনোবা এটা বেংকৰ ফিল্ড
অফিছাৰ, এম. বি. এ. ডিগ্ৰীধাৰী। মাক দেউতাকৰ দৰা পছন্দ হ'ল। বিয়াৰ দিন বাৰ নিশ্চিত
হ'বহে বাকী ৰ'ল। ইমলীয়ে একো অভিযোগ কৰিব নোৱাৰিলে। নিশা গাৰুকে সাৱটি কান্দি কান্দি উজা
বাদে তাইৰ হাতত আন একো উপায় নাছিল। লাহে লাহে অনুপলৰ মনত যাতে তাইৰ প্ৰতি ঘৃণা আহে ইমলীয়ে তাৰ লগত ফ'নৰ যোগাযোগ একেবাৰে বন্ধ কৰি দিলে। অনুপলৰ কিমান কষ্ট হৈছিল সেই কথা তাই নাভাবিলে। ভাবিলেই যে তাই দুৰ্বল হৈ পৰিব। অনুপলৰ হয়তো খোৱা বোৱা বন্ধ হৈ গৈছে। তাইৰ খবৰ নাপায় সি হয়তো পগলা হৈ গৈছিল। হঠাৎ অনুপল ঘৰলৈ উভতি আহিছিল।
বিভিন্ন নম্বৰপৰা তাইলৈ ফ'ন কৰিছিল। ইমলীৰ অস্বাভাৱিক পৰিৱৰ্তনৰ কাৰণ বিচাৰি হাবাথুৰি খাইছিল। তাই কিন্তু একো উত্তৰ দিব নোৱাৰিছিল। দিব কি বুলি?
ইমলীক লগ কৰিবলৈ বহুবাৰ বৃথা প্ৰচেষ্টা চলালে অনুপলে। ফ'নত বহুবাৰ হাতযোৰ কৰা সত্বেও তাই
তাক লগ নকৰিলে। অনুপল দিল্লীলৈ উভতি যাবৰ সময় আহি পালে। অৱশেষত ইমলীৰ বান্ধৱী এগৰাকীৰ পৰামৰ্শ মতে সিহঁতৰ চিনাকী ৰেষ্টুৰেন্ট খনত অনুপলক শেষবাৰৰবাবে লগ কৰিলে।

সি ইমলীলৈ পাতল গুলপীয়া ৰঙৰ শাৰী
এখন আনিছিল। (আচলতে আৰু কিছুদিনৰ
পাছতে ইমলীৰ জন্মদিন আৰু
সেই নিৰ্দিষ্ট দিনটোত অনুপল দিল্লীত
থাকিব।) অনুপলৰ চকুত চকু ৰখাৰ সাহস নহৈছিল ইমলীৰ। দুচকুৰে কেৱল চকুলো
বৈছিল। তাই মিছা মাতিলে 'মা-দেউতাই বিয়াৰ দিন
বাৰ ঠিক কৰিলে।তোমাৰ কথা কোৱাত মোক দেউতাই মাৰ পিট কৰিলে। কোনো কাৰণতে দেউতাই
তোমাক গ্ৰহণ নকৰে। মোক মাফ কৰিবা।" অনুপলে আগ্ৰহেৰে তাইৰ কথাবোৰ শুনি গ'ল, হয়তো তাইৰ অৱস্থাটো বুজিবলৈ চেষ্টা কৰিছিল। শেষত সেমেকা হাঁহি এটা মাৰি সি সুধিলে "বিয়াৰ তাৰিখটো?" একো নভবা নিচিন্তাকৈ তাই পুনৰবাৰ মিছা মাতিলে "৮ মে"। তাৰিখটো কোৱাৰ পাছতহে তাই মন কৰিছিল সেইদিনাটো তাৰ জন্মদিন।
ৱেটাৰজনে দি যোৱা কফি দুকাপ ঠাণ্ডা হৈ গ'ল। দুয়োটাৰে কফি খোৱা নহ'ল। অনুপলেই বিল পৰিশোধ কৰিলে। সময় হ'ল বিদায় জনোৱাৰ। ৰেষ্টুৰেন্টৰপৰা অলপমান খোজকাঢ়ি গ'লেই সিহঁতৰ
ঘৰলৈ যোৱা টেম্পু ষ্টেণ্ডটো পায়। গাড়ীৰ বাবে অপেক্ষা কৰি থাকোতে অনুপলে চকুলৈ চাই কৈছিল "সলনি নহ'লা ন' সোণজনী! আৰু নহ'বা দেই কেতিয়াও। সুখেৰে থাকিবা। মই নিজক বুজাই
ল'ম। মাথো তুমি চিৰসেউজ হৈ ৰোৱা। সময় পালে মোৰ ভালৰ বাবে পাৰ্থনা কৰিবা, কিন্তু মোক
সুখী হ'ব নিদিবা। কিয়নো তোমাৰ স্মৃতি কঢ়িয়াই মই জীয়াব খূজো। লাভ ইউ, উইল মিছ ইউ।
দুচকুত আগৰ দৰেই সৰহকৈ কাজল ল'বা। মই বৰ দুৰ্ভগীয়া। মোৰ জন্মদিনৰ দিনাই মোৰ
পৰা একেবাৰে আতৰি যাবাগৈ। এহ বাদ দিয়া, প্ৰেম মানেইতো বিবাহ নহয়! মই বিৰাট লাকী,তুমিতো মোক সঁচাকে ভাল পাইছিলা। সেয়ে মদ খাই তোমাক পাহৰিব পৰাতো কঠিন হ'ব। তথাপি চেষ্টা কৰিম। গুড বাই।" ইমলীক একো কোৱাৰ সুযোগ নিদি টেম্পুখনত উঠাই সি আতৰি গৈছিল।
এবাৰো উভতি নাছালে। ইমলীয়ে যেন গাড়ীৰ ভিতৰে চিঞৰি চিঞৰি কান্দিব। গাড়ীৰ পৰাই তালৈ মেছেজ এটা লিখি পঠিয়ালে। "লাভ ইউ টু, বহুত ভালপাও তোমাক। মোক পাহৰি পেলাবা, মোক ঘৃণা কৰিবা।" ঘৰত আহি তাই হেঁপাহ পলুৱাই কান্দিলে। উৰে ৰাতি টোপনি নাই। চিলমীল টোপনীত তাকেই বাৰে বাৰে দেখিলে। তাক দিয়া মেছেজটো ডেলিভাৰ নহ'ল কোনোদিনে।
দিন বাগৰিল। সেই ল'ৰাজনৰ লগতেই তাইৰ বিয়াৰ দিন ঠিৰাং কৰা হ'ল- ৮ মে'। আছলতে দৰাৰ পৰিয়ালত মাক আৰু ল'ৰাটোহে আছিল। দেউতাক ঢুকোৱা বহুদিন হ'ল। ল'ৰাই চাকৰি সুত্ৰে গুৱাহাটীত থাকে বাবে মাকক এজোনী বোৱাৰীৰ প্ৰয়োজন। ভালে-কুশলে বিয়াখন পাৰ হৈ গ'ল। নতুন পৰিস্হিতিৰ সৈতে ইমলী মিলি পৰিল। অনুপলকো ক্ৰমান্বয়ে পাহৰিব পৰা হ'ল। তথাপি মাজে মাজে অনুপলৰ স্মৃতিয়ে তাইক বৰকৈ আমনি কৰে। তাৰ ক্ষন্তেকীয়া অভিমান, ঠুনুকা খং, তাইক লৈ লিখা কবিতা আদিবোৰে গিৰীয়েক নথাকা সময়খিনিত কেতিয়াবা দুৰ্বল কৰি তোলে। আকৌ কেতিয়াবা স্বামীৰ সৈতে কটোৱা সিহঁতৰ একান্ত গোপন মুহুৰ্তবোৰতো তাৰ মুখখনে আমনি কৰে। তাইৰ চিন্তা হয় "সি বা এতিয়া ক'ত আছে। কেনেদৰে আছে। চাকৰি এটা পালেনে নাই! নতুনকৈ সপোন দেখিব শিকিলেনে চাগে! এতিয়াও আগৰ দৰেই কবিতা লিখেনে.. মদ খাব শিকা নাইতো, নে আন কিবা !" মনতে উদয় হোৱা প্ৰশ্নবোৰ উত্তৰ নোপোৱাকৈ মনতে মাৰ যায়। ইমানদিন তাৰ খবৰ নাই। কোনেও নাজানে তাৰ ঠিকনা। এবাৰ দূৰৈৰ পৰা তাক চাব পৰাহেঁতেন। বাৰিষাৰ বৰষুণ তাৰ অতিকৈ প্ৰিয়। এতিয়া চাগে আৰু প্ৰিয় হৈ পৰিছে। তাতে লুকাই লুকাই সি তাইক বিছাৰি নোফোৰেতো??
অনুপল সাংঘাটিক ৰুমান্টিক আছিল। আগতে বৰষুণ আহিলেই তাইলৈ ফ'ন কৰি সি কয় "আমাক পগলা কৰা বৰষুণ জাক আহিছে, চুমা এটা দিয়না" তাইৰ স্বামীৰ এনে ৰুমান্টিকতা নাই। সময়ৰ অভাৱ, কেৱল অফিছৰ কাম। দিনটো অফিছ। ৰাতি ঘৰলৈ আহি পুনৰ অফিছৰ কাম। ইমলীয়ে নিজকে বুজাই- "জীৱনটো এনেকুৱাই, দুখ নাথাকিলে কিহৰ অজুহাতত সুখ বিচাৰিম ! এৰি অহা অতীতটোক ঘুৰাই পাম জানো। কপালৰ লিখন কোনে কৰে খণ্ডন? অনুপল সুখেৰে থাকক। হয়তো সি মোক পাহৰিয়ে পেলাইছে। নহ'লে এদিন হ'লেও ফ'ন এটা কৰিলেহেঁতেন। সি চাগে আন প্ৰেমিকা পালে। মোতকৈয়ও নতুন প্ৰেমিকাজনীক চাগে বহুত বেছি ভালপায়।" দিনৰ পাছত মাহ, মাহৰ পাছত বছৰ বাগৰিল। ইমলীহঁতৰ সংসাৰলৈ কণমানি ছোৱালী এজনীৰ আগমন ঘটিল। তাইৰ ব্যস্ততা বাঢ়িল। এতিয়া আৰু অনুপলৰ স্মৃতিয়ে আমনি নকৰে। ছোৱালীজনীয়ে ঠুনুক-ঠানাককৈ খোজ কাঢ়িব পৰা হ'ল। হঠাৎ প্ৰেছাৰ ষ্ট'গ হৈ তাইৰ মাকৰ (ইমলীৰ শাহুৱেক) অকাল বিয়োগ ঘটিল। ইতিমধ্যে তাইৰ
গিৰীয়েকৰো চাকৰি সুত্ৰে হায়দৰাবালৈ বদলিৰ নিৰ্দেশ আহিল।
যথা সময়ত চিনাকী চহৰখন এৰি ইমলীৰ পৰিয়ালটো নতুন চহৰখনলৈ উৰাজাহাজেৰে উৰা মাৰিলে।
আগতকৈ গিৰীয়েকৰ ব্যস্ততা দুগুণ বাঢ়িল। খাৱলৈ শুবলৈ সময়ৰ অভাৱ। ইমলীয়ে নিৰপত্তাহীনতাত ভুগিবলৈ ল'লে। তাইৰ ছোৱালীজনী অৰ্থাৎ আস্হাক তাৰেই স্কুল এখনত ভৰ্তি কৰাই দিয়া হ'ল। দেউতাকৰতো সময়ে নাই। অফিছৰ কাম-কাজে যেন মানুহজনক মাক-জীয়েকৰপৰা বহু দুৰলৈ আতৰাই নিছে। এতিয়া পুনৰ অনুপলৰ অস্পষ্ট মুখখনে ভূমুকি মাৰে। ভাৱ হয়- "তালৈকে যদি পলাই গ'লোহেঁতেন!"
ইমলীৰ জন্মদিন, ছোৱালীজনীৰ জন্মদিন অথবা তেওঁলোকৰ বিবাহ বাৰ্ষিকীৰ হিছাপ ৰাখিবলৈ গিৰীয়েকৰ সময়ৰ অভাৱ। এইবোৰক লৈ তেওঁৰ কোনো গুৰুত্বই নাই। তাৰ তুলনাত
অনুপল!! "মা-দেউতাই মোৰ ক্ষেত্ৰত লোৱা সিন্ধান্ত ভুল আছিল নেকি! মোক অলপো নুবুজিলে। মা -
দেউতাৰ সুখৰ বাবেই...!!"

সিহঁতৰ নৱম বিবাহ বাৰ্ষিকীৰ দিনা
ইমলীক আচৰিত কৰি গিৰীয়েক সোনকালে
ঘৰলৈ উভতিছিল। তাইক লৈ
যোৱা হৈছিল নিৰ্দিষ্ট ব্যক্তি
এজনৰ ফ্লেটলৈ। কলিং বেলৰ চুইছটো
সজোৰেৰে হেছি ধৰাত সুঠাম শৰীৰৰ
যুৱক এজনে দূৱাৰ খূলি দিলে। আস্হাক
কোলাত লৈ দেউতাক ভিতৰলৈ সূমাই গ'ল।
পাছে পাছে ইমলী। কোঠাতো অপৰিপাটী, য'ত তত কাগজ, পেন, ছাৰ্ট, কিতাপ, সিচঁৰিত
হৈ পৰি আছে। গিৰীয়েকে তাইক চিনাকী কৰাই দিলে- "এইয়া আমাৰ কোম্পানীৰ
মেনেজিং ডাইৰেক্টৰ তথা মোৰ বচ অনুপল কাশ্যপ। আমাৰ অসমৰে। অলপদিন আগতে তেখেতে আমাৰ গ্লবেল ইনভেছটিং বিত্তীয় প্ৰতিষ্ঠানটো ক্ৰয় কৰিছে। ভাৰতৰ বিভিন্ন ক'ম্পানীত তেখেতৰ
শ্বেয়াৰআছে।"

- "ছাৰ, এইয়া মোৰ পত্নী
ইমলী আৰু এইয়া মোৰ ছোৱালী
আস্হা।" অনুপলে মিচিকীয়া হাঁহি এটাৰে আস্হাৰ গালত
টোকৰ এটা দিলে আৰু ক'লে- "ওঁ, ছোৱালীৰ চকুকেইটা মাকৰ দৰেই
ধুনীয়া। দাঙৰ
হ'লে ডাঠকৈ কাজল ল'ব দিব দেই। আপোনালোক বহক। মই সাউৎকে চাহ একাপ কৰি আনো। অকলশৰীয়া মানুহ। বেয়া নাপাব। কোঠাৰ অৱস্হাই নাই। আপুনি ফ'ন এটা কৰি জনাব পাৰে যে আপোনাৰ পৰিবাৰকো লৈ আনিব বুলি। বাপৰে, বৰ ডাঙৰ চাৰপ্ৰাইজ দিলে দেই।" অনুপল আন এটা কোঠালৈ গ'ল। গিৰীয়েকে ইমলীক কাণে কাণে ক'লে-
"ছাৰ দুৰ্দান্ত প্ৰেমিক। অফিছত শুনামতে তেওৰ প্ৰেমিকাই পাৰিবাৰিক কাৰণত আন কাৰোবালৈ বিয়া হৈ গুছি গৈছিল। এতিয়া প্ৰেমিকাৰ স্মৃতি বুকুত লৈয়ে বৰলা ভাত খাই আছে। বেচেৰাটো! আৰু বিয়া নকৰাই বুলে। কবিতাত যিহে ট্ৰেজেদী ফালে। ঘোৰ মদাহী। মদ নহ'লে থাকিবই নোৱাৰে। কোনে বা লাঠ মাৰি মদাহী বনালে জানিবলৈ মন যায়। টকাৰ কিন্তু অভাৱ নাই। পিছে, তাৰ মেইন বস্তুটোৱে নাই- তিৰোতা! তিৰোতাৰ মৰম। হাঃ হাঃ।"

ইমলীৰ আৰু কথা শুনাৰ ধৈৰ্য্য নাছিল।
পাৰ ভাঙি যেন উলাই আহিব চকুপানী।
তাই লাহেকৈ উঠি গ'ল টয়লেটতো
বিচাৰি।