মন
যায়, বহুত কিবা-কিবি মন যায়। ব্লেক
চাফাৰিখন চলায় গৈ তোৰ বাপেৰক ক'ম- "জীয়েৰক ভাল
পাওঁ। টেনচন ল’ব নালাগে নহয়, ছোৱালীজনীক নিশ্চিন্তমনেৰে গতাই দিব পাৰে মোৰ দুবাহুৰ
মাজত, বিন্দাছ ৰাখিম। আৰে, ময়ো বুজি পাওঁতো- সকলো দেউতাকে কামনা কৰে এটা
ভাল জোঁৱাই পাবলৈ, মোৰতো কেৰেক্টাৰ ক্লিন আছে। ন' নাৰী
কেলেংকাৰি.... ঝেং পেং। কামনা বাসনা এৰি পিতাইৰ আধৰুৱ সপোন পুৰাবলৈ গৈ ভালকে
পঢ়িলো-শুনিলো। চৰকাৰী চাকৰি নাপালো। গুলী মাৰকহে অসমৰ চৰকাৰৰ কনট্ৰেকচুৱেল
বেচিচ চাকৰি। দৰমহাৰ নিশ্চয়তা
নাই। সেয়ে সৰুকৈ ব্যৱসায় এটা আৰম্ভ কৰিছো। জীয়েৰক সুন্দৰকৈ দুবেলা দুসাজ খূৱাব পাৰিম। নিজৰ ওপৰত বিশ্বাস আছে। আচলতে মই ভাবো, মানুহক
জীয়াই থাকিবলৈ বহুত টকা নালাগে। বিন্দাছ স্বাধীন
ব্যৱসায়ীক জীৱন। মন গ'লে কামলৈ গৈছো নগ'লে জীয়েৰৰ সৈতে
ইজাকৰ পাছত সিজাক বাৰিষাক বৰষুণ উপভোগ কৰিছো। ভাবিলেই ভাল
লাগি যায়। বাস্তৱত কিমান যে ভাল লাগিব!! আস্
হেৰি নহয়....। শুনিছো, আপোনাৰ ছোৱালীয়ে বুলে মেগী খায় ভাল
পায়। ময়ো। পাৰফেক্ট মেগী বনাব জানো। জীয়েৰে সন্ধিয়া ধূপ-ধূনা জ্বলাই ঈস্বৰৰ নাম ল’ব। আৰু সিফালে এল পি জি গেছ ষ্ট’ভত মই মেগী বনাম। সৰু
সংসাৰ সুখী সংসাৰ। ভাত ৰন্ধা কামটোত সিমান এটা পাকৈত নহয়। এলেহুৱা যে....।
তথাপি মাহেকীয়া
সমস্যাৰ সময়ত দুদিনৰ ভাত ৰন্ধা কামটো সুন্দৰকৈ চম্ভালি ল’ব পাৰিম। ভৰষা আছে বুজিছে।
তাতে
কুকুৰাৰ মাংস ৰন্ধাত মোৰ সুনাম আছে। লগৰবোৰে কয় নহয়। নিমখ আৰু মছলাৰ প্ৰপাৰ জোখ
জানো। বাচন ধোৱা কামটোও চলি যাব। সৰুতেই দেউতাই ট্ৰেইনিং দি
ৰাখিছে। আৰু কিবা? আৰে বাবা, কথা দিলো। জীয়েৰক সুখেৰে
ৰাখিম অ’ মোৰ সোণটো।
এইখিনিতে এটা কথা- জুৰোণ দিবলৈ আই আহিব নোৱাৰিব। এতিয়া তেওঁ বহু দুৰৈত। খুড়ীকে ক'ব লাগিব। গাভৰু খুড়ীয়ে বঢ়িয়া উৰুলি দিব জানে ৰে! ৰভাতিলা হিলাই
দিব। বাকী
বেণ্ড পাৰ্টীৰ তালে তালে নাচিবলৈ, চাউল দলিয়াবলৈ, জীয়েৰৰ লগৰবোৰক
লাইন মাৰিবলৈ লগৰ অঘাইটংমখা আছেই। ইমানখিনিৰ পাচত
আপুনি নিঃসংকোচে ছোৱালীজনীক মোৰ হাতত গতাই দিব নোৱাৰিবনে?
(বিঃদ্ৰঃ- ভাত খাই উঠি জীয়েৰৰ চাদৰত মূখ মচা স্বভাৱটো গঢ় ল'ব পাৰে। সেয়ে সময়ত খং কৰিব নিদিব। লগতে পুৱা তাই সোনকালে বিচনা এৰি উঠি গ'লে আগৰাতি মোৰ মুখ আৰু বুকুত লাগি থকা সেন্দুৰ-লিপষ্টিকৰ দাগবোৰ মছি থৈ যাবলৈ কব। পাহৰি থাকিলে দাঙৰ কথা হব। আপুনি দেখোন জানেই, বয়সটো বেয়া । যৌৱনৰ আমনি। সুন্দৰী ঘৈণী। মৰমৰ অত্যাচাৰ অলপ হবই দিয়কচোন...।)
কথা ইমানেই। আপোনাৰ সুদুত্তৰ অপেক্ষাত মই ৰৈ আছো। সোনকালে
মেইল এটা কৰি আপোনাৰ সিন্ধান্ত জনাব।