তাই বেশ্যা নাছিল (খণ্ড নং- ১৪)

- মোক ভালপোৱা?
-
ওঁ।
-
কিমান?...
-
বহুত..
-
কিমান বহুত?
-
বহুত বহুত।
-
কিমান বহুত বহুত?
-
নাজানো।
-
হাঃ হাঃ হাঃ....
-
কিয় হাঁহিলা?
-
তোমাৰ কথা শুনি
-
হাঁহিবলৈ আকৌ কি হ? মই কি কমেডি মাৰি আছো নেকি হা? ... যাঃ নামাতিবা মোক।

মিনাক্ষীৰ কৃত্ৰিম অভিমান। মুখখন বেলুনটোৰ দৰে ফুলি পৰিছে। বিমানে একান্তমনেৰে তাইৰ মুখলৈ চাই থাকিল। খং কৰিলে তাইক ধুনীয়া দেখি। এই ৰূপৰ তুলনা নাই।

সুযোগ বুজি তাইৰ কঁকালটোৰ ফালে বিমানে হাতখন আগুৱাই দিলে। মিনাক্ষীক তাৰ বুকুৰ মাজলৈ আজুৰি অনাৰ মন। পিচে, তাই টেঙৰ ছোৱালী। মিনাক্ষীয়ে উচা্ত মাৰি বিচনাখনৰপৰা উঠি যোৱাৰ বৃথা প্ৰচেষ্টা চলালে। বিমানে পুনৰবাৰ তাইৰ হাতখনত ধৰি একেটানে নিজৰ গাৰফালে টানি নিলে। তাই একেকোবে গৈ বিমানৰ সুঠাম দুবাহুৰ মাজৰ আলহী হলগৈ। তায়ো অভিমানভৰা দুচকুৰে বিমানলৈলৈ একেথৰে চাই ৰল। অচম্বিতে সি তাৰ ওঁঠযুগল হেচি ধৰিলে মিনাক্ষীৰ ওঁঠত। তীব্ৰ উত্তেজণা এটাই জোকাৰি থৈ গল তাইৰ দেহ মন প্ৰাণ। এক অচিনা আবেগৰ বা লাগি তাইয়ো দুহাতেৰে বিমানক মেৰিয়াই ললে দুবাহুৰ মাজত।

বিমানে কিবা খূজিছিল। কোৱা নহল। মোবাইলটোৰ নেৰেনেপেৰা জোকাৰণিত সি সাৰ পাই গল। পুৱতি নিশাৰ সপোনটো আধৰুৱা হৈ ৰল।

মিনাক্ষীৰে ফোনহাস্পটাললৈ যাব লাগে। পলাশক আজি ৰিলিজ দিব। তাৰ আগতে কিবা দৰকাৰী কথা অলপ আলোচনা কৰিব আছে বুলে। সি সোনকালে যাব লাগে। পলাশে তাক বিচাৰিছে। গৈ আছো বুলি কৈ বিমানে ফোনটো কাটি দিলে।

ছেঃ কি যে সপোনবোৰ দেখিছে নহয় সি…! এচি টোৰ বতাহৰ তীব্ৰতাখিনি বঢ়াই দি বিমানে বিচনাচাদৰখন পুনৰ মুৰলৈকে টানি ললে। আধৰুৱা সপোনটো পূৰ্ণ হওক।
সপোন?? সপোন কি?? সপোন সপোনেই। সঠিক সংজ্ঞাটোনো কি? নাজানে সি। যিবোৰ কামনা মানুহৰ অপূৰণীয় হৈ ৰয় সেইবোৰেই সপোন নেকি? যেনে- মৌচুমীক লৈ দেখা সপোন, তাৰ মাকক লৈ দেখা সপোন... .. সমাজখনক লৈ দেখা সপোন....।

নাই নহয়। সকলো সপোনেই অপূৰণীয় হৈ নৰয়। সপোনৰো নিজস্বতা আছে। সপোনবোৰ পূৰণ হবও পাৰে নহবও পাৰে। হোৱাটো কাম্য। মানুহবোৰ আশাবাদী বুলি সকলোৱে কয়। সি নিজেও অনুভৱ কৰে। সপোন পূৰণ হলেই এটা প্ৰাপ্তিৰ হাঁহি, নহলে বিষাদৰ কিছু আঁছোৰ....। ক্ষন্তেকীয়া। সুখ আৰু দুখ, জীৱনত থাকিবই। সেয়েতো সপোনবিহীন জীৱন অকল্পনীয়। কথা হল আমিবোৰে সপোনটো দেখো কেনেকৈ? কি? কেতিয়া? এনেদৰেই সপোনবোৰৰ ভৰষাতে আমি মৰি মৰি জীয়াব শিকিছো, সপোন দেখি আছো, ভাগিছে, গঢ়িছে.... জীয়াই আছো। জীৱন চলি আছে।

মৌচুমীৰ পাচতে বিমানে দ্বিতীয়গৰাকী নাৰীক লৈ এনেদৰে শেষৰাতিৰ ৰোমাঞ্চকৰ সপোন দেখিছে। অকল্পনীয়। তাৰ আয়ত্বৰ বাহিৰত। সপোন দেখাৰ তাৰ ইচ্ছা আছিল যদিও মিনাক্ষীক আজুৰি অনাৰ আগ্ৰহ নাছিল। বাপৰে, কি দুৰ্দান্ত চিন আছিল। কঁকালৰপৰা গৈ চিধাই উঁঠ! ভেৰী বেড বৰুৱা... ভেৰী বেড...। এনেই গাভৰু ৰূপহী ছোৱালী, তাতে সিয়ো বিয়াৰ বাবে উপযুক্ত বয়সৰ লৰা...। নাপায় নহয় প্ৰভূ..। খোলিমেলি হৈ যায়। বিমানে মনে মনে নেদেখাজনক অনুৰুধ জনালে- হে ঈশ্বৰ, মিনাক্ষীক লৈ আৰু দ্বিতীয়দিন কালাৰফুল সপোন নেদেখুৱাবা। তাতকৈ মৌচুমীক লৈ আগৰদৰেই ঈৰ্ষণীয় সপোনবোৰকে ৰিপ্লে মাৰি থাকিবা। কমচেকম, চিগাৰেট হুপিবলৈ অজুহাত এটা থাকি যাব। সিটো নাজানে মিনাক্ষীয়ে কি বিচাৰে? তাইৰ সপোনৰ ৰাজকোঁৱৰ বা কোন? মিছা- মিছা তাইক লৈ সপোন দেখি পাচত বিয়াৰ নিমন্ত্ৰণী পত্ৰখন হাতত লৈ পলাশৰ সৈতে মদৰ নিচাত গালি পাৰি থাকিবলৈ অলপো ইচ্ছা নাই। তাৰ মাজতে কিবা পজিটিভ ৰিয়েকচন হলেও বিপদ...। কোনে গৈ জুৰোণৰ দিনা মিনাক্ষীৰ উকা কপালত সেন্দুৰীয়া সপোন আঁকি দিবগৈ? মাক, দেউতাক কোনোৱে নৰল। আনকি মাকৰ অন্তিম সত্কাৰৰ সময়তো বিমান উপস্থিত থাকিব পৰা নাছিল। তাতাকৈ দূৰ্ভগীয়া আৰু কোনোবা থাকিব পাৰেনে? ৫ টা দিনৰ ভিতৰত বিমান গোটেই ৰাজ্যখনৰ জনগনৰ মাজত নায়ক হৈ পৰিল...। বৰ্তমান সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু বিমানজ্যোতি বৰুৱা। চহৰখনেও এক অন্য মাত্ৰা লাভ কৰিছে। সাধাৰণ মানুহবোৰে স্বস্তিৰ নিশ্বাস এৰি নিশ্চিন্ত মনেৰে ৰাতি এঘূমটি মাৰিছে। তেওলোকৰ ঘৰত এতিয়া মাজনিশা ডকাইতি হোৱাৰ আশংকা নাই। টিউচন অথবা কলেজৰপৰা দেৰিকৈ ঘৰলৈ উভতা জীয়ৰিহঁতক লৈ মাক- দেউতাকৰ এতিয়া কোনো দুঃচিন্তা নাই। প্ৰতিজন প্ৰকৃত অপৰাধী আইনৰ সুৰোঙা লৈ এতিয়া পলাই যাব নোৱাৰে, পলাই গলেও শান্তিৰে কতো থাকিব নোৱাৰে। যিকোনো চৰ্তৰ বিনিময়ত অপৰাধীয়ে উচিত শাস্তি পাবই। চহৰখনৰ এচাম মানুহৰ যিদৰে টোপনী হৰিছে, আন এচাম মানুহে সকাহ অনুভৱ কৰিছে। কিয়নো চহৰখনত বিমানজ্যোতি বৰুৱা আছে।
টকা- পইছা, সন্মান, ক্ষমতা সকলোখিনি থকাৰ পাচতো বিমানৰ যেন আজি একোৱেই নাই। ইমানখিনিৰ পাচতো সি যেন পৃথিৱীৰ আটাইতকৈ দূৰ্ভগীয়া লৰাটো। দুখ কৰিবলৈ একোৱেই নাই। অথচ দুখেই দুখ। মাকজনী যদি থাকিলেহেঁতেন! পুতেকৰ কৃতকাৰ্য্যতাক লৈ তেওঁ চাগে দহজনৰ সন্মূখত সগৌৰৱেৰে ঘোষণা কৰিলেহেঁতেন- সি মোৰ একমাত্ৰ লৰা। আজি হয়তো একো নথকাহেঁতেনো বিমান সুখী হলহেঁতেন, তাৰ কাষত যদিহে মাক অথবা দেউতাক থাকিলেহেঁতেন...। মৌচুমীৰ গাত দোষ নাছিল। তাই নিজৰ কাম কৰিছিল। বিমানৰ বন্ধুবোৰে মিছাতে তাইক জগৰীয়া কৰিছিল। তাৰ দেউতাকৰ মৃত্যৰ কাৰণ সি নিজে। তাৰ খঙাল স্বভাৱটোৰ বাবেহে মৌচুমীয়ে পুলিচৰ সহায় লৈছিল। সি তাইক কেনেকৈ জগৰীয়া কৰে? মৌচুমীয়া তাক আজি তাক জগৰীয়া কৰাটো অনুচিত হৈছে। সি কেৱল তাৰ নিজৰ কাম কৰিছে। তাইতো বেশ্যা নাছিল। আজিও তাই বেশ্যা নহয়। হব নোৱাৰে। মৌচুমীক কৰায়ক্ত নকৰাহেঁতেন মন্ত্ৰীজনৰ কু- কৰ্মৰ ৰাজসাক্ষী হবলৈ কোনো নাছিল। কৌশিকক সিহঁতে হত্যা কৰিব নালাগিছিল। অন্ততঃ মৌচুমীক সি বচাই দিব পাৰিলেহেঁতেন। ভুল তাইৰ নিজৰ। বিমানে চেষ্টা কৰিছিল তাইক বচাবলৈ। তাই তাক ভৰষা নকৰিলে। পৰাণৰ দৰে কৌশিককো সিহঁতে মাৰি পেলালে। কিয়! বিমানক তাই চিনিয়ে নাপালে।মৌচুমীৰ প্ৰতি থকা ভালপোৱাবোৰ তাৰ একেদৰেই আছে। অথচ....!!

বিমানে বিচনাখন এৰি উঠি গল। আগৰাতি অতিমাত্ৰা হাৰত মদ্যপান কৰা বাবে এতিয়া মুৰটো বৰকৈ বিষাই আছে। সকলো ঠিক হৈ যাব। তাকে বাবি শুই থাকিলে নহব। হাস্পটাললৈ সোনকালে যাব লাগে। অফিচতো বহু কাম বাকী। স্বয়ং গৃহমন্ত্ৰী আহি তাক কালিলৈ লগ কৰাৰ কথা। বিশেষ মিটিং আছে। হয়তো প্ৰমোচন হব। চহৰখন এৰি যাব লাগিব। কত বা আকৌ যাবলগা হয়। সেইবোৰ সকলো ঠিক হৈ যাব। পৰিস্থিতিৰ সৈতে সি মিলি যাব। কিন্তু মাকৰ অনুপস্থিতিত সি জুৰুলা হৈয়ে থাকিব... প্ৰতিদিন প্ৰতিপল...। 

(আগলৈ)